Skip to content

Skip to table of contents

অধ্যয়নৰ লেখ ১৩

সত্য উপাসনা কৰি আনন্দিত থাকক

সত্য উপাসনা কৰি আনন্দিত থাকক

“হে আমাৰ প্ৰভু ঈশ্বৰ, তুমিয়েই প্ৰশংসা, সমাদৰ আৰু পৰাক্ৰম পোৱাৰ যোগ্য।”—প্ৰকা. ৪:১১.

গীত ৩১ ঈশ্বৰৰ সৈতে চলক!

লেখৰ এক আভাস *

১-২. যদি যিহোৱাই আমাৰ উপাসনাৰপৰা আনন্দিত হোৱাটো বিচাৰোঁ, তেনেহʼলে আমি কি কৰিব লাগিব?

 উপাসনা, এই শব্দটো শুনিলে আপোনাৰ মনলৈ কেনেধৰণৰ ছবি ভাহি আহে। হয়তো এখন ৰাজ্যগৃহৰ ছবি আপোনাৰ মনলৈ আহিব পাৰে, যʼত ভাই-ভনীসকলে সভাৰ কাৰণে একগোট হৈছে। আনহাতে এনে এটা পৰিয়ালৰ ছবি মনলৈ আহিব পাৰে, যিসকলে একেলগে মিলি পাৰিবাৰিক উপাসনা কৰি আছে আৰু বহুত আনন্দিত আছে।

যিহোৱাই সেই ভাই-ভনীসকল আৰু সেই পৰিয়ালৰ উপাসনাৰপৰা আনন্দিত নে? যদি তেওঁলোকে যিহোৱাৰ ইচ্ছা অনুসৰি জীৱন-যাপন কৰে, তেওঁক প্ৰেম কৰে আৰু তেওঁক সন্মান কৰে, তেনেহʼলে যিহোৱাই নিশ্চয় তেওঁলোকৰ উপাসনাৰপৰা আনন্দিত হʼব। আমিও যিহোৱাক বহুত প্ৰেম কৰোঁ। আমি জানোঁ যে আমি কেৱল তেওঁৰহে উপাসনা কৰা উচিত। সেইবাবে, আমি মনে-প্ৰাণে তেওঁৰ সেৱা কৰিব বিচাৰোঁ।

৩. এই লেখত আমি কিহৰ বিষয়ে শিকিম?

এই লেখত আমি শিকিম যে প্ৰাচীন সময়ত যিহোৱাই কেনেধৰণৰ উপাসনাৰপৰা আনন্দিত হৈছিল। ইয়াৰ পাছত এনে আঠটা কামৰ বিষয়ে আলোচনা কৰিম, যিবোৰ আজি আমাৰ উপাসনাৰ ভাগ হয়। এই লেখখন আলোচনা কৰাৰ সময়ত চিন্তা কৰক যে আপুনি আৰু ভালদৰে কেনেকৈ উপাসনা কৰিব পাৰে। অৱশেষত আমি শিকিম যে যিহোৱাৰ উপাসনা কৰিলে আমি কিয় আনন্দ লাভ কৰোঁ।

প্ৰাচীন সময়ত যিহোৱাৰ উপাসনা

৪. যিহোৱাক প্ৰেম আৰু সন্মান কৰাৰ বাবে প্ৰাচীন সময়ত তেওঁৰ সেৱকসকলে কি কৰিলে?

হেবল, নোহ, অব্ৰাহাম আৰু ইয়োবৰ নিচিনা লোকসকলে যিহোৱাৰ বহুত সন্মান কৰিছিল আৰু তেওঁক বহুত প্ৰেম কৰিছিল। সেইবাবে, তেওঁলোকে যিহোৱাৰ আজ্ঞা পালন কৰিলে, তেওঁৰ ওপৰত বিশ্বাস কৰিলে আৰু তেওঁৰ বাবে বলিদান আগবঢ়ালে। তেওঁলোকে যিহোৱাৰ উপাসনা কেনেকৈ কৰিব লাগিব, তাৰ বিষয়ে তেওঁলোকক হয়তো স্পষ্টকৈ কোৱা নাছিল। কিন্তু তেওঁলোকে নিশ্চয় মনে-প্ৰাণে যিহোৱাৰ উপাসনা কৰিছিল। সেইবাবে, যিহোৱাই তেওঁলোকৰ উপাসনাৰপৰা আনন্দিত আছিল। পাছত যিহোৱাই ইস্ৰায়েলীসকলক মোচিৰ নিয়ম দিলে আৰু তাত যিহোৱাই উপাসনাৰ লগত জড়িত বহুতো নিয়ম দিলে। সেই নিয়মৰপৰা ইস্ৰায়েলীসকলে জানিব পাৰিলে যে যিহোৱাই কেনেধৰণৰ উপাসনা বিচাৰে।

৫. যীচুৰ মৃত্যু হোৱা আৰু তেওঁ জীৱিত হোৱাৰ পাছত কি সাল-সলনি হʼল?

কিন্তু যীচুৰ মৃত্যু হোৱা আৰু তেওঁ জীৱিত হোৱাৰ পাছত এটা ডাঙৰ সাল-সলনি হʼল। এতিয়া ঈশ্বৰৰ উপাসকসকলে মোচিৰ নিয়ম পালন কৰাৰ প্ৰয়োজন নাছিল। (ৰোম. ১০:৪) খ্ৰীষ্টানসকলক এটা নতুন বিধান দিয়া হʼল আৰু সেয়া হৈছে, “খ্ৰীষ্টৰ বিধান।” (গালা. ৬:২) এই বিধানত বহুতো নিয়ম দিয়া নাছিল, যিবোৰ খ্ৰীষ্টানসকলে মনত ৰাখি পালন কৰিব লাগিছিল। ইয়াৰ পৰিৱৰ্তে তেওঁলোকে যীচুৰ আৰ্হিক অনুকৰণ কৰাৰ প্ৰয়োজন আছিল আৰু তেওঁৰ শিক্ষাবোৰ পালন কৰাৰ প্ৰয়োজন আছিল। আজি আমিও খ্ৰীষ্টৰ বিধান পালন কৰোঁ। আমি খ্ৰীষ্টৰ আৰ্হিক অনুকৰণ কৰিবলৈ সম্পূৰ্ণৰূপে চেষ্টা কৰোঁ, যাতে যিহোৱাই আমাৰপৰা আনন্দিত হয় আৰু আমি “জিৰণি” পাওঁ।—মথি ১১:২৯.

৬. এই লেখখন আলোচনা কৰাৰ সময়ত আপুনি নিজকে কি কি প্ৰশ্ন সুধিব পাৰে?

এতিয়া আমি এটা এটাকৈ সেই কামবোৰৰ বিষয়ে আলোচনা কৰিম, যিবোৰ আমাৰ উপাসনাৰ ভাগ হয়। এইবোৰ আলোচনা কৰাৰ সময়ত আপুনি নিজকে সোধক যে ‘মই এই কাম ভালদৰে কৰি আছোঁনে বা মই কিবা শুধৰণি কৰাৰ প্ৰয়োজন আছে নেকি?’ যদি আপুনি এই কামবোৰ ভালদৰে কৰি আছে, তেনেহʼলে আনন্দিত হওক। কিন্তু আপোনাক যদি শুধৰণি কৰাৰ প্ৰয়োজন আছে, তেনেহʼলে যিহোৱালৈ প্ৰাৰ্থনা কৰি চিন্তা কৰক যে আপুনি কেনেকৈ শুধৰণি কৰিব পাৰে।

আজি আমি যিহোৱাৰ উপাসনা কেনেকৈ কৰোঁ?

৭. আমি হৃদয়ৰপৰা প্ৰাৰ্থনা কৰিলে যিহোৱাক কেনে লাগে?

যিহোৱালৈ প্ৰাৰ্থনা কৰি। বাইবেলত লিখা আছে যে আমাৰ প্ৰাৰ্থনা ধূপৰ নিচিনা হয়। আবাসত আৰু তাৰ পাছত মন্দিৰত যি ধূপ আগবঢ়োৱা হৈছিল, তাক বহুত মনোযোগেৰে প্ৰস্তুত কৰা হৈছিল। (গীত. ১৪১:২) সেই ধূপৰ সুগন্ধৰপৰা যিহোৱা আনন্দিত হৈছিল। ঠিক সেইদৰে আমি প্ৰাৰ্থনা কৰাৰ আগতে প্ৰস্তুতি কৰিব পাৰোঁ। আমি প্ৰাৰ্থনাত কি কি কম, তাৰ বিষয়ে চিন্তা কৰিব পাৰোঁ। যদি আমি হৃদয়ৰপৰা প্ৰাৰ্থনা কৰিম, তেনেহʼলে আমাৰ প্ৰাৰ্থনাৰ শব্দবোৰ যদিও সাধাৰণ হয়, তথাপি সেই প্ৰাৰ্থনা যিহোৱাই ‘গ্ৰহণ’ কৰিব। (হিতো. ১৫:৮; দ্বিতী. ৩৩:১০) যেতিয়া আমি যিহোৱাক কওঁ যে আমি তেওঁক কিমান প্ৰেম কৰোঁ আৰু তেওঁ আমাৰ বাবে যি কৰিলে, তাৰ প্ৰতি কৃতজ্ঞ হয়, তেতিয়া এয়া শুনি তেওঁক বৰ ভাল লাগে। আমি নিজৰ চিন্তা, সমস্যা, লক্ষ্য, আশা এই সকলো যিহোৱাক জনোৱাটো তেওঁ বিচাৰে। সেইবাবে, প্ৰাৰ্থনা কৰাৰ আগতে আপুনি অলপ সময় ৰৈ প্ৰাৰ্থনাত কি কি কʼব, তাৰ বিষয়ে চিন্তা কৰক। এইদৰে কৰিলে আপোনাৰ প্ৰাৰ্থনা উত্তম ‘ধূপৰ’ নিচিনা হʼব।

৮. আমি কেনেকৈ যিহোৱাৰ প্ৰশংসা কৰিব পাৰোঁ?

যিহোৱাৰ প্ৰশংসা কৰি। (গীত. ৩৪:১) যদি আমি হৃদয়ৰপৰা যিহোৱাৰ কৃতজ্ঞ হওঁ, তেনেহʼলে আমি নিশ্চয় তেওঁৰ প্ৰশংসা কৰিম। যদি আমি সময় উলিয়াই যিহোৱাই আমাৰ বাবে কি কি ভাল কাম কৰিলে তাৰ বিষয়ে চিন্তা কৰোঁ, তেনেহʼলে আমি তেওঁৰ প্ৰশংসা কৰিয়েই থাকিম। আমি লোকসকলক যিহোৱাৰ মনোমোহা গুণ আৰু কামবোৰৰ বিষয়ে জনাম। আনক প্ৰচাৰ কৰাৰ সময়ত আমি যিহোৱাৰ প্ৰশংসা কৰাৰ এটা ভাল সুযোগ পাওঁ। এইদৰে কৰাৰ যোগেদি আমি যিহোৱাক নিজৰ ‘স্তৱৰূপ যজ্ঞ, অৰ্থাৎ স্বীকাৰকাৰী ওঁঠৰ ফল উৎসৰ্গ’ কৰোঁ। (ইব্ৰী ১৩:১৫) আমাৰ এই বলিদান উত্তম হোৱাটো আমি বিচাৰোঁ। সেইবাবে, আমি আনক প্ৰচাৰ কৰাৰ আগতে ভালদৰে প্ৰস্তুতি কৰা উচিত, ঠিক যেনেকৈ আমি প্ৰাৰ্থনা কৰাৰ আগতে প্ৰস্তুত কৰোঁ। আগতীয়াকৈ প্ৰস্তুতি কৰিলে আমি আনৰ লগত উৎসাহেৰে কথা পাতিব পাৰিম।

৯. ইস্ৰায়েলীসকলৰ নিচিনা সভাত উপস্থিত হʼলে আমাৰ কি লাভ হয়? আপুনি নিজৰ অনুভৱ কওক।

সভাত উপস্থিত হৈ। ইস্ৰায়েলীসকলক এইদৰে কোৱা হৈছিল, “তোমাৰ ঈশ্বৰ যিহোৱাই যি ঠাই মনোনীত কৰিব, সেই ঠাইত বছৰত তিনি বাৰ, . . . আটাই পুৰুষ উপস্থিত হব।” (দ্বিতী. ১৬:১৬) যদি ইস্ৰায়েলীসকলে এই আজ্ঞা পালন কৰে, তেনেহʼলে তেওঁলোকৰ ঘৰ আৰু খেতি-বাতিৰ কোনে চোৱা-চিতা কৰিলেহেঁতেন? যিহোৱাই তেওঁলোকক প্ৰতিজ্ঞা কৰিছিল যে “তুমি বছৰৰ ভিতৰত তিনিবাৰ নিজ ঈশ্বৰ যিহোৱাৰ আগত উপস্থিত হবলৈ গলে, তোমাৰ ভূমিলৈ কোনেও লোভ নকৰিব।” (যাত্ৰা. ৩৪:২৪) সেইবাবে, তেওঁলোকে যিহোৱা ঈশ্বৰৰ ওপৰত ভৰসা কৰি প্ৰতিবছৰে উৎসৱ পালন কৰিবলৈ গৈছিল। তালৈ যোৱাৰ বাবে তেওঁলোকৰ বহুতো লাভ হৈছিল, যেনে: তেওঁলোকে যিহোৱাৰ বিধানৰ বিষয়ে ভালদৰে বুজিব পাৰিছিল, যিহোৱাই তেওঁলোকৰ বাবে কিমান ভাল ভাল কাম কৰিছিল, তাৰ বিষয়ে চিন্তা কৰিব পাৰিছিল আৰু আন ইস্ৰায়েলীসকলৰ লগত সময় অতিবাহিত কৰিব পাৰিছিল। (দ্বিতী. ১৬:১৫) ইস্ৰায়েলীসকলৰ দৰে আমাক সভালৈ যাবলৈ কিছুমান ত্যাগ কৰিবলগীয়া হʼব পাৰে, কিন্তু তেওঁলোকৰ দৰে আমাৰ বহুতো লাভ হয়। যেতিয়া আমি সভাৰ বাবে আগতীয়াকৈ প্ৰস্তুতি কৰোঁ আৰু তাত সুৰু-সুৰা উত্তৰ দিওঁ, তেতিয়া যিহোৱা বহুত আনন্দিত হয়।

১০. যিহোৱাৰ প্ৰশংসাত গীত গোৱাটো কিয় প্ৰয়োজন?

১০ সভাত গীত গাই। (গীত. ২৮:৭) ইস্ৰায়েলীসকলে জানিছিল যে যিহোৱাৰ উপাসনা কৰিবলৈ গীত গোৱাটো অতি প্ৰয়োজন। ৰজা দায়ূদে ২৮৮ জন লেবীক মন্দিৰত গীত গাবলৈ নিযুক্ত কৰিছিল। (১ বং. ২৫:১, ৬-৮) আজি আমি যেতিয়া যিহোৱাৰ বাবে গীত গাওঁ, তেতিয়া আমি তেওঁক কিমান প্ৰেম কৰোঁ, তাৰ বিষয়ে প্ৰকাশ কৰোঁ। আমি ভালদৰে গীত গাব নোৱাৰোঁ বুলি চিন্তা কৰাৰ প্ৰয়োজন নাই। চিন্তা কৰক আমি সকলোৱে কথা পতাৰ সময়ত ‘অনেক ত্ৰুটি’ কৰোঁ। তথাপি আমি সভাবোৰত উত্তৰ দিওঁ, ভাষণ দিওঁ আৰু আনক প্ৰচাৰ কৰোঁ। (যাকো. ৩:১, ২) ঠিক সেইদৰে যদিও আমি ভালদৰে গীত গাব নোৱাৰোঁ বুলি ভাবোঁ, তথাপি যিহোৱাৰ প্ৰশংসা কৰিবলৈ আমি গীত গোৱা উচিত।

১১. দ্বিতীয় বিবৰণ ৬:৬, ৭ পদটো মনত ৰাখি আমি কিয় পাৰিবাৰিক উপাসনাৰ বাবে সময় নিৰ্ধাৰিত কৰা উচিত?

১১ বাইবেল অধ্যয়ন কৰি আৰু নিজৰ লʼৰা-ছোৱালীক যিহোৱাৰ বিষয়ে শিকাই। ইস্ৰায়েলীসকলে বিশ্ৰাম-বাৰত কোনো কাম নকৰিছিল। সেইদিনাখন তেওঁলোকে যিহোৱাৰ উপাসনা কৰিছিল আৰু তেওঁৰ লগত নিজৰ সম্পৰ্ক মজবুত কৰিছিল। (যাত্ৰা. ৩১:১৬, ১৭) তেওঁলোকে নিজৰ লʼৰা-ছোৱালীক যিহোৱা আৰু তেওঁৰ কামৰ বিষয়েও শিকাইছিল। আমিও বাইবেল পঢ়িবলৈ আৰু গভীৰভাৱে অধ্যয়ন কৰিবলৈ সময় উলিওৱা উচিত। এইদৰে কৰিলে আমি যিহোৱাৰ উপাসনা কৰাৰ দৰে হʼব আৰু আমি তেওঁৰ কাষ চাপিম। (গীত. ৭৩:২৮) ইয়াৰ উপৰিও আমি নিজৰ পৰিয়ালৰ লগত মিলিও অধ্যয়ন কৰা উচিত। এইদৰে আমি নতুন প্ৰজন্মক অৰ্থাৎ নিজৰ লʼৰা-ছোৱালীক সহায় কৰাৰ দৰে হয়, যাতে তেওঁলোকেও যিহোৱাৰ বন্ধু হʼব পাৰে।—দ্বিতীয় বিবৰণ ৬:৬, ৭ পঢ়ক।

১২. (ক) আবাস নিৰ্মাণ কৰা কামক যিহোৱাই কি বুলি গণ্য কৰিছিল? (খ) ইয়াৰপৰা আমি কি শিকিব পাৰোঁ?

১২ ৰাজ্যগৃহ আৰু আন গৃহবোৰ নিৰ্মাণ কৰি আৰু তাৰ চোৱা-চিতা কৰি। বাইবেলত লিখা আছে যে আবাস আৰু তাৰ বস্তুবোৰ বনোৱা কাম ‘পবিত্ৰ কাম’ আছিল। (যাত্ৰা. ৩৬:১, ৪) আজি আমি যিহোৱাৰ উপাসনাৰ বাবে ৰাজ্যগৃহ আৰু আন গৃহবোৰ নিৰ্মাণ কৰোঁ। সেই কামবোৰকো যিহোৱাই পবিত্ৰ সেৱা হিচাপে গণ্য কৰে। কিছুমান ভাই-ভনীয়ে বহু ঘন্টালৈকে নিৰ্মাণ কাম কৰে। ৰাজ্যৰ কামৰ বাবে তেওঁলোকৰ উৎসাহ সঁচাকৈ প্ৰশংসাৰ যোগ্য! এই ভাই-ভনীসকলে নিৰ্মাণ কাম কৰাৰ লগতে প্ৰচাৰ কামো কৰে। তেওঁলোকৰ মাজৰ কিছুমানে অগ্ৰগামী সেৱাও কৰিব বিচাৰে। যদি এনে ভাই-ভনীসকলে অগ্ৰগামী সেৱা কৰিবলৈ যোগ্য হয় আৰু ইয়াৰ বাবে আবেদন পত্ৰ দিয়ে, তেনেহʼলে প্ৰাচীনে তেওঁলোকৰ আবেদন স্বীকাৰ কৰিব পাৰে। এইদৰে কৰি প্ৰাচীনে নিৰ্মাণ কামক সহযোগ কৰে। যদিও আমি নিৰ্মাণ কাম কৰিবলৈ জানোঁ বা নাজানোঁ, তথাপি এটা কাম আমি নিশ্চয় কৰিব পাৰোঁ। সেয়া হৈছে আমি সকলোৱে যিহোৱাৰ উপাসনাৰ বাবে ব্যৱহাৰ হোৱা গৃহবোৰ চাফ-চিকুণ কৰি ৰাখিব পাৰোঁ আৰু মেৰামতি কৰিব পাৰোঁ।

১৩. আমি কিয় দান দিওঁ?

১৩ ৰাজ্যৰ কামৰ বাবে দান দি। ইস্ৰায়েলীসকলে উৎসৱ পালন কৰিবলৈ যোৱাৰ সময়ত শুদা হাতে নাজাবলৈ কোৱা হৈছিল। (দ্বিতী. ১৬:১৬) তেওঁলোকে নিজৰ সামৰ্থৰ অনুসৰি কিবা নহয় কিবা দান লৈ যাব লাগিছিল। এইদৰে কৰাৰ যোগেদি যিহোৱাই তেওঁলোকৰ বাবে যি কৰিলে, তাৰ প্ৰতি তেওঁলোকে কৃতজ্ঞ হৈ বুলি দেখুৱাইছিল। আজি আমিও যিহোৱাৰ প্ৰতি কৃতজ্ঞ, কিয়নো তেওঁ আমাৰ বাবে বহুতো ভাল ভাল কাম কৰিলে। কৃতজ্ঞতা দেখুৱাৰ এটা ভাল উপায় হৈছে আমি নিজৰ মণ্ডলীৰ কাম আৰু গোটেই বিশ্বজুৰিত হৈ থকাৰ কামৰ বাবে দান দিয়া। এইদৰে কৰি আমি যিহোৱাৰ উপাসনা কৰাৰ দৰে হয়। আমি নিজৰ সামৰ্থৰ অনুসৰি দান দিব পাৰোঁ। পাঁচনি পৌলে এইদৰে কৈছিল, “যদি প্ৰস্তুততা থাকে, তেন্তে শক্তি নথকাৰ দৰে নহয়, শক্তি থকাৰ দৰেহে গ্ৰাহ্য হয়।” (২ কৰি. ৮:৪, ১২) আমি সম্পূৰ্ণ হৃদয়েৰে যি দান দিওঁ, সেয়া যদিও অলপ হয়, তথাপি যিহোৱাই তাক মূল্যাংকন কৰে।—মাৰ্ক ১২:৪২-৪৪; ২ কৰি. ৯:৭.

১৪. হিতোপদেশ ১৯:১৭ পদৰ অনুসৰি যেতিয়া আমি নিজৰ ভাই-ভনীসকলক সহায় কৰোঁ, তেতিয়া যিহোৱাই তাক কেনে দৃষ্টিৰে চায়?

১৪ সহায়ৰ প্ৰয়োজন হোৱা ভাই-ভনীসকলক সহায় কৰি। যদি ইস্ৰায়েলীসকলে দুখীয়াসকলক সহায় কৰে, তেনেহʼলে যিহোৱাই তেওঁলোকক আশীৰ্বাদ দিব বুলি প্ৰতিজ্ঞা কৰিছিল। (দ্বিতী. ১৫:৭, ১০) ঠিক সেইদৰে, যেতিয়া আমি সহায়ৰ প্ৰয়োজন হোৱা ভাই-ভনীসকলৰ সহায় কৰোঁ, তেতিয়া আমি যিহোৱাক উপহাৰ দিয়াৰ দৰে হয়। (হিতোপদেশ ১৯:১৭ পঢ়ক।) যেতিয়া পাঁচনি পৌল বন্দী আছিল, তেতিয়া ফিলিপীৰ খ্ৰীষ্টানসকলে তেওঁৰ বাবে উপহাৰ পঠিয়াইছিল। পৌলে এইদৰে কৈছিল যে তেওঁলোকে পঠোৱা উপহাৰ ‘ঈশ্বৰৰ গাহ্য যজ্ঞস্বৰূপ,’ যাৰপৰা তেওঁ অতি আনন্দিত হয়। (ফিলি. ৪:১৮) আপুনি নিজৰ মণ্ডলীৰ ভাই-ভনীসকলকৰ বিষয়ে চিন্তা কৰিব পাৰে, ‘মই কাৰোবাৰ সহায় কৰিব পাৰোঁনে?’ যেতিয়া আমি ভাই-ভনীসকলক সহায় কৰিবলৈ নিজৰ সময়, শক্তি আৰু আন বস্তুবোৰ ব্যৱহাৰ কৰোঁ, তেতিয়া এয়া দেখি যিহোৱা অতি আনন্দতি হয়। এয়া যিহোৱাৰ দৃষ্টিত উপাসনা কৰাৰ দৰে হয়।—যাকো. ১:২৭.

যিহোৱাৰ উপাসনাই আনন্দ দিয়ে

১৫. সত্য উপাসনা কৰাটো কিয় বোজা নহয়?

১৫ সত্য উপাসনা কৰিবলৈ সময় আৰু পৰিশ্ৰমৰ প্ৰয়োজন হয়। কিন্তু এয়া আমাৰ বাবে বোজা নহয়। (১ যোহ. ৫:৩) আমি যিহোৱাক প্ৰেম কৰোঁ, সেইবাবে, তেওঁৰ উপাসনা কৰোঁ। ধৰি লওক এটি সন্তানে নিজৰ দেউতাকৰ বাবে ছবি আঁকিব বিচাৰিছে আৰু সেই ছবিখন উপহাৰ হিচাপে নিজৰ দেউতাকক দিব বিচাৰিছে। সি সেই ছবিখন আঁকিবলৈ বহু ঘন্টা পৰিশ্ৰম কৰে। তথাপি সি এইদৰে নাভাবে যে মই এই ছবিখন আঁকিবলৈ ইমান সময় কিয় দিছোঁ। ইয়াৰ পৰিৱৰ্তে সি আনন্দেৰে সেই ছবিখন আঁকে, কিয়নো সি নিজৰ দেউতাকক প্ৰেম কৰে। ঠিক সেইদৰে আমিও যিহোৱাক প্ৰেম কৰোঁ, সেইবাবে সত্য উপাসনা কৰিবলৈ সময় ব্যৱহাৰ কৰি আৰু পৰিশ্ৰম কৰি আমি আনন্দিত হওঁ।

১৬. ইব্ৰী ৬:১০ পদৰ অনুসৰি যিহোৱাই আমাৰ প্ৰতিজনৰে পৰিশ্ৰমৰ বিষয়ে কেনে অনুভৱ কৰিলে?

১৬ পিতৃ-মাতৃসকলে নিজৰ সকলো সন্তানৰপৰা একেধৰণৰ উপহাৰ পাবলৈ আশা নকৰে। কিয়নো তেওঁলোকে জানে যে প্ৰতিজন সন্তানৰ দক্ষতা বেলেগ বেলেগ হয়। এজন সন্তানে যি কৰিব পাৰে, সেয়া আনজন সন্তানে কৰিব নোৱাৰে। ঠিক সেইদৰে আমাৰ পিতৃ যিহোৱাৱেও আমাৰ সকলোৰে পৰিস্থিতি বুজি পায়। আপুনি হয়তো আন ভাই-ভনীসকলতকৈ বেছি সেৱা কৰিব পাৰে বা আপুনি নিজৰ বয়স বাঢ়ি যোৱাৰ বাবে বা অসুস্থ হোৱাৰ বাবে বা পৰিয়ালৰ দায়িত্বৰ বাবে আনৰ সমান সেৱা কৰিব নোৱাৰে। তথাপি আপুনি নিৰাশ নহʼব। (গালা. ৬:৪) আপুনি সঠিক মনোবৃত্তিৰে আৰু মনে-প্ৰাণে যিহোৱাৰ সেৱা কৰে, তেনেহʼলে যিহোৱাই আপোনাৰপৰা নিশ্চয় আনন্দিত হʼব। তেওঁ আপোনাৰ কাম কেতিয়াও নাপাহৰিব। (ইব্ৰী ৬:১০ পঢ়ক।) আপুনি যিহোৱাৰ সেৱাত কি কি কৰিব বিচাৰে, সেয়াও যিহোৱাই দেখি পায়। আপুনি আনন্দিত থকা আৰু তেওঁৰ সেৱাত যিয়ে কৰিব পাৰিছে, তাতে সন্তুষ্ট হৈ থকাটো যিহোৱাই বিচাৰে।

১৭. (ক) উপাসনাৰ লগত জড়িত কিবা কাম কৰিবলৈ আমাক কঠিন লাগিলে আমি কি কৰিব পাৰোঁ? (খ) “ আনন্দ লাভ কৰক” নামৰ বক্সত উল্লেখ থকা কি কাম কৰিলে আমি আনন্দ লাভ কৰোঁ?

১৭ এই লেখত আমি উপাসনাৰ লগত জড়িত কিছুমান কামৰ বিষয়ে আলোচনা কৰিলোঁ। ইয়াৰ মাজৰ কিবা কাম কৰিবলৈ আমাক কঠিন লাগিব পাৰে, যেনে: অধ্যয়ন কৰা বা প্ৰচাৰ কৰা। কিন্তু আমি হাৰ মানি লোৱা উচিত নহয়। যদি আমি এই কাম কৰি থাকোঁ, তেনেহʼলে আমি লাহে লাহে আনন্দ লাভ কৰিম আৰু ইয়াৰপৰা আমি লাভৱান হʼম। ইয়াক বুজিবলৈ এটা উদাহৰণলৈ মন কৰক। ধৰি লওক আমি কিবা এটা ব্যায়াম কৰিব বিচাৰিছোঁ বা কোনো এটা বাদ্যযন্ত্ৰ বজাবলৈ শিকিব বিচাৰিছোঁ। আমি যদি এই কাম কেতিয়াবা কেতিয়াবা কৰোঁ, তেনেহʼলে আমি বেছিকৈ উন্নতি কৰিব নোৱাৰিম। কিন্তু এই কাম প্ৰতিদিনে কৰিলে আমাৰ লাভ হʼব। আমি হয়তো প্ৰথমে অলপ সময় দিওঁ আৰু পাছত হয়তো সময়তো অলপ অলপকৈ বঢ়াও। যেতিয়া আমি নিজৰ পৰিশ্ৰৰ ফল পাওঁ, তেতিয়া এই কাম কৰিবলৈ আমাক ভাল লাগিব। ঠিক সেইদৰে যদি আমি উপাসনাৰ লগত জড়িত কামবোৰ কৰিবলৈ পৰিশ্ৰম কৰোঁ, তেনেহʼলে আমি সেয়া ভালদৰে কৰিব পাৰিম আৰু আনন্দ লাভ কৰিম।

১৮. (ক) আমাৰ জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কাম কি হয়? (খ) সেই কাম কৰিলে আমি কি কি আশীৰ্বাদ লাভ কৰোঁ?

১৮ আমাৰ জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কাম হৈছে সম্পূৰ্ণ হৃদয়েৰে যিহোৱাৰ সেৱা কৰা। এইদৰে কৰিলে আজি আমি আনন্দত থাকিব পাৰিম, এটা ভাল জীৱন জীয়াই থাকিব পাৰিম আৰু ভৱিষ্যতে সদায়কাললৈকে যিহোৱাৰ উপাসনা কৰিবলৈ সুযোগ পাম। (হিতো. ১০:২২) আজি আমি মনৰ শান্তিও লাভ কৰোঁ। কিয়নো আমি জানোঁ যে সমস্যাৰ সময়ত যিহোৱাই নিজৰ উপাসকসকলক কেতিয়াও নেৰিব আৰু তেওঁলোকক সহায় কৰিব। (যিচ. ৪১:৯, ১০) সেইবাবে, আহক আমি যিহোৱাৰ উপাসনা কৰি থাকোঁ, যিজনে নিজৰ সৃষ্টিৰপৰা ‘প্ৰশংসা আৰু সমাদৰ পোৱাৰ যোগ্য’ হয়। (প্ৰকা. ৪:১১) এইদৰে কৰিলে আমি বহুত আনন্দ লাভ কৰিম!

গীত ২৪ যিহোৱাৰ পৰ্বতলৈ আহক

^ যিহোৱাই সকলো সৃষ্টি কৰিলে, সেইবাবে আমি তেওঁৰ উপাসনা কৰা উচিত। কিন্তু আমি তেওঁৰ সিদ্ধান্ত আৰু নিয়মবোৰৰ অনুসৰি জীৱন-যাপনো কৰিব লাগিব, তেতিয়াহে তেওঁ আমাৰ উপাসনাৰপৰা আনন্দিত হʼব। এই লেখত আমি উপাসনাৰ লগত জড়িত আঠটা কামৰ বিষয়ে আলোচনা কৰিম। আমি এয়াও শিকিম যে আমি এই কাম আৰু ভালদৰে কেনেকৈ কৰিব পাৰোঁ আৰু ইয়াৰপৰা কেনেকৈ আনন্দ লাভ কৰিব পাৰোঁ।