Skip to content

Skip to table of contents

অধ্যয়নৰ লেখ ২০

প্ৰচাৰ কাম কৰি থাকক

প্ৰচাৰ কাম কৰি থাকক

“তোমাৰ কঠীয়া সিঁচা, আৰু গধূলী পৰতো তোমাৰ হাত কোঁচাই নাৰাখিবা।”—উপ. ১১:৬.

গীত ৭০ যোগ্য লোকসকলক বিচাৰক

লেখৰ এক আভাস *

যীচুৱে স্বৰ্গলৈ যোৱাৰ পাছত, তেওঁৰ শিষ্যসকলে যিৰূচালেম আৰু আন বহুতো ঠাইত উৎসাহেৰে প্ৰচাৰ কৰিছে (অনুচ্ছেদ ১ চাওক)

১. যীচুৱে নিজৰ শিষ্যসকলৰ বাবে কি উদাহৰণ ৰাখিলে? (বেটুপাতত দিয়া ছবিখন চাওক।)

যীচুৱে এই পৃথিৱীত থকাৰ সময়ত প্ৰচাৰ কামত ব্যস্ত আছিল। লোকসকলে যীচুৰ বাৰ্তা এদিন নহয় এদিন শুনিব বুলি তেওঁ আশা কৰিছিল আৰু শিষ্যসকলেও প্ৰচাৰ কাৰ্য্যত ব্যস্ত থকাটো তেওঁ বিচাৰিছিল। (যোহ. ৪:৩৫, ৩৬) যীচুৰ লগত থকাৰ সময়ত শিষ্যসকলে মনে-প্ৰাণে প্ৰচাৰ কাম কৰিছিল। (লূক ১০:১, ৫-১১, ১৭) কিন্তু যীচুক যেতিয়া গ্ৰেপ্তাৰ কৰা হৈছিল আৰু তেওঁক মৃত্যুদণ্ড দিয়া হৈছিল, তেতিয়া শিষ্যসকলৰ উৎসাহ কমি গৈছিল। (যোহ. ১৬:৩২) যীচুৱে জীৱিত হোৱাৰ পাছত শিষ্যসকলক প্ৰচাৰ কৰি থাকিবলৈ উৎসাহিত কৰিছিল। যীচুৱে স্বৰ্গলৈ উভতি যোৱাৰ পাছত শিষ্যসকলে ইমানেই উৎসাহেৰে প্ৰচাৰ কৰিছিল যে তেওঁলোকৰ শত্ৰুসকলে এইদৰে কৈছিল, ‘চোৱা, তোমালোকৰ সেই উপদেশেৰে যিৰূচালেম পূৰ কৰিলা।’—পাঁচ. ৫:২৮.

২. যিহোৱাই প্ৰচাৰ কাৰ্য্যত আশীৰ্বাদ দিছে বুলি আমি কিয় কʼব পাৰোঁ?

প্ৰথম শতিকাত যীচুৰ তত্বাৱধানত প্ৰচাৰ কাম কৰা হৈছিল আৰু যিহোৱাই সেই কামত আশীৰ্বাদ দিছিল। ৩৩ খ্ৰীষ্টাব্দৰ পেন্টাকোষ্টৰ দিনাখন প্ৰায় ৩,০০০ লোকে বাপ্তিষ্মা লৈছিল। (পাঁচ. ২:৪১) ইয়াৰ সংখ্যা দ্ৰুত গতিত বাঢ়িবলৈ ধৰিলে। (পাঁচ. ৬:৭) যীচুৱে ভৱিষ্যতবাণী কৰিছিল যে শেষ-কালত ব্যাপকভাৱে লোকসকলে সত্য গ্ৰহণ কৰিব।—যোহ. ১৪:১২; পাঁচ. ১:৮.

৩-৪. (ক) কিছুমান এলেকাত প্ৰচাৰ কৰাটো কিয় সহজ নহয়? (খ) এই লেখত আমি কিহৰ বিষয়ে আলোচনা কৰিম?

কিছুমান দেশত বহুতোলোকে বাইবেলৰ বিষয়ে শিকিব বিচাৰে, সেইবাবে প্ৰচাৰ কাম কৰিবলৈ সহজ হয়। কেতিয়াবা শিকিবলৈ বিচৰা লোকসকলৰ সংখ্যা ইমানেই বেছি হয় যে তেওঁলোকক অধ্যয়ন কৰিবলৈ আমাৰ ভাই-ভনীসকলৰ সংখ্যা কম হৈ পৰে। কিছুমান দেশত প্ৰচাৰ কৰাটো ইমান সহজ নহয়। কিয়নো লোকসকলক ঘৰত পোৱা নাযায় আৰু তেওঁলোকে আমাৰ বাৰ্তা শুনিব নিবিচাৰে।

যদি আপুনি এনে এলেকাত থাকে যʼত লোকসকলে আপোনাৰ বাৰ্তা নুশুনে, তেনেহʼলে আপুনি কি কৰিব? এই লেখত আমি শিকিম যে কিছুমান ভাই-ভনীয়ে কি কি উপায়েৰে বহুতোলোকক শুভবাৰ্তা জনাব পাৰিলে। আমি এয়াও আলোচনা কৰিম যে আমাৰ বাৰ্তা লোকসকলে শুনক বা নুশুনক আমি কিয় প্ৰচাৰ কাম কৰি থকা উচিত।

লোকসকলক ঘৰত নাপালেও প্ৰচাৰ কাম কৰি থাকক

৫. কিছুমান ভাই-ভনীৰ বাবে প্ৰচাৰ কৰাটো কিয় কঠিন হৈ পৰিছে?

বৰ্তমান সময়ত লোকসকলক লগ কৰা আৰু তেওঁলোকক প্ৰচাৰ কৰাটো বৰ কঠিন হৈ পৰিছে। কিছুমান লোক ডাঙৰ ডাঙৰ পকী ঘৰত থাকে। যদি আমাৰ সেই এলেকাৰ লোকসকলৰ লগত চিনাকী নাই, তেনেহʼলে চকীদাৰে আমাক ভিতৰলৈ যাবলৈ অনুমতি নিদিয়ে। কিছুমান এলেকাত আমি ঘৰে ঘৰে যাব পাৰোঁ, কিন্তু লোকসকল ঘৰত নাথাকে। কিছুমান প্ৰচাৰকে এনে এলেকাত প্ৰচাৰ কৰে, যʼত বহুত কম লোক থাকে। কেৱল এজন ব্যক্তিক লগ কৰিবলৈ তেওঁলোকে বহু দূৰ যাত্ৰা কৰিবলগীয়া হয়। কিন্তু সেই ঠাই পোৱাৰ পাছত ব্যক্তিজনক লগ পোৱা নাযায়। যদি আমি এনে এলেকাত প্ৰচাৰ কৰোঁ, তেনেহʼলে আমি নিৰাশ হোৱা উচিত নহয়। বেছিভাগ লোকক প্ৰচাৰ কৰিবলৈ আমি কি কৰা উচিত?

৬. প্ৰচাৰ কাম মাছমৰীয়াৰ কামৰ দৰে হয় বুলি আমি কিয় কʼব পাৰোঁ?

যীচুৱে কৈছিল যে আমাৰ কাম মাছমৰীয়াৰ কামৰ দৰে হয়। (মাৰ্ক ১:১৭) কিছুদিন পৰিশ্ৰম কৰাৰ পাছতো মাছমৰীয়াই কেতিয়াবা এটাও মাছ ধৰিব নোৱাৰে। তথাপি তেওঁ মাছ ধৰিবলৈ এৰি নিদিয়ে। তেওঁ মাছ ধৰাৰ উপায় বা সময় সলনি কৰে বা আন ঠাইলৈ গৈ মাছ ধৰে। ঠিক এইদৰে আমি প্ৰচাৰ কামতো কৰা উচিত, যাতে বেছিভাগ লোকক শুভবাৰ্তা জনাব পাৰোঁ। এয়া আমি কেনেকৈ কৰিব পাৰোঁ, আহক ইয়াৰ কিছুমান উপায়ৰ বিষয়ে আলোচনা কৰোঁ।

যেতিয়া আমি লোকসকলক ঘৰত লগ নাপাওঁ, তেতিয়া বেলেগ বেলেগ সময়ত বা বেলেগ বেলেগ ঠাইত গৈ প্ৰচাৰ কৰা উচিত বা বেলেগ বেলেগ উপায় ব্যৱহাৰ কৰা উচিত (অনুচ্ছেদ ৭-১০ চাওক)  *

৭. আমি কিয় বেলেগ বেলেগ সময়ত প্ৰচাৰ কৰা উচিত?

আমি বেলেগ বেলেগ সময়ত লোকসকলক লগ কৰিবলৈ চেষ্টা কৰা উচিত। ইয়াৰ এটা কাৰণ হৈছে আমি কেতিয়াবা নহয় কেতিয়াবা লোকসকলক ঘৰত নিশ্চয় লগ পাম। কিছুমান ভাই-ভনীয়ে দুপৰীয়া বা সন্ধিয়াৰ সময়ত প্ৰচাৰ কৰে। তেওঁলোকে মন কৰিলে যে সেই সময়ত বেছিভাগ লোক ঘৰত থাকে আৰু তেওঁলোকৰ লগত কথা পাতিব পাৰে। সেইবাবে, তেওঁলোকে ভাই-ভনীসকলৰ কথা মনোযোগেৰে শুনে। আমি ডেভিদ নামৰ প্ৰাচীনৰ উপায়ো ব্যৱহাৰ কৰিব পাৰোঁ। কিছু সময় প্ৰচাৰ কৰাৰ পাছত তেওঁ আৰু তেওঁৰ সংগীয়ে প্ৰথমে বন্ধ থকা ঘৰবোৰলৈ পুনৰ যায়। তেওঁ লক্ষ্য কৰিলে যে সেই ঘৰবোৰলৈ পুনৰ গʼলে কাৰোবাক নহয় কাৰোবাক নিশ্চয় লগ পোৱা যায়। *

যেতিয়া আমি লোকসকলক ঘৰত লগ নাপাওঁ, তেতিয়া বেলেগ বেলেগ সময়ত তেওঁলোকক লগ কৰিবলৈ চেষ্টা কৰা উচিত। (অনুচ্ছেদ ৭-৮ চাওক)

৮. উপদেশক ১১:৬ পদত দিয়া পৰামৰ্শটো আমি প্ৰচাৰ কামত কেনেকৈ পালন কৰিব পাৰোঁ?

এই লেখৰ মুখ্য পদত শিকিলোঁ যে আমি হাৰ মনা উচিত নহয়, আমি প্ৰচাৰ কৰি থকা উচিত। (উপদেশক ১১:৬ পঢ়ক।) ভাই ডেভিদে ঠিক এইদৰেই কৰিলে। তেওঁ এজন ব্যক্তিক লগ কৰিবলৈ বাৰে বাৰে তেওঁৰ ঘৰলৈ গৈছিল, কিন্তু তেওঁক লগ পোৱা নাছিল। অৱশেষত, যেতিয়া তেওঁক লগ পালে, তেতিয়া তেওঁ ডেভিদৰ কথা মনোযোগেৰে শুনিলে আৰু বাইবেলৰ বিষয়ে শিকিবলৈ বিচাৰিলে। ব্যক্তিজনে এইদৰে কৈছিল, “মই আঠ বছৰৰপৰা ইয়াত আছোঁ, কিন্তু কেতিয়াও কোনো যিহোৱাৰ সাক্ষীক লগ পোৱা নাই।” ডেভিদে এইদৰে কৈছে, “মই দেখিলোঁ যে ইমান চেষ্টাৰ পাছত যেতিয়া কোনো এজন ব্যক্তিক লগ পাওঁ, তেতিয়া তেওঁ আমাৰ কথা শুনিবলৈ সাজু থাকে।”

যেতিয়া আমি লোকসকলক ঘৰত লগ নাপাওঁ, তেতিয়া বেলেগ বেলেগ ঠাইত তেওঁলোকক লগ কৰিবলৈ চেষ্টা কৰা উচিত। (অনুচ্ছেদ ৯ চাওক)

৯. যিসকল লোকক লগ পোৱাটো কঠিন হয়, তেওঁলোকক সাক্ষ্য দিবলৈ কিছুমান প্ৰচাৰকে কি কৰে?

আমি বেলেগ বেলেগ ঠাইলৈ গৈ প্ৰচাৰ কৰা উচিত। যিসকল লোকক ঘৰত লগ পোৱা নাযায়, তেওঁলোকক প্ৰচাৰ কৰিবলৈ কিছুমান প্ৰচাৰকে বেলেগ বেলেগ ঠাইত গৈ প্ৰচাৰ কৰে। উদাহৰণস্বৰূপে, যিসকল লোক ডাঙৰ ডাঙৰ পকী ঘৰত থাকে বা এনে ঠাইত থাকে যʼত যাবলৈ অনুমতি দিয়া নহয়, তেওঁলোকক লগ কৰিবলৈ প্ৰচাৰকসকলে ৰাস্তাত সাক্ষ্য দিয়ে বা কাৰ্ট লগায়। পৰিণামস্বৰূপে, তেওঁলোকে বহুতোলোকৰ লগত মুখা-মুখিকৈ কথা পাতিব পাৰিছে। আন কিছুমান প্ৰচাকৰে পাৰ্কত, দুকানত আৰু ব্যৱসায় এলেকাত প্ৰচাৰ কৰে। যাৰ বাবে বহুতোলোকে তেওঁলোকৰ লগত ভালদৰে কথা পাতে আৰু তেওঁলোকৰপৰা পত্ৰিকাবোৰ লয়। বলিভিয়াৰ এজন চাৰ্কিট ওভাৰচিয়াৰ ফ্লʼৰাণে এইদৰে কৈছে, “আমি দুপৰীয়া একৰপৰা তিনি বজালৈকে দুকানবোৰত প্ৰচাৰ কৰোঁ। কিয়নো সেই সময়ত দুকানীসকলে ইমান ব্যস্ত নাথাকে। সেইবাবে, তেওঁলোকৰ লগত ভালদৰে কথা পাতিব পাৰোঁ আৰু বহুতে অধ্যয়নো আৰম্ভ কৰিলে।”

যেতিয়া আমি লোকসকলক ঘৰত লগ নাপাওঁ, তেতিয়া বেলেগ বেলেগ উপায় ব্যৱহাৰ কৰা উচিত। (অনুচ্ছেদ ১০ চাওক)

১০. লোকসকলক সাক্ষ্য দিবলৈ আমি কি কি উপায় ব্যৱহাৰ কৰা উচিত?

১০ আমি বেলেগ বেলেগ উপায় ব্যৱহাৰ কৰা উচিত। ধৰি লওক, আমি কাৰোবাক লগ কৰিবলৈ বাৰে বাৰে চেষ্টা কৰি আছোঁ, বেলেগ বেলেগ সময়ত তেওঁৰ ঘৰলৈ যাওঁ, তথাপি তেওঁক লগ পোৱা নাই। এনে পৰিস্থিতিত আমি কি কৰিব পাৰোঁ? ভনী কাটাৰিণাই এইদৰে কৈছে, “যিসকল লোকক ঘৰত লগ নাপাওঁ, তেওঁলোকলৈ মই চিঠি লিখোঁ। তেওঁলোকক লগ পালে মই যিবোৰ বিষয়ে কথা পাতিম বুলি ভাবোঁ, সেই কথাবোৰ মই চিঠিত লিখোঁ।” ভনী কাটাৰিণাৰপৰা আমি শিকোঁ যে লোকসকলক সাক্ষ্য দিবলৈ আমি সকলো ধৰণৰ কৌশল ব্যৱহাৰ কৰা উচিত।

লোকসকলে নুশুনিলেও প্ৰচাৰ কৰি থাকক

১১. কিছুমান লোকে আমাৰ বাৰ্তা কিয় নুশুনে?

১১ পৃথিৱীত ইমান দুখ-কষ্ট দেখি কিছুমান লোকে ঈশ্বৰৰ ওপৰত বিশ্বাস কৰিবলৈ এৰি দিছে। যি ধৰ্ম গুৰুৱে বাইবেলৰপৰা শিকাও বুলি কয়, তেওঁ নিজেই বেয়া কাম কৰে। সেইবাবে, কিছুমান লোকে বাইবেলৰ বিষয়ে জানিবলৈ নিবিচাৰে। কিছুমান লোকে নিজৰ পৰিয়াল, চাকৰি আৰু আন চিন্তাবোৰত ডুব গৈছে আৰু বাইবেলৰপৰা সহায় লাভ কৰিব পাৰি বুলি তেওঁলোকে নাভাবে। এইবোৰ কাৰণৰ বাবে হয়তো লোকসকলে আমাৰ বাৰ্তা নুশুনে। কিন্তু এনে পৰিস্থিতিত আমি আনন্দেৰে কেনেকৈ প্ৰচাৰ কৰি থাকিব পাৰোঁ?

১২. ফিলিপীয়া ২:৪ পদত দিয়া পৰামৰ্শটো আমি প্ৰচাৰ কাৰ্য্যত কেনেকৈ পালন কৰিব পাৰোঁ?

১২ আমি লোকসকলৰ বিষয়ে চিন্তা কৰা উচিত। আৰম্ভণিতে কিছুমান লোকে আমাৰ বাৰ্তা শুনিবলৈ বিচৰা নাছিল। কিন্তু তেওঁলোকে যেতিয়া দেখিলে যে আমি তেওঁলোকৰ বিষয়ে চিন্তা কৰোঁ, তেতিয়া তেওঁলোকে আমাৰ কথা মনোযোগেৰে শুনিলে। (ফিলিপীয়া ২:৪ পঢ়ক।) ভাই ডেভিদ যাৰ বিষয়ে ওপৰত উল্লেখ কৰা হৈছে, তেওঁ এইদৰে কৈছে, “যেতিয়া কোনোবাই আমাৰ কথা শুনিবলৈ নিবিচাৰে, তেতিয়া আমি নিজৰ বাইবেল আৰু পত্ৰিকাবোৰ বেগত সুমুৱাই দিওঁ আৰু তেওঁলোকে এইদৰে কিয় কৈছে জানিবলৈ চেষ্টা কৰোঁ।” আমি লোকসকলৰ লগত কি কথা পাতিলোঁ, সেয়া তেওঁলোকৰ মনত নাথাকে। কিন্তু আমি তেওঁলোকৰ লগত কেনেকৈ কথা পাতিলোঁ, সেয়া তেওঁলোকৰ মনত থাকে। লোকসকলে আমাৰ অংগি-ভংগিৰপৰা বুজিব পাৰে যে আমি তেওঁলোকৰ বিষয়ে চিন্তা কৰোঁ নে নকৰোঁ। সেইবাবে, যদিও লোকসকলে আমাৰ বাৰ্তা নুশুনে, তথাপি আমি তেওঁলোকৰ লগত ভালদৰে ব্যৱহাৰ কৰা উচিত।

১৩. আমি লোকসকলৰ লগত কি কি বিষয়ত কথা পতা উচিত, যাতে তেওঁলোকে আমাৰ কথা শুনে?

১৩ আমি লোকসকলৰ প্ৰয়োজনীয়তা, পৰিস্থিতি আৰু আগ্ৰহৰ অনুসৰি কথা পতা উচিত। ধৰি লওক, আমি এনে এখন ঘৰলৈ গৈছোঁ, যʼত বহুতো খেলা বস্তু আছে। ইয়াৰ অৰ্থ হৈছে সেই ঘৰখনত লʼৰা-ছোৱালী আছে। হয়তো সেই ঘৰখনত পিতৃ-মাতৃয়ে লʼৰা-ছোৱালীক কেনেকৈ ডাঙৰ-দীঘল কৰিব পাৰি তাৰ বিষয়ে কথা পাতিবলৈ আগ্ৰহী হʼব বা তেওঁলোকৰ পৰিয়াল কেনেকৈ আনন্দিত হʼব পাৰে তাৰ বিষয়ে জানিবলৈ বিচাৰে। যদি কোনো এখন ঘৰত বহুতো তলা দেখিবলৈ পোৱা যায়, তেনেহʼলে আমি সেই ঘৰখনত অপৰাধ আৰু সুৰক্ষাৰ বিষয়ে কথা পাতিব পাৰোঁ। আমি তেওঁলোকক কʼব পাৰোঁ যে অতি সোনকালে অপৰাধ নাইকিয়া হʼব। লোকসকলে যি বিষয়ৰ প্ৰতি আগ্ৰহী সেই বিষয়ে প্ৰতিবাৰে যদি আমি কথা পাতোঁ, তেনেহʼলে আমি বুজাব পাৰিম যে বাইবেলৰ পৰামৰ্শ কেনেকৈ তেওঁৰ বাবে লাভদায়ক হয়। ভনী কাটাৰিণা যাৰ বিষয়ে ওপৰত উল্লেখ কৰা হৈছে তাই মনত পেলায় যে বাইবেলে কেনেকৈ তাইৰ জীৱন সলনি কৰিলে। সেইবাবে, প্ৰচাৰত তাই লোকসকলৰ লগত কথা পতাৰ সময়ত সম্পূৰ্ণ বিশ্বাসেৰে সাক্ষ্য দিয়ে আৰু লোকসকলেও তাইৰ কথা শুনে।

১৪. হিতোপদেশ ২৭:১৭ পদৰ অনুসৰি প্ৰচাৰ কৰাৰ সময়ত ভাই-ভনীসকলে এজনে-আনজনক কেনেকৈ সহায় কৰিব পাৰে?

১৪ আমি আনৰপৰা সহায় লোৱা উচিত। প্ৰথম শতিকাত তীমথিয়ই পৌলৰপৰা প্ৰচাৰ কৰিবলৈ শিকিছিল। পৌলে তীমথিয়ক উৎসাহিত কৰিছিল যাতে তেৱোঁ আনক এইদৰে প্ৰচাৰ কৰিবলৈ শিকায়। (১ কৰি. ৪:১৭) তীমথিয়ৰ দৰে আমিও আমাৰ মণ্ডলীৰ অভিজ্ঞ প্ৰচাৰকসকলৰপৰা শিকা উচিত। (হিতোপদেশ ২৭:১৭ পঢ়ক।) এজন অগ্ৰগামী সেৱক ভাই চʼনে ঠিক এইদৰেই কৰিলে। তেওঁ কিছুসময়ৰ বাবে দূৰ-দূৰণিৰ এলেকালৈ প্ৰচাৰ কৰিবলৈ গৈছিল। কিন্তু সেই ঠাইৰ বেছিভাগ লোকে শুনিবলৈ বিচৰা নাছিল, কিয়নো তেওঁলোকে নিজৰ ধৰ্মতে আনন্দিত আছিল। এনে পৰিস্থিতিত ভায়ে নিজৰ আনন্দ কেনেকৈ বজাই ৰাখিব পাৰিলে? তেওঁ এইদৰে কৈছে, “যেতিয়া মই নিজৰ সংগীৰ লগত প্ৰচাৰ কৰিছিলোঁ, তেতিয়া আমি এখন ঘৰৰপৰা আন এখন ঘৰলৈ যোৱাৰ সময়ত, সেই ঘৰৰ ব্যক্তিজনে আমাক কি সুধিছিল বা কি কৈছিল আৰু আমি তেওঁক কি উত্তৰ দিলোঁ তাৰ বিষয়ে কথা পাতিছিলোঁ। আন এখন ঘৰৰ এজন ব্যক্তিয়ে এইদৰেই প্ৰশ্ন সুধিলে আমি তেওঁক আৰু ভালদৰে কেনেকৈ উত্তৰ দিব পাৰোঁ তাৰ বিষয়েও কথা পাতিছিলোঁ। এইদৰে আমি এজনে-আনজনৰ লগত কথা পাতি আমি নিজৰ দক্ষতা বঢ়াব পাৰিলোঁ।”

১৫. প্ৰচাৰলৈ যোৱাৰ আগতে প্ৰাৰ্থনা কৰাটো কিয় অতি প্ৰয়োজন?

১৫ আমি সহায় বিচাৰি যিহোৱালৈ প্ৰাৰ্থনা কৰা উচিত। প্ৰতিবাৰে যেতিয়া আমি প্ৰচাৰলৈ যাওঁ, তেতিয়া আমি সহায় বিচাৰি যিহোৱালৈ প্ৰাৰ্থনা কৰা উচিত। তেওঁৰ পবিত্ৰ আত্মাৰ অবিহনে আমি একো কৰিব নোৱাৰোঁ। (গীত. ১২৭:১; লূক ১১:১৩) আমাৰ ইচ্ছা কি, তাৰ বিষয়ে আমি স্পষ্টকৈ যিহোৱাক জনোৱা উচিত। উদাহৰণস্বৰূপে, আমি প্ৰাৰ্থনা কৰিব পাৰোঁ যে তেওঁ আমাক এনে এজন ব্যক্তিক লগ কৰিবলৈ সহায় কৰে, যিজনে যিহোৱাৰ বিষয়ে শুনিব বিচাৰে আৰু তেওঁৰ বিষয়ে শিকিব বিচাৰে। তাৰ পাছত আমি যিদৰে প্ৰাৰ্থনা কৰিলোঁ, সেই অনুসৰি কাম কৰা উচিত। অৰ্থাৎ আমি যাকেই লগ পাওঁ, তেওঁক প্ৰচাৰ কৰা উচিত।

১৬. ভালদৰে প্ৰচাৰ কৰিবলৈ ব্যক্তিগত অধ্যয়ন কৰাৰ কিয় প্ৰয়োজন?

১৬ আমি ব্যক্তিগত অধ্যয়নৰ বাবে সময় উলিওৱা উচিত। ঈশ্বৰৰ বাক্যত এইদৰে লিখা আছে, ‘ঈশ্বৰৰ ইচ্ছা, অৰ্থাৎ উত্তম, গ্ৰহণীয়, আৰু সিদ্ধ কি, তাক পৰীক্ষা কৰি জানিবলৈ’ চেষ্টা কৰা। (ৰোম. ১২:২) এয়াই সত্য হয় বুলি আমাৰ যিমানেই বিশ্বাস হʼব, সিমানেই বিশ্বাসেৰে আমি প্ৰচাৰ কৰিব পাৰিম। ভনী কাটাৰিণা যাৰ বিষয়ে ওপৰত উল্লেখ কৰা হৈছে, তাই এইদৰে কৈছে, “কিছুসময়ৰ আগতে মই অনুভৱ কৰিলোঁ যে বাইবেলৰ কিছুমান শিক্ষাৰ বিষয়ে মই নিজৰ বিশ্বাস মজবুত কৰা উচিত। সেইবাবে, মই সেই প্ৰমাণবোৰ গভীৰভাৱে অধ্যয়ন কৰিলোঁ, যাৰপৰা বুজিব পাৰি যে এজন সৃষ্টিকৰ্তা আছে, বাইবেল ঈশ্বৰৰ বাক্য হয় আৰু আজি তেওঁৰ এক সংগঠন আছে, যাক তেওঁ চলাই আছে।” ভনী কাটাৰিণাই কয় যে তাই যিমানেই ব্যক্তিগত অধ্যয়ন কৰিলে, সিমানেই তাইৰ বিশ্বাস মজবুত হʼল আৰু প্ৰচাৰ কামত তাইৰ আনন্দ বাঢ়িবলৈ ধৰিলে।

প্ৰচাৰ কাম কৰি থকাটো কিয় প্ৰয়োজন?

১৭. যীচুৱে কিয় প্ৰচাৰ কৰি থাকিল?

১৭ যীচুৱে যেতিয়া প্ৰচাৰ কৰিছিল, তেতিয়া কিছুমান লোকে তেওঁৰ কথা শুনা নাছিল। তথাপি যীচুৱে হাৰ মনা নাছিল। তেওঁ প্ৰচাৰ কৰি থাকিল। লোকসকলে সত্য জনাটো অতি প্ৰয়োজন বুলি যীচুৱে জানিছিল। সেইবাবে, তেওঁ বেছিভাগ লোকক ঈশ্বৰৰ ৰাজ্যৰ বিষয়ে জনাব বিচাৰিছিল। তেওঁ এয়াও জানিছিল যে যদিও লোকসকলে তেওঁৰ কথা শুনা নাই, কিন্তু আগলৈ গৈ লোকসকলে তেওঁৰ বাৰ্তা নিশ্চিয় শুনিব। তেওঁৰ পৰিয়ালৰ লোকসকলৰ উদাহৰণলৈ মন কৰক। যীচুৱে পৃথিৱীত চাৰে তিনি বছৰ সেৱা কৰিছিল, কিন্তু তেওঁৰ ভাইসকলে তেওঁৰ ওপৰত বিশ্বাস কৰা নাছিল। (যোহ. ৭:৫) কিন্তু পাছত যেতিয়া যীচুক জীৱিত কৰা হʼল, তেতিয়া তেওঁৰ ভাইসকলে তেওঁৰ ওপৰত বিশ্বাস কৰিলে আৰু খ্ৰীষ্টান হʼল।—পাঁচ. ১:১৪.

১৮. আমি প্ৰচাৰ কাম কৰিবলৈ কিয় এৰি নিদিওঁ?

১৮ আমি নাজানোঁ যে আগলৈ গৈ কোনে সত্য শিকিব আৰু যিহোৱাৰ সেৱক হʼব। সেইবাবে, আমি প্ৰচাৰ কাম কৰি থকা উচিত। কিছুমান লোকক সত্য শিকিবলৈ বেছি সময় লাগে। আনহাতে , কিছুমান লোকে আৰম্ভণিতে আমাৰ বাৰ্তা শুনিবলৈ নিবিচাৰে, কিন্তু পাছত আমাৰ ভাল আচাৰ-ব্যৱহাৰ দেখি “ঈশ্বৰৰ স্তুতি” কৰিবলৈ ধৰে।—১ পিত. ২:১২.

১৯. প্ৰথম কৰিন্থীয়া ৩:৬, ৭ পদৰ অনুসৰি আমি কি কথা মনত ৰখা উচিত?

১৯ আমি প্ৰচাৰ কৰিবলৈ আৰু শিকাবলৈ বহুত পৰিশ্ৰম কৰোঁ, কিন্তু আমাৰ পৰিশ্ৰমৰ ফল তেতিয়াহে লাভ কৰিম, যেতিয়া যিহোৱাই তাৰ ওপৰত আশীৰ্বাদ কৰিব। (১ কৰিন্থীয়া ৩:৬, ৭ পঢ়ক।) ইথিউপিয়াৰ ভাই গেতুহনে এইদৰে কৈছে, “আমাৰ এলেকাত মই অকলেই সাক্ষী আছিলোঁ আৰু ২০ বছৰৰপৰা ইয়াত প্ৰচাৰ কৰি আছিলোঁ। তাৰ পাছত ১৩ জন লোকে বাপ্তিষ্মা লʼলে, ইয়াৰ ভিতৰত মোৰ পত্নী আৰু তিনিজন লʼৰা-ছোৱালীও আছে। এতিয়া ইয়াত ১৪ জন প্ৰচাৰক আছে আৰু প্ৰায় ৩২ জন লোকে সভালৈ আহে।” গেতুহনে আনন্দিত আছে কিয়নো যিহোৱাই নম্ৰ লোকসকলক নিজৰ ফালে আকৰ্ষিত নকৰালৈকে তেওঁ ধৈৰ্য্য ধৰি প্ৰচাৰ কৰি থাকিল।—যোহ. ৬:৪৪.

২০. প্ৰচাৰ কামৰ তুলনা কি কামৰ লগত কৰিব পাৰি?

২০ যিহোৱাই প্ৰতিজন ব্যক্তিৰ জীৱন মূল্যৱান বুলি গণ্য কৰে। তেওঁ আমাক যীচুৰ লগত কাম কৰাৰ সন্মান দিছে, যাতে জগতখন শেষ হোৱাৰ আগতে সকলো ৰাষ্ট্ৰৰ লোকসকলৰ জীৱন ৰক্ষা পৰে। (হগ্‌. ২:৭) ধৰি লওক, কয়লা খনিত লোকসকল আৱদ্ধ হৈ আছে আৰু তেওঁলোকক ৰক্ষা কৰাৰ কাম আমাক দিয়া হৈছে। হয়তো কয়লা খনিৰপৰা কিছুমান লোকৰহে জীৱন ৰক্ষা পৰিব। কিন্তু তেওঁলোকক ৰক্ষা কৰিবলৈ আমি যি পৰিশ্ৰম কৰিলোঁ, সেয়া অতি গুৰুত্বপূৰ্ণ। আমাৰ প্ৰচাৰ কামো ঠিক এইদৰেই হয়। জগতৰ শেষ হোৱাৰ আগতে আৰু কিমান লোকৰ জীৱন ৰক্ষা পৰিব আমি নাজানোঁ। কিন্তু আমি জানোঁ যে তেওঁলোকৰ জীৱন ৰক্ষা কৰিবলৈ যিহোৱাই আমাৰ মাজৰ যিকোনো ব্যক্তিক ব্যৱহাৰ কৰিব পাৰে। বলিভিয়াৰ ভাই আন্দ্ৰিয়াছে এইদৰে কৈছে, “যেতিয়া এজন ব্যক্তিয়ে সত্য শিকি বাপ্তিষ্মা লয়, তেতিয়া ইয়াৰ আঁৰত বহুতোলোকৰ পৰিশ্ৰম থাকে।” আমিও এনেধৰণৰ চিন্তাধাৰা গ্ৰহণ কৰা উচিত আৰু প্ৰচাৰ কাম কৰি থকা উচিত। যেতিয়া আমি প্ৰচাৰ কাম কৰি থাকোঁ, তেতিয়া যিহোৱাই আমাৰ কামৰ ওপৰত আশীৰ্বাদ দিয়ে আৰু আমি আনন্দ লাভ কৰোঁ।

গীত ৬৬ শুভবাৰ্তা ঘোষণা কৰক

^ অনু. 5 যেতিয়া আমি ঘৰে-ঘৰে প্ৰচাৰ কৰাৰ সময়ত লোকসকলক ঘৰত লগ নাপাওঁ বা লোকসকলে আমাৰ বাৰ্তা নুশুনে, তেতিয়াও আমি নিৰুৎসাহ হোৱা উচিত নহয় আৰু আমি প্ৰচাৰ কৰি থকা উচিত। এইদৰে আমি কেনেকৈ কৰিব পাৰোঁ? এই লেখত ইয়াৰ কিছুমান উপায় কোৱা হৈছে।

^ অনু. 7 এই লেখত দিয়া উপায়বোৰ ব্যৱহাৰ কৰাৰ সময়ত আমি নিজৰ দেশৰ ডাটা প্ৰটেক্টচন নিয়মৰ প্ৰতিও ধ্যান দিয়া উচিত।

^ অনু. 60 ছবিৰ বিষয়ে: (ওপৰৰপৰা তললৈকে): এহাল দম্পতীয়ে এনে এলেকাত প্ৰচাৰ কৰিছে, যʼত বেছিভাগ লোক ঘৰত নাথাকে। প্ৰথম ঘৰখনৰ ব্যক্তিজন কামত আছে, দ্বিতীয় ঘৰৰ তিৰোতাগৰাকীয়ে ডাক্তৰৰ ওচৰলৈ গৈছে আৰু তৃতীয় ঘৰৰ তিৰোতাগৰাকীয়ে বজাৰ কৰিছে। সেই দম্পতীয়ে প্ৰথম ঘৰৰ ব্যক্তিজনক লগ কৰিবলৈ গধূলি যায়। তেওঁলোকে মেডিকেলৰ ওচৰত ৰাজহুৱাভাবে সাক্ষ্য দিয়াৰ সময়ত দ্বিতীয় ঘৰৰ তিৰোতাগৰাকীক লগ পায় আৰু তেওঁলোকে তৃতীয় ঘৰৰ তিৰোতাগৰাকীৰ লগত ফোনৰ যোগেদি কথা পাতে।