Skip to content

Skip to table of contents

শিলত এইদৰে লিখা আছে, “কাগাবৰ পুত্ৰ কাগাফৰ ওপৰত ইয়াৱেহ ছোবিয়টৰ অভিশাপ হওক”

আপুনি জানেনে?

আপুনি জানেনে?

প্ৰাচীন সময়ৰ এটা শিলত লিখা কথাৰপৰা কেনেকৈ জানিব পাৰি যে বাইবেলত লিখা কথাবোৰ সত্য হয়?

যেৰূচালেমত বাইবেল লেণ্ডচ মিউজিয়াম নামৰ এখন সংগ্ৰহালয় আছে। সেই সংগ্ৰহালয়ত এটা শিলৰ টুকুৰা আছে, যি যীচুৰ সময়ৰপৰা প্ৰায় ৬০০-৭০০ বছৰ পুৰণি হয়। এই শিলৰ টুকুৰা ইস্ৰায়েলত হিব্ৰোণৰ ওচৰৰ এটা গুহাত পোৱা গৈছিল, যি প্ৰকৃততে এটা মৈদাম আছিল। সেই শিলত এইদৰে লিখা আছে, “কাগাবৰ পুত্ৰ কাগাফৰ ওপৰত ইয়াৱেহ ছোবিয়টৰ অভিশাপ হওক।” এই বাক্যৰপৰা কেনেকৈ বুজিব পাৰি যে বাইবেলৰ কথা সত্য হয়? ইয়াৰপৰা বুজিব পাৰি যে সেইসময়ৰ লোকসকলে ঈশ্বৰৰ নাম যিহোৱা বুলি জানিছিল আৰু দৈনন্দিন জীৱনত তেওঁৰ নাম ব্যৱহাৰ কৰিছিল। শিল টুকুৰাত এই নাম পুৰণি ইব্ৰী ভাষাত লিখা আছে। এনে আৰু বহুতো মৈদাম বা গুহা আছে, যʼত কিছুমান কথা লিখা আছে। ইয়াৰপৰা বুজিব পাৰি যে যেতিয়া সেই গুহাত লোকসকলে লুকাইছিল বা লগ কৰিছিল, তেতিয়া তেওঁলোকে প্ৰায় দেৱালত ঈশ্বৰৰ নাম লিখিছিল। লগতে নিজৰ নামো লিখিছিল, যʼত ঈশ্বৰৰ নাম জড়িত আছে।

ইউনিভাৰচিটী অফ জৰ্জিয়াৰ ডক্টৰ ৰেচল নবুলচীয়ে গুহাবোৰত লিখা কথাবোৰৰ বিষয়ে এইদৰে টিপ্পনী কৰে, ‘ইব্ৰী ভাষাত যিহোৱাৰ নাম বাৰে বাৰে লিখা হৈছিল আৰু ইয়ে দেখুৱায় যে এই নাম অতি গুৰুত্বপূৰ্ণ। ইয়াৰপৰা বুজিব পাৰি যিহোৱাৰ নামৰ ঈশ্বৰ ইস্ৰায়েল আৰু যিহূদা লোকসকলৰ জীৱনত অতি গুৰুত্বপূৰ্ণ আছিল।’ এই ডক্টৰৰ কথাৰপৰাও প্ৰমাণ হয় যে বাইবেলখন সত্য আৰু বিশ্বাসযোগ্য কিতাপ হয়। হীব্ৰু শাস্ত্ৰত ঈশ্বৰৰ নাম ইব্ৰী ভাষাত হাজাৰ হাজাৰ বাৰ আহিছে। বহুতোলোকৰ নামৰ লগতো ঈশ্বৰৰ নাম জড়িত আছিল।

শিলৰ টুকুৰাত লিখা “ইয়াৱেহ ছোবিয়টৰ” অৰ্থ হৈছে, “বাহিনীবিলাকৰ যিহোৱা।” ইয়াৰপৰা বুজিব পাৰি যে প্ৰাচীন সময়ত লোকসকলে যিহোৱাৰ নাম বাৰে বাৰে লোৱাৰ উপৰিও “বাহিনীবিলাকৰ যিহোৱা” উপাধিও প্ৰায়ে ব্যৱহাৰ কৰিছিল। বাইবেলৰ হীব্ৰু শাস্ত্ৰতো এই উপাধি ২৮৩ বাৰ উল্লেখ আছে। এই উপাধি বেছিভাগ যিচয়া, যিৰিমিয়া আৰু জখৰিয়া নামৰ কিতাপত পোৱা যায়। ইয়াৰপৰাও প্ৰমাণ হয় যে বাইবেলত লিখা কথাবোৰ সত্য।