Skip to content

Skip to table of contents

অধ্যয়নৰ লেখ ৪২

দৃঢ় বিশ্বাসেৰে সত্যক ধৰি ৰাখক

দৃঢ় বিশ্বাসেৰে সত্যক ধৰি ৰাখক

“সকলো বিষয়ৰ পৰীক্ষা কৰি, যি ভাল তাকে ধৰি ৰাখা।”—১ থিচ. ৫:২১.

গীত ১৪২ নিজৰ আশাক দৃঢ়তাৰে ধৰি ৰাখক

লেখৰ এক আভাস *

১. আজি বহুতোলোকৰ বাবে কি বুজিবলৈ কঠিন হয় আৰু কিয়?

আজি পৃথিৱীত বহুতো ধৰ্ম আছে, যিসকলে দাবী কৰে যে তেওঁলোকৰ ধৰ্মই সঁচা হয়। সেইবাবে, কোনটো ধৰ্ম সঁচা হয়, সেয়া বুজিবলৈ বহুতোলোকৰ বাবে কঠিন হয়। তেওঁলোকে ভাবে যে ‘সঁচা ধৰ্ম আছেনে? বা সকলো ধৰ্মই ঈশ্বৰক আনন্দিত কৰেনে?’ কিন্তু আমাৰ বিষয়নো কি? আমি যি বিশ্বাস কৰোঁ, সেয়াই সত্য হয় আৰু আমি যিধৰণে উপাসনা কৰোঁ, সেয়াই সঠিক উপায় হয় বুলি আমাৰ সম্পূৰ্ণ বিশ্বাস আছেনে? ইয়াৰ কিবা প্ৰমাণ আছেনে? আহক চাওঁ।

২. পৌলে যি বিশ্বাস কৰিছিল, সেয়াই সঁচা হয় বুলি তেওঁৰ কিয় সম্পূৰ্ণ বিশ্বাস আছিল? (১ থিচলনীকীয়া ১:৫)

পাঁচনি পৌলে যি বিশ্বাস কৰিছিল, সেয়াই সঁচা হয় বুলি তেওঁৰ সম্পূৰ্ণৰূপে বিশ্বাস আছিল। (১ থিচলনীকীয়া ১:৫ পঢ়ক।) তেওঁক সেইবোৰ ভাল লগাৰ বাবে বিশ্বাস কৰা নাছিল। ইয়াৰ পৰিৱৰ্তে “গোটেই শাস্ত্ৰ ঈশ্বৰ-নিশ্বাসিত” হয় বুলি তেওঁ বিশ্বাস কৰিছিল। (২ তীম. ৩:১৬) সেইবাবে, তেওঁ গভীৰভাৱে ঈশ্বৰৰ বাক্য অধ্যয়ন কৰিলে। তেওঁ অধ্যয়ন কৰি গম পালে যে যীচুৱেই প্ৰতিজ্ঞা কৰা মচীহ হয়। এই প্ৰমাণবোৰক কোনেও মিছা বুলি কʼব নোৱাৰিছিল। তথাপি ধৰ্মগুৰুসকলে সেই প্ৰমাণবোৰক বিশ্বাক নকৰিলে। ধৰ্মগুৰুসকলে কৈছিল যে তেওঁলোকে ঈশ্বৰৰ বিষয়ে লোকসকলক শিকায়, কিন্তু প্ৰকৃততে তেওঁলোকে ঈশ্বৰে ঘৃণা কৰা কামবোৰ কৰিছিল। (তীত ১:১৬) পাঁচনি পৌল তেওঁলোকৰ নিচিনা নাছিল। তেওঁ শাস্ত্ৰৰ কেৱল ভাল লগা কথাবোৰেই পালন কৰা নাছিল। ইয়াৰ পৰিৱৰ্তে তেওঁ ঈশ্বৰৰ ইচ্ছাৰ লগত জড়িত সেই “আটাই” কথাবোৰ আনক শিকাইছিল আৰু নিজেই পালন কৰিছিল।—পাঁচ. ২০:২৭.

৩. সঁচা ধৰ্মৰ লোকসকলে সকলো প্ৰশ্নৰ উত্তৰ জনা উচিতনে? বুজাওক। (“ যিহোৱাৰ কাম আৰু চিন্তাধাৰা অগণন” নামৰ বক্স পঢ়ক।)

কিছুমান লোকে ভাবে যে সত্য খ্ৰীষ্টানসকলৰ ওচৰত সকলো প্ৰশ্নৰ উত্তৰ থকা উচিত। তেওঁলোকে সেই প্ৰশ্নবোৰৰ উত্তৰো জনা উচিত, যাৰ উত্তৰ বাইবেলত নাই। এইদৰে ভবাটো উচিতনে? পাঁচনি পৌলৰ উদাহৰণলৈ মন কৰক। তেওঁ আন খ্ৰীষ্টানসকলক এইদৰে কৈছিল, “সকলো বিষয়ৰ পৰীক্ষা কৰি” চোৱা। (১ থিচ. ৫:২১) কিন্তু তেওঁ এয়াও কৈছিল, “আমাৰ জ্ঞান খণ্ডমাত্ৰ . . . কিয়নো এতিয়া আমি দৰ্পণত দেখাৰ দৰে, অস্পষ্টকৈ দেখিছোঁ।” (১ কৰি. ১৩:৯, ১২) পৌলে সকলো কথা জনা নাছিল আৰু আমিও সকলো কথা জানিব নোৱাৰোঁ। কিন্তু ঈশ্বৰৰ বিষয়ে তেওঁৰ প্ৰাথমিক জ্ঞান আছিল। তেওঁ যিমান জানিছিল, তাৰপৰা তেওঁৰ সম্পূৰ্ণ বিশ্বাস হʼল যে তেওঁ যি বিশ্বাস কৰে, সেয়াই সঁচা হয়।

৪. (ক) আমাৰ ওচৰত সত্যতা আছে বুলি নিজৰ বিশ্বাস বঢ়াবলৈ আমি কি কৰিব পাৰোঁ? (খ) সত্য খ্ৰীষ্টানসকলে কি কৰে?

আমাৰ ওচৰত যি সত্যতা আছে, তাৰ ওপৰত নিজৰ বিশ্বাস বঢ়াবলৈ যীচুৱে কেনেকৈ ঈশ্বৰৰ উপাসনা কৰিছিল আৰু বৰ্তমান সময়ত যিহোৱাৰ সাক্ষীসকলে কেনেকৈ উপাসনা কৰে, তালৈ মন কৰক। এই লেখত আমি শিকিম যে সত্য খ্ৰীষ্টানসকলে (১) মূৰ্তি পূজা নকৰে, (২) যিহোৱাৰ মহিমা কৰে, (৩) সত্যতাক প্ৰেম কৰে আৰু (৪) এজনে-আনজনক হৃদয়েৰে প্ৰেম কৰে।

আমি মূৰ্তি পূজা নকৰোঁ

৫. যীচুৱে কেনেকৈ উপাসনা কৰিছিল আৰু আমি তেওঁৰপৰা কি শিকিব পাৰোঁ?

যীচুৱে যিহোৱাক বহুত প্ৰেম কৰিছিল। সেইবাবে, তেওঁ স্বৰ্গত আৰু পৃথিৱীত থকাৰ সময়ত তেওঁ কেৱল যিহোৱাৰেই উপাসনা কৰিলে। (লূক ৪:৮) তেওঁ নিজৰ শিষ্যসকলক এইদৰে কৰিবলৈ শিকাইছিল। যীচু আৰু তেওঁৰ শিষ্যসকলে কেতিয়াও মূৰ্তি পূজা কৰা নাছিল। কিয়নো যিহোৱা অদৃশ্য হোৱাৰ বাবে কোনেও তেওঁক দেখা নাপায়। সেইবাবে, কোনেও ঈশ্বৰৰ ছবি বা মূৰ্তি বনাব নোৱাৰে। (যিচ. ৪৬:৫) কিন্তু সাধু বা সৈনাশীৰ মূৰ্তি বনোৱা বা সেইবোৰৰ উপাসনা কৰা উচিতনে? যিহোৱাই দিয়া দহটা আজ্ঞাৰ ভিতৰত দ্বিতীয় আজ্ঞাটো হৈছে, “তুমি নিজলৈ কোনো কটা-প্ৰতিমা, বা ওপৰত থকা স্বৰ্গত, তলত থকা পৃথিবীত, আৰু পৃথিবীৰ তলত থকা পানীত যি যি আছে, সেইবোৰৰ আকৃতিৰে কোনো মূৰ্ত্তি নেসাজিবা। সেইবোৰৰ আগত তুমি প্ৰণিপাত নকৰিবা।” (যাত্ৰা. ২০:৪, ৫) যিসকল লোকে যিহোৱাক আনন্দিত কৰিব বিচাৰে, তেওঁলোকে মূৰ্তি পূজা নকৰে।

৬. বৰ্তমান সময়ত যিহোৱাৰ সাক্ষীসকলে কেনেকৈ উপাসনা কৰে?

ইতিহাসবিদে বিশ্বাস কৰে যে প্ৰথম শতিকাৰ খ্ৰীষ্টানসকলে কেৱল ঈশ্বৰৰ উপাসনা কৰিছিল। উদাহৰণস্বৰূপে ইতিহাসৰ এখন কিতাপত লিখা আছে, “প্ৰথম শতিকাৰ খ্ৰীষ্টানসকলে মূৰ্তি পূজাক ঘিণ কৰিছিল।” তেওঁলোকৰ দৰে আজি আমিও মূৰ্তি পূজা নকৰোঁ। আমি কোনো সাধু, সৈনাশী বা স্বৰ্গদূতৰো উপাসনা নকৰোঁ আৰু আমি যীচুৰো উপাসনা নকৰোঁ। আমি পতাকা চেলামী নকৰোঁ আৰু দেশ ভক্তিমূলক কামো নকৰোঁ। লোকসকলে আমাক হেঁচা দিলেও আমি যীচুৰ এই কথা মনত ৰাখিবলৈ চেষ্টা কৰোঁ, ‘কেৱল যিহোৱাৰেই আৰাধনা কৰা।’—মথি ৪:১০.

৭. আন ধৰ্মৰ লোকসকল আৰু যিহোৱাৰ সাক্ষীসকলৰ মাজত কি পাৰ্থক্য আছে?

আজি বহুতোলোকে গীৰ্জাৰ পাদুৰিসকলক বিশ্বাস কৰে। লোকসকলে তেওঁলোকৰ ওপৰত ইমানেই বিশ্বাস কৰে যে তেওঁলোকৰ উপাসনা কৰিবলৈ ধৰে। লোকসকলে তেওঁলোকৰ গীৰ্জালৈ যায়, তেওঁলোকৰ কিতাপ-প্ৰত্ৰিকাবোৰ কিনে আৰু পাদুৰি আৰু তেওঁলোকৰ সংগঠনক বহুতো দান দিয়ে। কিছুমান লোকে পাদুৰিয়ে কোৱা সকলো কথা পালন কৰে। বহুতোলোকে পাদুৰিসকলক ইমানেই বিশ্বাস কৰে যে যদি তেওঁলোকৰ ওচৰত যীচুও আহি যায়, তেনেহʼলে তেওঁলোকে যীচুৰ ওপৰত ধ্যান নিদিব। কিন্তু আমি সাক্ষীসকলে কোনো মানুহক নহয় কেৱল যিহোৱাকহে উপাসনা কৰোঁ। যদিও আমি নেতৃত্ব লোৱা ভাইসকলৰ সন্মান কৰোঁ, কিন্তু আমি যীচুৱে কোৱা এই কথাষাৰ মনত ৰাখোঁ, “তোমালোক সকলো ভাই ভাই।” (মথি ২৩:৮-১০) আমি কোনো মানুহ, ধৰ্মগুৰু বা নেতাসকলক উপাসনা নকৰোঁ আৰু লগতে তেওঁলোকৰ পৰিকল্পনাতো সমৰ্থন নকৰোঁ। আমি নিৰপেক্ষ হৈ থাকোঁ আৰু এই পৃথিৱীৰ কামবোৰত ভাগ নলওঁ। এইবোৰ ক্ষেত্ৰত নিজকে খ্ৰীষ্টান বুলি কোৱা লোকসকলতকৈ আমি একেবাৰে বেলেগ।—যোহ. ১৮:৩৬.

আমি যিহোৱাৰ মহিমা কৰোঁ

সত্য খ্ৰীষ্টানসকলে গৰ্বেৰে আনক যিহোৱাৰ বিষয়ে জনায় (অনুচ্ছেদ ৮-১০ চাওক) *

৮. গোটেই পৃথিৱীত যিহোৱাৰ নাম মহিমা হোৱাটো তেওঁ বিচাৰে বুলি আমি কেনেকৈ জানিব পাৰোঁ?

এবাৰ যীচুৱে যিহোৱাক প্ৰাৰ্থনা কৰিছিল যে “হে পিতৃ, তোমাৰ নাম মহিমাম্বিত কৰা।” তেতিয়া যিহোৱাই কৈছিল যে তেওঁৰ নাম মহিমা কৰা হʼব। (যোহ. ১২:২৭, ২৮) যীচুৱেও লোকসকলক যিহোৱাৰ নাম জনাইছিল আৰু তেওঁৰ নাম মহিমা কৰিছিল। (যোহ. ১৭:২৬) সেইবাবে, আজিও সত্য খ্ৰীষ্টানসকলে ঈশ্বৰৰ নাম ব্যৱহাৰ কৰে আৰু এই বিষয়ে আনকো জনায়।

৯. প্ৰথম শতিকাৰ খ্ৰীষ্টানসকলে কেনেকৈ যিহোৱাৰ নামৰ মহিমা কৰিলে?

খ্ৰীষ্টান মণ্ডলী আৰম্ভ হোৱাৰ কিছু সময়ৰ পাছত “ঈশ্বৰে নিজ নামৰ নিমিত্তে পৰজাতি লোকৰ মাজৰ পৰা” লোকসকলক বাছনি কৰিবলৈ তেওঁলোকক ধ্যান দিছিল। (পাঁচ. ১৫:১৪) এই খ্ৰীষ্টানসকলে গৰ্বেৰে ঈশ্বৰৰ নাম লʼলে আৰু আনকো ঈশ্বৰৰ নামৰ বিষয়ে জনালে। তেওঁলোকে বাইবেল লিখাৰ সময়তো ঈশ্বৰৰ নাম উল্লেখ কৰিলে। * এইদৰে তেওঁলোকে প্ৰমাণ কৰিলে যে তেওঁলোক ঈশ্বৰৰ নামেৰে জনাজাত।—পাঁচ. ২:১৪, ২১.

১০. যিহোৱাৰ সাক্ষীসকলে কেৱল ঈশ্বৰৰ নাম মহিমা কৰে বুলি আমি কিয় কʼব পাৰোঁ?

১০ বৰ্তমান সময়ত কোনে যিহোৱাৰ নাম মহিমা কৰিছে? বহুতো পাদুৰিয়ে ঈশ্বৰৰ নাম লুকুৱাবলৈ চেষ্টা কৰিছে। তেওঁলোকে বাইবেলৰপৰা ঈশ্বৰৰ নাম আঁতৰাই দিলে আৰু গীৰ্জাটো লোকসকলক ঈশ্বৰৰ নাম লʼবলৈ মানা কৰিছিল। * কিন্তু যিহোৱাৰ সাক্ষীসকল তেওঁলোকৰপৰা একেবাৰে বেলেগ হয়। আমি সঁচাকৈ যিহোৱাৰ সাক্ষী হওঁ। কিয়নো আমি যিহোৱাৰ নাম মহিমা কৰোঁ। (যিচ. ৪৩:১০-১২) আমি ২৪ কোটি নিউ ৱৰ্ল্ড ট্ৰানচলেশ্ব্যান্‌ অৱ দ্য হলি স্ক্ৰিপশ্বাৰচ্‌ বাইবেল ছপা কৰিছোঁ। আন বাইবেলৰ যিবোৰ পদত যিহোৱাৰ নাম আঁতৰাই দিয়া হৈছে নিউ ৱৰ্ল্ড ট্ৰানচলেশ্ব্যান্‌ বাইবেলখনত সেই সকলো পদত যিহোৱাৰ নাম উল্লেখ কৰা হৈছে। আমি ১০০০-তকৈ বেছি ভাষাত কিতাপ আৰু আলোচনী প্ৰকাশিত কৰিছোঁ, যʼত যিহোৱাৰ নাম আছে। ইয়াৰপৰা বুজিব পাৰি যে কেৱল যিহোৱাৰ সাক্ষীসকলেই ঈশ্বৰৰ নাম মহিমা কৰে।

আমি সত্যতাক প্ৰেম কৰোঁ

১১. প্ৰথম শতিকাৰ খ্ৰীষ্টানসকলে সত্যতাক প্ৰেম কৰিছিল বুলি কেনেকৈ দেখুৱালে?

১১ যীচুৱে, যিহোৱা আৰু তেওঁৰ উদ্দেশ্যবোৰৰ বিষয়ে সত্যতা ভালদৰে জানিছিল আৰু তেওঁ সেই সত্যতাবোৰক বহুত প্ৰেম কৰিছিল। সেইবাবে, যীচুৱে তাৰ অনুসৰি জীৱন-যাপন কৰিলে আৰু ইয়াৰ বিষয়ে আনকো জনালে। (যোহ. ১৮:৩৭) যীচুৰ শিষ্যসকলেও সত্যতাক বহুত প্ৰেম কৰিছিল। (যোহ. ৪:২৩, ২৪) পাঁচনি পিতৰে কৈছিল যে খ্ৰীষ্টান হোৱাৰ অৰ্থ হৈছে ‘সত্যৰ পথত’ চলা। (২ পিত. ২:২) প্ৰথম শতিকাৰ খ্ৰীষ্টানসকলে সত্যক বহুত প্ৰেম কৰিছিল। সেইবাবে, তেওঁলোকে এনে শিক্ষা, চিন্তাধাৰা আৰু পৰম্পৰাক অস্বীকাৰ কৰিছিল, যিবোৰ বাইবেলৰ অনুসৰি সঠিক নহয়। (কল. ২:৮) ঠিক সেইদৰে, বৰ্তমান সময়তো সত্য খ্ৰীষ্টানে ‘সত্যত চলিবলৈ’ সম্পূৰ্ণৰূপে চেষ্টা কৰে। তেওঁলোকে বাইবেলৰ অনুসৰি জীৱন-যাপন কৰে আৰু তেওঁলোকৰ শিক্ষাও বাইবেলৰ অনুসৰি হয়।—৩ যোহ. ৩, ৪.

১২. যেতিয়া কোনো এটা বিষয়ত সাল-সলনি কৰাৰ প্ৰয়োজন আছে বুলি প্ৰশাসন গোষ্ঠীৰ অনুভৱ হয়, তেতিয়া তেওঁলোকে কি কৰে আৰু কিয়?

১২ যিহোৱাৰ সাক্ষীসকলৰ ওচৰত বাইবেলৰ সম্পূৰ্ণ জ্ঞান আছে বুলি তেওঁলোকে দাবী নকৰে। বাইবেলৰ কথাবোৰ বুজাওতে বা সংগঠন চলাওতে তেওঁলোকৰপৰাও বহুবাৰ ভুল হৈছে। কিন্তু আমি আচৰিত হোৱা উচিত নহয়। কিয়নো বাইবেলত লিখা আছে যিহোৱাই সত্যৰ জ্ঞান লাহে লাহে বঢ়ায়। (হিতো. ৪:১৮; কল. ১:৯, ১০) সেইবাবে, আমি যিহোৱাৰ সময়লৈ বাট চোৱা উচিত আৰু ধৈৰ্য্য ধৰা উচিত। যেতিয়া বাইবেলৰ কোনো বুজা-বুজিত সাল-সলনি কৰা উচিত বা সংগঠন চলোৱাৰ উপায় সলনি কৰা উচিত বুলি প্ৰশাসন গোষ্ঠীৰ অনুভৱ হয়, তেতিয়া তেওঁলোকে কোনো সংকোচ নকৰাকৈ লগে লগে সাল-সলনি কৰে। গীৰ্জাৰ খ্ৰীষ্টানসকলে যেতিয়া কোনো শিক্ষাত সাল-সলনি কৰে, তেতিয়া তেওঁলোকে লোকসকলক আৰু জগতক আনন্দিত কৰিবলৈ এইদৰে কৰে। কিন্তু যিহোৱাৰ সাক্ষীসকলে যিহোৱাক আনন্দিত কৰিবলৈ আৰু যীচুৰ দৰে উপাসনা কৰিবলৈ সাল-সলনি কৰে। (যাকো. ৪:৪) জগতে পৰিৱৰ্তন হোৱাৰ লগে লগে আমি আমাৰ শিক্ষাক পৰিৱৰ্তন নকৰোঁ। কিন্তু যেতিয়া আমি বাইবেলখন স্পষ্টকৈ বুজি পাওঁ, তেতিয়াহে আমি সাল-সলনি কৰোঁ।—১ থিচ. ২:৩, ৪.

আমি এজনে-আনজনক হৃদয়ৰপৰা প্ৰেম কৰোঁ

১৩. (ক) প্ৰথম শতিকাৰ খ্ৰীষ্টানসকলৰ মাজত কি বিশেষ গুণ আছিল। (খ) আজি যিহোৱাৰ সাক্ষীসকলৰ মাজতো সেয়াই গুণ আছে বুলি কেনেকৈ জানিব পাৰি?

১৩ প্ৰথম শতিকাৰ খ্ৰীষ্টানসকলৰ মাজত বহুতো ভাল ভাল গুণ আছিল। তেওঁলোকৰ বিশেষ গুণ আছিল প্ৰেম। যীচুৱে এইদৰে কৈছিল, “তোমালোকে যদি পৰস্পৰৰ মাজত প্ৰেম ৰাখা, তেন্তে তোমালোক যে মোৰ শিষ্য, ইয়াক তাৰ দ্বাৰাই সকলোৱে জানিব।” (যোহ. ১৩:৩৪, ৩৫) আজি গোটেই পৃথিৱীত যিহোৱাৰ সাক্ষীসকলৰ মাজত প্ৰেম আৰু একতা আছে। যদিও আমি বেলেগ দেশৰ আৰু সংস্কৃতিৰপৰা আহিছোঁ, তথাপি আমি একেটা পৰিয়ালৰ নিচিনা হয়। সভা, সন্মিলন আৰু অধিৱেশনত আমি এই প্ৰেম অনুভৱ কৰোঁ। ইয়াৰপৰা আমাৰ সম্পূৰ্ণ বিশ্বাস হয় যে আমি সঠিকভাৱে যিহোৱাৰ উপাসনা কৰি আছোঁ।

১৪. কলচীয়া ৩:১২-১৪ পদৰ অনুসৰি আমি এজনে-আনজনক আগ্ৰহযুক্ত প্ৰেম কেনেকৈ দেখুৱাব পাৰোঁ?

১৪ বাইবেলে আমাক এইদৰে উৎসাহিত কৰিছে, “তোমালোকৰ মাজত পৰস্পৰে আগ্ৰহযুক্ত প্ৰেম ৰাখা।” (১ পিত. ৪:৮) এনে প্ৰেম দেখুৱাৰ এটা উপায় হৈছে এজনে-আনজনক ক্ষমা কৰা আৰু এজনে-আনজনৰ ভুলবোৰ সহন কৰা। দ্বিতীয় উপায় হৈছে উদাৰশীল হোৱা অৰ্থাৎ মণ্ডলীৰ সকলোকে অতিথি সৎকাৰ দেখুওৱা। যিসকলে আমাক আঘাত দিছে, তেওঁলোককো অতিথি সৎকাৰ দেখুওৱা। (কলচীয়া ৩:১২-১৪ পঢ়ক।) আমাৰ মাজত যি প্ৰেম আছে, সেয়াই সত্য খ্ৰীষ্টানসকলৰ পৰিচয় হয়।

“বিশ্বাস এক”

১৫. প্ৰথম শতিকাৰ খ্ৰীষ্টানসকলৰ নিচিনা আমি কি কি উপায়েৰে উপাসনা কৰোঁ?

১৫ আমি আন আন ক্ষেত্ৰতো প্ৰথম শতিকাৰ খ্ৰীষ্টানসকলৰ নিচিনাই উপাসনা কৰোঁ। উদাহৰণস্বৰূপে, তেওঁলোকে যেনেকৈ সংগঠিত আছিল, ঠিক সেইদৰে আমি সংগঠিত আছোঁ। প্ৰথম শতিকাৰ নিচিনা আজিও চাৰ্কিট ওভাৰচিয়াৰ, প্ৰাচীন আৰু পৰিচাৰক আছে। (ফিলি. ১:১; তীত ১:৫) তেওঁলোকৰ নিচিনা আমি যৌন সম্পৰ্ক, বিবাহ আৰু তেজৰ ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত ঈশ্বৰৰ নিয়ম মানি চলোঁ। যিসকল লোকে ঈশ্বৰৰ নিয়ম মানি চলিবলৈ অস্বীকাৰ কৰে, তেওঁলোকক আমি মণ্ডলীৰপৰা দূৰৈত ৰাখোঁ।—পাঁচ. ১৫:২৮, ২৯; ১ কৰি. ৫:১১-১৩; ৬:৯, ১০; ইব্ৰী ১৩:৪.

১৬. ইফিচীয়া ৪:৪-৬ পদৰপৰা আমি কি জানিব পাৰোঁ?

১৬ যীচুৱে কৈছিল যে বহুতোলোকে তেওঁৰ শিষ্য হোৱাৰ ভাও ধৰিব। (মথি ৭:২১-২৩) শেষ-কালৰ বিষয়ে ভৱিষ্যতবাণী কৰা হৈছিল যে লোকসকলে ঈশ্বৰৰ “ভক্তিৰ আকাৰধাৰী” হʼব। (২ তীম. ৩:১, ৫) কিন্তু বাইবেলত এয়া লিখা আছে যে ‘বিশ্বাস এটাই’ আছে, যাক ঈশ্বৰে স্বীকাৰ কৰে।—ইফিচীয়া ৪:৪-৬ পঢ়ক।

১৭. বৰ্তমান সময়ত কোন লোকসকলে একেটা বিশ্বাসেৰে চলি আছে?

১৭ বৰ্তমান সময়ত কোন লোকসকলে একেটা বিশ্বাসেৰে চলি আছে? তেওঁলোক হৈছে যিহোৱাৰ সাক্ষীসকল। এই লেখত আমি শিকিলোঁ যে যীচু আৰু প্ৰথম শতিকাৰ খ্ৰীষ্টানসকলে যিদৰে উপাসনা কৰিছিল, ঠিক সেইদৰে আজি যিহোৱাৰ সাক্ষীসকলেও উপাসনা কৰে। আমি অতি আনন্দিত যে আমি যিহোৱাৰ সাক্ষী হওঁ আৰু যিহোৱা আৰু তেওঁৰ উদ্দেশ্যবোৰৰ বিষয়ে সত্যতা জানোঁ। গতিকে আহক আমি দৃঢ় বিশ্বাসেৰে সত্যক ধৰি ৰাখোঁ।

গীত ৩ আমাৰ শক্তি, আশা আৰু ভৰসা

^ অনু. 5 এই লেখত আমি শিকিম যে যীচুৱে কেনেকৈ উপাসনা কৰিছিল। আমি এয়াও শিকিম যে প্ৰথম শতিকাৰ খ্ৰীষ্টানসকলে যীচুৰ দৰেই উপাসনা কৰিছিল আৰু বৰ্তমান সময়ৰ যিহোৱাৰ সাক্ষীসকলে ঠিক সেইদৰে উপাসনা কৰে।

^ অনু. 9 জানুৱাৰী-মাৰ্চ ২০১১ চনৰ প্ৰহৰীদুৰ্গৰ (হিন্দী) ১৮ পৃষ্ঠাৰ “আৰম্ভণিৰ খ্ৰীষ্টানসকলে ঈশ্বৰৰ নাম ব্যৱহাৰ কৰিছিলনে?” নামৰ বক্স পঢ়ক।

^ অনু. 10 উদাহৰণস্বৰূপে, ২০০৮ চনত পʼপ বেনেডিক্ট ১৬ৱে কেথʼলিক ধাৰ্মিক সভাবোৰ হোৱাৰ সময়ত প্ৰাৰ্থনা আৰু গীতবোৰ গোৱাৰ সময়ত ঈশ্বৰৰ নাম নলʼবলৈ কৈছিল।

^ অনু. 63 ছবিৰ বিষয়ে: যিহোৱাৰ সাক্ষীসকলে ২০০-তকৈ বেছি ভাষাত নিউ ৱৰ্ল্ড ট্ৰানচলেশ্ব্যান্‌ বাইবেলখন অনুবাদ কৰিছে, যাতে লোকসকলে ইয়াক নিজৰ নিজৰ ভাষাত পঢ়িব পাৰে। এই বাইবেলখনত ঈশ্বৰৰ নাম আছে।