Skip to content

Skip to table of contents

অধ্যয়নৰ লেখ ৮

আপোনাৰ পৰামৰ্শই আনৰ “মনক আনন্দিত” কৰেনে?

আপোনাৰ পৰামৰ্শই আনৰ “মনক আনন্দিত” কৰেনে?

“সুগন্ধি তেল আৰু ধূপে যেনেকৈ মনক আনন্দিত কৰে, বন্ধুৰ আন্তৰিক মস্ত্ৰণাৰ মিষ্টতায়ো তেনেকৈ আনন্দিত কৰে।”—হিতো. ২৭:৯.

গীত ১০২ ‘দুৰ্বল লোকসকলক সহায় কৰক’

লেখৰ এক আভাস *

১-২. এজন প্ৰাচীনে পৰামৰ্শ দিয়াৰ বিষয়ে কি শিকিলে?

বহুবছৰৰ আগতে দুজন প্ৰাচীনে এগৰাকী ভনীক লগ কৰিবলৈ গৈছিল, যিজনী ভনীয়ে কিছুদিনৰপৰা সভালৈ অহা নাছিল। সভালৈ অহাটো কিমান গুৰুত্বপূৰ্ণ তাৰ বিষয়ে বুজাবলৈ এজন প্ৰাচীনে বহুতো বাইবেলৰ পদ ভনীজনীক পঢ়ি শুনাইছিল। প্ৰাচীনজনে ভাবিছিল যে তেওঁ নিজৰ কাম ভালদৰে কৰিলে। কিন্তু যেতিয়া দুয়োজন ভাইয়ে তাৰপৰা যাবলৈ ওলাইছিল, তেতিয়া ভনীজনীয়ে এইদৰে কৈছিল, “আপোনালোকে নাজানে যে মই কি কি সমস্যাৰ সন্মুখীন হৈ আছোঁ।” ভাইসকলে সভালৈ অহাটো কিমান গুৰুত্বপূৰ্ণ তাৰ বিষয়ে ভনীগৰাকীক বুজাইছিল, কিন্তু তাই কিয় সভালৈ অহা নাই তাৰ বিষয়ে সোধা নাছিল। সেইবাবে, ভনীগৰাকীক তেওঁলোকৰ পৰামৰ্শ ভাল লগা নাছিল।

সেই প্ৰাচীনজনে এই ঘটনাটো মনত পেলাই এইদৰে কৈছে, “সেইসময়ত মই ভাবিছিলোঁ যে ভনীগৰাকীয়ে ভালদৰে কথা পতা নাই। কিন্তু পাছত যেতিয়া মই এই বিষয়ে চিন্তা কৰিলোঁ, তেতিয়া মোৰ অনুভৱ হʼল যে মই ইমানবোৰ পদ দেখুৱাৰ পৰিৱৰ্তে ভনীজনীক প্ৰশ্ন সোধা হʼলে কিমান ভাল আছিল। যেনে, ‘সকলো ঠিকেই চলিছেনে? আপোনাৰ কিবা সহায়ৰ প্ৰয়োজন আছে নেকি?’” সেই ঘটনাৰপৰা প্ৰাচীনজনে যি শিক্ষা লাভ কৰিলে, সেয়া আজিও তেওঁৰ মনত আছে। এতিয়া তেওঁ আনৰ লগত কথা পতাৰ সময়ত তেওঁলোকৰ পৰিস্থিতি বুজিবলৈ চেষ্টা কৰে।

৩. মণ্ডলীত কোনে কোনে পৰামৰ্শ দিব পাৰে?

  প্ৰাচীনসকল, ঈশ্বৰৰ মেৰজাকৰ ৰক্ষীয়া হয়। সেইবাবে, প্ৰয়োজনীয় সময়ত আনক পৰামৰ্শ দিয়াটো তেওঁলোকৰ দায়িত্ব হয়। কিন্তু মণ্ডলীৰ আন লোকসকলেও পৰামৰ্শ দিব পাৰে। যেনে, এজন ভাই বা ভনীয়ে নিজৰ বন্ধুক বাইবেলৰপৰা কিবা পৰামৰ্শ দিব পাৰে। (গীত. ১৪১:৫; হিতো. ২৫:১২) অথবা এগৰাকী বৃদ্ধ ভনীয়ে এজনী যুৱতী ভনীক তীত ২:৩-৫ পদত উল্লেখ থকা কথাবোৰৰ বিষয়ে পৰামাৰ্শ দিব পাৰে। পিতৃ-মাতৃসকলে প্ৰায়ে নিজৰ লʼৰা-ছোৱালীক বুজাবলগীয়া হয় আৰু শিকাবলগীয়া হয়। সেইবাবে, যদিও এই লেখটো প্ৰাচীনসকলৰ বাবে হয়, কিন্তু আমি সকলোৱে কিবা নহয় কিবা শিকিব পাৰোঁ। এই লেখৰপৰা আমি শিকিম যে আমি কি কি উপায়েৰে আনক পৰামৰ্শ দিব পাৰোঁ, যাতে আনে লাভৱান হয়, উৎসাহিত হয় আৰু তেওঁলোকৰ ‘মন আনন্দিত’ হয়।—হিতো. ২৭:৯.

৪. এই লেখত আমি কি কি প্ৰশ্নৰ বিষয়ে আলোচনা কৰিম?

এই লেখত আমি চাৰিটা প্ৰশ্নৰ ওপৰত আলোচনা কৰিম। (১) পৰামৰ্শ দিয়াৰ সঠিক কাৰণ কি হʼব লাগিব? (২) সঁচাকৈ পৰামৰ্শ দিয়াৰ প্ৰয়োজন আছেনে? (৩) পৰামৰ্শ কোনে দিব? আৰু (৪) ভালদৰে পৰামাৰ্শ দিবলৈ আমি কি কৰিব লাগিব?

পৰামৰ্শ দিয়াৰ সঠিক কাৰণ কি হʼব লাগিব?

৫. প্ৰাচীনসকলকে পৰামৰ্শ দিয়াৰ আগতে কি কৰিব পাৰে? (১ কৰিন্থীয়া ১৩:৪, ৭)

প্ৰাচীনসকলে ভাই-ভনীসকলক প্ৰেম কৰে। সেইবাবে, ভুল পদক্ষেপ লʼবলৈ যোৱা ভাই-ভনীসকলক পৰামৰ্শ দিয়াৰ যোগেদি প্ৰাচীনসকলে প্ৰেম দেখুৱায়। (গালা. ৬:১) কিন্তু পৰামৰ্শ দিয়াৰ আগতে প্ৰাচীনসকলে কি কৰিব পাৰে? পৌলে প্ৰেমৰ বিষয়ে যি কৈছিল, তাৰ বিষয়ে তেওঁলোকে গভীৰভাৱে চিন্তা কৰিব পাৰে। তেওঁ এইদৰে কৈছে, “প্ৰেমে অনেক দিন সহে, মৰমো কৰে; . . . সকলো কথাতে সহন কৰে, সকলোতে বিশ্বাস কৰে, সকলোতে আশা কৰে, সকলোকে সহ্য কৰে।” (১ কৰিন্থীয়া ১৩:৪,  পঢ়ক।) যদি প্ৰাচীনসকলে এই পদবোৰ গভীৰভাৱে ধ্যান কৰে, তেনেহʼলে তেওঁলোকে ভাই-ভনীসকলক প্ৰেমেৰে পৰামৰ্শ দিব পাৰিব। যেতিয়া ভাই-ভনীসকলে অনুভৱ কৰিব যে প্ৰাচীনসকলে তেওঁলোকক প্ৰেম কৰে, তেতিয়া তেওঁলোকে প্ৰাচীনসকলকৰ পৰামৰ্শ পালন কৰিব পাৰিব।—ৰোম. ১২:১০.

৬. পাঁচনি পৌলৰপৰা প্ৰাচীনসকলে কি শিকিব পাৰে?

পৰামৰ্শ দিয়াৰ ক্ষেত্ৰত প্ৰাচীনসকলে পাঁচনি পৌলৰপৰা বহুতো কথা শিকিব পাৰে। উদাহৰণস্বৰূপে, যেতিয়া পৌলে গম পালে যে থিচলনীকীয়াৰ ভাই-ভনীসকলক পৰামাৰ্শৰ প্ৰয়োজন আছে, তেতিয়া পৌলে তেওঁলোকক চিঠি লিখি পৰামৰ্শ দিলে। কিন্তু পৰামৰ্শ দিয়াৰ আগতে পৌলে তেওঁলোকৰ প্ৰশংসাও কৰিলে। পৌলে কৈছিল যে তেওঁলোকে বিশ্বাসাৰে সেৱা কৰি আছে। প্ৰেমেৰে কঠিন পৰিশ্ৰম কৰিছে আৰু ধৈৰ্য্য ধৰি আছে। পৌলে এয়াও লিখিছিল যে পৌলে তেওঁলোকৰ পৰিস্থিতি ভালদৰে বুজি পায় আৰু তেওঁ জানে যে তাড়না আৰু সমস্যাৰ বাবে জীৱন-যাপন কৰাটো ইমান সহজ নহয়। (১ থিচ. ১:৩; ২ থিচ. ১:৪) পৌলে এয়াও কৈছিল যে তেওঁলোকে আন ভাই-ভনীসকলৰ বাবে ভাল উদাহৰণ হয়। (১ থিচ. ১:৮-১০) চিন্তা কৰক পৌলৰ এই সকলো কথা পঢ়ি তেওঁলোকে কিমান আনন্দিত হৈছিল। পৌলে তেওঁলোকক প্ৰেম কৰে বুলি তেওঁলোকৰ বিশ্বাস হ’ল। সেইবাবে, পৌলে যেতিয়া নিজৰ দুয়োখন চিঠিত তেওঁলোকক পৰামৰ্শ দিছিল, তেতিয়া তেওঁলোকে সেই পৰামৰ্শ পালন কৰিলে।—১ থিচ. ৪:১, ৩-৫, ১১; ২ থিচ. ৩:১১, ১২.

৭. কিছুমান লোকে পৰামৰ্শ পালে কিয় বেয়া পায়?

প্ৰেমেৰে পৰামৰ্শ নিদিলে কি হ’ব পাৰে? এজন অভিজ্ঞ প্ৰাচীনে এইদৰে কৈছে, “প্ৰেমেৰে পৰামৰ্শ নিদিয়াৰ বাবে কিছুমান লোকে বেয়া পায়।” ইয়াৰপৰা আমি কি শিকিব পাৰোঁ? যদি আনে আমাৰ পৰামৰ্শ শুনাটো আমি বিচাৰোঁ, তেনেহ’লে আমি খঙেৰে নহয়, প্ৰেমেৰে পৰামৰ্শ দিয়া উচিত।

সঁচাকৈ পৰামৰ্শ দিয়াৰ প্ৰয়োজন আছেনে?

৮. পৰামৰ্শ দিয়াৰ আগতে প্ৰাচীনে নিজকে কি কি প্ৰশ্ন সোধা উচিত?

আমি “হঠাৎ কওঁতা” মানুহ নহʼবলৈ বাইবেলে আমাক উৎসাহিত কৰিছে। (হিতো. ২৯:২০) প্ৰতিজন প্ৰাচীনে এই সিদ্ধান্ত পালন কৰা উচিত। পৰামৰ্শ দিবলৈ খৰ-ধৰ কৰাৰ পৰিৱৰ্তে তেওঁলোকে নিজকে এইদৰে প্ৰশ্ন সুধিব পাৰে, “সেই ভাই বা ভনীক পৰামৰ্শ দিয়াৰ সঁচাকৈ প্ৰয়োজন আছেনে? তেওঁ কিবা বেয়া কাম কৰিছে বুলি প্ৰমাণ আছেনে? তেওঁ কিবা বাইবেলৰ নিয়ম পালন কৰা নাইনে অথবা মই নকৰা কাম তেওঁ কৰিছেনে?” যদি তেওঁ বুজি পোৱা নাই যে সেই ভাই বা ভনীক পৰামৰ্শ দিয়াৰ প্ৰয়োজন আছে নে নাই, তেনেহ’লে তেওঁ আন প্ৰাচীনক ইয়াৰ বিষয়ে সুধিব পাৰে। তেওঁ সুধিব পাৰে যে সেই ভাই বা ভনীয়ে কিবা ভুল কাম কৰিছে আৰু সঁচাকৈ তেওঁক পৰামাৰ্শ দিয়াৰ প্ৰয়োজন আছে বুলি সেই প্ৰাচীনজনেও ভাবেনে?—২ তীম. ৩:১৬, ১৭.

৯. কাপোৰ আৰু সাঁজি-কাচি অহাৰ ক্ষেত্ৰত পৌলে যি পৰামৰ্শ দিছিল, আমি তাৰপৰা কি শিকিব পাৰোঁ? (১ তীমথিয় ২:৯, ১০)

ইয়াক বুজিবলৈ এটা উদাহৰণলৈ মন কৰক। ধৰি লওক, এজন প্ৰাচীনে ভাবিছে যে কোনো ভাই বা ভনীৰ কাপোৰ পিন্ধা, চুলি ফণিওৱাৰ বা সাঁজি-কাচি অহাৰ ধৰণ সঠিক নহয়। এনে পৰিস্থিতিত প্ৰাচীনজনে নিজকে সুধিব পাৰে, ‘এই ক্ষেত্ৰত তেওঁ বাইবেলৰ সিদ্ধান্তৰ বিৰোধে কাম কৰিছে নেকি?’ প্ৰাচীনজনে মনত ৰাখিব লাগে যে তেওঁ যাতে নিজৰ মনৰপৰা পৰামাৰ্শ নিদিয়ে। সেইবাবে, ইয়াৰ বিষয়ে তেওঁ আন প্ৰাচীন বা কোনো অভিজ্ঞ ভাই বা ভনীক সুধিব পাৰে। তেওঁলোকে একেলগে মিলি পৌলৰ পৰামৰ্শৰ বিষয়ে আলোচনা কৰিব পাৰে। (১ তীমথিয় ২:৯, ১০ পঢ়ক।) খ্ৰীষ্টানসকলে কেনেধৰণ কাপোৰ পিন্ধিব লাগিব আৰু কেনেধৰণ কাপোৰ পিন্ধিব নালাগে, তাৰ বিষয়ে পৌলে কোনো নিয়ম দিয়া নাছিল। কিয়নো তেওঁ জানিছিল যে ভাই-ভনীসকলে বাইবেলৰ সিদ্ধান্তৰ অনুসৰি নিজৰ পচন্দৰ মতে কাপোৰ পিন্ধিব পাৰে। তেওঁ কেৱল ইয়াকে কৈছিল যে তেওঁলোকে ভাবি-চিন্তি কাপোৰ বাছনি কৰা উচিত আৰু সেই কাপোৰৰপৰা যাতে যিহোৱাৰ বদনাম নহয় তাৰ প্ৰতিও ধ্যান দিয়া উচিত। প্ৰাচীনসকলেও এই কথাবোৰ মনত ৰাখি নিৰ্ণয় লোৱা উচিত যে কাপোৰ পিন্ধা আৰু সাঁজি-কাচি অহাৰ ক্ষেত্ৰত কাৰোবাক পৰামৰ্শ দিব লাগিব নে নালাগে।

১০. আমি কি কথা মনত ৰখা উচিত?

১০ আমি মনত ৰখা উচিত যে কোনো এটা বিষয়ত দুজন ভাইয়ে বেলেগ বেলগ নিৰ্ণয় লʼব পাৰে আৰু দুয়োজনৰে নিৰ্ণয় সঠিক হ’ব পাৰে। সেইবাবে, আমি ভাই-ভনীসকলক তেওঁলোকে কি কৰিব লাগিব আৰু কি কৰিব নালাগে, তাৰ বিষয়ে কোৱা উচিত নহয়।—ৰোম. ১৪:১০.

কোনে পৰামৰ্শ দিব?

১১-১২. যদি সঁচাকৈ পৰামৰ্শ দিয়াৰ প্ৰয়োজন আছে, তেনেহ’লে প্ৰাচীনসকলে নিজকে কি প্ৰশ্ন সুধিব আৰু কিয়?

১১ যদি কোনো ভাই বা ভনীক সঁচাকৈ পৰামৰ্শ দিয়াৰ প্ৰয়োজন আছে, তেনেহ’লে তেওঁক কোনে পৰামৰ্শ দিব? কোনো বিবাহিতা ভনী বা ল’ৰা-ছোৱালীক পৰামৰ্শ দিয়াৰ আগতে এজন প্ৰাচীনে তেওঁৰ পৰিয়ালৰ মুৰব্বীৰ লগত কথা পাতিব। হয়তো পৰিয়াৰ মুৰব্বীয়ে তেওঁলোকৰ লগত নিজে কথা পাতিম বুলি ক’ব পাৰে। * অথবা তেওঁ হয়তো ক’ব পাৰে যে যেতিয়া প্ৰাচীনসকলে তেওঁলোকক পৰামৰ্শ দিব, তেতিয়া তেৱোঁ লগত থাকিব। যদি কোনো যুৱতী ভনীক পৰামৰ্শ দিয়াৰ প্ৰয়োজন আছে, তেনেহ’লে কিছুমান ক্ষেত্ৰত  অনুচ্ছেদ ৩ ত উল্লেখ কৰাৰ দৰে এগৰাকী বৃদ্ধ ভনীয়ে কথা পাতিলে ভাল হ’ব।

১২ পৰামৰ্শ দিয়াৰ আগতে প্ৰাচীনসকলকে আৰু এটা কথা মনত ৰাখিব লাগিব। এজন প্ৰাচীনে নিজকে এইদৰে সুধিব পাৰে, ‘মই পৰামৰ্শ দিলে ভাল হ’ব নে আন কোনো এজন প্ৰাচীনে পৰামৰ্শ দিলে ভাল হ’ব?’ উদাহৰণস্বৰূপে, হয়তো কোনে এজন ভাই বহুত নিৰাশাত আছে আৰু তেওঁ নিজকে কোনো কামৰ যোগ্য নহয় বুলি ভাবে। সেইসময়ত তেওঁক এনে এজন প্ৰাচীনে পৰামৰ্শ দিলে ভাল হ’ব, যিজনে এনে ভাবনাৰ মাজেদি পাৰ হৈছিল। সেই প্ৰাচীনজনে ব্যক্তিজনৰ পৰিস্থিতি ভালদৰে বুজিব পাৰিব আৰু তেওঁক আৰু ভালদৰে পৰামাৰ্শ দিব পাৰিব। কিন্তু ভাই-ভনীসকলে যি পৰিস্থিতিৰ মাজেৰে পাৰ হৈছে, তেনে পৰিস্থিতিৰ মাজেৰে পাৰ হোৱা কোনো প্ৰাচীন নাথাকিলে কি কৰা উচিত? তেওঁলোকে মনত ৰখা উচিত যে ভাই-ভনীসকলক পৰামৰ্শ দিয়া আৰু তেওঁলোকক উৎসাহিত কৰাৰ দায়িত্ব সকলো প্ৰাচীনৰ হয়। সেইবাবে, প্ৰয়োজন হ’লে তেওঁলোকে ভাই-ভনীসকলক পৰামৰ্শ দিয়া উচিত।

ভালদৰে পৰামৰ্শ দিবলৈ আমি কি কৰিব লাগিব?

প্ৰাচীনসকলে কিয় “শুনিবলৈ খৰ” হোৱা উচিত? (অনুচ্ছেদ ১৩-১৪ চাওক)

১৩-১৪. প্ৰাচীনসকলে কিয় আনৰ কথা মনোযোগেৰে শুনা উচিত?

১৩মনোযোগেৰে শুনক। পৰামৰ্শ দিবলৈ প্ৰস্তুতি কৰাৰ সময়ত এজন প্ৰাচীনে নিজকে এইদৰে সুধিব পাৰে: ‘মই ভাইজনৰ পৰিস্থিতিৰ বিষয়ে কিমান জানোঁ? তেওঁ এনে কিবা পৰিস্থিতিৰ সন্মুখীন হৈ আছেনে, যাৰ বিষয়ে মই নাজানোঁ? এতিয়া তেওঁক কোনটো ক্ষেত্ৰত বেছিকৈ সহায়ৰ প্ৰয়োজন আছে?’

১৪ বিশেষকৈ, যাকোব ১:১৯ পদত দিয়া সিদ্ধান্তটো সকলো পৰামাৰ্শ দিওঁতাৰ বাবে প্ৰযোজ্য হয়। যাকোবে এইদৰে কৈছিল: “শুনিবলৈ খৰ, কবলৈ ধীৰ, আৰু ক্ৰোধলৈয়ো ধীৰ হওক।” হয়তো এজন প্ৰাচীনে ভাবিব পাৰে যে তেওঁ ভাই-ভনীসকলৰ বিষয়ে সকলো কথা জানে। কিন্তু সঁচাকৈ এইদৰে হয়নে? হিতোপদেশ ১৮:১৩ পদত লিখা আছে: “যি মানুহে নৌ শুনোতেই উত্তৰ দিয়ে, সেয়ে তাৰ পক্ষে অজ্ঞানতা আৰু অপমান বুলি গণিত হয়।” কোনো এজন ব্যক্তিৰ পৰিস্থিতিৰ বিষয়ে ভালদৰে জানিবলৈ হ’লে সেই ব্যক্তিজনকে সুধিলে ভাল হ’ব। সেইবাবে, প্ৰাচীনসকলে কিবা কোৱাৰ আগতে, প্ৰথমে মনোযোগেৰে শুনা উচিত। এই লেখৰ আৰম্ভণিতে এজন প্ৰাচীনে কি কৈছিল, সেয়া মনত পেলাওক। তেওঁৰ অনুভৱ হৈছিল যে তেওঁ নিজে কথা কোৱাৰ আগতে ভনীজনীক এইদৰে প্ৰশ্ন সুধিব লাগিছিল, “সকলো ঠিকেই চলিছেনে?” “আপোনাৰ কিবা সহায়ৰ প্ৰয়োজন আছে নেকি?” যদি এজন প্ৰাচীনে সময় উলিয়াই ভাই-ভনীসকলৰ পৰিস্থিতিৰ বিষয়ে জানিবলৈ চেষ্টা কৰে, তেনেহ’লে প্ৰাচীনে তেওঁলোকক ভালদৰে সহায় আৰু উৎসাহিত কৰিব পাৰিব।

১৫. হিতোপদেশ ২৭:২৩ পদত দিয়া সিদ্ধান্তটো প্ৰাচীনসকলে কেনেকৈ পালন কৰিব পাৰে?

১৫ভাই-ভনীসকলক ভালদৰে জানিবলৈ চেষ্টা কৰক। এই লেখৰ আৰম্ভণিতে বুজোৱা হৈছিল যে ভালদৰে পৰামৰ্শ দিবলৈ কিছুমান পদ দেখুৱা আৰু কোনো এটা বিষয়ৰ উপদেশ দিয়াটোৱে যথেষ্ট নহয়। প্ৰাচীনসকলে ভাই-ভনীসকলৰ বিষয়ে চিন্তা কৰে, তেওঁলোকৰ পৰিস্থিতি বুজি পাই আৰু তেওঁলোকক সহায় কৰিব বিচাৰে বুলি ভাই-ভনীসকলক অনুভৱ কৰাব লাগিব। (হিতোপদেশ ২৭:২৩ পঢ়ক।) সেইবাবে, প্ৰাচীনসকলে ভাই-ভনীসকলৰ ভাল বন্ধু হʼবলৈ সম্পূৰ্ণৰূপে চেষ্টা কৰা উচিত।

পৰামৰ্শ দিবলৈ প্ৰাচীনসকলৰ বাবে কেতিয়া সহজ হৈ পৰিব? (অনুচ্ছেদ ১৬ চাওক)

১৬. ভালদৰে পৰামৰ্শ দিবলৈ প্ৰাচীনসকলকে কি কৰিব লাগিব?

১৬ ভাই-ভনীসকলে যেতিয়া ভুল কৰে, কেৱল তেতিয়াহে প্ৰাচীনসকলে তেওঁলোকৰ লগত কথা পাতে বুলি যাতে ভাই-ভনীসকলে নাভাবে, তাৰ বিষয়ে প্ৰাচীনসকলে ধ্যান দিয়া উচিত। প্ৰাচীনসকলে মাজে-সময়ে ভাই-ভনীসকলৰ লগত কথা পতা উচিত। বিশেষকৈ, সেইসময়ত যেতিয়া তেওঁলোকে সমস্যাৰ সন্মুখীন হয়। এজন অভিজ্ঞ প্ৰাচীনে এইদৰে কৈছে, “এইদৰে কৰিলে আপুনি তেওঁলোকৰ ভাল বন্ধু হৈ পৰিব আৰু যদি প্ৰয়োজন হয়, তেনেহʼলে আপোনালোকে তেওঁক সহজে পৰামৰ্শ দিব পাৰিব।” ইয়াৰ উপৰিও ভাই-ভনীসকলৰ বাবে প্ৰাচীনৰ পৰামৰ্শ পালন কৰিবলৈ সহজ হৈ পৰিব।

পৰামৰ্শ দিয়াৰ সময়ত প্ৰাচীনসকলে কিয় ধৈৰ্য্য ধৰা উচিত আৰু দয়া দেখুৱা উচিত? (অনুচ্ছেদ ১৭ চাওক)

১৭. এজন প্ৰাচীনে বিশেষকৈ কেতিয়া ধৈৰ্য্য ধৰা আৰু দয়া দেখুৱা উচিত?

১৭ধৈৰ্য্য ধৰক আৰু দয়া দেখুৱাওক। যেতিয়া কোনোবাই পৰামৰ্শ পালন কৰিবলৈ সন্মতি নহয়, সেইসময়ত ধৈৰ্য্য ধৰা আৰু দয়া দেখুৱাটো অতি প্ৰয়োজন হয়। যদি কোনো এজন ব্যক্তিক পৰামৰ্শ দিয়াৰ সময়ত তেওঁ সেই পৰামৰ্শ লগে লগে পালন নকৰে, তেনেহʼলে সেইসময়ত প্ৰাচীনসকলে ধৈৰ্য্য ধৰা উচিত। তেওঁ যীচুৰ দৰে হোৱা উচিত, যাৰ বিষয়ে ভৱিষ্যতবাণীত এইদৰে কোৱা হৈছিল: ‘তেওঁ থেঁতেলা নল নাভাঙিব, ধোৱাই থকা শলিতাও নুনুমাব।’ (মথি ১২:২০) সেই ভাই বা ভনীক কিয় পৰামৰ্শ দিয়া হৈছে সেই বিষয়ে যাতে তেওঁলোকে বুজি পাই আৰু সেই পৰামৰ্শ যাতে তেওঁলোকে পালন কৰে, তাৰ বাবে প্ৰাচীনজনে সহায় বিচাৰি যিহোৱালৈ অকলে প্ৰাৰ্থনা কৰা উচিত। কিছুমান ভাই-ভনীক পৰামৰ্শ পালন কৰিবলৈ সময়ৰ প্ৰয়োজন হয়। সেইবাবে, যদি এজন প্ৰাচীনে ধৈৰ্য্য ধৰে আৰু তেওঁলোকৰ লগত দয়াৰে ব্যৱহাৰ কৰে, তেনেহʼলে আনে সহজে তেওঁৰ পৰামৰ্শ পালন কৰিব পাৰিব। ইয়াৰ উপৰিও প্ৰাচীনসকলে সদায় বাইবেলৰপৰা পৰামৰ্শ দিয়া উচিত।

১৮. (ক) পৰামৰ্শ দিয়াৰ ক্ষেত্ৰত আমি কি কি কথা মনত ৰখা উচিত?(খ) বক্সত দিয়া ছবিখনত পিতৃ-মাতৃয়ে কি কথা পাতি আছে?

১৮নিজৰ ভুলৰপৰা শিকক। আমি সকলোৱে অসিদ্ধ হোৱাৰ বাবে এই লেখত দিয়া পৰামৰ্শবোৰ সম্পূৰ্ণকৈ পালন কৰিব নোৱাৰোঁ। (যাকো. ৩:২) আমাৰপৰা ভুল হʼব পাৰে, হয়তো আমি এনে কাম কৰিব পাৰোঁ বা এনে কথা কʼব পাৰোঁ, যাৰ পৰা ভাই-ভনীসকলে আঘাত পায়। কিন্তু আমি নিজৰ ভুলৰপৰা শিকিব লাগিব আৰু ভাই-ভনীসকলক প্ৰেম কৰিব লাগিব। যেতিয়া তেওঁলোকে আমাৰ প্ৰেম অনুভৱ কৰিব, তেতিয়া তেওঁলোকে আমাৰ ভুলবোৰ ক্ষমা কৰিব পাৰিব।—“ পিতৃ-মাতৃসকলৰ বাবে” নামৰ বক্স চাওক।

আমি কি শিকিলোঁ?

১৯. ভাই-ভনীসকলৰ মন আনন্দিত কৰিবলৈ আমি কি কৰিব লাগিব?

১৯ আমি শিকিলোঁ যে ভালদৰে পৰামৰ্শ দিয়াটো সহজ নহয়। কিয়নো আমি অসিদ্ধ হওঁ আৰু আমাৰ ভাই-ভনীসকলেও অসিদ্ধ হয়। সেইবাবে, এই লেখত কোৱা কথাবোৰ মনত ৰখাটো ভাল হʼব। যেনে, আমি ধ্যান দিয়া উচিত যে আমি যাতে সঠিক কাৰণৰ বাবে ভাই-ভনীসকলক পৰামৰ্শ দিওঁ। পৰামৰ্শ দিয়াৰ আগতে আমি নিশ্চিত হোৱা উচিত যে সঁচাকৈ তেওঁক পৰামৰ্শ দিয়াৰ প্ৰয়োজন আছেনে আৰু পৰামৰ্শ কোনে দিলে ভাল হʼব? আমি তেওঁলোকৰ পৰিস্থিতিও বুজিবলৈ চেষ্টা কৰা উচিত। ইয়াৰ বাবে আমি তেওঁলোকক প্ৰশ্ন সুধিব লাগিব আৰু তেওঁলোকৰ কথা মনোযোগেৰে শুনিব লাগিব। আমি ভাই-ভনীসকলৰ ভাল বন্ধু হোৱা উচিত আৰু তেওঁলোকৰ লগত প্ৰেমেৰে ব্যৱহাৰ কৰা উচিত। মনত ৰাখিব যে আমাৰ পৰামৰ্শৰপৰা ভাই-ভনীসকলে লাভৱান হোৱাৰ লগতে তেওঁলোকৰ ‘মন আনন্দিত’ হোৱাটো আমি বিচাৰোঁ।—হিতো. ২৭:৯.

গীত ১০৩ মেৰৰক্ষীয়া, মানুহৰ ৰূপত বৰ

^ অনু. 5 আনক পৰামৰ্শ দিয়াটো সদায় সহজ নহয়। কিন্তু যদি পৰামৰ্শ দিবলগীয়া হয়, তেনেহ’লে এয়া আমি কেনেকৈ কৰিব পাৰোঁ যাৰ পৰা আনে উৎসাহিত হ’ব আৰু লাভৱান হ’ব? এই লেখটো বিশেষকৈ প্ৰাচীনসকলক পৰামৰ্শ দিয়াত সহায় কৰিব, যাতে ভাই-ভনীসকলে তেওঁলোকৰ পৰামৰ্শ শুনি পালন কৰিব পাৰে।

^ অনু. 11 ফেব্ৰুৱাৰী ২০২১ চনৰ প্ৰহৰীদুৰ্গতমণ্ডলীত প্ৰাচীনসকলৰ ভূমিকা কি” নামৰ লেখটো পঢ়ক।