Skip to content

Skip to table of contents

অধ্যয়নৰ লেখ ৯

যীচুৰ দৰে আনক সহায় কৰক

যীচুৰ দৰে আনক সহায় কৰক

“গ্ৰহণ কৰাতকৈ দান কৰা ধন্য।”—পাঁচ. ২০:৩৫.

গীত ১৭ “মই ইচ্ছা কৰিছোঁ”

লেখৰ এক আভাস *

১. যিহোৱাৰ সেৱকসকলে কি ভাবনাৰে সেৱা কৰে?

বাইবেলত ভৱিষ্যতবাণী কৰা হৈছিল যে ঈশ্বৰৰ লোকসকলে নিজৰ “ইচ্ছামতে” অৰ্থাৎ স্ব-ইচ্ছাৰ ভাবনাৰে তেওঁৰ সেৱা কৰিব। (গীত. ১১০:৩) যীচুৰ অধীনত থাকি তেওঁলোকে এইদৰে কৰিব। এই ভৱিষ্যতবাণী বৰ্তমান সময়তো পূৰ হৈ আছে। প্ৰতিবছৰে যিহোৱাৰ সেৱকসকলে শুভবাৰ্তা প্ৰচাৰ কৰিবলৈ লাখ লাখ ঘন্টা সময় অতিবাহিত কৰে। এই কামৰ বাবে তেওঁলোকক টকা-পইচা দিয়া নহয়। ইয়াৰ পৰিৱৰ্তে তেওঁলোকে নিজৰ ইচ্ছামতে এই কাম কৰে। ইয়াৰ লগতে তেওঁলোকে এজনে-আনজনক সহায় কৰিবলৈ, সাহস আৰু বিশ্বাস বঢ়াবলৈ সময় উলিয়ায়। প্ৰাচীন আৰু পৰিচাৰকসকলেও আনক সহায় কৰিবলৈ বহু সময় দিয়ে। যেনে, তেওঁলোকে সভাত নিজৰ ভাগ ভালদৰে দিবলৈ প্ৰস্তুতি কৰে আৰু ভাই-ভনীসকলক লগ কৰি তেওঁলোকক উৎসাহিত কৰে। ঈশ্বৰৰ লোকসকলে ইমান পৰিশ্ৰম কিয় কৰে? কিয়নো তেওঁলোকে যিহোৱা আৰু নিজৰ ওচৰ-চুবুৰীয়াক প্ৰেম কৰে।—মথি ২২:৩৭-৩৯.

২. ৰোমীয়া ১৫:১-৩ পদৰ অনুসৰি যীচুৱে কোনটো ক্ষেত্ৰত ভাল উদাহৰণ ৰাখিলে?

যীচুৱে সদায় নিজতকৈ বেছি আনৰ বিষয়ে চিন্তা কৰিছিল। আমিও যীচুৰ দৰে হʼবলৈ সম্পূৰ্ণৰূপে চেষ্টা কৰোঁ। (ৰোমীয়া ১৫:১-৩ পঢ়ক।) যীচুক অনুকৰণ কৰিলে আমাৰ বহুতো লাভ হʼব। তেওঁ এইদৰে কৈছিল, “গ্ৰহণ কৰাতকৈ দান কৰা ধন্য।”—পাঁচ. ২০:৩৫.

৩. এই লেখত আমি কিহৰ বিষয়ে শিকিম?

এই লেখত আমি শিকিম যে যীচুৱে আনক সহায় কৰিবলৈ কি কি ত্যাগ কৰিছিল আৰু আমি তেওঁক কেনেকৈ অনুকৰণ কৰিব পাৰোঁ। আমি এয়াও শিকিম যে আনক সহায় কৰাৰ আমাৰ যি ইচ্ছা আছে, সেয়া আমি কেনেকৈ বঢ়াব পাৰোঁ।

যীচুৰ দৰে ত্যাগ কৰক

যীচুৱে ভাগৰি যোৱাৰ সত্ত্বেও যেতিয়া এটা ডাঙৰ ভীৰ তেওঁৰ ওচৰলৈ আহিছিল, তেতিয়া তেওঁ কি কৰিলে? (অনুচ্ছেদ ৪ চাওক)

৪. যীচুৱে নিজতকৈ আনৰ বিষয়ে বেছি চিন্তা কৰে বুলি কেনেকৈ দেখুৱালে?

যীচুৱে ভাগৰি পৰাৰ সত্ত্বেও আনক সহায় কৰিছিল। এবাৰ যেতিয়া যীচুৱে হয়তো কফৰনাহূমৰ ওচৰত আছিল, তেতিয়া তেওঁ গোটেই ৰাতি প্ৰাৰ্থনা কৰিছিল। পাছদিনাখন তেওঁ হয়তো বহুত ভাগৰি পৰিছিল। কিন্তু লোকসকলৰ এটা ডাঙৰ ভীৰে যেতিয়া তেওঁৰ ওচৰলৈ আহে, তেতিয়া তেওঁ কি কৰিছিল তালৈ মন কৰক। যীচুৱে দেখিলে যে তেওঁলোকৰ মাজৰ বহুতোলোক দুখীয়া আৰু বেমাৰী হয়। এয়া দেখি যীচুৰ তেওঁলোকৰ প্ৰতি মৰম লাগিল। তেওঁ বেমাৰীসকলক সুস্থ কৰাৰ লগতে এটা ভাষণো দিছিল আৰু এয়া ‘পৰ্ব্বতীয়া উপদেশ’ নামেৰে জানাজাত।—লূক ৬:১২-২০.

আমি কেনেকৈ যীচুৰ দৰে ত্যাগ কৰিব পাৰোঁ? (অনুচ্ছেদ ৫ চাওক)

৫. পৰিয়ালৰ মুৰব্বীয়ে ভাগৰি যোৱাৰ সত্ত্বেও কি কৰে?

পৰিয়ালৰ মুৰব্বীয়ে কেনেকৈ যীচুৰ দৰে ত্যাগ কৰে। এটা উদাহৰণলৈ মন কৰক। এজন ভায়ে গোটেই দিন কাম কৰি ভাগৰি ঘৰলৈ উভতি আহে। তেওঁ ভাবে যে ‘পাৰিবাৰিক উপাসনা আজি নকৰোঁ, বেলেগ এদিনাখন কৰিম।’ কিন্তু ইয়াৰ পাছত তেওঁ শক্তি বিচাৰি যিহোৱালৈ প্ৰাৰ্থনা কৰে। যিহোৱাই তেওঁৰ প্ৰাৰ্থনা শুনে আৰু ভাইজনে নিজৰ পৰিয়ালৰ লগত মিলি পাৰিবাৰিক উপাসনা কৰিব পাৰে। সেইদিনাখন তেওঁলোকৰ লʼৰা-ছোৱালীয়ে এটা গুৰুত্বপূৰ্ণ শিক্ষা লাভ কৰে। সেয়া হৈছে তেওঁলোকৰ পিতৃ-মাতৃৰ বাবে যিহোৱাৰ উপাসনা কৰাটোৱেই আটাইতকৈ গুৰুত্বপূৰ্ণ।

৬. যীচুৱে লোকসকলক কেনেকৈ সময় দিছিল এটা উদাহৰণ দি বুজাওক।

যীচুৱে লোকসকলক সময় দিছিল। কল্পনা কৰক যেতিয়া যীচুৱে খবৰ পালে যে তেওঁৰ বন্ধু যোহন বাপ্তাইজৰ মূৰ কাটি দিয়া হʼল, তেতিয়া তেওঁৰ হয়তো বহুত বেজাৰ লাগিছিল। বাইবেলত এইদৰে লিখা আছে, “যীচুৱে তাকে শুনি, তাৰ পৰা আঁতৰি গৈ, নিৰ্জন ঠাইলৈ নাৱেৰে পৃথক হৈ গল।” (মথি ১৪:১০-১৩) আমি এয়া ভালদৰে বুজি পাওঁ যে যীচুৱে কিয় অকলে থাকিব বিচাৰিছিল। বৰ্তমান সময়তো বহুতোলোকে নিজৰ আপোনজনাৰ মৃত্যু হʼলে কিছু সময়লৈকে অকলে থাকিব বিচাৰে। কিন্তু যীচুৱে অকলে থাকিব নোৱাৰিলে। যেতিয়া তেওঁ নিৰ্জন ঠাইত পালেগৈ, তেতিয়া তেওঁ দেখিলে যে লোকসকলৰ এটা ডাঙৰ ভীৰে তেওঁৰ কথা শুনিবলৈ আগতীয়াকৈ তাত উপস্থিত আছে। সেইসময়ত যীচুৱে কি কৰিলে? তেওঁ লোকসকলৰ বিষয়ে চিন্তা কৰিলে। লোকসকলক দেখি “তেওঁৰ মৰম লাগিল।” তেওঁ বুজি পালে যে লোকসকলে ঈশ্বৰৰ বিষয়ে জানিব বিচাৰিছে। সেইবাবে, তেওঁ লোকসকলক কিছুমান কথা কৈ পঠিয়াই দিয়াৰ পৰিৱৰ্তে “তেওঁ তেওঁবিলাকক অনেক উপদেশ দিবলৈ ধৰিলে।”—মাৰ্ক ৬:৩১-৩৪; লূক ৯:১০, ১১.

৭-৮. প্ৰাচীনসকলে কেনেকৈ যীচুৰ দৰে ত্যাগ কৰে এটা উদাহৰণ দি বুজাওক।

প্ৰাচীনসকলে কেনেকৈ যীচুৰ দৰে ত্যাগ কৰে। প্ৰাচীনসকলে আমাৰ বাবে বহুত পৰিশ্ৰম কৰে, সেইবাবে আমি তেওঁলোকৰ প্ৰতি কৃতজ্ঞ। তেওঁলোকৰ বেছিভাগ কামৰ বিষয়ে মণ্ডলীৰ ভাই-ভনীসকলে নাজানে। উদাহৰণস্বৰূপে, যেতিয়া হঠাতে কোনো ভাই বা ভনীৰ চিকিৎসাৰ লগত জড়িত কিবা সমস্যা হয়, তেতিয়া চিকিৎসালয় যোগোযোগ সমিটিৰ ভাইসকলে লগে লগে তেওঁলোকক সহায় কৰিবলৈ যায়। প্ৰায়ে এনেধৰণৰ সমস্যা ৰাতি হয়। তথাপিও প্ৰাচীনসকলে সময়ৰ প্ৰতি ধ্যান নিদিয়ে। প্ৰাচীন আৰু তেওঁৰ পৰিয়ালে ভাই-ভনীসকলক প্ৰেম কৰে আৰু সেইবাবে ত্যাগ কৰিবলৈ সদায় সাজু থাকে।

প্ৰাচীনসকলে সাহাস্যৰ সামগ্ৰী দিবলৈ, ৰাজ্যগৃহ আৰু আন পকী ঘৰ বা বিল্ডিঙবোৰ নিৰ্মাণ কৰাটো ভাগ লয়। ইয়াৰ উপৰিও তেওঁলোকে মণ্ডলীৰ ভাই-ভনীসকলক শিকাবলৈ আৰু তেওঁলোকক উৎসাহিত কৰিবলৈ বহু সময় অতিবাহিত কৰে। প্ৰাচীন আৰু তেওঁৰ পৰিয়ালে যি ত্যাগ কৰে, সেয়া সঁচাকৈ প্ৰশংসাৰ যোগ্য। তেওঁলোকে এইদৰেই ত্যাগ কৰি থাকিবলৈ যিহোৱাই যাতে তেওঁলোকক সহায় কৰে, তাৰ বাবে আমি প্ৰাৰ্থনা কৰা উচিত। কিন্তু যিদৰে আন ভাইসকলে নিজৰ পৰিয়ালক সময় দিয়ে, ঠিক সেইদৰে প্ৰাচীনসকলেও মণ্ডলীক সময় দিয়াৰ লগতে নিজৰ পৰিয়ালকো সময় দিয়া উচিত।

ত্যাগৰ ভাবনা বঢ়াবলৈ কি কৰা উচিত?

৯. ফিলিপীয়া ২:৪, ৫ পদৰ অনুসৰি খ্ৰীষ্টানসকলৰ চিন্তাধাৰা কেনে হোৱা উচিত?

ফিলিপীয়া ২:৪, ৫ পঢ়ক। এয়া সঁচা যে আমাৰ মাজৰ সকলোৱে প্ৰাচীন নহয়, কিন্তু আমি সকলোৱে যীচুৰ দৰে ত্যাগৰ ভাবনা দেখুৱাব পাৰোঁ। বাইবেলত লিখা আছে যে যীচুৱে এজন “দাসৰ ৰূপ ধাৰণ” কৰিলে। (ফিলি. ২:৭) মন কৰক ইয়াৰ অৰ্থ কি? এজন পৰিশ্ৰমী দাস বা সেৱকে নিজৰ মালিকৰ সেৱা কৰিবলৈ সুযোগ বিচাৰি থাকে। আমি সকলোৱে যিহোৱাৰ দাস হয় আৰু নিজৰ ভাই-ভনীসকলক সহায় কৰোঁ। আমাৰ ইচ্ছা হৈছে যিহোৱাৰ সেৱা কৰা আৰু ভাই-ভনীসকলক সহায় কৰা। আমি এই ইচ্ছা কেনেকৈ বঢ়াব পাৰোঁ?

১০. আমি নিজকে কি কি প্ৰশ্ন সোধা উচিত?

১০নিজকে চালি-জাৰি চাওক। আমি নিজকে এইদৰে প্ৰশ্ন সোধা উচিত, ‘মই আনক সহায় কৰিবলৈ সাজু থাকোঁনে? যেনে, যদি মোক এজন বৃদ্ধ ভাইক লগ কৰিবলৈ বা এগৰাকী বৃদ্ধ ভনীক সভালৈ আনিবলৈ কোৱা হয়, তেনেহʼলে মই কি কৰিম? যদি অধিৱেশনৰ ঠাইত চাফ-চিকুন কৰিবলৈ আৰু ৰাজ্যগৃহ চোৱা-চিতা কৰিবলৈ সহায়ৰ প্ৰয়োজন হয়, তেনেহʼলে মই সহায় কৰিমনে?’ যেতিয়া আমি নিজৰ জীৱন যিহোৱালৈ সমৰ্পণ কৰিছিলোঁ, তেতিয়া আমি প্ৰতিজ্ঞা কৰিছিলোঁ যে আমি তেওঁৰ সেৱা কৰিবলৈ সকলো ত্যাগ কৰিম। আমি নিজৰ সময়, শক্তি আৰু টকা-পইচা আনক সহায় কৰাত ব্যৱহাৰ কৰাটো যিহোৱাই বিচাৰে। সেইবাবে, যেতিয়া আমি এনেধৰণৰ ত্যাগ কৰোঁ, তেতিয়া তেওঁ আনন্দিত হয়। যদি ত্যাগ কৰিবলৈ আমাৰ বাবে কঠিন হয়, তেনেহʼলে আমি কি কৰিব পাৰোঁ?

১১. যদি আমাক ত্যাগ কৰিবলৈ কঠিন লাগে, তেনেহʼলে আমি কি কৰা উচিত?

১১যিহোৱালৈ প্ৰাৰ্থনা কৰক। ধৰি লওক আপুনি নিজকে চালি-জাৰি চোৱাৰ পাছত আপোনাৰ অনুভৱ হʼল যে আপোনাক আৰু ত্যাগৰ ভাবনা দেখুৱাৰ প্ৰয়োজন আছে। কিন্তু এইদৰে কৰাৰ আপোনাৰ একেবাৰে ইচ্ছা নাই। এনে পৰিস্থিতিত আপুনি কি কৰিব? হৃদয় খুলি যিহোৱালৈ প্ৰাৰ্থনা কৰক আৰু আপুনি কি ভাবি আছে তাৰ বিষয়ে তেওঁক জনাওক। আপোনাৰ অন্তৰত ত্যাগ কৰাৰ ‘ইচ্ছা আৰু কাৰ্য্য-সাধন কৰাৰ’ শক্তি দিবলৈ যিহোৱাক কওক।—ফিলি. ২:১৩.

১২. মণ্ডলীত ডেকা ভাইসকলে কি কৰিবলৈ আগবাঢ়ি আহিব পাৰে?

১২ আপুনি এজন ডেকা ভাই হয়নে আৰু আপোনাৰ বাপ্তিষ্মা হৈ গʼলনে? যদি হয়, তেনেহʼলে আপোনাৰ অন্তৰত ভাই-ভনীসকলক সহায় কৰাৰ ইচ্ছা জন্মাবলৈ যিহোৱালৈ প্ৰাৰ্থনা কৰক। বহুতো দেশত পৰিচাৰকসকলতকৈ প্ৰাচীনৰ সংখ্যা বেছি। যিসকল পৰিচাৰক আছে, তেওঁলোকৰ মাজৰ বেছিভাগ ভাই মধ্যবয়স্ক বা বৃদ্ধ হয়। সংগঠনত ভাই-ভনীসকলৰ সংখ্যা বাঢ়ি যোৱাৰ বাবে তেওঁলোকক চোৱা-চিতা কৰাৰ বাবে প্ৰাচীনসকলক ডেকা ভাইসকলৰ বহুত প্ৰয়োজন আছে। যদি তেওঁলোকক সহায় কৰিবলৈ আপুনি আগবাঢ়ি আহে, তেনেহʼলে আপোনাৰ বহুতো লাভ হʼব। এইদৰে কৰাৰ বাবে যিহোৱা, ভাই-ভনীসকল আৰু লগতে আপুনিও বহুত আনন্দিত হʼব।

যিহূদিয়াৰ খ্ৰীষ্টানসকলে যৰ্দন নদী পাৰ হৈ পেল্লা চহৰলৈ পলাই গৈছিল। যিসকল লোকে সেই চহৰখনত আগতে উপস্থিত হৈছিল, তেওঁলোকে অলপতে অহা খ্ৰীষ্টানসকলক খাদ্য সামগ্ৰী বিতৰণ কৰি আছে (অনুচ্ছেদ ১৩ চাওক)

১৩-১৪. ভাই-ভনীসকলক সহায় কৰিবলৈ আমি কি কৰিব পাৰোঁ? (বেটুপাতত দিয়া ছবিখন চাওক।)

১৩কোনলোকসকল সহায়ৰ প্ৰয়োজন আছে, তালৈ ধ্যান দিয়ক। পাঁচনি পৌলে যিহূদিয়াৰ খ্ৰীষ্টানসকলক যি চিঠি লিখিছিল তাত এইদৰে লিখা আছে, “উপকাৰ আৰু সহভাগিতাৰ কাৰ্য্য নাপাহৰিবা; কিয়নো এনে যজ্ঞত ঈশ্বৰ সন্তুষ্ট হয়।” (ইব্ৰী ১৩:১৬) এয়া এক ভাল পৰামৰ্শ আছে। পৌলৰ চিঠিখন পোৱাৰ অলপ পাছত তেওঁলোকে ‘পৰ্ব্বতলৈ পলাই যাবলগীয়া’ হʼল। (মথি ২৪:১৬) ইয়াৰ বাবে তেওঁলোকে সকলো এৰি যাবলগীয়া হৈছিল। যেনে, নিজৰ ঘৰ, ব্যৱসায় আৰু সত্যত নথকা সম্বন্ধীয় লোকসকলক। এনে পৰিস্থিতিত তেওঁলোকে এজনে-আনজনক সহায় কৰাটো অতি প্ৰয়োজন আছিল। যদি তেওঁলোকে পলাই যোৱাৰ আগতে পৌলৰ পৰামৰ্শ পালন কৰিলে, তেনেহʼলে পাছলৈয়ো হয়তো তেওঁলোকক এই পৰামৰ্শ পালন কৰিবলৈ সহজ হʼল। এইদৰে কৰাৰ বাবে তেওঁলোকে নতুন ঠাইলৈ গৈ কম বস্তু-বাহিনীৰে জীৱন-যাপন কৰিব পাৰিলে।

১৪ আমাৰ ভাই-ভনীসকলক সহায়ৰ প্ৰয়োজন আছে বুলি তেওঁলোকে হয়তো সদায় নকʼবও পাৰে। উদাহৰণস্বৰূপে, যেতিয়া এজন ভাইৰ পত্নীৰ মৃত্যু হয়, তেতিয়া তেওঁক হয়তো আহাৰ ৰান্ধিবলৈ, কʼৰবালৈ অহা-যোৱা কৰিবলৈ বা ঘৰৰ কাম কৰিবলৈ সহায়ৰ প্ৰয়োজন হʼব পাৰে। তেওঁ হয়তো আনক ইয়াৰ বিষয়ে নকʼবও পাৰে, কিয়নো তেওঁ আনৰ বাবে বোজা হʼব নিবিচাৰে। কিন্তু আমি যদি আগবাঢ়ি গৈ নিজে তেওঁক সহায় কৰোঁ, তেনেহʼলে তেওঁক বহুত ভাল লাগিব। আনে তেওঁক সহায় কৰিব বা যদি তেওঁক কিবা সহায়ৰ প্ৰয়োজন হয়, তেনেহʼলে তেওঁ নিজে কʼব বুলি ভবা আমি উচিত নহয়। ইয়াৰ পৰিৱৰ্তে আমি এইদৰে ভবা উচিত, ‘মই তেওঁৰ ঠাইত থকা হʼলে মোক কি বস্তু আৰু কিহৰ বাবে সহায়ৰ প্ৰয়োজন হʼলহেঁতেন?’

১৫. আনক সহায় কৰিবলৈ আমি কেনে ধৰণৰ ব্যক্তি হʼব লাগিব?

১৫মিলা-প্ৰীতিৰে থাকক। আমাৰ মণ্ডলীত নিশ্চয় এনে ভাই-ভনীসকল আছে, যিসকলে সদায় আনক সহায় কৰে। তেওঁলোকে আমাক কেতিয়াও এইদৰে অনুভৱ নকৰাই যে আমি তেওঁলোকক আমনি দিছোঁ বা আমি তেওঁলোকৰ বাবে বোজা হয়। আমি এয়াও জানোঁ যে যেতিয়া আমাক সহায়ৰ প্ৰয়োজন হয়, তেতিয়া আমি তেওঁলোকৰপৰা সহায় বিচাৰিব পাৰোঁ। তেওঁলোকক চাই আমাকো তেওঁলোকৰ দৰে হʼবলৈ মন যায়। এজন ৪৫ বছৰীয়া প্ৰাচীন ভাই এলনে এইদৰে কৈছে, “যীচু বহুত ব্যস্ত আছিল, তথাপি তেওঁ লোকসকলৰ বাবে সময় উলিয়াইছিল। তেওঁ লোকসকলৰ প্ৰতি সঁচাকৈ চিন্তা কৰিছিল। সেইবাবে, সৰু-ডাঙৰ সকলোৱে তেওঁৰ কাষ চাপিছিল। লোকসকলে কোনো সংকোচ নকৰাকৈ তেওঁৰপৰা সহায় বিচাৰিছিল। মইয়ো যীচুক অনুকৰণ কৰিব বিচাৰোঁ। লোকসকলে মোক নিজৰ বন্ধু বুলি ভবা আৰু কোনো সংকোচ নকৰাকৈ মোৰ কাষ চপাটো মই বিচাৰোঁ।”

১৬. গীতমালা ১১৯:৫৯, ৬০ পদৰ অনুসৰি যীচুৰ আৰ্হিক অনুকৰণ কৰিবলৈ আমি কি কৰা উচিত?

১৬ আমি সম্পূৰ্ণৰূপে যীচুৰ দৰে হʼব নোৱাৰোঁ বুলি ভাবি নিৰাশ হোৱা উচিত নহয়। (যাকো. ৩:২) এটা উদাহৰণলৈ মন কৰক। এজন বিদ্যাৰ্থীয়ে এনে এজন শিক্ষকৰপৰা ছবি আকিবৈল শিকি আছে, যিজন শিক্ষকে ভালদৰে ছবি আকিবলৈ জানে। বিদ্যাৰ্থীজনে হয়তো নিজৰ শিক্ষকৰ নিচিনা ছবি আকিব নোৱাৰে। কিন্তু তেওঁ যদি নিজকে শুধৰণি কৰে আৰু পৰিশ্ৰম কৰে, তেনেহʼলে তেওঁ শিক্ষকৰ নিচিনা ছবি আকিব পাৰিব। ঠিক সেইদৰে আমি যীচুৰ দৰে সম্পূৰ্ণৰূপে হʼব নোৱাৰো। কিন্তু আমি যদি বাইবেল অধ্যয়ন কৰোঁ আৰু নিজকে সলনি কৰোঁ, তেনেহʼলে আমি যীচুৰ আৰ্হিক অনুকৰণ কৰিব পাৰিম।—গীতমালা ১১৯:৫৯, ৬০ পঢ়ক।

ত্যাগ কৰাৰ লাভ

যেতিয়া প্ৰাচীনসকলে যীচুৰ দৰে ত্যাগ কৰে, তেতিয়া তেওঁলোকে ডেকাসকলৰ বাবে এটা ভাল উদাহৰণ ৰাখে (অনুচ্ছেদ ১৭ চাওক) *

১৭-১৮. যীচুৰ দৰে ত্যাগ কৰিলে আমাৰ কি লাভ হʼব?

১৭ যেতিয়া আমি লোকসকল সহায় কৰোঁ, তেতিয়া এয়া দেখি আন ভাই-ভনীসকলেও আনক সহায় কৰিবলৈ উৎসাহিত হয়। টিন নামৰ প্ৰাচীনজনে এইদৰে কৈছে, “আমাৰ মণ্ডলীৰ বহুতো ডেকা ভায়ে পৰিচাৰক হʼল। ইয়াৰ এটা কাৰণ হৈছে তেওঁলোকে আন ভাই-ভনীসকলৰপৰা সহায় কৰিবলৈ শিকিলে। এই ডেকা ভাইসকলে মণ্ডলীৰ ভাই-ভনীসকলক আৰু প্ৰাচীনসলক বহুত সহায় আগবঢ়ায়।”

১৮ বৰ্তমান সময়ত পৃথিৱীৰ বেছিভাগ লোকেই স্বাৰ্থপৰ হয়। কিন্তু যিহোৱাৰ সেৱকসকল তেওঁলোকৰ দৰে নহয়। যীচুৰ ত্যাগৰ ভাবনাই আমাৰ ওপৰত ভাল প্ৰভাৱ পেলাইছে আৰু সেইবাবে আমি যীচুক অনুকৰণ কৰিবলৈ থিৰাং কৰিছোঁ। এয়া সঁচা যে আমি সম্পূৰ্ণৰূপে তেওঁৰ দৰে হʼব নোৱাৰো, কিন্তু আমি “খ্ৰীষ্টৰ খোজৰ অনুগামী” নিশ্চয় হʼব পাৰিম। (১ পিত. ২:২১) যদি আমি যীচুৰ দৰে ত্যাগ কৰোঁ, তেনেহʼলে যিহোৱাই আমাক আশীৰ্বাদ দিব আৰু ইয়াৰ বাবে আমি আনন্দিত হʼম।

গীত ১৩ খ্ৰীষ্ট আমাৰ আৰ্হি

^ অনু. 5 যীচুৱে সদায় আনৰ বিষয়ে চিন্তা কৰিছিল আৰু তেওঁলোকক সহায় কৰিছিল। এই লেখত আমি শিকিম যে আমি যীচুৰ দৰে কেনেকৈ হʼব পাৰোঁ আৰু এইদৰে কৰিলে কি কি লাভ হʼব।

^ অনু. 57 ছবিৰ বিষয়ে: ডেন নামৰ এজন ডেকা ভায়ে দেখিছে যে চিকিৎসালয়ত তেওঁৰ পিতৃক লগ কৰিবলৈ দুজন প্ৰাচীন আহিছে। এয়া চাই তেওঁক বহুত ভাল লাগিল। প্ৰাচীনসকলৰ দৰে তেৱোঁ মণ্ডলীৰ ভাই-ভনীসকলক সহায় কৰিবলৈ আগবাঢ়ি আহে। তেওঁক দেখি বেনী নামৰ আন এজন ডেকা ভায়ে উৎসাহিত হয়। তেৱোঁ ডেনৰ দৰে ৰাজ্যগৃহৰ চাফ-চিকুন কৰাৰ কামত ভাগ লৈছে।