Skip to content

Skip to table of contents

পাঠকসকলৰ প্ৰশ্ন

পাঠকসকলৰ প্ৰশ্ন

“বিধানৰ দ্বাৰাই বিধানৰ উদ্দেশে মৰিলোঁ,” পাঁচনি পৌলে কোৱা এই কথাষাৰৰ অৰ্থ কি আছিল?–গালা. ২:১৯.

▪ পৌলে লিখিছিল, “মই ঈশ্বৰৰ উদ্দেশে জীবৰ কাৰণে, বিধানৰ দ্বাৰাই বিধানৰ উদ্দেশে মৰিলোঁ।”—গালা. ২:১৯.

পৌলে ৰোমান সাম্ৰাজ্যৰ গালাতীয়া মণ্ডলীক এই কথাষাৰ কৈছিল। খ্ৰীষ্টানসকলে মোচীৰ নিয়মৰ অধীনত নাই বুলি বুজোৱাৰ সময়ত পৌলে এই কথাষাৰ কৈছিল। সেইসময়ত কিছুমান মিছা শিক্ষকে মণ্ডলীত সোমাই আহিছিল আৰু উদ্ধাৰ পাবলৈ মোচীৰ নিয়ম পালন কৰাটো অতি প্ৰয়োজন বুলি শিকাইছিল। বিশেষকৈ চুন্নতৰ নিয়ম। কিছুমান খ্ৰীষ্টানে তেওঁলোকৰ কথা বিশ্বাস কৰিবলৈ ধৰিলে। পৌলে ভালদৰে জানিছিল যে এতিয়াৰপৰা এজন ব্যক্তিক চুন্নৎ কৰাৰ কোনো প্ৰয়োজন নাই। সেইবাবে, পৌলে যুক্তি দি বুজালে যে তেওঁলোকৰ শিক্ষা মিছা হয় আৰু যীচুৰ বলিদানৰ ওপৰত বিশ্বাস বঢ়াবলৈ তেওঁ ভাই-ভনীসকলক উৎসাহিত কৰিলে।—গালা.২: ৪; ৫:২.

বাইবেলে কৈছে যে যেতিয়া এজন ব্যক্তিৰ মৃত্যু হয়, তেতিয়া তেওঁ একোৱেই গম নাপায়। অৰ্থাৎ তেওঁৰ ওপৰত কোনো কথাই প্ৰভাৱ পেলাব নোৱাৰে। (উপ. ৯:৫) ঠিক সেইদৰে পৌলে কৈছিল যে তেওঁ ‘বিধানৰ উদ্দেশে মৰিল’ ইয়াৰ অৰ্থ আছিল যে মোচীৰ নিয়মে এতিয়াৰপৰা তেওঁৰ ওপৰত কোনো প্ৰভাৱ পেলাব নোৱাৰে। ইয়াৰ পৰিৱৰ্তে পৌলৰ সম্পূৰ্ণ ভৰসা আছিল যে যীচুৰ বলিদানৰ ওপৰত বিশ্বাস কৰাৰ যোগেদি তেওঁ ‘ঈশ্বৰৰ উদ্দেশে জীৱিত’ হʼল।

যি নিয়মৰ অনুসৰি পৌলৰ মৃত্যু হৈছিল, সেই নিয়মৰ অনুসৰি তেওঁ ঈশ্বৰৰ বাবে জীৱিত হʼল। কেনেকৈ বাৰু? পৌলে কৈছিল যে এজন ব্যক্তিয়ে “বিধানৰ কৰ্ম্মেৰে নহয়, কিন্তু খ্ৰীষ্টত বিশ্বাস কৰাৰ দ্বাৰাই ধাৰ্ম্মিক বুলি গণিত” হʼব। (গালা. ২:১৬) এয়া সঁচা যে এই নিয়মে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। ইয়াৰ বিষয়ে পাঁচনি পৌলে এইদৰে কৈছিল, “যি বংশলৈ প্ৰতিজ্ঞা কৰা হল, তেওঁ অহা কাললৈকে, আজ্ঞা-লঙ্ঘনৰ অৰ্থেহে বিধান দিয়া হল।” (গালা. ৩:১৯) সঁচাকৈ মোচীৰ নিয়মে লোকসকলক অনুভৱ কৰাইছিল যে তেওঁলোক পাপী হয় আৰু এই নিয়ম সম্পূৰ্ণৰূপে পালন কৰিব নোৱাৰে। উদ্ধাৰ পাবলৈ তেওঁলোকক এক সিদ্ধ বলিদানৰ প্ৰয়োজন আছিল আৰু যীচু খ্ৰীষ্টই সেই বলিদান আছিল, যিজনক শাস্ত্ৰত ‘বংশ’ বুলি কোৱা হৈছে। এই বলিদানৰ ওপৰত বিশ্বাস কৰিলেহে এজন ব্যক্তিক ধাৰ্মিক বুলি গণিত কৰা হʼব। (গালা. ৩:২৪) পাঁচনি পৌলকো ধাৰ্মিক বুলি গণ্য কৰা হʼল, কাৰণ তেওঁ নিয়মৰ বাবে যীচুৰ বলিদানৰ ওপৰত বিশ্বাস কৰিলে। এইদৰে তেওঁ ‘বিধানৰ উদ্দেশে মৰিল,’ কিন্তু ‘ঈশ্বৰৰ উদ্দেশে জীৱিত’ হৈছিল। তেতিয়াৰেপৰা তেওঁৰ ওপৰত নিয়মে কোনো প্ৰভাৱ পেলাব পৰা নাছিল, কিন্তু ঈশ্বৰে পাৰিছিল।

ঠিক একেই কথা পৌলে ৰোমৰ মণ্ডলীলৈ লিখিছিল। তেওঁ কৈছিল, ‘হে মোৰ ভাইবিলাক তোমালোক খ্ৰীষ্টৰ শৰীৰৰ দ্বাৰাই বিধানৰ সম্বন্ধে মৰা হলা, কিন্তু যিহতে আমি বন্ধ আছিলোঁ, তাৰ সমন্ধে মৰা হৈ, এতিয়া বিধানৰ পৰা মুক্ত হলোঁ।’ (ৰোম. ৭:৪, ৬) এই পদবোৰ আৰু গালাতীয়া ২:১৯ পদৰপৰা বুজিব পাৰি যে পৌলে সঁচাকৈ মৃত্যু হোৱাৰ বিষয়ে কোৱা নাছিল, ইয়াৰ পৰিৱৰ্তে নিয়মৰপৰা মুক্ত হোৱাৰ বিষয়ে কৈছিল। যিসকলে যীচুৰ বলিদানৰ ওপৰত বিশ্বাস কৰাৰ বাবে মুক্ত হৈছিল, তেওঁলোকৰ ওপৰত মোচীৰ নিয়মে কোনো প্ৰভাৱ পেলাব নোৱাৰিছিল।