Skip to content

Skip to table of contents

অধ্যয়নৰ লেখ ৩৪

যিহোৱা যে দয়ালু পৰীক্ষা কৰি চোৱা

যিহোৱা যে দয়ালু পৰীক্ষা কৰি চোৱা

“যিহোৱা যে মঙ্গলময়, তাক তোমালোকে আস্বাদন কৰি চোৱা; তেওঁত আশ্ৰয় লওঁতা লোক ধন্য।”—গীত. ৩৪:৮.

গীত ১১৭ দয়াৰ গুণ

লেখৰ অক আভাস *

১-২. যিহোৱা যে দয়ালু ইয়াৰ বিষয়ে জানিবলৈ আমি কি কৰিব পাৰোঁ? (গীতমালা ৩৪:৮)

কল্পনা কৰক আপোনাক এনে এক আহাৰ খাবলৈ দিছে, যি আগতে আপুনি কেতিয়াও খোৱা নাই। হয়তো আপুনি এই আহাৰ গুন্ধ লোৱাৰ পাছত অলপ বুজিব পাৰিলে যে এই আহাৰ কেনেকুৱা হʼব। বা আপুনি কাৰোবাক শুধিব পাৰে যে ইয়াক কেনেকৈ বনোৱা হৈছে আৰু ইয়াৰ সোৱাদ কেনেকুৱা। কিন্তু এই আহাৰ খোৱাৰ পাছতহে আপুনি জানিব পাৰিব যে ইয়াৰ সোৱাদ কেনেকুৱা হয়।

ঠিক সেইদৰে আমি বাইবেল আৰু প্ৰকাশনবোৰ পঢ়াৰ যোগেদি যিহোৱাৰ দয়া গুণৰ বিষয়ে কিছু কথা জানিব পাৰিম। তেওঁ কিমান দয়ালু হয়, ইয়াৰ বিষয়ে আমি আনৰ অভিজ্ঞতাৰপৰাও জানিব পাৰোঁ। কিন্তু তেওঁৰ দয়া গুণৰ বিষয়ে ভালদৰে জানিবলৈ আমি তেওঁক “আস্বাদ” অৰ্থাৎ সোৱাদ কৰি চোৱা উচিত। (গীতমালা ৩৪:৮ পঢ়ক।) কেনেকৈ বাৰু? ধৰি লওক আপুনি অগ্ৰগামী সেৱা কৰিব বিচাৰিছে। এই বিষয়ে যীচুৱে প্ৰতিজ্ঞা কৰিছিল যে যদি আমি ঈশ্বৰৰ ৰাজ্যক প্ৰথম স্থান দিওঁ, তেনেহʼলে যিহোৱাই আমাৰ সকলো প্ৰয়োজনীয়তা পূৰ কৰিব। (মথি ৬:৩৩) আমি অগ্ৰগামী সেৱা কৰিবলৈ হʼলে যীচুৰ প্ৰতিজ্ঞাৰ ওপৰত সম্পূৰ্ণৰূপে ভৰসা কৰিব লাগিব, আমাৰ দৈনন্দিন জীৱন সৰল কৰিব লাগিব, খৰচ-পাতি কম কৰিব লাগিব, চাকৰিত সাল-সলনি কৰিব লাগিব আৰু ঈশ্বৰৰ সেৱাত সম্পূৰ্ণৰূপে ধ্যান দিব লাগিব। এইদৰে কৰি গৈ থাকিলে আমি নিজে দেখা পাম যে যিহোৱাই আমাৰ প্ৰয়োজনীয়তাৰ প্ৰতি ধ্যান দিছে। এইদৰে আমি নিজে “আস্বাদ” কৰি চাব পাৰিম যে যিহোৱা কিমান দয়ালু হয়।

৩. গীতমালা ১৬:১, ২ পদৰ অনুসৰি যিহোৱাই বিশেষকৈ কোন লোকসকলক দয়া দেখুৱায়?

যিহোৱাই “সকলোলৈকে মঙ্গল” কৰে অৰ্থাৎ দয়া দেখুৱায়। যিসকলে তেওঁক নাজানে তেওঁলোককো যিহোৱাই দয়া দেখুৱায়। (গীত. ১৪৫:৯; মথি ৫:৪৫) বিশেষকৈ যিসকলে যিহোৱাক প্ৰেম কৰে আৰু মনে-প্ৰাণে সেৱা কৰে, তেওঁলোকক যিহোৱাই আশীৰ্বাদ দিয়ে। (গীতমালা ১৬:১, ২ পঢ়ক।) তেওঁ আমাক কি কি উপায়েৰে দয়া দেখুৱায়, আহক ইয়াৰ বিষয়ে আলোচনা কৰোঁ।

৪. এজন ব্যক্তিয়ে যিহোৱাৰ বিষয়ে শিকিবলৈ ধৰিলে যিহোৱাই তেওঁক কি কি উপায়েৰে দয়া দেখুৱায়?

যেতিয়া আমি যিহোৱাৰ বিষয়ে বাইবেলৰপৰা কিবা শিকোঁ আৰু সেই অনুসৰি জীৱন-যাপন কৰোঁ, তেতিয়া আমাৰ জীৱন আৰু আনন্দময় হৈ পৰে। উদাহৰণস্বৰূপে, যেতিয়া এজন ব্যক্তিয়ে যিহোৱাৰ বিষয়ে শিকে আৰু তেওঁক প্ৰেম কৰিবলৈ ধৰে, তেতিয়া যিহোৱাই তেওঁৰ বেয়া চিন্তা আৰু বেয়া অভ্যাসবোৰ এৰিবলৈ সহায় কৰে। (কল. ১:২১) পাছলৈ যেতিয়া তেওঁ যিহোৱালৈ নিজৰ জীৱন সমৰ্পণ কৰি বাপ্তিষ্মা লয়, তেতিয়া তেওঁ আৰু বহুতো আশীৰ্বাদ লাভ কৰে। যিহোৱাই তেওঁক এক শুদ্ধ বিবেক দিয়ে আৰু তেওঁৰ ভাল বন্ধু হৈ পৰে।—১ পিত. ৩:২১.

৫. প্ৰচাৰত যিহোৱাই কি কি উপায়েৰে আমাক দয়া দেখুৱায়?

প্ৰচাৰতো যিহোৱাই আমাক দয়া দেখুৱায়। উদাহৰণস্বৰূপে, আমাৰ মাজৰ বহুতোলোকে লাজুকীয়া স্বভাৱৰ হয়। প্ৰথমে হয়তো আমি যিহোৱাৰ সাক্ষী হʼবলৈ ভয় কৰিছিলোঁ। কিয়নো আমি হয়তো ভাবিছিলোঁ যে আনৰ ঘৰে ঘৰে গৈ প্ৰচাৰ কৰিব লাগিব আৰু লোকসকলে ভাল নোপোৱা বাৰ্তা শুনাব লাগিব। কিন্তু আজি আমি যিহোৱাৰ সহায়ত প্ৰচাৰ কাম কৰিছোঁ আৰু ইয়াৰপৰা আমি আনন্দও লাভ কৰিছোঁ। যিহোৱাই আমাক আৰু বহুতো উপায়েৰে সহায় কৰে। যেতিয়া কোনো এজন ব্যক্তিয়ে আমাৰ লগত খঙেৰে কথা পাতে, তেতিয়া তেওঁ আমাক শান্ত হৈ থাকিবলৈ সহায় কৰে। যদি কোনোবাই আমাৰ বাৰ্তাৰ বিষয়ে আৰু জানিব বিচাৰে, তেনেহʼলে সেই ব্যক্তিজনক বাইবেলৰপৰা সঠিক পদ দেখুৱাবলৈ তেওঁ আমাক সহায় কৰে। যেতিয়া আমি এনে এলেকাত প্ৰচাৰ কৰিবলৈ যাওঁ, যʼত লোকসকলে আমাৰ বাৰ্তা শুনিব নিবিচাৰে, তেতিয়াও প্ৰচাৰ কাম কৰি থাকিবলৈ তেওঁ আমাক সহায় কৰে।—যিৰি. ২০:৭-৯.

৬. যিহোৱাই আৰু কি উপায়েৰে আমাক দয়া দেখুৱায়?

যিহোৱাই আৰু এটা উপায়েৰে আমাক দয়া দেখুৱায়। সেয়া হৈছে আমি প্ৰচাৰ কেনেকৈ কৰিব লাগে, তাৰ বিষয়ে শিকায়। (যোহ. ৬:৪৫) সপ্তাহৰ মাজৰ সভাত আমি প্ৰচাৰ কেনেকৈ কৰিব লাগে, সেই বিষয়ে শিকোৱা হয় আৰু তাত দিয়া পৰামৰ্শবোৰ প্ৰচাৰত ব্যৱহাৰ কৰিবলৈ শিকোৱা হয়। আৰম্ভণিতে এই পৰামৰ্শ ব্যৱহাৰ কৰিবলৈ আমাক ভয় লাগিব পাৰে। কিন্তু এই পৰামৰ্শ পালন কৰিলে লোকসকলে আমাৰ বাৰ্তা ভালদৰে শুনে। প্ৰচাৰত নতুন নতুন উপায় ব্যৱহাৰ কৰিবলৈ আমাক সভা আৰু অধিবেশনবোৰত উৎসাহিত কৰা হয়। এইদৰে কৰাটো আমাৰ বাবে সহজ নহʼবও পাৰে। কিন্তু আমাৰ পৰিস্থিতি যিয়ে নহওক কিয়, যদি আমি প্ৰচাৰত নতুন নতুন উপায় ব্যৱহাৰ কৰোঁ, তেনেহʼলে যিহোৱাই আমাক বহুতো আশীৰ্বাদ দিব। গতিকে আহক আমি চাওঁ যে যিহোৱাই আমাক কি কি আশীৰ্বাদ দিয়ে। ইয়াৰ উপৰিও আমি এয়াও আলোচনা কৰিম যে যিহোৱাৰ সেৱা বেছিকৈ কৰিবলৈ আমি কি কৰিব পাৰোঁ।

যিহোৱাৰ ওপৰত ভৰসা কৰা লোকসকলক তেওঁ আশীৰ্বাদ দিয়ে

৭. যিহোৱাৰ সেৱা বেছিকৈ কৰিলে তেওঁ আমাক কি আশীৰ্বাদ দিয়ে?

যিহোৱাৰ লগত থকা আমাৰ বন্ধুত্ব আৰু ঘনিষ্ট হʼব। কলম্বীয়াৰ চমূৱেল * আৰু তেওঁৰ পত্নীৰ উদাহৰণলৈ মন কৰক। তেওঁ এজন প্ৰাচীন হয় আৰু তেওঁলোকে নিজৰ মণ্ডলীতে অগ্ৰগামী সেৱা কৰিছিল। কিন্তু তেওঁলোকে প্ৰচাৰকৰ প্ৰয়োজন হোৱাৰ ঠাইলৈ গৈ প্ৰচাৰ কৰিব বিচাৰিছিল। তেওঁলোকে এই লক্ষ্যত উপনীত হʼবলৈ বহুতো ত্যাগ কৰিবলগীয়া হʼল। ভাই চমূৱেলে এইদৰে কৈছে, “আমি মথি ৬:৩৩ পদত দিয়া পৰামৰ্শ পালন কৰিলোঁ আৰু সেই অনুসৰি কামো কৰিলোঁ। যেনে, আমি সৰল জীৱন-যাপন কৰিবলৈ ধৰিলোঁ। আমাৰ বাবে ঘৰখন এৰিবলৈ বৰ কঠিন হৈছিল। কিয়নো আমি এয়া নিজৰ মন পছন্দৰ অনুসৰি বনাইছিলোঁ আৰু আমি এই ঘৰৰ ধাৰ মাৰিও শেষ কৰিছিলোঁ।” তেওঁলোকে নতুন ঠাইত গৈ সেৱা কৰাৰ সময়ত টকা-পইচাৰ কোনো চিন্তা কৰিবলগীয়া নহʼল। কিয়নো তেওঁলোকে কম খৰচতে জীৱন-যাপন কৰিছিল। তেওঁ এইদৰে কৈছে, “যিহোৱাই আমাৰ প্ৰাৰ্থনাৰ উত্তৰ দিলে আৰু সঠিক নিৰ্ণয় লʼবলৈ আমাক সহায় কৰিলে। এতিয়া যিহোৱাই আমাক প্ৰেম কৰে বুলি আৰু বেছি অনুভৱ হয়।” আপুনিও তেওঁলোকৰ নিচিনা নতুন ঠাইত গৈ সেৱা কৰিব পাৰেনে? যদি আপুনি এইদৰে কৰে, তেনেহʼলে যিহোৱাৰ লগত আপোনাৰ বন্ধুত্ব আৰু ঘনিষ্ট হʼব আৰু তেওঁ আপোনাৰ যত্ন লʼব।—গীত. ১৮:২৫.

৮. ইবান আৰু বিক্টʼৰিয়াই কি আশীৰ্বাদ লাভ কৰিলে?

আমি আনন্দ লাভ কৰোঁ। ভাই ইবান আৰু ভনী বিক্টʼৰিয়াৰ উদাহৰণলৈ মন কৰক। তেওঁলোকে কিৰ্গিস্থানত অগ্ৰগামী সেৱা কৰে। তেওঁলোকে সংগঠনৰ আন কাম কৰিবলৈ নিজৰ জীৱন সৰল কৰিলে। যেনে, নিৰ্মাণৰ কাম। ভাই ইবানে এইদৰে কৈছে, “আমি যিয়ে কাম কৰিছিলোঁ, সেয়া আনন্দেৰে কৰিছিলোঁ। যদিও আমি গধূলিলৈকে একেবাৰে ভাগৰি পৰিছিলোঁ, তথাপি আমি আনন্দিত আছিলোঁ। কিয়নো আমি জানিছিলোঁ যে আমি নিজৰ শক্তি ৰাজ্যৰ কামত ব্যৱহাৰ কৰিলোঁ। সেইসময়ছোৱাত আমি বহুতো বন্ধু বনাব পাৰিলোঁ আৰু বহুতো অনুভৱো লাভ কৰিলোঁ, তাৰ বাবে আমি অতি আনন্দিত।”—মাৰ্ক ১০:২৯, ৩০.

৯. (ক) কঠিন পৰিস্থিতিৰ সত্ত্বেও এজনী ভনীয়ে কি কৰিলে? (খ) তাই কি আশীৰ্বাদ পালে?

কঠিন পৰিস্থিতিৰ মাজতো আমি যিহোৱাৰ সেৱা কৰি থাকিলে, আমি আনন্দ লাভ কৰোঁ। এজনী বৃদ্ধ ভনী মিৰাৰ উদাহৰণলৈ মন কৰক। তাই বিধৱা হয় আৰু পশ্চিম আফ্ৰিকাত থাকে। তাই আগতে ডাক্তৰ আছিল আৰু চাকৰিৰপৰা অৱসৰ লোৱাৰ পাছত তাই অগ্ৰগামী সেৱা আৰম্ভ কৰিলে। কিন্তু তাইৰ আঠুৰ বিষ হোৱাৰ বেমাৰ আছে, যাৰ বাবে তাই কেৱল এক ঘন্টাহে ঘৰে ঘৰে প্ৰচাৰ কৰিব পাৰে। তাই কাৰ্ড আৰু টেবুল লগাই দেৰিলৈকে প্ৰচাৰ কৰিব পাৰে। তাইৰ ওচৰত বহুতো পুনৰ সাক্ষাৎ আৰু বাইবেল অধ্যয়ন আছে। তেওঁলোকৰ মাজত কিছুমান লোকৰ লগত তাই ফোনৰ যোগেদি অধ্যয়ন কৰে। ভনী মিৰাৰ স্বাস্থ্য ভাল নথকাৰ সত্ত্বেও তাই যিহোৱাৰ সেৱা কিয় কৰিছে? তাই এইদৰে কৈছে, “মই যিহোৱা আৰু যীচু খ্ৰীষ্টত বহুত প্ৰেম কৰোঁ আৰু অগ্ৰগামী সেৱা কৰিবলৈ শক্তি বিচাৰি মই যিহোৱালৈ বাৰে বাৰে প্ৰাৰ্থনা কৰোঁ।”—মথি ২২:৩৬, ৩৭.

১০. যিহোৱাৰ সেৱা বেছিকৈ কৰা লোকসকলে কি লাভ কৰে? (১ পিতৰ ৫:১০)

১০ যিহোৱাই আমাক বেলেগ বেলেগ কাম কৰিবলৈ শিকাইছে। মৰিচাচত থকা এজন অগ্ৰগামী ভাই কেনীৰ উদাহৰণলৈ মন কৰক। সত্য শিকাৰ পাছত তেওঁ বিশ্ববিদ্যালয়ত পঢ়িবলৈ এৰি দিলে আৰু বাপ্তিষ্মা লʼলে। কিছুসময়ৰ পাছত তেওঁ অগ্ৰগামী সেৱা আৰম্ভ কৰিলে। তেওঁ এইদৰে কৈছে, “মই ভৱিষ্যতবক্তা যিচয়াৰ দৰে হʼবলৈ চেষ্টা কৰোঁ। যিজনে কৈছিল, ‘মই আছোঁ, মোকে পঠাওক।’” (যিচ. ৬:৮) কেনীয়ে বহুবাৰ নিৰ্মাণ কামত সহায় কৰিছিল। তেওঁ আমাৰ প্ৰকাশনবোৰ নিজৰ মাতৃ ভাষাত অনুবাদ কৰিবলৈও সহায় কৰিছিল। তেওঁ এইদৰে কৈছে, “মোক যেতিয়া কাম দিয়া হৈছিল, তেতিয়া সেই কাম কেনেকৈ কৰিব লাগে, তাৰ বিষয়েও শিকোৱা হৈছিল।” কেনীয়ে কেৱল কামেই শিকা নাই, ইয়াৰ লগতে তেওঁ আৰু বহুতো কথা শিকিলে। তেওঁ কৈছে, “মই এয়াও শিকিলোঁ যে মোৰ বাবে কি কাম কৰিবলৈ কঠিন হয় আৰু যিহোৱাৰ এজন ভাল সেৱক হʼবলৈ মই কি কি গুণ বঢ়াব লাগিব।” (১ পিতৰ ৫:১০ পঢ়ক।) আপুনি কেনীৰ দৰে যিহোৱাৰপৰা শিকিব বিচাৰেনে? যদি বিচাৰে, তেনেহʼলে নিজৰ পৰিস্থিতি চাৰি-জাৰি চাওক আৰু যিহোৱাৰ সেৱা আৰু বেছিকৈ কৰিবলৈ চেষ্টা কৰক।

প্ৰচাৰকৰ প্ৰয়োজন হোৱা ঠাইত এহাল দম্পতীয়ে প্ৰচাৰ কৰি আছে। এগৰাকী ভনীয়ে ৰাজ্যগৃহৰ নিৰ্মাণ কামত সহায় কৰিছে। এহাল বৃদ্ধ দম্পতীয়ে ফোনৰ যোগেদি প্ৰচাৰ কৰিছে। সকলোৱে নিজৰ নিজৰ সেৱাৰপৰা আনন্দ লাভ কৰিছে। (অনুচ্ছেদ ১১ চাওক)

১১. দক্ষিণ কৰিয়াৰ ভনীসকলে কি কৰিবলৈ শিকিলে আৰু ইয়াৰ পৰিণাম কি হʼল? (বেটুপাতত দিয়া ছবিখন চাওক।)

১১ বহুবছৰ ধৰি সত্যত থকা খ্ৰীষ্টানেও প্ৰচাৰ কৰাৰ নতুন নতুন উপায় শিকিব লাগিব। কভিড-১৯ মহামাৰীৰ সময়ছোৱাত দক্ষিণ কৰিয়াত এইদৰে হʼল। সেই ঠাইৰ মণ্ডলীৰ এজন প্ৰাচীনে এইদৰে কৈছে, “আমাৰ ইয়াত কিছুমান ভাই-ভনীৰ স্বাস্থ্য ভাল নথকাৰ বাবে তেওঁলোকে প্ৰচাৰ কামত বেছি ভাগ লʼব নোৱাৰে। কিন্তু তেওঁলোকে এতিয়া ভিডিঅʼ কনফ্ৰান্সিঙৰ যোগেদি বেছিকৈ প্ৰচাৰত ভাগ লʼব পাৰিছে। তিনিজনী ভনীয়ে কম্পিউটাৰ চলাবলৈ শিকিলে। তেওঁলোকৰ বয়স ৮০ বছৰতকৈ বেছি হয়। তেওঁলোকে প্ৰায় সদায় প্ৰচাৰত ভাগ লয়।” (গীত. ৯২:১৪, ১৫) আপুনিও যিহোৱাৰ সেৱাত বেছিকৈ কৰিব বিচাৰেনে আৰু তেওঁৰ দয়া গুণৰ পৰীক্ষা কৰি চাব বিচাৰেনে? এই লক্ষ্যত উপনীত হʼবলৈ আপুনি কি কৰিব লাগিব আহক চাওঁ।

যিহোৱাৰ সেৱা বেছিকৈ কৰিবলৈ কি কৰিব লাগিব?

১২. যিহোৱাই কি প্ৰতিজ্ঞা কৰিছে?

১২ যিহোৱাৰ ওপৰত ভৰসা কৰক। যদি আমি যিহোৱাৰ ওপৰত ভৰসা কৰোঁ আৰু মনে-প্ৰাণে তেওঁৰ সেৱা কৰোঁ, তেনেহʼলে তেওঁ আমাক বহুতো আশীৰ্বাদ দিম বুলি প্ৰতিজ্ঞা কৰিছে। (মলা. ৩:১০) কলম্বীয়াৰ ভনী ফেবিয়নাৰ লগতো এইদৰে হৈছিল। তাই বিবাহিতা হয় আৰু তিনিজন সন্তান আছে। বাপ্তিষ্মা লোৱাৰ পাছত তাই অগ্ৰগামী সেৱা কৰিব বিচাৰিছিল। কিন্তু তাই এইদৰে কৰিব নোৱাৰিলে, কিয়নো তায়ে ঘৰখন চলাইছিল। কিন্তু তাই চাকৰিৰপৰা অৱসৰ লোৱাৰ পাছত তাই অগ্ৰগামী সেৱা কৰিব বিচাৰিছে বুলি যিহোৱালৈ প্ৰাৰ্থনা কৰিলে। তাই এইদৰে কৈছে, “সাধাৰণতে পেঞ্চনৰ পইচা পাবলৈ বহুত দেৰি লাগে, কিন্তু মই মাহৰ শেষতে পাবলৈ ধৰিলোঁ। এয়া মোৰ বাবে আচৰিত কৰ্মৰ দৰে আছিল।” তাৰ দুমাহৰ পাছৰপৰা ভনীয়ে অগ্ৰগামী সেৱা কৰিবলৈ আৰম্ভ কৰে। এতিয়া তাইৰ বয়স প্ৰায় ৭০ বছৰতকৈ বেছি হৈছে আৰু তাই ২০ বছৰ ধৰি অগ্ৰগামী সেৱা কৰি আছে। এই সময়ছোৱাত তাই বহুতোলোকৰ বাইবেল অধ্যয়ন কৰিলে আৰু তেওঁলোকৰ ভিতৰত ৮ জনে বাপ্তিষ্মা লʼলে। তাই এইদৰে কৈছে, “মোৰ স্বাস্থ্য প্ৰায়ে ভাল নাথাকে। তথাপি মই অগ্ৰগামী সেৱা কৰি থাকিবলৈ যিহোৱালৈ প্ৰাৰ্থনা কৰোঁ।”

অব্ৰাহাম, চাৰা, যাকোব আৰু পুৰোহিতসকলে যিহোৱাৰ ওপৰত ভৰসা কৰে বুলি কেনেকৈ দেখুৱালে? (অনুচ্ছেদ ১৩ চাওক)

১৩-১৪. যিহোৱাৰ ওপৰত ভৰসা কৰিবলৈ আপুনি কোন লোকসকলৰপৰা শিকিব পাৰে?

১৩ যিহোৱাৰ ওপৰত ভৰসা কৰা লোকসকলৰপৰা শিকক। বাইবেলত এনে বহুতোলোকৰ বিষয়ে উল্লেখ আছে, যিসকলে যিহোৱাৰ সেৱা কৰিবলৈ কঠিন পৰিশ্ৰম কৰিছিল। বহুবাৰ তেওঁলোকে প্ৰথমে পদক্ষেপ লʼবলগীয়া হʼল, তাৰ পাছতহে যিহোৱাই তেওঁলোকক আশীৰ্বাদ দিলে। উদাহৰণস্বৰূপে, অব্ৰাহামে প্ৰথমে নিজৰ ঘৰ এৰিবলগীয়া হʼল, তাৰ পাছতহে যিহোৱাই তেওঁক আশীৰ্বাদ দিলে। (ইব্ৰী ১১:৮) যাকোবে প্ৰথমে স্বৰ্গদূতৰ লগত মালযুদ্ধ কৰিবলগীয়া হʼল, তাৰ পাছত যিহোৱাই তেওঁ আশীৰ্বাদ দিলে। (আদি. ৩২:২৪-৩০) পুৰোহিতসকলে যৰ্দ্দন নদী পাৰ হʼবলৈ প্ৰথমে তাত ভৰি দিলে, তাৰ পাছতহে নদীৰ পানী নাইকীয়া হʼল। ইয়াৰ পাছত গোটেই ইস্ৰায়েলীয়ে সেই নদীখন পাৰ হʼব পাৰিলে আৰু প্ৰতিজ্ঞা কৰা দেশত যাব পাৰিলে।—যিহো. ৩:১৪-১৬.

১৪ যিহোৱাৰ ওপৰত ভৰসা কৰি তেওঁৰ সেৱা বেছিকৈ কৰা ভাই-ভনীসকলৰপৰাও আপুনি শিকিব পাৰে। ভাই পেটন আৰু তেওঁৰ পত্নী ডাইনাৰ উদাহৰণলৈ মন কৰক। তেওঁলোকে দূৰ-দূৰণিত গৈ সেৱা কৰা ভাই-ভনীসকলৰ অনুভৱবোৰ পঢ়িছিল। তেওঁলোকৰ ভিতৰত কিছুমান অনুভৱ “তেওঁলোকে স্বইচ্ছাৰে আগবাঢ়ি আহে” * ধাৰাবাহিকত দিয়া আছে। ভাই পেটনে এইদৰে কৈছে, “যেতিয়া আমি এই অনুভৱবোৰ পঢ়িছিলোঁ, তেতিয়া আমাক এনেকুৱা লাগিছিল যেন কোনো এজন ব্যক্তিক আমি সোৱাদ লগা আহাৰ খাই থকা দেখিছোঁ। আমি যিমানেই এইবোৰ পঢ়িছিলোঁ, সিমানেই যিহোৱা যে দয়ালু, তাক পৰীক্ষা কৰিবলৈ মন গৈছিল।” কিছুদিনৰ পাছত পেটন আৰ ডাইনাই প্ৰচাৰকৰ প্ৰয়োজন হোৱা ঠাইলৈ গৈ সেৱা কৰিবলৈ ধৰিলে। আপুনি এই ধাৰাবাহিক পঢ়িছেনে? বা jw.org ত গৈ দূৰ-দূৰণিৰ এলেকাত প্ৰচাৰ—অষ্ট্ৰেলিয়া আৰু প্ৰচাৰকৰ প্ৰয়োজন হোৱা ঠাইত প্ৰচাৰ কৰা ভিডিঅʼখন চাইছেনে? এইবোৰ চোৱাৰ যোগেদি আপুনি যিহোৱাৰ সেৱাত আৰু বেছিকৈ কৰিবলৈ উৎসাহিত হʼব।

১৫. আমি কোন লোকসকলৰ লগত সময়ত অতিবাহিত কৰা উচিত?

১৫ আপোনাক উৎসাহিত কৰা লোকৰসকলৰ লগত সময় কটাওক। অনুচ্ছেদ ১ ত উল্লেখ কৰা উদাহৰণ মনত পেলাওক। যদি আমি এনে ব্যক্তিৰ লগত সময় অতিবাহিত কৰোঁ, যিজনে সেই আহাৰক অতি সোৱাদ লগাকৈ খাই, তেনেহʼলে আমাকো সেই আহাৰ অলপ খাবলৈ মন যাব। ঠিক সেইদৰে যদি আমি এনে ব্যক্তিৰ লগত সময় অতিবাহিত কৰোঁ, যিয়ে যিহোৱাৰ সেৱাক নিজৰ জীৱনত প্ৰথম স্থান দিয়ে, তেনেহʼলে আমাকো যিহোৱাৰ সেৱা আৰু বেছিকৈ কৰিবলৈ মন যাব। ভাই কেন্ট আৰু বেৰʼনিকাৰ লগতো এইদৰে হৈছিল। ভাই কেন্টে এইদৰে কৈছে, “আমাৰ পৰিয়াল আৰু বন্ধুসকলে আমাক যিহোৱাৰ সেৱা আৰু বেছিকৈ কৰিবলৈ উৎসাহিত কৰিছিল। যেতিয়া আমি তেওঁলোকৰ লগত সময় অতিবাহিত কৰিছিলোঁ, তেতিয়া আমি যিহোৱাৰ সেৱাত আৰু নতুন নতুন কাম কৰিবলৈ উৎসাহিত হʼলোঁ।” আজি ভাই কেন্ট আৰু ভনী বেৰʼনিকাই চাৰ্বিয়াত বিশেষ অগ্ৰগামী সেৱক হিচাপে সেৱা কৰিছে।

১৬. আমি কিয় ত্যাগ কৰা উচিত? (লূক ১২:১৬-২১)

১৬ যিহোৱাৰ বাবে ত্যাগ কৰক। ইয়াৰ অৰ্থ এয়া নহয় যে আমি যিহোৱাক আনন্দিত কৰিবলৈ নিজৰ সকলো ত্যাগ কৰিব লাগিব। (উপ. ৫:১৯, ২০) কিন্তু আমি যদি ত্যাগ কৰিব লাগিব বুলি ভয় কৰি যিহোৱাৰ সেৱা বেছিকৈ নকৰোঁ, তেনেহʼলে আমি যীচুৱে উদাহৰণত কোৱা ব্যক্তিৰ নিচিনা হʼম। সেই ব্যক্তিজনে নিজৰ বাবে বহুতো ভাল ভাল বস্তু গোটাইছিল, কিন্তু তেওঁ ঈশ্বৰক পাহৰি গৈছিল। (লূক ১২:১৬-২১ পঢ়ক।) ফ্ৰান্সৰ ভাই ক্ৰিষ্টিয়ানৰ উদাহৰণলৈ মন কৰক। তেওঁ এইদৰে কৈছে, “মই পৰিয়াল আৰু যিহোৱাক বেছি সময় দিব পৰা নাছিলোঁ।” কিন্তু পাছত তেওঁ আৰু তেওঁৰ পত্নীয়ে অগ্ৰগামী সেৱা কৰিবলৈ নিৰ্ণয় লয়। এই লক্ষ্যত উপনীত হʼবলৈ তেওঁলোকে নিজৰ চাকৰি এৰিবলগীয়া হʼল। পৰিয়ালৰ প্ৰয়োজনীয়তা পূৰ কৰিবলৈ তেওঁলোকে চাফ-চিকুণৰ কাম কৰিবলৈ ধৰিলে আৰু সৰলভাৱে জীৱন-যাপন কৰিবলৈ শিকিলে। তেওঁলোকে ইমানবোৰ ত্যাগ কৰাৰ পাছত আনন্দিত আছিলনে? ক্ৰিষ্টিয়ানে এইদৰে কৈছে, “আমি বহুত আনন্দিত আছোঁ। এতিয়া আমি যিহোৱাৰ সেৱাত বেছিকৈ সময় অতিবাহিত কৰিব পাৰোঁ আৰু আমাৰ ওচৰত বহুতো পুনৰ সাক্ষাৎ আছে। আমাৰ বাইবেল বিদ্যাৰ্থীসকলে যিহোৱাৰ বিষয়ে শিকি আছে আৰু এয়া দেখি আমি বৰ আনন্দ লাভ কৰোঁ।”

১৭. এগৰাকী ভনীয়ে নতুন উপায়েৰে প্ৰচাৰ কৰিবলৈ কি কৰিলে?

১৭ নতুন নতুন উপায়েৰে প্ৰচাৰ কৰিবলৈ চেষ্টা কৰক। (পাঁচ. ১৭:১৬, ১৭; ২০:২০, ২১) আমেৰিকাৰ অগ্ৰগামী ভনী চৰ্লীৰ উদাহৰণলৈ মন কৰক। কভিড-১৯ মহামাৰীৰ সময়ছোৱাত তাইক নিজৰ প্ৰচাৰ কৰাৰ উপায় সলনি কৰিবলগীয়া হʼল। আৰম্ভণিতে ফোনৰ যোগেদি প্ৰচাৰ কৰিবলৈ তাইক ভয় লাগিছিল। কিন্তু চাৰ্কিট ওভাৰচিয়াৰৰ সাক্ষাতৰ সময়ত তাই ফোনৰ যোগেদি প্ৰচাৰ কৰিবলৈ শিকিলে। তাৰ পাছত তাই প্ৰচাৰত আৰু ভাগ লʼবলৈ ধৰিলে। তাই এইদৰে কৈছে, “এইদৰে প্ৰচাৰ কৰাৰ যোগেদি মই বৰ আনন্দিত আছোঁ। ফোনৰ যোগেদি প্ৰচাৰ কৰাৰ বাবে আমি আগতকৈ বেছি লোকসকলৰ লগত কথা পাতোঁ।”

১৮. সমস্যা আহিলে আমি কি কৰিব পাৰোঁ?

১৮ উপায়ৰ বিষয়ে চিন্তা কৰক আৰু তাৰ অনুসৰি কাম কৰক। যেতিয়া আমি কিবা সমস্যাৰ সন্মুখীন হওঁ, তেতিয়া আমি সেই সমস্যাৰপৰা পাৰ হʼবলৈ বুদ্ধি বিচাৰি যিহোৱালৈ প্ৰাৰ্থনা কৰোঁ আৰু উপায় বিচাৰোঁ (হিতো. ৩:২১) ভনী চʼনীয়া এজনী অগ্ৰগামী সেৱক হয়। তাই ইউৰোপত ৰোমানীয়া ভাষা কোৱা এখন মণ্ডলীত সেৱা কৰে। তাই এইদৰে কৈছে, “মই নিজৰ লক্ষ্যবোৰ এখন কাগজত লিখি ৰাখোঁ। সেই কাগজখন এনে ঠাইত লগাই ৰাখোঁ, যʼত মই অহা-যোৱা কৰোতে চাব পাৰোঁ। মোৰ টেবুলত দুখন ৰাস্তাৰ ছবি আছে। যেতিয়া মই কিবা নিৰ্ণয় লʼবলগীয়া হয়, তেতিয়া মই সেই ছবিখনলৈ চাওঁ আৰু চিন্তা কৰোঁ যে মোৰ কোনটো নিৰ্ণয়ে মোৰ লক্ষ্যত উপনীত হʼবলৈ সহায় কৰিব।” ভনী চʼনীয়াই সঠিক দৃষ্টিভংগী ৰাখিবলৈও চেষ্টা কৰে। যেতিয়া তাইৰ ওচৰত কিবা সমস্যা আহে, তেতিয়া সেই সমস্যাই যাতে তাইৰ লক্ষ্যত বাধা নজন্মাই তাৰ কাৰণে তাই সেই সমস্যাবোৰ পাৰ কৰিবলৈ পদক্ষেপ লয়।

১৯. এই লেখত আপুনি কি শিকিলে?

১৯ যিহোৱাই আমাক বহুতো আশীৰ্বাদ দিয়ে। সেইবাবে, আমি তেওঁৰ প্ৰতি কৃতজ্ঞ হোৱা উচিত আৰু তেওঁৰ মহিমা কৰা উচিত। (ইব্ৰী ১৩:১৫) আমি তেওঁৰ সেৱা কৰিবলৈ নতুন নতুন উপায় বিচৰা উচিত। এইদৰে কৰিলে যিহোৱাই আমাক বহুতো আশীৰ্বাদ দিব। গতিকে আহক আমি প্ৰতিদিনে ‘যিহোৱা যে মঙ্গলময়, তাক আস্বাদন কৰি’ চাওঁ। তেতিয়া আমিও যীচুৰ দৰে এইদৰে কʼব পাৰিম “মোক পঠোৱা জনাৰ ইচ্ছা পালন কৰা, আৰু তেওঁৰ কাৰ্য্য সিদ্ধি কৰাই মোৰ আহাৰ।”—যোহ. ৪:৩৪.

গীত ৮০ ‘যিহোৱা মঙ্গলময়, তাক তোমালোকে আস্বাদন কৰি চোৱা’

^ অনু. 5 যিহোৱা দয়ালু ঈশ্বৰ হয়, সেইবাবে তেওঁ সকলোকে ভাল ভাল বস্তু দিয়ে। আনকি দুষ্ট লোকসকলকো ভাল ভাল বস্তু দিয়ে। কিন্তু বিশেষকৈ তেওঁ নিজৰ লোকসকলক দয়া দেখুৱায়। যিহোৱাই নিজৰ সেৱকসকলক কি কি ভাল বস্তু দিয়ে, তাৰ বিষয়ে এই লেখত আলোচনা কৰিম। ইয়াৰ উপৰিও যিহোৱাৰ সেৱা বেছিকৈ কৰা ভাই-ভনীসকলক তেওঁ কি কি আশীৰ্বাদ দিয়ে, তাৰ বিষয়ে আলোচনা কৰিম।

^ অনু. 7 কিছুমান নাম সলনি কৰা হৈছে।

^ অনু. 14 প্ৰহৰীদুৰ্গৰ এই ধাৰাবাহিক এতিয়া jw.org ত উপলব্ধ আছে। আমাৰ বিষয়ে > অনুভৱ > ঈশ্বৰৰ সেৱাত ৰখা লক্ষ্য নামৰ ভাগত চাওক।