Skip to content

Skip to table of contents

এক নতুন পৃথিৱীৰ প্ৰয়োজন

এক নতুন পৃথিৱীৰ প্ৰয়োজন

ৰাষ্ট্ৰ সংঘ নামৰ সংগঠনে গোটেই পৃথিৱীত শান্তি আনিবলৈ চেষ্টা কৰিছে। ইয়াৰ এজন ডাঙৰ অধিকাৰীয়ে এইদৰে কৈছে, “পৃথিৱীৰ পৰিস্থিতি একেবাৰে বেয়া।” আপুনি কি ভাবে?

চাৰিওফালে বেয়া খবৰ শুনিবলৈ পোৱা গৈছে। যেনে,

  • বেমাৰ আৰু মহামাৰী বিয়পি পৰিছে

  • ভূমিকম্প আৰু বানপানীয়ে বহুতো অনিষ্ট কৰিছে

  • দৰিদ্ৰতা আৰু খোৱা-বোৱাৰ অভাৱ হৈছে

  • প্ৰদূষণ আৰু পৃথিৱীৰ তাপমাত্ৰা বাঢ়ি গৈছে

  • অপৰাধ, হত্যা আৰু অন্যায় হৈ আছে

  • যুদ্ধত বহুতোলোকৰ মৃত্যু হৈছে

পৃথিৱীৰ পৰিস্থিতি ভাল হোৱাটো আমি সকলোৱে বিচাৰোঁ, যʼত . . .

  • কোনেও বেমাৰ নহওক

  • কোনো কথাৰ ভয় নহওক

  • প্ৰচুৰ পৰিমাণে খোৱা বস্তু হওক

  • বতাহ, পানী পৰিষ্কাৰ হওক

  • কোনো অন্যায় নহওক

  • চাৰিওফালে শান্তি হওক

অতি সোনকালে পৃথিৱীৰ পৰিৱেশ সলনি হʼব। তেতিয়া তাৰ পৰিস্থিতি কেনেকুৱা হʼব?

আমি বাস কৰা পৃথিৱীখন ধ্বংস হৈ যাব নেকি?

আহিবলগীয়া নতুন পৰিস্থিতিত জীয়াই থাকিবলৈ আমি কি কৰিব লাগিব?

ঈশ্বৰে পবিত্ৰ শাস্ত্ৰ বাইবেলত ইয়াৰ বিষয়ে উল্লেখ কৰিছে। প্ৰহৰীদুৰ্গৰ এই সংখ্যাত আমি এই প্ৰশ্নবোৰৰ উত্তৰ জানিব পাৰিম।