Skip to content

Skip to table of contents

অধ্যয়নৰ লেখ ২২

আপোনাৰ বিদ্যাৰ্থীক বাপ্তিষ্মা লʼবলৈ সহায় কৰক

আপোনাৰ বিদ্যাৰ্থীক বাপ্তিষ্মা লʼবলৈ সহায় কৰক

‘তোমালোক প্ৰতিজন বাপ্তাইজিত হোৱা’—পাঁচ. ২:৩৮.

গীত ৭২ ঈশ্বৰৰ ৰাজ্যৰ সত্যতা জনোৱা

লেখৰ এক আভাস *

১. যিৰুচালেমত গোট খোৱা লোকসলক কি কৰিবলৈ কোৱা হৈছিল?

বিভিন্ন দেশৰপৰা অহা লোকসকলে যিৰুচালেমত গোট খাইছিল আৰু হঠাতে যিহূদীসকলে তেওঁলোকৰ ভাষাত কথা কʼবলৈ ধৰিলে। এয়া দেখি তেওঁলোক আচৰিত হʼল। কিন্তু যিহূদীসকলৰ বাৰ্তা শুনি তেওঁলোক আৰু বেছি আচৰিত হʼল। পিতৰে তেওঁলোকক কʼলে যে যদি তেওঁলোকে উদ্ধাৰ পাব বিচাৰে, তেনেহʼলে তেওঁলোকে যীচুৰ ওপৰত বিশ্বাস কৰিব লাগিব। তেতিয়া তেওঁলোকে সুধিলে, “আমি কি কৰিম?” পিতৰে এইদৰে কʼলে, ‘তোমালোক প্ৰতিজন বাপ্তাইজিত হোৱা।’—পাঁচ. ২:৩৭, ৩৮.

এজন ভায়ে নিজৰ পত্নীৰ লগত এজন ডেকা লʼৰাৰ বাইবেল অধ্যয়ন কৰি আছে। তেওঁৰ হাতত দুখ-কষ্ট নথকা এক অনন্ত জীৱন! নামৰ কিতাপখন আছে (২ অনুচ্ছেদ চাওক)

২. এই লেখত আমি কিহৰ বিষয়ে আলোচনা কৰিম? (বেটুপাতত দিয়া ছবিখন চাওক।)

সেই ঘটনাৰ পাছত একে দিনাখন প্ৰায় ৩,০০০ লোকে বাপ্তিষ্মা লৈছিল আৰু তেতিয়াৰেপৰা আজিলৈকে প্ৰচাৰ কাম ব্যাপকৰূপে হৈ আছে। কিন্তু সেইসময়ৰ দৰে আজি একে দিনাখনে বাপ্তিষ্মা লোৱাটো সম্ভৱ নহয়। কিয়নো ইয়াৰ বাবে মাহ, বছৰ বা তাতকৈ বেছি সময়ৰ প্ৰয়োজন হয়। শিষ্য বনোৱা কামত কঠিন পৰিশ্ৰম কৰিবলগীয়া হয়। যদি আপুনি কাৰোবাক বাইবেল অধ্যয়ন কৰিছে, তেনেহʼলে এই কথা ভালদৰে বুজি পাব। এই লেখত আমি আলোচনা কৰিম যে বিদ্যাৰ্থীক বাপ্তিষ্মা লʼবলৈ আমি কেনেকৈ সহায় কৰিব পাৰোঁ।

বিদ্যাৰ্থীক শিকা কথাবোৰ পালন কৰিবলৈ শিকাওক

৩. মথি ২৮:১৯, ২০ পদৰ অনুসৰি বিদ্যাৰ্থীয়ে বাপ্তিষ্মা লʼবলৈ কি কৰা উচিত?

এজন বিদ্যাৰ্থীয়ে শিকা কথাবোৰ পালন কৰিলেহে, তেওঁ বাপ্তিষ্মা লʼব পাৰিব। (মথি ২৮: ১৯, ২০ পঢ়ক।) এইদৰে কৰিলে তেওঁ যীচুৱে কোৱা “বুদ্ধিমান মানুহৰ” দৰে হʼব, যিজনে নিজৰ ঘৰ নিৰ্মাণ কৰিবলৈ মাটিৰ দ কৈ খান্দে আৰু ঘৰৰ মূৰ শিলৰ ওপৰত স্থাপন কৰে। (মথি ৭:২৪, ২৫; লূক ৬:৪৭, ৪৮) কিন্তু এতিয়া প্ৰশ্ন হৈছে আমি বিদ্যাৰ্থীক শিকা কথাবোৰ পালন কৰিবলৈ কেনেকৈ সহায় কৰিব পাৰোঁ? আহক ইয়াৰ তিনিটা উপায় চাওঁ।

৪. বিদ্যাৰ্থীয়ে বাপ্তিষ্মাৰ যোগ্য হʼবলৈ আমি কি কৰিব পাৰোঁ? (“ বিদ্যাৰ্থীক লক্ষ্য ৰাখি তাক পাবলৈ শিকাওক” নামৰ বক্স পঢ়ক।)

বিদ্যাৰ্থীক লক্ষ্য ৰাখিবলৈ শিকাওক। এয়া কিয় প্ৰয়োজন? আহক ইয়াক বুজিবলৈ এটা উদাহৰণলৈ মন কৰোঁ। ধৰি লওক, আপুনি দীঘলীয়া যাত্ৰা কৰি আছে। যদি আপুনি একেৰাহে যাত্ৰা কৰি থাকে, তেনেহʼলে আপুনি ভাগৰি পৰিব। কিন্তু আপুনি যদি মাজে-সময়ে ৰৈ মনোমোহা দৃশ্যবোৰ চায়, তেনেহʼলে আপুনি ভাগৰি নপৰিব আৰু যাত্ৰা কৰি ভাল লাগিব। ঠিক সেইদৰে বিদ্যাৰ্থীয়ে যদি সৰু-সুৰা লক্ষ্য ৰাখে আৰু তাক পায়, তেনেহʼলে বাপ্তিষ্মাৰ লক্ষ্য পাবলৈ তেওঁৰ বাবে সহজ হৈ পৰিব। যদি আপুনি বিচাৰে তেনেহʼলে বিদ্যাৰ্থীৰ লগত দুখ-কষ্ট নথকা এক অনন্ত জীৱন! নামৰ কিতাপখনৰ “লক্ষ্য” ভাগটো আলোচনা কৰিব পাৰে। এই কিতাপখনৰ প্ৰতিটো পাঠত কমেও এটা লক্ষ্য দিয়া হৈছে। বিদ্যাৰ্থীয়ে শিকা কথাবোৰ পালন কৰাৰ যোগেদি কেনেকৈ সেই লক্ষ্য পাব পাৰে, তাৰ বিষয়েও আমি বিদ্যাৰ্থীৰ লগত আলোচনা কৰিব পাৰোঁ। যদি আমি বিদ্যাৰ্থীৰ বাবে আন কিবা লক্ষ্যৰ বিষয়ে ভাবিছোঁ, তেনেহʼলে সেই পাঠৰ তলত “আন কিছুমান লক্ষ্য” ভাগৰ তলত লিখিব পাৰোঁ। বিদ্যাৰ্থীয়ে সেই লক্ষ্য পাবলৈ কি কৰিছে তাৰ বিষয়ে জানিবলৈ মাজে-সময়ে চেষ্টা কৰিব পাৰোঁ।

৫. মাৰ্ক ১০:১৭-২২ পদৰ অনুসৰি যীচুৱে ধনী ব্যক্তিজনক কি কৰিবলৈ কৈছিল আৰু কিয়?

বিদ্যাৰ্থীক নিজৰ জীৱনত পৰিৱৰ্তন কৰিবলৈ শিকাওক। (মাৰ্ক ১০:১৭-২২ পঢ়ক।) যীচুৱে জানিছিল যে সেই ধনী ব্যক্তিজনৰ বাবে নিজৰ সা-সম্পত্তি বিক্ৰী কৰি তেওঁৰ শিষ্য হোৱাটো ইমান সহজ নাছিল। (মাৰ্ক ১০:২৩) তথাপি যীচুৱে তেওঁক জীৱনত পৰিৱৰ্তন কৰিবলৈ কʼলে। কিয়নো যীচুৱে তেওঁক প্ৰেম কৰিছিল। আমি হয়তো ভাবিব পাৰোঁ যে আমাৰ বিদ্যাৰ্থীয়ে পৰিৱৰ্তন কৰিবলৈ সাজু নহয়। সেইবাবে, আমি তেওঁক ইয়াৰ বিষয়ে নকʼবও পাৰোঁ। কিন্তু বিদ্যাৰ্থীৰ বেয়া অভ্যাসবোৰ এৰিবলৈ আৰু নতুন পুৰুষক পিন্ধিবলৈ অৰ্থাৎ নিজৰ ব্যক্তিত্বক সলনি কৰিবলৈ সময়ৰ প্ৰয়োজন হয়। (কল. ৩:৯, ১০) ইয়াৰ বিষয়ে আমি বিদ্যাৰ্থীক যিমান সোনকালে জনাওঁ, সিমান সোনকালে তেওঁ নিজকে সলনি কৰিব। এনে কৰাৰ যোগেদি আমি বিদ্যাৰ্থীক প্ৰেম কৰোঁ আৰু তেওঁৰ যত্ন লওঁ।—গীত. ১৪১:৫; হিতো. ২৭:১৭.

৬. আমি নিজৰ বিদ্যাৰ্থীক কিয় প্ৰশ্ন সোধা উচিত?

বিদ্যাৰ্থীয়ে শিকা কথাবোৰৰ বিষয়ে কি ভাবে আৰু সেইবোৰ তেওঁ বুজি পাইছে নে নাই, তাক জানিবলৈ আমি তেওঁক প্ৰশ্ন সুধিব পাৰোঁ। যদি আমি বিদ্যাৰ্থীক প্ৰশ্ন সুধোঁ, তেনেহʼলে কি কি কথা পালন কৰিবলৈ তেওঁৰ বাবে কঠিন হয়, তাৰ বিষয়ে আমি জানিব পাৰোঁ। পাছত তেওঁক সেই বিষয়ে বুজাবলৈ সহজ হʼব। দুখ-কষ্ট নথকা এক অনন্ত জীৱন! নামৰ কিতাপখনত বহুতো প্ৰশ্ন দিয়া হৈছে। যেনে, পাঠ ০৪ ত সোধা হৈছে যে, “যেতিয়া আপুনি যিহোৱাৰ নাম ব্যৱহাৰ কৰে, তেতিয়া তেওঁক কেনেকুৱা লাগে?” পাঠ ০৯ ত সোধা হৈছে যে, “আপুনি কি কি বিষয়ে প্ৰাৰ্থনা কৰিব পাৰে?” এই প্ৰশ্নবোৰৰ উত্তৰ দিবলৈ বিদ্যাৰ্থীৰ বাবে সহজ নহʼবও পাৰে। আমি বিদ্যাৰ্থীক সহায় কৰিব পাৰোঁ। পাঠত দিয়া পদ আৰু ছবিবোৰ মনত ৰাখি আমি তেওঁক উত্তৰ দিবলৈ কʼব পাৰোঁ।

৭. বিদ্যাৰ্থীয়ে নিজকে কেনেকৈ পৰিৱৰ্তন কৰিব পাৰে তাৰ বিষয়ে বুজাবলৈ আমি কি কৰিব পাৰোঁ?

বিদ্যাৰ্থীয়ে পৰিৱৰ্তন কৰিব লাগিব বুলি যেতিয়া তেওঁ নিজে বুজি পাব, তেতিয়া আমি তেওঁক ভাই-ভনীসকলৰ অনুভৱ কʼব পাৰোঁ। এইদৰে কৰিলে তেওঁ বুজি পাব যে তেওঁ কেনেকৈ পৰিৱৰ্তন কৰিব লাগে। উদাহৰণস্বৰূপে, যদি বিদ্যাৰ্থীয়ে প্ৰতিটো সভালৈ নাহে, তেনেহʼলে যিহোৱাই মোৰ যত্ন লʼলে নামৰ ভিডিঅʼখন দেখুৱাব পাৰোঁ। এই ভিডিঅʼখন নতুন কিতাপৰ পাঠ ১৪ৰ “বেছিকৈ জানক” নামৰ ভাগত আছে। এই নতুন কিতাপৰ আন পাঠবোৰতো “গভীৰভাৱে ধ্যান কৰক” আৰু “বেছিকৈ জানক” নামৰ ভাগত আৰু বহুতো অনুভৱ দিয়া আছে। * “যদি সেই ভাই বা ভনীজনীয়ে পৰিৱৰ্তন কৰিব পাৰিছে, তেনেহʼলে আপুনিও পৰিৱৰ্তন কৰিব পাৰিব” বুলি আমি বিদ্যাৰ্থীক কেতিয়াও কোৱা উচিত নহয়। পৰিৱৰ্তন কৰাৰ নিৰ্ণয় আমি বিদ্যাৰ্থীক নিজে লʼবলৈ দিয়া উচিত। সেই ভাই বা ভনীজনীক কি কথা বা কোনটো পদে পৰিৱৰ্তন কৰিবলৈ সহায় কৰিলে বা পৰিৱৰ্তন কৰিবলৈ তেওঁ নিজে কি পদক্ষেপ লʼলে, তাৰ বিষয়ে আমি বিদ্যাৰ্থীক কʼব পাৰোঁ। যিহোৱাই তেওঁলোকক কেনেকৈ সহায় কৰিলে তাৰ বিষয়েও আমি বিদ্যাৰ্থীক কʼব পাৰোঁ।

৮. যিহোৱাক প্ৰেম কৰিবলৈ আমি বিদ্যাৰ্থীক কেনেকৈ শিকাব পাৰোঁ?

যিহোৱাক প্ৰেম কৰিবলৈ বিদ্যাৰ্থীক শিকাওক। আমি যেতিয়াই সুযোগ পাওঁ, তেতিয়াই যিহোৱাৰ গুণবোৰৰ বিষয়ে বিদ্যাৰ্থীক শিকোৱা উচিত। আমি তেওঁক শিকাব পাৰোঁ যে যিহোৱা এজন আনন্দিত ঈশ্বৰ হয় আৰু যিসকলে যিহোৱাক প্ৰেম কৰে, যিহোৱাই তেওঁলোকক সহায় কৰে। (১ তীম. ১:১১; ইব্ৰী ১১:৬) আমাৰ বিদ্যাৰ্থীয়ে শিকা কথাবোৰ পালন কৰিলে, তেওঁৰ নিজৰে লাভ হʼব। আমি তেওঁক বুজাব পাৰোঁ যে যিহোৱাই তেওঁক প্ৰেম কৰে আৰু তেওঁৰ লাভ হোৱাটো বিচাৰে। (যিচ. ৪৮:১৭, ১৮) এইদৰে কৰাৰ যোগেদি তেওঁক যিহোৱাক প্ৰেম কৰিবলৈ শিকাওঁ। যিহোৱাৰ প্ৰতি যেতিয়া বিদ্যাৰ্থীৰ প্ৰেম বাঢ়িব, তেতিয়া তেওঁ নিজকে পৰিৱৰ্তন কৰিব।—১ যোহ. ৫:৩.

মণ্ডলীৰ ভাই-ভনীসকলৰ লগত বিদ্যাৰ্থীক চিনাকী কৰাই দিয়ক

৯. মাৰ্ক ১০:২৯, ৩০ পদৰ অনুসৰি কি কথাই এজন বিদ্যাৰ্থীক ত্যাগ কৰিবলৈ সহায় কৰিব?

বিদ্যাৰ্থীয়ে বাপ্তিষ্মা লʼবলৈ ওপৰত উল্লেখ কৰা ধনী ব্যক্তিৰ দৰে বহুতো ত্যাগ কৰিব লাগিব। উদাহৰণস্বৰূপে, বিদ্যাৰ্থীয়ে এনে চাকৰি এৰিব লাগিব, যি বাইবেলৰ সিদ্ধান্তৰ অনুসৰি ভুল হয়। যিহোৱাৰ উপাসনা নকৰা লোকসকলৰ লগত সংগতি কৰাৰপৰা বিদ্যাৰ্থীয়ে আঁতৰি থাকিব লাগিব। বিদ্যাৰ্থীৰ পৰিয়ালে তেওঁক বিৰোধ কৰিব পাৰে, কিয়নো তেওঁলোকে যিহোৱাৰ সাক্ষীসকলক ভাল নাপায়। যীচুৱে কৈছিল যে এনেধৰণৰ ত্যাগ কৰাটো সহজ নহয়। কিন্তু তেওঁ প্ৰতিজ্ঞা কৰিছে যে যিসকলে তেওঁৰ শিষ্য হʼব বিচাৰে তেওঁলোকক যীচুৱে কেতিয়াও এৰি নিদিব। সেই বিদ্যাৰ্থীজন যিহোৱাৰ পৰিয়ালৰ ভাগ হৈ পৰিব আৰু মণ্ডলীৰ ভাই-ভনীসকলে তেওঁক বহুত প্ৰেম কৰিব। (মাৰ্ক ১০:২৯, ৩০ পঢ়ক।) বিদ্যাৰ্থীয়ে যাতে মণ্ডলীৰ ভাই-ভনীসকলক পৰিয়াল হিচাপে গণ্য কৰে, তাৰ বাবে আমি কি কৰিব পাৰোঁ?

১০. মানুৱেলৰ উদাহৰণৰপৰা আমি কি শিকিব পাৰোঁ?

১০ বিদ্যাৰ্থীৰ লগত বন্ধুত্ব কৰক। আমি যে বিদ্যাৰ্থীৰ বিষয়ে চিন্তা কৰোঁ, তাৰ বিষয়ে বিদ্যাৰ্থীয়ে জনাটো অতি প্ৰয়োজন। এয়া আমি কেনেকৈ দেখুৱাব পাৰোঁ? আহক আমি মেক্সিকʼত থকা মানুৱেলৰ উদাহৰণলৈ ধ্যান দিওঁ। মানুৱেলক অধ্যয়ন কৰা ভাইজনে তেওঁক বহুত সহায় কৰিছিল। তেওঁ এইদৰে কৈছে, “প্ৰতিবাৰে অধ্যয়ন কৰাৰ আগত তেওঁ মোৰ খা-খবৰ লৈছিল। আমি দুয়োজনে মিলি মুকলিভাৱে সকলো কথা পাতিছিলোঁ আৰু তেওঁ মোৰ কথাবোৰ বৰ মনোযোগেৰে শুনিছিল। ইয়াৰপৰা মই জানিব পাৰিলোঁ যে তেওঁ মোৰ বিষয়ে বহুত চিন্তা কৰে।”

১১. বিদ্যাৰ্থীয়ে আমাৰ লগত সময় অতিবাহিত কৰিলে, তেওঁৰ কি লাভ হʼব?

১১ যীচুৱে নিজৰ শিষ্যসকলৰ লগত যিদৰে সময় অতিবাহিত কৰিছিল, ঠিক সেইদৰে আমিও নিজৰ বাইবেল বিদ্যাৰ্থীৰ লগত সময় অতিবাহিত কৰা উচিত। (যোহ. ৩:২২) বিদ্যাৰ্থীয়ে উন্নতি কৰি থাকোতে আমি তেওঁৰ লগত সময় অতিবাহিত কৰিবলৈ তেওঁক চাহ খাবলৈ, ভাত এসাঁজ খাবলৈ বা JW ব্ৰʼডকাষ্টিঙৰ কাৰ্য্যক্ৰম চাবলৈ আমাৰ ঘৰলৈ মাতিব পাৰোঁ। যেতিয়া বিদ্যাৰ্থীৰ পৰিয়াল আৰু বন্ধুবোৰে মিছা ধৰ্মৰ উৎসৱ বা ৰাষ্ট্ৰীয় দিৱস পালন কৰাত ব্যস্ত থাকে, তেতিয়া বিদ্যাৰ্থীয়ে অকলশৰীয়া অনুভৱ কৰিব পাৰে। বিশেষকৈ সেই সময়ত আমি বিদ্যাৰ্থীক নিজৰ ঘৰলৈ মাতিব পাৰোঁ। ইউগাণ্ডাৰ কাজিববে নামৰ ভাইজনে এইদৰে কৈছে, “অধ্যয়নৰ সময়ত মই যিহোৱাৰ বিষয়ে বহুতো কথা শিকিলোঁ। কিন্তু অধ্যয়ন কৰা ভাইজনৰ লগত সময় অতিবাহিত কৰাৰ সময়ত মই যিহোৱাৰ বিষয়ে আৰু বহুতো কথা শিকিলোঁ। মই দেখিলোঁ যে যিহোৱাই নিজৰ লোকসকলৰ কিমান যত্ন লয় আৰু ভাই-ভনীসকলেও আনন্দিত থাকে। মইয়ো তেওঁলোকৰ দৰেই আনন্দিত থাকিব বিচাৰিছিলোঁ।”

অধ্যয়নত বেলেগ বেলেগ ভাই-ভনীসকলক লৈ যাওক। এইদৰে কৰিলে বিদ্যাৰ্থীয়ে সভাত উপস্থিত হʼবলৈ সংকোচ নকৰিব (১২ অনুচ্ছেদ চাওক) *

১২. আমি অধ্যয়নত বেলেগ বেলেগ ভাই-ভনীক কিয় লগত লৈ যোৱা উচিত?

১২ অধ্যয়নত বেলেগ বেলেগ ভাই-ভনীক লৈ যাওক। প্ৰতিটো অধ্যয়নত অকলে যাবলৈ বা একেজন ব্যক্তিক লগত লৈ যাবলৈ আমাক সহজ লাগিব পাৰে। কিন্তু আমি যদি অধ্যয়নত বেলেগ বেলেগ ভাই-ভনীক লৈ যাওঁ, তেনেহʼলে বিদ্যাৰ্থীৰ লাভ হʼব। বিদ্যাৰ্থীৰ কি লাভ হʼব তাক জানিবলৈ আহক আমি মলডʼবাৰ ভাই দিমিত্ৰিৰ উদাহৰণলৈ মন কৰোঁ। তেওঁ এইদৰে কৈছে, “মোৰ অধ্যয়নত বেলেগ বেলেগ ভাই-ভনী আহিছিল আৰু তেওঁলোকৰ শিকোৱাৰ উপায়ো বেলেগ বেলেগ আছিল। সেইবাবে মই বিষয়বোৰ ভালদৰে বুজি পাইছিলোঁ আৰু শিকা কথাবোৰ পালন কৰিছিলোঁ। পাছত যেতিয়া মই সভালৈ গʼলোঁ, তেতিয়া মই সংকোচ কৰা নাছিলোঁ। কিয়নো বেছিভাগ ভাই-ভনীক মই আগতেই লগ পাইছিলোঁ।”

১৩. বিদ্যাৰ্থীক সভালৈ আহিবলৈ উৎসাহিত কৰাটো কিয় প্ৰয়োজন?

১৩ বিদ্যাৰ্থীক সভালৈ আহিবলৈ উৎসাহিত কৰক। এনে কৰাটো অতি প্ৰয়োজন। কিয়নো সভা আমাৰ উপাসনাৰ এটা ভাগ হয়। সেইবাবে, আমি সকলোৱে একেলগে মিলি যিহোৱাৰ উপাসনা কৰিবলৈ তেওঁ আমাক আজ্ঞা দিছে। (ইব্ৰী ১০:২৪, ২৫) ইয়াৰ উপৰিও সভাত উপস্থিত হোৱাটো এনে হয় যেন আমি পৰিয়ালৰ সকলোৱে মিলি একেলগে সোৱাদ লগা আহাৰ খাইছোঁ। বিদ্যাৰ্থীয়ে বাপ্তিষ্মা লʼবলৈ হʼলে সভালৈ যোৱাটো অতি প্ৰয়োজন। কিন্তু আমাৰ বিদ্যাৰ্থীৰ বাবে সভালৈ অহাটো সহজ নহʼবও পাৰে। দুখ-কষ্ট নথকা এক অনন্ত জীৱন! নামৰ কিতাপখনে আমাৰ বিদ্যাৰ্থীক কেনেকৈ সহায় কৰিব পাৰে, আহক চাওঁ।

১৪. আমাৰ বিদ্যাৰ্থীক সভাত উপস্থিত হʼবলৈ আমি কেনেকৈ সহায় কৰিব পাৰোঁ?

১৪ আমি এই কিতাপখনৰ পাঠ ১০ৰ যোগেদি আমি বিদ্যাৰ্থীক সভালৈ আহিবলৈ উৎসাহিত কৰিব পাৰোঁ। এই কিতাপখন ৰিলিজ হোৱাৰ আগতে কিছুমান অভিজ্ঞ ভাই-ভনীক নিজৰ বিদ্যাৰ্থীৰ লগত এই পাঠৰপৰা অধ্যয়ন কৰিবলৈ কোৱা হৈছিল। ইয়াৰ ভাল পৰিণাম হʼল। তেওঁলোকৰ বিদ্যাৰ্থীয়ে সভালৈ আহিবলৈ ধৰিলে। আমি এই কিতাপৰ পাঠ ১০ৰলৈকে অপেক্ষা কৰাৰ প্ৰয়োজন নাই। আমি যিমান সোনকালে পাৰোঁ, সিমান সোনকালে বিদ্যাৰ্থীক সভালৈ মতা উচিত। কিন্তু আমি মনত ৰখা উচিত যে প্ৰতিজন বিদ্যাৰ্থীৰ পৰিস্থিতি একে নহয়। সেইবাবে, আমি তেওঁলোকক কেনেকৈ সহায় কৰিব পাৰোঁ তাৰ বিষয়ে জানিবলৈ চেষ্টা কৰা উচিত। তথাপি যদি বিদ্যাৰ্থীয়ে লগে লগে সভালৈ নাহে, তেনেহʼলে আমি নিৰাশ হোৱা উচিত নহয়। আমি ধৈৰ্য্য ধৰি তেওঁলোকক সভালৈ মাতি থকা উচিত।

বিদ্যাৰ্থীৰ ভয় দূৰ কৰক

১৫. আমাৰ বিদ্যাৰ্থীয়ে কি কথালৈ ভয় কৰিব পাৰে?

১৫ আমি নিজে অধ্যয়ন কৰাৰ সময়ত কি কি বিষয়বোৰলৈ ভয় লাগিছিল, তাক আমি মনত পেলাব পাৰোঁ। আমাৰ পৰিয়াল আৰু বন্ধুবৰ্গই আমাক বিৰোধ কৰিব বুলি হয়তো আমাৰ ভয় লাগিছিল। প্ৰচাৰ কৰাৰ কথা ভাবিও আমাক ভয় লাগিছিল। আমি এনেধৰণৰ সমস্যা পাৰ কৰি অহাৰ বাবে আমি বিদ্যাৰ্থীৰ পৰিস্থিতি ভালদৰে বুজি পাওঁ। যীচুৱে জানিছিল এইবোৰ কাৰণৰ বাবে লোকসকলে ভয় কৰিব। তথাপি তেওঁ নিজৰ শিষ্যসকলক যিহোৱাৰ সেৱা কৰি থাকিবলৈ উৎসাহিত কৰিলে। (মথি ১০:১৬, ১৭, ২৭, ২৮) যীচুৱে নিজৰ শিষ্যসকলৰ ভয় দূৰ কৰিবলৈ কি কৰিছিল? যীচুৰ দৰে আমি কি কৰিব পাৰোঁ?

১৬. আমি নিজৰ বিদ্যাৰ্থীক প্ৰচাৰ কৰিবলৈ কেনেকৈ শিকাব পাৰোঁ?

১৬ বিদ্যাৰ্থীক প্ৰচাৰ কৰিবলৈ শিকাওক। যীচুৱে নিজৰ শিষ্যসকলক প্ৰচাৰ কৰিবলৈ পঠিওৱাৰ সময়ত হয়তো তেওঁলোকক ভয় লাগিছিল। কিন্তু যীচুৱে তেওঁলোকৰ ভয় দূৰ কৰিবলৈ কোন লোকসকলক আৰু কেনেকৈ প্ৰচাৰ কৰিব লাগে তাক শিকাইছিল। (মথি ১০:৫-৭) আমি যীচুৰ দৰে কৰিব পাৰোঁ। আমি বিদ্যাৰ্থীক এনে লোকসকলৰ বিষয়ে চিন্তা কৰিবলৈ কʼব পাৰোঁ, যিজনক তেওঁ প্ৰচাৰ কৰিব পাৰে। উদাহৰণস্বৰূপে, বিদ্যাৰ্থীয়ে এনে ব্যক্তিক চিনি পাইনে, যিজনে বাইবেলৰ বিষয়ে জানিবলৈ আগ্ৰহী হয়। আমি বিদ্যাৰ্থীক এয়াও শিকাব পাৰোঁ যে তেওঁ কেনেকৈ প্ৰচাৰ কৰিব পাৰে। যদি প্ৰয়োজন হয়, তেনেহʼলে নতুন কিতাপৰ “কিছুমান লোকে কয়” আৰু “কোনোবাই সুধিব পাৰে” নামৰ ভাগৰপৰা বিদ্যাৰ্থীৰ লগত প্ৰস্তুত কৰিব পাৰোঁ। আমি বিদ্যাৰ্থীক প্ৰচাৰত ভাবি-চিন্তি কথা পাতিবলৈ আৰু বাইবেলৰপৰা উত্তৰ দিবলৈ শিকাব পাৰোঁ।

১৭. মথি ১০:১৯, ২০, ২৯-৩১ পদৰ অনুসৰি আমি নিজৰ বিদ্যাৰ্থীক যিহোৱাৰ ওপৰত ভৰসা কৰিবলৈ কেনেকৈ শিকাব পাৰোঁ?

১৭ যিহোৱাৰ ওপৰত ভৰসা কৰিবলৈ বিদ্যাৰ্থীক শিকাওক। যীচুৱে নিজৰ শিষ্যসকলক কৈছিল যে যিহোৱা তেওঁলোকৰ লগত আছে, কাৰণ যিহোৱাই তেওঁলোকক প্ৰেম কৰে। (মথি ১০:১৯, ২০, ২৯-৩১ পঢ়ক।) ঠিক সেইদৰে আমিও নিজৰ বিদ্যাৰ্থীক শিকাব পাৰোঁ যে যিহোৱাই তেওঁলোকক সহায় কৰিব। আমি বিদ্যাৰ্থীৰ লগত তেওঁৰ আধ্যাত্মিক লক্ষ্যবোৰৰ বাবে প্ৰাৰ্থনা কৰিব পাৰোঁ। এইদৰে কৰিলে বিদ্যাৰ্থীয়ে যিহোৱাৰ ওপৰত ভৰসা কৰিবলৈ শিকিব। উদাহৰণস্বৰূপে, পোলেণ্ডৰ ফ্ৰান্সিকʼ নামৰ ভাইজনে এইদৰে কৈছে, “মোক অধ্যয়ন কৰা ভাইজনে সদায় মোৰ লক্ষ্যবোৰৰ বাবে প্ৰাৰ্থনা কৰিছিল আৰু যিহোৱাই তেওঁৰ প্ৰাৰ্থনাৰ উত্তৰো দিলে। মইয়ো সেই ভাইজনৰ দৰে প্ৰাৰ্থনা কৰিবলৈ ধৰিলোঁ। মই নতুন চাকৰি পোৱাৰ পাছত সভা আৰু অধিৱেশনত উপস্থিত হʼবলৈ যাতে ছুটি পাব পাৰোঁ, তাৰ বাবে সহায় বিচাৰি যিহোৱালৈ প্ৰাৰ্থনা কৰিলোঁ। যিহোৱাই মোৰ প্ৰাৰ্থনাৰ উত্তৰ দিলে।”

১৮. আমি প্ৰচাৰত যি পৰিশ্ৰম কৰোঁ, তাক দেখি যিহোৱাই কেনে অনুভৱ কৰে?

১৮ যিহোৱাই বিদ্যাৰ্থীক প্ৰেম কৰে আৰু তেওঁলোকৰ যত্ন লয়। আমি প্ৰচাৰত যি পৰিশ্ৰম কৰোঁ, সেয়া যিহোৱাই ভালদৰে জানে। সেইবাবে তেওঁ আমাক প্ৰেম কৰে। (যিচ. ৫২:৭) বৰ্তমান সময়ত যদি আমাৰ কোনো বাইবেল অধ্যয়ন নাই, তেনেহʼলে আমি আন ভাই-ভনীসকলৰ অধ্যয়নলৈ যাব পাৰোঁ আৰু তেওঁলোকৰ বিদ্যাৰ্থীক উন্নতি কৰি বাপ্তিষ্মা লʼবলৈ সহায় কৰিব পাৰোঁ।

গীত ৬০ জীৱন বিপদত আছে

^ অনু. 5 এই লেখত আমি আলোচনা কৰিম যে যীচুৱে লোকসকলক শিষ্য বনাবলৈ কি কৰিছিল আৰু আমি এয়া কেনেকৈ কৰিব পাৰোঁ। ইয়াৰ উপৰিও দুখ-কষ্ট নথকা এক অনন্ত জীৱন! নামৰ নতুন কিতাপখনৰ কিছুমান বিশেষ কথাও আলোচনা কৰিম। এই কিতাপখন এনেদৰে তৈয়াৰ কৰা হৈছে, যাতে বিদ্যাৰ্থীয়ে উন্নতি কৰি বাপ্তিষ্মা লয়।

^ অনু. 7 কিছুমান ভাই-ভনীৰ উদাহৰণ ইয়াতো উল্লেখ আছে (১) যিহোৱাৰ সাক্ষীসকলৰ বাবে অনুসন্ধান গাইডত (হিন্দী) “বাইবেল” তাৰ পাছত “লাভজনক পৰামৰ্শ” তাৰ পাছত “পবিত্ৰ শাস্ত্ৰই জীৱনত পৰিৱৰ্তন আনে” (প্ৰহৰীদুৰ্গ ধাৰাবাহিক) বা (২) JW লাইব্ৰেৰীত মিডিয়া ভাগৰ “ইন্টাৰভিউ আৰু অনুভৱ।”

^ অনু. 62 ছবিৰ বিষয়ে: এজন ভায়ে নিজৰ পত্নীৰ লগত ডেকা লʼৰা এজনৰ অধ্যয়ন কৰি আছে। তেওঁ অধ্যয়নৰ বাবে আন ভাইসকলকো লৈ যায়।