Skip to content

Skip to table of contents

অধ্যয়নৰ লেখ ২৮

অশান্তি কৰাৰ পৰিৱৰ্তে শান্তি বজাই ৰাখক

অশান্তি কৰাৰ পৰিৱৰ্তে শান্তি বজাই ৰাখক

“আমি ইজনে সিজনৰ খং তুলি, আৰু ইজনে সিজনক অসূয়া কৰি, অনৰ্থক দৰ্প নকৰোঁহঁক।”—গালা. ৫:২৬.

গীত ১০১ একতাৰে কাম কৰক

লেখৰ এক আভাস *

১. যেতিয়া লোকসকলে আনতকৈ নিজকে শ্ৰেষ্ঠ বুলি ভাবে, তেতিয়া কি হয়?

আজি জগতৰ বহুতোলোকে আনতকৈ নিজকে শ্ৰেষ্ঠ বুলি ভাবে। উদাহৰণস্বৰূপে, কিছুমান ব্যৱসায়ীৱে নিজৰ লাভৰ বাবে আনৰ হানি কৰে। কিছুমান খেলুৱৈয়ে আন দলৰ খেলুৱৈসকলক আঘাত দিয়ে, যাতে খেলত নিজে জয় হʼব পাৰে। আন কিছুমান লʼৰা-ছোৱালীয়ে ডাঙৰ ডাঙৰ কলেজত নামভৰ্তি কৰিবলৈ পৰীক্ষাত নকল কৰে। সত্য খ্ৰীষ্টানসকলে জানে যে এই সকলো কাম ‘মাংসৰ কাৰ্য্য’ অৰ্থাৎ শাৰীৰিক কাৰ্য্য হয়। (গালা. ৫:১৯-২১) কিন্তু মণ্ডলীৰ ভাই-ভনীসকলে আনতকৈ নিজকে শ্ৰেষ্ঠ বুলি ভাবিব পাৰেনে আৰু অজানিতে প্ৰতিযোগিতা কৰিবলৈ আনক উৎসাহিত কৰিব পাৰেনে? যদি এইদৰে কৰে, তেনেহʼলে মণ্ডলীত একতা নাইকিয়া হʼব।

২. এই লেখত আমি কিহৰ বিষয়ে আলোচনা কৰিম?

এই লেখত আমি আলোচনা কৰিম যে আমি কি কি কাৰণৰ বাবে আনতকৈ নিজকে শ্ৰেষ্ঠ বুলি ভাবিব পাৰোঁ। আমি বাইবেলৰপৰা কিছুমান উদাহৰণলৈ মন কৰিম, যিসকলে নিজতকৈ আনক শ্ৰেষ্ঠ বুলি ভাবিছিল। কিন্তু আমি প্ৰথমে নিজকে চালি-জাৰি চাম যে আমি কি উদ্দেশ্যেৰে যিহোৱাৰ সেৱা কৰি আছোঁ।

নিজকে চালি-জাৰি চাওক

৩. আমি নিজকে কি কি প্ৰশ্ন সোধা উচিত?

আমি মাজে-সময়ে নিজকে প্ৰশ্ন কৰা উচিত। যেনে, আনতকৈ বেছি মোৰ দক্ষতা থাকিলেহে মই নিজৰ বিষয়ে ভাল অনুভৱ কৰোঁনে? মই মণ্ডলীৰ কামত কিয় পৰিশ্ৰম কৰোঁ, আনতকৈ নিজক শ্ৰেষ্ঠ বুলি দেখুৱাবলৈ নে যিহোৱাক আনন্দিত কৰিবলৈ? এনেধৰণৰ প্ৰশ্ন কৰাটো ভাল হয়। কিয় বাৰু? আহক ইয়াৰ উত্তৰ বাইবেলৰপৰা চাওঁ।

৪. গালাতীয়া ৬:৩, ৪ পদৰ অনুসৰি আমি কিয় নিজৰ তুলনা আনৰ লগত কৰা উচিত নহয়?

বাইবেলত কোৱা হৈছে যে আমি কেতিয়াও নিজৰ তুলনা আনৰ লগত কৰা উচিত নহয়। (গালাতীয়া ৬:৩, ৪ পঢ়ক।) কিয়নো যদি আমি নিজক আনতকৈ শ্ৰেষ্ঠ বুলি ভাবোঁ, তেনেহʼলে আমি অহংকাৰী হৈ যাব পাৰোঁ। আনহাতে যদি আমি নিজৰ তুলনা আনৰ লগত কৰোঁ আৰু নিজৰ কোনো মূল্য নাই বুলি ভাবোঁ, তেনেহʼলে আমি নিৰাশ হʼব পাৰোঁ। এই দুয়ো ধৰণৰ চিন্তাধাৰা সঠিক নহয়। (ৰোম. ১২:৩) গ্ৰীচৰ এগৰাকী ভনী কাটাৰিণাই * এইদৰে কৈছে, “যেতিয়া মই আন ভনীসকলক দেখিছিলোঁ যে তেওঁলোক মোতকৈ ধুনীয়া হয়, প্ৰচাৰত ভালদৰে কথা পাতিব পাৰে আৰু তেওঁলোকৰ বহুত বন্ধু-বান্ধবী আছে, তেতিয়া মোক বৰ বেয়া লাগিছিল। মোৰ এনে লাগিছিল যেন মই কোনো কামৰ যোগ্য নহয় আৰু মোৰ কোনো মূল্য নাই।” আমি মনত ৰখা উচিত যে যিহোৱাই আমাক নিজৰ সেৱক হিচাপে বাছনি কৰাৰ কাৰণ এয়া নহয় যে আমি ধুনীয়া আছোঁ, ভালদৰে কথা পাতিব পাৰোঁ বা আমাৰ বহুতো বন্ধু-বান্ধবী আছে। ইয়াৰ পৰিৱৰ্তে আমি যিহোৱাক প্ৰেম কৰোঁ আৰু তেওঁৰ পুত্ৰৰ আজ্ঞা পালন কৰোঁ। সেইবাবে, যিহোৱাই আমাক নিজৰ সেৱক হিচাপে বাছনি কৰিছে।—যোহ. ৬:৪৪; ১ কৰি. ১:২৬-৩১.

৫. ভাই হিউনৰ উদাহৰণৰপৰা আপুনি কি শিকিলে?

আমি নিজকে আৰু এটা প্ৰশ্ন সুধিব পাৰোঁ, ‘মই ভাই-ভনীসকলৰ লগত শান্তি বজাই ৰাখোঁ নে সকলো কথাতে তেওঁলোকৰ লগত তৰ্ক-বিতৰ্ক কৰোঁ?’ দক্ষিণ কʼৰিয়াৰ এজন প্ৰাচীন ভাই হিউনৰ উদাহৰণলৈ আমি মন কৰিব পাৰোঁ। এনে এক সময় আহি পৰিল যেতিয়া তেওঁ আন প্ৰাচীনসকলক ঈৰ্ষা কৰিবলৈ ধৰিলে। ইয়াৰ বিষয়ে ভাই হিউনে এইদৰে কৈছে, “মই তেওঁলোকৰ ভুল-ত্ৰুটি বিচাৰিবলৈ ধৰিলোঁ আৰু সকলো কথাতে তেওঁলোকৰ লগত তৰ্ক-বিতৰ্ক কৰিছিলোঁ। মোৰ কাৰণে মণ্ডলীত বিবাদৰ সৃষ্টি হৈছিল।” কিন্তু তেওঁৰ কিছুমান বন্ধুৱে তেওঁৰ ভুলৰ বিষয়ে বুজালে। ভাই হিউনে নিজৰ চিন্তাধাৰা সলনি কৰিলে আৰু এতিয়া তেওঁ নিজৰ দায়িত্ব ভালদৰে পালন কৰি আছে। যদি আমাৰ কাৰণে মণ্ডলীত অশান্তিৰ সৃষ্টি হয়, তেনেহʼলে আমি লগে লগে নিজৰ চিন্তাধাৰা সলনি কৰা উচিত আৰু মণ্ডলীত শান্তি বজাই ৰাখিবলৈ সম্পূৰ্ণৰূপে চেষ্টা কৰা উচিত।

অহংকাৰ বা ঈৰ্ষা নকৰিব

৬. গালাতীয়া ৫:২৬ পদৰ অনুসৰি কিহৰ বাবে প্ৰতিযোগিতাৰ ভাবনা আহে?

গালাতীয়া ৫:২৬ পঢ়ক। অহংকাৰ আৰু ঈৰ্ষাৰ বাবে মণ্ডলীত প্ৰতিযোগিতাৰ ভাবনা আহে। এজন অহংকাৰী ব্যক্তিয়ে কেৱল নিজৰ বিষয়ে চিন্তা কৰে। যিজন ব্যক্তিয়ে ঈৰ্ষা কৰে, তেওঁ আনৰ ওচৰত যিবোৰ বস্তু আছে, সেইবোৰ পাবলৈ চেষ্টা কৰে। লগতে আনৰ বস্তুবোৰ কাঢ়ি লʼবলৈ চেষ্টা কৰে। আচলতে যিজন ব্যক্তিয়ে ঈৰ্ষা কৰে, তেওঁ নিজৰ ভাইকে ঘৃণা কৰে। আমি অহংকাৰ আৰু ঈৰ্ষা কৰাৰপৰা সাৱধান হোৱা উচিত।

৭. এটা উদাহৰণ দি বুজাওক যে অহংকাৰ আৰু ঈৰ্ষা কৰাটো কিয় ইমান বিপদজনক হয়?

অহংকাৰ আৰু ঈৰ্ষা কৰাটো কিমান বিপদজনক হয়, আহক ইয়াক বুজিবলৈ এটা উদাহৰণলৈ মন কৰোঁ। এডাল কাঠক উঁই পৰুৱাই খাইছে। কাঠৰ বাহিৰৰ অংশ ভালেই দেখে কিন্তু ভিতৰৰ অংশ উঁই পৰুৱাই খাই একেবাৰে শেষ কৰি দিছে আৰু এদিন নহয় এদিন সেই কাঠডাল কোনো কামত নাহে। অহংকাৰ আৰু ঈৰ্ষা সেই উঁই পৰুৱাৰ দৰেই হয়। যিসকলৰ মাজত এই বেয়া গুণ থাকে, তেওঁলোকে এদিন নহয় এদিন যিহোৱাৰ সেৱা কৰিবলৈ এৰি দিয়ে আৰু নিজৰ লগতে আনকো দুখ দিয়ে। (হিতো. ১৬:১৮) কিন্তু আমি অহংকাৰ আৰু ঈৰ্ষা নকৰিবলৈ কি কৰিব পাৰোঁ?

৮. আমি কি পৰামৰ্শ পালন কৰিলে অহংকাৰ নকৰিম?

পৌলে ফিলিপী মণ্ডলীক যি পৰামৰ্শ দিছিল, তাক পালন কৰিলে আমি কেতিয়াও ঈৰ্ষা নকৰিম। তেওঁ এইদৰে কৈছিল, “তোমালোকে বিৰোধ বা অনৰ্থক দৰ্পেৰে একো নকৰিবা; কিন্তু নম্ৰভাবে প্ৰত্যেকে নিজতকৈ অন্যক উত্তম বুলি মানিবা।” (ফিলি. ২:৩) যদি আমি আনক নিজতকৈ উত্তম বুলি ভাবিম, তেনেহʼলে আমি সেই ভাই-ভনীসকলৰ লগত কেতিয়াও প্ৰতিযোগিতা নকৰিম, যিসকলৰ আমাতকৈ বেছি দক্ষতা আছে। ইয়াৰ পৰিৱৰ্তে আমি আনন্দিত হʼম যে তেওঁলোকে নিজৰ দক্ষতা যিহোৱাৰ সেৱাত ব্যৱহাৰ কৰিছে। আনহাতে, যিসকল ভাই-ভনীৰ বহুতো দক্ষতা আছে, তেওঁলোকে পৌলৰ পৰামৰ্শ পালন কৰিলে আমাৰ ভাল গুণবোৰ চাব পাৰিব। এইদৰে কৰিলে মণ্ডলীত শান্তি আৰু একতা হʼব।

৯. আমি ভাই-ভনীসকলক ঈৰ্ষা কৰাৰপৰা দূৰে থাকিবলৈ কি কৰিব পাৰোঁ?

আমি যদি নিজৰ সীমা বুজি পাওঁ, তেনেহʼলে আমি আনক ঈৰ্ষা নকৰিম আৰু আনতকৈ নিজকে ডাঙৰ বুলি নাভাবিম। আনতকৈ মোৰ বেছি দক্ষতা আছে বুলি প্ৰমাণ কৰিবলৈও চেষ্টা নকৰিম। ইয়াৰ পৰিৱৰ্তে, আনৰপৰা শিকিবলৈ চেষ্টা কৰিম। উদাহৰণস্বৰূপে, যদি এজন ভায়ে ভালদৰে ভাষণ দিব পাৰে, তেনেহʼলে আমি তেওঁক সুধিম যে তেওঁ ভাষণৰ প্ৰস্তুতি কেনেকৈ কৰে। অথবা এগৰাকী ভনীয়ে যদি সোৱাদ লগা আহাৰ ৰান্ধিবলৈ জানে, তেনেহʼলে আমি তাইৰপৰা আহাৰ ৰান্ধিবলৈ শিকিম। ঠিক সেইদৰে যদি কিছুমান ডেকা ভাই-ভনীক বন্ধু পাতিবলৈ কঠিন হয়, তেনেহʼলে তেওঁলোকে এনে ভাই-ভনীৰপৰা সহায় লʼব পাৰে, যিসকলৰ বহুতো বন্ধু আছে। এইদৰে কৰিলে আমি নিজৰ দক্ষতা বৃদ্ধি কৰিব পাৰিম আৰু আনক ঈৰ্ষাও নকৰিম।

বাইবেলৰ লোকসকলৰপৰা শিক্ষা

গিদিয়োন নম্ৰ আছিল, সেইবাবে তেওঁ ইফ্ৰয়িমৰ লোকসকলৰ লগত শান্তি বজাই ৰাখিলে (অনুচ্ছেদ ১০-১২ চাওক)

১০. গিদিয়োনে কি সমস্যাত পৰিছিল?

১০ মন কৰক, গিদিয়োন আৰু ইফ্ৰয়িমৰ লোকসকলৰ মাজত কি হৈছিল। যিহোৱাই গিদিয়োন আৰু তেওঁৰ ৩০০ জন লোকক জয়লাভ কৰিবলৈ সহায় কৰিছিল। কিন্তু ইফ্ৰয়িমৰ লোকসকলে গিদিয়োনক প্ৰশংসা কৰাৰ পৰিৱৰ্তে তেওঁৰ লগত তৰ্ক-বিতৰ্কহে কৰিছিল। গিদিয়োনে আৰম্ভণিৰেপৰা ইফ্ৰয়িমৰ লোকসকলক যুদ্ধত লোৱা নাছিল, সেইবাবে তেওঁলোকক বৰ দুখ লাগিছিল। তেওঁলোকে ভাবিছিল যে এতিয়াৰেপৰা লোকসকলে তেওঁলোকৰ বংশক একেবাৰে সন্মান নকৰিব। কিন্তু তেওঁলোকে পাহৰি গৈছিল যে গিদিয়োনৰ সহায়ত যিহোৱাৰ নাম মহিমা হৈছে আৰু তেওঁৰ লোকসকলৰ ৰক্ষা হʼল।—বিচা. ৮:১.

১১. শান্তি বজাই ৰাখিবলৈ গিদিয়োনে কি কৰিলে?

১১ গিদিয়োনে ইফ্ৰয়িমৰ লোকসকলক এইদৰে কৈছিল, “তোমালোকৰ কাৰ্য্যৰ নিচিনা মই কি কাৰ্য্য কৰিলোঁ?” গিদিয়োনে তেওঁলোকক সেই কথা মনত পেলাই দিছিল, যেতিয়া যিহোৱাই তেওঁলোকৰ যোগেদি ডাঙৰ ডাঙৰ কাম কৰিছিল। তেওঁৰ কথা শুনি ইফ্ৰয়িমৰ লোকসকলৰ “খং গুচিল।” (বিচা. ৮:২, ৩) তেওঁলোকৰ মাজত অশান্তিৰ সৃষ্টি হোৱাটো গিদিয়োনে বিচৰা নাছিল। সেইবাবে, তেওঁ নম্ৰ হৈ কথা পাতিলে আৰু শান্তি বজাই ৰাখিবলৈ চেষ্টা কৰিলে।

১২. আমি ইফ্ৰয়িমৰ লোকসকল আৰু গিদিয়োনৰ পৰা কি শিকিব পাৰোঁ?

১২ এই ঘটনাৰপৰা আমি কি শিকিব পাৰোঁ? ইফ্ৰয়িমৰ লোকসকলৰপৰা আমি শিকিলোঁ যে আমি নিজৰ সন্মানৰ বিষয়ে চিন্তা কৰাৰ পৰিৱৰ্তে যিহোৱাৰ সন্মানৰ বিষয়ে চিন্তা কৰা উচিত। যদি আমি প্ৰাচীন বা পৰিয়ালৰ মুৰব্বী হয়, তেনেহʼলে আমি গিদিয়োনৰ পৰা এটা কথা শিকিব পাৰোঁ। যদি কোনোবাই আমাক খং কৰিছে, তেনেহʼলে আমি বিষয়টো তেওঁৰ দৃষ্টিভংগীৰে চোৱা উচিত আৰু আগতে তেওঁ যি ভাল কাম কৰিছিল, তাৰ বাবে আমি তেওঁক প্ৰশংসা কৰা উচিত। এইদৰে কৰিবলৈ আমাক নম্ৰৰ গুণটো অতি প্ৰয়োজন। বিশেষকৈ, যেতিয়া আমি জানোঁ যে ভুল সেই ব্যক্তিজনৰ হয়। ভুলটো কাৰ আছিল, সেয়া ইমান গুৰুত্বপূৰ্ণ নহয়, কিন্তু ভাই-ভনীসকলৰ লগত আমাৰ সম্পৰ্ক ভাল হৈ থকাটো অতি গুৰুত্বপূৰ্ণ।

হান্নাৰ ভৰসা আছিল যে যিহোৱাই সকলো ঠিক কৰিব। সেইবাবে, তাই মনত শান্তি লাভ কৰিলে (অনুচ্ছেদ ১৩-১৪ চাওক)

১৩. (ক) হান্নাৰ কি সমস্যা হৈছিল (খ) তাই কেনেকৈ সেই সমস্যাৰ সন্মুখীন হʼল?

১৩ ক্ষন্তেকৰ বাবে হান্নাৰ বিষয়ে চিন্তা কৰক। তাইৰ বিয়া লেবী ফৈদৰ ইল্‌কানাৰ লগত হৈছিল। ইল্‌কানাৰ পিনিন্না নামৰ আৰু এগৰাকী পত্নী আছিল। কিন্তু ইল্‌কানাই পিনিন্নাতকৈ হান্নাক বেছি প্ৰেম কৰিছিল। “পিনিন্নাৰ সন্তান আছিল, কিন্তু হান্না নিঃসন্তান” আছিল। সেইবাবে পিনিন্নাই ‘অসন্তোষ জন্মাবলৈ হান্নাক বেজাৰ দিছিল।’ হান্নাই ইমানেই দুখ অনুভৱ কৰিছিল যে তাই “ভোজন নকৰি কান্দি কান্দি” থাকিছিল। (১ চমূ. ১:১, ২, ৬, ৭) কিন্তু বাইবেলত কʼতো উল্লেখ নাই যে হান্নাই পিনিন্নাৰ বিৰোধে প্ৰতিশোধ লৈছিল। ইয়াৰ পৰিৱৰ্তে তাই নিজৰ মনৰ সকলো কথা যিহোৱাক জনালে আৰু ভৰসা কৰিলে যে তেওঁ সকলো ঠিক কৰিব। আমি নাজানোঁ যে পাছত পিনিন্নাই হান্নাক হেয়জ্ঞান কৰিবলৈ এৰিলে নে নাই। কিন্তু আমি এয়া জানোঁ যে তাৰ পাছৰপৰা হান্নাই মনত শান্তি লাভ কৰিলে আৰু পদত কোৱা হৈছে যে তাইৰ ‘মুখ আৰু নিৰাশ নহʼল।’—১ চমূ. ১:১০, ১৮.

১৪. আমি হান্নাৰ পৰা কি শিকিব পাৰোঁ?

১৪ আমি হান্নাৰ পৰা কি শিকিব পাৰোঁ? যদি কোনোবাই আমাৰ লগত প্ৰতিযোগিতা কৰে, তেনেহʼলে আমিও সেইদৰে কৰাৰ প্ৰয়োজন নাই। আমি অপকাৰৰ সলনি অপকাৰ কৰাৰ পৰিৱৰ্তে সেই ব্যক্তিজনৰ লগত শান্তি বজাই ৰাখিবলৈ চেষ্টা কৰা উচিত। (ৰোম. ১২:১৭-২১) যদিও সেই ব্যক্তিজনে ভাল ব্যৱহাৰ নকৰে, তথাপি আমি আনন্দিত হৈ থাকিব পাৰিম।

আপল্লো আৰু পৌলে জানিছিল যে তেওঁলোকে যিহোৱাৰ সহায়তে সেৱা কৰিব পাৰিছে। সেইবাবে, তেওঁলোকে এজনে-আনজনৰ প্ৰতি ঈৰ্ষা কৰা নাছিল (অনুচ্ছেদ ১৫-১৮ চাওক)

১৫. আপল্লো আৰু পৌলৰ কি কি কথাত মিল আছিল?

১৫ এতিয়া আহক চাওঁ যে আমি আপল্লো আৰুপৌলৰ পৰা কি শিকিব পাৰোঁ? তেওঁলোকৰ শাস্ত্ৰৰ ভাল জ্ঞান আছিল। তেওঁলোকক বহুতো লোকে চিনি পাইছিল আৰু তেওঁলোকে লোকসকলক ভালদৰে শিকাইছিল। তেওঁলোকে বহুতোলোকক শিষ্য হʼবলৈ সহায় কৰিছিল, তথাপি তেওঁলোকে এজনে-আনজনৰ প্ৰতি ঈৰ্ষা কৰা নাছিল।

১৬. আপল্লো কেনেকুৱা ব্যক্তি আছিল?

১৬ আপল্লোৰ জন্ম “আলেক্‌জান্দ্ৰিয়া” চহৰত হৈছিল। প্ৰথম শতিকাত লোকসকলে এই চহৰত শিক্ষা লʼবলৈ আহিছিল। আপল্লো কথা পতাত পাৰ্গত আছিল আৰু তেওঁৰ ‘শাস্ত্ৰৰ’ ভাল জ্ঞানো আছিল। (পাঁচ. ১৮:২৪) কিছু সময়ৰ বাবে যেতিয়া তেওঁ কৰিন্থত আছিল, তেতিয়া তাত থকা কিছুমান ভায়ে পাঁচনি পৌল আৰু আন ভাইসকলতকৈ আপল্লোক বেছি ভাল পাই বুলি দেখুৱাইছিল। (১ কৰি. ১:১২, ১৩) কিন্তু আপল্লোৱে এনেধৰণৰ চিন্তাধাৰাক সমৰ্থন কৰা নাছিল। সেইবাবে, পৌলে তেওঁক পুনৰ কৰিন্থ মণ্ডলীত যাবলৈ কৈছিল। (১ কৰি. ১৬:১২) তেওঁ মণ্ডলীত বিবাদৰ সৃষ্টি কৰা হʼলে পৌলে তেওঁক পুনৰ কৰিন্থ মণ্ডলীত যাবলৈ নকʼলেহেঁতেন। আপল্লোৱে প্ৰচাৰ কৰিবলৈ আৰু ভাই-ভনীসকলক উৎসাহিত কৰিবলৈ নিজৰ দক্ষতা ব্যৱহাৰ কৰিছিল। এবাৰ যেতিয়া আক্কিলা আৰু প্ৰিষ্কিল্লাই তেওঁক “ঈশ্বৰৰ পথ আৰু ঠিককৈ বুজাই দিলে,” তেতিয়া তেওঁ বেয়া পোৱা নাছিল। ইয়াৰপৰা বুজিব পাৰি যে তেওঁ বৰ নম্ৰ আছিল। —পাঁচ. ১৮:২৪-২৮.

১৭. পৌলে শান্তি বজাই ৰাখিবলৈ কি কৰিছিল?

১৭ পৌলে ভালদৰে জানিছিল যে আপল্লোৱে বহুতো ভাল কাম কৰিছে। কিন্তু আপল্লোৱে তেওঁতকৈ আগবাঢ়ি যাব বুলি তেওঁ চিন্তা কৰা নাছিল। পৌলে কৰিন্থ মণ্ডলীলৈ যি চিঠি লিখিছিল, তাৰপৰা বুজিব পাৰি যে পৌল বহুত নম্ৰ আছিল আৰু তেওঁ নিজৰ সীমা বুজি পাইছিল। যেতিয়া মণ্ডলীৰ লোকসকলে “মই পৌলৰ” বুলি কৈছিল, তেতিয়া পৌলক সেই কথা ভাল লগা নাছিল। পৌলে তেওঁলোকক বুজাইছিল যে আমি কোনো মানুহৰ ওপৰত ধ্যান দিয়াৰ পৰিৱৰ্তে যিহোৱা আৰু যীচু খ্ৰীষ্টৰ ওপৰত ধ্যান দিয়া উচিত।—১ কৰি. ৩:৩-৬.

১৮. আমি পৌল আৰু আপল্লোৰ পৰা কি শিকিব পাৰোঁ? (১ কৰিন্থীয়া ৪:৬, ৭)

১৮ আমি পৌল আৰু আপল্লোৰপৰা কি শিকিব পাৰোঁ? আমি হয়তো যিহোৱাৰ সেৱা কৰিবলৈ আৰু লোকসকলক সত্য শিকাবলৈ বহুত পৰিশ্ৰম কৰিলোঁ। কিন্তু আমি মনত ৰখা উচিত যে এই সকলো আমি যিহোৱাৰ সহায়তহে কৰিব পাৰিলোঁ। আমি পৌল আৰু আপল্লোৰপৰা আৰু এটা কথা শিকিব পাৰোঁ। যিসকল লোকৰ বেছি দায়িত্ব আছে, তেওঁলোকে মণ্ডলীত শান্তি বজাই ৰাখিবলৈ বেছি ধ্যান দিয়া উচিত। পৰিচাৰক আৰু প্ৰাচীনসকলে মণ্ডলীত শান্তি বজাই ৰাখিবলৈ বহুত পৰিশ্ৰম কৰে, সেইবাবে আমি অতি আনন্দিত। তেওঁলোকে যিয়ে পৰামৰ্শ দিয়ে, সেয়া নিজৰ মনৰপৰা দিয়াৰ পৰিৱৰ্তে বাইবেলৰপৰা দিয়ে। লগতে তেওঁলোকে আমাৰ ধ্যান নিজৰ ফালে আকৰ্ষিত কৰাৰ পৰিৱৰ্তে যীচু খ্ৰীষ্টৰ ফালে আকৰ্ষিত কৰে।—১ কৰিন্থীয়া ৪:৬, ৭ পঢ়ক।

১৯. এই লেখত আমি কি কি শিকিলোঁ? (“ প্ৰতিযোগিতা ভাবনাৰপৰা আঁতৰি থাকক” নামৰ বক্স পঢ়ক।)

১৯ আমাৰ সকলোৰে কিবা নহয় কিবা দক্ষতা আছে। এই দক্ষতাবোৰ আমি আনৰ “সেৱা-শুশ্ৰূষা” কৰিবলৈ ব্যৱহাৰ কৰা উচিত। (১ পিত. ৪:১০) আমি হয়তো ভাবিব পাৰোঁ যে আমাৰ কাম কোনো গুৰুত্বপূৰ্ণ নহয়। কিন্তু আমি মনত ৰখা উচিত যে যিদৰে সৰু সৰু চিলাই কৰি এটা সুন্দৰ কাপোৰ তৈয়াৰ কৰা হয়, ঠিক সেইদৰে আমাৰ সৰু সৰু কামৰ যোগেদি মণ্ডলীত শান্তি আৰু একতা হয়। যদি আমাৰ মনলৈ আনতকৈ শ্ৰেষ্ঠ হোৱাৰ ভাবনা আহে, তেনেহʼলে আমি লগে লগে তাক উলিয়াই পেলোৱা উচিত আৰু মণ্ডলীত শান্তি আৰু একতা বজাই ৰাখিবলৈ চেষ্টা কৰা উচিত।—ইফি. ৪:৩.

গীত ৮০ পৰীক্ষা কৰক যে যিহোৱা কিমান “মংগলময়” হয়

^ অনু. 5 যদি মাটিৰ বাচন সৰু সৰুকৈ ভাঙিবলৈ ধৰে, তেনেহʼলে সেই বাচনটো সহজে ভাঙিব পাৰে। ঠিক সেইদৰে যদি মণ্ডলীত কোনোবাই আন ভাই-ভনীতকৈ নিজকে শ্ৰেষ্ঠ বুলি ভাবিবলৈ ধৰে, তেনেহʼলে মণ্ডলীত শান্তি আৰু একতা নাইকিয়া হʼব পাৰে। এই লেখত আমি আলোচনা কৰিম যে আমি আনতকৈ নিজক শ্ৰেষ্ঠ বুলি ভবা কিয় উচিত নহয়। লগতে মণ্ডলীত শান্তি আৰু একতা বজাই ৰাখিবলৈ আমি কি কৰিব পাৰোঁ।

^ অনু. 4 নাম সলনি কৰা হৈছে।