Skip to content

Skip to table of contents

চিন্তাৰ সন্মুখীন হোৱাৰ সময়তো আপুনি কেনেকৈ শান্তি আৰু আনন্দ পাব পাৰে

চিন্তাৰ সন্মুখীন হোৱাৰ সময়তো আপুনি কেনেকৈ শান্তি আৰু আনন্দ পাব পাৰে

চিন্তাবোৰ এটা ডাঙৰ বোজাৰ দৰে হʼব পাৰে। (হিতো. ১২:২৫) আপোনাৰ লগত কেতিয়াবা এইদৰে হৈছেনে যে আপুনি বহুত চিন্তিত হৈ পৰিছিল আৰু আপুনি সহ্য কৰিব নোৱাৰিব বুলি ভাবিছিল? আমি বহুতো কাৰণৰ বাবে চিন্তা কৰিব পাৰোঁ হয়তো আমাৰ ঘৰত কাৰোবাৰ বেমাৰ হৈছে আৰু তেওঁৰ চোৱা-চিতা কৰি আমি একেবাৰে ভাগৰি পৰিছোঁ বা আমাৰ কোনো বন্ধু বা পৰিয়ালৰ কাৰোবাৰ মৃত্যু হʼল আৰু আমি সেই বেদনাৰপৰা ওলাই আহিব পৰা নাই অথবা আমি কোনো প্ৰাকৃতিক দুৰ্যোগৰ সন্মুখীন হৈছোঁ আৰু আমি চিন্তিত হৈ পৰিব পাৰোঁ যে পাছলৈ কি হʼব। এনে পৰিস্থিতিত আমি কেনেকৈ চিন্তাৰ ভালদৰে সন্মুখীন হʼব পাৰিম। *

ইয়াৰ বিষয়ে আমি ৰজা দায়ূদৰ পৰা বহুতো কথা শিকিব পাৰোঁ। তেওঁৰ জীৱনত বহুতো সমস্যা আহিছিল। বহুবাৰ তেওঁৰ জীৱনো বিপদত পৰিছিল। (১ চমূ. ১৭:৩৪, ৩৫; ১৮:১০, ১১) এনে পৰিস্থিতিত দায়ূদে কি কৰিলে? তেওঁৰ দৰে চিন্তাৰ সন্মুখীন হ’বলৈ আমি কি কৰিব পাৰোঁ?

দায়ূদে কেনেকৈ চিন্তাৰ সন্মুখীন হৈছিল?

কেতিয়াবা কেতিয়াবা দায়ূদৰ জীৱনত একেলগে বহুতো সমস্যা আহিছিল। আহক এনে এটা ঘটনালৈ মন কৰোঁ। এই ঘটনাটো সেই সময়ৰ ঘটনা হয়, যেতিয়া দায়ূদে ৰজা চৌলৰ পৰা নিজৰ জীৱন বচাই পলাই ফুৰিছিল। এবাৰ যেতিয়া দায়ূদ আৰু তেওঁৰ লোকসকলে যুদ্ধ কৰি উভতি আহিছিল, তেতিয়া তেওঁলোকে দেখিলে যে শত্ৰুসকলে তেওঁলোকৰ সকলো বস্তু লুটি নিলে, তেওঁলোকৰ ঘৰ জ্বলাই দিলে আৰু তেওঁলোকৰ পত্নী আৰু ল’ৰা-ছোৱালীক বন্দী কৰি নিলে। সেই সময়ত “দায়ূদ আৰু তেওঁৰ লগৰ লোকবিলাকে বৰ মাতেৰে এনেকৈ কান্দিলে, যে, শেষত কান্দিবলৈ তেওঁবিলাকৰ আৰু শক্তি নহল।” দায়ূদৰ লোকসকল তেওঁৰ শত্ৰু হৈ পৰিল, সেইবাবে দায়ূদৰ চিন্তা আৰু বাঢ়ি গ’ল। তেওঁলোকে “দায়ূদক শিল দলিয়াই মাৰিবৰ কথা কবলৈ ধৰিলে।” (১ চমূ. ৩০:১-৬) দায়ূদৰ ওপৰত একেলগে তিনিটা ডাঙৰ ডাঙৰ সমস্যা আহি পৰিছিল। প্ৰথমটো হৈছে, তেওঁৰ পত্নী আৰু ল’ৰা-ছোৱালীৰ জীৱন বিপদত আছিল। দ্বিতীয়তে, তেওঁৰ নিজৰ লোকসকলে তেওঁক হত্যা কৰিবলৈ চিন্তা কৰিছিল আৰু তৃতীয়তে, ৰজা চৌলেও তেওঁক হত্যা কৰিবলৈ বিচাৰি ফুৰিছিল। চিন্তা কৰক, সেই সময়ত দায়ূদৰ কেনে অৱস্থা হৈছিল। তেওঁ একেলগে ইমানবোৰ চিন্তাৰ কেনেকৈ সন্মুখীন হ’ব?

দায়ূদে লগে লগে “নিজ ঈশ্বৰ যিহোৱাত নিজক সবল কৰিলে।” কেনেকৈ বাৰু? যেতিয়া দায়ূদক চিন্তাই আৱৰি ধৰিছিল, তেতিয়া তেওঁ সহায় বিচাৰি যিহোৱালৈ প্ৰাৰ্থনা কৰিছিল। যিহোৱাই আগতে তেওঁক কেনেকৈ সহায় কৰিছিল, তাৰ বিষয়েও তেওঁ মনত পেলাইছিল। (১ চমূ. ১৭:৩৭; গীত. ১৮:২, ৬) দায়ূদে জানিছিল যে এনে পৰিস্থিতিত তেওঁ কি কৰা উচিত, তাৰ বিষয়ে যিহোৱাই ভালদৰে জানে। সেইবাবে, তেওঁ যিহোৱাৰ পৰা পৰামৰ্শ বিচাৰিলে। যিহোৱাই তেওঁক যি কৰিবলৈ কৈছিল, সেয়া তেওঁ লগে লগে কৰিলে। তাৰ পাছত কি হ’ল? যিহোৱাৰ সহায়ৰ বাবে দায়ূদ আৰু তেওঁৰ লোকসকলে নিজৰ পত্নী আৰু ল’ৰা-ছোৱালীৰ জীৱন বচাব পাৰিলে আৰু তেওঁলোকে নিজৰ সকলো বস্তু উভতাই পালে। (১ চমূ. ৩০:৭-৯, ১৮, ১৯) আপুনি মন কৰিলেনে, দায়ূদে চিন্তাৰ সন্মুখীন হ’বলৈ কি তিনিটা কাম কৰিলে। তেওঁ সহায় বিচাৰি যিহোৱালৈ প্ৰাৰ্থনা কৰিলে, যিহোৱাই আগতে তেওঁক কেনেকৈ সহায় কৰিছিল, তাৰ বিষয়ে মনত পেলালে আৰু যিহোৱাই তেওঁক যি পৰামৰ্শ দিছিল, তাৰ অনুসৰি পদক্ষেপ লʼলে। যেতিয়া আমাক চিন্তাই আৱৰি ধৰে, তেতিয়া আমি দায়ূদৰ দৰে এই তিনিটা কাম কৰিব পাৰোঁ।

দায়ূদে যি কৰিলে তাকে কৰক

১. প্ৰাৰ্থনা কৰক। যেতিয়া আমি কোনো এটা কথাক লৈ চিন্তিত হৈ পৰোঁ, তেতিয়া আমি প্ৰাৰ্থনা কৰি যিহোৱাৰ পৰা বুদ্ধি আৰু সহায় বিচাৰিব পাৰোঁ। আমি তেওঁক নিজৰ মনৰ সকলো কথা জনাব পাৰোঁ, যাতে আমাৰ মন পাতল হয়। কিন্তু দেৰিলৈকে প্ৰাৰ্থনা কৰাটো যদি সম্ভৱ নহয়, তেনেহʼলে আমি মনতে এটা সৰু প্ৰাৰ্থনা কৰিব পাৰোঁ। যেতিয়া আমি যিহোৱাৰ পৰা সহায় বিচাৰোঁ, তেতিয়া আমি দেখুৱাওঁ যে আমি দায়ূদৰ দৰে যিহোৱাৰ ওপৰত সম্পূৰ্ণৰূপে ভৰসা কৰোঁ। দায়ূদে এইদৰে লিখিছিল, “যিহোৱা মোৰ শিলা, মোৰ কোঁঠ; আৰু মোৰ উদ্ধাৰকৰ্ত্তা; তেওঁ মোৰ ঈশ্বৰ, মোৰ দুৰ্গ, মই তেওঁতে আশ্ৰয় লৈছোঁ।” (গীত. ১৮:২) প্ৰাৰ্থনা কৰিলে সঁচাকৈ সহায় পোৱা যায়নে? অগ্ৰগামী সেৱা কৰা ভনী কাহালিয়াই এইদৰে কৈছে, “প্ৰাৰ্থনা কৰিলে মই মনত শান্তি পাওঁ। মোৰ ভাবধাৰা যিহোৱাৰ দৰে হয় আৰু মোৰ বিশ্বাস বাঢ়ে যে তেওঁ মোৰ লগত আছে।” আমি যিহোৱাৰ প্ৰতি অতি কৃতজ্ঞ যে তেওঁ আমাক নিজৰ লগত কথা পাতিবলৈ সুযোগ দিছে। প্ৰাৰ্থনাই আমাক সাহসেৰে চিন্তাৰ সন্মুখীন হ’বলৈ সহায় কৰে।

২. মনত পেলাওক। আগতে সমস্যাৰ সন্মুখীন হোৱাৰ সময়ত যিহোৱাই আপোনাক কেনেকৈ সহায় কৰিছিল, তাৰ বিষয়ে মনত পেলাওক। যেতিয়া আপুনি ইয়াৰ বিষয়ে চিন্তা কৰিব যে যিহোৱাই আপোনাক এতিয়ালৈকে কেনেকৈ সহায় কৰিছে আৰু প্ৰাচীন সময়ত নিজৰ সেৱকসকলক কেনেকৈ সহায় কৰিছিল, তেতিয়া ইয়াৰ পৰা আপুনি সাহস লাভ কৰিব আৰু যিহোৱাৰ ওপৰত আপোনাৰ ভৰসা বাঢ়িব। (গীত. ১৮:১৭-১৯) যচুৱা নামৰ এজন প্ৰাচীনে এইদৰে কৈছে, “মোৰ ওচৰত যিহোৱাই উত্তৰ দিয়া সকলো প্ৰাৰ্থনাৰ এখন দীঘলীয়া সূচী আছে। ইয়াৰ পৰা মই মনত পেলাব পাৰোঁ যে মই যিদৰে প্ৰাৰ্থনা কৰিছিলোঁ, যিহোৱাই ঠিক সেইদৰে উত্তৰ দিছিল।” যচুৱাৰ দৰে যেতিয়া আমি মনত পেলাওঁ যে যিহোৱাই আমাক কেনেকৈ সহায় কৰিছে, তেতিয়া আমি চিন্তাৰ সন্মুখীন হ’বলৈ শক্তি লাভ কৰোঁ।

৩. পদক্ষেপ লওক। যেতিয়া আমি চিন্তিত হৈ পৰোঁ, তেতিয়া কোনো এটা নিৰ্ণয় লোৱাৰ আগতে আমি চালি-জাৰি চোৱা উচিত যে তাৰ বিষয়ে বাইবেলত কি পৰামৰ্শ দিয়া হৈছে। (গীত. ১৯:৭, ১১) যেতিয়া বহুতো ভাই-ভনীয়ে কোনো এটা পদৰ বিষয়ে অনুসন্ধান কৰে, তেতিয়া তেওঁলোকে ভালদৰে বুজি পাই যে তেওঁলোকে সেই পদত দিয়া পৰামৰ্শ কেনেকৈ পালন কৰিব পাৰে। জেৰড নামৰ প্ৰাচীনজনে এইদৰে কৈছে, “যেতিয়া মই কোনো এটা পদৰ বিষয়ে অনুসন্ধান কৰোঁ, তেতিয়া মই সেই পদটো ভালদৰে বুজিব পাৰোঁ আৰু জানিব পাৰোঁ যে যিহোৱাই মোক কি কʼব বিচাৰিছে। এনে কৰিলে সেই পদটোৱে মোৰ ওপৰত গভীৰভাৱে প্ৰভাৱ পেলাই আৰু যিহোৱাই বিচৰাৰ অনুসৰি মই কাম কৰিব পাৰোঁ।” যদি আমি বাইবেল পঢ়ি যিহোৱাৰ পৰা পৰামৰ্শ লওঁ আৰু সেইবোৰ পালন কৰোঁ, তেনেহ’লে আমি নিজৰ চিন্তাবোৰৰ ভালদৰে সন্মুখীন হ’ব পাৰিম।

যিহোৱাই আপোনাক সহায় কৰিব

দায়ূদে জানিছিল যে তেওঁ যিহোৱাৰ সহায়তহে নিজৰ সমস্যাবোৰৰ ভালদৰে সন্মুখীন হ’ব পাৰিব। যিহোৱাই সঁচাকৈ তেওঁক সহায় কৰিলে। সেইবাবে, তেওঁ এইদৰে কʼব পাৰিলে, ‘ঈশ্বৰৰ সহায়ত মই জাঁপ মাৰি গড় পাৰ হওঁ। ঈশ্বৰে মোৰ কঁকালৰ বলস্বৰুপ টঙালি বান্ধিছে।’ (গীত. ১৮:২৯, ৩২) আমাৰ জীৱনৰ সমস্যাবোৰ আমাৰ বাবে হয়তো ডাঙৰ গড় বা দেৱালৰ দৰে হʼব পাৰে, যি দেৱাল আমি কেতিয়াও পাৰ কৰিব নোৱাৰিম। কিন্তু আমাৰ সমস্যাবোৰ যিমানে ডাঙৰ নহওক কিয়, যিহোৱাৰ সহায়ত আমি এইবোৰ পাৰ কৰিব পাৰিম। সেইবাবে, যেতিয়া চিন্তাই আৱৰি ধৰে, তেতিয়া আমি প্ৰাৰ্থনা কৰা উচিত, তেওঁ আগতে আমাৰ বাবে কি কি কৰিলে, তাৰ বিষয়ে মনত পেলোৱা উচিত আৰু তাৰ অনুসৰি পদক্ষেপ লোৱা উচিত। এইদৰে কৰিলে আমাৰ বিশ্বাস বাঢ়িব যে যিহোৱাই আমাক বুদ্ধি আৰু শক্তি দিব আৰু আমি নিজৰ চিন্তাবোৰৰ ভালদৰে সন্মুখীন হ’ব পাৰিম।

^ অনু. 2 যিসকল লোকে গভীৰ চিন্তাত পৰিছে, তেওঁলোকে হয়তো ডাক্তৰৰ ওচৰত চিকিৎসা কৰোৱাৰ প্ৰয়োজন হʼব পাৰে।