Skip to content

Skip to table of contents

যিহোৱাৰ লগত পুনৰ সম্পৰ্ক গঢ়ি তোলক

যিহোৱাৰ লগত পুনৰ সম্পৰ্ক গঢ়ি তোলক

প্ৰতিবছৰে বহুতোলোকক মণ্ডলীত বহিষ্কৃত হোৱাৰপৰা উঠাই দিয়া হয়। তেওঁলোকে যেতিয়া মণ্ডলীলৈ উভতি আহে, তেতিয়া ‘স্বৰ্গত আনন্দ’ কৰা হয়। (লূক ১৫:৭, ১০) যদি আপুনিও তেওঁলোকৰ মাজৰ এজন হয় , তেনেহʼলে আপুনি বিশ্বাস কৰিব পাৰে যে আপুনি উভতি অহাৰ বাবে যিহোৱা, যীচু আৰু স্বৰ্গদূতসকল বহুত আনন্দিত আছে। কিন্তু যিহোৱাৰ লগত পুনৰ সম্পৰ্ক গঢ়ি তোলাটো সহজ নহʼবও পাৰে। আহক চাওঁ কি কি সমস্যা আহিব পাৰে আৰু আপুনি সেয়া কেনেকৈ পাৰ কৰিব পাৰে?

কি কি সমস্যা আহিব পাৰে?

বহুতো ভাই-ভনীৰ নিচিনা আপুনিও হয়তো নিৰাশাৰ ভাবনাৰ সন্মুখীন হৈছে। ইয়াৰ কাৰণ হৈছে মণ্ডলীলৈ উভতি অহাৰ পাছতো নিজকে দোষ অনুভৱ কৰা আৰু বহুবছৰৰলৈকে লাজ অনুভৱ কৰা। দায়ূদৰ লগতো এইদৰে হৈছিল। যিহোৱাই তেওঁক ক্ষমা কৰাৰ পাছতো তেওঁ এইদৰে কৈছিল, “অপৰাধসমূহে মোক পৰাজয় কৰে।” (গীত. ৪০:১২; ৬৫:৩) ভনী ইজাবেলৰ উদাহৰণলৈ মন কৰক। * তাই ২০ বছৰ ধৰি বহিষ্কৃত আছিল। তাই যেতিয়া মণ্ডলীলৈ ঘূৰি আহিল, তেতিয়া তাই ভাবিছিল যে যিহোৱাই তাইক কেনেকৈ ক্ষমা কৰিব পাৰে। নিৰাশাৰ ভাবনাই যিহোৱাৰ লগত থকা আপোনাৰ সম্পৰ্কক বিপদত পেলাব পাৰে। (হিতো. ২৪:১০) সেইবাবে নিৰাশাৰপৰা উলাই আহিবলৈ সম্পূৰ্ণৰূপে চেষ্টা কৰক।

আপুনি হয়তো ইয়াৰ বিষয়ে ভাবি চিন্তিত হʼব পাৰে যে যিহোৱাৰ লগত পুনৰ সম্পৰ্ক গঢ়ি তুলিবলৈ কিমান পৰিশ্ৰমৰ প্ৰয়োজন হʼব। মণ্ডলীলৈ উভতি অহাৰ পাছত ভাই এনটʼনে এইদৰে কৈছে, “মোক এনেকুৱা লাগিছিল যেন মই যি শিকিছিলোঁ, সকলো পাহৰি গʼলোঁ।” এনেধৰণৰ ভাবনাই হয়তো আপোনাক সম্পূৰ্ণ হৃদয়েৰে যিহোৱাৰ সেৱা কৰিবলৈ বাধা দিব পাৰে।

এটা উদাহৰণলৈ মন কৰক যেতিয়া ধুমুহা আহে, তেতিয়া সকলো ধ্বংস হৈ যায়। তেতিয়া আপুনি হয়তো চিন্তা কৰিব পাৰে যে ঘৰখন পুনৰ বনাবলৈ বহুত পৰিশ্ৰম আৰু সময়ৰ প্ৰয়োজন হʼব। ঠিক সেইদৰে যেতিয়া আপোনাৰপৰা কিবা পাপ হৈ যায়, তেতিয়া যিহোৱাৰ লগত আপোনাৰ সম্পৰ্ক নাইকিয়া হৈ যায়। তেতিয়া আপুনি হয়তো ভাবিব পাৰে যে যিহোৱাৰ লগত পুনৰ সম্পৰ্ক গঢ়ি তুলিবলৈ বহুত পৰিশ্ৰমৰ প্ৰয়োজন হʼব। কিন্তু ভৰসা কৰক যে আপুনি অকলশৰীয়া নহয় আৰু এয়া আপুনি অকলে কৰিব নালাগিব।

যিহোৱাই এইদৰে কৈছে, “আহাঁ, আমি তৰ্কবিতৰ্ক কেৰাহঁক।” [সমাধান, NW] (যিচ. ১:১৮) আপুনি যিহোৱাৰ লগত বিষয়টো সমাধান কৰিবলৈ প্ৰথমে পদক্ষেপ লৈছে। সেইবাবে, যিহোৱাই আপোনাক বহুত প্ৰেম কৰে। ইয়াৰ যোগেদি আপুনি যিহোৱাক এটা ভাল সুযোগ দিছে যে তেওঁ চয়তানক উত্তৰ দিব পাৰে।—হিতো. ২৭:১১.

আপুনি মণ্ডলীলৈ পুনৰ ঘূৰি আহিলে আৰু যিহোৱাৰ কাষ চাপিবলৈ পদক্ষেপ লʼলে। যিহোৱাও আপোনাৰ কাষ চাপিম বুলি প্ৰতিজ্ঞা কৰিছে। (যাকো. ৪:৮) কেৱল ইমানেই যথেষ্ট নহয়। যিহোৱা আপোনাৰ বন্ধু আৰু পিতৃ হয়। সেইবাবে, যিহোৱাৰ প্ৰতি আপুনি নিজৰ প্ৰেম বঢ়োৱা উচিত। আপুনি এয়া কেনেকৈ কৰিব পাৰে?

সৰু-সুৰা লক্ষ্য ৰাখক

বহুবাৰ যেতিয়া ধুমুহা আহে, তেতিয়া গোটেই ঘৰখন ভাঙি শেষ হৈ যায়। কিন্তু তাৰ মুধছ খোটাডাল নাভাঙে। সেইবাবে, ঘৰৰ ওপৰৰ অংশহে বনাবলগীয়া হয়। ঠিক সেইদৰে আপুনি যেতিয়া মণ্ডলীলৈ উভতি আহে, তেতিয়া আপুনি প্ৰথমে শিকা প্ৰাথমিক শিক্ষাবোৰ মনত থাকিব পাৰে। কিন্তু এতিয়া আপুনি যিহোৱাৰ লগত পুনৰ সম্পৰ্ক গঢ়ি তুলিব লাগিব। ইয়াৰ বাবে আপুনি আগতে যিবোৰ কাম কৰিছিল, সেইবোৰ আকৌ কৰিব লাগিব। যেনে, প্ৰচাৰলৈ যোৱা, সভালৈ যোৱা আৰু ভাই-ভনীসকলৰ লগত সময় অতিবাহিত কৰা। এনে কৰিবলৈ আপুনি সৰু-সুৰা লক্ষ্য ৰাখিব পাৰে।

বাৰে বাৰে যিহোৱালৈ প্ৰাৰ্থনা কৰক। আপোনাৰ পিতৃ যিহোৱাই ভালদৰে জানে যে দোষৰ ভাৱনা সহজে আঁতৰি নাযায়। সেইবাবে, প্ৰাৰ্থনা কৰাটো কঠিন হʼব পাৰে। (ৰোম. ৮:২৬) তথাপি “প্ৰাৰ্থনাত লাগি” থাকক আৰু যিহোৱাক কওক যে আপুনি তেওঁৰ লগত পুনৰ বন্ধুত্ব কৰিব বিচাৰে। (ৰোম. ১২:১২) যেতিয়া ভাই আন্দ্ৰেই এইদৰে কৰিলে, তেতিয়া তেওঁৰ বহুতো লাভ হʼল। তেওঁ এইদৰে কৈছে, “মই বহুত দোষ অনুভৱ কৰিছিলোঁ আৰু লাজো অনুভৱ কৰিছিলোঁ। কিন্তু প্ৰাৰ্থনা কৰাৰ পাছত মই মনত শান্তি লাভ কৰিছিলোঁ।” যদি আপুনি বুজি নাপায় যে আপুনি প্ৰাৰ্থনাত কি কʼব লাগে, তেনেহʼলে ৰজা দায়ূদৰ প্ৰাৰ্থনালৈ ধ্যান দিয়ক। তেওঁ এই প্ৰাৰ্থনা অনুতাপ কৰাৰ পাছত লিখিছিল। এই প্ৰাৰ্থনাবোৰ গীতমালা ৫১ আৰু ৬৫-ত উল্লেখ আছে।

নিয়মিতৰূপে বাইবেল অধ্যয়ন কৰক। এইদৰে কৰিলে আপোনাৰ বিশ্বাস মজবুত হʼব আৰু যিহোৱাৰ প্ৰতি আপোনাৰ প্ৰেম বাঢ়িব। (গীত. ১৯:৭-১১) ভাই ফিলীপে এইদৰে কৈছে, “নিয়মিয়ৰূপে বাইবেল অধ্যয়ন নকৰাৰ বাবে যিহোৱাৰ লগত মোৰ সম্পৰ্ক দুৰ্বল হৈছিল আৰু মই তেওঁৰ মনত আঘাত দিছিলোঁ। মই পুনৰ সেই একে ভুল কৰিব বিচৰা নাছিলোঁ। সেইবাবে, মই নিয়মিতৰূপে বাইবেল অধ্যয়ন কৰিবলৈ নিৰ্ণয় লʼলোঁ।” আপুনি ঠিক এইদৰে কৰিব পাৰে। যদি আপুনি বুজি নাপায় যে কোনটো বিষয়ত অধ্যয়ন কৰিব, তেনেহʼলে আপুনি এনে এজন বন্ধুৰ সহায় লʼব পাৰে, যিজনৰ যিহোৱাৰ লগত মজবুত সম্পৰ্ক আছে।

ভাই-ভনীসকলৰ লগত পুনৰ বন্ধুত্ব কৰক। মণ্ডলীলৈ পুনৰ উভতি অহাৰ পাছতো কিছুমান লোকে ভাবে যে ভাই-ভনীসকলে তেওঁৰ বিষয়ে কি ভাবিব। লʼৰিছা নামৰ ভনীগৰাকীয়ে এইদৰে কৈছে, “মোক বহুত লাজ লাগিছিল। মণ্ডলীৰ ভাই-ভনীসকলক মই নিৰাশ কৰি দিলোঁ বুলি ভাবিছিলোঁ আৰু এই ভাবনা বহুত দিনৰলৈকে থাকিল।” বিশ্বাস কৰক যে প্ৰাচীন আৰু ভাই-ভনীসকলে যিহোৱাৰ লগত আপোনাৰ সম্পৰ্ক পুনৰ গঢ়ি তুলিবলৈ সহায় কৰিব বিচাৰে। (“ প্ৰাচীনসকলে কি কৰিব পাৰে?” নামৰ বক্স পঢ়ক।) আপুনি পুনৰ যিহোৱাৰ ওচৰলৈ উভতি অহাৰ বাবে তেওঁলোক অতি আনন্দিত আছে আৰু আপুনিও আনন্দিত থকাটো তেওঁলোকে বিচাৰে।—হিতো. ১৭:১৭.

ভাই-ভনীসকলৰ লগত বন্ধুত্ব গঢ়ি তুলিবলৈ আপুনি কি কৰিব পাৰে? আপুনি তেওঁলোকৰ লগত মিলি যিহোৱাৰ সেৱা কৰক, নিয়মিতৰূপে সভালৈ যাওক আৰু প্ৰচাৰত ভাগ লওক। ভাই ফেলিক্সে এইদৰে কৈছে, “মণ্ডলীৰ ভাই-ভনীসকলে মই উভতি অহালৈ অপেক্ষা কৰিছিল। ইয়াৰপৰা মোৰ অনুভৱ হʼল যে তেওঁলোকে মোক কিমান প্ৰেম কৰে। তেওঁলোকে মোক অনুভৱ কৰাইছিল যে মই মণ্ডলীৰ ভাগ হয়, যিহোৱাই মোক ক্ষমা কৰি দিলে আৰু মই তেওঁৰ সেৱা কৰিব পাৰোঁ।”—“ আপুনি কি কৰিব পাৰে?” নামৰ বক্স পঢ়ক।

হাৰ নামানিব!

যিহোৱাৰ লগত থকা আপোনাৰ সম্পৰ্কক নাইকিয়া কৰিবলৈ চয়তানে বহুতো “সমস্যা” আনিব। (লূক ৪:১৩) সেইবাবে, নিজৰ বিশ্বাস মজবুত কৰক।

আমি সকলোৱে যিহোৱাৰ মূল্যৱান মেৰ হয়। সেইবাবে, তেওঁ প্ৰতিজ্ঞা কৰিছে যে “মই হেৰোৱাটোক বিচাৰিম, খেদি নিয়াটোক ঘূৰাই আনিম, হাড় ভগাটোৰ ভগা ঠাই বান্ধিম, ৰুগীয়াটোক সবল কৰিম।” (যিহি. ৩৪:১৬) যিহোৱাই বহুতোলোকক নিজৰ লগত পুনৰ সম্পৰ্ক গঢ়ি তুলিবলৈ সহায় কৰিছে। তেওঁ আপোনাকো নিশ্চয় সহায় কৰিব।

^ অনু. 4 এই লেখত কিছুমান নাম সলনি কৰা হৈছে।