Skip to content

Skip to table of contents

অধ্যয়নৰ লেখ ৩৬

ডেকা ভাই-ভনীসকলক সন্মান কৰক

ডেকা ভাই-ভনীসকলক সন্মান কৰক

“যুবা লোকবিলাকৰ বলেই তেওঁবিলাকৰ শোভা, আৰু পকা কেশ বৃদ্ধ লোকৰ ভূষণ।”—হিতো. ২০:২৯.

গীত ৮৮ তোমাৰ পথ আমাক দেখুওৱা

লেখৰ এক আভাস *

১. বৃদ্ধ ভাই-ভনীসকলে কি কৰিব পাৰে?

আমি বৃদ্ধ হোৱাৰ লগে-লগে আমাৰ শক্তি কমি যায়। সেইসময়ত হয়তো আমি ভাবিব পাৰোঁ যে আমি যিহোৱাৰ সেৱা বেছিকৈ কৰিব পৰা নাই বা নিজকে অযোগ্য বুলি ভাৱিব পাৰোঁ। যদিও আমাৰ শক্তি কমি যায়, কিন্তু আমাৰ ওচৰত বহুতো অভিজ্ঞতা থাকে আৰু ইয়াৰ সহায়ত আমি ডেকাসকলক সহায় কৰিব পাৰোঁ, যাতে তেওঁলোকে যিহোৱাৰ সেৱা বেছিকৈ কৰিব পাৰে আৰু তেওঁলোকে নতুন নতুন দায়িত্ববোৰ ভালদৰে পালন কৰিব পাৰে। এজন বৃদ্ধ প্ৰাচীনে এইদৰে কৈছিল “মই ভাবিছিলোঁ যে যিহোৱাৰ সেৱা বেছিকৈ কৰিব পৰা নাই কিন্তু মই আনন্দিত আছিলোঁ যে এনে বহুতো দক্ষতা থকা ভাই আছে, যিসকলে মণ্ডলীৰ দায়িত্ববোৰ ভালদৰে পালন কৰিব পাৰে।”

২. এই লেখত কিহৰ বিষয়ে আলোচনা কৰা হ’ব?

আগৰ লেখত আমি শিকিছিলোঁ যে ডেকা ভাই-ভনীসকলে বৃদ্ধ ভাই-ভনীসকলৰ লগত বন্ধুত্ব কৰিলে কি লাভ হ’ব? বৃদ্ধ ভাই-ভনীসকলেও ডেকা ভাই-ভনীৰ লগত বন্ধুত্ব কৰা উচিত। এইদৰে কৰিবলৈ তেওঁলোকে নম্ৰ হʼব লাগিব, মৰ্য্যাদাত থাকিব লাগিব, কৃতজ্ঞ হʼব লাগিব আৰু উদাৰশীল হʼব লাগিব। তেওঁলোক এই গুণবোৰ কেনেকৈ বঢ়াব পাৰে? ইয়াৰ বিষয়ে এই লেখত আলোচনা কৰা হʼব।

নম্ৰ হওক

৩. (ক) ফিলিপীয়া ২:৩, ৪ পদৰ অনুসৰি নম্ৰ হোৱাৰ অৰ্থ কি? (খ) এজন নম্ৰ ব্যক্তিয়ে কি কৰিব পাৰিব?

যদি বৃদ্ধ ভাই-ভনীসকলে ডেকাসকলক সহায় কৰিব বিচাৰে, তেনেহ’লে তেওঁলোকে নম্ৰ হোৱা উচিত। নম্ৰ ব্যক্তিয়ে নিজকৈ আনক শ্ৰেষ্ঠ বুলি ভাৱে। (ফিলিপীয়া ২:৩, ৪ পঢ়ক।) যদি এজন বৃদ্ধ ভাই নম্ৰ হয়, তেনেহ’লে তেওঁ সেই কথা ভালদৰে বুজি পাব যে কোনো এটা কাম কৰিবলৈ বহুতো উপায় আছে। সেইবাবে, কোনো এটা কাম আগতে তেওঁলোকে যিদৰে কৰিছিল, এতিয়াও সেই কামটো ঠিক সেইদৰে কৰিব লাগিব বুলি তেওঁলোকে নাভাবিব। (উপ. ৭:১০) বৃদ্ধসকলৰ বহুতো অভিজ্ঞতা থাকে আৰু ইয়াৰ সহায়ত তেওঁলোকে ডেকাসকলক সহায় কৰিব পাৰে। কিন্তু তেওঁলোকে এই কথা ভালদৰে জানে যে “এই সংসাৰৰ আকাৰ-প্ৰকাৰ” সলনি হৈছে। গতিকে তেওঁলোকে নিজৰ কাম কৰা উপায় সলনি কৰিব লাগিব।—১ কৰি. ৭:৩১.

বৃদ্ধ ভাই-ভনীসকলে সময় উলিয়াই আনক নিজৰ অভিজ্ঞতাৰ বিষয়ে জনায় (অনুচ্ছেদ ৪, ৫ চাওক) *

৪. চাৰ্কিট ওভাৰচিয়াৰে কেনেকৈ লেবীয়াসকলৰ নিচিনা হʼবলৈ চেষ্টা কৰে?

যি বৃদ্ধ ভাইসকল নম্ৰ হয়, তেওঁলোকে স্বীকাৰ কৰে যে তেওঁলোকে আগৰ সমান কাম কৰিব নোৱাৰে। সেইবাবে, তেওঁলোকক যিয়ে দায়িত্ব দিয়া হয়, তেওঁলোকে সেয়া আনন্দেৰে পালন কৰে। ইয়াৰ এটা উদাহৰণ হৈছে আমাৰ চাৰ্কিট ওভাৰচিয়াৰ। তেওঁলোকে ৭০ বছৰ হোৱাৰ পাছত তেওঁলোকক এটা নতুন দায়িত্ব দিয়া হয়। এই দায়িত্ব পালন কৰিবলৈ তেওঁলোকৰ বাবে সহজ নহয়। কাৰণ তেওঁলোকে বহুবছৰ ধৰি এই কাম কৰি আহিছে আৰু তেওঁলোকে নিজৰ কামক বহুত প্ৰেম কৰে। ইয়াৰ উপৰিও তেওঁলোকে এতিয়াও নিজৰ ভাই-ভনীসকলক সহায় কৰিব বিচাৰে। কিন্তু তেওঁলোকে বুজি পাই যে এতিয়া ডেকা ভাইসকলে এই দায়িত্ববোৰ পালন কৰিব লাগিব। তেওঁলোকে প্ৰাচীন সময়ৰ লেবীয়াসকলৰ নিচিনা হʼবলৈ চেষ্টা কৰে। লেবীয়াসকলে ৫০ বছৰৰ লৈকেহে সাক্ষাৎ কৰা তম্বুত সেৱা কৰিব পাৰিছিল। ইয়াৰ পাছত তেওঁলোকে ডেকাসকলক সহায় কৰিছিল। (গণ. ৮:২৫, ২৬) লেবীয়াসকলে এই দায়িত্ব আনন্দেৰে পালন কৰিছিল। ঠিক সেইদৰে আগতে চাৰ্কিট ওভাৰচিয়াৰ থকা ভাইসকলে এতিয়া বেলেগ বেলেগ মণ্ডলীত গৈ সাক্ষাৎ নকৰে। ইয়াৰ পৰিবৰ্তে তেওঁলোক নিজৰ মণ্ডলীতে ভাইসকলক সহায় কৰে।

৫. ভাই ডেন আৰু ভনী কেটীৰপৰা আপুনি কি শিকিব পাৰে?

ভাই ডেনৰ উদাহৰণলৈ মন কৰক। তেওঁ ২৩ বছৰ ধৰি চাৰ্কিট ওভাৰচিয়াৰ আছিল। যেতিয়া তেওঁৰ ৭০ বছৰ হৈছিল, তেতিয়া তেওঁ আৰু তেওঁৰ পত্নী কেটীক বিশেষ অগ্ৰগামী সেৱক হিচাবে নিযুক্ত কৰা হৈছিল। ভাই ডেনে কৈছে যে তেওঁলোকে এতিয়া আগতকৈ বেছি ব্যস্ত থাকে। তেওঁলোকৰ ওচৰত মণ্ডলীৰ বহুতো দায়িত্ব আছে। তেওঁলোকে ডেকা ভাইসকলক পৰিচাৰক হʼবলৈ সহায় কৰে। তেওঁলোকে প্ৰচাৰকসকলক ৰাজহুৱাভাৱে আৰু জেইলত প্ৰচাৰ কৰিবলৈ শিকায়। আপুনি ভাই ডেন আৰু ভনী কেটীৰপৰা কি শিকিব পাৰে? আপুনি পূৰ্ণ সময়ৰ সেৱা কৰক বা নকৰক, আপুনি ভাই-ভনীসকলক বহুতো সহায় কৰিব পাৰে। পৰিস্থিতিৰ অনুসৰি নিজকে খাপ খোৱাবলৈ চেষ্টা কৰক, নতুন লক্ষ্য ৰাখক আৰু আপুনি যিবোৰ কাম কৰিব পাৰে, তালৈ ধ্যান দিয়ক।

মৰ্য্যাদা বজাই ৰাখক

৬. নিজৰ শালীনতা কিয় বজাই ৰখা উচিত? এটা উদাহৰণ দি বুজাওক।

মৰ্য্যাদাত থকা ব্যক্তিয়ে নিজৰ সীমা ভালদৰে বুজি পায় আৰু তাৰ অনুসৰি কাম কৰে। (হিতো. ১১:২) এইদৰে কৰিলে তেওঁ আনন্দত থাকিব আৰু কাম কৰি থাকিব পাৰে। উদাহৰণস্বৰূপে, এজন ব্যক্তিয়ে ওখ ঠাইত গাড়ী চলাইছে। গাড়ীখন ওপৰলৈ উঠাবলৈ গাড়ীৰ গিয়েৰ কম কৰিব লাগিব। যদিও গাড়ীৰ গতিবেগ লাহে লাহে কম হয়, তথাপি গাড়ীখন আগলৈ গৈ থাকিব। ঠিক সেইদৰে মৰ্য্যাদাত থকা ব্যক্তিয়ে অৰ্থাৎ নিজৰ সীমা বুজি পোৱা ব্যক্তিয়ে ভালদৰে জানে যে তেওঁ আগৰ তুলনাত কেতিয়া কম কাম কৰিব লাগিব, যাতে তেওঁ যিহোৱাৰ সেৱা কৰি থাকিব পাৰে আৰু আনক সহায় কৰিব পাৰে।—ফিলি. ৪:৫.

৭. বৰ্জিল্লই মৰ্য্যাদাত থকাৰ বাবে কি কৰিলে?

বৰ্জিল্লৰ উদাহৰণলৈ মন কৰক। যেতিয়া তেওঁ ৮০ বছৰৰ আছিল, তেতিয়া ৰজা দায়ূদে তেওঁক নিজৰ পৰামৰ্শদাতা বনাবলৈ বিচাৰিছিল। কিন্তু বৰ্জিল্লই জানিছিল যে তেওঁ এতিয়া বৃদ্ধ হৈছে আৰু তেওঁ বেছি কাম কৰিব নোৱাৰে। সেইবাবে, তেওঁ ৰজাক মানা কৰি দিলে আৰু নিজৰ ঠাইত এজন ডেকা ব্যক্তি কিমহমক পঠিয়ালে। (২ চমূ. ১৯:৩৫-৩৭) আজিও বৃদ্ধ ভাইসকলে ডেকা ভাইসকলক দায়িত্ব লʼবলৈ সুযোগ দিয়ে।

যেতিয়া যিহোৱাই দায়ূদক তেওঁৰ পুত্ৰই মন্দিৰ নিৰ্মাণ কৰিব বুলি কৈছিল, তেতিয়া দায়ূদে যিহোৱাৰ কথা শুনিলে (অনুচ্ছেদ ৮ চাওক)

৮. ৰজা দায়ূদৰ মৰ্য্যাদাৰ গুণ আছিল বুলি কেনেকৈ দেখুৱালে?

দায়ূদেও মৰ্য্যাদাত থাকিছিল। তেওঁ যিহোৱাৰ বাবে মন্দিৰ বনাবলৈ বিচাৰিছিল। কিন্তু যেতিয়া যিহোৱাই কʼলে যে সেই মন্দিৰ তেওঁৰ পুত্ৰ চলোমনহে বনাব, তেতিয়া তেওঁ যিহোৱাৰ কথা মানি লৈছিল আৰু মন্দিৰ বনাবলৈ যি-যি বস্তুৰ প্ৰয়োজন হৈছিল সেইবোৰ গোটাইছিল। (১ বং. ১৭:৪; ২২:৫) ৰজা দায়ূদে এইদৰে কেতিয়াও ভবা নাছিল যে চলোমনতকৈ তেওঁৰহে বেছি ভালদৰে কৰিব পাৰিব। কিয়নো চলোমন এতিয়া “অলপ বয়সীয়া” আৰু তেওঁৰ বেছি অভিজ্ঞতা নাই। (১ বং. ২৯:১) ৰজা দায়ূদে এই কথা ভালদৰে জানিছিল যে মন্দিৰ বনাবলৈ বয়স বা বেছি অভিজ্ঞতা থকাৰ প্ৰয়োজন নাই। ইয়াৰ সলনি যিহোৱাৰ আশীৰ্বাদৰহে প্ৰয়োজন আছে। ঠিক সেইদৰে যেতিয়া বৃদ্ধ ভাই-ভনীসকলক কোনো নতুন দায়িত্ব দিয়া হয়, তেতিয়া তেওঁলোকে সেই দায়িত্ব মনে-প্ৰাণে কৰে। কিয়নো তেওঁলোকে ভালদৰে জানে যে আগতে তেওঁলোকে যিবোৰ কাম কৰিছিল, সেই কামবোৰ এতিয়া কৰা ভাইসকলক যিহোৱাই আশীৰ্বাদ দিব।

৯. ভাই চিগেঅ’য়ে কেনেকৈ মৰ্য্যাদাত থাকিল?

ভাই চিগেঅ’ৰ উদাহৰণলৈ মন কৰক। তেওঁ মৰ্য্যাদাত থাকিছিল। ১৯৭৬ চনত তেওঁ ৩০ বছৰৰ আছিল, সেইসময়ত তেওঁক শাখা-সমিতিৰ সদস্য হিচাপে নিযুক্ত কৰা হৈছিল। ইয়াৰ পাছত ২০০৪ চনত, তেওঁ শাখা-সমিতিৰ সমপদস্থ হিচাপে সেৱা কৰিলে। কিন্তু তেওঁ কিছুবছৰৰ পাছত অনুভৱ হ’ল যে তেওঁ আগৰ দৰে ভালদৰে কাম কৰিব পৰা নাই। সেইবাবে, তেওঁ যিহোৱালৈ প্ৰাৰ্থনা কৰিলে আৰু চিন্তা কৰিলে যে তেওঁৰ ওচৰত যি দায়িত্ব আছে, সেই দায়িত্ব যদি এজন ডেকা ভাইক দিয়া হয়, তেন্তে ভাল হ’ব। ভাই চিগেঅ’ এতিয়া শাখা-সমিতিৰ সমপদস্থ হিচাপে সেৱা কৰা নাই। কিন্তু তেওঁ শাখা-সমিতিৰ সদস্য হয়। বৰ্জিল্ল, ৰজা দায়ুদ আৰু ভাই চিগেঅ’ৰপৰা আমি শিকিলোঁ যে নম্ৰ ব্যক্তিয়ে সদায় নিজৰ সীমা বুজি পাই আৰু ডেকাসকলৰ অভিজ্ঞতা নাই বুলি নাভাৱে। ইয়াৰ পৰিবৰ্তে তেওঁলোকৰ দক্ষতাৰ ওপৰত ধ্যান দিয়ে। তেওঁলোকে নাভাবে যে ডেকা ভাইসকলে তেওঁলোকৰ দায়িত্ব কাঢ়ি লʼব বিচাৰে। ইয়াৰ পৰিবৰ্তে তেওঁলোকক সহায়হে কৰিব বিচাৰে বুলি ভাৱে।—হিতো. ২০:২৯.

কৃতজ্ঞ হওক

১০. বৃদ্ধ ভাই-ভনীসকলে ডেকাসকলক কি বুলি ভৱা উচিত?

১০ ডেকা ভাই-ভনীসকল যিহোৱাৰ ফালৰপৰা উপহাৰ হয় বুলি বৃদ্ধ ভাই-ভনীসকলে স্বীকাৰ কৰে। যেতিয়া ডেকাসকলে মণ্ডলীত নিজৰ শক্তি ব্যৱহাৰ কৰে, তেতিয়া বৃদ্ধ ভাইসকল বৰ আনন্দিত হয় আৰু তেওঁলোকৰ প্ৰতি কৃতজ্ঞও হয়।

১১. ৰূথ ৪:১৩-১৬ পদৰপৰা কেনেকৈ জানিব পাৰি যে ডেকা ভাই-ভনীসকলৰ পৰা সহায় লʼলে বৃদ্ধ ভাই-ভনীসকলে আশীৰ্বাদ লাভ কৰে?

১১ ডেকা ভাই-ভনীসকলে বৃদ্ধ ভাই-ভনীসকলক যেতিয়া সহায় কৰিব বিচাৰে, তেতিয়া বৃদ্ধ ভাই-ভনীসকলে সহায় লোৱা উচিত আৰু তেওঁলোকৰ প্ৰতি কৃতজ্ঞ হোৱা উচিত। এই ক্ষেত্ৰত নয়মীয়ে ভাল উদাহৰণ ৰাখিলে। তাইৰ যেতিয়া লʼৰাৰ মৃত্যু হৈছিল, তেতিয়া তাই নিজৰ বোৱাৰী ৰূথক মাকৰ ঘৰত যাবলৈ কৈছিল। কিন্তু ৰূথে মাকৰ ঘৰলৈ নগৈ নয়মীৰ লগত বৈৎ-লেহেমলৈ যাম বুলি কʼলে। নয়মীয়েও তাইক নিজৰ লগত আনিলে। (ৰূথ ১:৭, ৮, ১৮) নয়মীয়ে ৰূথৰ সহায় লোৱাৰ বাবে আগলৈ গৈ দুয়োজনে আশীৰ্বাদ লাভ কৰিলে। (ৰূথ ৪:১৩-১৬ পঢ়ক।) যদি বৃদ্ধ ভাই-ভনীসকল নম্ৰ হয়, তেনেহʼলে তেওঁলোকে নয়মীৰ নিচিনা ডেকা ভাই-ভনীসকলৰপৰা সহায় লʼব।

১২. পাঁচনি পৌলে ভাই-ভনীসকলৰ প্ৰতি কেনেকৈ কৃতজ্ঞতা দেখুৱালে?

১২ যি ভাই-ভনীসকলে পৌলক সহায় কৰিছিল, পৌলে তেওঁলোকৰ প্ৰতি কৃতজ্ঞ আছিল। ফিলিপীৰ ভাই-ভনীসকলে তেওঁক প্ৰয়োজনীয় বস্তু দিয়াৰ বাবে তেওঁলোকক ধন্যবাদ দিছিল। (ফিলি. ৪:১৬) তীমথিয়ে পৌলক সহায় কৰাৰ বাবে পৌলে তেওঁকো ধন্যবাদ দিছিল। (ফিলি. ২:১৯-২২) পৌলক বন্দী কৰি যেতিয়া ৰোমলৈ নিয়া হৈছিল, তেতিয়া ভাই-ভনীসকলে তেওঁক উৎসাহিত কৰিবলৈ বাটত আহিছিল। সেই সময়তো তেওঁ যিহোৱাক ধন্যবাদ দিছিল। (পাঁচ. ২৮:১৫) পৌলৰ বহুত উৎসাহ আছিল, তেওঁ বিভিন্ন ঠাইত গৈ প্ৰচাৰ কৰিছিল আৰু বহুতো মণ্ডলীক উৎসাহিত কৰিছিল। তথাপি তেওঁ অহংকাৰী হোৱা নাছিল। সেইবাবে, যেতিয়া ভাই-ভনীসকলে তেওঁক সহায় কৰিবলৈ বিচাৰিছিল, তেতিয়া তেওঁ ভাই-ভনীসকলৰ সহায় লৈছিল।

১৩. বৃদ্ধ ভাই-ভনীসকলে কি কি উপায়েৰে ডেকা ভাই-ভনীসকলৰ প্ৰতি কৃতজ্ঞ দেখুৱাব পাৰে?

১৩ বৃদ্ধ ভাই-ভনীসকল, আপোনালোকে বহুত উপায়েৰে ডেকা ভাই-ভনীসকলৰ প্ৰতি কৃতজ্ঞতা দেখুৱাব পাৰে। যদি ডেকা ভাই-ভনীসকলে ক’ৰবালৈ অহা-যোৱা কৰিবলৈ, বজাৰ কৰিবলৈ বা আন কিবা উপায়েৰে আপোনাক সহায় কৰিব বিচাৰে, তেনেহ’লে তেওঁলোকৰ সহায় লওক। তেওঁলোকক মানা নকৰিব। কিয়নো তেওঁলোকৰ যোগেদি যিহোৱাই আপোনাক প্ৰেম দেখুৱাইছে। এইদৰে কৰিলে তেওঁলোকৰ লগত হয়তো আপোনাৰ ভাল বন্ধুত্ব হʼব পাৰে। আপোনালোকে, আন এক উপায়েৰে তেওঁলোকক প্ৰতি কৃতজ্ঞ দেখুৱাব পাৰে। সেয়া হৈছে, যিহোৱাৰ কাষ চাপিবলৈ তেওঁলোকক সহায় কৰা। ডেকা ভাই-ভনীসকলক কওক যে তেওঁলোকে আনৰ সহায় কৰিবলৈ যি পৰিশ্ৰম কৰিছে, সেয়া দেখি আপুনি আনন্দিত হয়। তেওঁলোকৰ লগত সময় অতিবাহিত কৰক আৰু নিজৰ জীৱনৰ অভিজ্ঞতাবোৰ তেওঁলোকক জনাওক। এইদৰে কৰাৰ যোগেদি আপুনি দেখুৱাব পাৰিব যে যিহোৱাই মণ্ডলীত ডেকা ভাই-ভনীসকলক দিয়াৰ বাবে আপুনি “কৃতজ্ঞ” হৈছে।—কল. ৩:১৫; যোহ. ৬:৪৪; ১ থিচ. ৫:১৮.

উদাৰশীল হওক

১৪. ৰজা দায়ূদ উদাৰশীল আছিল বুলি আমি কিয় কʼব পাৰোঁ?

১৪ ৰজা দায়ূদ উদাৰশীল আছিল। তেওঁ মন্দিৰ নিৰ্ম্মাণ কৰিবলৈ বহুতো টকা-পইচা আৰু মুল্যৱান বস্তু দিছিল। (১ বং. ২২:১১-১৬; ২৯:৩, ৪) তেওঁ ভালদৰে জানিছিল যে এই মন্দিৰ চলোমনৰ নামেৰে জনাজাত হ’ব। তথাপি তেওঁ সহায় কৰিছিল। আজি বৃদ্ধ ভাই-ভনীসকলে নিৰ্ম্মাণ কামত ভাগ লʼব নোৱাৰে, কিন্তু তেওঁলোকে নিজৰ পৰিস্থিতিৰ অনুসৰি দান দি এই কামত সহযোগ কৰিব পাৰে। তেওঁলোকে নিজৰ অভিজ্ঞতাৰপৰা ডেকাসকলক শিকাই উদাৰশীল হʼব পাৰে।

১৫. পাঁচনি পৌল উদাৰশীল আছিল বুলি আমি কিয় কʼব পাৰোঁ?

১৫ পাঁচনি পৌলেও উদাৰশীল আছিল। এয়া আমি কিয় কʼব পাৰোঁ? কিয়নো পাঁচনি পৌলে মিচনেৰী সেৱাত যোৱাৰ সময়ত তীমথিয়ক নিজৰ লগত লৈ গৈছিল। তেওঁ সময় উলিয়াই তীমথিয়ক এজন ভাল প্ৰচাৰক আৰু শিক্ষক হʼবলৈ সহায় কৰিছিল। (পাঁচ. ১৬:১-৩; ১ কৰি. ৪:১৭) পাছত তীমথিয়ই পৌলৰপৰা যি শিকিছিল, সেই কথাবোৰ আনক শিকাইছিল।

১৬. ভাই চিগেঅ’ই ডেকা ভাইসকলক কিয় শিকাইছিল?

১৬ পৌলৰ দৰে আজিও বৃদ্ধ ভাই-ভনীসকলে এইদৰে নাভাবে যে যদি তেওঁলোকে ডেকাসকলক শিকায়, তেনেহʼলে সংগঠনত তেওঁলোকৰ কোনো কাম নাথাকিব। ওপৰত উল্লেখ কৰা ভাই চিগেঅ’ৰ উদাহৰণলৈ মন কৰক। তেওঁ শাখা সমিতিৰ ডেকা ভাইসকলক শিকায়। তেওঁ এইদৰে কিয় কৰে বাৰু? কিয়নো সেই দেশৰ প্ৰচাৰ কাম ভালদৰে হʼবলৈ তেওঁ এইদৰে কৰে। যেতিয়া তেওঁ বৃদ্ধ হৈছিল তেতিয়া তেওঁলোকৰ মাজৰে এজন ভায়ে তেওঁৰ ঠাইত শাখা সমিতিৰ সমপদস্থ হ’ল। ভাই চিগেঅ’য়ে ৪৫ বছৰ ধৰি শাখা সমিতিৰ সদস্য হয় আৰু তেওঁ এতিয়াও ডেকাসকলক শিকাই থাকে। সঁচাকৈ, এনে ভাইসকলৰ বাবে আনে বহুত সহায় লাভ কৰে।

১৭. বৃদ্ধ ভাই-ভনীসকলে লূক ৬:৩৮ পদত দিয়া পৰামৰ্শ কেনেকৈ পালন কৰিব পাৰে?

১৭ বৃদ্ধ ভাই-ভনীসকল, আপোনালোকৰ উদাহৰণৰপৰা প্ৰমাণ হয় যে জীয়াই থকা আটাইতকৈ ভাল উপায় হৈছে যিহোৱাৰ সেৱা কৰা। ইয়াৰ উপৰিও আপোনালোকৰ উদাহৰণৰপৰা প্ৰমাণ হয় যে বাইবেলৰ সিদ্ধান্তবোৰ শিকা আৰু তাৰ অনুসৰি জীৱন-যাপন কৰিলে আমাৰে লাভ হ’ব। আপোনালোকে ভালদৰে জানে যে আগতে কামবোৰ কেনেকৈ কৰা হৈছিল, কিন্তু পৰিস্থিতিৰ লগে-লগে আপোনালোকে নতুন উপায়েৰে কাম কৰিবলৈ শিকিলে। যদি আপুনি বাপ্তিষ্মা লোৱা বেছি দিন হোৱা নাই, তথাপি আপুনি ডেকা ভাই-ভনীসকলক সহায় কৰিব পাৰে। আপুনি তেওঁলোকক কʼব পাৰে যে এই বয়সত যিহোৱাৰ বিষয়ে শিকি আপুনি কিমান আনন্দিত আছে। আপোনালোকে ডেকা ভাই-ভনীসকলক নিজৰ অভিজ্ঞতাৰ বিষয়ে জনালে তেওঁলোকে বৰ আনন্দিত হ’ব আৰু আপুনিও বহুতো আশীৰ্বাদ লাভ কৰিব।—লূক ৬:৩৮ পঢ়ক।

১৮. বৃদ্ধ আৰু ডেকা ভাই-ভনীসকলে একেলগে মিলি কাম কৰিলে কি হয়?

১৮ বৃদ্ধ ভাই-ভনী আৰু ডেকাসকলৰ মাজত ভাল বন্ধুত্ব থাকিলে, তেওঁলোকে এজনে-আনজনক সহায় কৰিব পাৰে। (ৰোম. ১:১২) বৃদ্ধ হওক বা ডেকা মণ্ডলীত সকলোৰে গুৰুত্বতা আছে। বৃদ্ধ ভাই-ভনীসকলৰ ওচৰত অভিজ্ঞতা আৰু বুদ্ধি আছে। কিন্তু ডেকা ভাই-ভনীসকলৰ ওচৰত শক্তি আছে। যদি বৃদ্ধ ভাই-ভনীসকল আৰু ডেকাসকলে মিলি কাম কৰে, তেনেহʼলে যিহোৱাৰ মহিমা হয় আৰু মণ্ডলীত একতা থাকে।

গীত ৯০ এজনে-আনজনক সাহস দিয়ক

^ অনু. 5 যিহোৱাৰ সংগঠনত এনে বহুতো ডেকা ভাই-ভনী আছে, যিসকলে বহুত পৰিশ্ৰম কৰে। বৃদ্ধ ভাই-ভনীসকলে, যিয়ে পৃষ্টভূমি বা সংস্কৃতিৰ নহওক কিয়, তেওঁলোকে ডেকা ভাই-ভনীসকলক সহায় কৰিব পাৰে। যদি তেওঁলোকে এইদৰে কৰে, তেনেহ’লে ডেকা ভাই-ভনীসকলে যিহোৱাৰ সেৱাত নিজৰ সম্পূৰ্ণ শক্তি ব্যৱহাৰ কৰিব পাৰিব।

^ অনু. 55 ছবিৰ বিষয়ে: এজন চাৰ্কিট ওভাৰচিয়াৰৰ বয়স ৭০ বছৰ হʼল। এতিয়া তেওঁ আৰু তেওঁৰ পত্নীয়ে বেলেগ দায়িত্ব লাভ কৰিছে। তেওঁলোকে যি মণ্ডলীত সেৱা কৰে, সেই মণ্ডলীৰ আন ভাই-ভনীসকলক নিজৰ অভিজ্ঞতাৰপৰা শিকাইছে।