Skip to content

Skip to table of contents

অধ্যয়নৰ লেখ ৩

বৰ লোকসমূহে যিহোৱা আৰু যীচুৰ প্ৰশংসা কৰে

বৰ লোকসমূহে যিহোৱা আৰু যীচুৰ প্ৰশংসা কৰে

“পৰিত্ৰাণ সিংহাসনত বহি থকা আমাৰ ঈশ্বৰৰ, আৰু মেৰ পোৱালিৰহে।”—প্ৰকা. ৭:১০.

গীত ১৪ পৃথিৱীৰ নতুন ৰজাৰ প্ৰশংসা কৰক

লেখৰ এক আভাস *

১. ঊনৈশ পয়ত্ৰিছ চনৰ অধিৱেশনৰ এটা ভাষণে এজন ডেকা ভাইক কেনেকৈ প্ৰভাৱিত কৰিলে?

বহুবছৰৰ আগতে এটা পৰিয়াল আছিল। পিতৃ-মাতৃ বাইবেল বিদ্যাৰ্থী আছিল। সেইসময়ত যিহোৱাৰ সাক্ষীসকল এই নামেৰেই পৰিচিত আছিল। তেওঁলোকৰ তিনিজন লʼৰা আৰু দুজনী ছোৱালী আছিল। তেওঁলোকে সন্তানসকলক সৰুৰেপৰা যিহোৱাৰ সেৱা কৰিবলৈ আৰু যীচুৰ দৰে হʼবলৈ শিকাইছিল। ১৯২৬ চনত তেওঁলোকৰ এজন লʼৰাই ১৮ বছৰ বয়সত বাপ্তিষ্মা লয়। আন বাইবেল বিদ্যাৰ্থীসকলৰ দৰে এই ডেকা ভাইজনেও প্ৰতিবছৰে স্মৰণীয় দিনত পিঠা আৰু দ্ৰাক্ষাৰস গ্ৰহণ কৰিছিল। তাৰ পাছত ১৯৩৫ চনত আমেৰিকাৰ ৱাচিংটন ডি.ছীত এখন অধিৱেশন হৈছিল। সেই অধিৱেশনত জে. এফ. ৰাডাৰফৰ্ডে এটা ভাষণ দিছিল। ভাষণৰ বিষয় আছিল, “বৰ লোকসমূহ।” এই ভাষণে ভাইজনৰ জীৱন সলনি কৰে। সেই অধিৱেশনত বাইবেল বিদ্যাৰ্থীসকলে কি জানিব পাৰিলে?

২. ভাই ৰাডাৰফৰ্ডে নিজৰ ভাষণত কি বুজালে?

ভাই ৰাডাৰফৰ্ডে নিজৰ ভাষণত বুজালে যে প্ৰকাশিত বাক্য ৭:৯ পদত উল্লেখ কৰা “বৰ লোকসমূহ” কোন হʼব। প্ৰথমে বাইবেল বিদ্যাৰ্থীসকলে ভাবিছিল যে বৰ লোকসমূহেও স্বৰ্গলৈ যাব। কিন্তু অভিষিক্ত খ্ৰীষ্টানসকলৰ তুলনাত তেওঁলোকৰ বিশ্বাস কম হʼব। ভাই ৰাডাৰফৰ্ডে বাইবেলৰপৰা বুজালে যে “বৰ লোকসমূহ” স্বৰ্গলৈ নাযাব। কিন্তু “মহা-ক্লেশৰ পৰা” ৰক্ষা পৰি পৃথিৱীতে অনন্ত জীৱন জীয়াই থাকিব। (প্ৰকা. ৭:১৪) তেওঁলোকৰ বিষয়ে যীচুৱে এইদৰে কৈছিল, “এই গঁৰালৰ নোহোৱা মোৰ আৰু মেৰ আছে; মই সেইবিলাককো আনিব লাগে; আৰু সেইবিলাকে মোৰ মাত শুনিব; তাতে একেটা জাক, একেজন ৰখীয়া হৈ যাব।” (যোহ. ১০:১৬) খ্ৰীষ্টৰ এই অন্য মেৰ  * যিহোৱাৰ বিশ্বাসী সেৱক হয় আৰু তেওঁলোক প্ৰমোদবনত অনন্ত জীৱন জীয়াই থকাৰ আশা আছে। (মথি ২৫:৩১-৩৩, ৪৬) এই বিষয়ত হোৱা সাল-সলনিয়ে সেই ১৮ বছৰৰ ভাই আৰু আন সাক্ষীসকলৰ ওপৰত কেনে প্ৰভাৱ পেলায়? আহক চাওঁ।—গীত. ৯৭:১১; হিতো. ৪:১৮.

নতুন অৰ্থই হাজাৰ হাজাৰ লোকৰ জীৱন পৰিৱৰ্তন কৰিলে

৩-৪. ঊনৈশ পয়ত্ৰিছ চনৰ অধিৱেশত হাজাৰ হাজাৰ ভাই-ভনীয়ে কি বুজি পালে?

ভাই ৰাডাৰফৰ্ডে নিজৰ ভাষণৰ শেষত অধিৱেশত উপস্থিত হোৱা লোকসকলক এইদৰে সুধিছিল, “আপোনালোকৰ মাজৰ যিসকলে পৃথিৱীত অনন্ত জীৱন লাভ কৰাৰ আশা ৰাখে, অনুগ্ৰহ কৰি তেওঁলোকে থিয় হʼবনে?” সেই অধিৱেশত অহা এজন ভায়ে কৈছিল যে তাত উপস্থিত থকা ২০,০০০ লোকৰ ভিতৰত অধিকাংশ লোকে থিয় হৈছিল। তেতিয়া ভাই ৰাডাৰফৰ্ডে ঘোষণা কৰিলে, “চোৱা! এয়াই হৈছে বৰ লোকসমূহ।” এয়া শুনি লোকসকলে আনন্দিত হৈছিল। যিসকল লোকে থিয় হৈছিল, তেওঁলোকে বুজি পালে যে যিহোৱাই তেওঁলোকক স্বৰ্গীয় জীৱনৰ বাবে বাছনি কৰা নাই আৰু ঈশ্বৰৰ পবিত্ৰ আত্মাৰ দ্বাৰা তেওঁলোকৰ অভিষিক্ত হোৱা নাই। অধিৱেশনৰ পাছদিনাখন ৮৪০ জন লোকে বাপ্তিষ্মা লৈছিল আৰু তেওঁলোকৰ মাজৰ বেছিভাগ লোক অন্য মেৰৰ আছিল।

সেই ভাষণৰ পাছৰপৰা সেই ডেকা ভাইজনে আৰু হাজাৰ হাজাৰ ভাই-ভনীয়ে স্মৰণীয় দিনত পিঠা আৰু দ্ৰাক্ষাৰস গ্ৰহণ কৰিবলৈ বন্ধ কৰিলে। এজন ভায়ে এইদৰে কয়, “মই শেষ বাৰৰ বাবে পিঠা আৰু দ্ৰাক্ষাৰস ১৯৩৫ চনৰ স্মৰণীয় দিনত লৈছিলোঁ। মই বুজি পালোঁ যে যিহোৱাই মোক স্বৰ্গত জীৱন লাভ কৰিবলৈ বাছনি কৰা নাই আৰু পবিত্ৰ আত্মাৰ দ্বাৰা মোৰ অভিষিক্ত হোৱা নাই। মোৰ এই পৃথিৱীত জীয়াই থকাৰ আশা আছে। মই এই পৃথিৱীখনক প্ৰমোদবনলৈ পৰিৱৰ্তন কৰাত সহায় কৰিম।” সেইসময়ত বহুতো ভাই-ভনীয়ে এই ভাইজনৰ দৰে অনুভৱ কৰিছিল। (ৰোম. ৮:১৬, ১৭; ২ কৰি. ১:২১, ২২) তেতিয়াৰেপৰা বৰ লোকসমূহৰ সংখ্যা বাঢ়ি আছে আৰু তেওঁলোকে বাকী থকা  * অভিষিক্ত খ্ৰীষ্টানসকলৰ লগত মিলি কাম কৰি আছে।

৫. যিসকলে পিঠা আৰু দ্ৰাক্ষাৰস গ্ৰহণ কৰিবলৈ এৰি দিছে, তেওঁলোকৰ বিষয়ে যিহোৱাই কেনে অনুভৱ কৰে?

যিসকলে ১৯৩৫ চনৰ পাছৰপৰা পিঠা আৰু দ্ৰাক্ষাৰস গ্ৰহণ কৰিবলৈ বন্ধ কৰিলে, তেওঁলোকৰ বিষয়ে যিহোৱাই কেনে অনুভৱ কৰে? বৰ্তমান সময়ত যদি কোনো এজন খ্ৰীষ্টানে পিঠা আৰু দ্ৰাক্ষাৰস গ্ৰহণ কৰে, কিন্তু পাছত তেওঁ অনুভৱ কৰে যে তেওঁক স্বৰ্গত জীৱন লাভ কৰিবলৈ বাছনি কৰা নাই, তেনেহʼলে যিহোৱাই তেওঁৰ বিষয়ে কেনে অনুভৱ কৰিব? (১ কৰি. ১১:২৮) কিছুমানে নিজৰ আশাৰ বিষয়ে ভুল বুজিছিল। সেইবাবে, তেওঁলোকে দ্ৰাক্ষাৰস গ্ৰহণ কৰিছিল। কিন্তু তেওঁলোকে যদি নিজৰ ভুল স্বীকাৰ কৰে, পিঠা আৰু দ্ৰাক্ষাৰস গ্ৰহণ কৰিবলৈ এৰি দিয়ে আৰু যিহোৱাৰ সেৱা কৰি থাকে, তেনেহʼলে যিহোৱাই তেওঁলোকক নিশ্চয় অন্য মেৰৰ লোক হিচাপে গণ্য কৰিব। যদিও তেওঁলোকে এতিয়া পিঠা আৰু দ্ৰাক্ষাৰস গ্ৰহণ নকৰে, তথাপি তেওঁলোকে স্মৰণীয় দিনত উপস্থিত হয়। তেওঁলোকে এইদৰে কৰাৰ কাৰণ হৈছে, তেওঁলোক যিহোৱা আৰু যীচুৰ প্ৰতি কৃতজ্ঞ।

এক সুন্দৰ আশা

৬. যীচুৱে স্বৰ্গদূতসকলক কি কৰিবলৈ কৈছিল?

অতি সোনকালে মহা-ক্লেশ আৰম্ভ হʼব। সেইবাবে, আমি প্ৰকাশিত বাক্যৰ ৭ অধ্যায়ত উল্লেখ কৰা অভিষিক্ত খ্ৰীষ্টান আৰু বৰ লোকসমূহৰ বিষয়ে যি কোৱা হৈছে, তাৰ বিষয়ে আলোচনা কৰাটো অতি প্ৰয়োজন। যীচুৱে স্বৰ্গদূতসকলক কৈছিল যে যেতিয়ালৈকে সকলো অভিষিক্ত খ্ৰীষ্টানক ছাব মৰা নহয় অৰ্থাৎ তেওঁলোকে যিহোৱাৰ অনুমোদন লাভ নকৰে, তেতিয়ালৈকে স্বৰ্গদূতসকলে ধ্বংসকাৰী বায়ু ধৰি থাকিব লাগিব। (প্ৰকা. ৭:১-৪) বিশ্বাসী হৈ থকাৰ বাবে যীচুৰ ভাইসকলক স্বৰ্গত ৰজা আৰু পুৰোহিত হোৱাৰ পুৰস্কাৰ দিয়া হʼব। (প্ৰকা. ২০:৬) যেতিয়া ১,৪৪,০০০ খ্ৰীষ্টানে স্বৰ্গত পুৰস্কাৰ লাভ কৰিব, তেতিয়া যিহোৱা, যীচু আৰু স্বৰ্গদূতে বৰ আনন্দিত হʼব।

বৰ লোকসমূহে বগা বস্ত্ৰ পিন্ধিছে আৰু তেওঁলোকে হাতত খাজুৰৰ পাত লৈ যিহোৱাৰ সিংহাসন আৰু মেৰৰ আগত থিয় হৈছে (অনুচ্ছেদ ৭ চাওক)

৭. প্ৰকাশিত বাক্য ৭:৯, ১০ পদৰ অনুসৰি যোহনে নিজৰ দৰ্শনত কি দেখিছিল আৰু তেওঁলোকে কি কৰি আছিল? (বেটুপাতত দিয়া ছবিখন চাওক।)

যোহনে দৰ্শনত ১,৪৪,০০০ জন ৰজা আৰু পুৰোহিতসকলক দেখাৰ পাছত এক “বৰ লোকসমূহ” দেখিলে। এই সমূহ হৰমাগিদোনৰপৰা ৰক্ষা পৰিছে। এই সমূহক কোনেও গণনা কৰিব নোৱাৰে। (প্ৰকাশিত বাক্য ৭:৯, ১০ পঢ়ক।) বৰ লোকসমূহে “বগা বস্ত্ৰ” পিন্ধিছে অৰ্থাৎ তেওঁলোকে নিজকে চয়তানৰ জগতৰপৰা ‘নিষ্কলঙ্ক’ ৰাখিছে আৰু তেওঁলোকে ঈশ্বৰ আৰু খ্ৰীষ্টৰ বিশ্বাসী হৈ আছে। (যাকো. ১:২৭) তেওঁলোকে উচ্চ স্বৰে কৈছে যে যিহোৱা আৰু ঈশ্বৰৰ মেৰ যীচুৱে যি কৰিলে, তাৰপৰা তেওঁলোকৰ পৰিত্ৰাণ হৈছে। তেওঁলোকে হাতত খাজুৰৰ পাত লৈ থিয় হৈ আছে, যাৰপৰা বুজিব পাৰি যে তেওঁলোকে আনন্দেৰে যীচুক নিজৰ ৰজা হিচাপে স্বীকাৰ কৰিছে।—যোহ. ১২:১২, ১৩ পদৰ লগত তুলনা কৰক।

৮. প্ৰকাশিত বাক্য ৭:১১, ১২ পদৰ অনুসৰি বৰ লোকসমূহক দেখি স্বৰ্গত কি হʼব?

প্ৰকাশিত বাক্য ৭:১১, ১২ পঢ়ক। বৰ লোকসমূহক দেখি স্বৰ্গত কি হয়? স্বৰ্গত সকলোৱে যিহোৱাৰ প্ৰশংসা কৰে। যেতিয়া বৰ লোকসমূহে মহা-ক্লেশৰপৰা ৰক্ষা পৰিব, তেতিয়া তেওঁলোকক দেখি স্বৰ্গত আনন্দ কৰা হʼব।

৯. প্ৰকাশিত বাক্য ৭:১৩-১৫ পদৰ অনুসৰি বৰ লোকসমূহে আজি কি কৰি আছে?

প্ৰকাশিত বাক্য ৭:১৩-১৫ পঢ়ক। যোহনে কৈছিল যে বৰ লোকসমূহে “মেৰ পোৱালিৰ তেজেৰে নিজ নিজ বস্ত্ৰ ধুই বগা কৰিলে।” ইয়াৰ অৰ্থ হৈছে, তেওঁলোকৰ বিবেক শুদ্ধ আছে আৰু যিহোৱা তেওঁলোকৰ প্ৰতি আনন্দিত আছে। (যিচ. ১:১৮) তেওঁলোকে নিজৰ জীৱন যিহোৱালৈ সমৰ্পণ কৰিলে, বাপ্তিষ্মা লʼলে আৰু যীচুৰ বলিদানৰ ওপৰত বিশ্বাস কৰিলে। যিহোৱাৰ লগতো তেওঁলোকৰ এক ভাল সম্পৰ্ক আছে। (যোহ. ৩:৩৬; ১ পিত. ৩:২১) এইদৰে তেওঁলোকে পৃথিৱীত ‘দিনে-ৰাতিয়ে যিহোৱাৰ মন্দিৰত’ তেওঁৰ আৰাধনা কৰিবলৈ যোগ্য হয়। আজিও তেওঁলোকে উদ্যমেৰে প্ৰচাৰ আৰু শিষ্য বনোৱা কাম কৰে। তেওঁলোকে ঈশ্বৰৰ ৰাজ্যক প্ৰথম স্থান দিয়ে।—মথি ৬:৩৩; ২৪:১৪; ২৮:১৯, ২০.

বৰ লোকসমূহে আনন্দ কৰিছে। কিয়নো তেওঁলোকে মহা-ক্লেশৰপৰা ৰক্ষা পৰিছে (অনুচ্ছেদ ১০ চাওক)

১০. (ক) বৰ লোকসমূহে কি কথাৰ ওপৰত বিশ্বাস কৰে? (খ) তেওঁলোকে কি প্ৰতিজ্ঞা পূৰ হোৱা দেখিবলৈ পাব?

১০ বৰ লোকসমূহে সম্পূৰ্ণ বিশ্বাস কৰে যে মহা-ক্লেশৰপৰা ৰক্ষা পৰাৰ পাছতো যিহোৱাই তেওঁলোকৰ যত্ন লʼব। কিয়নো “সিংহাসনত বহা জনাই এওঁবিলাকৰ ওপৰত নিজ তম্বু তৰিব।” অন্য মেৰৰ লোকসকলে বহুসময়ৰপৰা অপেক্ষা কৰি থকা প্ৰতিজ্ঞা পূৰ হোৱা দেখিবলৈ পাব। সেয়া হৈছে, “[ঈশ্বৰে] তেওঁবিলাকৰ চকুৰ পৰা আটাই চকু-লো মচি গুচাব; তাতে মৃত্যু আৰু নহব; শোক, বা ক্ৰন্দন, বা বেদনাও আৰু নহব।”—প্ৰকা. ২১:৩, ৪.

১১-১২. (ক) প্ৰকাশিত বাক্য ৭:১৬-১৭ পদৰ অনুসৰি বৰ লোকসমূহে ভৱিষ্যতে কি কি আশীৰ্বাদ লাভ কৰিব? (খ) স্মৰণীয় দিনত উপস্থিত হৈ অন্য মেৰে কি কৰিব পাৰে আৰু তেওঁলোকে এইদৰে কিয় কৰে?

১১ প্ৰকাশিত বাক্য ৭:১৬-১৭ পঢ়ক। আজি কিছুমান দেশত আৰ্থিকভাৱে নাটনি বা যুদ্ধ আৰু লোকসকলৰ প্ৰতিবাদৰ বাবে ঈশ্বৰৰ লোকসকলে ভৰপূৰ আহাৰ খাবলৈ পোৱা নাই। আন কিছুমান ভাই-ভনীক নিজৰ বিশ্বাসৰ বাবে জেলত বন্দী কৰা হৈছে। কিন্তু বৰ লোকসমূহে জানে যে অতি সোনকালে এই দুষ্ট জগতৰ অন্ত হʼব। তেতিয়া তেওঁলোকে প্ৰচুৰ পৰিমাণে আহাৰ পাব আৰু যিবোৰে যিহোৱাৰ লগত সম্পৰ্ক দৃঢ় কৰাত সহায় কৰে, সেই সকলো লাভ কৰিব। যিহোৱাই চয়তানৰ জগতক ধ্বংস কৰাৰ সময়ত এই কথাৰ প্ৰতি ধ্যান দিব যে বৰ লোকসমূহে তেওঁৰ ক্ৰোধৰ ‘তাপৰপৰা’ যাতে ৰক্ষা পায়। মহা-ক্লেশৰপৰা ৰক্ষা পোৱা লোকসকলক যীচুৱে “জীৱন-জলৰ ভুমুকৰ ওচৰলৈ নিব।” ক্ষন্তেকৰ বাবে চিন্তা কৰক, বৰ লোকসমূহে কি যে এক সুন্দৰ আশা লাভ কৰিছে। তেওঁলোকৰ কেতিয়াও মৃত্যু নহʼব!—যোহ. ১১:২৬.

১২ এই সুন্দৰ আশাৰ বাবে অন্য মেৰে যিহোৱা আৰু যীচুৰ প্ৰতি কৃতজ্ঞ। যদিও তেওঁলোকক স্বৰ্গত জীৱন লাভ কৰিবলৈ বাছনি কৰা নাই, তথাপি যিহোৱাৰ দৃষ্টিত তেওঁলোক মূল্যৱান হয়। অভিষিক্ত খ্ৰীষ্টানসকলৰ দৰে তেওঁলোকেও যিহোৱা আৰু যীচুৰ প্ৰশংসা কৰিব পাৰে। এইদৰে কৰাৰ এটা উপায় হৈছে, যীচুৰ মৃত্যুৰ স্মৰণীয় দিনত উপস্থিত হোৱা।

স্মৰণীয় দিনত আন্তৰিকতাৰে যিহোৱা আৰু যীচুৰ প্ৰশংসা কৰক

স্মৰণীয় দিনৰ পিঠা আৰু দ্ৰাক্ষাৰসে চিত্ৰিত কৰে যে যীচুৱে আমাৰ বাবে নিজৰ প্ৰাণ দিলে (অনুচ্ছেদ ১৩-১৫ চাওক)

১৩-১৪. খ্ৰীষ্টৰ স্মৰণীয় দিনত আমি কিয় উপস্থিত হোৱা উচিত?

১৩ বিগত বছৰত ১,০০০ লোকৰ ভিতৰত প্ৰায় এজন লোকে পিঠা আৰু দ্ৰাক্ষাৰস গ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছিল। অৰ্থাৎ বেছিভাগ মণ্ডলীত পিঠা আৰু দ্ৰাক্ষাৰস গ্ৰহণ কৰা কোনো ব্যক্তি নাথাকে। ইয়াৰ অৰ্থ হৈছে বেছিভাগ লোকৰ এই পৃথিৱীতে জীয়াই থকাৰ আশা আছে। তেন্তে তেওঁলোকে স্মৰণীয় দিনত কিয় উপস্থিত হয়? ক্ষন্তেকৰ বাবে চিন্তা কৰক, আপুনি নিজৰ বন্ধুৰ বিয়ালৈ কিয় যায়? কিয়নো আপুনি এই নৱ দম্পতীৰ আনন্দত আনন্দিত হʼব বিচাৰে আৰু তেওঁলোকৰ বাবে নিজৰ প্ৰেম প্ৰকাশ কৰিব বিচাৰে। ঠিক সেইদৰে, অন্য মেৰৰ লোকসকলে স্মৰণীয় দিনত উপস্থিত হয়। কিয়নো তেওঁলোকে যীচু আৰু অভিষিক্ত খ্ৰীষ্টানসকলৰ আনন্দত আনন্দিত হʼব বিচাৰে আৰু তেওঁলোকৰ প্ৰতি প্ৰেম প্ৰকাশ কৰিব বিচাৰে। স্মৰণীয় দিনত উপস্থিত হৈ তেওঁলোকে যীচুৰ বলিদানৰ বাবেও কৃতজ্ঞতা দেখুৱায়। এই বলিদানৰ বাবেহে তেওঁলোকে এই পৃথিৱীত অনন্ত জীৱন লাভ কৰাৰ আশা লাভ কৰিছে।

১৪ অন্য মেৰৰ লোকসকলে আন এক কাৰণৰ বাবে স্মৰণীয় দিনত উপস্থিত হয়। যীচুৱে তেওঁলোকক এইদৰে কৰিবলৈ আজ্ঞা দিছে। যেতিয়া যীচুৱে প্ৰথম বাৰ স্মৰণীয় দিন পালন কৰিছিল, তেতিয়া তেওঁ নিজৰ পাঁচনিসকলক এইদৰে কৈছিল, “মোক সুঁৱৰিবৰ অৰ্থে, তোমালোকে ইয়াকে কৰিবা।” (১ কৰি. ১১:২৩-২৬) যেতিয়ালৈকে অভিষিক্ত খ্ৰীষ্টানসকল এই পৃথিৱীত জীৱিত থাকিব, তেতিয়ালৈকে অন্য মেৰৰ লোকসকলে যীচুৰ মৃত্যুৰ স্মৰণীয় দিন পালন কৰিব। তেওঁলোকে স্মৰণীয় দিনত আন লোকসকলকো নিমন্ত্ৰণ কৰে।

১৫. স্মৰণীয় দিনত যিহোৱা আৰু যীচুৰ প্ৰশংসা কৰিবলৈ আমি কি কৰিব পাৰোঁ?

১৫ স্মৰণীয় দিনত যেতিয়া আমি গীত গাওঁ আৰু প্ৰাৰ্থনা কৰোঁ, তেতিয়া আমি ঈশ্বৰ আৰু খ্ৰীষ্টৰ প্ৰশংসা কৰিবলৈ সুযোগ পাওঁ। এই বছৰৰ ভাষণৰ বিষয় হৈছে, “যিহোৱা আৰু যীচুৱে যি কৰিলে, তাৰ বাবে কৃতজ্ঞ হওক।” এই ভাষণ শুনাৰ পাছত যিহোৱা আৰু যীচুৰ প্ৰতি আমাৰ কৃতজ্ঞতা আৰু বাঢ়িব। যেতিয়া পিঠা আৰু দ্ৰাক্ষাৰস এজনৰপৰা আনজনলৈ আগবঢ়োৱা হʼব, তেতিয়া আমি এই কথাৰ ওপৰত ধ্যান কৰিব পাৰোঁ যে ইয়ে যীচুৰ শৰীৰ আৰু তেজক চিত্ৰিত কৰে। আমি এই বিষয়েও চিন্তা কৰিব পাৰোঁ যে যিহোৱাই আমাক কিমান প্ৰেম কৰে। সেইবাবে, তেওঁ আমাৰ বাবে নিজৰ পুত্ৰৰ বলিদান দিলে। (মথি ২০:২৬) যিসকলে যিহোৱা আৰু তেওঁৰ পুত্ৰক প্ৰেম কৰে, তেওঁ স্মৰণীয় দিনত নিশ্চয় উপস্থিত হʼব।

নিজৰ আশাৰ বাবে যিহোৱাক ধন্যবাদ দিয়ক

১৬. অভিষিক্তি খ্ৰীষ্টান আৰু অন্য মেৰসকলৰ মাজত কি মিল আছে?

১৬ যদিও অভিষিক্ত খ্ৰীষ্টান আৰু অন্য মেৰসকলৰ আশা বেলেগ বেলেগ, তথাপি যিহোৱাৰ দৃষ্টিত দুয়োটা সমূহেই মূল্যৱান হয়। যিহোৱাই দুয়োটা সমূহৰ বাবে নিজৰ প্ৰিয় পুত্ৰৰ বলিদান দিলে। যিহোৱা আৰু যীচুৰ প্ৰতি বিশ্বাসী হৈ থাকিবলৈ দুয়োটা সমূহৰপৰা আশা কৰা হয়। (গীত. ৩১:২৩) মনত ৰাখক, এজন ব্যক্তিৰ স্বৰ্গ বা পৃথিৱী যʼতেই জীৱন লাভ কৰাৰ আশা নাথাকক কিয়, যিহোৱাই প্ৰতিজনৰ প্ৰয়োজনীয়তা অনুসৰি পবিত্ৰ আত্মা দিয়ে।

১৭. আজি পৃথিৱীত জীৱিত থকা অভিষিক্ত খ্ৰীষ্টানসকলে কি কথাৰ বাবে অপেক্ষা কৰি আছে?

১৭ অভিষিক্ত খ্ৰীষ্টানসকলে জন্মৰেপৰা স্বৰ্গত জীয়াই থকাৰ বাবে আশা লাভ নকৰে। এই আশা তেওঁলোকক ঈশ্বৰে দিয়ে। তেওঁলোকে নিজৰ আশাৰ বিষয়ে গভীৰভাৱে চিন্তা কৰে, প্ৰাৰ্থনা কৰে আৰু স্বৰ্গত পুৰস্কাৰ লাভ কৰিবলৈ অতি আগ্ৰহেৰে অপেক্ষা কৰে। তেওঁলোকে সঠিকভাৱে নাজানে যে স্বৰ্গত তেওঁলোকৰ আত্মিক শৰীৰ কেনেধৰণৰ হʼব। (ফিলি. ৩:২০, ২১; ১ যোহ. ৩:২) তথাপি তেওঁলোকে যিহোৱা, যীচু, স্বৰ্গদূত আৰু আন অভিষিক্ত খ্ৰীষ্টানসকলক লগ কৰিবলৈ আগ্ৰহী হৈ আছে। তেওঁলোকে সেইসময়ৰ বাবে অপেক্ষা কৰি আছে, যেতিয়া তেওঁলোকে যীচু আৰু অভিষিক্ত ভাইসকলৰ লগত একেলগে স্বৰ্গত শাসন কৰিব।

১৮. অন্য মেৰৰ লোকসকলে কোনটো সময়ৰ বাবে অপেক্ষা কৰি আছে?

১৮ অন্য মেৰৰ লোকসকলে এই পৃথিৱীত অনন্ত জীৱন লাভ কৰাৰ আশা ৰাখে। মানৱজাতিৰ অনন্ত জীৱন জীয়াই থকাৰ ইচ্ছা আৰম্ভণিৰেপৰা আছে। (উপ. ৩:১১) তেওঁলোকে সেই দিনৰ বাবে অপেক্ষা কৰি আছে, যেতিয়া তেওঁলোকে গোটেই পৃথিৱীখনক প্ৰমোদবনলৈ পৰিৱৰ্তন কৰাত সহায় কৰিব। সেইসময়ত তেওঁলোকে নিজেই ঘৰ সাজিব আৰু বাগিচা পাতিব। তেওঁলোকৰ সন্তানৰ কেতিয়াও বেমাৰ নহʼব। (যিচ. ৬৫:২১-২৩) প্ৰমোদবনত তেওঁলোকে বহুতো কাম কৰিব। তেওঁলোকে পাহাৰ, জংঘল আৰু গভীৰ সাগৰৰ আনন্দ লʼব আৰু যিহোৱাৰ সৃষ্টিৰপৰা বহুতো কথা শিকিব। আটাইতকৈ গুৰুত্বপূৰ্ণ কথা যে যিহোৱাৰ লগত তেওঁলোকৰ সম্পৰ্ক আৰু গভীৰ হʼব।

১৯. (ক) স্মৰণীয় দিনত আমি সকলোৱে কি সুযোগ লাভ কৰিম? (খ) এই বছৰত স্মৰণীয় দিন কেতিয়া পালন কৰা হʼব?

১৯ যিহোৱাই নিজৰ সকলো সমৰ্পিত সেৱকক এক সুন্দৰ আশা দিছে। (যিৰি. ২৯:১১) অভিষিক্ত খ্ৰীষ্টান আৰু অন্য মেৰৰ লোকসকলক অনন্ত জীৱন দিবলৈ যিহোৱা আৰু যীচুৱে বহুতো কাম কৰিলে। স্মৰণীয় দিনৰ সভাত আমি প্ৰতিজনে তেওঁলোকৰ প্ৰশংসা কৰাৰ এক ভাল সুযোগ লাভ কৰিছোঁ। এই বছৰ এই সভা ২৭ মাৰ্চ, ২০২১ চনৰ শনিবাৰে সূৰ্য্য অস্ত যোৱাৰ পাছত হʼব। বেছিভাগ লোকে কোনো বাধা নোহোৱাকৈ এই সভালৈ আহিব। কিন্তু কিছুমান লোকক বিৰোধৰ সন্মুখীন হʼব লাগিব। কিছুমান লোকে ইয়াক জেলত পালন কৰিব। মনত ৰাখক, স্বৰ্গত যিহোৱা, যীচু, স্বৰ্গদূত আৰু অভিষিক্ত খ্ৰীষ্টানসকলে প্ৰতিজন ব্যক্তি, সমূহ আৰু মণ্ডলীক লক্ষ্য কৰে। আমি আশা কৰোঁ যে আপুনি এই দিনটো ভালদৰে পালন কৰিব পাৰে!

গীত ১৫০ নিজৰ উদ্ধাৰৰ বাবে যিহোৱাক বিচাৰক

^ অনু. 5 ২০২১ চনৰ ২৭ মাৰ্চ দিনটো যিহোৱাৰ সাক্ষীসকলৰ বাবে এক বিশেষ দিন হয়। সেইদিনাখনৰ সন্ধিয়াত যীচুৰ মৃত্যুৰ স্মৰণীয় দিন পালন কৰা হʼব। উপস্থিত হোৱা বেছিভাগ লোক সেই সমূহৰ হʼব, যিসকলক যীচুৱে ‘অন্য মেৰ’ বুলি কৈছে। ১৯৩৫ চনত এই সমূহৰ বিষয়ে কি নতুন অৰ্থ প্ৰকাশ পাইছিল? মহা-ক্লেশৰ পাছত বৰ লোকসমূহে কি কি আশীৰ্বাদ লাভ কৰিব? স্মৰণীয় দিনত উপস্থিত হোৱাৰ সময়ত তেওঁলোকে এনে কি কৰিব পাৰে, যাতে যিহোৱা আৰু যীচুৰ প্ৰশংসা হয়?

^ অনু. 2 ইয়াৰ অৰ্থ কি: যিসকলে খ্ৰীষ্টৰ আৰ্হিক অনুকৰণ কৰে আৰু পৃথিৱীত অনন্ত জীৱন জীয়াই থকাৰ আশা ৰাখে, তেওঁলোক অন্য মেৰ হয়। যিসকলে এই শেষ-কালত যিহোৱাৰ উপাসনা কৰিবলৈ নিৰ্ণয় লৈছে, তেওঁলোককো এই সমূহত গণনা কৰা হয়। যেতিয়া খ্ৰীষ্টই মহা-ক্লেশৰ সময়ত গোটেই মানৱজাতিক ন্যায়-বিচাৰ কৰিবলৈ আহিব, তেতিয়া অন্য মেৰৰ যিসকল লোক সেইসময়ত জীৱিত থাকিব আৰু মহা-ক্লেশৰপৰা ৰক্ষা পৰিব, তেওঁলোকক বৰ লোকসমূহ বুলি কোৱা হয়।

^ অনু. 4 ইয়াৰ অৰ্থ কি: যিসকলে পৃথিৱীত এতিয়া জীৱিত আছে আৰু স্মৰণীয় দিনত পিঠা আৰু দ্ৰাক্ষাৰস গ্ৰহণ কৰে, তেওঁলোক “বাকী থকা” অভিষিক্ত খ্ৰীষ্টান হয়।