Skip to content

Skip to table of contents

অধ্যয়নৰ লেখ ৪৪

যিহোৱাৰ প্ৰকৃত প্ৰেম

যিহোৱাৰ প্ৰকৃত প্ৰেম

‘যিহোৱাৰ দয়া [প্ৰকৃত প্ৰেম] চিৰকাললৈকে থাকে।’—গীত. ১৩৬:১.

গীত ১০৮ ঈশ্বৰৰ প্ৰকৃত প্ৰেম

লেখৰ এক আভাস *

১. যিহোৱাই আমাক কি কৰিবলৈ উৎসাহিত কৰে?

যিহোৱা ‘দয়া’ * গুণৰপৰা অতি আনন্দিত হয়। (হোচে. ৬:৬) সেইবাবে, তেওঁ আমাক ‘দয়াক [প্ৰকৃত প্ৰেম] ভাল’ পাবলৈ উৎসাহিত কৰে। (মীখা ৬:৮) কিন্তু এই গুণ দেখুৱাৰ আগতে আমি জানিব লাগিব যে প্ৰকৃত প্ৰেমৰ অৰ্থ কি?

২. প্ৰকৃত প্ৰেমৰ অৰ্থ কি?

“প্ৰকৃত প্ৰেম” এই শব্দটো নিউ ৱৰ্ল্ড ট্ৰান্‌চলেশ্ব্যান্‌ অৱ দ্য হলি স্ক্ৰিপশ্বাৰচ্‌ বাইবেলত ২৩০ বাৰ উল্লেখ কৰা হৈছে। এই বাইবেলৰ শব্দাৱলীত কোৱা হৈছে যে যদি কৰোবাৰ প্ৰকৃত প্ৰেম থাকে, তেন্তে তেওঁ আনক প্ৰেম কৰিব আৰু তেওঁৰ প্ৰতি বিশ্বাসী হৈ থাকিব, এয়াই হৈছে প্ৰকৃত প্ৰেমৰ অৰ্থ। প্ৰকৃত প্ৰেম প্ৰায় ঈশ্বৰে মানুহক কৰে। কিন্তু দুজন মানুহৰ মাজতো এই প্ৰেম দেখিবলৈ পোৱা যায়। প্ৰকৃত প্ৰেম কৰাৰ যিহোৱা আটাইতকৈ ভাল উদাহৰণ হয়। এই লেখত আমি শিকিম যে যিহোৱাই মানৱজাতিক কেনেকৈ প্ৰকৃত প্ৰেম কৰে। পৰৱৰ্তী লেখত আমি শিকিম যে যিহোৱাৰ সেৱকসকলে এজনে-আনজনক কেনেকৈ প্ৰকৃত প্ৰেম কৰিব পাৰে।

যিহোৱা “দয়াৰে [প্ৰকৃত প্ৰেম] পৰিপূৰ্ণ”

৩. যিহোৱাই মোচিক নিজৰ বিষয়ে কি কৈছিল?

ইস্ৰায়েলীসকলে মিচৰ দেশৰপৰা ওলাই অহাৰ কিছুসময়ৰ পাছত যিহোৱাই মোচিক নিজৰ নাম আৰু গুণৰ বিষয়ে কিছুমান কথা কৈছিল। তেওঁ এইদৰে কৈছিল, “যিহোৱা, যিহোৱাই কৃপা আৰু দয়াৰে [প্ৰকৃত প্ৰেম] পৰিপূৰ্ণ ঈশ্বৰ, ক্ৰোধত ধীৰ, দয়া আৰু সত্যতাত মহান। হাজাৰ হাজাৰ পুৰুষলৈকে দয়া [প্ৰকৃত প্ৰেম] কৰোঁতা; অপৰাধ, আজ্ঞালঙ্ঘন, আৰু পাপ ক্ষমা কৰোঁতা।” (যাত্ৰা. ৩৪:৬, ৭) এই পদবোৰত যিহোৱাই প্ৰকৃত প্ৰেমৰ বিষয়ে এটা বিশেষ কথা কৈছিল, সেয়া কি আছিল বাৰু?

৪-৫. (ক) যিহোৱাই নিজৰ প্ৰকৃত প্ৰেমৰ বিষয়ে কি কৈছে? (খ) আমি কি কি প্ৰশ্নৰ বিষয়ে আলোচনা কৰিম?

যিহোৱাই কেৱল এয়াই কোৱা নাছিল যে তেওঁ প্ৰকৃত প্ৰেম কৰে। ইয়াৰ পৰিৱৰ্তে তেওঁ এইদৰে কৈছিল, “তেওঁ দয়াৰে [প্ৰকৃত প্ৰেম] পৰিপূৰ্ণ হয়।” এই কথাষাৰ বাইবেলত বহুবাৰ উল্লেখ আছে। (গণ. ১৪:১৭; নহি. ৯:১৭; গীত. ৮৬:১৫; ১০৩:৮; যোৱে. ২:১৩; যোনা ৪:২) প্ৰকৃত প্ৰেমেৰে পৰিপূৰ্ণ এই কথাষাৰ প্ৰতিবাৰে কেৱল যিহোৱাৰ কাৰণে লিখা হৈছে, মানুহৰ কাৰণে নহয়। ইয়াৰপৰা বুজিব পাৰি যে যিহোৱাই এই গুণক কিমান গুৰুত্বপূৰ্ণ বুলি ভাৱে। * সেইবাবে, ৰজা দায়ূদে এইদৰে কৈছিল, “হে যিহোৱা, তোমাৰ দয়া [প্ৰকৃত প্ৰেম] স্বৰ্গলৈকে . . . হে ঈশ্বৰ তোমাৰ দয়া [প্ৰকৃত প্ৰেম] কেনে বহুমূল্য! মনুষ্য-সন্তানবিলাকে তোমাৰ ডেউকাৰ ছাঁত আশ্ৰয় লয়।” (গীত. ৩৬:৫, ৭) দায়ূদৰ নিচিনা আমিও যিহোৱাৰ প্ৰকৃত প্ৰেমক মূল্যাংকন কৰোঁনে?

প্ৰকৃত প্ৰেমৰ অৰ্থ কি, ইয়াক বুজিবলৈ আমি দুটা প্ৰশ্নৰ ওপৰত আলোচনা কৰিম। যিহোৱাই কোন লোকসকলক প্ৰকৃত প্ৰেম কৰে? আৰু তেওঁৰ প্ৰকৃত প্ৰেমৰ বাবে আমি কেনেকৈ সহায় লাভ কৰিব পাৰোঁ?

যিহোৱাই কোন লোকসকলক প্ৰকৃত প্ৰেম কৰে?

৬. যিহোৱাই কোন লোকসকলক প্ৰকৃত প্ৰেম কৰে?

বাইবেলত কোৱা হৈছে যে লোকসকলে বেলেগ বেলেগ বস্তুক প্ৰেম কৰিব পাৰে। যেনে, ‘কৃষি,’ ‘দ্ৰাক্ষাৰস আৰু তেল,’ “শিক্ষা,” ‘জ্ঞান’ আৰু ‘প্ৰজ্ঞা।’ (২ বং. ২৬:১০; হিতো. ১২:১; ২১:১৭; ২৯:৩) আচলতে প্ৰকৃত প্ৰেম কোনো বস্তুক নহয়, কেৱল মানুহকে কৰা হয়। কিন্তু যিহোৱাই কোন লোকসকলক প্ৰকৃত প্ৰেম কৰে? তেওঁ সকলো লোককে প্ৰকৃত প্ৰেম নকৰে। তেওঁ কেৱল সেই লোকসকলক প্ৰকৃত প্ৰেম কৰে, যিসকলৰ লগত তেওঁৰ ঘনিষ্ঠ বন্ধুত্ব আছে। তেওঁ নিজৰ বন্ধুসকলক এক সুন্দৰ ভৱিষ্যত দিবলৈ প্ৰতিজ্ঞা কৰিছে আৰু তেওঁ সেই প্ৰতিজ্ঞা নিশ্চয় পূৰ কৰিব। যিহোৱা তেওঁলোকৰ বিশ্বাসী হৈ থাকিব আৰু তেওঁলোকক প্ৰেম কৰিবলৈ কেতিয়াও নেৰিব।

যিহোৱাই সকলো মানুহ আৰু তেওঁক উপাসনা নকৰা লোকসকলকো ভাল বস্তু দিয়ে (অনুচ্ছেদ ৭ চাওক) *

৭. যিহোৱাই সকলো মানুহৰ প্ৰতি নিজৰ প্ৰেম কেনেকৈ দেখুৱালে?

যিহোৱাই সকলো মানুহকে প্ৰেম কৰে। যীচুৱে এই কথা নীকদীমক কৈছিল, “ঈশ্বৰে জগতক [সকলো মানুহক] ইমান প্ৰেম কৰিলে যে, তেওঁ নিজৰ একমাত্ৰ পুত্ৰকে দান কৰিলে, যাতে যি কোনোৱে তেওঁত বিশ্বাস কৰে, তেওঁ নষ্ট নহয় কিন্তু অনন্ত জীৱন পায়।”—যোহ. ৩:১, ১৬; মথি ৫:৪৪, ৪৫.

ৰজা দায়ূদ আৰু ভৱিষ্যতবক্তা দানিয়েলে কৈছিল যে যিহোৱাই সেই লোকসকলক প্ৰকৃত প্ৰেম কৰে যিসকলে তেওঁৰ বিষয়ে জানে, তেওঁৰ প্ৰতি ভয় ৰাখে, তেওঁক প্ৰেম কৰে আৰু তেওঁৰ আজ্ঞাবোৰ মানি চলে (অনুচ্ছেদ ৮-৯ চাওক)

৮-৯. (ক) যিহোৱাই নিজৰ সেৱকসকলক কিয় প্ৰকৃত প্ৰেম কৰে? (খ) এতিয়া আমি কিহৰ বিষয়ে আলোচনা কৰিম?

আমি শিকিবলৈ পালোঁ যে যিহোৱাই কেৱল নিজৰ সেৱকসকলকহে প্ৰকৃত প্ৰেম কৰে আৰু এই কথা ভৱিষ্যতবক্তা দানিয়েল আৰু ৰজা দায়ূদেও কৈছিল। দায়ূদে এইদৰে কৈছিল, “যিবিলাকে তোমাক জানে, তুমি তেওঁবিলাকক দয়া [প্ৰকৃত প্ৰেম] কৰি থাকা।” “তেওঁৰ এনে ভয়কাৰীবিলাকৰ ওপৰত তেওঁৰ দয়া [প্ৰকৃত প্ৰেম] অনাদি কালৰ পৰা অনন্ত কাললৈকে থাকে।” দানিয়েলে এইদৰে কৈছিল, ‘মোৰ ঈশ্বৰ যিহোৱা তোমাক প্ৰেম কৰোঁতা তোমাৰ আজ্ঞা পালন কৰোঁতাবিলাকলৈ নিয়ম আৰু দয়া [প্ৰকৃত প্ৰেম কৰোঁতা] ৰাখোঁতা ঈশ্বৰ।’ (গীত. ৩৬:১০; ১০৩:১৮; দানি. ৯:৪) এই পদবোৰৰপৰা বুজিব পাৰি যে যিহোৱাই নিজৰ সেৱকসকলক প্ৰকৃত প্ৰেম কৰে। কিয়নো তেওঁলোকে যিহোৱাক সঠিক উপায়েৰে উপাসনা কৰে। তেওঁলোকে যিহোৱাক ভালদৰে জানে, তেওঁলৈ ভয় ৰাখে, প্ৰেম কৰে আৰু তেওঁৰ আজ্ঞা পালন কৰে।

সত্যত অহাৰ আগতে যিহোৱাই আমাক প্ৰেম কৰিছিল। কিন্তু সত্যত অহাৰ পাছত যিহোৱাই আমাক প্ৰকৃত প্ৰেম কৰিবলৈ ধৰিলে। (গীত. ১০৪:১৪) যিহোৱাই আমাক এইদৰে বিশ্বাস জন্মাইছে যে “মোৰ দয়া [প্ৰকৃত প্ৰেম] তোমাৰ ওপৰৰ পৰা নুগুচিব।” (যিচ. ৫৪:১০) ৰজা দায়ূদে এই কথা অনুভৱ কৰিছিল, সেইবাবে তেওঁ এইদৰে কৈছিল, “যিহোৱাই নিজৰ নিমিত্তে সাধুজনক বেলেগ কৰি ৰাখিলে।” (গীত. ৪:৩) এই কথা জানি আমি কি কৰা উচিত? বাইবেলত এইদৰে উল্লেখ কৰিছে, “যি কোনো জ্ঞানী, সি এই সকলো কথালৈ মন দিব, আৰু তেওঁবিলাকে যিহোৱাৰ নানাবিধ দয়া [প্ৰকৃত প্ৰেম] বিবেচনা কৰিব।” (গীত. ১০৭:৪৩) সেইবাবে, আহক আমি যিহোৱাৰ প্ৰকৃত প্ৰেমৰ বিষয়ে তিনিটা বিষয়ৰ ওপৰত ধ্যান দিম আৰু জানিবলৈ চেষ্টা কৰিম যে তেওঁৰ প্ৰকৃত প্ৰেমৰপৰা আমি কেনেকৈ সহায় লাভ কৰোঁ।

যিহোৱাৰ প্ৰকৃত প্ৰেমৰ বাবে আমি কেনেকৈ সহায় লাভ কৰোঁ?

যিসকলে যিহোৱাৰ উপাসনা কৰে, তেওঁলোকক যিহোৱাই আৰু বহুতো আশীৰ্বাদ দিয়ে (অনুচ্ছেদ ১০-১৬ চাওক) *

১০. ঈশ্বৰৰ প্ৰকৃত প্ৰেম সদায়কাললৈকে থাকে, এয়া জানি আমাক কেনেকুৱা লাগে? (গীতমালা ৩১:৭)

১০ যিহোৱাৰ প্ৰকৃত প্ৰেম সদায়কাললৈকে থাকে। গীতমালা ১৩৬:১ পদত এইদৰে লিখা আছে, “যিহোৱাৰ ধন্যবাদ কৰা, কিয়নো তেওঁ মঙ্গলময়, কাৰণ তেওঁৰ দয়া [প্ৰকৃত প্ৰেম] চিৰকাললৈকে থাকে।” “তেওঁৰ দয়া [প্ৰকৃত প্ৰেম] চিৰকাললৈকে থাকে,” এই বাক্য গীতমালাত ২৬ বাৰ উল্লেখ আছে। এই গীত পঢ়ি আমি আচৰিত হওঁ যে যিহোৱাই বহুতো উপায়েৰে নিজৰ সেৱকসকলক প্ৰকৃত প্ৰেম কৰে। “তেওঁৰ দয়া [প্ৰকৃত প্ৰেম] চিৰকাললৈকে থাকে,” ইয়াৰপৰা আমাৰ বিশ্বাস বাঢ়ে যে নিজৰ সেৱকসকলৰ প্ৰতি যিহোৱাৰ প্ৰেম কেতিয়াও কমি নাযায় আৰু সমস্যাৰ সময়ত তেওঁলোকক সহায় কৰিব। এয়া জানি আমাৰ কেনে অনুভৱ হয়? আমি আনন্দ লাভ কৰোঁ আৰু সমস্যাৰ সন্মুখীন হ’বলৈ আৰু তেওঁৰ সেৱা কৰি থাকিবলৈ সাহস লাভ কৰোঁ।—গীতমালা ৩১:৭ পঢ়ক।

১১. গীতমালা ৮৬:৫ পদৰ অনুসৰি যিহোৱাই আমাক কিয় ক্ষমা কৰে?

১১ ঈশ্বৰৰ প্ৰকৃত প্ৰেমে আমাক ক্ষমা কৰিবলৈ তেওঁক উৎসাহিত কৰে। যেতিয়া এজন পাপ কৰা ব্যক্তিয়ে অনুতাপ কৰে আৰু নিজকে সলনি কৰে, তেতিয়া যিহোৱাই প্ৰকৃত প্ৰেমৰ বাবে সেই ব্যক্তিজনক ক্ষমা কৰে। দায়ূদে যিহোৱাৰ বিষয়ে এইদৰে কৈছিল, “তেওঁ আমাৰ পাপ অনুসাৰে আমালৈ কাৰ্য্য কৰা নাই, আমাৰ অধৰ্ম্ম অনুসাৰে আমাক প্ৰতিফল দিয়া নাই।” (গীত. ১০৩:৮-১১) দায়ূদে ভালদৰে জানিছিল যে পাপ কৰাৰ পাছত যেতিয়া বিবেকে খোচ মাৰে, তেতিয়া কেনেকুৱা লাগে। কিন্তু তেওঁ এয়াও জানিছিল যে যিহোৱাই ক্ষমা কৰিবলৈ সদায় সাজু থাকে। (গীতমালা ৮৬:৫ পঢ়ক।) দায়ূদে নিজৰ প্ৰাৰ্থনাত কৈছিল যে যিহোৱাই ক্ষমা কৰাৰ কাৰণ হৈছে তেওঁ সেই লোকক প্ৰকৃত প্ৰেম কৰে, যিসকলে ক্ষমা বিচাৰি তেওঁলৈ প্ৰাৰ্থনা কৰে।

১২-১৩. যদি অতীতত কৰা পাপৰ বাবে আমাৰ বিবেকে খোচ মাৰিছে, তেনেহ’লে আমি কি কথা মনত ৰখা উচিত?

১২ নিজৰ পাপৰ বাবে দোষ কৰাটো ভাল কথা। ইয়াৰপৰা আমি পাপৰ বাবে ক্ষমা বিচাৰোঁ আৰু নিজৰ ভুলটো শুধৰণি কৰোঁ আৰু যিহোৱাও আমাক ক্ষমা কৰি দিয়ে। কিন্তু ক্ষমা পোৱাৰ পাছতো ঈশ্বৰৰ কিছুমান সেৱকক তেওঁলোকৰ বিবেকে খোচ মাৰি থাকে। তেওঁলোকে ভাবে যে যিহোৱাই তেওঁক কেতিয়াও ক্ষমা কৰিব নোৱাৰে। যদি আপুনিও এইদৰে ভাবে, তেনেহ’লে মনত ৰাখক যে যিহোৱাই সঁচাকৈ আপোনাক প্ৰকৃত প্ৰেম কৰে আৰু এই প্ৰেমে আপোনাক ক্ষমা কৰিবলৈ তেওঁক উৎসাহিত কৰে।

১৩ এয়া জানি আমাৰ কেনে অনুভৱ হয়? অসিদ্ধ হোৱাৰ সত্ত্বেও আমি শুদ্ধ বিবেকেৰে যিহোৱাৰ উপাসনা কৰিব পাৰোঁ। কিয়নো ‘যীচুৰ তেজে সকলো পাপৰ পৰা আমাক শুচি কৰিলে।’ (১ যোহ. ১:৭) অসিদ্ধ হোৱাৰ বাবে হয়তো আমি বাৰে বাৰে ভুল কৰোঁ আৰু নিৰাশ হৈ পৰোঁ। এনে পৰিস্থিতিত আমি মনত ৰখা উচিত যে যদি আমি অনুতাপ কৰোঁ, তেনেহ’লে যিহোৱাই আমাক ক্ষমা কৰিবলৈ সাজু থাকে। দায়ূদে কৈছিল প্ৰকৃত প্ৰেমৰ বাবে যিহোৱাই আমাক ক্ষমা কৰিবলৈ সদায় সাজু থাকে। তেওঁ এইদৰে কৈছিল, “পৃথিৱীতকৈ আকাশ-মণ্ডল যিমান ওখ, তেওঁলৈ ভয় ৰাখোঁতাবিলাকলৈকো তেওঁৰ অনুগ্ৰহ সিমান মহৎ। পূবৰ পৰা পশ্চিমলৈ যিমান দূৰ, তেওঁ আমাৰ অপৰাধো আমাৰ পৰা সিমান দূৰ কৰিলে।” (গীত. ১০৩:১১, ১২) সঁচাকৈ যিহোৱাই আমাক “প্ৰচুৰ পৰিমাণে ক্ষমা” কৰে।—যিচ. ৫৫:৭.

১৪. ঈশ্বৰৰ প্ৰকৃত প্ৰেমৰ বাবে আমাৰ সুৰক্ষা হয় বুলি দায়ূদে কেনেকৈ বুজালে?

১৪ ঈশ্বৰৰ প্ৰকৃত প্ৰেমৰ বাবে তেওঁৰ সেৱকসকলে আধ্যাত্মিকভাৱে সুৰক্ষিত হৈ থাকে। দায়ূদে যিহোৱালৈ প্ৰাৰ্থনা কৰি এইদৰে কৈছিল, “তুমি মোৰ গুপ্তস্থান; তুমি মোক সঙ্কটৰ পৰা উদ্ধাৰ কৰোঁতা; মুক্তিৰ জয়ধ্বনিৰে তুমি মোক আবৰি ৰাখোঁতা। . . . যি জনে যিহোৱাত নিৰ্ভৰ কৰে, সেই জনক দয়াই [প্ৰকৃত প্ৰেমে] আবৰি ৰাখে।” (গীত. ৩২:৭, ১০) প্ৰাচীন সময়ত শত্ৰুসকলৰপৰা সুৰক্ষা পাবলৈ চহৰৰ চাৰিওফালে ওখ ওখ দেৱাল নিৰ্মাণ কৰা হৈছিল। যিহোৱাৰ প্ৰকৃত প্ৰেমো দেৱালৰ নিচিনা হয়। ইয়ে আমাক সুৰক্ষা দিয়ে, যাতে যিহোৱাৰ লগত থকা আমাৰ সম্পৰ্ক নাইকিয়া নহয়। ইয়াৰ উপৰিও প্ৰকৃত প্ৰেমৰ বাবে যিহোৱাই আমাক নিজৰ ফালে আকৰ্ষিত কৰে। সেইবাবে, আমি সুৰক্ষিত থাকিম বুলি বিশ্বাস কৰিব পাৰোঁ।—যিৰি. ৩১:৩.

১৫. যিহোৱাৰ প্ৰকৃত প্ৰেমক দুৰ্গ বুলি কিয় কোৱা হৈছে?

১৫ যিহোৱাৰ প্ৰকৃত প্ৰেমৰ বাবে তেওঁৰ লোকসকলৰ কেনেকৈ সুৰক্ষা হয়, তাৰ বিষয়ে দায়ূদে এটা উদাহৰণ দিছিল। তেওঁ এইদৰে কৈছিল, “ঈশ্বৰ মোৰ উচ্চ দুৰ্গ, তেওঁ মোৰ দয়ালু [প্ৰকৃত প্ৰেম কৰোঁতা] ঈশ্বৰ।” তেওঁ যিহোৱাৰ বিষয়ে এয়াও কৈছিল, “যি জনা মোক দয়া [প্ৰকৃত প্ৰেম] কৰোঁতা আৰু মোৰ কোঁঠ, মোৰ উচ্চ দুৰ্গ আৰু মোৰ উদ্ধাৰকৰ্ত্তা, মোৰ ঢাল আৰু আশ্ৰয়স্থান।” (গীত. ৫৯:১৭; ১৪৪:২) দায়ূদে যিহোৱাৰ প্ৰকৃত প্ৰেমক দুৰ্গৰ নিচিনা হয় বুলি কিয় কৈছিল? যেনেকৈ প্ৰাচীন সময়ত সুৰক্ষা পাবলৈ লোকসকলে দুৰ্গত আশ্ৰয় লʼবলগীয়া হৈছিল, ঠিক সেইদৰে আজিও যিহোৱাৰ সেৱকসকলে পৃথিৱীৰ যিকোনো ঠাইতে নাথাকক কিয় তেওঁলোকৰ লগত নিজৰ সম্পৰ্ক সুৰক্ষিত ৰাখিবলৈ যিহোৱাই যিকোনো পৰিস্থিতিতে তেওঁলোকক সহায় কৰিব। গীতমালা ৯১ তো এই কথাৰ বিষয়ে আশ্বাস দিয়া হৈছে। ইয়াৰ গীত ৰচকজনে এইদৰে কৈছিল, “মই যিহোৱাৰ বিষয়ে কম, ‘তেওঁ মোৰ আশ্ৰয় আৰু মোৰ কোঁঠ।’” (গীত. ৯১:১-৩, ৯, ১৪) মোচিয়েও কৈছিল যে যিহোৱাই ঈস্ৰায়েলীসকলৰ বাবে আশ্ৰয়স্থান হয়। (গীত. ৯০:১) মৃত্যুৰ আগতে তেওঁ আৰু এটা কথা কৈছিল। তেওঁ এইদৰে কৈছিল, “অনাদি ঈশ্বৰ, তোমাৰ বাস কৰা ঠাই, আৰু তলৰ চিৰস্থায়ী বাহু দুখন।” (দ্বিতী. ৩৩:২৭) ঈশ্বৰে ‘চিৰস্থায়ী বাহু দুখনৰে’ ধৰি ৰাখিব, ইয়াৰ অৰ্থ কি?

১৬. আমি নিৰাশ হ’লে যিহোৱাই আমাক কেনেকৈ সহায় কৰে? (গীতমালা ১৩৬:২৩)

১৬ যিহোৱা আমাৰ দুৰ্গ হয়। এয়া জানি আমি সুৰক্ষিত অনুভৱ কৰোঁ। কিন্তু কেতিয়াবা কেতিয়াবা আমি নিৰাশ হৈ পৰোঁ। এনে পৰিস্থিতিত যিহোৱাই আমাক কেনেকৈ সহায় কৰে? (গীতমালা ১৩৬:২৩ পঢ়ক।) তেওঁ আমাক নিৰাশা ভাৱনাৰপৰা উলিয়াই আনে। তেওঁ দুই বাহুত আমাক ধৰি ৰাখে আৰু মৰমেৰে আমাক উঠাই, যাতে আমি পুনৰ থিয় হʼব পাৰোঁ। (গীত. ২৮:৯; ৯৪:১৮) আমি সহায়ৰ বাবে সদায় যিহোৱাৰ ওপৰত ভৰসা কৰিব পাৰোঁ। এয়া জানি আমি কেনে অনুভৱ কৰোঁ? আমি আনন্দিত হওঁ যে (১) আমি যিকোনো ঠাইত নাথাকো কিয় যিহোৱাই আমাক ৰক্ষা কৰিব। আৰু (২) তেওঁ আমাক বহুত প্ৰেম কৰে।

ঈশ্বৰে প্ৰকৃত প্ৰেম কৰি থাকিব

১৭. যিহোৱাৰ প্ৰকৃত প্ৰেমৰ বাবে আমি কি কথাৰ ওপৰত ভৰসা কৰিব পাৰোঁ? (গীতমালা ৩৩:১৮-২২)

১৭ যিদৰে আমি শিকিলোঁ যে যেতিয়া আমি সমস্যাৰ সন্মুখীন হওঁ, তেতিয়া যিহোৱাৰ লগত এক ভাল সম্পৰ্ক বজাই ৰাখিবলৈ তেওঁ আমাক সহায় কৰিব। (২ কৰি. ৪:৭-৯) ভৱিষ্যতবক্তা যিৰিমিয়াই এইদৰে কৈছিল, “আমাৰ যে সংহাৰ নহল, এইটোৱেই যিহোৱাৰ নানা অনুগ্ৰহৰ [প্ৰকৃত প্ৰেম] কাৰণ, কিয়নো তেওঁৰ নানা দয়া নুঢুকায়।” (বিলা. ৩:২২) আমি ভৰসা কৰিব পাৰোঁ যে যিহোৱাই আমাক প্ৰকৃত প্ৰেম কৰি থাকিব কিয়নো বাইবেলত এইদৰে লিখা আছে, “চোৱা, যিবিলাকে যিহোৱালৈ ভয় ৰাখে, যিবিলাকে তেওঁৰ দয়ালৈ [প্ৰকৃত প্ৰেম] অপেক্ষা কৰে, . . . যিহোৱাৰ দৃষ্টি তেওঁবিলাকৰ ওপৰত থাকে।”—গীতমালা ৩৩:১৮-২২ পঢ়ক।

১৮-১৯. (ক) এই লেখত আমি কি শিকিলোঁ? (খ) পৰৱৰ্তী লেখত আমি কি শিকিম?

১৮ এই লেখত আমি কি শিকিলোঁ? যিহোৱাই সকলো লোককে যিদৰে প্ৰেম কৰে, সত্যত অহাৰ আগতে তেওঁ আমাকো সেইদৰে প্ৰেম কৰিছিল। কিন্তু, সত্যত অহাৰ পাছত তেওঁ আমাক প্ৰকৃত প্ৰেম কৰিবলৈ ধৰিলে। এই প্ৰেমৰ কাৰণে তেওঁ আমাক সুৰক্ষা দিয়ে, আমাৰ কাষ চাপে আৰু ভৱিষ্যতে তেওঁৰ নিজৰ সকলো প্ৰতিজ্ঞা পূৰ কৰিব। আমি সদায় তেওঁৰ বন্ধু হৈ থকাটো তেওঁ বিচাৰে। (গীত. ৪৬:১, ২, ৭) আমি যিয়ে সমস্যাৰ সন্মুখীন নহওঁ কিয় তেওঁ আমাক সাহস দিব, যাতে আমি তেওঁৰ বিশ্বাসী হৈ থাকিব পাৰোঁ।

১৯ আমি শিকিলোঁ যে যিহোৱাই নিজৰ সেৱকসকলক প্ৰকৃত প্ৰেম কৰে। কিন্তু আমিও এজনে-আনজনক প্ৰেম কৰাটো তেওঁ বিচাৰে। এই বিষয়ে আমি পৰৱৰ্তী লেখত শিকিম।

গীত ১৩৬ ‘যিহোৱাই তোমাক সম্পূৰ্ণকৈ পুৰষ্কাৰ দিয়ক’

^ অনু. 5 প্ৰকৃত প্ৰেমৰ অৰ্থ কি? যিহোৱাই কোন লোকসকলক প্ৰকৃত প্ৰেম কৰে আৰু যিহোৱাৰ প্ৰকৃত প্ৰেমৰ বাবে তেওঁলোকে কেনেকৈ সহায় লাভ কৰে? এই সকলো প্ৰশ্ন উত্তৰ আমি এই লেখত আৰু পৰৱৰ্তী লেখত আলোচনা কৰিম।

^ অনু. 1 কিছুমান বাইবেলত প্ৰকৃত প্ৰেমক দয়া বুলি অনুবাদ কৰা হৈছে। সেইবাবে, এই লেখত যেতিয়া দয়া শব্দটো আহে, তেতিয়া ইয়াৰ অৰ্থ হৈছে প্ৰকৃত প্ৰেম।

^ অনু. 4 ঈশ্বৰৰ প্ৰকৃত প্ৰেমৰ বিষয়ে বাইবেলৰ আন পদবোৰতো উল্লেখ কৰা হৈছে।—নহিমিয়া ১৩: ২২; গীতমালা ৬৯:১৩; ১০৬:৭; আৰু বিলাপ ৩:৩২ চাওক।

^ অনু. 55 ছবিৰ বিষয়ে: যিহোৱাই সকলো মানুহক আৰু নিজৰ সেৱকসকলকো প্ৰেম কৰে। সৰু ছবিবোৰত দেখুৱা হৈছে যে যিহোৱাই কি কি উপায়েৰে আমাক প্ৰেম কৰে। ইয়াৰ ভিতৰত বিশেষ উপায় হৈছে তেওঁ মুক্তিপণৰ ব্যৱস্থা কৰিলে।

^ অনু. 63 ছবিৰ বিষয়ে: যিসকল লোকে মুক্তিপণৰ ওপৰত বিশ্বাস কৰে আৰু যিহোৱাৰ সেৱা কৰে, যিহোৱাই তেওঁলোকক বিশেষভাৱে যত্ন লয়। যিহোৱাই তেওঁলোকক কেৱল প্ৰেম কৰে এনে নহয়, কিন্তু প্ৰকৃত প্ৰেম কৰে। সৰু ছবিবোৰত দেখুৱা হৈছে যে তেওঁ আমাক কি কি উপায়েৰে প্ৰকৃত প্ৰেম কৰে।