Skip to content

Skip to table of contents

আপুনি আনৰ লগত মিলি ভালদৰে কাম কৰেনে?

আপুনি আনৰ লগত মিলি ভালদৰে কাম কৰেনে?

‘মই তেওঁৰ লগত প্ৰধান কাৰ্য্যকাৰিণী আছিলোঁ, আৰু মই তেওঁৰ আগত সদায় ৰং কৰিছিলোঁ।’ (হিতো. ৮:৩০, ৩১) এই পদৰপৰা বুজিব পাৰি যে পৃথিৱীলৈ অহাৰ আগতে যীচুৱে লাখ লাখ বছৰলৈকে নিজৰ পিতৃৰ লগত কাম কৰিলে আৰু এই কামৰপৰা তেওঁ আনন্দিত হৈছিল।

যীচুৱে যেতিয়া স্বৰ্গত আছিল, তেতিয়া তেওঁ নিজৰ পিতৃৰপৰা এজন ভাল সহকৰ্মী হʼবলৈ শিকিলে। পৃথিৱীলৈ অহাৰ পাছত তেওঁ এই ক্ষেত্ৰত আনৰ বাবে এটা ভাল উদাহৰণ ৰাখিলে। তেওঁৰ উদাহৰণৰপৰা আমি তিনিটা সিদ্ধান্ত শিকিব পাৰোঁ, যাক পালন কৰিলে আমিও ভাল সহকৰ্মী হʼব পাৰিম। এইদৰে কৰিলে আমি ভাই-ভনীসকলৰ লগত মিলি কাম কৰিব পাৰিম আৰু আমাৰ মাজত একতা থাকিব।

যিহোৱা আৰু যীচুৰ দৰে নিজৰ অভিজ্ঞতা আৰু জ্ঞানৰ বিষয়ে আনক জনাওক

প্ৰথম সিদ্ধান্ত: ‘আনক সমাদৰ কৰক’

এজন ভাল সহকৰ্মী নম্ৰ হয়। তেওঁ আনৰ ধ্যান নিজৰ ফালে আকৰ্ষিত নকৰে। তেওঁ নিজৰ লগত কাম কৰা লোককো গুৰুত্ব দিয়ে। যীচুৱে যিহোৱাৰপৰা নম্ৰ হʼবলৈ শিকিলে। যদিও যিহোৱাই সকলো সৃষ্টি কৰিলে, কিন্তু যীচুৱে এই কামত তেওঁক সহায় কৰিছিল বুলি সকলোৱে জনাটো তেওঁ বিচাৰিছিল। মন কৰক যে যিহোৱাই কি কৈছিল, ‘আমি নিজৰ প্ৰতিমূৰ্ত্তিৰে মানুহ নিৰ্ম্মাণ কৰোঁ।’ (আদি. ১:২৬) যিহোৱাই এই কথা কোৱাৰ সময়ত যীচুৱে গম পালে যে যিহোৱা কিমান নম্ৰ হয়।—গীত. ১৮:৩৫

যিহোৱাৰ দৰে যীচুও নম্ৰ হয়। পৃথিৱীত থকাৰ সময়ত যেতিয়া লোকসকলে তেওঁক প্ৰশংসা কৰিছিল, তেতিয়া তেওঁ সকলো মহিমা যিহোৱাক দিছিল। (মাৰ্ক ১০:১৭, ১৮; যোহ. ৭:১৫, ১৬) তেওঁ নিজৰ শিষ্যসকলৰ লগত শান্তি বজাই ৰাখিলে আৰু তেওঁলোকক দাস নহয়, বন্ধু বুলি মানিলে। (যোহ. ১৫:১৫) নম্ৰ হৈ থকাটো কিমান গুৰুত্বপূৰ্ণ, তাৰ বিষয়ে বুজাবলৈ তেওঁ নিজৰ শিষ্যসকলৰ ভৰিও ধুইছিল। (যোহ. ১৩:৫, ১২-১৪) আমিও যীচুৰ দৰে ‘আনক সমাদৰ কৰা’ উচিত আৰু নিজে প্ৰশংসা পাবলৈ চেষ্টা কৰা উচিত নহয়। আমি নিজৰ পৰিৱৰ্তে আনৰ বিষয়ে চিন্তা কৰা উচিত। এইদৰে কৰিলে আমি তেওঁলোকৰ লগত মিলি বহুতো কাম কৰিব পাৰিম।—ৰোম. ১২:১০

এজন নম্ৰ ব্যক্তিয়ে এয়াও জানে যে “মন্ত্ৰীৰ বাহুল্যত সেয়ে সিদ্ধ হয়” অৰ্থাৎ বহুতোলোকৰ পৰামৰ্শেৰে সফলতা পোৱা যায়। (হিতো. ১৫:২২) হয়তো আমাৰ ওচৰত বহুবছৰৰ অভিজ্ঞতা আৰু বহুতো দক্ষতা আছে, কিন্তু আমি মনত ৰখা উচিত যে আমি সকলো কাম নাজানোঁ। যীচুৱেও এই কথা স্বীকাৰ কৰিছিল যে তেওঁ কিছুমান বিষয়ে নাজানে। (মথি ২৪:৩৬) যীচুৰ শিষ্যসকল অসিদ্ধ আছিল, তথাপি কোনো এটা বিষয়ত তেওঁলোকৰ মতামত কি আৰু সেই বিষয়ে তেওঁলোকে কি জানে, তাৰ বিষয়ে যীচুৱে জানিব বিচাৰিছিল। (মথি ১৬:১৩-১৬) সেইবাবে, তেওঁলোকে যীচুৰ লগত থাকি ভাল পাইছিল। যীচুৰ দৰে আমি নম্ৰ হোৱা উচিত আৰু আমি সকলো বিষয়ে নাজানোঁ, সেইবাবে আনৰপৰা পৰামৰ্শ লোৱা উচিত। এইদৰে কৰিলে সকলোৰে লগত আমাৰ সম্পৰ্ক ভাল হৈ থাকিব আৰু আমি নিজৰ কামত “সিদ্ধ” অৰ্থাৎ সফল হʼম।

বিশেষকৈ প্ৰাচীনসকলে নম্ৰ হোৱা উচিত আৰু এজনে-আনজনৰ লগত মিলি কাম কৰা উচিত। যেতিয়া প্ৰাচীনসকলৰ সভা হয়, তেতিয়া পবিত্ৰ আত্মাই যিকোনো এজন প্ৰাচীনক এনে কথা কʼবলৈ অনুপ্ৰাণিত কৰিব পাৰে, যাৰপৰা তেওঁলোকে সঠিক নিৰ্ণয় লʼব পাৰে। সেইবাবে, সভাৰ সময়ত প্ৰাচীনসকলে সকলোকে নিজৰ মতামত কʼবলৈ সুযোগ দিয়া উচিত।

দ্বিতীয় সিদ্ধান্ত: আনক দয়া দেখুৱাওক

এজন ভাল সহকৰ্মীয়ে নিজৰ লগত কাম কৰা লোকসকলক দয়া দেখুৱায়। তেওঁ নিজৰ কথাতে ধৰি নাথাকে, ইয়াৰ পৰিৱৰ্তে আনৰ কথা শুনে আৰু নিজকে সলনি কৰিবলৈ সাজু থাকে। যিহোৱাই আনক দয়া দেখুৱাটো যীচুৱে বহুবাৰ দেখিলে। উদাহৰণস্বৰূপে, মানুহ পাপী হয় আৰু তেওঁলোক মৃত্যুৰ যোগ্য হয়, তথাপি যিহোৱাই তেওঁলোকক দয়া দেখুৱালে। তেওঁলোকক পাপ আৰু মৃত্যুৰপৰা উদ্ধাৰ কৰিবলৈ নিজৰ পুত্ৰক পৃথিৱীলৈ পঠিয়ালে।—যোহ. ৩:১৬

যীচুৱে যেতিয়াই সুযোগ পাইছিল, তেতিয়া আনক দয়া দেখুৱালে। উদাহৰণস্বৰূপে, ইস্ৰায়েলীসকলক সহায় কৰিবলৈ যীচুক পঠিওৱা হৈছিল, তথাপি তেওঁ কনানীয়া তিৰোতাক সহায় কৰিলে। (মথি ১৫:২২-২৮) যীচুৱে নিজৰ শিষ্যসকলকো দয়া দেখুৱালে। তেওঁলোকে কেতিয়াও ভুল নকৰিব বুলি যীচুৱে আশা কৰা নাছিল। তেওঁৰ এজন শিষ্য পিতৰে সকলোৰে আগত যীচুক চিনি নাপাওঁ বুলি কৈছিল, তথাপি তেওঁ পিতৰক ক্ষমা কৰিলে। পাছত তেওঁ পিতৰক ডাঙৰ ডাঙৰ দায়িত্বও দিলে। (লূক ২২:৩২; যোহ. ২১:১৭; পাঁচ. ২:১৪; ৮:১৪-১৭; ১০:৪৪, ৪৫) যীচুৰপৰা আমি শিকোঁ যে আমি নিজৰ কথাতে ধৰি ৰখা উচিত নহয় আৰু আনৰপৰা বেছি আশা কৰা উচিত নহয়। তেতিয়া আমাৰ “ক্ষান্ত স্বভাৱ সকলো মানুহৰ আগত বিদিত” হʼব।—ফিলি. ৪:৫.

যদি আমি আনক দয়া দেখুৱাওঁ, তেনেহʼলে আমি নিজকে সলনি কৰিবলৈ সাজু থাকিম। এইদৰে কৰিলে আমি সকলো লোকৰ লগত মিলি কাম কৰিব পাৰিম। যীচুৱে সকলোৰে লগত ভালদৰে ব্যৱহাৰ কৰিছিল, সেইবাবে লোকসকলে তেওঁৰ কথা শুনিছিল। এয়া দেখি শত্ৰুসকলে যীচুক ঈৰ্ষা কৰিছিল আৰু এইদৰে কৈছিল, তেওঁ “কৰতোলা আৰু পাপীবোৰৰ বন্ধু।” (মথি ১১:১৯) আমিও যীচুৰ দৰে সকলো লোকৰ লগত মিলি কাম কৰি আছোঁনে? ভাই লুইছৰ উদাহৰণলৈ মন কৰক। যেতিয়া তেওঁ চাৰ্কিট ওভাৰচিয়াৰ আছিল আৰু বেথেলত সেৱা কৰিছিল, তেতিয়া তেওঁ বহুতোলোকৰ লগত কাম কৰিলে। তেওঁ এইদৰে কৈছে, “আনৰ লগত কাম কৰাটো বেলেগ বেলেগ আকাৰৰ শিলেৰে দেৱাল বনোৱাৰ নিচিনা হয়। এয়া সঁচা যে বেলেগ বেলেগ আকাৰৰ শিলবোৰ সঠিক ঠাইত আৰু সঠিক পদ্ধতিৰে লগাবলৈ সময় আৰু পৰিশ্ৰমৰ প্ৰয়োজন হয়। তথাপি এখন চিধা দেৱাল বনাব পাৰি। মই নিজেও সলনি হʼলোঁ, যাতে আনৰ লগত শান্তিৰে কাম কৰিব পাৰোঁ।”

এজন ভাল সহকৰ্মীয়ে আনৰপৰা কোনো কথা লুকুৱাই নাৰাখিব

আমি মণ্ডলীৰ ভাই-ভনীসকলক কেনেকৈ দয়া দেখুৱাব পাৰোঁ? ভাই-ভনীসকলৰ বেলেগ বেলেগ দায়িত্ব থাকে আৰু তেওঁলোকৰ বয়সো বেলেগ বেলেগ হয়। যেতিয়া আমি তেওঁলোকৰ লগত প্ৰচাৰলৈ যাওঁ, তেতিয়া আমি তেওঁলোকৰ পৰিস্থিতি মনত ৰখা উচিত। উদাহৰণস্বৰূপে, আমি হয়তো লাহে লাহে খোজকাঢ়িব লাগিব, মাজে-সময়ে ৰʼব লাগিব বা তেওঁলোকে ভালপোৱা প্ৰচাৰৰ উপায় ব্যৱহাৰ কৰিব লাগিব। এইদৰে কৰিলে তেওঁলোকক প্ৰচাৰ কৰিবলৈ ভাল লাগিব।

তৃতীয় সিদ্ধান্ত: ‘আনক বিলাই দিবলৈ ইচ্ছুক হওক’

এজন ভাল সহকৰ্মীয়ে ‘আনক বিলাই দিবলৈ ইচ্ছুক’ হৈ থাকে। (১ তীম. ৬:১৯) যীচুৱে যিহোৱাৰ লগত থকাৰ সময়ত তেওঁ দেখিলে যে যিহোৱাই কোনো কথা লুকুৱাই নাৰাখিছিল। যিহোৱাই “আকাশ-মণ্ডল” বনোৱাৰ সময়ত ‘যীচু সেই ঠাইতে আছিল’ আৰু তেওঁ যিহোৱাৰপৰা বহুতো কথা শিকিব পাৰিলে। (হিতো. ৮:২৭) পাছত যীচুৱে নিজৰ শিষ্যসকলক ‘পিতৃৰ পৰা যি যি শুনিছিল, সেই সকলো তেওঁলোকক জনালে।’ (যোহ. ১৫:১৫) আজি এনে বহুতোলোক আছে, যিসকল আনক নিয়ন্ত্ৰণত ৰাখিবলৈ তেওঁলোকক সকলো কথা নজনায়। কিন্তু এজন ভাল সহকৰ্মীয়ে কেতিয়াও এইদৰে নকৰিব। তেওঁ যিহোৱাৰ দৰে নিজে জনা সকলো কাম আনন্দেৰে নিজৰ সহকৰ্মীক জনাব।

আমি নিজৰ সহকৰ্মীক প্ৰশংসাও কৰা উচিত। যেতিয়া কোনোবাই আমাৰ কামৰ বাবে আমাক প্ৰশংসা কৰে, তেতিয়া আমাক ভাল লাগে, নহয় জানো? যীচুৱে নিজৰ শিষ্যসকলৰ প্ৰশংসা কৰিছিল। (মথি ২৫:১৯-২৩; লূক ১০:১৭-২০ পদৰ লগত তুলনা কৰক।) যীচুৱে তেওঁলোকক কৈছিল যে তেওঁলোক “তাতকৈয়ো মহৎ মহৎ কাৰ্য্য কৰিব।” (যোহ. ১৪:১২) মৃত্যুৰ আগ নিশা যীচুৱে শিষ্যসকলক এইদৰে কৈছিল, “তোমালোক মোৰ সকলো পৰীক্ষাৰ কালত, মোৰ লগত থকা লোক হৈছা।” (লূক ২২:২৮) যীচুৰ এই কথা শুনি তেওঁলোকে হয়তো বহুত উৎসাহ লাভ কৰিলে আৰু আগলৈ কাম কৰি গৈ থাকিবলৈ উৎসাহিত হʼল। আমিও আমাৰ সহকৰ্মীসকলক প্ৰশংসা কৰা উচিত। এইদৰে কৰিলে তেওঁলোকে আনন্দিত হʼব আৰু মনে-প্ৰাণে কাম কৰিব।

আপুনি এজন ভাল সহকৰ্মী হʼব পাৰে

ভাই কায়ডে এইদৰে কৈছে, “যিজন ব্যক্তিয়ে কেতিয়াও ভুল নকৰে, তেওঁ ভাল সহকৰ্মী নহয়, ইয়াৰ পৰিৱৰ্তে যিজনে আনক আনন্দ দিয়ে আৰু সকলো কাম সহজ কৰি তুলে, তেওঁহে ভাল সহকৰ্মী হয়।” আপুনি এনে সহকৰ্মী হয়নে? ইয়াৰ বিষয়ে আপুনি ভাই-ভনীক সুধিব পাৰে। যীচুৰ শিষ্যসকলে যেনেকৈ তেওঁৰ লগত কাম কৰি ভাল পাইছিল, ঠিক সেইদৰে যদি ভাই-ভনীয়ে আপোনাৰ লগত কাম কৰি ভাল পায়, তেনেহʼলে আপুনি পাঁচনি পৌলৰ নিচিনা এইদৰে কʼব পাৰে, আমি “তোমালোকৰ আনন্দৰ সহকাৰী হৈছোঁ।”—২ কৰি. ১:২৪.