Skip to content

Skip to table of contents

অধ্যয়নৰ লেখ ৩৩

যিহোৱাৰ সেৱাত যি কৰিব পাৰিছে, তাতে আনন্দিত হওক

যিহোৱাৰ সেৱাত যি কৰিব পাৰিছে, তাতে আনন্দিত হওক

“মন ভ্ৰমি ফুৰাতকৈ চকুৰে দেখাটোৱেই ভাল।”—উপ. ৬:৯.

গীত ১১১ আমাৰ আনন্দৰ বহুতো কাৰণ

লেখৰ এক আভাস *

১. যিহোৱাৰ সেৱা কৰিবলৈ বহুতো ভাই-ভনীয়ে কি লক্ষ্য ৰাখিছে?

অতি সোনকালে এই জগতৰ ধ্বংস হʼবলগীয়া আছে। (মথি ২৪:১৪; লূক ১০:২; ১ পিত. ৫:২) কিন্তু এতিয়াও বহুতো কাম বাকী আছে। আমি সকলোৱে মনে-প্ৰাণে এই কামত ভাগ লোৱাটো বিচাৰোঁ। সেইবাবে, বহুতো ভাই-ভনীয়ে অগ্ৰগামী সেৱা কৰিবলৈ, বেথেলত সেৱা কৰিবলৈ বা নিৰ্মাণ কামত ভাগ লʼবলৈ লক্ষ্য ৰাখিছে। ইয়াৰ উপৰিও বহুতো ভায়ে পৰিচাৰক আৰু প্ৰাচীন হোৱাৰ লক্ষ্য ৰাখিছে আৰু পৰিশ্ৰম কৰিছে। (১ তীম. ৩:১, ৮) যেতিয়া যিহোৱাই নিজৰ লোকসকলক এইদৰে পৰিশ্ৰম কৰা দেখে, তেতিয়া তেওঁ আনন্দিত হয়।—গীত. ১১০:৩; যিচ. ৬:৮.

২. আমি লক্ষ্যত উপনীত হʼব নোৱাৰিলে, কি হʼব পাৰে?

কেতিয়াবা কেতিয়াবা নিজৰ লক্ষ্যত উপনীত হʼবলৈ আমাৰ বাবে কঠিন হʼব পাৰে। সেইবাবে, আমি নিৰাশ হʼব পাৰোঁ। ইয়াৰ বহুতো কাৰণ হʼব পাৰে। যেনে, আমাৰ বয়স পাৰ হৈছে বা আমাৰ পৰিস্থিতি ভাল নহʼব পাৰে। (হিতো. ১৩:১২) ভনী মঞ্জুৰ * লগতো এইদৰে হৈছিল। তাইৰ বেথেলত সেৱা কৰিবলৈ বা ৰাজ্য প্ৰচাৰকসকলৰ স্কুলত যাবলৈ বৰ ইচ্ছা আছিল। তাই এইদৰে কৈছে, “মোৰ বয়স বেছি হোৱাৰ বাবে মই মোৰ লক্ষ্যত উপনীত হʼব নোৱাৰিলোঁ। সেইবাবে, এই বিষয়ে ভাবি মোক দুখ লাগে।”

৩. এজন ভায়ে দায়িত্ব লাভ কৰিবলৈ কি কৰিব লাগিব?

আনহাতে, কিছুমান ডেকা ভায়ে সোনকালে নিজৰ লক্ষ্যত উপনীত হʼব নোৱাৰে। তেওঁলোকক কিছুমান গুণ বঢ়োৱাৰ প্ৰয়োজন হʼব পাৰে। যদিও তেওঁলোক বুদ্ধিমান হয়, তেওঁলোকৰ উৎসাহ আছে আৰু যিকোনো কাম সোনকালে কৰিব পাৰে। তথাপি তেওঁলোকক কিছুমান গুণ বঢ়োৱাৰ প্ৰয়োজন আছে। উদাহৰণস্বৰূপে, ধৈৰ্য্য ধৰা, সকলো কাম মনোযোগেৰে কৰা আৰু আনক সন্মান কৰা। যদি তেওঁলোকে এই গুণবোৰ বঢ়ায়, তেনেহʼলে তেওঁলোকে সহজে নিজৰ লক্ষ্যত উপনীত হʼব পাৰিব। ভাই নিকৰ উদাহৰণলৈ মন কৰক। যেতিয়া তেওঁ ২০ বছৰৰ আছিল, তেতিয়া তেওঁক পৰিচাৰক নবনোৱাৰ কাৰণে নিৰাশ হৈ পৰিছিল। তেওঁ এইদৰে কৈছে, “মোৰ অনুভৱ হৈছিল যে মোৰ কিবা দুৰ্বলতা আছে।” কিন্তু ভাই নিকে হাৰ মনা নাছিল। তেওঁ প্ৰচাৰ কামত বহুত পৰিশ্ৰম কৰিছিল আৰু মণ্ডলীৰ কামতো সহায় কৰিছিল। আজি তেওঁ শাখা-সমিতিৰ সদস্য হয়।

৪. এই লেখত কি কি বিষয়ে আলোচনা কৰা হʼব?

আপুনি যদি নিজৰ লক্ষ্যত উপনীত হʼব পৰা নাই, তেনেহʼলে নিৰাশ হোৱাৰ পৰিৰ্ৱতে যিহোৱালৈ প্ৰাৰ্থনা কৰক। আপুনি তেওঁক নিজৰ সকলো কথা জনাব পাৰে। (গীত. ৩৭:৫-৭) আপুনি মণ্ডলীৰ অভিজ্ঞ ভাইসকলৰপৰাও সহায় লʼব পাৰে। তেওঁলোকে আপোনাক ভাল পৰামৰ্শ দিব পাৰে, যাতে আপুনি যিহোৱাৰ সেৱা ভালদৰে কৰিব পাৰে। তেওঁলোকৰ পৰামৰ্শ শুনক আৰু পালন কৰক। আপোনাৰো পৰিস্থিতি যদি ভনী মঞ্জুৰ দৰে হয়, তেনেহʼলে আপুনি নিজৰ আনন্দ বজাই ৰাখিবলৈ কি কৰিব পাৰে। এই প্ৰশ্নৰ উত্তৰ এই লেখত আলোচনা কৰা হয় আৰু লগতে এয়াও আলোচনা কৰা হʼব যে (১) আনন্দত থাকিবলৈ কি কৰিব লাগিব, (২) বেছিকৈ আনন্দ লাভ কৰিবলৈ কি কৰিব পাৰোঁ আৰু (৩) আনন্দ পাবলৈ আমি কি কি লক্ষ্য ৰাখিব পাৰোঁ।

আনন্দত থাকিবলৈ কি কৰিব লাগিব?

৫. আনন্দত থাকিবলৈ আমি কি কৰিব লাগিব? (উপদেশক ৬:৯)

উপদেশক ৬:৯ পদত কোৱা হৈছে যে আমি আনন্দত থাকিবলৈ কি কৰা উচিত। (পঢ়ক।) আমি যদি চকুৰে দেখি পোৱা বস্তুবোৰলৈ ধ্যান দিওঁ, অৰ্থাৎ আমাৰ ওচৰত যি আছে আৰু আমাক পৰিস্থিতি যি হয়, তালৈ ধ্যান দিওঁ, তেনেহʼলে আমি আনন্দিত থাকিম। কিন্তু আমি কেতিয়াও লাভ কৰিব নোৱাৰা বস্তুবোৰলৈ মন দিলে, আমি আনন্দত থাকিব নোৱাৰিম।

৬. আমি কিহৰ উদাহৰণ আলোচনা কৰিম আৰু তাৰপৰা আমি কি শিকিম?

আপুনি কি ভাবে আমাৰ ওচৰত যি আছে, আমি তাতে আনন্দিত থাকিব পাৰিমনে? বহুতোলোকে নোৱাৰিম বুলি কয়। কিয়নো মানুহে সদায় নতুন নতুন কথা শিকিবলৈ আৰু নতুন নতুন কাম কৰিবলৈ ইচ্ছা কৰে। কিন্তু বাইবেলে কৈছে যে আমাৰ ওচৰত যি আছে আমি তাতে আনন্দিত থাকিব পাৰিম। কেনেকৈ বাৰু? আহক ইয়াৰ বিষয়ে জানিবলৈ মথি ২৫:১৪-৩০ পদত দিয়া গাগৰিৰ উদাহৰণলৈ মন কৰোঁ। এই উদাহৰণৰপৰা আমি শিকিম যে আমি যিহোৱাৰ সেৱাত আৰু আনন্দ কেনেকৈ লাভ কৰিব পাৰিম।

বেছিকৈ আনন্দ কেনেকৈ লাভ কৰিব পাৰি?

৭. গাগৰিৰ উদাহৰণৰ বিষয়ে চমুকৈ কওক।

যীচুৱে উদাহৰণত উল্লেখ কৰিছে যে এজন ব্যক্তিয়ে বিদেশলৈ যাবলৈ ওলাইছে। কিন্তু যোৱাৰ আগতে তেওঁ নিজৰ তিনিজন দাসক মাতে আৰু তেওঁলোকৰ দক্ষতা অনুসৰি গাগৰি অৰ্থাত ৰূপৰ মুদ্ৰা দিয়ে। * তেওঁ প্ৰথমজন দাসক পাঁচ গাগৰি, দ্বিতীয়জনক দুই আৰু তৃতীয়জনক এটা গাগৰি দিলে। প্ৰথম আৰু দ্বিতীয়জন দাসে পৰিশ্ৰম কৰে আৰু বহুতো গাগৰি উপাৰ্জন কৰে। কিন্তু তৃতীয়জন দাসে কোনো পৰিশ্ৰম নকৰে। সেইবাবে, মালিকে তেওঁক কামৰপৰা উলিয়াই দিয়ে।

৮. প্ৰথমজন দাসে হয়তো কিয় আনন্দিত আছিল?

যেতিয়া মালিকে প্ৰথমজন দাসক ইমান টকা দিছিল, তেতিয়া তেওঁ হয়তো আনন্দিত আছিল। তেওঁ ভাবিছিল যে মালিকে মোৰ ওপৰত ইমান ভৰসা কৰে। কিন্তু এয়া দেখি দ্বিতীয়জন দাসে নিৰাশ হʼব পাৰিলেহেঁতেন। কিয়নো মালিকে তেওঁক প্ৰথমজন দাসৰ সমান টকা দিয়া নাই। কিন্তু তেওঁ নিৰাশ হৈ পৰিলেনে?

যীচুৱে উদাহৰণত কোৱা দ্বিতীয় দাসজনৰপৰা আমি কি শিকিব পাৰোঁ? (১) মালিকে তেওঁক দুটা গাগৰি দিলে। (২) তেওঁ পৰিশ্ৰম কৰি বহুতো টকা অৰ্জন কৰিলে। (৩) তেওঁ মালিকৰ টকা দুগুণ বঢ়ালে। (অনুচ্ছেদ ৯-১১ চাওক)

৯. দ্বিতীয়জন দাসে কি ভবা নাছিল? (মথি ২৫:২২, ২৩)

মথি ২৫:২২, ২৩ পঢ়ক। উদাহৰণত কʼতো উল্লেখ নাই যে দ্বিতীয়জন দাসে খং কৰিছিল বা নিৰাশ হৈ পৰিছিল। বা তেওঁ এইদৰেও ভবা নাছিল, “মালিকে প্ৰথমজন দাসক পাঁচ গাগৰি দিলে, কিন্তু মোক দুটা গাগৰিহে দিছে। মোৰ তেওঁৰ সমান দক্ষতা নাইনে? তেওঁ মোৰ কামৰপৰা আনন্দিত নাই। গতিকে মই তেওঁৰ বাবে কিয় কাম কৰিম। মই নিজৰ বাবে কাম কৰিম।”

১০. দ্বিতীয়জন দাসে কি কৰিলে?

১০ প্ৰথমজন দাসৰ দৰে দ্বিতীয়জন দাসেও বহুত পৰিশ্ৰম কৰিলে আৰু তেওঁৰ এই পৰিশ্ৰম দেখি তেওঁৰ মালিক বহুত আনন্দিত হʼল। তেওঁ দুটা গাগৰিৰপৰা চাৰিটা গাগৰি উপাৰ্জন কৰিলে। সেইবাবে, মালিকে তেওঁক বেছি দায়িত্ব দিলে।

১১. যিহোৱাৰ সেৱাত আমি আৰু আনন্দ কেনেকৈ লাভ কৰিব পাৰিম?

১১ দ্বিতীয়জন দাসৰ দৰে আমিও প্ৰতিটো কাম মনে-প্ৰাণে কৰা উচিত। বিশেষকৈ আমি প্ৰচাৰ কাম ‘মনোযোগেৰে’ কৰা উচিত আৰু মণ্ডলীত আমাক যিয়ে কাম দিয়ে, সেই কাম আমি সময় মতে আৰু ভালদৰে কৰা উচিত। (পাঁচ. ১৮:৫; ইব্ৰী ১০:২৪, ২৫) আমি কোনো কামক সৰু বুলি ভবা উচিত নহয়। ইয়াৰ উপৰিও সভাবোৰত উত্তৰ দিবলৈ আৰু আমাক যি বিদ্যাৰ্থী ভাগ দিয়া হয়, সেই ভাগ আমি ভালদৰে তৈয়াৰী কৰা উচিত। (হিতো. ২২:২৯) যদি আমি যিহোৱাৰ সেৱাত পৰিশ্ৰম কৰোঁ, তেনেহʼলে তেওঁৰ লগত আমাৰ বন্ধুত্ব আৰু ঘনিষ্ট হʼব আৰু আমি আনন্দও লাভ কৰিম। (গালা. ৬:৪) ইয়াৰ উপৰিও আমি কোনো এটা দায়িত্ব লাভ কৰিবলৈ বিচাৰিছিলোঁ, কিন্তু সেই দায়িত্ব যদি আনে লাভ কৰে, তেন্তে সেইসময়তো আমি আনন্দিত হʼম।—ৰোম. ১২:১৫; গালা. ৫:২৬.

১২. ভনী মঞ্জু আৰু ভাই নিকে নিজৰ আনন্দ বঢ়াবলৈ কি কৰিলে?

১২ মন কৰক যে অনুচ্ছেদ ২-ত উল্লেখ কৰা ভনী মঞ্জুৱে কি কৰিলে। তাই নিজৰ লক্ষ্যত উপনীত হʼব পৰা নাছিল। সেইসময়ত তাই কি কৰিলে, তাই এইদৰে কৈছে, “মই অগ্ৰগামী সেৱা কৰিবলৈ বেছিকৈ ধ্যান দিলোঁ আৰু প্ৰচাৰত বেলেগ বেলেগ উপায় ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰিলোঁ। এইদৰে কৰি মই আনন্দ লাভ কৰিলোঁ।” অনুচ্ছেদ ৩-ত উল্লেখ কৰা ভাই নিকেও এইদৰে কৰিলে। তেওঁ নিৰাশ হৈ পৰিছিল, কিন্তু নিজৰ আনন্দ বঢ়াবলৈ তেওঁ কিছুমান পদক্ষেপ লʼলে। তেওঁ এইদৰে কৈছে, “মই যিবোৰ কৰিব পাৰিছিলোঁ, সেইবোৰ কৰিলোঁ। মই প্ৰচাৰত বেছিকৈ ভাগ লʼলোঁ আৰু সভাত ভালদৰে উত্তৰ দিবলৈ চেষ্টা কৰিলোঁ। মই বেথেল সেৱাৰ বাবে আবেদন পত্ৰও দিলোঁ আৰু তাৰ এবছৰৰ পাছতে মোক তালৈ মতা হʼল।”

১৩. আমি মনে-প্ৰাণে নিজৰ দায়িত্ব পালন কৰিলে কি হʼব? (উপদেশক ২:২৪)

১৩ আমাৰ ওচৰত যি দায়িত্ব আছে, সেই দায়িত্বক মনে-প্ৰাণে পালন কৰিলে আমি ভাই নিকৰ নিচিনা আগলৈ গৈ আৰু দায়িত্ব লাভ কৰিম। যদিও আমি দায়িত্ব লাভ নকৰোঁ, তথাপি আমি ভনী মঞ্জুৰ নিচিনা আনন্দ আৰু সন্তুষ্টি লাভ কৰিম। (উপদেশক ২:২৪ পঢ়ক।) ইয়াৰ উপৰিও আমি এই কথাত আনন্দিত হʼম যে আমাৰ পৰিশ্ৰমত আমাৰ মালিক অৰ্থাৎ যীচু খ্ৰীষ্ট আনন্দিত হৈছে।

আনন্দ পোৱা লক্ষ্য ৰাখক

১৪. আমি যিহোৱাৰ সেৱাত কি কৰা উচিত?

১৪ আমি যদি যিহোৱাৰ সেৱা মনে-প্ৰাণে কৰি আছোঁ, তেনেহʼলে তাতে সন্তুষ্টি হোৱা উচিতনে বা আৰু কোনো লক্ষ্য ৰখা উচিত নহয়? এনে ভবা উচিত নহয়। কিয়নো আমি যিহোৱাৰ সেৱাত সদায় কিবা নহয় কিবা লক্ষ্য ৰখা উচিত। আমি এনে লক্ষ্য ৰখা উচিত, যাৰ যোগেদি আমি এজন ভাল প্ৰচাৰক আৰু শিক্ষক হʼব পাৰোঁ। ইয়াৰ উপৰিও আমি ভাই-ভনীসকলক বেছিকৈ সহায় কৰিব পাৰিম। যেতিয়া আমি নিজলৈ ধ্যান নিদি নম্ৰভাৱে আনৰ সেৱা কৰোঁ, তেতিয়াহে আমি এই লক্ষ্যবোৰত উপনীত হʼব পাৰিম।—হিতো. ১১:২; পাঁচ. ২০:৩৫.

১৫. আপুনি আনন্দিত হʼবলৈ কি কি লক্ষ্য ৰাখিব পাৰে?

১৫ আপুনি যিহোৱাৰ সেৱাত কি লক্ষ্য ৰাখিব পাৰে? আপুনি সহকাৰী অগ্ৰগামী সেৱা, নিয়মিত অগ্ৰগামী সেৱা, বেথেল সেৱা বা নিৰ্মাণ কাৰ্য্যতো ভাগ লʼবলৈ লক্ষ্য ৰাখিব পাৰে। আপুনি বেলেগ ভাষা শিকিবলৈ অথবা প্ৰচাৰকৰ প্ৰয়োজন হোৱা ঠাইলৈ গৈ প্ৰচাৰ কৰিবলৈ লক্ষ্য ৰাখিব পাৰে। এই লক্ষ্যবোৰত উপনীত হʼবলৈ আপুনি কি কৰিব পাৰে, ইয়াৰ বিষয়ে জানিবলৈ আপুনি যিহোৱাৰ ইচ্ছা পালন কৰিবলৈ সংগঠিত (হিন্দী) নামৰ কিতাপখনৰ অধ্যায় ১০ পঢ়ক আৰু প্ৰাচীনসকলৰ লগত কথা পাতক। * ইয়াৰ উপৰিও আপুনি যিহোৱালৈও প্ৰাৰ্থনা কৰক আৰু তেওঁক সোধক যে কোনটো লক্ষ্য ৰাখিলে বেছি ভাল হʼব। (হিতো. ১৬:৩; যাকো. ১:৫) যদি আপুনি এই লক্ষ্যত উপনীত হʼবলৈ পৰিশ্ৰম কৰে, তেনেহʼলে সকলোৱে আপোনাৰ উন্নতি দেখিব। এইদৰে কৰাৰ যোগেদি আপুনি আনন্দ লাভ কৰিব।

১৬. আপুনি এটাও লক্ষ্য ৰাখিব নোৱাৰিলে কি কৰিব পাৰে?

১৬ আপোনাৰ পৰিস্থিতিৰ বাবে ইয়াত উল্লেখ থকা এটাও লক্ষ্য হয়তো আপুনি ৰাখিব নোৱাৰে। কিন্তু আপুনি এনে লক্ষ্য ৰাখিব পাৰে, যি লক্ষ্যত আপুনি উপনীত হʼব পাৰে।

আপুনি উপনীত হʼব পৰা এনে কি এটা লক্ষ্য ৰাখিব পাৰে? (অনুচ্ছেদ ১৭ চাওক) *

১৭. প্ৰথম তীমথিয় ৪:১৩, ১৫ পদৰ অনুসৰি এজনে ভায়ে ভাল শিক্ষক হʼবলৈ কি কৰিব পাৰে?

১৭ প্ৰথম তীমথিয় ৪:১৩, ১৫ পঢ়ক। যদি আপুনি এজন বাপ্তিষ্মা লোৱা ভাই হয়, তেনেহʼলে পঢ়া আৰু শিক্ষাত দিয়াত আপুনি উন্নতি কৰিব পাৰে। কিয় বাৰু? কিয়নো এইদৰে কৰাত “মনোযোগ” দিলে শুনোতাসকলৰ লাভ হʼব। আপুনি পঢ়া আৰু শিক্ষা দিয়াত উন্নতি কৰক নামৰ ব্ৰচাৰখন অধ্যয়ন কৰিবলৈও লক্ষ্য ৰাখিব পাৰে। প্ৰতিটো গুণকে এটা এটাকৈ অধ্যয়ন কৰিবলৈ চেষ্টা কৰক, তাত দিয়া পৰামৰ্শ পালন কৰক আৰু সেই অনুসৰি ভাষণ দিবলৈ চেষ্টা কৰক। সহকাৰী পৰামৰ্শ দিয়া ভাইজনৰপৰা বা আন প্ৰাচীনসকলৰপৰা সহায় বিচাৰক, “যিবিলাকে বাক্য আৰু শিক্ষাত পৰিশ্ৰম কৰে।” * (১ তীমথিয় ৫:১৭) ইয়াৰ লগতে শুনোতাসকলৰ বিশ্বাস বঢ়াবলৈ চেষ্টা কৰক আৰু তেওঁলোকক পদক্ষেপ লʼবলৈ উৎসাহিত কৰক। যদি আপুনি এইদৰে কৰে, তেনেহʼলে আপুনিও আনন্দিত হʼব আৰু তেওঁলোকেও আনন্দিত হʼব।

আপুনি উপনীত হʼব পৰা এনে কি এটা লক্ষ্য ৰাখিব পাৰে? (অনুচ্ছেদ ১৮ চাওক) *

১৮. আমি প্ৰচাৰ কৰা দক্ষ্যতা কেনেকৈ বঢ়াব পাৰোঁ?

১৮ প্ৰতিজন খ্ৰীষ্টানক এটা ডাঙৰ দায়িত্ব দিয়া হৈছে। সেয়া হৈছে, প্ৰচাৰ কৰা আৰু শিষ্য বনোৱা কাৰ্য্য। (মথি ২৮:১৯, ২০; ৰোম. ১০:১৪) এই দায়িত্বক ভালদৰে পূৰ কৰিবলৈ আমি কিছুমান লক্ষ্য ৰাখিব পাৰোঁ। এই লক্ষ্যবোৰত উপনীত হʼবলৈ আমি শিক্ষা ব্ৰচাৰখন অধ্যয়ন কৰিব পাৰোঁ আৰু তাত দিয়া পৰামৰ্শ পালন কৰিব পাৰোঁ। আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা আৰু আলোচনাৰ বাবে আৰ্হিত দিয়া ভিডিঅʼখনত বহুতো পৰামৰ্শ দিয়া হৈছে। প্ৰচাৰ কাৰ্য্যত আমি এই পৰামৰ্শবোৰ ব্যৱহাৰ কৰিব পাৰোঁ। এইদৰে কৰিলে আমি এজন ভাল শিক্ষক হʼব পাৰিম আৰু আমি আনন্দও লাভ কৰিম।—২ তীম. ৪:৫.

আপুনি উপনীত হʼব পৰা এনে কি এটা লক্ষ্য ৰাখিব পাৰে? (অনুচ্ছেদ ১৯ চাওক) *

১৯. আপুনি যিহোৱাই ভালপোৱা গুণবোৰ কেনেকৈ বঢ়াব পাৰে?

১৯ আমি সকলোৱে যিহোৱাই ভালপোৱা গুণবোৰ বঢ়াবলৈ লক্ষ্য ৰখা উচিত। (গালা. ৫:২২, ২৩; কল. ৩:১২; ২ পিত. ১:৫-৮) উদাহৰণস্বৰূপে, বিশ্বাসৰ গুণ। আপুনি এই গুণ কেনেকৈ বঢ়াব পাৰে? বিশ্বাসৰ বিষয়ে উল্লেখ থকা আমাৰ বহুতো প্ৰকাশন আছে। আপুনি সেইবোৰ পঢ়িব পাৰে আৰু তাত দিয়া পৰামৰ্শ পালন কৰিব পাৰে। JW ব্ৰʼডকাষ্টিঙত এনে বহুতো ভাই-ভনীৰ অনুভৱ দিয়া আছে, যিসকলে কঠিন পৰিস্থিতিতো বিশ্বাস ৰাখিছিল। আপুনিও তেওঁলোকৰ নিচিনা হʼবলৈ চেষ্টা কৰিব পাৰে।

২০. আমি বেছিকৈ আনন্দ লাভ কৰিবলৈ কি কৰিব পাৰোঁ?

২০ আমি যিহোৱাৰ সেৱাত বহুতো কাম কৰিব বিচাৰোঁ। কিন্তু আমি হয়তো কৰিব নোৱাৰোঁ। নতুন পৃথিৱীত কোনো কথাই আমাক বাধা দিব নোৱাৰে। সেইসময়লৈকে আমি যিয়ে কৰিব পাৰোঁ, সেয়া মনে-প্ৰাণে কৰিলে আমি নিৰাশ নহʼম আৰু আমি আনন্দও লাভ কৰিম। আটাইতকৈ গুৰুত্বপূৰ্ণ কথা যে আমি “পৰম-ধন্য” ঈশ্বৰ অৰ্থাৎ আনন্দিত ঈশ্বৰ যিহোৱাক সন্মান কৰিব পাৰিম আৰু তেওঁৰ মহিমা কৰিব পাৰিম। (১ তীম. ১:১১) গতিকে আহক আমি যিয়ে দায়িত্ব লাভ কৰোঁ, তাতে আনন্দিত হওঁ!

গীত ৮২ ‘তোমালোকৰ পোহৰ প্ৰকাশিত হওক’

^ অনু. 5 আমি যিহোৱা ঈশ্বৰক বহুত প্ৰেম কৰোঁ। সেইবাবে, আমি তেওঁৰ সেৱা বেছিকৈ কৰিব বিচাৰোঁ। আমি হয়তো বেছিকৈ প্ৰচাৰ কৰিবলৈ আৰু মণ্ডলীত আৰু দায়িত্ব লাভ কৰিবলৈ লক্ষ্য ৰাখিছোঁ। কিন্তু ইমান পৰিশ্ৰম কৰাৰ পাছতো আমি সেই লক্ষ্যবোৰত উপনীত নহʼবও পাৰোঁ। এনে পৰিস্থিতিত আমি কি কৰা উচিত, যাতে আমি আনন্দেৰে যিহোৱাৰ সেৱা কৰি থাকিব পাৰোঁ? এই প্ৰশ্নবোৰৰ উত্তৰ আমি যীচুৱে দিয়া গাগৰিৰ উদাহৰণৰপৰা জানিব পাৰিম।

^ অনু. 2 কিছুমান নাম সলনি কৰা হৈছে।

^ অনু. 7 ইয়াৰ অৰ্থ কি? এটা গাগৰিৰ মূল্য এজন সাধাৰণ শ্ৰমিকৰ প্ৰায় ২০ বছৰৰ দৰমহা আছিল।

^ অনু. 15 বাপ্তিষ্মা লোৱা ভাইসকলক পৰিচাৰক আৰু প্ৰাচীন হোৱাৰ লক্ষ্য ৰাখিবলৈ উৎসাহিত কৰা হয়। এই লক্ষ্যত উপনীত হʼবলৈ কি কি যোগ্যতা হোৱা উচিত, এই বিষয়ে জানিবলৈ তেওঁলোকে যিহোৱাৰ ইচ্ছা পালন কৰিবলৈ সংগঠিত (হিন্দী) কিতাপৰ অধ্যায় ৫ আৰু পঢ়িব পাৰে।

^ অনু. 17 ইয়াৰ অৰ্থ কি? মণ্ডলীৰ এজন প্ৰাচীনক সহকাৰী পৰামৰ্শ দিওতা হিচাপে নিযুক্ত কৰা হয়। তেওঁ প্ৰয়োজন হʼলে পৰিচাৰক আৰু প্ৰাচীনসকলক অকলে তেওঁলোকৰ ভাগবোৰৰ বাবে পৰামৰ্শ দিয়ে।

^ অনু. 64 ছবিৰ বিষয়ে: এজন ভায়ে ভাল শিক্ষক হʼবলৈ লক্ষ্য ৰাখিছে আৰু তাৰ বাবে তেওঁ প্ৰকাশন পঢ়ি আছে।

^ অনু. 66 ছবিৰ বিষয়ে: এগৰাকী বৃদ্ধ ভনীয়ে বেলেগ বেলেগ পৰিস্থিতিত প্ৰচাৰ কৰিবলৈ লক্ষ্য ৰাখিছে। তাই হোটেলত এজনী ছোৱালীক যোগাযোগৰ কাৰ্ডখন দি আছে।

^ অনু. 68 ছবিৰ বিষয়ে: এগৰাকী ভনীয়ে দানশীল হʼবলৈ লক্ষ্য ৰাখিছে। তাই এগৰাকী ভনীৰ বাবে খোৱা বস্তু আনি দিছে।