Skip to content

Skip to table of contents

অধ্যয়নৰ লেখ ৪৩

কেতিয়াও নিৰাশ নহʼব

কেতিয়াও নিৰাশ নহʼব

“সৎকৰ্ম্ম কৰি কৰি আমি নিৰুৎসাহ নহওঁহঁক।”—গালা. ৬:৯.

গীত ৬৮ ৰাজ্যৰ কঠীয়া সিঁচক

লেখৰ এক আভাস *

১. (ক) আমি কি সন্মান লাভ কৰিছোঁ? (খ) আমি কি কথাৰপৰা আনন্দ লাভ কৰোঁ?

এয়া আমাৰ বাবে অতি সন্মানৰ বিষয় যে আমি যিহোৱাৰ সাক্ষী হয় আৰু যিহোৱাৰ সাক্ষী হোৱাৰ বাবে আমি লোকসকলক ঈশ্বৰৰ ৰাজ্যৰ বিষয়ে প্ৰচাৰ কৰোঁ। যেতিয়া আমি এনে এজন ব্যক্তিক যীচুৰ শিষ্য হʼবলৈ সহায় কৰোঁ, যিজন “অনন্ত জীৱন পাবলৈ নিৰূপিত,” তেতিয়া আমি যীচুৰ নিচিনাই আনন্দিত হওঁ। (পাঁচ. ১৩:৪৮) যীচুৰ শিষ্যসকলে যেতিয়া তেওঁক কৈছিল যে তেওঁলোকে প্ৰচাৰত কিমান ভাল পৰিণাম পাইছে, তেতিয়া তেওঁ “উল্লাসিত” অৰ্থাৎ আনন্দিত হৈছিল।—লূক ১০:১, ১৭, ২১.

২. আমি প্ৰচাৰ কামক সহজভাৱে নলওঁ বুলি কেনেকৈ দেখুৱাব পাৰোঁ?

পাঁচনি পৌলে তীমথিয়ক এইদৰে কৈছিল, “নিজৰ বিষয়ে আৰু শিক্ষাৰ বিষয়ে সাৱধান হোৱা . . . ইয়াকে কৰিলে, তুমি নিজৰ আৰু শুনাবিলাকৰো পৰিত্ৰাণ কৰাবা।” (১ তীম. ৪:১৬) আমি প্ৰচাৰ কামক সহজভাৱে লোৱা উচিত নহয়, কিয়নো লোকসকলৰ জীৱন বিপদত আছে। আমি ঈশ্বৰৰ ৰাজ্যৰ প্ৰজা হয়, সেইবাবে আমি ‘নিজৰ বিষয়ে সাৱধান হোৱা’ উচিত। আমি সদায় এনে কাম কৰা উচিত, যাৰপৰা যিহোৱাৰ মহিমা হয় আৰু এনেদৰে জীৱন-যাপন কৰা উচিত, যাৰপৰা বুজিব পাৰি যে আমি যি প্ৰচাৰ কৰোঁ, সেয়া পালনো কৰোঁ। (ফিলি. ১:২৭) আমি ‘নিজৰ শিক্ষাৰ বিষয়েও সাৱধান হোৱা’ উচিত। কেনেকৈ বাৰু? প্ৰচাৰলৈ যোৱাৰ আগতে আমি ভালদৰে প্ৰস্তুতি কৰা উচিত আৰু সহায় বিচাৰি যিহোৱালৈ প্ৰাৰ্থনা কৰা উচিত।

৩. সকলো লোকে সত্যৰ প্ৰতি আগ্ৰহ দেখুৱাবনে? এটা উদাহৰণ দিয়ক।

কেতিয়াবা কেতিয়াবা আমি বহুত পৰিশ্ৰম কৰাৰ সত্ত্বেও আমাৰ এলেকাৰ লোকসকলে সত্যৰ প্ৰতি আগ্ৰহ নেদেখুৱাই। ভাই গেয়াৰ্গ লিংডালৰ উদাহৰণলৈ মন কৰক। তেওঁ ১৯২৯ চনৰপৰা ১৯৪৭ চনলৈকে আইচলেণ্ডৰ বেলেগ বেলেগ এলেকাত অকলে প্ৰচাৰ কৰিছিল। তেওঁ হাজাৰ হাজাৰ কিতাপ-পত্ৰিকা বিতৰণ কৰিছিল, কিন্তু এজন ব্যক্তিয়েও সত্যৰ প্ৰতি আগ্ৰহ নেদেখুৱালে। তেওঁ এইদৰে কৈছে, “কিছুমান লোকে সত্যৰ বিৰোধ কৰিছিল, কিন্তু বহুতোলোকে সত্যৰ প্ৰতি আগ্ৰহ দেখুওৱা নাছিল।” পাছত কিছুমান মিচনেৰীক সেই ঠাইলৈ পঠোৱা হʼল। তেওঁলোকেও বহুবছৰলৈকে প্ৰচাৰ কৰিলে, কিন্তু কোনেও বাপ্তিষ্মা লোৱা নাছিল। ন বছৰৰ পাছত কিছুমান লোক যিহোৱাৰ সাক্ষী হʼল।

৪. লোকসকলে সত্যৰ প্ৰতি ধ্যান নিদিলে আমাক কেনেকুৱা লাগে?

পৌলৰ উদাহৰণলৈ মন কৰক। যেতিয়া বেছিভাগ যিহূদীয়ে যীচুক মচীহ বুলি অস্বীকাৰ কৰিছিল, তেতিয়া পৌলে এইদৰে কৈছিল, “মোৰ হৃদয়ত অতি দুখ আৰু নিৰন্তৰ যাতনা হৈছে।” (ৰোম. ৯:১-৩) প্ৰচাৰত যেতিয়া লোকসকলে আমাৰ কথা নশুনে, তেতিয়া আমাকো এইদৰেই লাগিব পাৰে। অথবা যেতিয়া আমি বিদ্যাৰ্থীক শিকাবলৈ বহুত পৰিশ্ৰম কৰোঁ আৰু তেওঁৰ বাবে প্ৰাৰ্থনা কৰোঁ, কিন্তু তথাপি তেওঁ নিজৰ জীৱনত কোনো পৰিৱৰ্তন নকৰে আৰু আমি তেওঁৰ অধ্যয়ন বন্ধ কৰিবলগীয়া হয় বা আমাৰ বিদ্যাৰ্থীয়ে বাপ্তিষ্মা নলয়, সেইসময়তো আমাৰ পৌলৰ নিচিনাই অনুভৱ হʼব পাৰে। এনে পৰিস্থিতিত আমি প্ৰচাৰ কামত সফল হʼব পৰা নাই আৰু যিহোৱাই আমাৰ কামৰপৰা আনন্দিত নাই বুলি ভবা উচিতনে? এই লেখত আমি দুটা প্ৰশ্নৰ বিষয়ে আলোচনা কৰিম: (১) আমাৰ প্ৰচাৰ কামক কি কি কথাই সফল কৰে? (২) প্ৰচাৰ কৰাৰ সময়ত কি কি কথা মনত ৰখা উচিত?

আমাৰ প্ৰচাৰ কামক কি কি কথাই সফল কৰে?

৫. বহুবাৰ আমি যিদৰে বিচাৰোঁ, সেইদৰে কিয় নহয়?

বাইবেলত কোৱা হৈছে যে যিজন ব্যক্তিয়ে ঈশ্বৰৰ ইচ্ছা অনুসৰি কাম কৰে, তেওঁৰ “সকলো কৰ্ম্ম সাম্ফল হয়।” (গীত. ১:৩) কিন্তু ইয়াৰ অৰ্থ এয়া নহয় যে আমি যিদৰে বিচাৰোঁ, সেইদৰেই হʼব। আমি অসিদ্ধ হয় আৰু আমাৰ জীৱনটো “দুখেৰে পৰিপূৰ্ণ।” সেইবাবে, আমি যিহোৱাৰ সেৱাত যিমান কৰিব বিচাৰোঁ, সিমান কৰিব নোৱাৰোঁ। (ইয়ো. ১৪:১) ইয়াৰ উপৰিও আমাৰ বিৰোধীসকলে আমাৰ প্ৰচাৰ কাম বন্ধ কৰিবলৈ সম্পূৰ্ণৰূপে চেষ্টা কৰে। (১ কৰি. ১৬:৯; ১ থিচ. ২:১৮) সেইবাবে, আহক আমি চাওঁ যে যিহোৱাৰ দৃষ্টিত কি কি কথাই আমাক সফল কৰিব পাৰে।

আমি ঘৰে ঘৰে বা ফোনৰ যোগেদি বা চিঠিৰ যোগেদি প্ৰচাৰ কৰোঁ, যিহোৱাই আমাৰ পৰিশ্ৰমৰ মূল্যাংকন কৰে (অনুচ্ছেদ ৬ চাওক)

৬. যিহোৱাৰ দৃষ্টিত আমি কেতিয়া সফল হওঁ?

যিহোৱাই আমাৰ পৰিশ্ৰম আৰু ধৈৰ্য্যৰ ওপৰত ধ্যান দিয়ে। আমি যিহোৱাক কিমান প্ৰেম কৰোঁ আৰু তেওঁৰ সেৱা কৰিবলৈ আমি কিমান পৰিশ্ৰম কৰোঁ, তালৈ তেওঁ ধ্যান দিয়ে। যদিও লোকসকলে আমাৰ বাৰ্তা নুশুনে, তথাপি আমি যিহোৱাৰ দৃষ্টিত সফল হৈছোঁ। পৌলে এইদৰে কৈছিল, “তোমালোকেও পবিত্ৰ লোকবিলাকৰ যি সেৱা-শুশ্ৰূষা কৰিলা, আৰু কৰিছা, তাৰেই ঈশ্বৰৰ নামলৈ তোমালোকে দেখুউৱা প্ৰেম আৰু তোমালোকৰ পৰিশ্ৰম যে ঈশ্বৰে পাহৰিব, তেওঁ এনে অধাৰ্ম্মিক নহয়।” (ইব্ৰী ৬:১০) যদিও আমাৰ বাইবেল বিদ্যাৰ্থীয়ে বাপ্তিষ্মা নলয়, তথাপি আমি যি চেষ্টা কৰিছোঁ, যিহোৱাই সেয়া কেতিয়াও পাহৰি নাযায়। আমি পৰিশ্ৰম কৰাৰ ফল নাপাবও পাৰোঁ, কিন্তু আমি পৌলৰ এই কথা সদায় মনত ৰখা উচিত, ‘প্ৰভুত তোমালোকৰ পৰিশ্ৰম ব্যৰ্থ নহয়।’—১ কৰি. ১৫:৫৮.

৭. পাঁচনি পৌলে কোৱা কথাৰপৰা আমি কি শিকিব পাৰোঁ?

পাঁচনি পৌল এজন ভাল মিচনেৰী আছিল। তেওঁ বহুতো চহৰত নতুন নতুন মণ্ডলী আৰম্ভ কৰিছিল। কিন্তু যেতিয়া কিছুমান লোকে তেওঁক ভাল শিক্ষক নহয় বুলি কৈছিল, তেতিয়া তেওঁ কিমান লোকক খ্ৰীষ্টান হʼবলৈ সহায় কৰিলে, সেয়া কোৱা নাছিল। ইয়াৰ পৰিৱৰ্তে তেওঁ এইদৰে কৈছিল, ‘মই অধিক পৰিশ্ৰম’ কৰিলোঁ। (২ কৰি. ১১:২৩) আমিও মনত ৰাখিব পাৰোঁ যে যিহোৱাৰ দৃষ্টিত আমাৰ পৰিশ্ৰম আৰু ধৈৰ্য্য অতি গুৰুত্বপূৰ্ণ।

৮. আমি কি কথা মনত ৰখা উচিত?

আমাৰ প্ৰচাৰ সেৱাৰপৰা যিহোৱা আনন্দিত হয়। যেতিয়া যীচুৱে নিজৰ ৭০ জন শিষ্যক প্ৰচাৰ কৰিবলৈ পঠিয়াইছিল, তেতিয়া তেওঁলোকে “আনন্দেৰে উলটি” আহিলে। তেওঁলোকে এইদৰে কৈছিল, “প্ৰভু, আপোনাৰ নামৰ দ্বাৰাই ভূতবোৰো আমাৰ বশীভূত হয়।” কিন্তু যীচুৱে তেওঁলোকৰ চিন্তাধাৰা শুধৰণি কৰিলে আৰু এইদৰে কʼলে, “আত্মাবোৰ যে তোমালোকৰ বশীভূত হয়, এই কথা আনন্দ নকৰি, তোমালোকৰ নাম যে স্বৰ্গত আছে, তাৰ নিমিত্তে আনন্দ কৰা।” (লূক ১০:১৭-২০) যীচুৱে জানিছিল যে শিষ্যসকলে প্ৰচাৰত সদায় ভাল ফল নাপাব। শিষ্যসকলে যিসকল লোকক প্ৰচাৰ কৰিছিল, তেওঁলোকৰ মাজৰ কিমানে সত্যত আহিলে, সেয়া আমি নাজানোঁ। ইয়াৰপৰা আমি শিকিলোঁ যে যিহোৱাই আমাৰ সেৱাৰপৰা কিমান আনন্দিত আছে, আমি তালৈ ধ্যান দিয়া উচিত।

৯. গালাতীয়া ৬:৭-৯ পদৰ অনুসৰি প্ৰচাৰ কামত ব্যস্ত হৈ থাকিলে আমাৰ কি লাভ আছে?

প্ৰচাৰ কাম কৰি থাকিলে আমি অনন্ত জীৱন লাভ কৰিম। যেতিয়া আমি মনে-প্ৰাণে সত্যৰ বীজ সিঁচো, তেতিয়া আমি পবিত্ৰ “আত্মাৰ উদ্দেশে” বওঁ, অৰ্থাৎ আমি পবিত্ৰ আত্মাক নিজৰ জীৱনত কাম কৰিবলৈ দিওঁ। ইয়াৰ পৰিণামস্বৰূপে, আমি উৎসাহেৰে প্ৰচাৰ কৰি থাকিব পাৰোঁ। আমি শিকোৱা লোকসকলে সত্যত আহক বা নাহক, যিহোৱাই আমাক প্ৰতিজ্ঞা কৰিছে যে যদি ‘আমি নিৰুৎসাহ নহওঁ,’ তেনেহʼলে আমি অনন্ত জীৱন লাভ কৰিম।—গালাতীয়া ৬:৭-৯ পঢ়ক।

প্ৰচাৰ কৰাৰ সময়ত কি কি কথা মনত ৰখা উচিত?

১০. লোকসকলে আমাৰ বাৰ্তা শুনিব নে নুশুনিব, সেয়া কাৰ ওপৰত নিৰ্ভৰ কৰে?

১০ লোকসকলে শুনিব নে নুশুনিব, সেয়া তেওঁলোকৰ ওপৰত নিৰ্ভৰ কৰে। ইয়াক বুজাবলৈ যীচুৱে এটা উদাহৰণ দিছিল। এজন খেতিয়কে বেলেগ বেলেগ মাটিত কঠীয়া সিঁচে। কিন্তু কেৱল ভাল মাটিতহে কঠীঁয়াই ফল দিয়ে। (লূক ৮:৫-৮) কঠীয়া হৈছে “ঈশ্বৰৰ বাক্য” আৰু মাটি হৈছে লোকসকলৰ মন। (লূক ৮:১১-১৫) কঠীয়া বাঢ়িব নে নাবাঢ়ে, সেয়া খেতিয়কৰ হাতত নাথাকে। ঠিক সেইদৰে লোকসকলে আমাৰ বাৰ্তা শুনিব নে নুশুনিব, সেয়া আমাৰ হাতত নাই। তথাপি আমি প্ৰচাৰ কৰি থকা উচিত। পাঁচনি পৌলে এইদৰে কোৱা নাছিল যে প্ৰতিজনে নিজৰ কৰ্ম্মৰ ফলৰ পুৰস্কাৰ পাব, ইয়াৰ পৰিৱৰ্তে তেওঁ এইদৰে কৈছিল, “প্ৰতিজনে নিজৰ কৰ্ম্মৰ দৰে নিজৰ বেচ পাব।”—১ কৰি. ৩:৮.

যদিও নোহে বহুবছৰ ধৰি বিশ্বাসেৰে প্ৰচাৰ কৰিছিল, তথাপি তেওঁৰ পৰিয়ালৰ বাহিৰে আন কোনেও তেওঁৰ জাহাজত সোমোৱা নাছিল। তথাপি, নোহে ঈশ্বৰৰ আজ্ঞা পালন কৰিলে আৰু যিহোৱাই দিয়া কাম সম্পূৰ্ণ কৰিলে! (অনুচ্ছেদ ১১ চাওক)

১১. যদিও লোকসকলে নোহৰ কথা শুনা নাছিল, তথাপি যিহোৱাই তেওঁৰপৰা কিয় আনন্দিত আছিল? (বেটুপাতত দিয়া ছবিখন চাওক।)

১১ আগৰেপৰা যিহোৱাৰ বহুতো সেৱকৰ কথা লোকসকলে শুনা নাছিল। তেওঁলোকৰ মাজৰ এজন হৈছে নোহ। তেওঁ ৪০-৫০ বছৰলৈকে প্ৰচাৰ কৰিলে। (২ পিত. ২:৫) তেওঁৰ কথাৰ প্ৰতি লোকসকলে ধ্যান দিব বুলি নোহে আশা কৰিছিল। কিন্তু যিহোৱাই ভালদৰে জানিছিল যে লোকসকলে নোহৰ কথা নুশুনিব। যিহোৱাই আগতেই তেওঁক এইদৰে কৈছিল, “তুমি তোমাৰ পুত্ৰবিলাকক, তোমাৰ ভাৰ্য্যাক, আৰু তোমাৰ বোৱাৰীয়েৰাবিলাকক লগত লৈ জাহাজত উঠিবা।” (আদি. ৬:১৮) জাহাজখন যিমান ডাঙৰ আছিল, তাৰপৰা তেওঁ অনুমান কৰিছিল যে কিছুমান লোকে তেওঁৰ বাৰ্তা শুনি জাহাজলৈ আহিব। (আদি. ৬:১৫) সেইবাবে, তেওঁ প্ৰচাৰ কৰি থাকিল। কিন্তু এজন ব্যক্তিয়েও তেওঁৰ কথা নুশুনিলে। (আদি. ৭:৭) ইয়াৰ অৰ্থ এয়া নেকি যে নোহ সফল নহʼল? নিশ্চয় নহয়। যিহোৱাৰ দৃষ্টিত তেওঁ সফল হʼল। কিয়নো যিহোৱাই তেওঁক যিদৰে কৈছিল, তেওঁ ঠিক সেইদৰেই কৰিলে। —আদি. ৬:২২.

১২. যিৰিমিয়াই কিয় আনন্দেৰে প্ৰচাৰ কাম কৰি থাকিব পাৰিলে?

১২ আহক যিৰিমিয়াৰ উদাহৰণলৈ মন কৰোঁ। লোকসকলে তেওঁৰ বাৰ্তা শুনা নাছিল আৰু বিৰোধ কৰিছিল, তথাপি তেওঁ প্ৰায় ৪০ বছৰলৈকে প্ৰচাৰ কাম কৰি থাকিল। লোকসকলে তেওঁক ইমানেই “নিন্দা” কৰিছিল যে তেওঁ এতিয়াৰপৰা প্ৰচাৰ কাম নকৰিম বুলি ভাবিছিল। (যিৰি. ২০:৮, ৯) কিন্তু তেওঁ কেতিয়াও নিৰাশ নহʼল। তেওঁ আনন্দেৰে প্ৰচাৰ কাম কৰি থাকিল। কিয় বাৰু? কিয়নো তেওঁ দুটা কথা মনত ৰাখিলে। প্ৰথমে, তেওঁ জানিছিল যে তেওঁ যি বাৰ্তা শুনাইছে, তাৰপৰা লোকসকলে এক সুন্দৰ ভৱিষ্যতৰ “আশা” লাভ কৰিছে। (যিৰি. ২৯:১১) দ্বিতীয়তে, যিহোৱাই তেওঁক এই কাম কৰিবলৈ বাছনি কৰিছিল। (যিৰি. ১৫:১৬) আজি আমিও লোকসকলক এক সুন্দৰ ভৱিষ্যতৰ আশাৰ বিষয়ে বাৰ্তা জনাও আৰু এই কাম কৰিবলৈ যিহোৱাই আমাক বাছনি কৰিছে। লোকসকলে আমাৰ বাৰ্তা শুনক বা নুশুনক, যদি আমি এই দুটা কথা মনত ৰাখোঁ, তেনেহʼলে আমি আনন্দিত থাকিম।

১৩. যীচুৱে দিয়া উদাহৰণৰপৰা আমি কি শিকিব পাৰোঁ? (মাৰ্ক ৪:২৬-২৯)

১৩ বিদ্যাৰ্থীক উন্নতি কৰিবলৈ সময়ৰ প্ৰয়োজন হয়। ইয়াক বুজিবলৈ যীচুৱে এনে এজন খেতিয়কৰ উদাহৰণ দিছিল, যিজনে কঠীয়া সিঁচাৰ পাছত শুই যায়। (মাৰ্ক ৪:২৬-২৯ পঢ়ক।) সেই কঠীয়া লাহে লাহে বাঢ়িবলৈ ধৰে আৰু আৰম্ভণিতে খেতিয়কে ইয়াৰ বিষয়ে গমেই নাপায়। ঠিক সেইদৰে এজন বিদ্যাৰ্থীয়েও নিজৰ জীৱনত লাহে লাহে পৰিৱৰ্তন কৰে। সেইবাবে, আমি তেওঁক হেঁচা দিব নোৱাৰোঁ। তেওঁ কৰা পৰিৱৰ্তন আমি হয়তো কিছু সময়ৰ পাছত দেখিবলৈ পাওঁ, সেইবাবে আমি হাৰ মনা উচিত নহয় আৰু নিৰাশো হোৱা উচিত নহয়। ইয়াৰ পৰিৱৰ্তে আমি ধৈৰ্য্য ধৰা উচিত।—যাকো. ৫:৭, ৮.

১৪. এটা উদাহৰণ দি বুজাওক যে লোকসকলে সত্যৰ প্ৰতি ধ্যান দিবলৈ সময়ৰ প্ৰয়োজন হয়।

১৪ কিছুমান এলেকাত বহুবছৰ প্ৰচাৰ কৰাৰ পাছতো কোনেও বাপ্তিষ্মা নলয়। কানাডাৰ এখন সৰু চহৰত এইদৰেই হৈছিল। ১৯৫৯ চনত দুগৰাকী বাই-ভনী গ্লেডছ আৰু ৰুবী এলনে তাত অগ্ৰগামী সেৱা কৰিছিল। * সেই ঠাইৰ লোকসকলে নিজৰ ওচৰ-চুবুৰীয়া আৰু পাদুৰিসকলক ভয় কৰাৰ বাবে তেওঁলোকে ভনীসকলৰ বাৰ্তা শুনা নাছিল। ভনী গ্লেডছে এইদৰে কৈছে, “আমি প্ৰতিদিনে আঠ ঘন্টা প্ৰচাৰ কৰিছিলোঁ আৰু দুবছৰলৈকে এইদৰেই কৰিলোঁ। কিন্তু কোনেও আমাৰ বাৰ্তাৰ প্ৰতি মন নিদিলে। তথাপি আমি হাৰ মনা নাছিলোঁ।” কিন্তু পাছত সেই ঠাইৰ লোকসকলৰ মন সলনি হʼল। তেওঁলোকে সাক্ষীসকলৰ বাৰ্তাৰ প্ৰতি ধ্যান দিলে আৰু এতিয়া তাত তিনিখন মণ্ডলী আছে।—যিচ. ৬০:২২.

১৫. প্ৰথম কৰিন্থীয়া ৩:৬, ৭ পদৰপৰা আমি শিষ্য বনোৱা কামৰ বিষয়ে কি শিকিব পাৰোঁ?

১৫ বহুতোলোকৰ পৰিশ্ৰমৰ বাবে এজন ব্যক্তি সত্যত আহে। মণ্ডলীৰ সকলো প্ৰচাৰকে এজন ব্যক্তিক বাপ্তিষ্মা লʼবলৈ সহায় কৰিব পাৰে। (১ কৰিন্থীয়া ৩:৬, ৭ পঢ়ক।) হয়তো এজন প্ৰচাৰকে কাৰোবাক ট্ৰেক্ট বা আলোচনী দিয়ে। কিন্তু পাছত তেওঁ কিবা এটা কাৰণৰ বাবে সেই ব্যক্তিজনক লগ কৰিব নোৱাৰে, সেইবাবে তেওঁ আন এজন প্ৰচাৰকক তেওঁৰ ওচৰলৈ পঠিয়ায়। সেই প্ৰচাৰকজনে ব্যক্তিজনক লগ কৰে আৰু তেওঁৰ লগত বাইবেল অধ্যয়ন আৰম্ভ কৰে। প্ৰচাৰকজনে অধ্যয়নত বেলেগ বেলেগ ভাই-ভনীসকলক লগত লৈ যায়। তেওঁৰ লগত যোৱা ভাই-ভনীসকলে ব্যক্তিজনক উৎসাহিত কৰে আৰু তেওঁৰ বিশ্বাস মজবুত কৰিবলৈ সহায় কৰে। পাছলৈ যেতিয়া বিদ্যাৰ্থীজনে বাপ্তিষ্মা লয়, তেতিয়া তেওঁক সহায় কৰা সকলো ভাই-ভনী আনন্দিত হয়।—যোহ. ৪:৩৫-৩৮.

১৬. যদি আমি আগৰ দৰে প্ৰচাৰ কৰিব পৰা নাই, তেনেহʼলে আমি আনন্দত থাকিবলৈ কি কৰিব লাগিব?

১৬ আমি হয়তো আগতে যিমান কৰিছিলোঁ, সিমান কৰিব নোৱাৰোঁ। কিয়নো আমাৰ ওচৰত আগৰ নিচিনা শক্তি নাই আৰু আমি বেমাৰ হৈছোঁ। কিন্তু তথাপি আমি আনন্দত থাকিব পাৰোঁ। আহক ইয়াক ভালদৰে বুজিবলৈ দায়ূদ আৰু তেওঁৰ লোকসকললৈ মন কৰোঁ। অমালেকীয়াসকলে তেওঁলোকৰ সকলো বস্তু লৈ গৈছিল, আনকি তেওঁলোকৰ পত্নী আৰু লʼৰা-ছোৱালীসকলকো লৈ গৈছিল। সেইবাবে দায়ূদ আৰু তেওঁৰ লোকসকলে অমালেকীয়াসকলৰ লগত যুদ্ধ কৰিবলৈ গৈছিল। কিন্তু ২০০ জন লোকে দায়ূদৰ লগত যুদ্ধত নগʼল। কিয়নো তেওঁলোকে ভাগৰি পৰিছিল। তেওঁলোকে আন সৈনিকসকলৰ বস্তুবোৰ চোৱা-চিতা কৰিলে। যেতিয়া দায়ূদে যুদ্ধপৰা জয়লাভ কৰি উভতি আহিলে, তেতিয়া তেওঁলোকে লুট কৰি অনা বস্তুখিনি সেই ২০০ জন লোককো দিলে। (১ চমূ. ৩০:২১-২৫) দায়ূদৰ এই কাহিনীৰপৰা আমি শিকিলোঁ যে আমি যিয়ে কৰিব পাৰোঁ, সেয়া মনে-প্ৰাণে কৰা উচিত। এইদৰে কৰিলে যেতিয়া এজন ব্যক্তিয়ে বাপ্তিষ্মা লʼব, তেতিয়া আমিও আনন্দিত হʼম।

১৭. আমি কি কথাৰ বাবে আনন্দিত হওঁ?

১৭ আমি অতি আনন্দিত যে যিহোৱাই আমাৰ পৰিশ্ৰমত ধ্যান দিয়ে আৰু ইয়াৰ বাবে তেওঁ আমাক পুৰস্কাৰো দিয়ে। তেওঁ ভালদৰে জানে যে আমি কাৰোবাক হেঁচা দি সত্যত আনিব নোৱাৰোঁ। আমি যিমান বিচাৰোঁ সিমান কৰিব নোৱাৰিলে আমি নিৰাশ হৈ পৰোঁ। কিন্তু তথাপি যিহোৱাই আমাক আনন্দত থাকিবলৈ শিকায়। (যোহ. ১৪:১২) সেইবাবে, আহক আমি নিৰাশ নহওঁ আৰু সদায় যিহোৱাক আনন্দিত কৰি থাকোঁ।

গীত ৬৭ “বাক্য ঘোষণা কৰা”

^ অনু. 5 যেতিয়া লোকসকলে অধ্যয়ন কৰিবলৈ আৰম্ভ কৰে, তেতিয়া আমি বহুত আনন্দিত হওঁ। কিন্তু তেওঁলোকে অধ্যয়ন কৰিবলৈ মানা কৰিলে আমাক দুখ লাগে। বহুবাৰ বিদ্যাৰ্থীয়ে অধ্যয়ন আৰম্ভ কৰে, কিন্তু বিদ্যাৰ্থীয়ে নিজৰ জীৱনত কোনো পৰিৱৰ্তন নকৰে। আমি বহুতোলোকৰ বাইবেল অধ্যয়ন কৰোঁ, কিন্তু তেওঁলোকৰ মাজৰ এজনেও বাপ্তিষ্মা নলয়। তেনেহʼলে ইয়াৰ অৰ্থ এয়া নেকি যে আমি প্ৰচাৰ কামত সফল হʼব পৰা নাই? এই লেখত আমি শিকিম যে এনে পৰিস্থিততো আমি প্ৰচাৰ কামত সফল হʼব পাৰোঁ আৰু আনন্দিত হʼব পাৰোঁ।

^ অনু. 14 চেপ্টেম্বৰ ১, ২০০২ চনৰ প্ৰহৰীদুৰ্গত (হিন্দী) ভনী গ্লেডছ এলেনৰ জীৱন কাহিনী পঢ়ক, “মই একোৱে সলনি কৰিব নিবিচাৰোঁ!