Skip to content

Skip to table of contents

অধ্যয়নৰ লেখ ৬

যিহোৱাই সদায় সঠিক কৰে বুলি আপুনি ভৰসা কৰেনে?

যিহোৱাই সদায় সঠিক কৰে বুলি আপুনি ভৰসা কৰেনে?

“তেওঁ শিলা, তেওঁৰ কৰ্ম্ম সম্পূৰ্ণকৈ শুদ্ধ, কিয়নো তেওঁৰ সকলো পথ ন্যায়; তেওঁ বিশ্বস্ত ঈশ্বৰ, তেওঁত কোনো অন্যায় নাই; তেওঁ ধাৰ্ম্মিক আৰু সৰল।”—দ্বিতী. ৩২:৪.

গীত ৩ আমাৰ শক্তি, আশা আৰু ভৰসা

লেখৰ এক আভাস *

১-২. (ক) বৰ্তমান সময়ত বহুতোলোকে অধিকাৰীসকলৰ ওপৰত কিয় ভৰসা নকৰে? (খ) এই লেখত আমি কিহৰ বিষয়ে আলোচনা কৰিম?

বৰ্তমান সময়ত বহুতোলোকে কোনো অধিকাৰীৰ ওপৰত ভৰসা নকৰে। কিয়নো তেওঁলোকে দেখিছে যে কোনো মন্ত্ৰী বা ন্যায়লয়ৰ ন্যায়ধীশ আৰু উকীলে ধনী লোকসকলৰ পক্ষ লয় আৰু দুখীয়া লোকসকলৰ লগত অন্যায় কৰে। বাইবেলত লিখা এই কথাষাৰ সত্য হয়। মানুহে “এজনে আন জনৰ ওপৰত তাৰ অপকাৰলৈ ক্ষমতা পায়।” (উপ. ৮:৯) ইয়াৰ উপৰিও কিছুমান ধৰ্মগুৰুৱে বেয়া কাম কৰে । এইবোৰ দেখি আজি বহুতোলোকে ঈশ্বৰৰ ওপৰত ভৰসা নকৰে। সেইবাবে, যেতিয়া কোনো এজন ব্যক্তিয়ে বাইবেলৰ বিষয়ে শিকিব ধৰে, তেতিয়া তেওঁৰ বাবে যিহোৱা আৰু তেওঁৰ সংগঠনৰ নেতৃত্ব লোৱা ভাইসকলকৰ ওপৰত ভৰসা কৰিবলৈ কঠিন হয়।

বাইবেল বিদ্যাৰ্থীয়ে যিহোৱা আৰু তেওঁৰ সংগঠনৰ ওপৰত ভৰসা বঢ়োৱা উচিত। যদিও আমি বহুবছৰৰপৰা যিহোৱাৰ সেৱা কৰি আহিছো, কিন্তু তথাপি আমিও যিহোৱা আৰু তেওঁৰ সংগঠনৰ ওপৰত ভৰসা বঢ়োৱা উচিত। বহুবাৰ এনে পৰিস্থিতি আহি পৰে, যʼত যিহোৱাই কাম কৰা উপায়েই সদায় সঠিক হয় বুলি বিশ্বাস কৰাটো আমাৰ বাবে কঠিন হʼব পাৰে। এই লেখত আমি বিশেষকৈ তিনিটা পৰিস্থিতিৰ বিষয়ে আলোচনা কৰিম। (১) যেতিয়া আমি বাইবেলৰ কোনো ঘটনা পঢ়োঁ, (২) যেতিয়া যিহোৱাৰ সংগঠনৰ ফালৰপৰা নিৰ্দেশনা পাওঁ, আৰু (৩) ভৱিষ্যতে যেতিয়া আমি কোনো সমস্যাৰ সন্মুখীন হʼম।

বাইবেল পঢ়াৰ সময়ত যিহোৱাৰ ওপৰত ভৰসা কৰক

৩. বাইবেলৰ কিছুমান ঘটনা পঢ়িলে আমাৰ মনলৈ কেনেধৰণৰ প্ৰশ্ন আহিব পাৰে?

  বাইবেলত কোনো এটা ঘটনা পঢ়াৰ সময়ত আমি হয়তো বুজি নাপাবও পাৰোঁ যে যিহোৱাই এজন ব্যক্তিৰ লগত কিয় এইদৰে ব্যৱহাৰ কৰিলে বা তেওঁ কিয় এইদৰে নিৰ্ণয় লʼলে। উদাহৰণস্বৰূপে, গণনা পুস্তক কিতাপত উল্লেখ কৰা হৈছে যে যিহোৱাই এজন ইস্ৰায়েলীক মৃত্যুৰ শাস্তি দিছিল। কিয়নো তেওঁ বিশ্ৰাম-বাৰত খৰি বুটলিছিল। (গণ. ১৫:৩২, ৩৫) দ্বিতীয় চমূৱেল কিতাপখনত উল্লেখ কৰা হৈছে যে যেতিয়া দায়ূদে বৎ-চেবাৰ লগত ব্যভিচাৰ কৰিলে আৰু তাইৰ স্বামী ঊৰিয়াক হত্যা কৰিলে, তেতিয়া যিহোৱাই তেওঁক ক্ষমা কৰিলে। (২ চমূ. ১২:৯, ১৩) এই ঘটনা পঢ়াৰ সময়ত আমি হয়তো ভাবিব পাৰোঁ যে ‘দায়ূদে ইমান ডাঙৰ ডাঙৰ পাপ কৰিছিল, তথাপি যিহোৱাই তেওঁক ক্ষমা কৰিলে। কিন্তু সেই ইস্ৰায়েলী ব্যক্তিজনে ইমান সৰু-সুৰা ভুল কৰাৰ সত্ত্বেও যিহোৱাই তেওঁক ইমান ডাঙৰ শাস্তি কিয় দিলে?’ বাইবেল পঢ়াৰ সময়ত যদি আমি তিনিটা কথা মনত ৰাখোঁ, তেনেহʼলে আমি ইয়াৰ উত্তৰ পাম।

৪. যিহোৱাই লোৱা নিৰ্ণয় সদায় সঠিক হয় বুলি আদিপুস্তক ১৮:২০, ২১ আৰু দ্বিতীয় বিবৰণ ১০:১৭ পদৰপৰা কেনেকৈ জানিব পাৰি?

বাইবেলত প্ৰতিটো ঘটনাৰ সম্পূৰ্ণ কথা উল্লেখ নাই। উদাহৰণস্বৰূপে, আমি জানো যে দায়ূদে হৃদয়ৰপৰা অনুতাপ কৰিছিল। (গীত. ৫১:২-৪) কিন্তু যিজন ইস্ৰায়েলী ব্যক্তিয়ে বিশ্ৰাম-বাৰৰ নিয়ম মনা নাছিল, আমি নাজানোঁ যে তেওঁ কেনেধৰণৰ ব্যক্তি আছিল। তেওঁ হৃদয়ৰপৰা অনুতাপ কৰিছিল নে নাই? তেওঁ আগতেও যিহোৱাৰ নিয়ম মনা নাছিলনে? যেতিয়া তেওঁক পৰামৰ্শ দিয়া হʼল, তেতিয়া তেওঁ সেই পৰামৰ্শ শুনিলে নে নুশুনিলে? ইয়াৰ বিষয়ে বাইবেলত একোৱেই উল্লেখ নাই। কিন্তু এটা কথা সত্য যে যিহোৱাই কেতিয়াও “অন্যায়” নকৰে। (দ্বিতী. ৩২:৪) তেওঁ মানুহৰ দৰে উৰা-বাতৰিত বিশ্বাস নকৰে, তেওঁ কাৰো পক্ষ নলয় বা আন কিবা কাৰণৰ বাবে অন্যায় নকৰে। তেওঁ প্ৰমাণৰ আধাৰত নিৰ্ণয় লয়। (আদিপুস্তক ১৮:২০, ২১; দ্বিতীয় বিবৰণ ১০:১৭ পঢ়ক।) আমি যিহোৱা আৰু তেওঁৰ মানদণ্ডৰ বিষয়ে যিমানে শিকিম, সিমানে আমাৰ বিশ্বাস হʼব যে তেওঁৰ নিৰ্ণয় সদায় সঠিক হয়। যদিও বাইবেলৰ কোনো এটা ঘটনা পঢ়োঁতে আমাৰ মনলৈ প্ৰশ্ন আহিব পাৰে, তথাপি আমি যিহোৱাৰ বিষয়ে যিমান জানো, তাৰ পৰা আমাৰ বিশ্বাস হয় যে তেওঁৰ “সকলো পথ ধাৰ্ম্মিক।”—গীত. ১৪৫:১৭.

৫. অসিদ্ধ হোৱাৰ বাবে কি হ’ব পাৰে? (“ অসিদ্ধতাৰ বাবে স্পষ্টকৈ চাব নোৱাৰোঁ” নামৰ বক্স পঢ়ক।)

অসিদ্ধ হোৱাৰ বাবে আমি প্ৰতিটো বিষয় সঠিক দৃষ্টিভংগীৰে চাব নোৱাৰো। যিহোৱাই আমাক নিজৰ সাদৃশ্যৰে বনাইছে, সেইবাবে আমি সকলোৰে লগত ন্যায় হোৱাটো বিচাৰো। (আদি. ১:২৬) কিন্তু অসিদ্ধ হোৱাৰ বাবে আমি কোনো এটা বিষয়ৰ সকলো কথা জানিলেও সেই বিষয়টো সঠিক দৃষ্টিৰে চাব নোৱাৰো। যোনাৰ লগতো এইদৰে হৈছিল। যেতিয়া নীনবিৰ লোকসকলে অনুতাপ কৰিলে, তেতিয়া যিহোৱাই তেওঁলোকক দয়া দেখুৱাবলৈ নিৰ্ণয় লʼলে। ইয়াৰ বাবে যোনাৰ বহুত খং উঠিল আৰু যিহোৱাৰ নিৰ্ণয় ভুল হয় বুলি তেওঁ ভাবিছিল। (যোনা ৩:১০–৪:১) কিন্তু যিহোৱাই দয়া দেখুৱাৰ বাবে কি হ’ল তালৈ মন কৰক। নীনবিৰ ১,২০,০০০ জনতকৈ বেছি লোকৰ জীৱন ৰক্ষা পৰিল। পাছত যোনাৰ অনুভৱ হ’ল যে ভুলটো তেওঁৰ আছিল, যিহোৱাৰ নহয়।

৬. যিহোৱাই লোৱা প্ৰতিটো নিৰ্ণয়ৰ কাৰণবোৰ আমাক জনোৱাৰ প্ৰয়োজন আছেনে?

যিহোৱাই লোৱা নিজৰ প্ৰতিটো নিৰ্ণয়ৰ কাৰণ জনোৱাৰ প্ৰয়োজন নাই। এয়া সঁচা যে বহুবাৰ নিৰ্ণয় লোৱাৰ আগত বা পাছত যিহোৱাই নিজৰ সেৱকসকলৰ মন্তব্য লৈছিল। (আদি. ১৮:২৫; যোনা ৪:২, ৩) কিছুমান পৰিস্থিতিত যিহোৱাই নিজৰ নিৰ্ণয়ৰ কাৰণো কৈছিল। (যোনা ৪:১০, ১১) কিন্তু ইয়াৰ অৰ্থ এয়া নহয় যে তেওঁ প্ৰতিবাৰে এইদৰে কৰিবই লাগিব। কিয়নো তেঁৱে সকলো সৃষ্টি কৰিলে। সেইবাবে, যিকোনো কাম কৰাৰ আগতে তেওঁ আমাক সোধাৰ প্ৰয়োজন নাই আৰু কিবা কাম কৰাৰ পাছত তেওঁ আমাক ইয়াৰ কাৰণ কোৱাৰো প্ৰয়োজন নাই।—যিচ. ৪০:১৩, ১৪; ৫৫:৯.

নিৰ্দেশনা পালন কৰাৰ সময়ত যিহোৱাৰ ওপৰত ভৰসা কৰক

৭. কাৰ ওপৰত ভৰসা কৰিবলৈ আমাৰ বাবে কঠিন হ’ব পাৰে আৰু কিয়?

যিহোৱাই যিদৰে কাম কৰে, সেয়া সঠিক হয় বুলি আমাৰ হয়তো সম্পূৰ্ণ ভৰসা আছে। কিন্তু তেওঁৰ সংগঠনত যিসকল ভাইয়ে নেতৃত্ব লয়, তেওঁলোকৰ ওপৰত ভৰসা কৰিবলৈ হয়তো আমাক কঠিন লাগিব পাৰে। আমি হয়তো ভাবিব পাৰোঁ যে তেওঁলোকে যিহোৱাৰ নিৰ্দেশনা মতে কাম কৰে নে নিজৰ মতে কৰে। প্ৰাচীন সময়তো কিছুমান লোকে এইদৰে ভাবিছিল। আহক  অনুচ্ছেদ ৩ ত দিয়া উদাহৰণলৈ মন কৰোঁ। যিজন ইস্ৰায়েলী ব্যক্তিয়ে বিশ্ৰাম-বাৰৰ নিয়ম মনা নাছিল, তেওঁৰ সমন্ধীয় এজন লোকে হয়তো এইদৰে ভাবিছিল, ‘মোচিয়ে তেওঁক শাস্তি দিয়াৰ আগতে যিহোৱাৰ লগত কথা পাতিছিলনে?’ ঊৰিয়াৰ এজন বন্ধুৱে হয়তো ভাবিছিল, ‘দায়ূদ ৰজা হয়, সেইবাবে শাস্তিৰপৰা ৰক্ষা পাবলৈ তেওঁ হয়তো নিজৰ অধিকাৰক ব্যৱহাৰ কৰিলে।’ কিন্তু মন কৰক যিহোৱাই নেতৃত্ব লোৱা ভাইসকলৰ ওপৰত সম্পূৰ্ণ ভৰসা কৰে। সেইবাবে, যদি আমি তেওঁলোকৰ ওপৰত ভৰসা নকৰোঁ, তেনেহ’লে আমি যিহোৱাৰ ওপৰত ভৰসা কৰোঁ বুলি কেনেকৈ ক’ব পাৰোঁ।

৮. প্ৰথম শতিকাৰ মণ্ডলী আৰু বৰ্তমান সময়ৰ সংগঠনৰ মাজত কি কথা মিল আছে? (পাঁচনিৰ কৰ্ম্ম ১৬:৪, ৫)

আজি যিহোৱাই নিজৰ সংগঠনৰ নেতৃত্ব লʼবলৈ ‘বিশ্বাসী বুদ্ধিমান দাসক’ নিযুক্ত কৰিছে। (মথি ২৪:৪৫) প্ৰথম শতিকাৰ প্ৰশাসন গোষ্ঠীৰ নিচিনা বৰ্তমান সময়তো প্ৰশাসন গোষ্ঠীয়ে ঈশ্বৰৰ সকলো লোকৰ নেতৃত্ব লয় আৰু প্ৰাচীনসকলক নিৰ্দেশনা দিয়ে। (পাঁচনিৰ কৰ্ম্ম ১৬:৪, ৫ পঢ়ক।) প্ৰাচীনসকলে সেই নিৰ্দেশনাৰ অনুসৰি মণ্ডলীত কাম কৰে। সেইবাবে, যেতিয়া প্ৰাচীন আৰু সংগঠনৰ ফালৰপৰা অহা নিৰ্দেশনাবোৰ আমি পালন কৰোঁ, তেতিয়া আমি যিহোৱাৰ কাম কৰা উপায়ক ভৰসা কৰোঁ বুলি দেখুৱাও।

৯. প্ৰাচীনসকলৰ নিৰ্ণয় মানিবলৈ আমাক কেতিয়া কঠিন লাগিব পাৰে আৰু কিয়?

বহুবাৰ প্ৰাচীনসকলৰ নিৰ্ণয় পালন কৰিবলৈ আমাক কঠিন লাগিব পাৰে। উদাহৰণস্বৰূপে, কিছুবছৰৰ আগতে বহুতো মণ্ডলীক যোগ কৰা হʼল আৰু ইয়াৰ বাবে কিছুমান মণ্ডলীক আন চাৰ্কিটত দিয়া হʼল। এনে পৰিস্থিতিত ৰাজ্যগৃহ ভালদৰে ব্যৱহাৰ কৰিবলৈ প্ৰাচীনে কিছুমান প্ৰচাৰকক আন মণ্ডলীলৈ যাবলৈ কৈছিল। যদি আমাক আন মণ্ডলীলৈ যাবলৈ কোৱা হয়, তেনেহ’লে আমি কি কৰিম? আমাক হয়তো এইদৰে কৰিবলৈ কঠিন লাগিব পাৰে। কিয়নো আমি নিজৰ বন্ধু আৰু সমন্ধীয় লোকক এৰি যাবলগীয়া হ’ব। আন এটা কাৰণৰ বাবে এই নিৰ্দেশনা পালন কৰিবলৈ কঠিন লাগিব পাৰে। প্ৰাচীনসকলে কাক পঠিয়াব লাগে আৰু কাক নালাগে, তাৰ বিষয়ে যিহোৱাই তেওঁলোকক নজনায়। প্ৰাচীনসকলে এই নিৰ্ণয় নিজে লয়। কিন্তু যিহোৱাই তেওঁলকৰ ওপৰত ভৰসা কৰে। সেইবাবে, আমিও প্ৰাচীনসকলৰ ওপৰত ভৰসা কৰা উচিত আৰু তেওঁলোকৰ কথা মনা উচিত। *

১০. আমি প্ৰাচীনসকলৰ নিৰ্ণয় কিয় পালন কৰা উচিত? (ইব্ৰী ১৩:১৭)

১০ বহুবাৰ আমি প্ৰাচীনসকলৰ নিৰ্ণয়ত সন্মত নহʼলেও আমি সেই নিৰ্ণয় পালন কৰা উচিত। কিয় বাৰু? কিয়নো এইদৰে কৰিলে আমাৰ মাজত শান্তি আৰু একতা থাকিব। (ইফি. ৪:২, ৩) ইয়াৰ ওপৰিও, প্ৰাচীন গোষ্ঠীয়ে যি নিৰ্ণয় লয়, সেইবোৰ পালন কৰিলে মণ্ডলীত প্ৰেম আৰু আনন্দময় পৰিৱেশ হ’ব। (ইব্ৰী ১৩:১৭ পঢ়ক।) প্ৰাচীনসকলে লোৱা নিৰ্ণয় পালন কৰাৰ আৰু এটা ডাঙৰ কাৰণ আছে। যিহোৱাই প্ৰাচীনসকলৰ ওপৰত ভৰসা কৰি তেওঁলোকক মণ্ডলীৰ চোৱা-চিতা কৰিবলৈ দায়িত্ব দিছে। (পাঁচ. ২০:২৮) সেইবাবে, যেতিয়া আমি তেওঁলোকৰ ওপৰত ভৰসা কৰোঁ, তেতিয়া আমি যিহোৱাৰ ওপৰত ভৰসা কৰাৰ দৰে হয়।

১১. প্ৰাচীনসকলে দিয়া নিৰ্দেশনা সঠিক হয় বুলি আমি কিয় বিশ্বাস কৰিব পাৰোঁ?

১১ প্ৰাচীনসকলে দিয়া নিৰ্দেশনা সঠিক হয় বুলি আমি কিয় বিশ্বাস কৰিব পাৰোঁ? মন কৰক, যেতিয়া তেওঁলোকে মণ্ডলীৰ লগত জড়িত কিবা বিষয়ত কথা পাতে, তেতিয়া তেওঁলোকে প্ৰথমে প্ৰাৰ্থনা কৰে আৰু পবিত্ৰ আত্মা বিচাৰে। ইয়াৰ পাছত তেওঁলোকে বাইবেলৰ সিদ্ধান্তলৈ মন কৰে আৰু সংগঠনৰপৰা পোৱা নিৰ্দেশনা পালন কৰে। প্ৰাচীনসকলে হৃদয়ৰপৰা যিহোৱাক আনন্দিত কৰিব বিচাৰে আৰু তেওঁৰ লোকসকলৰ ভালদৰে যত্ন ল’ব বিচাৰে। তেওঁলোকে এয়াও জানে যে ইয়াৰ বাবে তেওঁলোকে যিহোৱাক হিচাপ দিব লাগিব। (১ পিত. ৫:২, ৩) চিন্তা কৰক, আজি জগতৰ লোকসকলৰ মাজত জাতি, ধৰ্ম আৰু ৰাজনৈতিক বিষয়বোৰক লৈ বিবাদৰ সৃষ্টি হৈছে। আনহাতে, যিহোৱাৰ উপাসনা কৰা লোকসকলৰ মাজত একতা আছে। যিহোৱাই নিজৰ সংগঠনৰ ওপৰত আশীৰ্বাদ দিয়াৰ বাবে এই সকলো সম্ভৱ হৈছে।

১২. পাপ কৰা ব্যক্তিজনে অনুতাপ কৰিছে নে নাই কৰা, সেয়া প্ৰাচীনসকলে কেনেকৈ জানিবলৈ চেষ্টা কৰে?

১২ যিহোৱাই প্ৰাচীনসকলক এটা ডাঙৰ দায়িত্ব দিছে, সেয়া হৈছে মণ্ডলীক শুদ্ধ কৰি ৰখা। যেতিয়া কোনো এজন সত্য খ্ৰীষ্টানে গম্ভীৰ পাপ কৰে, তেতিয়া প্ৰাচীনসকলে সেই ব্যক্তিজনক মণ্ডলীত থাকিবলৈ দিব নে নিদিয়ে, তাৰ নিৰ্ণয় প্ৰাচীনসকলে লোৱাটো যিহোৱাই বিচাৰে। কিন্তু এই নিৰ্ণয় লোৱাটো ইমান সহজ নহয়। সেই ব্যক্তিজনে নিজৰ ভুলৰ বাবে হৃদয়ৰপৰা অনুতাপ কৰিছে নে নাই, তাৰ বিষয়ে প্ৰাচীনসকলে জানিবলৈ চেষ্টা কৰে। সেই ব্যক্তিজনে হয়তো অনুতাপ “কৰিছোঁ” বুলি কʼব পাৰে। কিন্তু তেওঁৰ কামৰপৰা কি প্ৰমাণ হয়? তেওঁ যি ভুল কৰিলে, তাক তেওঁ ঘৃণা কৰেনে? তেওঁ সেই ভুল আকৌ নকৰিবলৈ থিৰাং কৰিছেনে? যদি বেয়া সংগতিৰ বাবে তেওঁ এই পাপ কৰিছে, তেনেহ’লে তেওঁ বেয়া সংগতি এৰিবলৈ সাজু আছেনে? প্ৰাচীনসকলে যিহোৱালৈ প্ৰাৰ্থনা কৰে, প্ৰমাণবোৰ পৰীক্ষা কৰে, বাইবেলৰ সিদ্ধান্তবোৰ চালি-জাৰি চাই আৰু পাপ কৰা ব্যক্তিজনৰ ব্যৱহাৰ চায়। ইয়াৰ পাছত তেওঁলোকে নিৰ্ণয় লয় যে সেই ব্যক্তিজনক বহিষ্কাৰ কৰিব লাগিব নে নালাগে। কিছুমান ক্ষেত্ৰত এজন ব্যক্তিক বহিষ্কাৰ কৰিবলগীয়া হয়।—১ কৰি. ৫:১১-১৩.

১৩. আমাৰ বন্ধু বা পৰিয়ালৰ কোনো এজন ব্যক্তি বহিষ্কাৰ হ’লে আমি কি ভাবিব পাৰো?

১৩ যদি এজন বহিষ্কৃত ব্যক্তি আমাৰ বন্ধু বা সম্বন্ধীয় লোক নহয়, তেনেহ’লে প্ৰাচীনসকলৰ নিৰ্ণয় পালন কৰিবলৈ আমাক সহজ লাগিব পাৰে। কিন্তু যদি তেওঁ আমাৰ বন্ধু বা সম্বন্ধীয় লোক হয়, তেনেহ’লে আমি প্ৰাচীনসকলৰ ওপৰত তেতিয়াও ভৰসা কৰিমনে আৰু তেওঁলোকৰ নিৰ্ণয় পালন কৰিমনে? আমি হয়তো ভবিব পাৰোঁ যে ‘প্ৰাচীনসকলে সকলো প্ৰমাণ চালি-জাৰি চালেনে বা তেওঁলোকে বিষয়টো যিহোৱাৰ দৃষ্টিভংগীৰে চাইছেনে?’ এনে পৰিস্থিতিত সঠিক দৃষ্টিভংগী বজাই ৰাখিবলৈ আমি কি কৰিব পাৰোঁ আহক চাওঁ।

১৪. যেতিয়া আমাৰ কোনো বন্ধু বা সম্বন্ধীয় লোকক বহিষ্কাৰ কৰা হয়, তেতিয়া আমি কি কথা মনত ৰখা উচিত?

১৪ বহিষ্কাৰ কৰা ব্যৱস্থাটো যিহোৱাৰ ফালৰপৰা হয় বুলি আমি মনত ৰখা উচিত। ইয়াৰ যোগেদি মণ্ডলীয়ে লাভৱান হোৱাৰ লগতে সেই পাপ কৰা ব্যক্তিজনেও লাভৱান হ’ব। যদি তেওঁ অনুতাপ নকৰে আৰু তেওঁক মণ্ডলীত থাকিবলৈ দিয়া হয়, তেনেহ’লে তেওঁক চাই আন লোকসকলেও বেয়া কাম কৰিবলৈ ধৰিব পাৰে। (গালা. ৫:৯) তেওঁ নিজেও ভুল কৰিছো বুলি অনুভৱ নকৰিব। সেইবাবে, তেওঁ নিজৰ ভুল চিন্তাধাৰা শুধৰণি নকৰিব আৰু বেয়া কাম এৰি যিহোৱাৰ অনুমোদন লাভ কৰিবলৈও চেষ্টা নকৰিব। (উপ. ৮:১১) প্ৰাচীনসকলে এই ক্ষেত্ৰত বহু ভাবি-চিন্তি নিৰ্ণয় লয় বুলি আমি বিশ্বাস কৰিব পাৰোঁ। তেওঁলোকে জানে যে ইস্ৰায়েলৰ বিচাৰকৰ্তাসকলৰ দৰে তেওঁলোকে “মানুহবিলাকৰ নিমিত্তে নহয়, কিন্তু যিহোৱাৰ নিমিত্তেহে বিচাৰ” কৰে।—২ বং. ১৯:৬, ৭.

বৰ্তমানত যিহোৱাৰ ওপৰত ভৰসা কৰিলে ভৱিষ্যতেও কৰিব পাৰিম

মহাক্লেশৰ সময়ছোৱাত পোৱা নিৰ্দেশনাবোৰ পালন কৰিবলৈ আমি এতিয়াৰেপৰা কি কৰিব লাগিব? (অনুচ্ছেদ ১৫ চাওক)

১৫. বৰ্তমান সময়ত আমি যিহোৱাৰ প্ৰতিটো নিৰ্দেশনাক কিয় পালন কৰা উচিত?

১৫ অতি সোনকালে এই জগতৰ ধ্বংস হ’ব। সেইবাবে, আমি যিহোৱাৰ কাম কৰা উপায়ৰ ওপৰত আৰু ভৰসা কৰা উচিত। কিয় বাৰু? কিয়নো মহাক্লেশৰ সময়ছোৱাত আমি হয়তো এনে নিৰ্দেশনা পাম, যিবোৰ আমাক আচৰিত যেন লাগিব পাৰে। এয়া সঁচা যে সেই সময়ছোৱাত যিহোৱাই আমাৰ প্ৰতিজনৰ লগত কথা নাপাতিব। ইয়াৰ পৰিৱৰ্তে, তেওঁ হয়তো নেতৃত্ব লোৱা ভাইসকলৰ যোগেদি আমাক নিৰ্দেশনা দিব। সেইসময়ত এয়া ভবাৰ সময় নহয় যে এই নিৰ্দেশনা সঁচাকৈ যিহোৱাৰ ফালৰপৰা হয় নে প্ৰাচীনে নিজৰ মতে দিছে। সেই কঠিন সময়ছোৱাত আপুনি যিহোৱা আৰু তেওঁৰ সংগঠনৰ ওপৰত ভৰসা কৰিবনে? আপুনি এতিয়া কি কৰি আছে তাৰ ওপৰত এই কথাষাৰ নিৰ্ভৰ কৰে। যদি বৰ্তমান সময়ত আপুনি যিহোৱাৰ সংগঠনৰ ফালৰপৰা পোৱা সকলো নিৰ্দেশনা পালন কৰে, তেনেহ’লে মহাক্লেশৰ সময়ছোৱাটো আপুনি এইদৰে কৰিব পাৰিব।—লূক ১৬:১০.

১৬. ভৱিষ্যতে যিহোৱাৰ ওপৰত ভৰসা কৰিবলৈ কিয় কঠিন হ’ব পাৰে?

১৬ আমি আৰু এটা কথাৰ ওপৰত গভীৰভাৱে চিন্তা কৰা উচিত। সেয়া হৈছে, জগতখন ধ্বংস হোৱাৰ সময়ত যিহোৱাই যি নিৰ্ণয় লʼব, সেইবোৰ আমি মানিমনে? আজি বেছিতকৈ বেছি লোকসকলে আৰু আমাৰ পৰিয়ালৰ সম্বন্ধীয় লোকসকলে যিহোৱাৰ বিষয়ে জনাটো আৰু তেওঁলোকৰ জীৱন ৰক্ষা পৰাটো আমি আশা কৰোঁ। কিন্তু হৰমাগিদোনত তেওঁলোকৰ জীৱন ৰক্ষা পৰিব নে নপৰে, সেয়া যিহোৱাৰ হাতত আছে। যিহোৱাই কাৰ ওপৰত দয়া দেখুৱাব আৰু কাৰ ওপৰত নেদেখুৱাব, সেয়া যীচুৰ যোগেদি তেওঁ নিৰ্ণয় ল’ব। (মথি ২৫:৩১-৩৪, ৪১, ৪৬ ; ২ থিচ. ১:৭-১০) সেইসময়ত যিহোৱাৰ নিৰ্ণয় আমি মানিমনে আৰু তেওঁৰ সেৱা কৰিবলৈ এৰি দিমনে? আমি এতিয়াৰেপৰা যিহোৱাৰ ওপৰত ভৰসা কৰিব লাগিব, তেতিয়াহে আমি ভৱিষ্যতে তেওঁৰ ওপৰত ভৰসা কৰিব পাৰিম।

১৭. ভৱিষ্যতে যিহোৱাই যি নিৰ্ণয় লʼব, তাৰপৰা আমি কি কি আশীৰ্বাদ লাভ কৰিম?

১৭ যেতিয়া যিহোৱাই এই পৃথিৱীখনক ধ্বংস কৰি নতুন পৃথিৱী আনিব, চিন্তা কৰক সেইসময়ত আমি কেনে অনুভৱ কৰিম। সেইসময়ত মিছা ধৰ্ম নাথাকিব, এনে ব্যৱসায় আৰু চৰকাৰ নাথাকিব, যাৰ বাবে লোকসকলে বহুতো দুখ-কষ্ট সহন কৰিবলগীয়া হৈছে। সকলোৱে সুস্বাস্থ্য হ’ব, বৃদ্ধ নহ’ব, ইয়াৰ লগতে মৃত্যুও নাথাকিব। চয়তান আৰু তাৰ দুষ্ট স্বৰ্গদূতক হাজাৰ বছৰৰ বাবে বন্দী কৰা হ’ব। তেওঁলোকৰ বিদ্ৰোহৰ বাবে যি ক্ষতি হৈছে, সেইবোৰ পূৰণ কৰা হ’ব। (প্ৰকা. ২০:২, ৩) আমি যিহোৱাৰ কাম কৰা উপায়ৰ ওপৰত ভৰসা কৰাৰ বাবে সেইসময়ত আমি বহুত আনন্দিত হʼম।

১৮. ইস্ৰায়েলীসকলৰপৰা আমি কি শিকিব পাৰোঁ? (গণনা পুস্তক ১১:৪-৬; ২১:৫)

১৮ নতুন পৃথিৱীত এনে পৰিস্থিতি আহিব পাৰে, য’ত যিহোৱাই কাম কৰা উপায়ৰ ওপৰত আমি ভৰসা কৰিব লাগিব। মিচৰ দেশৰপৰা মুকলি হোৱাৰ পাছত কিছুমান ইস্ৰায়েলীয়ে কি কৰিলে? তেওঁলোকে যিহোৱাৰ প্ৰতি কৃতজ্ঞ হোৱাৰ পৰিৰ্ৱতে অভিযোগ কৰিবলৈ ধৰিলে। মিচৰ দেশত তেওঁলোকে যি ভাল ভাল খাদ্য পাইছিল, সেইবোৰ তেওঁলোকে মনত পেলাবলৈ ধৰিলে আৰু যিহোৱাই দিয়া মান্নাক ঘিণ কৰিবলৈ ধৰিলে। (গণনা পুস্তক ১১:৪-৬; ২১:৫ পঢ়ক।) যদি আমি সাৱধান হৈ নাথাকোঁ, তেনেহ’লে মহাক্লেশৰ পাছত আমিও তেওঁলোকৰ দৰে হ’ব পাৰোঁ। আমি নাজানোঁ যে পৃথিৱীখনক প্ৰমোদবনলৈ পৰিৱৰ্তন কৰিবলৈ কিমান কাম কৰিব লাগিব বা কিমান সময়ৰ প্ৰয়োজন হ’ব। আৰম্ভণিতে হয়তো জীৱনটো ইমান সহজ নহ’বও পাৰে। এনে পৰিস্থিতিত আমি অভিযোগ কৰিম নে যিহোৱাৰ প্ৰতি কৃতজ্ঞ হʼম? যিহোৱাই আজি আমাক যি দিছে, যদি আমি তাৰ প্ৰতি কৃতজ্ঞ হওঁ, তেনেহ’লে ভৱিষ্যতো আমি তেওঁৰ প্ৰতি নিশ্চয় কৃতজ্ঞ হʼম।

১৯. এই লেখত আমি কি কি কথা শিকিলোঁ?

১৯ এই লেখৰপৰা আমি শিকিলোঁ যে যিহোৱাই কাম কৰা উপায় সদায় সঠিক হয় বুলি আমি সম্পূৰ্ণ ভৰসা কৰা উচিত। যিহোৱাই যিসকল লোকৰ ওপৰত ভৰসা কৰে, আমিও তেওঁলোকৰ ওপৰত ভৰসা কৰা উচিত। যিহোৱাই ভৱিষ্যতবক্তা যিচয়াৰ যোগেদি যি কৈছিল, আহক আমি সেই কথা মনত ৰাখোঁ। তেওঁ এইদৰে কৈছিল, “শান্ত হলেহে পৰিত্ৰাণ পাবা, থিৰে থাকি বিশ্বাস কৰিলেহে তোমালোকৰ পৰাক্ৰম হব।”—যিচয়া ৩০:১৫.

গীত ৯৮ ঈশ্বৰ প্ৰেৰণাৰে লিখা শাস্ত্ৰ

^ অনু. 5 এই লেখত আমি শিকিম যে যিহোৱা আৰু নেতৃত্ব লোৱা ভাইসকলৰ ওপৰত ভৰসা কৰা কিয় প্ৰয়োজন। আমি এয়াও শিকিম যে এইদৰে কৰিলে আমি বৰ্তমানৰ লগতে ভৱিষ্যতে আহিবলগীয়া সমস্যবোৰ ভালদৰে সন্মুখীন হʼব পাৰিম।

^ অনু. 9 কিছুমান ভাই-ভনী আৰু পৰিয়ালৰ পৰিস্থিতিৰ বাবে তেওঁলোকৰ মণ্ডলী সলনি কৰা নহয়। নৱেম্বৰ ২০০২ চনৰ আমাৰ ৰাজ্য পৰিচৰ্য্যাৰপ্ৰশ্ন বক্স” পঢ়ক।