Skip to content

Skip to table of contents

অধ্যয়নৰ লেখ ৫১

যীচুৰ “কথা শুনি” থাকক

যীচুৰ “কথা শুনি” থাকক

“এওঁ মোৰ প্ৰিয় পুত্ৰ, এওঁত মই পৰম সন্তুষ্ট; এওঁৰ কথা শুনা।”—মথি ১৭:৫

গীত ৫৪ “এয়ে পথ”

লেখৰ এক আভাস *

১-২. (ক) যীচুৰ তিনিজন পাঁচনিক কি আজ্ঞা দিয়া হৈছিল আৰু তেওঁলোকে কি কৰিলে? (খ) এই লেখত কিহৰ বিষয়ে আলোচনা কৰা হʼব?

এয়া ৩২ খ্ৰীষ্টাব্দৰ নিস্তাৰ-পৰ্বৰ পাছৰ ঘটনা। পাঁচনি পিতৰ, যাকোব আৰু যোহনে যীচুৰ লগত এটা ওখ পাহাৰত আছিল, যʼত তেওঁলোকে এটা দৰ্শন দেখিছিল। এই দৰ্শনত যীচুৰ ৰূপ সলনি হৈছিল। “তেওঁৰ মুখ সূৰ্য্য দৰে দিপ্তীমান আৰু তেওঁৰ বস্ত্ৰ পোহৰৰ নিচিনা শুক্ল হল।” (মথি ১৭:১-৪) দৰ্শন শেষ হোৱা অলপ আগতে পাঁচনিসকলে ঈশ্বৰক এইদৰে কোৱা শুনিছিল, “এওঁ মোৰ প্ৰিয় পুত্ৰ, এওঁত মই পৰম সন্তুষ্ট; এওঁৰ কথা শুনা।” (মথি ১৭:৫) এই তিনিজন পাঁচনিয়ে যিদৰে জীৱন-যাপন কৰিছিল, তাৰপৰা জানিব পাৰি যে তেওঁলোকে যীচুৰ কথা শুনিছিল। এই পাঁচনিসকলৰ দৰে আমিও যীচুৰ কথা শুনা উচিত।

আগৰ লেখত আমি শিকিছিলোঁ যে যীচুৰ কথা শুনাৰ অৰ্থ হৈছে আমি কিছুমান কাম কৰা উচিত নহয়। এই লেখত আমি শিকিম যে যীচুৰ কথা শুনিবলৈ আমি কি কথাত কাম কৰা উচিত।

“ঠেক দুৱাৰেদি সোমাৱা”

৩. মথি ৭:১৩, ১৪ পদৰ অনুসৰি আমি কি কৰা উচিত?

মথি ৭:১৩, ১৪ পঢ়ক। যীচুৱে দুটা দুৱাৰ আছে বুলি কৈছিল। যিয়ে দুটা পথৰ ফালে লৈ যায়, এটা বাট “মুকলি” হয় আৰু আনটো বাট “ঠেক।” মন কৰক যীচুৱে কেৱল দুটা বাট আছে বুলি কৈছিল। আমি এই দুটাৰ মাজত এটা বাছনি কৰিব লাগিব। এয়া আমাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ নিৰ্ণয় হয়, কিয়নো ইয়াৰ ওপৰতে আমাৰ ভৱিষ্যত নিৰ্ভৰ আছে। কেৱল এটা বাটে অনন্ত জীৱনৰ ফালে লৈ যায়।

৪. “মুকলি” বাট কি তাৰ বিষয়ে বুজাওক।

এই দুয়োটা বাট বেলেগ বেলেগ হয়। বহুতোলোকে “মুকলি” বাট অৰ্থাৎ বহল বাটত যাবলৈ ভাল পাই কিয়নো ইয়াত খুজ কাঢ়িবলৈ সহজ। বহুতোলোকে আনক চাই এই বাটত যায়। তেওঁলোকে নাজানে যে চয়তানেহে তেওঁলোকক এই বাটত যাবলৈ প্ৰলোভিত কৰিছে, যিয়ে বিনাশলৈ লৈ যায়।—১ কৰি. ৬:৯, ১০; ১ যোহ. ৫:১৯.

৫. কিছুমান লোকে ঠেক বাট কেনেকৈ বিচাৰি পালে?

“মুকলি” বাটৰ তুলনাত আন বাটটো ঠেক হয় আৰু যীচুৱে কৈছিল সেই বাটত যোৱা লোকসকলৰ সংখ্যাও কম। কিয় বাৰু? কিয়নো তলৰ পদত যীচুৱে কৈছিল যে মিছা ভৱিষ্যতবক্তা আহিব আৰু লোকসকলক ভুলাব। (মথি ৭:১৫) যীচুৱে কোৱা কথাষাৰ বৰ্তমান সময়ত পূৰ হৈ আছে। পৃথিৱীত বহুতো ধৰ্ম আছে আৰু বহুতো ধৰ্মই সত্য শিকাও বুলি দাবী কৰে। সেইবাবে, লাখ লাখ লোকে চিন্তিত হৈ পৰে আৰু কোনটো ধৰ্ম সঁচা হয় বুজি নাপায়। তেওঁলোকে জীৱনলৈ লৈ যোৱা বাটটো বিচাৰিবলৈ চেষ্টা নকৰে। এই বাট বিচাৰি পোৱাটো অসম্ভৱ বুলি তেওঁলোকে ভাবে। কিন্তু এনে নহয়। যীচুৱে এইদৰে কৈছিল, “মোৰ বাক্যতে যদি তোমালোক থাকা, তেন্তে সঁচাকৈয়েই তোমালোক মোৰ শিষ্য আৰু তোমালোকে সত্যক জানিবা আৰু এই সত্যই তোমালোকক মুক্ত কৰিব।” (যোহ. ৮:৩১, ৩২) প্ৰশংসাৰ বিষয়ে যে আপুনি লোকসকলৰ পিছে পিছে যোৱা নাই। ইয়াৰ পৰিৱৰ্তে আপুনি সত্যক বিচাৰিলে। আপুনি বাইবেলৰ অধ্যয়ন কৰিলে আৰু ঈশ্বৰে আমাৰপৰা কি বিচাৰে, সেয়া জানিবলৈ চেষ্টা কৰিলে। আপুনি যীচুৱে শিকোৱা শিক্ষাবোৰৰ বিষয়ে শিকিলে। আপুনি শিকিলে যে আমি মিছা ধৰ্মবোৰ অস্বীকাৰ কৰা, উৎসৱ আৰু ৰীতি-নীতিবোৰ পালন কৰিবলৈ এৰি দিয়াটো যিহোৱাই বিচাৰে। এই সকলো এৰি দিয়াটো আপোনাৰ বাবে সহজ নাছিল। তথাপি আপুনি এইবোৰ পৰিৱৰ্তন কৰিলে। (মথি ১০:৩৪-৩৬) কিয়নো আপুনি যিহোৱাক প্ৰেম কৰে আৰু তেওঁক আনন্দিত কৰিব বিচাৰে। আপোনাৰ পৰিশ্ৰম দেখি যিহোৱা বহুত আনন্দিত হয়।—হিতো. ২৭:১১.

ঠেক বাটত গৈ থাকিবলৈ কি কৰিব লাগিব?

ঈশ্বৰৰ মানদণ্ড পালন কৰিলে আমি “ঠেক” পথত গৈ থাকিব পাৰিম (অনুচ্ছেদ ৬-৮ চাওক) *

৬. গীতমালা ১১৯:৯, ১০, ৪৫, ১৩৩ পদৰ অনুসৰি ঠেক বাটত গৈ থাকিবলৈ আমি কি কৰা উচিত?

যদি আমি ঠেক বাটত গৈ থাকিব বিচাৰোঁ, তেনেহʼলে আমি কি কৰা উচিত? আমি বাইবেলত দিয়া যিহোৱাৰ মানদণ্ডবোৰ পালন কৰা উচিত। এইদৰে কৰাটো কিয় গুৰুত্বপূৰ্ণ? আহক এটা উদাহৰণলৈ মন কৰোঁ। বহুতো পাহাৰীয়া বাটৰ এফালে ৰেলিং লগোৱা থাকে, গাড়ীখন পাহাৰৰপৰা নপৰিবলৈ এই ৰেলিং লগোৱা হয়। এই ৰেলিং কিয় লগোৱা হৈছে বুলি কোনোৱে নুশুধে। কিয়নো সকলোৱে নিজৰ জীৱনৰ বিষয়ে চিন্তা কৰে। বাইবেলত দিয়া যিহোৱাৰ মানদণ্ডও ৰেলিঙৰ দৰে হয়, যিয়ে আমাক সুৰক্ষা দিয়ে আৰু ঠেক পথত গৈ থাকিবলৈ আমাক সহায় কৰে।—গীতমালা ১১৯:৯, ১০, ৪৫, ১৩৩, পঢ়ক।

৭. ডেকা ভাই-ভনীসকলে ঠেক বাটৰ বিষয়ে কি ভবা উচিত নহয়, আৰু কিয়?

ডেকা ভাই-ভনীসকল, যিহোৱাৰ মানদণ্ড বহুত কঠিন আছে বুলি আপোনালোকে ভাবেনে? আৰু আপুনি যি কৰিব বিচাৰে সেয়া কৰিব নোৱাৰে বুলি আপোনালোকে ভাবেনে? আপোনালোকে এইদৰে ভবাটো চয়তানে বিচাৰে। যিসকল মুকলি বা বহল বাটত গৈ আছে, তেওঁলোকৰ পিছে পিছে যাবলৈ চয়তানে আপোনালোকক ফুচলাব পাৰে। সি আপোনাৰ বন্ধু আৰু ইন্টাৰনেটত দেখুৱা লোকসকলৰ যোগেদি আপোনাৰ বিশ্বাস জন্মাব বিচাৰে যে তেওঁলোকৰ জীৱন বহুত আনন্দময় হয়। * মনত ৰাখক লোকসকলে যি বাটত গৈ আছে, সেই বাট বিনাশৰ ফালে লৈ যায় বুলি চয়তানে তেওঁলোকক জনোৱা নাই। আনহাতে, যিহোৱাই আপোনাৰপৰা একোৱে লুকুৱাই ৰখা নাই। তেওঁ আপোনাক কৈছে যে ঠেক বাটেদি গʼলে আপুনি কি কি আশীৰ্বাদ লাভ কৰিব।—গীত. ৩৭:২৯; যিচ. ৩৫:৫, ৬; ৬৫:২১-২৩.

৮. ভাই অলাফৰপৰা ডেকা ভাইসকলে কি শিকিব পাৰে?

আহক এজন ডেকা ভাই অলাফৰ উদাহৰণলৈ মন কৰোঁ। * স্কুলত তেওঁৰ বন্ধুসকলে যৌন সম্পৰ্ক ৰাখিবলৈ তেওঁক হেঁচা দিছিল। যেতিয়া তেওঁ কৈছিল যে তেওঁ এজন যিহোৱাৰ সাক্ষী হয় আৰু বাইবেলৰ উচ্চ মানদণ্ড পালন কৰে, তেতিয়া কিছুমান ছোৱালীয়ে তেওঁৰ লগত সম্পৰ্ক ৰাখিবলৈ আৰু চেষ্টা কৰিলে। কিন্তু অলাফে নিজৰ নিৰ্ণয় সলনি নকৰিলে। অলাফে আৰু এটা হেঁচাৰ সন্মুখীন হʼবলগীয়া হৈছিল। তেওঁ এইদৰে কৈছে, “মোৰ শিক্ষকসকলে মোক উচ্চ শিক্ষা লʼবলৈ কৈছিল। তেতিয়াহে মই এটা ভাল চাকৰি আৰু সফলতা লাভ কৰিম বুলি কৈছিল।” অলাফে এই সমস্যাবোৰ কেনেকৈ সন্মুখীন হʼল। তেওঁ এইদৰে কৈছে, “মই মণ্ডলীৰ ভাই-ভনীসকলৰ লগত বন্ধুত্ব কৰিলোঁ আৰু তেওঁলোক মোৰ পৰিয়ালৰ নিচিনা হৈ পৰিল। মই বাইবেলখনো আৰু গভীৰভাৱে অধ্যয়ন কৰিলোঁ। এইদৰে কৰাৰ বাবে মোৰ বিশ্বাস হʼল যে এয়াই সত্য হয়। মই যিকোনো পৰিস্থিতিতে যিহোৱাৰ আজ্ঞা পালন কৰিম বুলি থিৰাং কৰিলোঁ।

৯. ঠেক পথত গৈ থাকিবলৈ আমি কি কৰা উচিত?

আমি ঠেক বাট এৰি বহল বাটত যোৱাটো চয়তানে বিচাৰে। এই বাটত যোৱা লোকসকলৰ সংখ্যা বেছি হয় আৰু এই “বাটে সৰ্বনাশলৈ নিয়ে।” (মথি ৭:১৩) কিন্তু যদি আমি ঠেক পথত গৈ থাকিব বিচাৰোঁ, তেনেহʼলে আমি যীচুৰ কথা শুনিব লাগিব আৰু মনত ৰাখিব লাগিব যে এই পথত গলে আমি অনন্ত জীৱন লাভ কৰিম। যীচুৱে কৰিবলৈ কোৱা দ্বিতীয় কামটো কি হয়, আহক ইয়াৰ বিষয়ে এতিয়া আলোচনা কৰোঁ।

ভাই-ভনীসকলৰ লগত শান্তি বজাই ৰাখক

১০. মথি ৫:২৩, ২৪ পদৰ অনুসৰি আমি কি কৰা উচিত?

১০ মথি ৫:২৩, ২৪ পঢ়ক। এই পদবোৰত যীচুৱে এনে নিয়মৰ বিষয়ে কৈছে যিটো যিহূদীসকলৰ বাবে অতি গুৰুত্বপূৰ্ণ আছিল। সেয়া আছিল যিহোৱাক জীৱ-জন্তুৰ বলিদান আগবঢ়োৱা। চিন্তা কৰক এজন যিহূদী মন্দিৰত আছে আৰু তেওঁ নিজৰ বলিদান আগবঢ়াবলৈ মহাপুৰোহিতক দিব লোৱাৰ সময়তে তেওঁক মনত পৰে যে তেওঁৰ ভায়ে তেওঁৰ কিবা কথা বা কিবা কামৰপৰা আঘাত পাইছে। এতিয়া তেওঁ বলিদান দিবলগীয়া জন্তুটো তাতেই “এৰি” দিব লাগিব। কিয় বাৰু? যিহোৱাক বলিদান আগবঢ়োৱাটো গুৰুত্বপূৰ্ণ নহয়নে? হয়, কিন্তু যিদৰে যীচুৱে কৈছিল, তেওঁক ‘প্ৰথমে ভাইৰা সৈতে মিল’ হʼব লাগিব।

আপুনি যাকোবৰ দৰে নম্ৰ হৈ নিজৰ ভাইৰ লগত শান্তি বজাই ৰাখিবনে? (অনুচ্ছেদ ১১-১২ চাওক) *

১১. এচৌৰ লগত শান্তি বজাই ৰাখিবলৈ যাকোবে কি কৰিলে?

১১ নিজৰ ভাইৰ লগত শান্তি বজাই ৰখাৰ বিষয়ে আমি যাকোবৰপৰা শিকিব পাৰোঁ। তেওঁ নিজৰ দেশখন এৰা প্ৰায় ২০ বছৰ হৈছিল। যিহোৱাই এজন স্বৰ্গদূতৰ যোগেদি নিজৰ দেশলৈ উভতি যাবলৈ যাকোবক আজ্ঞা দিছিল। (আদি. ৩১:১১, ১৩, ৩৮) কিন্তু এটা সমস্যা আছিল। তেওঁৰ ককায়েক এচৌয়ে তেওঁক হত্যা কৰিব বিচাৰিছিল। (আদি. ২৭:৪১) এই কথাৰ বাবে তেওঁ ‘অতিশয় ভয়ভিত হ’ল আৰু তেওঁৰ তত নাইকিয়া হ’ল।’ (আদি. ৩২:৭) কিন্তু যাকোবে নিজৰ ককায়েক এচৌৰ লগত শান্তি বজাই ৰাখিবলৈ নিৰ্ণয় লʼলে। প্ৰথমে তেওঁ যিহোৱালৈ কাকুতি-মিনতি কৰিলে, তাৰ পাছত তেওঁ এচৌৰ কাৰণে বহুতো উপহাৰ দি পঠিয়ালে। (আদি. ৩২:৯-১৫) অৱশেষত, যেতিয়া তেওঁ নিজৰ ককায়েকক লগ পালে, তেতিয়া প্ৰথমে তেওঁক প্ৰণিপাত কৰিলে। যাকোবে এবাৰ বা দুবাৰ নহয়, সাতবাৰ এচৌক প্ৰণিপাত কৰিলে। যাকোব নম্ৰ আছিল আৰু তেওঁ নিজৰ ককায়েকক সন্মান কৰিলে। সেইবাবে, তেওঁ নিজৰ ককায়েকৰ লগত শান্তি বজাই ৰাখিব পাৰিলে।—আদি. ৩৩:৩, ৪.

১২. যাকোবে নিজৰ ককায়েকৰ লগত শান্তি বজাই ৰাখিবলৈ কি দুটা পদক্ষেপ লʼলে?

১২ আপোনালোকে মন কৰিলেনে যাকোবে নিজৰ ককায়েকৰ লগত শান্তি বজাই ৰাখিবলৈ কি কৰিলে? প্ৰথমে, তেওঁ প্ৰস্তুতি কৰিলে। তেওঁ সহায় বিচাৰি যিহোৱালৈ প্ৰাৰ্থনা কৰিলে আৰু তাৰ পাছত শান্তি বজাই ৰাখিবলৈ প্ৰাৰ্থনাৰ অনুসৰি কিছুমান পদক্ষেপো লʼলে। দ্বিতীয়তে, যাকোবে নিজৰ ককায়েকৰ লগত শান্তি বজাই ৰাখিম বুলি থিৰাং কৰিলে। সেইবাবে, যেতিয়া তেওঁ এচৌক লগ পালে, তেতিয়া কাৰ ভুল আছিল তাৰ বিষয়ে তৰ্ক নকৰিলে।

সকলোৰে লগত কেনেকৈ শান্তি বজাই ৰাখিব পাৰি

১৩-১৪. যদি আমি কোনো ভাই বা ভনীৰ মনত আঘাত দিওঁ, তেনেহ’লে আমি কি কৰা উচিত?

১৩ জীৱনৰ পথত দৌৰি থাকিবলৈ হ’লে আমি সকলোৰে লগত শান্তি বজাই ৰখা উচিত। (ৰোম. ১২:১৮) যদি আমাক লাগিছে যে কোনো ভাই বা ভনীয়ে আমাৰ কথাৰপৰা আঘাত পাইছে, তেনেহ’লে আমি কি কৰা উচিত? যাকোবৰ দৰে আমিও যিহোৱালৈ প্ৰাৰ্থনা কৰা উচিত, যাতে ভাই-ভনীসকলকৰ লগত শান্তি বজাই ৰাখিবলৈ তেওঁ আমাক সহায় কৰে।

১৪ আমি নিজকে চালি-জাৰি চোৱা উচিত। আমি নিজকে এইদৰে সোধা উচিত, ‘মই নিজৰ ভুল স্বীকাৰ কৰিবলৈ আৰু আনক ক্ষমা খুজিবলৈ সাজু থাকোঁনে? যদি মই নিজৰ ভাই বা ভনীৰ লগত শান্তি বজাই ৰাখিবলৈ আগবাঢ়ি আহোঁ, তেনেহ’লে যিহোৱা আৰু যীচুক কেনেকুৱা লাগিব?’ এইদৰে নিজকে চালি-জাৰি চালে আমি যীচুৰ কথা শুনিবলৈ আৰু ভাই-ভনীৰ লগত শান্তি বজাই ৰাখিবলৈ উৎসাহিত হʼম। ইয়াৰ বাবে আমি যাকোবৰ দৰে নম্ৰ হʼব লাগিব।

১৫. নিজৰ ভাইৰ লগত শান্তি বজাই ৰখাৰ বিষয়ে ইফিচীয়া ৪:১-৩ পদত কি পৰামৰ্শ দিয়া হৈছে?

১৫ চিন্তা কৰক যাকোবে নম্ৰ নহৈ ভুল কাৰ হয়, তাৰ বিষয়ে এচৌৰ লগত তৰ্ক কৰা হʼলে কি হʼলহেঁতেন? ইয়াৰ পৰিণাম বহুত বেয়া হʼলহেঁতেন। ইয়াৰপৰা আমি এটা কথা শিকিব পাৰোঁ যে আমি শান্তি বজাই ৰাখিবলৈ যোৱাৰ সময়ত নম্ৰ হোৱা উচিত। (ইফিচীয়া ৪:১-৩ পঢ়ক।) হিতোপদেশ ১৮:১৯ পদত লিখা আছে, “দৃঢ় নগৰ জয় কৰাতকৈ, অপকাৰত বিৰক্ত পোৱা ভায়েকক পুনৰাই শান্ত কৰা টান, এনে বিবাদ কোঁঠৰ ডাংস্বৰূপ।” কিন্তু যদি আমি নম্ৰ হৈ ক্ষমা খুজিম, তেনেহ’লে ‘কোঁঠৰ ডাঙো’ খুলি যাব পাৰে।

১৬. আমি কিহৰ বিষয়ে চিন্তা কৰা উচিত আৰু কিয়?

১৬ আমি যিজন ভাই বা ভনীক আঘাত দিছোঁ, তেওঁৰ লগত কথা পতাৰ আগতে চিন্তা কৰাৰ উচিত যে আমি তেওঁক কি কম আৰু কেনেকৈ কম। তাৰ পাছত যেতিয়া আমি তেওঁক লগ কৰোঁ, তেতিয়া আমি তেওঁক যিমান আঘাত দিছিলোঁ, সেইবোৰ দূৰ কৰিবলৈ সম্পূৰ্ণৰূপে চেষ্টা কৰা উচিত। এইদৰে কৰিলে তেওঁৰ লগত আমাৰ পুনৰ বন্ধুত্ব হʼব। হয়তো তেওঁ আমাক আঘাত লগাকৈ কথা কʼব পাৰে, সেই সময়ত আমি সহজে খং কৰিব পাৰোঁ বা নিজেই সঠিক হয় বুলি কʼব পাৰোঁ। কিন্তু এইদৰে কৰিলে আমি শান্তি বজাই ৰাখিব পাৰিমনে? নিশ্চয় নোৱাৰোঁ। মনত ৰাখিব যে কোনে ভাল কোনে বেয়া বিচাৰ কৰাতকৈ বেছি গুৰুত্বপূৰ্ণ হৈছে আমি ভাই-ভনীসকলৰ লগত শান্তি বজাই ৰাখিবলৈ চেষ্টা কৰা।—১ কৰি. ৬:৭.

১৭. ভাই গীলৱাটৰপৰা আপুনি কি শিকিলে?

১৭ গীলৱাট নামৰ এজন ভায়ে শান্তি বজাই ৰাখিবলৈ কঠিন পৰিশ্ৰম কৰিছিল। তেওঁ এইদৰে কৈছে, “মোৰ আৰু মোৰ ছোৱালীৰ কথা একেবাৰে মিল খোৱা নাছিল। তাইৰ লগত মোৰ সম্পৰ্ক ভাল কৰিবলৈ মই দুই বছৰলৈকে চেষ্টা কৰি থাকিলোঁ। প্ৰতিবাৰে তাইৰ লগত কথা পতাৰ আগতে মই প্ৰাৰ্থনা কৰিছিলোঁ আৰু নিজকে এইদৰে কৈছিলোঁ, তাই যিয়ে নকওক কিয় মই তাইক খং কৰাৰ পৰিৱৰ্তে তাইক ক্ষমা কৰিম। মই এই কথা বুজি পালোঁ যে তাইৰ ওপৰত নিজৰ অধিকাৰ চলোৱাৰ পৰিৱৰ্তে তাইৰ লগত শান্তি বজাই ৰখাটোৱে হৈছে মোৰ দায়িত্ব।” ভাই গীলৱাটে যি পৰিশ্ৰম কৰিছিল, তাৰ প্ৰতিফল পালেনে? ভায়ে এইদৰে কৈছে, “আজি পৰিয়ালৰ সকলো সদস্যৰ লগত মোৰ এটা ভাল সম্পৰ্ক আছে, তাৰ বাবে মই অতি আনন্দিত।”

১৮-১৯. যদি আমি কাৰোবাক আঘাত দিছোঁ, তেনেহ’লে আমি কি কৰা উচিত আৰু কিয়?

১৮ যদি আমাক লাগে যে আমি কোনো ভাই বা ভনীক আঘাত দিছোঁ, তেনেহ’লে আমি কি কৰা উচিত? আমি যীচুৰ পৰামৰ্শ পালন কৰি তেওঁৰ লগত শান্তি বজাই ৰখা উচিত। আমি ইয়াৰ বাবে পবিত্ৰ আত্মা বিচাৰি যিহোৱালৈ প্ৰাৰ্থনা কৰা উচিত। যদি আমি এইদৰে কৰোঁ, তেনেহ’লে আমি আনন্দিত থাকিম।— মথি ৫:৯.

১৯ আমি যিহোৱাৰ প্ৰতি অতি কৃতজ্ঞ যে তেওঁ মণ্ডলীৰ মূৰ যীচু খ্ৰীষ্টৰ যোগেদি আমাক ভাল পৰামৰ্শ দিয়ে। (ইফি. ৫:২৩) পাঁচনি পিতৰ, যাকোব আৰু যোহনৰ দৰে আহক আমি যীচুৰ কথা শুনি থাকোঁ। (মথি ১৭:৫) ইয়াৰ বাবে আমি যিসকল ভাই-ভনীক আঘাত দিছোঁ, তেওঁলোকৰ লগত শান্তি বজাই ৰখা উচিত আৰু অনন্ত জীৱনলৈ লৈ যোৱা ঠেক বাটত গৈ থকা উচিত। যদি আমি এইদৰে কৰোঁ, তেনেহ’লে বৰ্তমানৰ লগতে আমি ভৱিষ্যতেও আনন্দিত থাকিব পাৰিম।

গীত ১৩০ ক্ষমা কৰিবলৈ শিকক

^ অনু. 5 যীচুৱে আমাক ঠেক দুৱাৰেদি যোৱা বাটেৰে যাবলৈ উৎসাহিত কৰিছিল। তেওঁ এয়াও পৰামৰ্শ দিছিল যে আমি ভাই-ভনীৰ লগত শান্তি বজাই ৰখা উচিত। কিন্তু এই পৰামৰ্শ পালন কৰা সহজ নহয়। কিছুমান সমস্যা আহিব পাৰে। আহক চাওঁ, এই সমস্যাবোৰ কি হয় আৰু আমি ইয়াক কেনেকৈ পাৰ কৰিব পাৰোঁ?

^ অনু. 7 কিশোৰ-কিশোৰীসকলে সোধা ১০ টা প্ৰশ্ন ব্ৰচাৰৰ প্ৰশ্ন ৬ “সমনীয়াৰপৰা অহা চাপৰ বিৰুদ্ধে মই কেনেকৈ থিয় দিম?” পঢ়ক আৰু www.pr418.com হোৱাইট বৰ্ড কাৰ্টুন বন্ধুসকলৰ কথাত ভুল নাযাব! ভিডিঅʼখন চাওক (বাইবেলৰ শিক্ষা > কিশোৰ-কিশোৰী চাওক।)

^ অনু. 8 কিছুমান নাম সলনি কৰা হৈছে।

^ অনু. 56 ছবিৰ বিষয়ে: যদি আমি যিহোৱাৰ মানদণ্ড পালন কৰিম, তেনেহ’লে আমি “ঠেক” পথত গৈ থাকিব পাৰিম আৰু অশ্লীল ছবি চোৱা, অনৈতিক যৌন-সম্পৰ্ক ৰখা আৰু উচ্চ শিক্ষা লোৱাৰপৰা আঁতৰি থাকিব পাৰিম।

^ অনু. 58 ছবিৰ বিষয়ে: নিজৰ ককায়েক এচৌৰ লগত শান্তি বজাই ৰাখিবলৈ যাকোবে বাৰে বাৰে তেওঁক প্ৰণিপাত কৰিছে।