Skip to content

Skip to table of contents

জীৱন কাহিনী

প্ৰকৃত আনন্দ বিচাৰি

প্ৰকৃত আনন্দ বিচাৰি

মই ভূমধ্যসাগৰৰ মাজত নিজৰ নাৱত আছিলোঁ। হঠাতে নাওঁখনত পানী সোমাবলৈ ধৰিলে। তাৰ পাছত বৰ ধুমুহা আহিল। মোৰ বৰ ভয় লাগিছিল আৰু মই বহুবছৰৰ পাছত প্ৰাৰ্থনা কৰিলোঁ। কিন্তু মই নাৱত কেনেকৈ পালোঁ। আহক ইয়াৰ বিষয়ে আৰম্ভণিৰেপৰা কওঁ।

মই সাত বছৰৰ আছিলোঁ আৰু মোৰ পৰিয়ালে ব্ৰাজিলত বাস কৰিছিল

মোৰ জন্ম ১৯৪৮ চনত নেদাৰলেণ্ডত হৈছিল। ইয়াৰ এবছৰৰ পাছত আমাৰ পৰিয়ালে ব্ৰাজিলৰ চাও পাওলʼ চহৰৰলৈ গৈছিল। তাৰ পাছত আকৌ আমি ১৯৫৯ চনত আমেৰিকালৈ গʼলোঁ আৰু তাত আমি মেচাচুছেটছ ৰাজ্যত থাকিবলৈ ধৰিলোঁ। মোৰ পিতৃ-মাতৃয়ে গীৰ্জালৈ গৈছিল আৰু আমি সকলোৱে ৰাতিৰ আহাৰ খোৱাৰ পাছত প্ৰায়ে বাইবেল পঢ়িছিলোঁ।

আমাৰ পৰিয়ালত ৮ জন সদস্য আছিল, সেইবাবে আমাৰ প্ৰয়োজনীয়তা পূৰ কৰিবলৈ দেউতাই বহুত পৰিশ্ৰম কৰিবলগীয়া হৈছিল। তেওঁ কেতিয়াবা চেল্ছমেনৰ কাম কৰিছিল আৰু কেতিয়াবা ৰাস্তা বনোৱা কাম কৰিছিল। তাৰ পাছত তেওঁ এটা আন্তঃৰাষ্টীয় উৰা জাহাজৰ কোম্পানীত চাকৰি পালে। এই চাকৰিৰ বাবে আমি বহুত আনন্দিত আছিলোঁ, কিয়নো আমি বেলেগ বেলেগ ঠাইলৈ যাত্ৰা কৰিব পাৰিছিলোঁ।

স্কুলত পঢ়াৰ সময়ত মই ভাবিছিলোঁ যে ডাঙৰ হৈ মই কি কৰিম। মোৰ কিছুমান বন্ধুৱে বিশ্ববিদ্যালয়ত পঢ়িবলৈ গʼল আৰু আন কিছুমান বন্ধুৱে সেনাত ভৰ্তি হʼল। কিন্তু মই সেনাত ভৰ্তি হʼব বিচৰা নাছিলোঁ। কিয়নো মই যুদ্ধ আৰু কাজিয়া ভাল পোৱা নাছিলোঁ। সেইবাবে, মই বিশ্ববিদ্যালয়ত পঢ়িবলৈ নিৰ্ণয় লʼলোঁ। কিন্তু মই আনক সহায় কৰিব বিচাৰিছিলোঁ। মই ভাবিছিলোঁ যে এইদৰে কৰিলে মই আনন্দ লাভ কৰিম।

বিশ্ববিদ্যালয়ত মোৰ জীৱন

মই বহুবছৰলৈকে প্ৰকৃত আনন্দ বিচাৰি আছিলোঁ

বিশ্ববিদ্যালয়ত মই মানৱবিজ্ঞান অৰ্থাৎ মানুহৰ উৎপত্তিৰ বিষয়ে অধ্যয়ন কৰিছিলোঁ, কিয়নো মই জীৱনৰ আৰম্ভণি কেনেকৈ হʼল, তাৰ বিষয়ে জানিব বিচাৰিছিলোঁ। তাত আমাক বিবৰ্তণৰ বিষয়ে শিকোৱা হৈছিল। মোক বহুতো কথা সঁচা যেন নালাগিছিল। কিন্তু আমাক সেই কথাবোৰৰ ওপৰত চকু মুদি বিশ্বাস কৰিবলৈ হেঁচা দিয়া হৈছিল।

বিশ্ববিদ্যালয়ত আমাক ভাল আৰু বেয়াৰ মাজত প্ৰাৰ্থক্য কৰিবলৈ শিকোৱা নাছিল। ইয়াৰ পৰিৱৰ্তে আমি যিকোনো পৰিস্থিতিতে সফল হʼব লাগিব বুলি কোৱা হৈছিল। মই পাৰ্টিলৈ গৈছিলোঁ আৰু ড্ৰাগছ লৈছিলোঁ। এইবোৰ কৰি মই আনন্দিত হৈছিলোঁ, কিন্তু সেয়া অলপ সময়ৰ বাবে আছিল। মই ভাবিছিলোঁ, ‘এয়ে জীৱননে?’

ইয়াৰ পাছত মই বাঁচটন চহৰলৈ গʼলোঁ আৰু তাৰে এখন বিশ্ববদ্যালয়ত পঢ়িবলৈ ধৰিলোঁ। বিশ্ববিদ্যালয়ত ফীচ দিবলৈ মই বন্ধৰ দিনবোৰত কাম কৰিবলৈ ধৰিলোঁ। সেইসময়ছোৱাত মই এজন যিহোৱাৰ সাক্ষীক লগ পালোঁ। তেওঁ মোৰ লগতে কাম কৰিছিল। তেওঁ মোক দানিয়েল কিতাপৰ ৪ অধ্যায়ত উল্লেখ থকা ‘সাত কালৰ’ ভৱিষ্যতবাণীৰ অৰ্থ বুজাইছিল আৰু আজি আমি এই জগতৰ শেষ-কালত জীয়াই আছোঁ বুলি কৈছিল। (দানি. ৪:১৩-১৭) মই বুজি পালোঁ তেওঁ কোৱা কথাবোৰ সঁচা হয় আৰু যদি মই সেইবোৰ পালন কৰোঁ, তেনেহʼলে মই নিজকে পৰিৱৰ্তন কৰিব লাগিব। কিন্তু মই এইদৰে কৰিব বিচৰা নাছিলোঁ। সেইবাবে, মই তেওঁৰপৰা দূৰে দূৰে থাকিবলৈ ধৰিলোঁ।

মই দক্ষিণ আফ্ৰিকালৈ গৈ লোকসকলৰ সেৱা কৰিব বিচাৰিছিলোঁ। সেইবাবে, মই বিশ্ববিদ্যালয়ত আন কিছুমান কৰ্চ কৰিলোঁ। মই ভাবিছিলোঁ সমাজ সেৱা কৰি মই জীৱনত আনন্দিত থাকিম। কিন্তু এইদৰে কৰিও মই আনন্দ বিচাৰি পোৱা নাছিলোঁ। সেইবাবে, মই বিশ্ববিদ্যালয়ৰ পঢ়া আধাতে বাদ দিলোঁ।

জীৱনৰ উদ্দেশ্য বিচাৰি বেলেগ দেশত

১৯৭০ চনৰ মেʼ মাহত মই নেদাৰলেণ্ডত এমষ্টৰডেম চহৰলৈ গʼলোঁ আৰু দেউতাই যিখন উৰা জাহাজৰ কোম্পানীত কাম কৰিছিল, ময়ো তাতে কাম কৰিবলৈ ধৰিলোঁ। এই চাকৰিৰ বাবে মই আফ্ৰিকা, আমেৰিকা, ইউৰোপ আৰু এছিয়াৰ বেলেগ বেলেগ দেশত যাত্ৰা কৰিব পাৰিলোঁ। সেই সকলো দেশত ডাঙৰ ডাঙৰ সমস্যা আছিল, কিন্তু কোনেও তাক সমাধান কৰিব পৰা নাছিল। এইবোৰ দেখি মই কিবা কৰিম বুলি উৎসাহিত হʼলোঁ। সেইবাবে, মই পুনৰ আমেৰিকালৈ গʼলোঁ আৰু বাঁচটনৰ সেই বিশ্ববিদ্যালয়তে পুনৰ পঢ়িবলৈ ধৰিলোঁ।

কিন্তু মোৰ মনত এতিয়াও জীৱনৰ লগত জড়িত বহুতো প্ৰশ্নবোৰ আছিল, যিবোৰৰ উত্তৰ মই পোৱা নাছিলোঁ। মই কি কৰিম বুজি পোৱা নাছিলোঁ। সেইবাবে, ইয়াৰ বিষয়ে মই নিজৰ প্ৰফেচাৰৰ লগত কথা পাতিলোঁ। প্ৰফেচাৰজনে মোক এইদৰে কৈছিল, “তুমি কিয় পঢ়ি আছা? পঢ়া-লিখা বাদ দিয়া।” মই লগে লগে পঢ়া বাদ দিলোঁ আৰু তালৈ কেতিয়াও উভতি নগʼলোঁ।

মই অকলশৰীয়া অনুভৱ কৰিছিলোঁ। সেইবাবে, মই এনে লোকসকলৰ লগত সংগতি কৰিলোঁ, যিসকলে সমাজৰ নীতি-নিয়ম পালন কৰা নাছিল। কিন্তু প্ৰেম আৰু শান্তিৰে থাকিবলৈ উৎসাহিত কৰিছিল। ইয়াৰ পাছত মই কিছুমান বন্ধুৰ লগত মেক্সিকোৰ আকাপুল্কʼলৈ গʼলোঁ। তাত মই হিপ্পী অৰ্থাৎ এনে লোকসকলৰ লগত থাকিছিলোঁ, যিসকলে সমাজৰ নীতি-নিয়ম পালন কৰা নাছিল আৰু সমস্যা বা চিন্তাৰ অবিহনে জীৱন-যাপন কৰিছিল। কিন্তু তেওঁলোকৰ নিচিনা জীৱন-যাপন কৰিও মই আনন্দ নাপালোঁ। তেওঁলোক সদাচাৰ আৰু বিশ্বাসী নাছিল।

জীৱনৰ উদ্দেশ্য বিচাৰি সাগৰৰ যাত্ৰা

মই মোৰ বন্ধুৰ লগত এটা সুন্দৰ দ্বীপ বিচাৰি গʼলোঁ

এতিয়া মই মোৰ লʼৰালিকালৰ সপোন পূৰ কৰিম বুলি ভাবিলোঁ। পানী জাহাজৰ কাপ্তান হোৱা আৰু গোটেই পৃথিৱী ফুৰা মোৰ সপোন আছিল। কিন্তু মোৰ এখন নিজৰ নাওঁ থাকিলেহে মোৰ সপোন পূৰ হʼলহেঁতেন। মোৰ বন্ধু টʼমৰো এনেধৰণৰ সপোন আছিল। সেইবাবে, আমি দুয়োজনে মিলি পৃথিৱীখন ফুৰিম বুলি নিৰ্ণয় লʼলোঁ। আমি এনে এখন ধুনীয়া দ্বীপত বাস কৰিব বিচাৰিছিলোঁ, যʼত সমাজৰ কোনো নীতি-নিয়ম নাই।

মই আৰু টʼমে স্পেইনৰ বাৰ্চিলʼনাৰ ওচৰত এৰিংজ নামৰ ঠাইলৈ গʼলোঁ। তাত আমি ৩১ ফুট ওখ নাওঁ কিনিলোঁ, যাৰ নাম আছিল লাইগ্ৰা। আমি সেই নাওঁখনৰ মেৰামতি কৰিলোঁ, যাতে আমি যাত্ৰা কৰিব পাৰোঁ। আমি কʼতো খৰ-খেদাকৈ যাব বিচৰা নাছিলোঁ, সেইবাবে আমি তাৰ ইঞ্জিনটো উলিয়াই দিলোঁ আৰু তাৰ ঠাইত খোৱা পানী থʼলোঁ। সৰু সৰু জাহাজঘাটৰলৈকে যাবলৈ আমি ১৬ ফুটৰ দুডাল বঠা কিনিলোঁ। ইয়াৰ পাছত আমি হিন্দু মহাসাগৰত চেচেল্ছলৈ যাত্ৰা আৰম্ভ কৰিলোঁ। আমি ভাবিছিলোঁ যে আমি আফ্ৰিকাৰ পশ্চিম সমুদ্ৰৰ কাষেদি গৈ দক্ষিণ আফ্ৰিকাৰ কেপ অফ গুড হʼপলৈ যাম আৰু তাৰ পাছত আমি আগলৈ যাত্ৰা কৰিম। আমি তৰাবোৰ চাই, মানচিত্ৰ, কিতাপ আৰু সৰু সৰু যন্ত্ৰ ব্যৱহাৰ কৰি সঠিক দিশ বিচাৰি পাইছিলোঁ। মই আচৰিত হৈছিলোঁ যে এইবোৰৰ সহায়ত আমি কʼত আছোঁ, সেয়া সঠিকভাৱে জানিব পাৰিছিলোঁ।

কিছুসময়ৰ পাছত আমি গম পালোঁ যে আমাৰ নাওঁখন সমুদ্ৰৰ বাবে নহয়। নাওঁখনত এটা ফুটা আছিল, যাৰ বাবে প্ৰতি ঘন্টাত প্ৰায় ২২ লিটাৰ পানী সোমাইছিল। আৰম্ভণিতে কোৱাৰ দৰে ধুমুহাৰ বাবে মোৰ বহুত ভয় লাগিছিল। মই বহুবছৰৰ পাছত ঈশ্বৰলৈ প্ৰাৰ্থনা কৰিলোঁ আৰু তেওঁক প্ৰতিজ্ঞা কৰিলোঁ যে যদি মই বাচি যাওঁ, তেনেহʼলে মই তেওঁৰ বিষয়ে শিকিম। তাৰ পাছত ধুমুহা বন্ধ হʼল আৰু মই নিজৰ প্ৰতিজ্ঞা পূৰ কৰিলোঁ।

মই ভূমধ্যসাগৰৰ মাজ ভাগতে বাইবেল পঢ়িবলৈ আৰম্ভ কৰিলোঁ। মই মুকলি আকাশৰ তলত বহি আছিলোঁ। চাৰিওফালে পানী আছিল আৰু বহুতো মাছ খেলি আছিল। ৰাতি যেতিয়া মই বহুতো তৰা দেখিলোঁ, তেতিয়া মোৰ বিশ্বাস হʼল যে সঁচাকৈ এজন ঈশ্বৰ আছে, যিজনে মানুহৰ যত্ন লয়।

সমুদ্ৰত কিছু সপ্তাহ থকাৰ পাছত আমি স্পেইনৰ আলিকান্টে জাহাজঘাটত পালোগৈ। আমি ভাবিছিলোঁ যে আমাৰ নাওঁখন বেছি আন এখন নাওঁ কিনিম। কিন্তু আমাৰ পুৰণা, ইঞ্জিন নথকা আৰু ফুটা থকা নাওঁখন কোনে কিনিব। সেইবাবে, যেতিয়ালৈকে নাওঁখন কিনা মানুহ নাপাওঁ, তেতিয়ালৈকে বাইবেল পঢ়িম বুলি ভাবিলোঁ।

বাইবেল পঢ়ি থকাৰ সময়ত মোৰ অনুভৱ হʼল যে ইয়াত লিখা কথাবোৰ পালন কৰিলে আমি আনন্দত থাকিব পাৰিম। মই আচৰিত হৈছিলোঁ যে বাইবেলত ইমান স্পষ্টকৈ কোৱা হৈছে যে আমি নৈতিকভাৱে শুদ্ধ জীৱন-যাপন কৰা উচিত। তথাপি কিছুমান লোকে নিজকে খ্ৰীষ্টান বুলি কয়, কিন্তু তাত লিখা কথাবোৰ পালন নকৰে। ময়ো তেওঁলোকৰ মাজৰ এজন আছিলোঁ।

মই নিজকে পৰিৱৰ্তন কৰিম বুলি ভাবিলোঁ। সেইবাবে, মই ড্ৰাগছ লʼবলৈ এৰি দিলোঁ। মোৰ বিশ্বাস আছিল যে বাইবেলৰ নৈতিক মানদণ্ড অনুসৰি জীৱন-যাপন কৰা লোক আছে আৰু মই তেওঁলোকক লগ পাবলৈ বিচাৰিছিলোঁ। মই দ্বিতীয়বাৰ ঈশ্বৰলৈ প্ৰাৰ্থনা কৰিলোঁ আৰু সেই লোকসকলক বিচাৰিলৈ সহায় কৰিবলৈ কʼলোঁ।

সঁচা ধৰ্মক বিচাৰি

সঁচা ধৰ্মক বিচাৰিবলৈ মই সকলো ধৰ্মক পৰীক্ষা কৰি চাম বুলি ভাবিলোঁ। আলিকান্টেৰ ৰাস্তাত ফুৰি থকাৰ সময়ত মই বহুতো ধাৰ্মিক ভৱন দেখিলোঁ। কিন্তু বেছিভাগ ভৱনত মূৰ্তিবোৰ দেখিলোঁ। সেইবোৰ দেখি মই বুজিলোঁ যে এইবোৰ সঁচা ধৰ্ম নহয়।

এদিনাখন দেওবাৰে দুপৰীয়া মই এখন পাহাৰত বহি আছিলোঁ। তাৰপৰা জাহাজঘাট দেখি পোৱা গৈছিল। মই যাকোব ২:১-৫ পদ পঢ়ি আছিলোঁ, যʼত লিখা আছিল আমি ধনী লোকসকলৰ পক্ষ হোৱা উচিত নহয়। মই নাওঁখনৰ ওচৰত উভতি যোৱাৰ সময়ত মই ৰাস্তাত এখন ঘৰ দেখিলোঁ আৰু সেই ঘৰখন সভা ঘৰৰ নিচিনা লাগিছিল। তাৰ দুৱাৰৰ ওপৰত “যিহোৱাৰ সাক্ষীসকলৰ ৰাজ্যগৃহ” বুলি লিখা আছিল।

মই ভাবিলোঁ, ‘এই ধৰ্মটো পৰীক্ষা কৰি চাওঁচোন, ইয়াৰ লোকসকলে মোৰ লগত কেনেধৰণে ব্যৱহাৰ কৰিব।’ মই ফটা জিন্চ পিন্ধিছিলোঁ, দাঢ়ি চুলি কটা নাছিলোঁ আৰু চেণ্ডেল পিন্ধা নাছিলোঁ, এনেকৈ মই ৰাজ্যগৃহত সোমালোঁ। এজন ব্যক্তিয়ে মোক এগৰাকী বৃদ্ধ মহিলাৰ কাষত বহিবলৈ দিলে। যেতিয়া বক্তাজনে পদবোৰ কৈছিল, তেতিয়া সেই মহিলা গৰাকীয়ে মোৰ বাইবেলৰপৰা সেই পদবোৰ বিচাৰিবলৈ মোক সহায় কৰিলে। সভাৰ পাছত সকলো লোকে মোক লগ কৰিবলৈ আহিল। এয়া দেখি মই আচৰিত হʼলোঁ। এজন ব্যক্তিয়ে বাইবেলৰপৰা আলোচনা কৰিবলৈ মোক নিজৰ ঘৰলৈ মাতিলে। কিন্তু তেতিয়ালৈকে মই সম্পূৰ্ণ বাইবেলখন পঢ়ি শেষ কৰা নাছিলোঁ। সেইবাবে মই তেওঁ এইদৰে কʼলো, “আজি নাযাওঁ, বেলেগ দিনাখন যাম।” কিন্তু মই প্ৰতিটো সভাতে উপস্থিত হৈছিলোঁ।

কিছু সপ্তাহৰ পাছত মই সেই ব্যক্তিজনক লগ পালোঁ, যিজনে মোক নিজৰ ঘৰলৈ মাতিছিল। তেওঁ মোক বাইবেলৰ লগত জড়িত প্ৰশ্নবোৰৰ উত্তৰ দিলে। এসপ্তাহৰ পাছত তেওঁ মোক এটা বেগত ভৰ্তি ভাল কাপোৰ দিলে আৰু তেওঁ মোক কʼলে যে এই কাপোৰবোৰ এজন ভাইৰ হয়, তেওঁ এতিয়া জেʼলত আছে। তেওঁ বাইবেলৰ এই আজ্ঞাবোৰ পালন কৰিছিল এজনে-আনজনক প্ৰেম কৰা আৰু যুদ্ধ নকৰিবা, সেইবাবে তেওঁক জেʼলত বন্দী কৰা হৈছে। (যিচ. ২:৪; যোহ. ১৩:৩৪, ৩৫) এই কথা শুনি মোৰ বিশ্বাস হʼল যে মই যিসকল লোকক বিচাৰি আছিলোঁ, তেওঁলোক যিহোৱাৰ সাক্ষী হয়। তেওঁলোকে বাইবেলৰ নৈতিক মানদণ্ড পালন কৰে। এতিয়া মই ধুনীয়া দ্বীপত বাস কৰিবলৈ বিচৰা নাছিলোঁ। ইয়াৰ পৰিৱৰ্তে বাইবেলৰ বিষয়ে আৰু বেছিকৈ জানিবলৈ বিচাৰিছিলোঁ। সেইবাবে, মই পুনৰ নেদাৰলেণ্ডলৈ উভতি গʼলোঁ।

চাকৰি বিচাৰি

চাৰি দিন যাত্ৰা কৰাৰ পাছত মই নেদাৰলেণ্ডৰ গ্ৰʼনিনগেন চহৰ পালোগৈ। মোৰ দৈনিক প্ৰয়োজনীয়তা পূৰ কৰিবলৈ মই চাকৰি কৰাৰ প্ৰয়োজন আছিল। সেইবাবে, মই কাঠৰ ব্যৱসায়ৰ এখন দোকানত বায়ডাটা দিলোঁ আৰু সেই বায়ডাটা ফৰ্মত মোৰ ধৰ্ম কি তাক লিখিবলগীয়া আছিল। মই তাত “যিহোৱাৰ সাক্ষী” বুলি লিখিলোঁ। মোৰ ফৰ্মখন চোৱাৰ লগে লগে মালিকৰ মুখৰ ৰং সলনি হʼল আৰু তেওঁ মোক খবৰ দিম বুলি কʼলে। কিন্তু তেওঁ মোক কেতিয়াও নামাতিলে।

ইয়াৰ পাছত চাকৰি বিচাৰি মই আন এখন কাঠৰ ব্যৱসায় কৰা দোকানত গʼলোঁ। সেই মালিকজনে মোৰ শিক্ষাৰ অৰ্হতা আৰু দক্ষতাৰ বিষয়ে সুধিলে। মই এখন কাঠৰ নাৱৰ মেৰামতিৰ কাম কৰিলোঁ বুলি কʼলোঁ। আচৰিত কথা যে তেওঁ মোক চাকৰিত ৰাখিলে। তেওঁ কʼলে, “ঠিক আছে, আজি দুপৰীয়াৰপৰা কাম আৰম্ভ কৰিবা। কিন্তু এটা চৰ্ত আছে। মই এজন যিহোৱাৰ সাক্ষী হয় আৰু বাইবেলৰ সিদ্ধান্তৰ অনুসৰি জীৱন-যাপন কৰোঁ। তোমাৰ বাবে মোৰ কিবা সমস্যা হোৱাটো মই নিবিচাৰোঁ।” মই আচৰিত হৈ তেওঁক কʼলোঁ, “ময়ো যিহোৱাৰ সাক্ষী হয়।” তেওঁ মোৰ দীঘল চুলি আৰু দাঢ়ি দেখি মই সাক্ষী নহয় বুলি গʼম পালে। সেইবাবে তেওঁ মোক কʼলে, “ঠিক আছে, মই তোমাক বাইবেলৰ বিষয়ে শিকাম।” মই লগে লগে তেওঁৰ কথা মানিলোঁ। প্ৰথম মালিকজনে মোক চাকৰিত কিয় নাৰাখিলে এতিয়া মই বুজিব পাৰিলোঁ। আচলতে, যিহোৱাই মোৰ প্ৰাৰ্থনা শুনিছিল। (গীত. ৩৭:৪) মই সেই ভাইজনৰ দোকানত এবছৰ কাম কৰিলোঁ আৰু বাইবেল অধ্যয়নো কৰিলোঁ। ইয়াৰ পাছত মই ১৯৭৪ চনৰ জানুৱাৰী মাহত বাপ্তিষ্মা লʼলোঁ।

শেষত মই এটা অৰ্থপূৰ্ণ জীৱন বিচাৰি পালোঁ

এমাহৰ পাছত মই অগ্ৰগামী সেৱা আৰম্ভ কৰিলোঁ আৰু এই সেৱাৰ যোগেদি মই বহুত আনন্দ লাভ কৰিলোঁ। অহা মাহত স্পেনিচ ভাষা কোৱা সমূহক সহায় কৰিবলৈ মই এমেস্টৰডেমলৈ গʼলোঁ। স্পেনিচ আৰু পৰ্তুগীজ ভাষাত বাইবেল অধ্যয়ন চলাই বহুত আনন্দ লাভ কৰিছিলোঁ। ইয়াৰ পাছত ১৯৭৫ চনত মোক বিশেষ অগ্ৰগামী সেৱক হিচাপে নিযুক্ত কৰা হʼল।

এদিনাখন, বিশেষ অগ্ৰগামী সেৱা কৰা ইনেকে নামৰ এজনী ভনী আমাৰ মণ্ডলীলৈ আহিল। তাই নিজৰ বাইবেল বিদ্যাৰ্থীক আমাৰ মণ্ডলীৰ স্পেনিচ ভাষা কোৱা ভাই-ভনীসকলৰ লগত লগ কৰাব বিচাৰিছিল। ইনেকে আৰু মই, এজনে-আনজনক ভালদৰে জানিবলৈ চিঠি লিখিলোঁ আৰু এই সময়ছোৱাত আমি বুজিব পাৰিলোঁ যে আমাৰ লক্ষ্য একে হয়। ১৯৭৬ চনত আমাৰ বিয়া হʼল আৰু ১৯৮২ চনৰলৈকে আমি বিশেষ অগ্ৰগামী সেৱা কৰিলোঁ। ইয়াৰ পাছত আমি গিলিয়াডৰ ৭৩ ক্লাছৰ বাবে নিমন্ত্ৰণ পালোঁ আৰু পাছত আমাক আফ্ৰিকাৰ কেনিয়া দেশলৈ পঠোৱা হʼল। আমি সঁচাকৈ বৰ আনন্দিত আছিলোঁ আৰু ইয়াৰ লগতে আমি আচৰিতো হৈছিলোঁ। আমি কেনিয়াৰ মʼম্বাছা চহৰত পাঁচ বছৰলৈকে সেৱা কৰিলে। ইয়াৰ পাছত ১৯৮৭ চনত আমাক টাঞ্জানিয়ালৈ পঠোৱা হʼল। আৰম্ভণিতে তাত আমাৰ প্ৰচাৰ কামক নিষেধ কৰা হৈছিল, কিন্তু এতিয়া মুকলি কৰা হʼল। আমি তাত ২৬ বছৰ সেৱা কৰিলোঁ আৰু তাৰ পাছত পুনৰ কেনিয়ালৈ ঘূৰি আহিলোঁ।

পূব আফ্ৰিকাৰ লোকসকলক বাইবেলৰ সত্যতা শিকাবলৈ পাই মই আৰু মোৰ পত্নীয়ে বৰ আনন্দ লাভ কৰিলোঁ

লোকসকলক বাইবেলৰ বিষয়ে শিকাই আমি সঁচাকৈ বৰ আনন্দ লাভ কৰিলোঁ। উদাহৰণস্বৰূপে, যেতিয়া মই মʼম্বাছাত প্ৰচাৰ কৰি আছিলোঁ, তেতিয়া মই এজন ব্যক্তিক লগ পাইছিলোঁ আৰু তেওঁক দুখন আলোচনী দিছিলোঁ। আলোচনীখন লোৱাৰ পাছত তেওঁ কৈছিল, “এইবোৰ পঢ়াৰ পাছত মই কি কৰিম?” ইয়াৰ পাছৰ সপ্তাহৰপৰা আপুনি পৰমদেশীয় পৃথিৱীত চিৰকালৰ বাবে জীয়াই থাকিব পাৰে (হিন্দী) নামৰ কিতাপৰপৰা আমি অধ্যয়ন আৰম্ভ কৰিলোঁ। শেহতীয়াকৈ এই কিতাপখন তেওঁৰ স্বাহিলী ভাষা প্ৰকাশিত কৰা হৈছিল। সেই ব্যক্তিজন মʼম্বাছাত মোৰ প্ৰথম বাইবেল বিদ্যাৰ্থী আছিল। এবছৰৰ পাছত তেওঁ বাপ্তিষ্মা লʼলে আৰু অগ্ৰগামী সেৱা আৰম্ভ কৰিলে। সেই ব্যক্তিজন আৰু তেওঁৰ পত্নীয়ে প্ৰায় ১০০ জন লোকক সত্যত আহিবলৈ সহায় কৰিলে।

মই আৰু মোৰ পত্নীয়ে অনুভৱ কৰিলোঁ যে যিহোৱাই নিজৰ লোকসকলক বহুতো আশীৰ্বাদ দিয়ে

যেতিয়া মই জানিব পাৰিলোঁ যে মই জীৱনত কিহৰ বাবে আনন্দ লাভ কৰিব পাৰোঁ, তেতিয়া মোৰ অনুভৱ হʼল যেন মই সেই সদাগৰৰ নিচিনা হয়, যিজনে বহুমূলীয়া মুকুতা পাইছিল আৰু সেয়া কেতিয়াও হেৰুৱাব বিচৰা নাছিল। (মথি ১৩:৪৫, ৪৬) মই গোটেই জীৱন-জুৰি লোকসকলক সহায় কৰিব বিচাৰিছিলোঁ, যাতে তেওঁলোকেও জীৱনত আনন্দ লাভ কৰে। মই আৰু মোৰ পত্নী, আমি দুয়োজনে দেখিলোঁ যে যিহোৱাই নিজৰ লোকসকলক এক ভাল জীৱন-যাপন কৰিবলৈ সহায় কৰে আৰু তেওঁলোকক বহুতো আশীৰ্বাদ দিয়ে।