অধ্যয়নৰ লেখ ৪৭
আপোনাৰ বিশ্বাস কিমান মজবুত আছে?
“তোমালোকৰ হৃদয় ব্যাকুল নহওক; ঈশ্বৰত বিশ্বাস কৰা।”—যোহ. ১৪:১.
গীত ১১৯ আমাৰ বিশ্বাস দৃঢ় হওক
লেখৰ এক আভাস *
১. আমাৰ মনলৈ কি কি চিন্তা আহিব পাৰে?
অতি সোনকালে মিছা ধৰ্মক ধ্বংস কৰা হʼব। মাগোগ দেশীয় গোগৰ ওপৰত আক্ৰমণ কৰা হʼব আৰু হৰমাগিদোনৰ দ্ধ হʼব। আপুনি ইয়াৰ বিষয়ে ভাবি চিন্তিত হয়নে? আপুনি এইদৰে ভাবেনে সেইসময়ত মই বিশ্বাসী হৈ থাকিব পাৰিম নে নোৱাৰিম? যদি ইয়াৰ বিষয়ে ভাবি আপুনি চিন্তিত হয়, তেনেহʼলে যীচুৱে কোৱা কথাষাৰৰপৰা আপুনি উৎসাহ লাভ কৰিব। যীচুৱে নিজৰ শিষ্যসকলক এইদৰে কৈছিল, “তোমালোকৰ হৃদয় ব্যাকুল নহওক; ঈশ্বৰত বিশ্বাস কৰা।” (যোহ. ১৪:১) এই লেখত আমি যীচুৱে কোৱা এই কথাষাৰৰ বিষয়ে আলোচনা কৰিম। যদি আমাৰ বিশ্বাস মজবুত থাকিব, তেনেহʼলে আহিবলগীয়া প্ৰতিটো সমস্যা আমি সাহসেৰে সন্মুখীন হʼব পাৰিম।
২. (ক) আহিবলগীয়া সমস্যাবোৰ সন্মুখীন হʼবলৈ আজি আমি কি কৰিব পাৰোঁ? (খ) এই লেখত আমি কি কি আলোচনা কৰিম?
২ আহিবলগীয়া সমস্যাবোৰ আমি কেনেকৈ সন্মুখীন হʼম, সেয়া এই কথাৰ ওপৰত নিৰ্ভৰ কৰে যে আজি আমি সমস্যাবোৰ কেনেকৈ সন্মুখীন হৈ আছোঁ। আমাৰ বিশ্বাস কম আছে বুলি যেতিয়া আমাৰ অনুভৱ হয়, তেতিয়া আমি বিশ্বাস বঢ়োৱা উচিত। এই লেখত আমি শিকিম যে কি কি চাৰিটা ক্ষেত্ৰত যীচুৱে নিজৰ শিষ্যসকলক আৰু বিশ্বাস বঢ়াবলৈ পৰামৰ্শ দিছিল। তাৰ পাছত আমি শিকিম যে তেওঁলোকৰ নিচিনা আজি আমাৰ জীৱনলৈ কি কি সমস্যা আহিব পাৰে আৰু আমি নিজৰ বিশ্বাস মজবুত কৰিবলৈ কি কৰিব পাৰোঁ।
যিহোৱাই আপোনাৰ প্ৰয়োজনীয়তা পূৰ কৰিব বুলি বিশ্বাস কৰক
বিশ্বাস থাকিলে আমি আৰ্থিক সমস্যাৰ সত্ত্বেও ৰাজ্যৰ কামত ব্যস্ত হৈ থাকিব পাৰিম (অনুচ্ছেদ ৩-৬ চাওক)
৩. মথি ৬:৩০, ৩৩ পদত যীচুৱে কোনটো ক্ষেত্ৰত নিজৰ বিশ্বাস বঢ়াবলৈ কৈছিল?
৩ প্ৰতিটো পৰিয়ালৰ মূৰব্বীয়ে তেওঁলোকৰ পৰিয়ালৰ আহাৰ, কাপোৰ আৰু ঘৰ থকাটো বিচাৰে। কিন্তু এই জগতত এই প্ৰয়োজনীয়তাবোৰ পূৰ কৰাটো ইমান সহজ নহয়। আমাৰ বহুতো ভাই-ভনীয়ে চাকৰি হেৰুৱাইছে মথি ৬:৩০, ৩৩ পঢ়ক।) যিহোৱাই আমাক কেতিয়াও নেৰিব বুলি যেতিয়া আমাৰ সম্পূৰ্ণ বিশ্বাস হʼব, তেতিয়া আমি ৰাজ্যৰ কামত সম্পূৰ্ণ ধ্যান দিব পাৰিম। যেতিয়া আমি দেখিম যে যিহোৱাই আমাৰ সকলো প্ৰয়োজনীয়তা পূৰ কৰি আছে, তেতিয়া তেওঁৰ লগত আমাৰ ঘনিষ্ঠ বন্ধুত্ব হʼব আৰু তেওঁৰ ওপৰত আমাৰ বিশ্বাস আৰু মজবুত হʼব।
আৰু বহুতো চেষ্টা কৰাৰ পাছতো তেওঁলোকে আন চাকৰি বিচাৰি পোৱা নাই। কিছুমান ভাই-ভনীয়ে এনে চাকৰি কৰিবলৈ মানা কৰিলে, যিবোৰ খ্ৰীষ্টানসকলৰ বাবে সঠিক নহয়। এনে পৰিস্থিতিত যিহোৱাই আমাৰ পৰিয়ালৰ প্ৰয়োজনীয়তা পূৰ কৰিব বুলি আমাৰ মজবুত বিশ্বাস থকা উচিত। যীচুৱে পৰ্বতীয়া উপদেশতো নিজৰ শিষ্যসকলক ইয়াৰ বিষয়ে কৈছিল। (৪-৫. যেতিয়া এটা পৰিয়ালৰ আৰ্থিক সমস্যা হৈছিল, তেতিয়া তেওঁলোকে কি কৰিলে?
৪ আহক ভেনেজুৱেলাত থকা ভাই মিগল ক্ৰেষ্টৰ পৰিয়ালৰ উদাহৰণলৈ মন কৰোঁ। এসময়ত তেওঁৰ নিজৰ মাটি-বাৰী আছিল আৰু তাত তেওঁলোকে খেতি কৰি পৰিয়ালৰ প্ৰয়োজনীয়তা পূৰ কৰিছিল। কিন্তু পাছত কিছুমান লোকে বন্দুক লৈ আহিল আৰু তেওঁলোকৰ মাটি কাঢ়ি লʼলে আৰু তেওঁলোকক তাৰপৰা খেদি পঠিয়ালে। ভাই মিগলে এইদৰে কৈছে, “এতিয়া আমি বেলেগৰ মাটি বন্ধকত লৈ খেতি কৰোঁ আৰু আমাৰ প্ৰয়োজনীয়তা পূৰ কৰোঁ। মই প্ৰতিদিনে ৰাতিপুৱা সেইদিনৰ আহাৰৰ বাবে যিহোৱালৈ প্ৰাৰ্থনা কৰোঁ।” যদিও মিগলৰ পৰিয়ালৰ বাবে জীৱনটো বৰ কষ্টদায়ক, কিন্তু যিহোৱাই তেওঁলোকৰ প্ৰয়োজনীয়তা পূৰ কৰিব বুলি তেওঁলোকৰ সম্পূৰ্ণ ভৰসা আছে। সেইবাবে, তেওঁলোকে প্ৰতিটো সভাত উপস্থিত হয় আৰু প্ৰচাৰ কামত নিয়মীয়াকৈ ভাগ লয়। তেওঁলোকে ঈশ্বৰৰ ৰাজ্যক প্ৰথম স্থান দিলে। সেইবাবে, যিহোৱাও তেওঁলোকৰ প্ৰয়োজনীয়তালৈ ধ্যান দিয়ে।
৫ এই কঠিন সময়ছোৱাত যিহোৱাই কেনেকৈ তেওঁলোকৰ যত্ন ল’লে, তাৰ বিষয়ে ভাই মিগল আৰু তেওঁৰ পত্নী ইউৰাইয়ে ধ্যান দিলে। বহুবাৰ যিহোৱাই ভাই-ভনীসকলৰ যোগেদি তেওঁলোকৰ প্ৰয়োজনীয় বস্তুবোৰ দিলে আৰু ভাইজনক চাকৰি বিচাৰিবলৈ সহায় কৰিলে। শাখা কাৰ্য্যালয়েও বহুবাৰ তেওঁলোকক প্ৰয়োজনীয় বস্তুবোৰ দিলে। যিহোৱাই কেতিয়াও তেওঁলোকক এৰি দিয়া নাছিল। সেইবাবে, তেওঁলোকৰ পৰিয়ালৰ বিশ্বাস মজবুত হ’ল। তেওঁৰ ডাঙৰজনী ছোৱালী হʼচলিনে এটা ঘটনাৰ বিষয়ে মনত পেলাই এইদৰে কৈছে, “যেতিয়া মই দেখিলোঁ যে যিহোৱাই কেনেকৈ আমাক সহায় কৰিলে, তেতিয়া মোৰ উৎসাহ আৰু বাঢ়িল। এতিয়া যিহোৱা মোৰ ভাল বন্ধু হয় আৰু তেওঁৰ ওপৰত মই ভৰসা কৰিব পাৰোঁ। আমাৰ পৰিয়ালে যিবোৰ সমস্যাৰ মাজেদি পাৰ হ’ল, তাৰপৰা আমাৰ বিশ্বাস আৰু মজবুত হ’ল। এতিয়া আমি আহিবলগীয়া সমস্যাবোৰ সন্মুখীন হʼবলৈ সাজু আছোঁ।”
৬. আৰ্থিক সমস্যা হোৱাৰ সময়ত আপুনি নিজৰ বিশ্বাস কেনেকৈ মজবুত কৰিব পাৰে?
৬ আপোনাৰো আৰ্থিক সমস্যা হৈছেনে? যদি হৈছে, তেনেহ’লে এয়া আপোনাৰ বাবে বৰ কঠিন সময় হয়। তথাপি আপুনি নিজৰ বিশ্বাস মজবুত কৰিব পাৰে। যিহোৱালৈ প্ৰাৰ্থনা কৰক। মথি ৬:২৫-৩৪ পদত যীচুৱে কোৱা কথাষাৰ পঢ়ক আৰু তাৰ ওপৰত ধ্যান কৰক। এনে উদাহৰণবোৰ পঢ়ক, যাৰপৰা জানিব পাৰি যে যিসকল লোকে যিহোৱাৰ সেৱাত ব্যস্ত থাকে, যিহোৱাই তেওঁলোকৰ প্ৰয়োজনীতা পূৰ কৰে। (১ কৰি. ১৫:৫৮) এইদৰে কৰিলে আপোনাৰ বিশ্বাস বাঢ়িব যে যিদৰে যিহোৱাই তেওঁলোকৰ যত্ন ললে, তেওঁ আপোনাৰো যত্ন লʼব। যিহোৱাই ভালদৰে জানে যে আপোনাক কিহৰ প্ৰয়োজন আছে আৰু তেওঁ আপোনাৰ প্ৰয়োজনীয়তা নিশ্চয় পূৰ কৰিব। যেতিয়া আপুনি দেখিব যে যিহোৱাই আপোনাক কেনেকৈ সহায় কৰি আছে, তেতিয়া তেওঁৰ ওপৰত আপোনাৰ বিশ্বাস আৰু বাঢ়িব। এইদৰে আপুনি আহিবলগীয়া ডাঙৰ ডাঙৰ সমস্যাৰ সন্মুখীন হʼব পাৰিব।—হব. ৩:১৭, ১৮.
ডাঙৰ সমস্যাৰ সন্মুখীন হʼবলৈ বিশ্বাসক বঢ়াওক
মজবুত বিশ্বাসৰ বাবে সঁচাকৈ ধুমুহা হওক বা ধুমুহাৰ নিচিনা কিবা ডাঙৰ সমস্যা, আমি সেই সকলো সন্মুখীন হʼব পাৰিম (অনুচ্ছেদ ৭-১১ চাওক)
৭. বৰ ধুমুহা অহাৰ সময়ত শিষ্যসকলৰ কেনেকৈ বিশ্বাসৰ পৰীক্ষা হ’ল? (মথি ৮:২৩-২৬)
৭ মথি ৮:২৩-২৬ পঢ়ক। এবাৰ যীচুৱে নিজৰ শিষ্যসকলৰ লগত নাৱত যাত্ৰা কৰিছিল। সেইসময়ত হঠাতে বৰ ধুমুহা আহিল আৰু নাওঁখন ডুবিব ধৰিলে। কিন্তু যীচুৱে আৰামেৰে শুই আছিল। শিষ্যসকলে ভয় কৰি যীচুক জগালে আৰু তেওঁলোকক বচাবলৈ ক’লে। কিন্তু যীচুৱে তেওঁলোকক এইদৰে সুধিলে, “হে অল্প-বিশ্বাসীবিলাক, তোমালোক কিয় ভয়াতুৰ হৈছা?” শিষ্যসকলে বুজি পোৱা উচিত আছিল যে যিহোৱাই নিজৰ পুত্ৰক বচাব পাৰে আৰু তেওঁৰ শিষ্যসকলকো। ইয়াৰপৰা আমি কি শিকিব পাৰোঁ? সঁচাকৈ ধুমুহা আহক বা ধুমুহাৰ নিচিনা কিবা সমস্যা, যদি আমাৰ মজবুত বিশ্বাস থাকে, তেনেহ’লে আমি সেইবোৰ সন্মুখীন হ’ব পাৰিম।
৮-৯. (ক) ভনী অনলৰ বিশ্বাসৰ পৰীক্ষা কেনেকৈ হ’ল? (খ) কি কথাই তাইক সহায় কৰিলে?
৮ আহক পৰ্টুৰীকʼত থকা এগৰাকী অবিবাহিত ভনী অনলৰ উদাহৰণলৈ মন কৰোঁ। বহুতো সমস্যাৰ সন্মুখীন হোৱাৰ পাছত তাইৰ বিশ্বাস আৰু মজবুত হ’ল। ২০১৭ চনত তাইৰ এলেকাত ডাঙৰ ধুমুহা আহিছিল। ধুমুহাৰ ফলত ভনী অনলৰ ঘৰখন ভাঙিছিল আৰু তাই নিজৰ চাকৰিও হেৰুৱাইছিল। তাই এইদৰে কৈছে, “সেইসময়ত মই বহুত চিন্তিত আছিলোঁ। তথাপি মই যিহোৱালৈ প্ৰাৰ্থনা কৰিছিলোঁ আৰু তেওঁৰ সেৱা কৰি আছিলোঁ। এইদৰে কৰি মই যিহোৱাৰ ওপৰত ভৰসা কৰিবলৈ শিকিলোঁ।”
৯ ভনী অনলে আজ্ঞা পালন কৰাৰ বাবে নিজৰ সমস্যাবোৰ সন্মুখীন হʼব পাৰিলে। তাই এইদৰে কৈছে, “সংগঠনৰপৰা পোৱা নিৰ্দেশনাবোৰ পালন কৰাৰ বাবে মই শান্ত হৈ থাকিব পাৰিলোঁ। মই দেখিলোঁ যে যিহোৱাই ভাই-ভনীসকলৰ যোগেদি মোক উৎসাহিত কৰিছে আৰু মোৰ প্ৰয়োজনীয় বস্তুবোৰ দিছে। মই যিহোৱাৰপৰা যিমান বিচাৰিছিলোঁ, তেওঁ তাতকৈ বহু গুণে দিলে। এইবোৰৰ বাবে মোৰ বিশ্বাস আৰু মজবুত হ’ল।”
১০. আপুনি কিবা ডাঙৰ সমস্যাৰ সন্মূখীন হ’লে কি কৰিব পাৰে?
১০ আপোনাৰ জীৱনতো বৰ ধুমুহা আহিছেনে? আপুনি হয়তো প্ৰাকৃতিক দুৰ্য্যোগৰ বাবে বা কিবা ডাঙৰ বেমাৰ বাবে চিন্তিত হৈছে। এনে পৰিস্থিতিত যিহোৱাৰ ওপৰত ভৰসা কৰক আৰু তেওঁলৈ প্ৰাৰ্থনা কৰক। সেই ঘটনাবোৰলৈ চিন্তা কৰক যেতিয়া যিহোৱাই আপোনাক সহায় কৰিছিল। এইদৰে কৰিলে আপোনাৰ বিশ্বাস বাঢ়িব। (গীত. ৭৭:১১, ১২) যিহোৱাই আপোনাক কেতিয়াও এৰি নিদিব বুলি বিশ্বাস কৰক।
১১. আমি সংগঠন আৰু প্ৰাচীনসকলৰপৰা পোৱা নিৰ্দেশনা কিয় পালন কৰা উচিত?
১১ ভনী অনলৰপৰা আমি শিকিলোঁ যে আজ্ঞা পালন কৰিলে আমি সমস্যাৰ সন্মুখীন হʼব পাৰিম। যাত্ৰা. ১৪:১-৪; ২ বং. ২০:১৭) আমি এনে উদাহৰণবোৰ ধ্যান কৰা উচিত। এইদৰে কৰিলে আমি সংগঠনৰপৰা পোৱা নিৰ্দেশনাবোৰ আজিও পালন কৰিম আৰু ভৱিষ্যতেও। (ইব্ৰী ১৩:১৭) আমি আহিবলগীয়া মহাক্লেশৰ সন্মুখীন হʼবলৈ ভয় নকৰিম।—হিতো. ৩:২৫.
যিসকল লোকক যিহোৱা আৰু যীচুৱে ভৰসা কৰে, আমিও সেই লোকসকলক ভৰসা কৰা উচিত। বহুবাৰ আমাক হয়তো লাগিব পাৰে যে সংগঠন আৰু প্ৰাচীনে দিয়া নিৰ্দেশনাবোৰ সঠিক নহয়। বাইবেল আৰু ভাই-ভনীসকলৰ উদাহৰণৰপৰা জানিব পাৰি যে যদি আমি সেই নিৰ্দেশনাবোৰ পালন কৰোঁ, তেনেহ’লে যিহোৱা আনন্দিত হʼব আৰু আমাৰ জীৱন ৰক্ষা পৰিব। (অন্যায় সহন কৰিবলৈ বিশ্বাসৰ প্ৰয়োজন হয়
প্ৰাৰ্থনাত লাগি থাকিলে আমাৰ বিশ্বাস মজবুত হ’ব (অনুচ্ছেদ ১২ চাওক)
১২. অন্যায় সহন কৰিবলৈ কিয় বিশ্বাস থকাৰ প্ৰয়োজন? (লূক ১৮:১-৮)
১২ যীচুৱে জানিছিল যে তেওঁৰ শিষ্যসকলৰ লগত অন্যায় হʼব আৰু ইয়াৰ বাবে তেওঁলোকৰ বিশ্বাসৰ পৰীক্ষা হʼব। তেওঁলোকক সহায় কৰিবলৈ যীচুৱে এগৰাকী বিধৱাৰ কাহিনী শুনাইছিল। সেই বিধৱাগৰাকীয়ে ন্যায় বিচাৰি এজন দুষ্ট ন্যায়াধীশৰ ওচৰলৈ বাৰে বাৰে গৈছিল। তাইৰ বিশ্বাস আছিল যে এইদৰে কৰিলে সেই ন্যায়াধীশজনে তেওঁৰ মিনতি নিশ্চয় শুনিব। অৱশেষত সেই ন্যায়াধীশজনে তাইৰ মিনতি শুনিলে। ইয়াৰপৰা আমি কি শিকিব পাৰোঁ? যিহোৱা সেই ন্যায়াধীশৰ দৰে নহয়। সেইবাবে, যীচুৱে এইদৰে কৈছিল, “তেন্তে ঈশ্বৰলৈ দিনে-ৰাতিয়ে কাকূতি কৰা তেওঁৰ যি মনোনীত লোকৰ ভালৰ অৰ্থে তেওঁ শত্ৰুক শাস্তি দিবলৈ পলম কৰে, তেওঁ অন্যায়ৰ প্ৰতিকাৰ কৰি, সেই লোকক উদ্ধাৰ নকৰিব নে?” (লূক ১৮:১-৮ পঢ়ক।) ইয়াৰ পাছত যীচুৱে এইদৰে কৈছিল, “যেতিয়া মানুহৰ পুত্ৰ আহিব, তেতিয়া পৃথিবীত বিশ্বাস পাব নে?” আমাৰ লগতো অন্যায় হোৱাৰ সময়ত আমি সেই বিধৱাগৰাকীৰ দৰে ধৈৰ্য্য ধৰা উচিত আৰু বাৰে বাৰে যিহোৱালৈ প্ৰাৰ্থনা কৰা উচিত। ইয়াৰপৰা বুজিব পাৰি যে যিহোৱাই এদিন নহয় এদিন আমাৰ প্ৰাৰ্থনাৰ উত্তৰ নিশ্চয় দিব বুলি আমাৰ মজবুত বিশ্বাস আছে। প্ৰাৰ্থনাত বহুত শক্তি আছে, এই কথাৰ ওপৰতো আমি বিশ্বাস ৰখা উচিত। বহুবাৰ যিহোৱাই আমাৰ প্ৰাৰ্থনাৰ উত্তৰ এইদৰে দিয়ে যিদৰে আমি ভবাই নাই।
১৩. অন্যায়ৰ সন্মুখীন হʼবলৈ এটা পৰিয়ালক প্ৰাৰ্থনাই কেনেকৈ সহায় কৰিলে?
১৩ কংগʼ লোকতান্ত্ৰিক গণৰাজ্যৰ ভনী ৱেৰ’ৰ উদাহৰণলৈ মন কৰক। তাইৰ গাৱত কিছুমান সৈনিকে আক্ৰমণ কৰাৰ বাবে ভনী ৱেৰ’ আৰু তাইৰ সত্যত নথকা স্বামী আৰু ১৫ বছৰীয়া ছোৱালীজনীয়ে সেই ঠাইৰপৰা পলাবলগীয়া হৈছিল। কিন্তু ৰাস্তাতে কিছুমান সৈনিকে তেওঁলোকক ধৰিলে আৰু মাৰি পেলাব বুলি ডাবি-ধমকি দিলে। ভনী ৱেৰ’য়ে ভয়তে কান্দিবলৈ ধৰিলে। তেতিয়া তাইক শান্ত কৰিবলৈ তাইৰ ছোৱালীজনীয়ে চিঞৰি যিহোৱাৰ নাম লৈ বাৰে বাৰে প্ৰাৰ্থনা কৰিবলৈ ধৰিলে। যেতিয়া তাই প্ৰাৰ্থনা কৰি শেষ কৰিলে, তেতিয়া সৈনিকৰ অধিকাৰীজনে তাইক সুধিলে, “মইনা, তোমাক এই প্ৰাৰ্থনা কোনে শিকালে?” তাই এইদৰে ক’লে, “মোক মোৰ মায়ে বাইবেলৰপৰা শিকালে।” (মথি ৬:৯-১৩) অধিকাৰীজনে তাইক ক’লে, “মইনা, মা-দেউতাৰ লগত নিশ্চিন্ত হৈ যোৱা। তোমালোকৰ ঈশ্বৰ যিহোৱাই তোমালোকক ৰক্ষা কৰিব।”
১৪. আমাৰ বিশ্বাসৰ পৰীক্ষা কেতিয়া হ’ব পাৰে আৰু সেইসময়ত আমি কি কৰা উচিত?
ফিলি. ৪:১৩) আমি মনত ৰখা উচিত যে অতি সোনকালে যিহোৱাই আমাক ইমানে আৰ্শীবাদ দিব যে এতিয়া ভুগি থকা সমস্যাবোৰ আমি পাহৰি যাম। যেতিয়া আমি যিহোৱাৰ সহায়ত এই সমস্যাবোৰ সহন কৰোঁ, তেতিয়া আমাৰ বিশ্বাস মজবুত হয় আৰু আমি আহিবলগীয়া ডাঙৰ সমস্যাবোৰৰ সন্মুখীন হ’বলৈ সাজু হʼম।—১ পিত. ১:৬, ৭.
১৪ এনেধৰণৰ উদাহৰণৰপৰা আমি শিকোঁ যে প্ৰাৰ্থনাত বহুত শক্তি আছে। কিন্তু যিহোৱাই যদি আমাৰ প্ৰাৰ্থনাৰ উত্তৰ লগে লগে নিদিয়ে, বা আচৰিতভাৱে নিদিয়ে, তেনেহʼলে আমি কি কৰা উচিত? আমি যীচুৱে দিয়া উদাহৰণৰ সেই বিধৱাৰ নিচিনা হোৱা উচিত আৰু প্ৰাৰ্থনাত লাগি থকা উচিত। আমি বিশ্বাস কৰা উচিত যে আমাৰ ঈশ্বৰ যিহোৱাই আমাক কেতিয়াও এৰি নিদিব। তেওঁ সঠিক সময়ত আমাৰ প্ৰাৰ্থনাৰ উত্তৰ দিব। আমি যিহোৱাৰপৰা পবিত্ৰ আত্মা বিচাৰি থকা উচিত। (পাহাৰৰ নিচিনা সমস্যাৰ সন্মুখীন হ’বলৈ বিশ্বাসৰ প্ৰয়োজন
১৫. মথি ১৭:১৯, ২০ পদত কোৱাৰ দৰে যীচুৰ শিষ্যসকলে কি সমস্যাৰ সন্মুখীন হৈছিল?
১৫ মথি ১৭:১৯, ২০ পঢ়ক। যীচুৰ শিষ্যসকলে কিছুমান মানুহৰ শৰীৰত থকা দুষ্ট স্বৰ্গদুত উলিয়াব পাৰিছিল। কিন্তু এবাৰ তেওঁলোকে এইদৰে কৰিব নোৱাৰিলে। কিয় বাৰু? কিয়নো তেওঁলোকৰ বিশ্বাস কম আছিল। যীচুৱে তেওঁলোকক কৈছিল যে যদি তেওঁলোকৰ মজবুত বিশ্বাস থাকে, তেনেহ’লে তেওঁলোকে পাহাৰৰ নিচিনা সমস্যাবোৰৰো সন্মুখীন হʼব পাৰিব। আমাৰ জীৱনলৈও ডাঙৰ ডাঙৰ সমস্যা আহিব পাৰে। এনে পৰিস্থিতিত আমি কি কৰা উচিত?
মজবুত বিশ্বাসৰ বাবে আমি দুখত থকাৰ সময়ত বা নিৰাশাৰ সময়তো যিহোৱাৰ সেৱা কৰি থাকিম (অনুচ্ছেদ ১৬ চাওক)
১৬. ভনী গেডীয়ে দুখজনক পৰিস্থিতিৰ কেনেকৈ সন্মুখীন হʼব পাৰিলে?
১৬ গুৱাটেমালাত বাস কৰা ভনী গেডীৰ উদাহৰণলৈ মন কৰক। তাই আৰু তাইৰ স্বামী এডীয়ে সভাৰ পাছত ঘৰলৈ উভতি আহিছিল। কিন্তু ৰাস্তাতে তাইৰ স্বামীক হত্যা কৰা হ’ল। বিশ্বাসৰ বাবে ভনী গেডীয়ে এই দুখজনক পৰিস্থিতিৰ কেনেকৈ সন্মুখীন হʼব পাৰিলে? তাই এইদৰে কৈছে, “মই যিহোৱালৈ প্ৰাৰ্থনা কৰি নিজৰ চিন্তাৰ সকলো ভাৰ তেওঁৰ ওপৰত দিলোঁ। এইদৰে কৰাৰ বাবে মই মনত শান্তি লাভ কৰিলোঁ। যিহোৱাই মোৰ পৰিয়ালৰ লোক আৰু মণ্ডলীৰ ভাই-ভনীসকলৰ যোগেদি মোৰ যত্ন লৈছিল। যিহোৱাৰ সেৱা কৰি থকাৰ বাবেও মোৰ দুখ অলপ কম হ’ল আৰু মই কালিৰ বাবে চিন্তা কৰা নাছিলোঁ। এই ঘটনাৰপৰা মই এটা কথা শিকিলোঁ যে এতিয়া মোৰ জীৱনলৈ যিয়ে সমস্যা নাহওক কিয় মই যিহোৱা, যীচু আৰু তেওঁৰ সংগঠনৰ সহায়ত সকলো সমস্যাৰ সন্মুখীন হʼব পাৰিম।”
১৭. আমি কঠিন পৰিস্থিতিৰ সন্মুখীন হʼলে কি কৰা উচিত?
১৭ আপুনি নিজৰ আপোনজনাক মৃত্যুত হেৰুৱাইছেনে? যদি হয়, তেনেহ’লে বাইবেলৰপৰা এনে লোকসকলৰ বিষয়ে পঢ়ক, যিসকলক পুনৰ জীৱিত কৰা হৈছিল আৰু বিশ্বাস কৰক যে আপোনাৰ আপোনজনক নিশ্চয় পুনৰ জীৱিত কৰা হ’ব। আপোনাৰ পৰিয়ালত কাৰোবাৰ বহিষ্কাৰ হৈছেনে? আৰু ইয়াৰ বাবে আপুনি বেজাৰত আছেনে? যদি আছে, তেনেহ’লে অধ্যয়ন কৰাৰ যোগেদি নিজৰ বিশ্বাস দৃঢ় কৰক যে যিহোৱাই শুধৰণি কৰাৰ ব্যৱস্থাই হৈছে আটাইকৈ উত্তম। কঠিন হিতো. ১৮:১) যদিও আপোনাৰ চকুপানী টোকাৰ কিবা কাৰণ থাকে, তথাপি যিহোৱাৰ সেৱাত ব্যস্ত হৈ থাকক। (গীত. ১২৬:৫, ৬) সভাত উপস্থিত হওক, প্ৰচাৰত ভাগ লওক আৰু বাইবেল পঢ়ক। যিহোৱাই অতি সোনকালে দিবলগীয়া আশীৰ্বাদৰ বিষয়ে চিন্তা কৰক। যেতিয়া আপুনি দেখিব যে যিহোৱাই আপোনাক কেনেকৈ সহায় কৰি আছে, তেতিয়া তেওঁৰ ওপৰত আপোনাৰ বিশ্বাস আৰু বাঢ়িব।
পৰিস্থিতিতো নিজৰ বিশ্বাস বঢ়াওক। নিজৰ মনৰ সকলো কথা যিহোৱাক জনাওক। ভাই-ভনীসকলৰ লগত সংগতি কৰক আৰু নিজকে তেওঁলোকৰপৰা আঁতৰাই নাৰাখিব। (“আমাৰ বিশ্বাস বঢ়াই দিয়ক”
১৮. আপোনাৰ বিশ্বাস কম আছে বুলি গম পালে আপুনি কি কৰিব?
১৮ সমস্যাৰ সন্মুখীন হোৱাৰ সময়ত যেতিয়া আমি গম পাওঁ যে আমাৰ বিশ্বাস কম আছে, তেতিয়া আমি নিৰাশ হোৱা উচিত নহয়। আমি নিজৰ বিশ্বাস বঢ়াই থাকিবলৈ চেষ্টা কৰি থকা উচিত। যীচুৰ পাঁচনিসকলৰ নিচিনা আমি যিহোৱাক এইদৰে কʼব পাৰোঁ, “আমাৰ বিশ্বাস বঢ়াই দিয়ক।” (লূক ১৭:৫) ইয়াৰ উপৰিও আমি এই লেখত উল্লেখ থকা উদাহৰণবোৰৰ বিষয়ে ভাবিব পাৰোঁ। আমি মিগল আৰু ইউৰাইৰ নিচিনা মনত ৰখা উচিত যে যিহোৱাই আমাক কেতিয়া সহায় কৰিছিল। ৱেৰ’ৰ ছোৱালী আৰু অনলৰ নিচিনা ডাঙৰ সমস্যাৰ সন্মুখীন হোৱাৰ সময়ত হৃদয় খুলি যিহোৱালৈ প্ৰাৰ্থনা কৰা উচিত। গেডীৰ নিচিনা আমি ভৰসা কৰা উচিত যে যিহোৱাই আমাৰ পৰিয়াল আৰু বন্ধুসকলৰ যোগেদি আমাৰ যত্ন লʼব। যদি আমি যিহোৱাৰ সহায়ত আজি সমস্যাৰ সন্মুখীন হওঁ, তেনেহ’লে আমাৰ বিশ্বাস আৰু বাঢ়ে যে আহিবলগীয়া সময়তো সমস্যাৰ সন্মুখীন হʼবলৈ যিহোৱাই আমাক নিশ্চয় সহায় কৰিব।
১৯. যীচুৰ নিচিনা আমাৰ কি কথাৰ ওপৰত বিশ্বাস আছে?
১৯ যীচুৱে নিজৰ শিষ্যসকলক কৈছিল যে তেওঁলোকে কি কি চাৰিটা ক্ষেত্ৰত নিজৰ বিশ্বাস বঢ়োৱা উচিত। যীচুৱে জানিছিল যে যদি তেওঁলোকে এইদৰে কৰে, তেনেহ’লে যিহোৱাৰ সহায়ত তেওঁলোকে আহিবলগীয়া সমস্যাৰ সন্মুখীন হʼব পাৰিব। (যোহ. ১৪:১; ১৬:৩৩) যীচুৱে এই কথাৰ ওপৰতো বিশ্বাস কৰে যে মজবুত বিশ্বাসৰ বাবে বৰ লোকসমূহে মহাক্লেশৰপৰা ৰক্ষা পৰিব। (প্ৰকা. ৭:৯, ১৪) আপুনি বৰ লোকসমূহৰ মাজৰ এজন হ’বনে? যদি আজি আপুনি নিজৰ বিশ্বাস বঢ়াবলৈ সম্পূৰ্ণৰূপে চেষ্টা কৰে, তেনেহ’লে যিহোৱাৰ সহায়ত আপুনি বৰ লোকসমূহৰ মাজৰ এজন হ’ব।—ইব্ৰী ১০:৩৯.
গীত ১১৮ “আমাৰ বিশ্বাস বঢ়াই দিয়ক”
^ অনু. 5 এই দুষ্ট জগতখন শেষ হোৱাটো আমি সকলোৱে বিচাৰোঁ। কিন্তু আমাৰ বিশ্বাস ইমান মজবুত আছেনে যে আমি আহিবলগীয়া সমস্যাবোৰৰ সন্মুখীন হʼব পাৰিম। এই লেখত আমি কিছুমান ভাই-ভনীৰ উদাহৰণলৈ মন কৰিম আৰু তেওঁলোকৰপৰা শিকিম যে আমি নিজৰ বিশ্বাস কেনেকৈ মজবুত কৰিব পাৰোঁ।