প্ৰাৰ্থনা কৰিলে কি লাভ হয়?
পেমেলা নামৰ তিৰোতাগৰাকীৰ কেন্সাৰ আছিল। তাই নিজৰ চিকিৎসা কৰালে আৰু এই বেমাৰৰ সন্মুখীন হʼবলৈ সহায় বিচাৰি ঈশ্বৰলৈ প্ৰাৰ্থনাও কৰিলে। প্ৰাৰ্থনা কৰাৰ বাবে তাইৰ কিবা লাভ হʼল নে?
পেমেলাই কৈছে, “চিকিৎসা কৰাৰ সময়ত বহু বাৰ মই বহুত চিন্তিত হৈ পৰিছিলোঁ; মোৰ মনটো উগুল-থুগুল লাগিছিল। কিন্তু যেতিয়া মই যিহোৱালৈ প্ৰাৰ্থনা কৰিছিলোঁ, তেতিয়া মোৰ মন শান্ত হৈছিল। মোৰ শৰীৰত এতিয়াও বিষ আছে, কিন্তু যেতিয়া মই প্ৰাৰ্থনা কৰোঁ, তেতিয়া বিষৰ ওপৰত ধ্যান দিয়াৰ পৰিৱৰ্তে ভাল কথাবোৰলৈ ধ্যান দিব পাৰোঁ। লোকসকলে যেতিয়া মোক সোধে যে মই কেনেকুৱা আছোঁ, তেতিয়া মই তেওঁলোকক কওঁ, ‘স্বাস্থ্য ইমান ভাল নহয়, কিন্তু আনন্দত আছোঁ।’”
যেতিয়া আমাৰ গম্ভীৰ বেমাৰ হয় বা আমাৰ জীৱন বিপদত পৰে, তেতিয়া আমি প্ৰাৰ্থনা কৰিব পাৰোঁ; এনে নহয়। আমি সৰু সৰু সমস্যা বা চিন্তাৰ সন্মুখীন হʼলেও আমি প্ৰাৰ্থনা কৰিব পাৰোঁ। পবিত্ৰ শাস্ত্ৰত লিখা আছে, ঈশ্বৰ “যিহোৱাত তোমাৰ ভাৰ সমৰ্পণ কৰা, তেওঁ তোমাক প্ৰতিপালন কৰিব; তেওঁ ধাৰ্ম্মিকক কেতিয়াও লৰচৰ হবলৈ নিদিব।” (গীতমালা ৫৫:২২) এই শব্দবোৰৰ পৰা আমি বহুত শান্ত্বনা লাভ কৰোঁ! যদি আমি সঠিক উপায়েৰে ঈশ্বৰলৈ প্ৰাৰ্থনা কৰোঁ, তেনেহʼলে সমস্যা পাৰ কৰিবলৈ তেওঁ আমাক সহায় কৰিব।—“ প্ৰাৰ্থনা কৰিলে আপুনি . . . ” নামৰ বক্স চাওক।