Skip to content

Skip to table of contents

আপোনাৰ মনত আছেনে?

আপোনাৰ মনত আছেনে?

আপুনি এই বছৰৰ প্ৰহৰীদুৰ্গ আলোচনী মনোযোগেৰে পঢ়িছেনে? মন কৰক যে আপুনি এই প্ৰশ্নবোৰৰ উত্তৰ দিব পাৰিছে নে নাই:

যাকোব ৫:১১ পদত লিখা আছে, যিহোৱা “অতি স্নেহৱান আৰু দয়ালু” ঈশ্বৰ। ইয়াৰ অৰ্থ কি?

যিহোৱা দয়ালু ঈশ্বৰ, সেইবাবে তেওঁ আমাৰ ভুলবোৰ ক্ষমা কৰে। কেৱল এয়াই নহয় যাকোব ৫:১১ পদত যিহোৱাই আমাক আশ্বাস দিছে যে যেতিয়া আমি দুখ-কষ্টত থাকোঁ, তেতিয়া তেওঁ আমাক সহায় কৰে। আমি তেওঁৰ দৰে হোৱা উচিত।—w২১.০১, পৃষ্ঠা ২১.

যিহোৱাই মূৰব্বীৰ ব্যৱস্থা কিয় কৰিছে?

যিহোৱাই এইদৰে কৰাৰ কাৰণ হৈছে তেওঁ নিজৰ পৰিয়ালক প্ৰেম কৰে। তেওঁৰ পৰিয়ালত শান্তি থকাটো আৰু সকলো কাম শৃংখলাবদ্ধভাৱে হোৱাটো তেওঁ বিচাৰে। এই ব্যৱস্থাৰ বাবে পৰিয়ালৰ সকলো সদস্যই জানিব পাৰে যে কোনে নেতৃত্ব লʼব আৰু কোনে নিৰ্ণয় লʼব।—w২১.০২, পৃষ্ঠা ৩.

মেছেজ কৰা এপবোৰ ব্যৱহাৰ কৰোতে খ্ৰীষ্টানে কি কি কথা মনত ৰখা উচিত?

মেছেজ কৰা এপবোৰ ব্যৱহাৰ কৰোতে এজন ব্যক্তিয়ে ধ্যান দিয়া উচিত যে তেওঁ কাৰ লগত বন্ধুত্ব কৰিছে। যি গ্ৰুপত বহুতোলোক থাকে, সেই গ্ৰুপত বন্ধুত্ব কৰাৰ সময়ত তেওঁ এই কথাটো আৰু বেছিকৈ ধ্যান দিয়া উচিত। (১ তীম. ৫:১৩) ইয়াৰ লগতে এই কথাও ধ্যান দিয়া উচিত যে যি কথা সত্য হয় বুলি কোনো প্ৰমাণ নাই, তেনে কথাবোৰ তেওঁ মেছেজ কৰা উচিত নহয়। তেওঁ ব্যৱসায় কৰাৰ উদ্দেশ্যেৰে নিজৰ ভাই-ভনীসকলৰ লগত সংগতি কৰা উচিত নহয়।—w২১.০৩, পৃষ্ঠা ৩১.

যিহোৱাই যীচুক ইমান যাতনা ভুগি কিয় মৃত্যু হʼবলৈ দিছিল?

প্ৰথম কাৰণ, যিহূদীসকলে অভিশাপৰপৰা মুক্ত হʼবলৈ যীচুৱে নিজৰ জীৱন বলিদান দিছিল। (গালা. ৩:১০, ১৩) দ্বিতীয় কাৰণ, যিহোৱাই যীচুক শিকাই আছিল, কিয়নো আগলৈ গৈ তেওঁ আমাৰ মহাপুৰোহিত হʼবলগীয়া আছিল। তৃতীয় কাৰণ, যীচুৱে ইমান যাতনা ভুগি এই গুৰুত্বপূৰ্ণ প্ৰশ্নৰ উত্তৰ দিছিল: মানৱজাতিয়ে কঠিন পৰিস্থিতিতো যিহোৱাৰ বিশ্বাসী হৈ থাকিব পাৰিব। (ইয়ো. ১:৯-১১)—w২১.০৪, পৃষ্ঠা ১৬-১৭.

যেতিয়া লোকসকলক ঘৰত নাপাওঁ, তেতিয়া তেওঁলোকক প্ৰচাৰ কৰিবলৈ আমি কি কৰিব পাৰোঁ?

আমি বেলেগ বেলেগ সময়ত লোকসকলক লগ কৰিবলৈ চেষ্টা কৰিব পাৰোঁ, বেলেগ বেলেগ ঠাইলৈ গৈ প্ৰচাৰ কৰিব পাৰোঁ আৰু বেলেগ বেলেগ উপায় ব্যৱহাৰ কৰিব পাৰোঁ। যেনে, আমি তেওঁলোকক চিঠি লিখিব পাৰোঁ।—w২১.০৫, পৃষ্ঠা ১৫-১৬.

“বিধানৰ দ্বাৰাই বিধানৰ উদ্দেশে মৰিলোঁ,” পাঁচনি পৌলে কোৱা এই কথাষাৰৰ অৰ্থ কি আছিল? (গালা. ২:১৯)

ইস্ৰায়েলীসকল পাপী হয় বুলি মোচিৰ নিয়মে মনত পেলাই দিছিল আৰু এই নিয়মে তেওঁলোকক খ্ৰীষ্টৰ ওচৰলৈ লৈ গʼল। (গালা. ৩:১৯, ২৪) এই নিয়মৰ বাবে পৌলে খ্ৰীষ্টৰ ওপৰত বিশ্বাস কৰিলে। এইদৰে তেওঁ ‘বিধানৰ উদ্দেশে মৰিল,’ অৰ্থাৎ তেতিয়াৰেপৰা তেওঁ এই নিয়মৰ অধীনত নাথাকিল।—w২১.০৬, পৃষ্ঠা ৩১.

ধৈৰ্য্য ধৰাৰ ক্ষেত্ৰত যিহোৱাই আমাৰ বাবে কেনেকৈ ভাল উদাহৰণ ৰাখিছে?

যিহোৱাই বহুতো ক্ষেত্ৰত সহন কৰি আছে। যেনে, তেওঁৰ নামত লগা কলংক, তেওঁৰ শাসন কৰা অধিকাৰৰ ওপৰত বিৰোধ, তেওঁৰ কিছুমান সন্তানে কৰা বিৰোধ, চয়তানে কৰা মিছা অভিযোগ, তেওঁৰ প্ৰিয় সেৱকসকলৰ দুখ-কষ্ট, নিজৰ বন্ধুসকলক হেৰুৱাৰ বেদনা, দুষ্ট লোকসকলৰ অত্যাচাৰ, লোকসকলৰ দুষ্ট আৰু অনৈতিক কাম আৰু পৃথিৱীৰ ক্ষতি।—w২১.০৭, পৃষ্ঠা ৯-১২.

ধৈৰ্য্য ধৰাৰ ক্ষেত্ৰত যোচেফ কিয় ভাল উদাহৰণ হয়?

তেওঁৰ ককায়েকসকলে তেওঁৰ লগত বহুত বেয়া ব্যৱহাৰ কৰিলে। ইয়াৰ বাবে তেওঁক মিছা অভিযোগ কৰা হʼল আৰু মিচৰ দেশত বহুবছৰলৈকে জেʼলত থাকিবলগীয়া হৈছিল।—w২১.০৮, পৃষ্ঠা ১২.

হগ্গয় ২:৬-৯, ২০-২২ পদৰ অনুসৰি ৰাষ্ট্ৰবিলাকক কি কি উপায়েৰে কঁপোৱা হʼব?

ঈশ্বৰৰ ৰাজ্যৰ শুভবাৰ্তাৰ বাবে বহুতো ৰাষ্ট্ৰই ক্ৰোধত আছে, কিন্তু বহুতোলোকে সত্যৰ ফালেও আকৰ্ষিত হৈছে। অতি সোনকালে সকলো ৰাষ্ট্ৰক শেষবাৰৰ বাবে কঁপোৱা হʼব অৰ্থাৎ তেওঁলোকক ধ্বংস কৰা হʼব।—w২১.০৯, পৃষ্ঠা ১৫-১৯.

আমি প্ৰচাৰ সেৱাত কিয় নিৰাশ হোৱা উচিত নহয়?

যিহোৱাই আমাৰ পৰিশ্ৰমত ধ্যান দিয়ে আৰু আনন্দিত হয়। যদি আমি নিৰাশ নহওঁ, তেনেহʼলে আমি অনন্ত জীৱন লাভ কৰিম।—w২১.১০, পৃষ্ঠা ২৫-২৬.

আমি লেবীয়া পুস্তক ১৯ অধ্যায়ৰপৰা ‘সকলো আচাৰ-ব্যৱহাৰত পবিত্ৰ হোৱা।’ এই কথাষাৰ কেনেকৈ পালন কৰিব পাৰোঁ? (১ পিত. ১:১৫)

এই কথাষাৰ হয়তো লেবীয়া পুস্তক ১৯:২ পদৰপৰা লোৱা হৈছে। ১৯ অধ্যায়ত এনে বহুতো কথা কোৱা হৈছে, যিবোৰ পালন কৰিলে আমি ১ পিতৰ ১:১৫ পদত দিয়া পৰামৰ্শ প্ৰতিদিনে পালন কৰিব পাৰিম।—w২১.১২, পৃষ্ঠা ৩-৪.