Skip to content

Skip to table of contents

অধ্যয়নৰ লেখ ৩৭

“মই আটাই জাতিক কঁপাম”

“মই আটাই জাতিক কঁপাম”

“মই আটাই জাতিক কঁপাম; আৰু আটাই জাতিৰ বাঞ্ছনীয় বস্তু আহিব।”—হগ্‌. ২:৬, ৭.

গীত ২৪ যিহোৱাৰ পৰ্বতলৈ আহক

লেখৰ এক আভাস *

১-২. হগ্গয়য়ে কি ভৱিষ্যতবাণী কৰিছিল?

নেপালত ২০১৫ চনত এটা ভয়ংকৰ ভূমিকম্প হৈছিল। “ক্ষন্তেকতে বহুতো দোকান আৰু অট্টালিকাবোৰ খহি পৰিছিল।” “চাৰিওফালে হূলস্থলৰ পৰিৱেশ সৃষ্টি হৈছিল। বহুতোলোকে কৈছিল যে ভূমিকম্প কিছু মিনিটৰ বাবে হৈছিল, কিন্তু মোৰ এনে লাগিছিল যেন এয়া শেষে হোৱা নাই।” যদি আপোনাৰ লগতো এনেধৰণৰ দুৰ্ঘটনা ঘটে, তেনেহ’লে আপোনাৰ বাবেও পাহৰি যোৱাটো সহজ নহ’ব।

কিন্তু আজি গোটেই পৃথিৱীয়ে বিশেষ ধৰণৰে কঁপি আছে। বাইবেলত কোৱা হৈছে যে যিহোৱাই বহুবছৰৰপৰা গোটেই ৰাষ্ট্ৰক কঁপাই তুলিছে। এই বিষয়ে ভৱিষ্যতবক্তা হগ্গয়ে এইদৰে লিখিছিল, “বাহিনীবিলাকৰ যিহোৱাই এই কথা কৈছে, অলপৰ পাছতে মই আৰু এবাৰ আকাশ-মণ্ডল আৰু পৃথিবীক, সমুদ্ৰ আৰু শুকান ভূমিক লৰাম।”—হগ্‌. ২:৬.

৩. হগ্গয়ে সঁচাকৈ ভূমিকম্পৰ বিষয়ে কোৱা নাছিল বুলি আমি কিয় কʼব পাৰোঁ?

হগ্গয়য়ে সঁচাকৈ হোৱা ভূমিকম্পৰ বিষয়ে কোৱা নাছিল। কিয়নো ভূমিকম্প আহিলে কেৱল ধ্বংসহে হয়। কিন্তু, আটাই জাতিক কঁপোৱা হ’ব বুলি হগ্গয় যেতিয়া কৈছিল, তেতিয়া ইয়াৰ ভাল পৰিণামো হ’ব। যিহোৱাই এইদৰে কৈছে, ‘মই আটাই জাতিক কঁপাম; আৰু আটাই জাতিৰ বাঞ্ছনীয় বস্তু আহিব; মই এই গৃহটি গৌৰৱেৰে পৰিপূৰ্ণ কৰিম।’ (হগ্‌. ২:৬, ৭) হগ্গয়য়ে কৰা এই ভৱিষ্যবাণীৰপৰা যিহূদীসকলৰ ওপৰত কি প্ৰভাৱ পৰিল? বৰ্তমান সময়ত এই ভৱিষ্যতবাণী কেনেকৈ পূৰ হৈ আছে? এই প্ৰশ্নবোৰৰ উত্তৰ আমি এই লেখত আলোচনা কৰিম। ইয়াৰ ওপৰিও আমি এয়াও শিকিম যে ৰাষ্ট্ৰক কঁপাই তুলা কামত আমি কেনেকৈ ভাগ লʼব পাৰোঁ।

হগ্গয়ৰ বাৰ্তাই সাহসী কৰি তুলিলে

৪. যিহোৱাই হগ্গয়ক কি দায়িত্ব দিছিল?

খ্ৰীষ্টপূৰ্ব ৫৩৭-ত যিহূদীসকলে বাবিলৰপৰা মুকলি হোৱাৰ পাছত পুনৰ যিৰূচালেমলৈ উভতি আহে। তেওঁলোকৰ ভিতৰত হগ্গয়ো আছিল। যিহূদীসকলে যিৰূচালেমলৈ অহাৰ পাছত প্ৰথমে যিহোৱাৰ মন্দিৰ নিৰ্মাণ কৰিবলৈ আৰম্ভ কৰে। (ইজ্ৰা ৩:৮, ১০) কিন্তু কিছুসময়ৰ পাছত কাষৰে-পাঁজৰে থকা দেশসমূহৰ লোকসকলে তেওঁলোকৰ বিৰোধ কৰিলে। তেতিয়া তেওঁলোকে ভয় কৰি মন্দিৰ বনাবলৈ এৰি দিলে। (ইজ্ৰা ৪:৪; হগ্‌. ১:১, ২) খ্ৰীষ্টপূৰ্ব ৫২০-ত যিহোৱাই হগ্গয়ক যিহূদীসকলক উৎসাহিত কৰিবলৈ দায়িত্ব দিলে, যাতে তেওঁলোকে পুনৰ মন্দিৰ বনাবলৈ আৰম্ভ কৰে। *ইজ্ৰা ৬:১৪, ১৫.

৫. হগ্গয়ৰ বাৰ্তা শুনি যিহূদীসকলৰ হয়তো কিয় সাহস বাঢ়িল?

হগ্গয়য়ে নিজৰ বাৰ্তা শুনোৱাৰ যোগেদি যিহোৱাৰ ওপৰত যিহূসকলৰ বিশ্বাস বঢ়ালে। তেওঁ সাহসেৰে যিহূদীসকলক এইদৰে কৈছিল, “যিহোৱাই কৈছে, হে দেশৰ আটাই লোকবিলাক তোমালোক বলৱান হোৱা, আৰু কাৰ্য্য কৰা; কিয়নো, বাহিনীবিলাকৰ যিহোৱাই কৈছে, মই তোমালোকৰ লগত আছোঁ।” (হগ্‌. ২:৪, ৫) “বাহিনীবিলাকৰ যিহোৱা” এয়া শুনি যিহূদীসকলে সাহস লাভ কৰিলে। ইয়াৰপৰা যিহূদীসকলে জানিব পাৰিলে যে যিহোৱাৰ স্বৰ্গদূতবিলাকৰ এটা ডাঙৰ সৈন্য-বাহিনী আছে। যদি তেওঁলোকে যিহোৱাৰ ওপৰত ভৰসা কৰে, তেনেহ’লে তেওঁলোকে সফলতা লাভ কৰিব।

৬. হগ্গয়য়ে কৰা ভৱিষ্যতবাণীৰপৰা কি ফলাফল হ’ল?

যিহোৱাই গোটেই ৰাষ্ট্ৰক কঁপাই তুলিব বুলি ভৱিষ্যবক্তা হগ্গয়ৰ জৰিয়তে ঘোষণা কৰিলে। ইয়াৰ অৰ্থ হৈছে তেওঁ অতি সোনকালে পাৰস্য বিশ্বশক্তিক কঁপাই তুলিব, যিয়ে গোটেই ৰাষ্ট্ৰক নিজৰ অধীনত ৰাখিছিল। ইয়াৰ ফলত কি হ’ল? ঈশ্বৰৰ লোকসকলে মন্দিৰ বনোৱাৰ কাম সম্পূৰ্ণ কৰিলে। তাৰ পাছত সেই মন্দিৰত যিহূদীসকলৰ লগতে আন লোকসকলেও যিহোৱাৰ উপাসনা কৰিলে। ভৱিষ্যতবক্তা হগ্গয়ৰ বাৰ্তাৰ পৰা যিহূদীসকলে বহুত সাহস লাভ কৰিলে।—জখ. ৮:৯.

পৃথিৱীক কঁপাই তোলা কাম

পৃথিৱীক কঁপাই তোলাৰ কামত আপুনি উৎসাহেৰে ভাগ লৈছেনে? (অনুচ্ছেদ ৭, ৮ চাওক) *

৭. আজি আমি কি কামত যিহোৱাক সহযোগ কৰিছোঁ?

হগ্গয়ৰ ভৱিষ্যতবাণী আজিও পূৰ হৈছেনে? যিহোৱাই পুনৰ গোটেই ৰাষ্ট্ৰক কঁপাইছে আৰু এই কামত আমিও সহযোগ দিছোঁ। এয়া আমি কেনেকৈ কʼব পাৰোঁ? ১৯১৪ চনত যিহোৱাই স্বৰ্গত নিজৰ ৰাজ্য স্থাপন কৰিলে আৰু যীচু খ্ৰীষ্টক ৰজা হিচাপে নিযুক্ত কৰিলে। (গীত. ২:৬) এই বাৰ্তা পৃথিৱীৰ নেতাসকলৰ বাবে দুখৰ খবৰ আছিল, কিয়নো “পৰজাতি মানুহৰ কাল” শেষ হৈছিল। অৰ্থাৎ সেই সময়ছোৱা শেষ হৈছিল, যেতিয়া যিহোৱাৰ ফালৰপৰা কোনো ব্যক্তিয়ে শাসন কৰা নাছিল। (লূক ২১:২৪) যিহোৱাৰ লোকসকলে ১৯১৯ চনৰপৰা ঘোষণা কৰি আহিছে যে ঈশ্বৰৰ ৰাজ্যই অতি সোনকালে মানৱজাতিৰ সকলো দুখ-কষ্ট নাইকিয়া কৰিব। “ৰাজ্যৰ এই শুভবাৰ্ত্তা” প্ৰচাৰ কৰাৰ বাবে গোটেই পৃথিৱী কঁপি উঠিছে।—মথি ২৪:১৪.

৮. গীতমালা ২:১-৩ পদৰ অনুসৰি বেছিভাগ ৰাষ্ট্ৰই কি কৰে?

এই বাৰ্তা শুনি লোকসকলে কি কৰে? বেছিভাগ লোকে ইয়াক অস্বীকাৰ কৰে। (গীতমালা ২:১-৩ পঢ়ক।) বহুতো ৰাষ্ট্ৰ খঙত আছে। তেওঁলোকে যীচুক নিজৰ ৰজা হিচাপে স্বীকাৰ নকৰে। তেওঁলোকে এয়া ভাল খবৰ হয় বুলিও বিশ্বাস নকৰে। কিছুমান দেশত চৰকাৰে প্ৰচাৰ কাৰ্য্যক একেবাৰে বন্ধ কৰিছে। বহুতো শাসকে কয় যে তেওঁলোক ঈশ্বৰক বিশ্বাস কৰে। কিন্তু তেওঁলোকে ঈশ্বৰৰ ৰাজ্যক সমৰ্থন নকৰে। কিয়নো তেওঁলোকে নিজৰ পদ আৰু অধিকাৰ এৰিব নিবিচাৰে। প্ৰথম শতিকাৰ শাসকসকলৰ দৰে বৰ্তমান শাসকসকলেও যীচুৰ শিষ্যসকলক তাড়না দিয়ে আৰু তেওঁলোকৰ বিৰোধ কৰে।—পাঁচ. ৪:২৫-২৮.

৯. ৰাষ্ট্ৰৰ বেয়া কাম দেখি যিহোৱাই কি কৰিলে?

ৰাষ্ট্ৰৰ বেয়া কাম দেখি যিহোৱাই এইদৰে কৈছে, “হে ৰজাবিলাক, জ্ঞানৱন্ত হোৱা; হে পৃথিবীৰ বিচাৰকৰ্ত্তাবিলাক, সতৰ্ক হোৱা। ভয়েৰে যিহোৱাৰ সেৱা কৰা; কম্পনেৰে উল্লাস কৰা। পুত্ৰক চুমা খোৱা; নহলে তেওঁ ক্ৰুদ্ধ হব, আৰু তোমালোক পথত বিনষ্ট হবা; কিয়নো তেওঁৰ ক্ৰোধ অলপতে জ্বলি উঠিব পাৰে। তেওঁত আশ্ৰয় লোৱাবিলাক ধন্য।” (গীত. ২:১০-১২) যিহোৱাই সকলো বিৰোধীসকলক সময় দিছে, যাতে তেওঁলোকে নিজৰ মন সলনি কৰে আৰু যিহোৱাৰ ৰাজ্যক সমৰ্থন কৰে। কিন্তু এই সময় শেষ হʼবলগীয়া আছে। কিয়নো আমি একেবাৰে “শেষ-কালত” জীয়াই আছোঁ। (২ তীম. ৩:১; যিচ. ৬১:২) আজি লোকসকলে সত্য শিকি যিহোৱাৰ সেৱা কৰিবলৈ নিৰ্ণয় লোৱাটো অতি প্ৰয়োজন হৈ পৰিছে।

এই কামৰ ভাল পৰিণাম

১০. হগ্গয় ২:৭-৯ পদৰ অনুসৰি ৰাষ্ট্ৰক কঁপাই তুলিলে কি ভাল পৰিণাম হ’ব?

১০ যিহোৱাই যেতিয়া গোটেই ৰাষ্ট্ৰক কঁপাই তুলিব, তেতিয়া ভাল পৰিণামো হ’ব। হগ্গয়য়ে ভৱিষ্যতবাণী কৰিছিল যে “আটাই জাতিৰ বাঞ্ছনীয় বস্তু” বা ধাৰ্মিক লোকসকলে যিহোৱাৰ উপাসনা কৰিব। * (হগ্গয় ২:৭-৯ পঢ়ক।) “অন্তিম কালত” এইদৰে হʼব বুলি যিচয়া আৰু মীখায়েও ভৱিষ্যতবাণী কৰিছে।—যিচ. ২:২-৪; মীখা ৪:১, ২.

১১. এজন ভায়ে ঈশ্বৰৰ ৰাজ্যৰ বিষয়ে শুনাৰ পাছত কি কৰিলে?

১১ মুখ্য কাৰ্য্যালয়ত সেৱা কৰা ভাই কেনৰ উদাহৰণলৈ মন কৰক। ৪০ বছৰৰ আগতে যেতিয়া তেওঁ ঈশ্বৰৰ ৰাজ্যৰ বিষয়ে শুনিছিল, তেতিয়া তেওঁক কেনেকুৱা লাগিছিল সেই কথা তেওঁৰ আজিও মনত আছে। ভাই কেনে এইদৰে কৈছে, “যেতিয়া মই গম পালোঁ যে আমি শেষ কালত জীয়াই আছোঁ, তেতিয়া মই বৰ আনন্দিত হ’লোঁ। মই বুজিব পাৰিলোঁ যে ঈশ্বৰক আনন্দিত কৰিবলৈ আৰু অনন্ত জীৱন পাবলৈ হʼলে মই এই জগতক সমৰ্থন কৰিব নালাগিব, যি অতি সোনকালে ধ্বংস হʼবলগীয়া আছে। মই ঈশ্বৰৰ ৰাজ্যক সমৰ্থন কৰিব লাগিব। ইয়াৰ বিষয়ে মই প্ৰাৰ্থনা কৰিলোঁ আৰু লগে লগে এই জগতক সমৰ্থন কৰিবলৈ এৰি দিলোঁ আৰু ঈশ্বৰৰ ৰাজ্যক সমৰ্থন কৰিলোঁ, যাক কেতিয়াও ধ্বংস কৰা নহʼব।”

১২. এই শেষকালত কেনেকৈ যিহোৱাৰ নাম মহিমা হৈছে?

১২ আজি যিহোৱাই প্ৰচাৰ কামত আশীৰ্বাদ দি আছে। শেষকালত বহুতোলোকে যিহোৱাৰ উপাসনা কৰিছে। ১৯১৪ চনত কিছুমান লোকহে যিহোৱাৰ উপাসনা কৰিছিল। কিন্তু এতিয়া ইয়াৰ সংখ্যা বাঢ়ি বাঢ়ি ৮০ লাখতকৈও বেছি হৈছে আৰু প্ৰতিবছৰে লাখ লাখ লোকে আমাৰ লগত মিলি যীচুৰ মৃত্যুৰ স্মৰণীয় দিন পালন কৰে। এইদৰে যিহোৱাৰ লাক্ষণিক মন্দিৰৰ চোতালত ‘আটাই জাতিৰ বাঞ্ছনীয় বস্তুৰে’ ভৰি পৰিছে। অৰ্থাৎ যিহোৱাই ব্যৱস্থা কৰা শুদ্ধ উপাসনাত ধাৰ্মিক লোকসকলে সমৰ্থন কৰি আছে। যেতিয়া এই লোকসকলে নিজৰ জীৱনত পৰিবৰ্তন কৰে, তেতিয়া যিহোৱাৰ নাম মহিমা হয়।—ইফি. ৪:২২-২৪.

ঈশ্বৰৰ লোকসকলে গোটেই পৃথিৱীত ঈশ্বৰৰ ৰাজ্যৰ বিষয়ে প্ৰচাৰ কৰিবলৈ আনন্দেৰে ভাগ লৈছে। (অনুচ্ছেদ ১৩ চাওক)

১৩. বৰ্তমান সময়ত আৰু কি ভৱিষ্যতবাণীবোৰ পূৰ হৈ আছে? (বেটুপাতত দিয়া ছবিখন চাওক।)

১৩ হগ্গয়ৰ ভৱিষ্যতবাণীৰ লগতে আন ভৱিষ্যতবাণীবোৰো পূৰ হৈ আছে। উদাহৰণস্বৰূপে, যিচয়া ৬০:২২ পদত এইদৰে লিখা আছে, “যি সৰু, সি হাজাৰ হৈ উঠিব; আৰু যি ক্ষুদ্ৰ, সি বলৱান জাতি হৈ উঠিব; মই যিহোৱাই উচিত সময়ত ইয়াক সাম্ফল কৰিবলৈ বেগী হম।” এই ভৱিষ্যতবাণীৰপৰা বুজিব পাৰি যে, যিহোৱাৰ উপাসনা কৰা লোকসকলৰ সংখ্যা কিমান হ’ব। এই লোকসকলৰ প্ৰচাৰ কৰাৰ ইচ্ছা আৰু ভাল-ভাল গুণ আছে। যিচয়াই এই গুণবোৰক “জাতিবিলাকৰ দুগ্ধ” বুলি কৈছে। (যিচ. ৬০:৫, ১৬) তেওঁলোকৰ ভাল গুণ আৰু ইচ্ছাৰ বাবে আজি ২৪০-তকৈ বেছি দেশত ঈশ্বৰৰ ৰাজ্যৰ বিষয়ে প্ৰচাৰ কৰা হৈছে আৰু এক হাজাৰতকৈ বেছি ভাষাত আলোচনীবোৰ প্ৰকাশিত কৰা হৈছে।

নিৰ্ণয় লোৱা সময়

১৪. আজি লোকসকলে কি নিৰ্ণয় লʼব লাগিব?

১৪ সকলো ৰাষ্ট্ৰক কঁপাই তোলাৰ বাবে আজি সকলো লোকে এটা নিৰ্ণয় লʼব লাগিব। সেই নিৰ্ণয়টো হৈছে, তেওঁলোকে ঈশ্বৰৰ ৰাজ্যক সমৰ্থন কৰিব নে এই পৃথিৱীৰ চৰকাৰ সকলক? যিহোৱাৰ লোকসকলে ঈশ্বৰৰ ৰাজ্যক সমৰ্থন কৰিবলৈ নিৰ্ণয় লৈছে। সেইবাবে, তেওঁলোকে যদিও নিজৰ দেশৰ নিয়মবোৰ পালন কৰে, কিন্তু তেওঁলোকে ৰাজনৈতিকত ভাগ নলয়। (ৰোম. ১৩:১-৭) তেওঁলোকে জানে যে কেৱল ঈশ্বৰৰ ৰাজ্যহে সকলো সমস্যাৰ সমাধান কৰিব আৰু সেই ৰাজ্য এই পৃথিৱীৰ ভাগ নহয়।—যোহ. ১৮:৩৬, ৩৭.

১৫. যিহোৱাৰ লোকসকলৰ কেনেকৈ বিশ্বাসৰ পৰিক্ষা হ’ব?

১৫ প্ৰকাশিত বাক্য কিতাপত কোৱা হৈছে যে শেষকালত যিহোৱাৰ লোকসকলৰ বিশ্বাসৰ পৰীক্ষা হ’ব। জগতৰ চৰকাৰে কেৱল তেওঁলোককেই উপাসনা কৰিব লাগিব বুলি লোকসকলক জোৰ কৰিব আৰু যিসকল লোকে এইদৰে নকৰিব, তেওঁলোকক চৰকাৰে বিৰোধ কৰিব আৰু তাড়না দিব। (প্ৰকা. ১৩:১২, ১৫) এই চৰকাৰে “সৰু আৰু বৰ, ধনী আৰু দৰিদ্ৰ, স্বাধীন আৰু দাস, এই সকলোৰে সোঁ হাতত বা কপালত ছাব” মাৰিবলৈ জোৰ কৰিব। (প্ৰকা. ১৩:১৬) প্ৰাচীন সময়ত দাসসকলক ছাব মৰা হৈছিল। ইয়াৰপৰা বুজিব পৰা গৈছিল যে তেওঁৰ মালিক কোন হয়। ঠিক সেইদৰে চৰকাৰে সকলো লোকক নিজৰ হাতত বা কপালত ছাব মাৰিবলৈ জোৰ কৰিব। অৰ্থাৎ লোকসকলে নিজৰ চিন্তাধাৰাত আৰু কামৰ যোগেদি দেখুৱাব লাগিব যে তেওঁলোকে চৰকাৰক সমৰ্থন কৰিছে।

১৬. আজি আমি যিহোৱাৰ বিশ্বাসী হৈ থকাটো কিয় প্ৰয়োজন?

১৬ আমি সেই ছাব মাৰি এই জগতৰ চৰকাৰ সকলক সমৰ্থন কৰিমনে? যিসকলে এইদৰে নকৰে, তেওঁলোকে বহুতো সমস্যাৰ সন্মূখীন হ’ব লাগিব। আনকি তেওঁলোকৰ জীৱনো বিপদত পৰিব পাৰে। প্ৰকাশিত বাক্য কিতাপে এইদৰে কৈছে, ‘সেই ছাব, যাৰ নাই, তাক এনে কৰিলে যে, তেওঁ কিনাবেচা আৰু কৰিব নোৱাৰে।’ (প্ৰকা. ১৩:১৭) কিন্তু ঈশ্বৰৰ লোকসকলে জানে যে যিসকলৰ এই ছাব আছে, তেওঁলোকৰ লগত যিহোৱাই কি কৰিব। (প্ৰকা. ১৪:৯, ১০) সেইবাবে, ঈশ্বৰৰ লোকসকলে ছাব মৰাৰ পৰিৰ্বতে নিজৰ হাতত এইদৰে লিখিব “মই যিহোৱাৰেই।” (যিচ. ৪৪:৫) আমি যিহোৱাৰ ওপৰত নিজৰ বিশ্বাস দৃঢ় কৰি তেওঁৰ বিশ্বাসী হোৱাৰ সময় এয়াই হয়। যদি আমি তেওঁৰ বিশ্বাসী হৈ থাকিম, তেনেহ’লে যিহোৱাই আনন্দেৰে কʼব যে আমি তেওঁৰে হয়।

শেষৰ কঁপনি

১৭. যিহোৱাৰ ধৈৰ্য্য শেষ হ’লে কি হʼব?

১৭ কোনো ব্যক্তিয়ে ধ্বংস হোৱাটো যিহোৱাই নিবিচাৰে। সেইবাবে, তেওঁ ধৈৰ্য্য ধৰিছ আছে। (২ পিত. ৩:৯) তেওঁ সকলো লোককে অনুতাপ কৰিবলৈ আৰু তেওঁৰ উপাসনা কৰিবলৈ সুযোগ দিছে। কিন্তু তেওঁৰ ধৈৰ্য্যৰো এটা সীমা আছে। যিসকল লোকে এই সুযোগ হেৰুৱাব, তেওঁলোকৰ অৱস্থা ফৌৰণৰ নিচিনা হ’ব। যিহোৱাই ফৌৰণক এইদৰে কৈছিল, “মই হাত মেলি, তোমাক আৰু তোমাৰ প্ৰজাবিলাকক মহামাৰীৰে প্ৰহাৰ কৰা হলে, তুমি পৃথিবীৰ পৰা উচ্ছন্ন হলাহেঁতেন; কিন্তু তোমাক যেন মোৰ শক্তি দেখুৱাম, আৰু গোটেই পৃথিবীত মোৰ নামো যেন খ্যাতিমন্ত হব, এই নিমিত্তেহে পতিত নোহোৱাকৈ তোমাক ৰাখিলোঁ।” (যাত্ৰা. ৯:১৫, ১৬) যিহোৱাই সত্য ঈশ্বৰ হয় বুলি গোটেই ৰাষ্ট্ৰই অতি সোনকালে জানিব পাৰিব। (যিহি. ৩৮:২৩) সেয়া কেনেকৈ হ’ব? আহক চাওঁ।

১৮. (ক) হগ্গয় ২:৬, ২০-২২ পদৰ অনুসৰি কি কি বস্তুক লৰোৱা হ’ব? (খ)  এই কথা ভৱিষ্যতে পূৰ হ’ব বুলি আমি কেনেকৈ জানিব পাৰোঁ?

১৮ হগ্গয় ২:৬, ২০-২২ পঢ়ক। এই ভৱিষ্যতবাণী কৰা বহুবছৰৰ পাছত পাঁচনি পৌলে লিখিছিল যে এই কথা ভৱিষ্যতে পূৰ হ’ব। তেওঁ এইদৰে লিখিছিল, “তেওঁৰ ধ্বনিয়ে পৃথিবী লৰাইছিল; কিন্তু এতিয়া তেওঁ অঙ্গীকাৰ কৰিলে, বোলে, আৰু এবাৰ মই কেৱল পৃথিবী লৰাম, এনে নহয়, আকাশকো লৰাম। ইয়াতে ‘আৰু এবাৰ’, এই শব্দে, অলৰ বস্তুবোৰ থাকিবৰ কাৰণে, নিৰ্ম্মিত বস্তুৰ দৰে লৰোৱা বস্তুবোৰ দূৰ কৰা বুজাইছে।” (ইব্ৰী ১২:২৬, ২৭) হগ্গয় ২:২০-২২ পদত যি লৰোৱাৰ বিষয়ে কোৱা হৈছে, সেয়া হগ্গয় ২:৬, ৭ পদৰপৰা একেবাৰে বেলেগ হয়। এই পদবোৰৰ অনুসৰি যিসকলে ফৌৰণৰ নিচিনা যিহোৱাৰ অধিকাৰক অস্বীকাৰ কৰে, তেওঁলোকক সদায় কালৰ বাবে ধ্বংস কৰা হ’ব।

১৯. কি বস্তুক কঁপোৱা নহ’ব?

১৯ কি বস্তুক কঁপাই তোলা নহ’ব বা ধ্বংস কৰা নহ’ব? পাঁচনি পৌলে এয়াও কৈছিল, “এই হেতুকে, আমি অলৰ ৰাজ্যৰ অধিকাৰী হোৱাত, আহাঁ, যি অনুগ্ৰহৰ দ্বাৰাই আমি ভক্তি আৰু ভয়েৰে সন্তোষৰূপে ঈশ্বৰৰ আৰধানা কৰিব পাৰোঁ, সেই অনুগ্ৰহ মানোহঁক।” (ইব্ৰী ১২:২৮) যেতিয়া সকলো ধ্বংস কৰাৰ হʼব, তেতিয়া কেৱল ঈশ্বৰৰ ৰাজ্য থাকিব। ইয়াক কেতিয়াও কঁপোৱা বা ধ্বংস কৰা নহ’ব।—গীত. ১১০:৫, ৬; দানি. ২:৪৪.

২০. (ক) লোকসকলে কি নিৰ্ণয় লোৱাৰ প্ৰয়োজন আছে? (খ) এই নিৰ্ণয় লʼবলৈ আমি তেওঁলোকক কেনেকৈ সহায় কৰিব পাৰোঁ?

২০ গতিকে এতিয়া বেছি সময় নাই আৰু অতি সোনকালে লোকসকলে নিৰ্ণয় লোৱাৰ প্ৰয়োজন আছে। যদি তেওঁলোকে এই পৃথিৱীক সমৰ্থন কৰিব, তেনেহ’লে তেওঁলোকক ধ্বংস কৰা হ’ব। কিন্তু তেওঁলোকে যদি যিহোৱাৰ সেৱা কৰিবলৈ নিৰ্ণয় লয় আৰু নিজৰ জীৱন পৰিৰ্বতন কৰে, তেনেহʼলে তেওঁলোকে অনন্ত জীৱন লাভ কৰিব। (ইব্ৰী ১২:২৫) আমি লোকসকলক প্ৰচাৰ কৰি সঠিক নিৰ্ণয় লʼবলৈ তেওঁলোকক সহায় কৰিব পাৰোঁ। গতিকে আহক আমি প্ৰচাৰ কৰি থাকোঁ আৰু যীচুৱে কোৱা এই কথাষাৰ মনত ৰাখোঁ, “সকলো জাতিলৈ সাক্ষ্য হবলৈ, ৰাজ্যৰ এই শুভবাৰ্ত্তা গোটেই জগততে ঘোষণা কৰা হব; তেতিয়াহে শেষ হব।”—মথি ২৪:১৪.

গীত ৪০ আমি কাৰ হয়?

^ অনু. 5 এই লেখত আমি হগ্গয় ২:৬, ৭ পদত দিয়া ভৱিষ্যতবাণীক আলোচনা কৰিম। এই পদত দিয়া বুজা-বুজিত সাল-সলনি কৰা হৈছে। ইয়াত যি আটাই জাতিক কঁপোৱাৰ কথা কোৱা হৈছে সেই কামত আমি কেনেকৈ ভাগ লʼব পাৰিম। সেই বিষয়ে এই লেখত আলোচনা কৰা হ’ব। ইয়াৰ উপৰিও আমি এয়া শিকিম যে এই কামক কিছুমান লোকে কিয় ভাল পাই আৰু কিছুমান লোকে কিয় ভাল নাপায়।

^ অনু. 4 হগ্গয়য়ে নিজৰ দায়িত্ব ভালদৰে পালন কৰিলে, কিয়নো খ্ৰীষ্টপূৰ্ব ৫১৫-ত যিহূদীসকলে মন্দিৰ বনোৱাৰ কাম সম্পূৰ্ণ কৰে।

^ অনু. 10 আগতে আমি ভাবিছিলোঁ যে গোটেই ৰাষ্ট্ৰক কঁপাই তোলাৰ বাবে লোকসকলে যিহোৱাৰ উপাসনা নকৰিব। (মেʼ ১৫, ২০০৬ চনৰ প্ৰহৰীদূৰ্গ (হিন্দী) “পাঠকসকলৰ প্ৰশ্ন” পঢ়ক।) কিন্তু এই বুজা-বুজিত এতিয়া সলনি হৈছে।

^ অনু. 63 শেষৰ কঁপনি: হগ্গয়য়ে ঈশ্বৰৰ লোকসকল উৎসাহিত কৰিছে, যাতে তেওঁলোকে মন্দিৰ বনোৱা কাম সম্পূৰ্ণ কৰিব পাৰে। আজি আমাৰ সময়তো ঈশ্বৰৰ লোকসকলে উৎসাহেৰে ঈশ্বৰৰ ৰাজ্যৰ বিষয়ে প্ৰচাৰ কৰে। অতি সোনকালে ঈশ্বৰে এই জগতক ধ্বংস কৰিব বুলি এহাল দম্পতীয়ে প্ৰচাৰ কৰি আছে