Skip to content

Skip to table of contents

অধ্যয়নৰ লেখ ৫০

এজন ভাল ৰখীয়াৰ কথা শুনক

এজন ভাল ৰখীয়াৰ কথা শুনক

‘মোৰ মেৰবিলাকে মোৰ মাত শুনিব।’—যোহ. ১০:১৬.

গীত ৩ আমাৰ শক্তি, আশা আৰু ভৰসা

লেখৰ এক আভাস *

১. যীচুৱে নিজৰ শিষ্যসকলৰ তুলনা মেৰবিলাকৰ লগত কিয় কৰিলে?

যীচু আৰু তেওঁৰ শিষ্যসকলৰ মাজত গভীৰ সম্পৰ্ক আছে, ইয়াক বুজাবলৈ যীচুৱে নিজৰ তুলনা এজন ভাল ৰখীয়া আৰু তেওঁৰ শিষ্যসকলৰ তুলনা মেৰবিলাকৰ লগত কৰিলে। (যোহ. ১০:১৪) এইদৰে তুলনা কৰাটো সঠিক আছিল। কিয়নো মেৰবিলাকে নিজৰ ৰখীয়াক ভালদৰে চিনি পায় আৰু মেৰ ৰখীয়াই যি কৰিবলৈ কয়, মেৰবিলাকে ঠিক সেইদৰে কৰে। এজন ব্যক্তিয়ে এইদৰে হোৱা দেখিলে। তেওঁ এইদৰে কৈছে, “আমি কিছুমান মেৰৰ ফটো তুলিব বিচাৰিছিলোঁ, কিন্তু বহুত চেষ্টা কৰাৰ পাছতো মেৰবিলাক আমাৰ ওচৰলৈ নাহিল। তাৰ পাছত এজন সৰু লʼৰা আহিল। সেই লʼৰাজন মেৰবোৰৰ ৰখীয়া আছিল। সেই লʼৰাজনে মাত লগোৱাৰ লগে লগে সকলো মেৰবিলাকে তাৰ ওচৰলৈ আহিল আৰু তাৰ পিছে পিছে যাবলৈ ধৰিলে।”

২-৩. (ক) যীচুৰ শিষ্যসকলে তেওঁৰ মাত কেনেকৈ শুনিব পাৰে? (খ) এই লেখত আৰু পৰৱৰ্তী লেখত আমি কিহৰ বিষয়ে আলোচনা কৰিম?

যীচুৱে নিজৰ মেৰবিলাক অৰ্থাৎ নিজৰ শিষ্যসকলৰ বিষয়ে যি কৈছিল, সেইদৰে হোৱাটো সেই ব্যক্তিজনে দেখিলে। যীচুৱে এইদৰে কৈছিল, ‘মোৰ মেৰবিলাকে মোৰ মাত শুনিব।’ (যোহ. ১০:১৬) কিন্তু যীচু স্বৰ্গত আছে, তেনেহ’লে আমি তেওঁৰ মাত কেনেকৈ শুনিব পাৰোঁ? তেওঁৰ শিক্ষাৰ অনুসৰি জীৱন-যাপন কৰি।—মথি ৭:২৪, ২৫.

এই লেখত আৰু পৰৱৰ্তী লেখত আমি যীচুৰ শিক্ষাৰ বিষয়ে আলোচনা কৰিম। আমি আলোচনা কৰিম যে আমি কি কি কৰা উচিত আৰু কি কি কৰা উচিত নহয়। এই লেখত আমি বিশেষকৈ দুটা কথাৰ ওপৰত আলোচনা কৰিম যাক কৰিবলৈ যীচুৱে মানা কৰিছিল।

“অস্থিৰ” অৰ্থাৎ প্ৰয়োজনীয়তকৈ বেছি চিন্তিত নহʼবা

৪. লূক ১২:২৯ পদৰ অনুসৰি আমি কিহৰ বাবে প্ৰয়োজনীয়তকৈ বেছি চিন্তা কৰিব পাৰোঁ?

লূক ১২:২৯ পঢ়ক। যীচুৱে নিজৰ শিষ্যসকলক কৈছিল যে তেওঁলোকে নিজৰ প্ৰয়োজনীয় বস্তুবোৰৰ বিষয়ে প্ৰয়োজনীয়তকৈ বেছি চিন্তা কৰা উচিত নহয়। যীচুৰ এই পৰামৰ্শ সঠিক হয় আৰু আমি এয়া পালন কৰিবলৈ বিচাৰোঁ। কিন্তু কেতিয়াবা কেতিয়াবা এই পৰামৰ্শ পালন কৰিবলৈ আমাৰ বাবে কঠিন হʼব পাৰে। কিয় বাৰু? আহক চাওঁ।

৫. কিছুমান লোকে আহাৰ, কাপোৰ আৰু ঘৰৰ বাবে কিয় চিন্তা কৰে?

কিছুমান লোকে হয়তো আহাৰ, কাপোৰ আৰু ঘৰৰ বাবে চিন্তা কৰে। হয়তো তেওঁলোকে এনে দেশত থাকে, য’ত লোকসকল বহুত দুখীয়া হয় আৰু সহজভাৱে চাকৰি নাপায়। অথবা পৰিয়ালৰ প্ৰয়োজনীয়তা পূৰ কৰা ব্যক্তিজনৰ মৃত্যু হʼল বা কভিড-১৯ মহামাৰীৰ বাবে তেওঁ চাকৰি হেৰুৱালে আৰু ঘৰখন চলাবলৈ তেওঁৰ ওচৰত পইচা নাই। (উপ. ৯:১১) এনে পৰিস্থিতিত প্ৰয়োজনীয়তকৈ বেছি চিন্তা নকৰিবলৈ আমি কি কৰিব পাৰোঁ?

নিজৰ প্ৰয়োজনীতাৰ বিষয়ে বেছিকৈ চিন্তা কৰাৰ পৰিৱৰ্তে, যিহোৱাৰ ওপৰত ভৰসা কৰক (অনুচ্ছেদ ৬-৮ চাওক) *

৬. এবাৰ পিতৰৰ লগত কি হৈছিল?

এবাৰ পিতৰ আৰু আন শিষ্যসকলে গালীল সাগৰৰ এখন নাৱত আছিল। হঠাতে ধুমুহা বতাহ আহিল আৰু যীচুৱে পানীৰ ওপৰত খোজ কাঢ়ি থকা তেওঁলোকে দেখিলে। পিতৰে যীচুক এইদৰে কৈছিল, “হে প্ৰভু, আপুনিহে যদি, তেন্তে মোক আপোনাৰ ওচৰলৈ পানীৰ ওপৰেদি যাবলৈ আজ্ঞা দিয়ক।” তেতিয়া যীচুৱে তেওঁক এইদৰে কৈছিল, “আহাঁ।” পিতৰে নাৱৰ পৰা নামিলে আৰু “পানীৰ ওপৰত খোজ কাঢ়ি, যীচুৰ ওচৰলৈ” যাবলৈ ধৰিলে। কিন্তু পাছত “বতাহ দেখি, ভয় কৰি ডুবিবলৈ ধৰাত, তেওঁ চিঞৰ মাৰি কলে, হে প্ৰভু, মোক ৰক্ষা কৰক।” যীচুৱে লগে লগে নিজৰ হাত আগবঢ়াই তেওঁক ৰক্ষা কৰিলে। আপোনালোকে মন কৰিলেনে, যেতিয়ালৈকে পিতৰৰ ধ্যান যীচুৰ ওপৰত আছিল, তেতিয়ালৈকে তেওঁ পানীৰ ওপৰত খোজ কাঢ়িব পাৰিছিল। কিন্তু যেতিয়া পিতৰে ধুমুহাৰ ফালে চালে, তেতিয়া তেওঁ ভয় কৰিলে আৰু পানীত ডুবিব ধৰিলে।— মথি ১৪:২৪-৩১.

৭. পিতৰৰ লগত যি হ’ল তাৰ পৰা আমি কি শিকিব পাৰোঁ?

পিতৰৰ লগত যি হৈছিল, তাৰপৰা আমি এটা গুৰুত্বপূৰ্ণ কথা শিকিব পাৰোঁ। যেতিয়া পিতৰে নাৱৰপৰা নামিল, তেতিয়া তেওঁ পানীত খোজকাঢ়ি যীচুৰ ওচৰলৈ যাবলৈ বিচাৰিছিল। তেওঁৰ ধ্যান বিচলিত হʼব আৰু ডুবিব ধৰিব বুলি তেওঁ ভৱাই নাছিল। কিন্তু এইদৰেই হʼল। আজি আমাৰ জীৱনটো ধুমুহাৰ নিচিনা ডাঙৰ ডাঙৰ সমস্যা আহিব পাৰে। কিন্তু আমি যদি যিহোৱা আৰু তেওঁৰ প্ৰতিজ্ঞাৰ ওপৰত বিশ্বাস কৰোঁ, তেনেহ’লে আমি সেই সমস্যাৰ সন্মুখীন হʼব পাৰিম। যদি আমি এইদৰে নকৰোঁ, তেনেহ’লে আমাৰ বিশ্বাস দুৰ্বল হʼব পাৰে আৰু আমি চিন্তিত হৈ পৰিব পাৰোঁ। কিন্তু যিহোৱাই সঁচাকৈ আমাক সহায় কৰিব এই কথাৰ ওপৰত আমি নিজৰ বিশ্বাস কেনেকৈ বঢ়াব পাৰোঁ?

৮. আমি নিজৰ প্ৰয়োজনীয়তাবোৰৰ বিষয়ে বেছিকৈ চিন্তা কৰাৰ পৰিৱৰ্তে কি কৰা উচিত?

প্ৰয়োজনীয়তকৈ বেছি চিন্তা কৰাৰ পৰিৱৰ্তে আমি যিহোৱাৰ ওপৰত ভৰসা কৰা উচিত। যিহোৱাই প্ৰতিজ্ঞা কৰিছে যে যদি আমি তেওঁক নিজৰ জীৱনত প্ৰথম স্থান দিওঁ, তেনেহ’লে তেওঁ আমাৰ প্ৰয়োজনীয়তা পূৰ কৰিব। (মথি ৬:৩২, ৩৩) তেওঁ সদায় নিজৰ এই প্ৰতিজ্ঞা পূৰ কৰিছে। (দ্বিতী. ৮:৪, ১৫, ১৬; গীত. ৩৭:২৫) যদি তেওঁ চৰাই আৰু ফুলবোৰৰ যত্ন লয়, তেনেহ’লে তেওঁ আমাৰ খোৱা-বোৱা আৰু কাপোৰ-কানিৰো নিশ্চয় যত্ন ল’ব। (মথি ৬:২৬-৩০; ফিলি. ৪:৬, ৭) পিতৃ-মাতৃয়ে প্ৰেমৰ বাবে যেনেকৈ নিজৰ ল’ৰা-ছোৱালীৰ প্ৰয়োজনীয়তা পূৰ কৰে, ঠিক সেইদৰে যিহোৱাও আমাক প্ৰেম কৰাৰ বাবে আমাৰ প্ৰয়োজনীয়তা পূৰ কৰে।

৯. এহাল দম্পতীৰ উদাহৰণৰপৰা আপুনি কি শিকিলে?

যিহোৱাই আমাৰ প্ৰয়োজনীয়তাবোৰ পূৰ কৰিব পাৰে ইয়াক বুজিবলৈ আহক অগ্ৰগামী সেৱা কৰা এহাল দম্পতীৰ উদাহৰণলৈ মন কৰোঁ। এবাৰ তেওঁলোকে নিজৰ পুৰণি গাড়ীখন লৈ ১ ঘন্টা যাত্ৰা কৰি কিছুমান ভনীক সভালৈ আনিবলৈ গৈছিল। সেই ভনীসকল শৰণাৰ্থী শিবিৰত থাকিছিল। ভাইজনে এইদৰে কৈছে, “সভা শেষ হোৱাৰ পাছত আমি তেওঁলোকক নিজৰ ঘৰলৈ আহাৰ খাবলৈ মাতিলোঁ। কিন্তু তাৰ পাছত আমাৰ মনত পৰিল যে আমাৰ ঘৰত খোৱাৰ বস্তু একোৱেই নাই।” এতিয়া তেওঁলোক কি কৰিব? ভাইজনে এইদৰে কৈছিল, “যেতিয়া আমি ঘৰলৈ পালোঁগৈ, তেতিয়া ঘৰৰ বাহিৰত দুটা ডাঙৰ ডাঙৰ বেগত খোৱা বস্তু আছিল। সেই বস্তুবোৰ কোনে থৈ গʼল আমি নাজানোঁ। কিন্তু আমি এয়া জানো যে যিহোৱাই আমাৰ প্ৰয়োজনীয়তাবোৰ পূৰ কৰিলে।” কিছুদিনৰ পাছত এই দম্পতীৰ গাড়ীখন বেয়া হ’ল। তেওঁলোকক এই গাড়ীখনৰ অতি প্ৰয়োজন আছিল। কিয়নো তেওঁলোক এই গাড়ীখনৰ যোগেদি প্ৰচাৰলৈ অহা-যোৱা কৰিছিল। কিন্তু তাক ঠিক কৰিবলৈ তেওঁলোকৰ ওচৰত পইচা নাছিল। এবাৰ তেওঁলোকে এই গাড়ীখন গেৰেজলৈ লৈ গʼল যাতে তেওঁলোকে জানিব পাৰে যে গাড়ীখন ঠিক কৰিবলৈ কিমান পইচা লাগিব। সেইসময়ত এজন ব্যক্তি আহিল আৰু এইদৰে সুধিলে, “এই গাড়ীখন কাৰ হয়?” ভাইজনে ক’লে যে গাড়ীখন তেওঁৰ হয় আৰু এতিয়া বেয়া হৈ আছে। ব্যক্তিজনে কলে, “একো নাই, হ’ব। মোৰ পত্নীক এই গাড়ীখন এই ৰঙতে লাগিছিল। কোৱা, এই গাড়ীখন কিমানত বেচিবা?” সেই ব্যক্তিজনে ভাইজনক ইমানে টকা দিলে যে তেওঁ আন এখন গাড়ী কিনিব পাৰিব। ভাইজনে এইদৰে কৈছে, “সেই দিনাখন আমি বহুত আনন্দিত আছিলোঁ। এইবোৰ নিজে নিজে হোৱা নাছিল, ইয়াৰ আঁৰত যিহোৱাৰ হাত আছিল।”

১০. গীতমালা ৩৭:৫ পদত আমাক কি কৰিবলৈ উৎসাহিত কৰা হৈছে?

১০ যদি আমি ভাল ৰখীয়াৰ কথা শুনিম আৰু নিজৰ প্ৰয়োজনীয়তাৰ বিষয়ে বেছিকৈ চিন্তা নকৰিম, তেনেহ’লে আমি বিশ্বাস কৰিব পাৰোঁ যে যিহোৱাই আমাৰ যত্ন লʼব। (গীতমালা ৩৭:৫ পঢ়ক; ১ পিত. ৫:৭) যিহোৱাই এতিয়ালৈকে হয়তো আমাৰ পৰিয়ালৰ মূৰব্বীৰ জৰিয়তে বা চাকৰিৰ জৰিয়তে আমাৰ যত্ন লৈছে। কিন্তু পৰিস্থিতি সলনি হ’ব পাৰে। হয়তো পৰিয়ালৰ মূৰব্বীয়ে আমাৰ প্ৰয়োজনীয়তাবোৰ পূৰ কৰিব নোৱাৰে বা আমি চাকৰি হেৰুৱাব পাৰোঁ। এনে পৰিস্থিতিতো আমি বিশ্বাস কৰা উচিত যে যিহোৱাই কিবা নহয় কিবা উপায়েৰে নিশ্চয় আমাৰ যত্ন লʼব। যীচুৱে কোনটো কাম কৰিবলৈ মানা কৰিছিল আহক এতিয়া তাৰ বিষয়ে আলোচনা কৰোঁ।

“পৰৰ বিচাৰ নকৰিবা”

আনৰ দুৰ্বলতাৰ বিষয়ে ধ্যান দিয়াৰ পৰিৱৰ্তে তেওঁলোকৰ ভাল গুণবোৰলৈ ধ্যান দিয়ক (অনুচ্ছেদ ১১, ১৪-১৬ চাওক) *

১১. মথি ৭:১, ২ পদৰ অনুসৰি যীচুৱে কি কৰিবলৈ কৈছিল আৰু এইদৰে কৰাটো কিয় কঠিন হ’ব পাৰে?

১১ মথি ৭:১, ২ পঢ়ক। যীচুৱে জানিছিল যে অসিদ্ধতাৰ বাবে মানুহে সদায় আনৰ ভুলৰ প্ৰতি বেছিকৈ ধ্যান দিয়ে। সেইবাবে যীচুৱে এইদৰে কৈছিল, “পৰৰ বিচাৰ নকৰিবা” অৰ্থাৎ আনক দোষ নিদিবা। আমি সকলোৱে যীচুৰ এই আজ্ঞা পালন কৰিবলৈ সম্পূৰ্ণৰূপে চেষ্টা কৰোঁ, কিন্তু তথাপি কেতিয়াবা কেতিয়াবা এই আজ্ঞা পালন কৰিবলৈ আমাৰ বাবে কঠিন হয়। এনে পৰিস্থিতিত আমি কি কৰা উচিত? আমি যীচুৰ কথা শুনা উচিত আৰু আনৰ বিচাৰ কৰিবলৈ বন্ধ কৰা উচিত।

১২-১৩. আনৰ বিচাৰ নকৰাৰ বিষয়ে আমি যিহোৱাৰপৰা কি শিকিব পাৰোঁ?

১২ এই ক্ষেত্ৰত আমি যিহোৱাৰপৰা শিকিব পাৰোঁ। তেওঁ লোকসকলৰ ভাল গুণবোৰ চায়। তেওঁ দায়ূদৰ লগতো এইদৰে কৰিলে। দায়ূদে বহুতো ডাঙৰ ডাঙৰ পাপ কৰিছিল। তেওঁ বৎচেবাৰ লগত ব্যভিচাৰ কৰিছিল আৰু তাইৰ স্বামীক হত্যা কৰিছিল। (২ চমূ. ১১:২-৪, ১৪, ১৫, ২৪) ইয়াৰ পৰিণাম তেওঁৰ লগতে তেওঁৰ পৰিয়াল লোক আৰু তেওঁৰ পত্নীসকলেও ভুগিবলগীয়া হৈছিল। (২ চমূ. ১২:১০, ১১) পাছত দায়ূদে আৰু এটা পাপ কৰিলে। তেওঁ যিহোৱাৰ অনুমতি নোলোৱাকৈ ইস্ৰায়েলৰ সেনাবাহিনীৰ সংখ্যা গণনা কৰিলে। তেওঁ অহংকাৰ কৰাৰ বাবে হয়তো এইদৰে কৰিছিল। তেওঁ যিহোৱাৰ ওপৰত ভৰসা কৰাৰ পৰিৱৰ্তে নিজৰ সেনা বাহিনীৰ ওপৰত ভৰসা কৰিলে। ইয়াৰ পৰিণাম কি হ’ল? মহামাৰীৰ বাবে প্ৰায় ৭০,০০০ ইস্ৰায়েলীৰ মৃত্যু হ’ল।—২ চমূ. ২৪:১-৪, ১০-১৫.

১৩ সেইসময়ত আপুনি থকা হ’লে দায়ূদক কেনে দৃষ্টিৰে চালেহেঁতেন? তেওঁৰ পাপ ইমানে ডাঙৰ যে তেওঁ ক্ষমা পোৱা যোগ্য নহয় বুলি আপুনি ভাবিলেহেঁতেন নেকি? যিহোৱাই এইদৰে ভবা নাছিল। ইয়াৰ পৰিৱৰ্তে দায়ূদে এতিয়ালৈকে তেওঁৰ বিশ্বাসী হৈ আছে আৰু নিজৰ ভুলৰ বাবে তেওঁ সঁচাকৈ অনুতাপ কৰিছে, তালৈ যিহোৱাই ধ্যান দিলে। সেইবাবে, তেওঁ দায়ূদক ক্ষমা কৰিলে। যিহোৱাই জানিছিল যে দায়ূদে তেওঁক বহুত প্ৰেম কৰে আৰু সঠিক কাম কৰিব বিচাৰে। সঁচাকৈ, আমি যিহোৱাৰ প্ৰতি কিমান যে কৃতজ্ঞ কিয়নো তেওঁ আমাৰ ভাল গুণবোৰলৈ ধ্যান দিয়ে।—১ ৰাজা. ৯:৪; ১ বং. ২৯:১০, ১৭.

১৪. আনৰ ভুলবোৰলৈ ধ্যান নিদিবলৈ আমি কি কৰিব লাগিব?

১৪ আনৰ ভুলবোৰলৈ ধ্যায় দিয়াটো সহজ হয়, কিন্তু এই ক্ষেত্ৰত আমি যিহোৱাৰ দৰে হোৱা উচিত। আমাৰপৰা কেতিয়াও ভুল নহʼব বুলি যিহোৱাই আশা নকৰে। আমিও ভাই-ভনীসকলৰপৰা এনে আশা কৰা উচিত নহয়। ইয়াৰ পৰিৱৰ্তে তেওঁলোকৰ ভাল গুণবোৰলৈ ধ্যান দিয়া উচিত। আনৰ দুৰ্বলতাৰ বিষয়ে জানিও আমি তেওঁলোকৰ লগত ভালদৰে ব্যৱহাৰ কৰা উচিত। এটা হীৰা হয়তো আৰম্ভণিতে ইমান ধুনীয়া নহʼবও পাৰে কিন্তু হীৰা বনোৱা ব্যক্তিজনে তাক ভালদৰে চিনাক্ত কৰিব পাৰে। তেওঁ জানে যে যেতিয়া হীৰাটোক কাটি পলিচ কৰা হʼব, তেতিয়া সেইটো বহুত ধুনীয়া আৰু বহুমূলীয়া হৈ পৰিব। আমিও আনৰ দুৰ্বলতাৰ ওপৰত ধ্যান দিয়া উচিত নহয়। ইয়াৰ পৰিৱৰ্তে যিহোৱা আৰু যীচুৱে যেনেকৈ আনৰ ভাল গুণবোৰলৈ ধ্যান দিয়ে, ঠিক সেইদৰে আমিও আনৰ ভাল গুণবোৰলৈ ধ্যান দিয়া উচিত।

১৫. আনৰ বিচাৰ নকৰিবলৈ আমি আৰু কি কৰা উচিত?

১৫ আনৰ বিচাৰ নকৰিবলৈ আমি আৰু কি কৰিব পাৰোঁ? আমি তেওঁলোকৰ পৰিস্থিতিৰ বিষয়ে চিন্তা কৰিব পাৰোঁ। উদাহৰণস্বৰূপে, এবাৰ যীচুৱে মন্দিৰত এগৰাকী বিধৱাই দুটা চিক্কা দান দিয়া দেখিছিল, যাৰ মূল্য একেবাৰে কম আছিল। এয়া দেখি যীচুৱে এয়া ভবা নাছিল যে “তাই আৰু চিক্কা দান কিয় নকৰিলে?” ইয়াৰ পৰিৱৰ্তে তাই সেই চিক্কা কিয় দান দিলে আৰু তাইৰ পৰিস্থিতি কেনেকুৱা, তাৰ বিষয়ে যীচুৱে চিন্তা কৰিলে। এইদৰে ভবাৰ বাবে যীচুৱে সেই বিধৱা গৰাকীৰ প্ৰশংসা কৰিব পাৰিলে।—লূক ২১:১-৪.

১৬. ভনী বেৰ’নিকাৰপৰা আপুনি কি শিকিলে?

১৬ আমি আনৰ পৰিস্থিতিৰ বিষয়ে কিয় চিন্তা কৰা উচিত? ইয়াক বুজিবলৈ আহক আমি ভনী বেৰʼনিকাৰ উদাহৰণলৈ মন কৰোঁ। তাইৰ মণ্ডলীত এগৰাকী ভনীয়ে অকলে নিজৰ লʼৰাৰ চোৱা-চিতা কৰিছিল। ভনী বেৰ’নিকাই এইদৰে কৈছে, “মই ভাবিছিলোঁ যে তেওঁলোকে সত্যত ইমান মজবুত নাই, কিয়নো তেওঁলোকে সভা আৰু প্ৰচাৰত সদায় নাহে। কিন্তু এবাৰ মই সেই ভনীগৰাকীৰ লগত প্ৰচাৰলৈ গৈছিলোঁ। তেতিয়া মই গম পালোঁ যে তাইৰ লʼৰাৰ এটা মানসিক ৰোগ (আটিজ’ম) আছে। এনে পৰিস্থিতিত ঘৰৰ চোৱা-চিতা কৰা আৰু যিহোৱাৰ লগত এক মজবুত সম্পৰ্ক বজাই ৰখাটো তাইৰ বাবে ইমান সহজ নাছিল। কিন্তু কেতিয়াবা কেতিয়াবা লʼৰাৰ স্বাস্থ্যৰ বাবে তেওঁলোকে আন মণ্ডলীৰ সভাত যাবলগীয়া হৈছিল। মই জনাই নাছিলোঁ যে সেই ভনীগৰাকীৰ জীৱনত ইমান সমস্যা আছে। কিন্তু এতিয়া মই তাইক বহুত প্ৰেম কৰোঁ আৰু তাইৰ সন্মান কৰোঁ।”

১৭. যাকোব ২:৮ পদৰ অনুসৰি আমি কি কৰা উচিত আৰু এয়া আমি কেনেকৈ কৰিব পাৰোঁ?

১৭ যেতিয়া আমাক লাগে যে আমি কোনো ভাই বা ভনীৰ বিচাৰ কৰিছোঁ, তেতিয়া আমি কি কৰা উচিত? আমি মনত ৰখা উচিত যে আমি ভাই-ভনীসকলক প্ৰেম কৰিব লাগিব। (যাকোব ২:৮ পঢ়ক।) আমি আনৰ বিচাৰ নকৰিবলৈ যিহোৱালৈ সহায় বিচাৰি প্ৰাৰ্থনা কৰা উচিত। তাৰ পাছত আমি নিজৰ প্ৰাৰ্থনাৰ অনুসৰি কাম কৰা উচিত। আমি সেই ভাই বা ভনীৰ লগত সময় অতিবাহিত কৰিব পাৰোঁ, তেওঁৰ লগত প্ৰচাৰলৈ যাব পাৰোঁ বা তেওঁক আমাৰ ঘৰলৈ আহাৰ খাবলৈ মাতিব পাৰোঁ। এইদৰে কৰাৰ যোগেদি আমি তেওঁক ভালদৰে জানিব পাৰিম আৰু যিহোৱা আৰু যীচুৰ দৰে তেওঁৰ ভাল গুণবোৰ চাব পাৰিম। এইদৰে কৰিলে আমি আনক বিচাৰ কৰিবলৈ বন্ধ কৰিম আৰু নিজৰ ভাল ৰখীয়াৰ কথা শুনিম।

১৮. আমি ভাল ৰখীয়াৰ কথা শুনিছোঁ বুলি কেনেকৈ জানিব পাৰিম?

১৮ মেৰবিলাকে যেনেকৈ নিজৰ ৰখীয়াৰ মাত শুনে, ঠিক সেইদৰে যীচুৰ শিষ্যসকলেও তেওঁৰ মাত শুনে। যদি আমি নিজৰ প্ৰয়োজনীয় বস্তুবোৰৰ বিষয়ে বেছিকৈ চিন্তা নকৰোঁ আৰু আনৰ বিচাৰ কৰিবলৈ বন্ধ কৰোঁ, তেনেহ’লে যিহোৱা আৰু যীচুৱে আমাক আশীৰ্বাদ দিব। আমি ‘তাকৰ জাক’ বা ‘অন্য মেৰৰ’ নহওঁ কিয়, আহক আমি নিজৰ ভাল ৰখীয়াৰ কথা শুনি থাকিম। (লূক ১২:৩২; যোহ. ১০:১১, ১৪, ১৬) যীচুৱে নিজৰ শিষ্যসকলক কি দুটা কাম কৰিবলৈ কৈছিল, তাৰ বিষয়ে পৰৱৰ্তী লেখত আলোচনা কৰা হ’ব।

গীত ১০১ একতা হৈ কাম কৰক

^ অনু. 5 যীচুৱে কৈছিল যে তেওঁৰ মেৰবিলাকে তেওঁৰ মাত শুনিব। ইয়াৰ অৰ্থ হৈছে, তেওঁৰ শিষ্যসকলে যীচুৰ শিক্ষাৰ ওপৰত ধ্যান দিব আৰু তাৰ অনুসৰি জীৱন-যাপন কৰিব। এই লেখত আমি যীচুৰ দুটা শিক্ষাৰ বিষয়ে আলোচনা কৰিম। আমি আমাৰ প্ৰয়োজনীয় বস্তুবোৰৰ বিষয়ে প্ৰয়োজনীয়তকৈ বেছি চিন্তা কৰা উচিত নহয় আৰু আনক বিচাৰ কৰা অৰ্থাৎ দুখ দিয়াৰ পৰা আঁতৰি থকা উচিত। এই পৰামৰ্শ আমি কেনেকৈ পালন কৰিব পাৰোঁ, তাৰ বিষয়েও আলোচনা কৰিম।

^ অনু. 51 ছবিৰ বিষয়ে: এজন ভায়ে নিজৰ চাকৰি হেৰুৱালে, ঘৰখন চলাবলৈ তেওঁৰ ওচৰত পইচা নাই আৰু তেওঁ নিজৰ ঘৰখনো সলনি কৰিবলগীয়া হৈছে। এনে পৰিস্থিতিত যিহোৱাৰ সেৱাৰ পৰা তেওঁৰ ধ্যান বিচলিত হʼব পাৰে আৰু তেওঁ চিন্তিত হৈ পৰিব পাৰে।

^ অনু. 53 ছবিৰ বিষয়ে: এজন ভায়ে সভাত দেৰিকৈ আহিছে। কিন্তু তেওঁ ভালদৰে প্ৰচাৰ কৰে, বৃদ্ধসকলক সহায় কৰে আৰু ৰাজ্যগৃহত চোৱা-চিতা কৰাত সহযোগ কৰিছে।