Skip to content

Skip to table of contents

জগতৰ অন্ত কেতিয়া হʼব?

জগতৰ অন্ত কেতিয়া হʼব?

আগৰ লেখত আমি শিকিলোঁ যে ঈশ্বৰে যেতিয়া জগতক অন্ত কৰিব, তেতিয়া তেওঁ সকলো মানুহ আৰু পৃথিৱীক ধ্বংস নকৰিব। তেওঁ কেৱল দুষ্ট লোক আৰু তেওঁলোকে কৰা বেয়া কামবোৰক শেষ কৰিব। জগতৰ অন্ত কেতিয়া হʼব, তাৰ বিষয়ে শাস্ত্ৰতো লিখা আছেনে?

জগতৰ অন্তৰ বিষয়ে শাস্ত্ৰত কি লিখা আছে?

“পৰ দি থাকা; কিয়নো সেই দিন বা সময় তোমালোকে নাজানা।”—মথি ২৫:১৩.

“সাৱধান হোৱা; আৰু পৰ দি প্ৰাৰ্থনা কৰি থাকা; কিয়নো সেই কাল কেতিয়া হব তাক তোমালোকে নাজানা।”—মাৰ্ক ১৩:৩৩.

শাস্ত্ৰত লিখা কথাবোৰৰপৰা বুজিব পাৰি যে এই জগতৰ অন্ত কেতিয়া হʼব, এই বিষয়ে কোনেও নাজানে। এয়া কেৱল ঈশ্বৰেহে জানে। এই জগতক অন্ত কৰিবলৈ তেওঁ এটা ‘দিন আৰু সময়’ ঠিক কৰিছে। (মথি ২৪:৩৬) ইয়াৰ অৰ্থ এয়া নেকি যে জগতৰ অন্ত কেতিয়া হʼব, আমি কেতিয়াও জানিব নোৱাৰিম, এনে নহয়। ঈশ্বৰৰ পুত্ৰ যীচুৱে পৃথিৱীত থকাৰ সময়ত নিজৰ শিষ্যসকলক কিছুমান ঘটনা ঘটিব বুলি কৈছিল আৰু এই ঘটনাবোৰে প্ৰমাণ কৰিব যে জগতৰ অন্ত নিচেই কাষত।

জগতৰ অন্ত হোৱাৰ আগতে কি কি ঘটনা ঘটিব?

যীচুৱে কৈছিল যে এই জগতৰ অন্ত হোৱাৰ আগতে কি কি ঘটনা ঘটিব। তেওঁ কৈছিল, “জাতিৰ বিৰুদ্ধে জাতি, ৰাজ্যৰ বিৰুদ্ধে ৰাজ্য উঠিব, আৰু ঠায়ে ঠায়ে আকাল আৰু ভূমিকম্প হব।” (মথি ২৪:৩, ৭) আনকি, “মহামাৰী” হʼব বুলিও তেওঁ কৈছিল। (লূক ২১:১১) আজি এই ঘটনাবোৰ ঘটি থকা আপুনি দেখিবলৈ পাইছেনে?

যুদ্ধ, আকাল, ভূমিকম্প আৰু বেমাৰৰ ফলত বহুতোলোকে দুখ-কষ্ট ভুগি আছে আৰু কিছুমান লোকৰ মৃত্যুও হৈছে। উদাহৰণস্বৰূপে, ২০০৪ চনত ভাৰত মহাসাগৰত এটা ডাঙৰ ভূমিকম্প হৈছিল আৰু ইয়াৰ ফলত হোৱা ছুনামীৰ বাবে প্ৰায় ২,২৫,০০০ লোকৰ মৃত্যু হʼল। যোৱা তিনি বছৰত কʼভিড-১৯ মহামাৰীৰ বাবে গোটেই পৃথিৱীত প্ৰায় ৬৯,০০,০০০ লোকৰ মৃত্যু হʼল। যীচুৱে কৈছিল যে যেতিয়া এই ঘটনাবোৰ ঘটিব, তেতিয়া বুজিব পাৰি যে এই দুষ্ট জগতৰ অন্ত নিচেই ওচৰ।

‘শেষ-কাল’

জগতৰ অন্তৰ আগৰ সময়ছোৱাক বাইবেলত ‘শেষ-কাল’ বুলি কোৱা হৈছে। (২ পিতৰ ৩:৩, ৪) শাস্ত্ৰত লিখা আছে যে শেষ-কালত লোকসকল স্বাৰ্থপৰ, লুভীয়া আৰু হিংস্ৰো হৈ পৰিব আৰু এজনে-আনজনক প্ৰেম নকৰিব। (২ তীমথিয় ৩:১-৫ জগতৰ অন্তৰ আগতে কি হʼব?” নামৰ বক্সটো চাওক।) আজি এনে লোকসকলক দেখিবলৈ পোৱা নাযায় নে? ইয়ে প্ৰমাণ কৰে যে অতি সোনকালে এই জগতৰ অন্ত হʼব।

শেষ-কাল কিমান দীঘলীয়া হʼব? শাস্ত্ৰত লিখা আছে যে এয়া অলপ দিনৰ কাৰণে হয়। অতি সোনকালে ‘পৃথিৱীক নাশ’ কৰা লোকসকলক ঈশ্বৰে ধ্বংস কৰিব।—প্ৰকাশিত বাক্য ১১:১৫-১৮; ১২:১২.

অতি সোনকালে পৃথিৱীখন সুন্দৰ হৈ যাব!

ঈশ্বৰে এই দুষ্ট জগতখনক অন্ত কৰিবলৈ এটা দিন আৰু সময় ঠিক কৰিছে। (মথি ২৪:৩৬) কিন্তু যেতিয়া অন্ত আহিব, তেতিয়া কোনেও ‘বিনষ্ট নোহোৱাটো’ ঈশ্বৰে বিচাৰে। (২ পিতৰ ৩:৯) সকলোৱে এই পৃথিৱীত আনন্দেৰে জীয়াই থকাটো ঈশ্বৰে বিচাৰে। সেইবাবে, ঈশ্বৰৰ বিষয়ে জানিবলৈ আৰু তেওঁৰ ইচ্ছা পূৰ কৰিবলৈ ঈশ্বৰে আজি সকলো মানুহক সুযোগ দিছে।

যীচুৱে কৈছিল যে জগতৰ অন্ত হোৱাৰ আগতে ‘ৰাজ্যৰ শুভবাৰ্তা গোটেই জগততে ঘোষণা কৰা হব।’ (মথি ২৪:১৪) আজি যিহোৱাৰ সাক্ষীসকলে গোটেই পৃথিৱীত লোকসকলক জনাইছে যে অতি সোনকালে ঈশ্বৰৰ ৰাজ্য আহিব আৰু এই পৃথিৱীখন সুন্দৰ হৈ যাব। পৃথিৱীৰ নতুন পৰিস্থিতিত জীয়াই থাকিবলৈ তেওঁলোকে এতিয়া কি কৰাৰ প্ৰয়োজন, ইয়াৰ বিষয়ে যিহোৱাৰ সাক্ষীসকলে লোকসকলক শিকাইছে। যিহোৱাৰ সাক্ষীসকলে গোটেই পৃথিৱীত লোকসকলক এই বিষয়ে জনাবলৈ কোটি কোটি ঘণ্টা অতিবাহিত কৰিছিল। যীচুৱে কোৱা কথাষাৰ এতিয়া পূৰ হৈ আছে। ইয়ে প্ৰমাণ কৰে যে জগতৰ অন্ত নিচেই ওচৰ।

অতি সোনকালে ঈশ্বৰে এই দুষ্ট জগতক অন্ত কৰিব। তাৰ পাছত মানুহে কেতিয়াও এজনে-আনজনৰ ওপৰত শাসন নকৰিব। এই পৃথিৱীখন এক সুন্দৰ বাগিচালৈ পৰিণত হʼব আৰু আপুনি ইয়াত আনন্দেৰে জীয়াই থাকিব পাৰিব। পৰৱৰ্তী লেখত এই বিষয়ে আমি বেছিকৈ শিকিম।

যীচুৱে ‘শেষ-কালৰ’ বিষয়ে কৰা ভৱিষ্যতবাণীৰপৰা বুজিব পাৰি যে ভৱিষ্যতে এটা ভাল পৰিস্থিতি হʼব