Skip to content

Skip to table of contents

অধ্যয়নৰ লেখ ১৫

যীচুৰ শেষ বাক্যৰপৰা শিকক

যীচুৰ শেষ বাক্যৰপৰা শিকক

“এওঁ মোৰ প্ৰিয় পুত্ৰ, এওঁত মই পৰম সন্তুষ্ট; এওঁৰ কথা শুনা।”—মথি ১৭:৫.

গীত ১৭ “মই ইচ্ছা কৰিছোঁ”

লেখৰ এক আভাস *

১-২. যীচুৰ জীৱনৰ শেষমুহূৰ্তত তেওঁৰ লগত কি কি হৈছিল?

এয়া ৩৩ খ্ৰীষ্টাব্দৰ নিচান মাহৰ ১৪ তাৰিখৰ দিনৰ কথা। যীচুৰ ওপৰত মোকৰ্দমা কৰা হৈছে আৰু তেওঁক এনে অপৰাধৰ বাবে দোষাৰোপ কৰা হৈছে যি তেওঁ কৰাই নাই। তেওঁক ঠাট্টা কৰা হৈছে আৰু যাতনা দিয়া হৈছে। তেওঁৰ হাত-ভৰিত গজাল মাৰি কাঠত আঁৰি দিয়া হৈছে। তেওঁ ইমানেই কষ্টত আছে যে উশাহ লʼবলৈ আৰু কথা কʼবলৈয়ো তেওঁৰ বাবে কঠিন হৈছে। তথাপি তেওঁ মনে-মনে থকা নাই, কিয়নো তেওঁক কিছুমান গুৰুত্বপূৰ্ণ কথা কʼবলগীয়া আছিল।

আহক চাওঁ যে যীচুৱে নিজৰ জীৱনৰ শেষমুহূৰ্তত কি কৈছিল আৰু আমি তেওঁৰ কথাৰপৰা কি শিকিব পাৰোঁ। আন কথাত কʼবলৈ গʼলে আহক আমি ‘তেওঁৰ কথা শুনিম।’—মথি ১৭:৫.

“পিতৃ, এওঁবিলাকক ক্ষমা কৰা”

৩. “পিতৃ, এওঁবিলাকক ক্ষমা কৰা” ইয়াত যীচুৱে কোন লোকসকলৰ বিষয়ে কৈছে?

যীচুৱে কি কৈছিল? যেতিয়া যীচুক যাতনা স্তম্ভত আঁৰি থোৱা হৈছিল, তেতিয়া তেওঁ এইদৰে প্ৰাৰ্থনা কৰিছিল, “পিতৃ, এওঁবিলাকক ক্ষমা কৰা।” যীচুৱে ইয়াত কোন লোকসকলক ক্ষমা কৰাৰ কথা কৈছে? মন কৰক যে তেওঁ এই কথা কোৱাৰ পাছত কি কৈছিল, “এওঁবিলাকে কি কৰিছে, তাক নাজানে।” (লূক ২৩:৩৩, ৩৪) যীচুৱে হয়তো ৰোমান সৈনিকসকলৰ বিষয়ে কৈছিল, যিসকলে তেওঁ ঈশ্বৰৰ পুত্ৰ হয় বুলি নাজানিছিল। যীচুৱে হয়তো সেই লোকসকলৰ বিষয়েও কৈছিল, যিসকলে প্ৰথমে তেওঁক যাতনা স্তম্ভত আঁৰি দিবলৈ কৈছিল। কিন্তু পাছত যীচুৰ ওপৰত বিশ্বাস কৰিলে। (পাঁচ. ২:৩৬-৩৮) তেওঁলোকে যীচুক বৰ অন্যায় কৰিছিল, তথাপি যীচুৱে তেওঁলোকৰ প্ৰতি খং পুহি ৰখা নাছিল। (১ পিত. ২:২৩) ইয়াৰ পৰিৱৰ্তে, যীচুৱে তেওঁলোকক ক্ষমা কৰিবলৈ যিহোৱালৈ মিনতি কৰিলে।

৪. আনক ক্ষমা কৰাৰ বিষয়ে আমি যীচুৰপৰা কি শিকিব পাৰোঁ?

আমি যীচুৰ কথাৰপৰা কি শিকিব পাৰোঁ? আমি আনক ক্ষমা কৰা উচিত। (কল. ৩:১৩) আমি কি বিশ্বাস কৰোঁ আৰু কিয় বিশ্বাস কৰোঁ, সেয়া আমাৰ সম্বন্ধীয় লোকসকলে হয়তো নাজানে। সেইবাবে, তেওঁলোকে আমাৰ বিষয়ে মিছা কথা কʼব পাৰে, আনৰ আগত অপমান কৰিব পাৰে, আমাৰ আলোচনীবোৰ ফালি দিব পাৰে বা আমাক মাৰ-পিট কৰিব পাৰে। তেওঁলোকৰ প্ৰতি খং পুহি ৰখাৰ পৰিৱৰ্তে, তেওঁলোকেও যাতে সত্য শিকে তাৰ বাবে আমি প্ৰাৰ্থনা কৰিব পাৰোঁ। (মথি ৫:৪৪, ৪৫) সকলো সময়তে এনে কৰাটো সহজ নহয়, বিশেষকৈ আনে যেতিয়া আমাৰ লগত বেয়া ব্যৱহাৰ কৰে। যদি আমি তেওঁলোকৰ প্ৰতি খং পুহি ৰাখোঁ, তেনেহʼলে আমাৰেই হানি হʼব। এগৰাকী ভনীয়ে কয় যে, “ক্ষমা কৰাৰ অৰ্থ এয়া নহয় যে আনে মোৰ লগত যি কৰিলে সেয়া সঠিক হয় বুলি মই কৈছোঁ বা তেওঁলোকে মোৰ লগত এইদৰেই ব্যৱহাৰ কৰিবলৈ সুযোগ দিছোঁ। ক্ষমা কৰাৰ অৰ্থ হৈছে মই তেওঁলোকৰ প্ৰতি খং পুহি ৰাখিব নিবিচাৰোঁ আৰু যি হৈছে সেয়া পাহৰিব বিচাৰোঁ।” (গীত. ৩৭:৮) যেতিয়া আমি আনক ক্ষমা কৰোঁ, তেতিয়া সেই কথাক লৈ আমি খং পুহি নাৰাখোঁ।—ইফি. ৪:৩১, ৩২.

‘তুমি পৰমদেশত মোৰ সঙ্গী হবা’

৫. যীচুৱে এজন অপৰাধীক কি প্ৰতিজ্ঞা কৰিছিল আৰু কিয়?

যীচুৱে কি কৈছিল? যীচুৰ লগত আৰু দুজন অপৰাধীকো স্তম্ভত আঁৰি দিয়া হৈছিল। প্ৰথমে দুয়োজনে যীচুক বেয়াকৈ কৈছিল। (মথি ২৭:৪৪) পাছত এজনে স্বীকাৰ কৰিলে যে যীচুৱে “একো অনুচিত কৰ্ম্ম কৰা নাই।” (লূক ২৩:৪০, ৪১) তেওঁ এয়াও স্বীকাৰ কৰিলে যে যীচু এদিন জীৱিত হʼব আৰু ৰজা হʼব। তেওঁ যীচুক কৈছিল, “আপুনি আপোনাৰ ৰাজ্যলৈ আহিলে, মোকো সুঁৱিৰব।” (লূক ২৩:৪২) সঁচাকৈ, তেওঁৰ বহুত বিশ্বাস আছিল। মন কৰক যে যীচুৱে সেই অপৰাধীজনক কি প্ৰতিজ্ঞা কৰিছিল। তেওঁ এইদৰে কৈছিল, “মই তোমাক স্বৰূপকৈ কওঁ, তুমি আজিয়েই পৰমদেশত মোৰ সঙ্গী হবা।” (লূক ২৩:৪৩) * যীচুৱে এইদৰে প্ৰতিজ্ঞা কৰাৰ কাৰণ হৈছে তেওঁ জানিছিল যে তেওঁৰ পিতৃ দয়াত মহান হয় আৰু তেওঁ সেই অপৰাধীজনক নিশ্চয় দয়া দেখুৱাব।—গীত. ১০৩:৮.

৬. যীচুৱে অপৰাধীজনক যি কৈছিল, তাৰপৰা আমি কি শিকিব পাৰোঁ?

যীচুৰ কথাৰপৰা আমি কি শিকিব পাৰোঁ? যীচু নিজৰ পিতৃৰ দৰেই আছিল। (ইব্ৰী ১:৩) তেওঁৰ কথাৰপৰা বুজিব পাৰি যে যিহোৱা বৰ দয়ালু ঈশ্বৰ হয়। যদি আমি নিজৰ পাপৰ বাবে অনুতাপ কৰোঁ আৰু যীচুৰ মুক্তিপণ স্বৰূপ বলিদানৰ ওপৰত বিশ্বাস কৰোঁ, তেনেহʼলে যিহোৱাই আমাক ক্ষমা কৰিব। (১ যোহ. ১:৭) কিন্তু কিছুমান ভাই-ভনীয়ে ভাবে যে তেওঁলোকে আগতে যি বেয়া কাম কৰিছিল, তাৰ বাবে যিহোৱাই তেওঁলোকক কেতিয়াও ক্ষমা নকৰিব। কিন্তু এই বিষয়ে চিন্তা কৰক, যদি যীচুৱে অলপ আগতে বিশ্বাস কৰা অপৰাধীজনক দয়া দেখুৱাব পাৰে, তেনেহʼলে যিহোৱাই সেই সেৱকসকলক দয়া নকৰিবনে, যিসকলে বহুবছৰৰপৰা বিশ্বাসেৰে যিহোৱাৰ সেৱা কৰি আছে আৰু তেওঁৰ আজ্ঞাবোৰ পালন কৰিবলৈ চেষ্টা কৰি আছে?—গীত. ৫১:১; ১ যোহ. ২:১,২.

“চোৱা, তোমাৰ পুত্ৰ! . . . চোৱা, তোমাৰ মাতৃ!”

৭. (ক) যোহন ১৯:২৬, ২৭ পদৰ অনুসৰি যীচুৱে যোহন আৰু মৰিয়মক কি কৈছিল? (খ) তেওঁ এইদৰে কিয় কৈছিল?

যীচুৱে কি কৈছিল? (যোহন ১৯:২৬, ২৭ পঢ়ক।) যীচুৱে নিজৰ মাতৃ মৰিয়মৰ প্ৰতি চিন্তিত আছিল, কিয়নো তাই হয়তো বিধৱা আছিল। তেওঁৰ ভাই-ভনীসকলে মৰিয়মৰ দৈনন্দিন প্ৰয়োজনীয়তাবোৰ পূৰ কৰিব পাৰিলেহেঁতেন। কিন্তু তেওঁলোকে যিহোৱাৰ সেৱা কৰি থাকিবলৈ তাইক সহায় কৰিব নোৱাৰিলেহেঁতেন, কিয়নো তেতিয়ালৈকে হয়তো তেওঁলোকে যীচুৰ শিষ্য হোৱা নাছিল। তাৰ পাছত যীচুৱে যোহনৰ কথা ভাবিলে, কিয়নো তেওঁ যীচুৰ ভাল বন্ধু আৰু বিশ্বাসী পাঁচনি আছিল। যিহোৱাৰ সেৱা কৰা লোকসকলক যীচুৱে নিজৰ পৰিয়াল বুলি কৈছিল। (মথি ১২:৪৬-৫০) সেইবাবে, যীচুৱে নিজৰ মাতৃক কৈছিল,“ চোৱা, তোমাৰ পুত্ৰ!” আৰু যোহনক কৈছিল, “চোৱা, তোমাৰ মাতৃ!” যীচুৱে নিজৰ মাতৃৰ দায়িত্ব যোহনক দিলে। যিহোৱাৰ সেৱা কৰিবলৈ যোহনে মৰিয়মক সহায় কৰিব বুলি যীচুৰ সম্পূৰ্ণ বিশ্বাস আছিল। তেতিয়াৰেপৰা যোহনে নিজৰ মাতৃৰ নিচিনা মৰিয়মৰ যত্ন লৈছিল। সঁচাকৈ যীচুৱে নিজৰ মাতৃক বহুত প্ৰেম কৰিছিল। যিগৰাকীয়ে তেওঁক জন্ম দিছিল আৰু মৃত্যুৰ সময়লৈকে তেওঁৰ লগত আছিল।

৮. যীচুৱে মৰিয়ম আৰু যোহনক যি কৈছিল, তাৰপৰা আমি কি শিকিব পাৰোঁ?

যীচুৰ কথাৰপৰা আমি কি শিকিব পাৰোঁ? মণ্ডলীৰ ভাই-ভনীসকলৰ লগত আমাৰ সম্পৰ্ক ইমানেই দৃঢ় হʼব পাৰে, যিমান আমাৰ পৰিয়ালৰ লোকসকলৰ লগত নহয়। পৰিয়ালৰ লোকসকলে আমাৰ বিৰোধ কৰিব পাৰে আৰু আমাক ত্যাগ কৰিব পাৰে। কিন্তু যদি আমি যিহোৱাৰ কাষ চাপোঁ আৰু তেওঁৰ সংগঠনৰ লগত থাকোঁ, তেনেহʼলে যীচুৱে প্ৰতিজ্ঞা কৰিছে যে আমি যি হেৰুৱালোঁ তাৰ “এশ গুণ” বেছি পাম। (মাৰ্ক ১০:২৯, ৩০) অৰ্থাৎ আমি মণ্ডলীত বহুতো লʼৰা-ছোৱালী আৰু পিতৃ-মাতৃ পাম। আপুনি এনে এক পৰিয়ালৰ ভাগ হয়, যʼত সকলোৱে যিহোৱাৰ উপাসনা কৰে, তেওঁক প্ৰেম কৰে আৰু এজনে-আনজনকো প্ৰেম কৰে। এয়া জানি আপুনি কেনে অনুভৱ কৰে।—কল. ৩:১৪; ১ পিত. ২:১৭.

“মোৰ ঈশ্বৰ, কিয় মোক পৰিত্যাগ কৰিলা?”

৯. মথি ২৭:৪৬ পদত যীচুৱে যি কৈছিল তাৰপৰা কি জানিব পাৰি?

যীচুৱে কি কৈছিল? যীচুৱে মৃত্যুৰ আগমুহূৰ্তত এইদৰে কৈছিল, “হে মোৰ ঈশ্বৰ, হে মোৰ ঈশ্বৰ, কিয় মোক পৰিত্যাগ কৰিলা?” (মথি ২৭:৪৬) যীচুৱে এই বাক্য কিয় কৈছিল তাৰ বিষয়ে বাইবেলত স্পষ্টকৈ উল্লেখ কৰা নাই। কিন্তু তেওঁ যি কৈছিল তাৰপৰা কিছুমান কথা জানিব পাৰি। প্ৰথমতে, এই বাক্যটো কৈ যীচুৱে গীতমালা ২২:১ পদত লিখা ভৱিষ্যতবাণীটো পূৰ কৰিছিল। * দ্বিতীয়তে, যিহোৱা ঈশ্বৰে নিজৰ পুত্ৰক ৰক্ষা কৰিবলৈ ‘চাৰিওফালে বেৰা দিয়া নাই।’ (ইয়ো ১:১০) যিহোৱাই যীচুৰ বিশ্বাসৰ পৰীক্ষা কৰিবলৈ তেওঁৰ শত্ৰুসকলক অনুমতি দিছে বুলি যীচুৱে ভালদৰে জানিছিল। যীচুক যিমান পৰীক্ষা কৰা হৈছিল, সিমান আৰু আন কোনো লোকৰ পৰীক্ষা হোৱা নাই। তৃতীয়তে, যীচুৰ কথাৰপৰা এয়াও জানিব পাৰি যে তেওঁ এনে কোনো কাম কৰা নাছিল, যাৰ বাবে তেওঁক মৃত্যুদণ্ড দিয়া হʼব।

১০. যীচুৱে নিজৰ পিতৃক যি কৈছিল, তাৰপৰা আমি কি শিকিব পাৰোঁ?

১০ যীচুৰ কথাৰপৰা আমি কি শিকিব পাৰোঁ? প্ৰথম, যিহোৱাই আমাক সকলো পৰীক্ষাৰপৰা ৰক্ষা নকৰিব। যিদৰে যীচুৰ বিশ্বাসৰ পৰীক্ষা কৰা হৈছিল, ঠিক সেইদৰে আমাৰ বিশ্বাসো পৰীক্ষা কৰা হʼব। ইয়াৰ উপৰিও আমি মৃত্যুৰো সন্মুখীন হʼবলগীয়া হʼব পাৰে। (মথি ১৬:২৪, ২৫) কিন্তু আমি ভৰসা কৰিব পাৰোঁ যে যিহোৱাই আমাক এনে কোনো পৰীক্ষাৰ সন্মুখীন হʼবলৈ নিদিব, যি আমি সহ্য কৰিব নোৱাৰোঁ। (১ কৰি. ১০:১৩) দ্বিতীয়তে, আমাৰ লগতো অন্যায় হʼব পাৰে। (১ পিত. ২:১৯, ২০) আমি কিবা ভুল কৰিছোঁ বুলি আমাক তাড়না দিয়া নহয়, ইয়াৰ পৰিৱৰ্তে আমি এই জগতৰ ভাগ নহয় আৰু আমি সত্যতাৰ সাক্ষ্য দিওঁ। সেইবাবে আমাক তাড়না দিয়া হয়। (যোহ. ১৭:১৪; ১ পিত. ৪:১৫, ১৬) যীচুৱে ভালদৰে জানিছিল যে যিহোৱাই তেওঁক এই সকলো দুখ-কষ্ট কিয় সহন কৰিব দিছে। কিন্তু যেতিয়া কিছুমান বিশ্বাসী লোকসকলৰ ওপৰত সমস্যা আহিল, তেতিয়া তেওঁলোকে বুজি পোৱা নাছিল যে যিহোৱাই তেওঁলোকৰ লগত এইদৰে কিয় হʼবলৈ দিছে। (হব. ১:৩) ঈশ্বৰে জানিছিল যে তেওঁলোকৰ বিশ্বাস কম হোৱা নাই, তেওঁলোকক কেৱল সান্ত্বনাৰহে প্ৰয়োজন আছে। সেইবাবে, যিহোৱাই তেওঁলোকৰ লগত ধৈৰ্য্যেৰে ব্যৱহাৰ কৰিলে।—২ কৰি. ১:৩, ৪.

“মোৰ পিয়াহ লাগিছে”

১১. যীচুৱে যোহন ১৯:২৮ পদত লিখা বাক্যশাৰী কিয় কৈছিল?

১১ যীচুৱে কি কৈছিল? (যোহন ১৯:২৮ পঢ়ক।) “মোৰ পিয়াহ লাগিছে” বুলি যীচুৱে কিয় কৈছিল? “শাস্ত্ৰীয় বচন সিদ্ধ” হʼবলৈ অৰ্থাৎ গীতমালা ২২:১৫ পদত উল্লেখ কৰা ভৱিষ্যতবাণীটো পূৰ হʼবলৈ তেওঁ এইদৰে কৈছিল। তাত এইদৰে লিখা আছে, “মোৰ বল খোলাৰ নিচিনাকৈ শুকাল; মোৰ জিবা তালুত লাগি ধৰিছে।” যীচুৰ সঁচাকৈ পিয়াহ লাগিছিল, কিয়নো তেওঁ বহুতো দুখ-কষ্ট ভুগিবলগীয়া হৈছিল। তেওঁ স্তম্ভত যাতনা ভুগি আছিল। সেইবাবে, তেওঁক পিয়াহ লাগিছিল।

১২. যীচুৱে যি কৈছিল তাৰপৰা আমি কি শিকিব পাৰোঁ?

১২ যীচুৰ কথাৰপৰা আমি কি শিকিব পাৰোঁ? যেতিয়া যীচুৱে আনৰপৰা সহায় বিচাৰিলে, তেতিয়া তেওঁ এয়া নাভাবিলে যে লোকসকলে তেওঁৰ বিষয়ে কি ভাবিব। আমিও এইদৰে ভবা উচিত নহয়। আনৰপৰা সহায় বিচৰাটো দুৰ্বলতাৰ চিন নহয়। হয়তো আমাক আনৰপৰা সহায় বিচাৰি ভাল নালাগে। কিন্তু যদি আমাক সঁচাকৈ সহায়ৰ প্ৰয়োজন, তেনেহʼলে আমি আনৰপৰা সহায় বিচাৰিবলৈ সংকোচ কৰা উচিত নহয়। উদাহৰণস্বৰূপে, যদি আমি বৃদ্ধ হওঁ বা বেমাৰত ভুগি আছোঁ, তেনেহʼলে আমি ডাক্তৰৰ ওচৰলৈ যাবলৈ বা বজাৰ কৰিবলৈ আমি আমাৰ বন্ধুৰ সহায় লোৱা উচিত। যদি আমি নিৰাশ হৈ পৰিছোঁ, তেনেহʼলে আমি কোনো প্ৰাচীন বা কোনো ভাল বন্ধুৰ লগত কথা পতা উচিত। আমি তেওঁলোকক আমাৰ কথা মনোযোগেৰে শুনিবলৈ বা ‘মঙ্গলৰ বাক্য’ কৈ আমাক উৎসাহিত কৰিবলৈ তেওঁলোকক কʼব পাৰোঁ। (হিতো. ১২:২৫) মনত ৰাখক যে ভাই-ভনীসকলে আমাক বহুত প্ৰেম কৰে আৰু “দুৰ্দ্দশাৰ” সময়ত আমাক সহায় কৰিব বিচাৰে। (হিতো. ১৭:১৭) কিন্তু আমি যেতিয়ালৈকে তেওঁলোকক সহায় নিবিচাৰোঁ, তেতিয়ালৈকে তেওঁলোকে আমাক সহায় কৰিব নোৱাৰিব।

“সিদ্ধ হল”

১৩. যীচুৱে নিজৰ জীৱনৰ শেষমুহূৰ্তলৈকে বিশ্বাসী হৈ থাকি কি কৰিলে?

১৩ যীচুৱে কি কৈছিল? নিচান মাহৰ ১৪ তাৰিখে দুপৰীয়া প্ৰায় তিনি বজাত যীচুৱে জোৰেৰে কৈছিল, “সিদ্ধ হল।” (যোহ. ১৯:৩০) ইয়াৰ পাছত তেওঁৰ মৃত্যু হʼল। যীচুৱে জীৱনৰ শেষমুহূৰ্তলৈকে বিশ্বাসী হৈ যিহোৱাই বিচৰা অনুসৰি সকলো কাম কৰিলে। প্ৰথম, যীচুৱে প্ৰমাণ কৰিলে যে চয়তান মিছলীয়া হয়। কিয়নো যীচুৱে প্ৰমাণ কৰি দেখুৱালে যে এজন সিদ্ধ ব্যক্তি সমস্যাৰ সত্ত্বেও যিহোৱাৰ বিশ্বাসী হৈ থাকিব পাৰে। দ্বিতীয়তে, যীচুৱে আমাৰ বাবে নিজৰ জীৱন বলিদান দিলে, যাৰ বাবে আমি যিহোৱাৰ লগত এক ভাল সম্পৰ্ক গঢ়ি তুলিব পাৰোঁ আৰু অনন্ত জীৱন লাভ কৰিব পাৰোঁ। তৃতীয়তে, যীচুৱে প্ৰমাণ কৰিলে যে গোটেই বিশ্বত শাসন কৰাৰ অধিকাৰ কেৱল যিহোৱাৰ আছে আৰু ঈশ্বৰৰ নামত লগা কলংক দূৰ কৰিলে।

১৪. আমি প্ৰতিদিনে কেনেদৰে জীৱন অতিবাহিত কৰা উচিত?

১৪ যীচুৰ কথাৰপৰা আমি কি শিকিব পাৰোঁ? আমি প্ৰতিদিনে যিহোৱাৰ বিশ্বাসী হৈ থকা উচিত। গিলিয়েড স্কুলৰ শিক্ষক ভাই মেক্সৱেল ফ্ৰেণ্ডে এটা আন্তঃৰাষ্ট্ৰীয় সন্মিলনত বিশ্বাসী হৈ থকাৰ বিষয়ে ভাষণ দিছিল। তেওঁ কৈছিল, “কোনো এটা কাম কালিলৈ কৰিম বুলি নকʼব। কিয়নো আপুনি নাজানে যে কালিলৈ আপুনি জীয়াই থাকিবনে নাথাকে। সেইবাবে, প্ৰতিদিনে যিহোৱাৰ বিশ্বাসী হৈ থাকক আৰু এইদৰে জীৱন অতিবাহিত কৰক যাতে আপুনি অনন্ত জীৱন লাভ কৰে।” ভাইজনে কিমান সত্য কথা কʼলে। প্ৰতিটো দিন যেন আমাৰ জীৱনৰ শেষ দিন হয়, এইদৰে ভাবি আমি প্ৰতিদিনে যিহোৱাৰ বিশ্বাসী হৈ থকা উচিত। যদি আমাৰ মৃত্যুও হৈ যায়, তেনেহʼলে আমি এইদৰে কʼব পাৰিম, “মই আপোনাৰ বিশ্বাসী হৈ থাকিলোঁ, চয়তান মিছলীয়া হয় বুলি প্ৰমাণ কৰিলোঁ, আপোনাৰ নাম পবিত্ৰ কৰিলোঁ আৰু আপোনাৰ শাসনক সমৰ্থন কৰিলোঁ।”

“তোমাৰ হাতত মোৰ আত্মা সমৰ্পণ কৰিছোঁ”

১৫. লূক ২৩:৪৬ পদৰ অনুসৰি যীচুৰ কি কথাৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছিল?

১৫ যীচুৱে কি কৈছিল? (লূক ২৩:৪৬ পঢ়ক।) তেওঁ সম্পূৰ্ণ বিশ্বাসেৰে এইদৰে কৈছিল, “হে পিতৃ, তোমাৰ হাতত মোৰ আত্মা সমৰ্পণ কৰিছোঁ।” যীচুৱে জানিছিল যে মৃত্যুৰ পাছত তেওঁ জীৱন লাভ কৰিব নে নকৰিব সেয়া যিহোৱাৰ হাতত আছে। কিন্তু তেওঁৰ সম্পূৰ্ণ বিশ্বাস আছিল যে তেওঁৰ পিতৃয়ে তেওঁক জীয়াই তুলিব।

১৬. পোন্ধৰ বছৰীয়া যʼচোৱাৰপৰা আপুনি কি শিকিলে?

১৬ যীচুৰ কথাৰপৰা আমি কি শিকিব পাৰোঁ? আমাৰ জীৱন বিপদত নাথাকক কিয়, আমি যিকোনো পৰিস্থিতিত যিহোৱাৰ বিশ্বাসী হৈ থকা উচিত। যেতিয়া আমি “সমস্ত মনেৰে সৈতে যিহোৱাত ভাৰসা” কৰিম, তেতিয়াহে আমি বিশ্বাসী হৈ থাকিব পাৰিম। (হিতো. ৩:৫) পোন্ধৰ বছৰীয়া যʼচোৱাৰ উদাহৰণলৈ মন কৰক। তেওঁৰ এক মাৰাত্মক বেমাৰ আছিল। তেওঁ ঈশ্বৰৰ নিয়ম উলংঘন হোৱা চিকিৎসা কৰিবলৈ অস্বীকাৰ কৰিলে। মৃত্যুৰ আগমুহূৰ্তত তেওঁ নিজৰ মাতৃক এইদৰে কৈছিল, “মই যিহোৱাৰ হাতত আছোঁ, তেওঁ মোৰ যত্ন লʼব . . . তেওঁ মোক নিশ্চয় জীৱিত কৰিব। তেওঁ মোৰ হৃদয়ৰ কথা জানে আৰু তেওঁ জানে যে মই তেওঁক কিমান প্ৰেম কৰোঁ।” * আমি নিজকে এইদৰে সুধিব পাৰোঁ, ‘যদি মোৰ বিশ্বাসৰ পৰীক্ষা হয় আৰু মোৰ জীৱন বিপদত পৰে, তেনেহʼলে মই যিহোৱাৰ বিশ্বাসী হৈ থাকিমনে? যিহোৱাই মোক জীৱিত কৰিব বুলি মই সম্পূৰ্ণৰূপে বিশ্বাস কৰিমনে?’

১৭-১৮. যীচুৰ কথাৰপৰা আমি কি কি শিকিলোঁ? (“ যীচুৰ শেষ বাক্যৰপৰা আমি কি শিকিব পাৰোঁ?” নামৰ বক্স পঢ়ক।)

১৭ যীচুৰ শেষ বাক্যৰপৰা আমি বহুতো কথা শিকিলোঁ। আমি আনক ক্ষমা কৰা উচিত আৰু বিশ্বাস কৰা উচিত যে যিহোৱাও আমাক ক্ষমা কৰিব। মণ্ডলীত এনে বহুতো ভাই-ভনী আছে, যিসকলে আমাক সহায় কৰিব বিচাৰে। কিন্তু আমি তেওঁলোকৰপৰা সহায় বিচাৰিলেহে, তেওঁলোকে আমাক সহায় কৰিব পাৰিব। প্ৰতিটো দিন যেন আমাৰ জীৱনৰ শেষ দিন হয়, এইদৰে ভাবি আমি প্ৰতিদিনে যিহোৱাৰ বিশ্বাসী হৈ থকা উচিত। আমি বিশ্বাস কৰা উচিত যে যদি আমাৰ মৃত্যুও হৈ যায়, তেনেহʼলে যিহোৱাই আমাক জীয়াই তুলিব।

১৮ সঁচাকৈ যীচুৰ কথাৰপৰা আমি বহুতো কথা শিকিলোঁ। যদি আমি সেইবোৰ পালন কৰোঁ, তেনেহʼলে যিহোৱাৰ পুত্ৰৰ কথা শুনাৰ দৰে হʼব।—মথি ১৭:৫.

গীত ১২৬ পৰ দি থাকা, শক্তিশালী হোৱা

^ অনু. 5 মথি ১৭:৫ পদত কোৱা হৈছে যে আমি যিহোৱাৰ পুত্ৰৰ কথা শুনাটো তেওঁ বিচাৰে। যেতিয়া যীচুৰ যাতনা স্তম্ভত মৃত্যু হʼবলগীয়া আছিল, তেতিয়া তেওঁ কিছুমান কথা কৈছিল। এই লেখত আমি শিকিম যে আমি তেওঁৰ কথাৰপৰা কি কি শিকিব পাৰোঁ।

^ অনু. 5 অপৰাধীজন স্বৰ্গত জীৱিত হʼব বুলি যীচুৱে কোৱা নাছিল, ইয়াৰ পৰিৱৰ্তে তেওঁ পৃথিৱীত জীৱিত হʼব বুলি কৈছিল।

^ অনু. 9 যীচুৱে গীতমালা ২২:১ পদটো কিয় কৈছিল, ইয়াৰ কাৰণ জানিবলৈ এই প্ৰহৰীদুৰ্গৰ “পাঠকসকলৰ প্ৰশ্ন” নামৰ লেখটো পঢ়ক।

^ অনু. 16 যʼচোৱাৰ বিষয়ে আৰু বেছিকৈ জানিবলৈ জানুৱাৰী ২২, ১৯৯৫ চনৰ সচেতন থাকক! (ইংৰাজী) ১১-১৫ পৃষ্ঠা চাওক।