Skip to content

Skip to table of contents

অধ্যয়নৰ লেখ ৩০

আপুনি যিহোৱাৰ পৰিয়ালৰ ভাগ হয়

আপুনি যিহোৱাৰ পৰিয়ালৰ ভাগ হয়

“তুমি দূতবিলাকতকৈ তেওঁক অলপহে সৰু কৰিলা; প্ৰতাপ আৰু সমাদৰস্বৰূপ মুকুটেৰে তেওঁক বিভূষিত কৰিলা।”—ইব্ৰী ২:৭.

গীত ১২৩ ঈশ্বৰৰ সংগঠনৰ নিয়মবোৰ হৃদয়েৰে পালন কৰক

লেখৰ এক আভাস *

১. যিহোৱাই সৃষ্টি কৰা বস্তুবোৰৰ বিষয়ে ভাবিলে আমাৰ মনলৈ কি প্ৰশ্ন আহিব পাৰে?

যিহোৱাই এই বিশ্ব ব্ৰহ্মাণ্ডৰ সকলোকে সৃষ্টি কৰিলে। এইবোৰৰ বিষয়ে চিন্তা কৰোঁতে আমিও হয়তো দায়ূদৰ নিচিনা অনুভৱ কৰোঁ। তেওঁ কৈছিল, “যেতিয়া মই তোমাৰ হাতে কৰা আকাশ-মণ্ডল, তুমি নিৰূপণ কৰা চন্দ্ৰ আৰু তৰাবোৰৰ বিষয়ে চিন্তা কৰোঁ, তেতিয়া মই কওঁ, মানুহ নো কি, তুমি যে তাক সোঁৱৰণ কৰা? মানুহৰ সন্তানেই বা কি, তুমি যে তাৰ বুজ-বিচাৰ লোৱা?” (গীত. ৮:৩, ৪) দায়ূদৰ নিচিনা আমিও ভাবিব পাৰোঁ যে তৰাবোৰৰ তুলনাত আমি একেবাৰে সৰু হওঁ, তথাপি যিহোৱা ঈশ্বৰে আমাৰ যত্ন লয়। কিন্তু এতিয়া আহক আমি ইয়াৰ বিষয়ে আলোচনা কৰিম যে যেতিয়া যিহোৱা ঈশ্বৰে আদম আৰু হৱাক সৃষ্টি কৰিছিল, তেতিয়া তেওঁলোকৰ যত্ন লোৱাৰ লগতে নিজৰ পৰিয়ালৰ সদস্য হʼবলৈ দিছিল।

২. যিহোৱাই আদম আৰু হৱাক কি দায়িত্ব দিছিল?

যিহোৱাই নিজৰ সন্তান অৰ্থাৎ আদম আৰু হৱাক বহুত প্ৰেম কৰিছিল। লগতে তেওঁলোকক লʼৰা-ছোৱালী জন্ম দিবলৈ আৰু এই পৃথিৱীখনৰ চোৱা-চিতা কৰিবলৈ দায়িত্ব দিছিল। যিহোৱাই তেওঁলোকক কৈছিল, “তোমালোক বহুবংশ হোৱা, আৰু বাঢ়ি বাঢ়ি পৃথিবীখন পৰিপূৰ্ণ কৰা, আৰু তাক বশীভূত কৰা।” (আদি. ১:২৮) আদম আৰু হৱাই যিহোৱা ঈশ্বৰৰ কথা মানি চলা হʼলে আৰু তেওঁ দিয়া কাম ভালদৰে কৰা হʼলে, তেওঁলোকে সদায় কাললৈকে যিহোৱাৰ পৰিয়ালৰ সদস্য হৈ থাকিব পাৰিলেহেঁতেন।

৩. যিহোৱাৰ পৰিয়ালত আদম আৰু হৱাৰ মূল্য আছিল বুলি কি কথাৰপৰা জানিব পাৰি?

ইব্ৰী ২:৭ পদত প্ৰথম মানুহৰ বিষয়ে এইদৰে কোৱা হৈছে, “তুমি দূতবিলাকতকৈ তেওঁক অলপহে সৰু কৰিলা; প্ৰতাপ আৰু সমাদৰস্বৰূপ মুকুটেৰে তেওঁক বিভূষিত কৰিলা।” যদিও যিহোৱাই মানুহক স্বৰ্গদূতৰ সমান শক্তি, বুদ্ধি আৰু দক্ষ্যতা দিয়া নাই। (গীত. ১০৩:২০) কিন্তু মানুহক স্বৰ্গদূতকৈ “অলপহে সৰু” বনাইছে। গতিকে ইয়াৰপৰা বুজিব পাৰি যে যিহোৱাৰ পৰিয়ালত আদম আৰু হৱাৰ বহুত মূল্য আছিল। সঁচাকৈ, যিহোৱাই আদম আৰু হৱাক সুন্দৰকৈ বনাইছিল আৰু কিমান ভাল জীৱন দিছিল।

৪. (ক) আদম আৰু হৱাৰ লগত কি হʼল? (খ) এই লেখত আমি কিহৰ বিষয়ে আলোচনা কৰিম?

 আদম আৰু হৱাই যিহোৱাৰ কথা পালন নকৰিলে, সেইবাবে তেওঁলোক যিহোৱাৰ পৰিয়ালৰ ভাগ হৈ নাথাকিল। আদম আৰু হৱাৰ বাবে তেওঁলোকৰ লʼৰা-ছোৱালীয়েও বহুতো সমস্যাৰ সন্মুখীন হʼব লগা হʼল। ইয়াৰ বিষয়ে আমি আগলৈ আলোচনা কৰিম। কিন্তু যিহোৱাৰ উদ্দেশ্য এতিয়াও সলনি হোৱা নাই। এতিয়াও বিশ্বাসী মানৱজাতিয়ে যিহোৱাৰ সন্তান হোৱাটো তেওঁ বিচাৰে। এই লেখত আমি আলোচনা কৰিম যে যিহোৱাই মানুহক কেনেকৈ সন্মান কৰিলে। ইয়াৰ উপৰিও আমি এয়াও শিকিম যে যিহোৱাৰ পৰিয়ালৰ ভাগ হʼবলৈ আমি কি কৰিব পাৰোঁ আৰু যিহোৱাৰ সন্তানসকলে পৃথিৱীত কি কি আশীৰ্বাদ লাভ কৰিব।

যিহোৱাই কেনেকৈ মানুহক সন্মান কৰিলে?

যিহোৱাই কেনেকৈ আমাক সন্মান কৰিলে? (অনুচ্ছেদ ৫-১১ চাওক) *

৫. যিহোৱাই আমাক তেওঁৰ গুণেৰে সৃষ্টি কৰাৰ বাবে আমি কি কৰা উচিত?

যিহোৱাই আমাক নিজৰ প্ৰতিমূৰ্তিৰে সৃষ্টি কৰিছে। (আদি. ১:২৬, ২৭) ইয়াৰ অৰ্থ হৈছে আমি যিহোৱাৰ নিচিনা প্ৰেম, দয়া, বিশ্বাস, ধাৰ্মিকতা আদি গুণবোৰ বঢ়াব পাৰোঁ। (গীত. ৮৬:১৫; ১৪৫:১৭) যদি আমি যিহোৱাৰ গুণবোৰ বঢ়াবলৈ চেষ্টা কৰোঁ, তেনেহʼলে আমি তেওঁৰ মহিমা কৰিম আৰু তেওঁ নিজৰ গুণেৰে আমাক সৃষ্টি কৰাৰ বাবে আমি তেওঁৰ প্ৰতি কৃতজ্ঞতা দেখুৱাম। (১ পিত. ১:১৪-১৬) এইদৰে কৰিলে যিহোৱা আনন্দিত হʼব আৰু আমিও আনন্দিত হʼম। আমি যিহোৱাৰ পৰিয়ালৰ ভাগ হʼবলৈ চেষ্টা কৰোঁ বুলি প্ৰমাণ দেখুৱাওঁ।

৬. যিহোৱাই মানুহক সন্মান কৰে বুলি কেনেকৈ দেখুৱালে?

যিহোৱাই আমাৰ বাবে এখন সুন্দৰ ঘৰ বনালে। তেওঁ মানুহক সৃষ্টি কৰাৰ আগতে পৃথিৱীক সৃষ্টি কৰিলে। (ইয়ো. ৩৮:৪-৬; যিৰি. ১০:১২) যিহোৱা উদাৰশীল হয়, সেইবাবে মানুহে আনন্দিত থাকিবলৈ প্ৰয়োজন হোৱা সকলো বস্তু যিহোৱা ঈশ্বৰে বনালে। (গীত. ১০৪:১৪, ১৫, ২৪) তাৰ পাছত তেওঁ নিজে বনোৱা সৃষ্টিলৈ ধ্যান দিলে আৰু “সকলোকে চাই অতি উত্তম” বুলি কʼলে। (আদি. ১:১০, ১২, ৩১) যিহোৱাই যি সুন্দৰ সুন্দৰ বস্তু সৃষ্টি কৰিছিল, সেই বস্তুবোৰৰ ওপৰত মানুহক ‘গৰাকী পাতিলে’ অৰ্থাৎ অধিকাৰ দিলে। এইদৰে কৰাৰ যোগেদি যিহোৱা ঈশ্বৰে মানুহক সন্মান কৰে বুলি দেখুৱালে। (গীত. ৮:৬) সিদ্ধ মানুহে পৃথিৱীখনক চোৱা-চিতা কৰাটো যিহোৱাই বিচাৰে। ইয়াৰ বাবে আপুনি যিহোৱাক ধন্যবাদ দিয়েনে?

৭. যিহোচূৱা ২৪:১৫ পদৰ অনুসৰি যিহোৱাই আমাক নিজৰ নিৰ্ণয় নিজে লোৱাৰ অধিকাৰ দিছে বুলি কেনেকৈ জানিব পাৰি?

নিজৰ নিৰ্ণয় নিজে লʼবলৈ যিহোৱাই আমাক অধিকাৰ দিছে। আমি জীৱনত কি কৰিম, ইয়াৰ নিৰ্ণয় আমি নিজে লʼব পাৰোঁ। (যিহোচূৱা ২৪:১৫ পঢ়ক।) কিন্তু যেতিয়া আমি যিহোৱাৰ সেৱা কৰিবলৈ নিৰ্ণয় লওঁ, তেতিয়া তেওঁ বৰ আনন্দিত হয়। (গীত. ৮৪:১১; হিতো. ২৭:১১) এই স্বাধীনতাক ব্যৱহাৰ কৰি আমি জীৱনত সঠিক নিৰ্ণয় কেনেকৈ লʼব পাৰোঁ। আহক ইয়াৰ বিষয়ে জানিবলৈ আমি যীচুৰ উদাহৰণলৈ মন কৰোঁ।

৮. উদাহৰণ দি বুজাওক যে যীচুৱে কেনেকৈ নিজৰ স্বাধীনতাক সঠিকভাৱে ব্যৱহাৰ কৰিলে?

যীচুৱে সদায় নিজৰ পৰিৱৰ্তে আনৰ বিষয়ে চিন্তা কৰিছিল। এবাৰ যীচু আৰু তেওঁ শিষ্যসকলে বহুত ভাগৰি পৰিছিল। তেওঁলোকে এখন নিজান ঠাইত গৈ আৰাম কৰিব বিচাৰিছিল। কিন্তু যীচুৰপৰা শিকিবলৈ এটা ডাঙৰ ভীৰে তেওঁলোকৰ পাছে পাছে আহিছিল। সেইবাবে, তেওঁলোকে আৰাম কৰিব নোৱাৰিলে। যীচুৱে তেওঁলোকৰ ওপৰত খং কৰাৰ পৰিৱৰ্তে তেওঁলোকৰ প্ৰতি দয়া দেখুৱালে আৰু “তেওঁবিলাকক অনেক উপদেশ দিবলৈ ধৰিলে।” (মাৰ্ক ৬:৩০-৩৪) যীচুৰ নিচিনা আমিও নিজতকৈ আনৰ বিষয়ে বেছি চিন্তা কৰা উচিত। আমি আনক সহায় কৰিবলৈ নিজৰ সময় আৰু শক্তি ব্যৱহাৰ কৰিলে যিহোৱাৰ নাম মহিমা হয়। (মথি ৫:১৪-১৬) এইদৰে কৰাৰ যোগেদি আমি যিহোৱাৰ পৰিয়ালৰ ভাগ হʼব বিচাৰোঁ বুলি দেখুৱাওঁ।

৯. যিহোৱাই মানুহক কি বিশেষ উপহাৰ দিছে?

যিহোৱাই মানুহক সন্তান জন্ম দিয়াৰ দক্ষতা দিছে, তেওঁলোকে নিজৰ সন্তানক যিহোৱাক প্ৰেম কৰিবলৈ আৰু তেওঁৰ সেৱা কৰিবলৈ শিকাবলৈও দায়িত্ব দিছে। যিহোৱাই সন্তান জন্ম দিয়াৰ দক্ষতা কেৱল মানুহকে দিছে, তেওঁ স্বৰ্গদূতসকলক এই দক্ষতা দিয়া নাই। গতিকে পিতৃ-মাতৃসকল, আপোনালোকে এই বিশেষ উপহাৰৰ বাবে যিহোৱাৰ প্ৰতি কৃতজ্ঞ হয়নে? যিহোৱাই আপোনাক এক বিশেষ দায়িত্ব দিছে। আপুনি যিহোৱাৰ “শিক্ষা আৰু চেতনাত তেওঁবিলাকক প্ৰতিপালন” কৰাটো তেওঁ বিচাৰে। (ইফি. ৬:৪; দ্বিতী. ৬:৫-৭; গীত. ১২৭:৩) আপোনাক সহায় কৰিবলৈ সংগঠনে বহুতো প্ৰকাশন, ভিডিঅʼ, সংগীত আৰু ৱেবছাইটত বহুতো লেখ দিছে। গতিকে ইয়াৰপৰা বুজিব পাৰি যে যিহোৱা আৰু যীচুৱে লʼৰা-ছোৱালীক বহুত প্ৰেম কৰে। (লূক ১৮:১৫-১৭) আপুনি যিহোৱাৰ ওপৰত যেতিয়া ভৰসা কৰিব আৰু নিজৰ সন্তানসকলক ভালদৰে প্ৰতিপালন কৰিব, তেতিয়া তেওঁ বৰ আনন্দিত হʼব। লগতে এইদৰে কৰাৰ যোগেদি আপুনি নিজৰ সন্তানক যিহোৱাৰ পৰিয়ালৰ ভাগ হʼবলৈ সহায় কৰিব।

১০-১১. যীচুৰ বলিদানৰ যোগেদি যিহোৱাই মানুহক কি সুযোগ দিছে?

১০ যিহোৱাই নিজৰ একমাত্ৰ প্ৰিয় পুত্ৰক মানুহৰ বাবে বলিদান দিলে, যাতে তেওঁলোকে পুনৰ তেওঁৰ পৰিয়ালৰ ভাগ হʼব পাৰে। যেনেকৈ আমি  অনুচ্ছেদ ৪ ত পঢ়িলোঁ আদম, হৱা আৰু তেওঁলোকৰ সন্তানে যিহোৱাৰ পৰিয়ালৰ ভাগ হোৱাৰ সুযোগ হেৰুৱালে। (ৰোম. ৫:১২) আদম আৰু হৱাই জানি-শুনি যিহোৱাৰ বিৰুদ্ধে পাপ কৰিলে, সেইবাবে যিহোৱাই তেওঁলোকক নিজৰ পৰিয়ালৰপৰা উলিয়াই দিলে। কিন্তু তেওঁলোকৰ লʼৰা-ছোৱালীৰ বিষয়নো কি? যিহোৱা ঈশ্বৰে মানুহক বহুত প্ৰেম কৰে। সেইবাবে তেওঁ নিজৰ একমাত্ৰ প্ৰিয় পুত্ৰক বলিদান দিলে, যাতে যিসকলে তেওঁৰ আজ্ঞা মানি চলে, তেওঁলোকে পুনৰ তেওঁৰ পৰিয়ালৰ ভাগ হৈ পৰে। (যোহ. ৩:১৬; ৰোম. ৫:১৯) এই বলিদানৰ আধাৰতে যিহোৱাই ১,৪৪,০০০ জন লোকক নিজৰ পুত্ৰ হিচাপে তুলি লʼলে।—ৰোম. ৮:১৫-১৭; প্ৰকা. ১৪:১.

১১ ইয়াৰ উপৰিও লাখ লাখ লোকে যিহোৱাৰ আজ্ঞা মানি চলিছে। তেওঁলোকে জানে যে এহেজাৰ বছৰৰ পাছত বিশ্বাসৰ শেষ পৰীক্ষা হʼব। তাৰ পাছত তেওঁলোকে যিহোৱাৰ পৰিয়ালৰ ভাগ হৈ পৰিব। (গীত. ২৫:১৪; ৰোম. ৮:২০, ২১) সেইবাবে, তেওঁলোকে আজি যিহোৱাক নিজৰ “পিতৃ” হিচাপে গ্ৰহণ কৰে। (মথি ৬:৯) ইয়াৰ উপৰিও যিসকলক পুনৰ জীৱিত কৰা হʼব, তেওঁলোকক যিহোৱা আৰু তেওঁৰ মানদণ্ডৰ বিষয়ে শিকিবলৈ সুযোগ দিয়া হʼব। কিন্তু তেওঁলোকে যিহোৱাৰ উপাসনা কৰিবলৈ নিৰ্ণয় লʼলেহে, তেওঁলোকে যিহোৱাৰ পৰিয়ালৰ ভাগ হৈ পৰিব।

১২. আমি কি প্ৰশ্নৰ বিষয়ে আলোচনা কৰিম?

১২ যিহোৱাই বহুতো উপায়েৰে মানুহক সন্মান কৰিছে। তেওঁ অভিষিক্ত খ্ৰীষ্টানক নিজৰ সন্তান হিচাপে তুলি লৈছে আৰু ‘বৰ লোকসমূহে’ নতুন পৃথিৱীত তেওঁৰ সন্তান হৈ পৰিব। (প্ৰকা. ৭:৯) কিন্তু এতিয়া প্ৰশ্ন হৈছে যে আমি তেওঁৰ পৰিয়ালৰ ভাগ হʼবলৈ আজি কি কৰিব পাৰোঁ?

যিহোৱাৰ পৰিয়ালৰ ভাগ হʼবলৈ কি কৰিব পাৰোঁ?

১৩. আমি যদি যিহোৱাৰ পৰিয়ালৰ ভাগ হʼব বিচাৰোঁ, তেনেহʼলে কি কৰাৰ প্ৰয়োজন? (মাৰ্ক ১২:৩০)

১৩ সম্পূৰ্ণ হৃদয়েৰে যিহোৱাৰ সেৱা কৰক। (মাৰ্ক ১২:৩০ পঢ়ক।) যিহোৱাই আমাক বহুতো বস্তু দিছে। এই বস্তুবোৰৰ ভিতৰত আটাইতকৈ বিশেষ হৈছে যিহোৱাই আমাক তেওঁক প্ৰেম কৰিবলৈ আৰু উপাসনা কৰিবলৈ দক্ষতা দিছে। যেতিয়া আমি যিহোৱাৰ “আজ্ঞাবোৰ পালন কৰোঁ,” তেতিয়া আমি তেওঁক প্ৰেম কৰোঁ বুলি দেখুৱাওঁ। (১ যোহ. ৫:৩) তেওঁ দিয়া এটা আজ্ঞা হৈছে আমি লোকসকলক শিষ্য বনোৱা আৰু তেওঁলোকক বাপ্তিষ্মা দিয়া। (মথি ২৮:১৯) আন এটা আজ্ঞা হৈছে আমি এজনে-আনজনক প্ৰেম কৰা। (যোহ. ১৩:৩৫) যিসকল লোকে যিহোৱাৰ আজ্ঞা পালন কৰে, যিহোৱাই তেওঁলোকক নিজৰ পৰিয়ালৰ সদস্য হিচাপে গণ্য কৰে।—গীত. ১৫:১, ২.

১৪. আমি কি কি উপায়েৰে আনৰ প্ৰতি প্ৰেম দেখুৱাব পাৰোঁ? (মথি ৯:৩৬-৩৮; ৰোমীয়া ১২:১০)

১৪ আনক প্ৰেম কৰক। যিহোৱাৰ বিশেষ গুণ হৈছে প্ৰেম। (১ যোহ. ৪:৮) আমি যিহোৱাৰ বিষয়ে নজনা সময়ৰপৰাই তেওঁ আমাক প্ৰেম কৰে। (১ যোহ. ৪:৯, ১০) আমিও যিহোৱাৰ নিচিনা আনক প্ৰেম কৰা উচিত। (ইফি. ৫:১) এনে কৰাৰ এটা ভাল উপায় হৈছে এই জগতখন শেষ হোৱাৰ আগতে যিহোৱাৰ বিষয়ে আনক শিকোৱা। (মথি ৯:৩৬-৩৮ পঢ়ক।) এনে কৰিলে তেওঁলোকেও যিহোৱাৰ পৰিয়ালৰ ভাগ হʼবলৈ শিকিব। তেওঁলোকে বাপ্তিষ্মা লোৱাৰ পাছতো আমি তেওঁলোকৰ লগত প্ৰেম আৰু সন্মানেৰে ব্যৱহাৰ কৰা উচিত। (১ যোহ. ৪:২০, ২১) কেনেকৈ বাৰু? কল্পনা কৰকচোন এজন ভায়ে কিবা কৰিলে, কিন্তু আমি বুজি নাপাওঁ যে তেওঁ এইদৰে কিয় কৰিলে। সেইসময়ত তেওঁৰ উদ্দেশ্য ভুল আছিল বুলি আমি নাভাবিম আৰু তেওঁক সন্দেহ নকৰিম। ইয়াৰ পৰিৱৰ্তে আমি তেওঁক বিশ্বাস কৰিম, সন্মান কৰিম আৰু তেওঁক নিজতকৈ শ্ৰেষ্ঠ বুলি ভাবিম।—ৰোমীয়া ১২:১০ পঢ়ক; ফিলি. ২:৩.

১৫. আমি আৰু কাৰ লগত দয়াৰে ব্যৱহাৰ কৰা উচিত?

১৫ সকলোকে দয়া দেখুৱাওক। যদি আমি যিহোৱাৰ পৰিয়ালৰ ভাগ হʼব বিচাৰোঁ, তেনেহʼলে আমি বাইবেলৰ শিক্ষাৰ অনুসৰি কাম কৰা উচিত। উদাহৰণস্বৰূপে, যীচুৱে শিকাইছিল যে আমি সকলোৰে লগত দয়াৰে ব্যৱহাৰ কৰা উচিত। আনকি আমি শত্ৰুসকলৰ লগতো এইদৰে কৰা উচিত। (লূক ৬:৩২-৩৬) সকলো সময়তে এইদৰে কৰাটো সহজ নহʼবও পাৰে। কিন্তু আমি যীচুৰ দৰে চিন্তা আৰু ব্যৱহাৰ কৰা উচিত। যেতিয়া আমি যিহোৱাৰ আজ্ঞা মানি চলিবলৈ আৰু যীচুৰ নিচিনা হʼবলৈ চেষ্টা কৰোঁ, তেতিয়া আমি যিহোৱাৰ পৰিয়ালৰ ভাগ হʼব বিচাৰোঁ বুলি দেখুৱাওঁ।

১৬. যিহোৱাৰ পৰিয়ালৰ বদনাম নহʼবলৈ আমি কি কৰিব পাৰোঁ?

১৬ যিহোৱাৰ পৰিয়ালক বদনাম নকৰিব। সাধাৰণতে এটা পৰিয়ালত ডাঙৰক চাই সৰুৱে শিকে। যদি পৰিয়ালৰ ডাঙৰ লʼৰাই বাইবেলৰ সিদ্ধান্তৰ অনুসৰি কাম কৰে, তেনেহʼলে সৰু লʼৰাই ঠিক সেইদৰে কৰিব। কিন্তু ডাঙৰ লʼৰাই বেয়া কাম কৰিলে সৰু লʼৰাই তাক চাই বেয়া কাম কৰিবলৈ ধৰিব। যিহোৱাৰ পৰিয়ালতো ঠিক এইদৰে হয়। যেতিয়া এজন খ্ৰীষ্টানে ধৰ্মত্যাগী হয় বা অনৈতিক কাম কৰিবলৈ ধৰে, তেতিয়া আন খ্ৰীষ্টানে তেওঁলোকক চাই ঠিক সেইদৰে কৰিব পাৰে। এইদৰে কৰিলে যিহোৱাৰ পৰিয়ালৰ বদনাম হʼব পাৰে। (১ থিচ. ৪:৩-৮) যিসকলে বেয়া কাম কৰি থাকে, আমি তেওঁলোকৰ নিচিনা হʼব নিবিচাৰোঁ। বা যিহোৱাৰ লগত থকা আমাৰ সম্পৰ্ক নাইকিয়া হোৱা এনে কোনো কাম আমি কৰিব নিবিচাৰোঁ।

১৭. আমি কি ভবা উচিত নহয় আৰু কিয়?

১৭ ধন-সম্পত্তিৰ ওপৰত নহয় যিহোৱাৰ ওপৰত ভৰসা কৰক। যিহোৱাই প্ৰতিজ্ঞা কৰিছে যে যদি আমি তেওঁৰ ৰাজ্যক প্ৰথম স্থান দিওঁ, তেনেহʼলে তেওঁ আমাৰ সকলো প্ৰয়োজনীয়তা পূৰ কৰিব। (গীত. ৫৫:২২; মথি ৬:৩৩) আমি এই প্ৰতিজ্ঞাৰ ওপৰত ভৰসা কৰিলে ধন-সম্পত্তিয়ে আমাক প্ৰকৃত শান্তি আৰু সুৰক্ষা দিব বুলি কেতিয়াও নাভাবিম। কিয়নো আমি জানোঁ যে প্ৰকৃত শান্তি কেৱল যিহোৱাৰ ইচ্ছা পূৰ কৰিলেহে লাভ কৰিব পাৰি। (ফিলি. ৪:৬, ৭) হয়তো আমাৰ ওচৰত বহুতো বস্তু-বাহিনী কিনিবলৈ টকা আছে। কিন্তু সেই বস্তু-বাহিনীৰ চোৱা-চিতা কৰিবলৈ আৰু তাৰ আনন্দ লʼবলৈ আমাৰ ওচৰত ইমান শক্তি আৰু সময় আছেনে? বা সেই বস্তু-বাহিনীক আমি নিজৰ জীৱনত প্ৰথম স্থান দিবলৈ আৰম্ভ কৰিছোঁ নেকি? আমি মনত ৰখা উচিত যে যিহোৱাৰ সেৱাত আমাৰ বহুত কাম আছে আৰু সেই কাম আমি মনে-প্ৰাণে কৰাটো তেওঁ বিচাৰে। আমি সেই ধনী ডেকাৰ নিচিনা হʼব নিবিচাৰোঁ, যাৰ ওচৰত যিহোৱাৰ সেৱা কৰিবলৈ আৰু তেওঁৰ তুলি লোৱা পুত্ৰ হোৱাৰ সুযোগ আছিল। কিন্তু তেওঁ নিজৰ ধন-সম্পত্তিক বেছিকৈ প্ৰেম কৰিছিল। সেইবাবে তেওঁ এই সুযোগ হেৰুৱালে।—মাৰ্ক ১০:১৭-২২.

ভৱিষ্যতে যিহোৱাৰ সন্তানসকলে কি আশীৰ্বাদ লাভ কৰিব?

১৮. যিহোৱাৰ আজ্ঞা পালন কৰা লোকসকলে কি কি আশীৰ্বাদ লাভ কৰিব?

১৮ যিহোৱাৰ আজ্ঞা পালন কৰা লোকসকলে ডাঙৰ ডাঙৰ আশীৰ্বাদ পাব। তেওঁলোকে সদায় কাললৈকে যিহোৱাক প্ৰেম কৰিবলৈ আৰু সেৱা কৰিবলৈ সুযোগ লাভ কৰিব। ইয়াৰ উপৰিও যেতিয়া এই পৃথিৱীখনক এটা ধুনীয়া বাগিচালৈ পৰিৱৰ্তন কৰিব, তেতিয়া তাক চোৱা-চিতা কৰিবলৈ তেওঁলোকক সুযোগ দিয়া হʼব। আদম আৰু হৱাৰ বাবে হোৱা সকলো সমস্যাক যীচুৱে দূৰ কৰিব। যিহোৱা ঈশ্বৰে লাখ লাখ লোকক আকৌ জীৱিত কৰিব। তেওঁলোকে এই পৃথিৱীত ভাল স্বাস্থ্য আৰু অনন্ত জীৱন লাভ কৰিব। (লূক ২৩:৪২, ৪৩) যেতিয়া যিহোৱাৰ সেৱকসকলে সিদ্ধ হʼব, তেতিয়া তেওঁলোকে সম্পূৰ্ণৰূপে যিহোৱাৰ সন্তান হʼব আৰু তেওঁলোকে বাইবেলত কোৱা অনুসৰি ‘প্ৰতাপ আৰু সমাদৰ’ লাভ কৰিব।—ইব্ৰী ২:৭.

১৯. আপুনি কি কথা মনত ৰখা উচিত?

১৯ যিহোৱাই আপোনাক বহুত প্ৰেম কৰে আৰু আপুনি তেওঁৰ পৰিয়ালৰ ভাগ হোৱাটো তেওঁ বিচাৰে। যদি আপুনি ‘বৰ লোকসমূহৰ’ ভাগ হয়, তেনেহʼলে আপোনাৰ বাবে এক সুন্দৰ ভৱিষ্যত আছে আৰু এই ভৱিষ্যত লাভ কৰিবলৈ আপুনি সদায় যিহোৱাৰ হৃদয়ক আনন্দিত কৰক। ইয়াৰ উপৰিও তেওঁ কৰা প্ৰতিজ্ঞা সদায় মনত পেলাওক। তেওঁৰ উপাসনা আৰু মহিমা কৰিবলৈ আপুনি যি সুযোগ লাভ কৰিছে, তাক মূল্যাংকন কৰক।

গীত ১০৭ যিহোৱাৰ প্ৰেমৰ আৰ্হি

^ অনু. 5 এটা পৰিয়ালে আনন্দিত থাকিবলৈ হʼলে পৰিয়ালৰ সকলো সদস্যই জানিব লাগিব যে তেওঁলোকে কি কৰা উচিত আৰু এজনে-আনজনক কেনেকৈ সহায় কৰা উচিত। এজন পিতৃয়ে পৰিয়ালৰ মূৰব্বী হিচাপে পৰিয়ালৰ ভালদৰে চোৱা-চিতা কৰে, মাতৃয়ে পিতৃক সহযোগ কৰে আৰু লʼৰা-ছোৱালীয়ে পিতৃ-মাতৃৰ কথা শুনে। যিহোৱাৰ পৰিয়ালতো এইদৰে হয়। যিহোৱাই মানৱজাতিৰ বাবে এটা উদ্দেশ্য ৰাখিছে আৰু সেই উদ্দেশ্য অনুসৰি আমি যেতিয়া কাম কৰোঁ, তেতিয়া আমি তেওঁৰ পৰিয়ালৰ ভাগ হৈ পৰোঁ।

^ অনু. 55 ছবিৰ বিষয়ে: যিহোৱাই মানুহক নিজৰ গুণেৰে সৃষ্টি কৰিছে, সেইবাবে এহাল দম্পতীয়ে এজনে-আনজনক আৰু দুজন লʼৰাৰ লগতো প্ৰেমেৰে ব্যৱহাৰ কৰিছে। তেওঁলোকে যিহোৱাকো প্ৰেম কৰে। তেওঁলোকে যিহোৱাই দিয়া বিশেষ উপহাৰৰ প্ৰতি কৃতজ্ঞতা দেখুৱাবলৈ লʼৰা দুজনক যিহোৱাক প্ৰেম কৰিবলৈ আৰু সেৱা কৰিবলৈ শিকাইছে। যিহোৱাই যীচুৰ বলিদান কিয় দিলে, ইয়াৰ বিষয়ে বুজাবলৈ তেওঁলোকক ভিডিঅʼ দেখুৱাইছে। যেতিয়া নতুন পৃথিৱী হʼব, তেতিয়া তেওঁলোকে তাত পৃথিৱী আৰু জীৱ-জন্তুক চোৱা-চিতা কৰিব লাগিব বুলিও শিকাইছে।