Skip to content

Skip to table of contents

অধ্যয়নৰ লেখ ১৭

মাতৃসকল—উনীকীৰ পৰা শিকক

মাতৃসকল—উনীকীৰ পৰা শিকক

‘তুমি তোমাৰ মাতৃৰ ব্যৱস্থা ত্যাগ নকৰিবা; কিয়নো সেয়া তোমাৰ মূৰৰ সুন্দৰ মালা, আৰু তোমাৰ ডিঙিৰ হাৰস্বৰূপ।’—হিতো. ১:৮, ৯.

গীত ১৩৭ বিশ্বাসী তিৰোতা, খ্ৰীষ্টান ভনীসকল

লেখৰ এক আভাস *

তীমথিয়ে বাপ্তিষ্মা লোৱা দেখি তেওঁৰ মাক উনীকী আৰু আইতাক লুইয়ে বহুত আনন্দিত হৈছে (অনুচ্ছেদ ১ চাওক)

১-২. (ক) উনীকী কোন আছিল আৰু নিজৰ লʼৰাজনক শিকোৱাটো তেওঁৰ বাবে হয়তো কিয় কঠিন আছিল? (খ) বেটুপাতত দিয়া ছবিখনত আপুনি কি দেখিছে?

 বাইবেলত তীমথিয়ৰ বাপ্তিষ্মাৰ বিষয়ে একোৱেই উল্লেখ নাই। তথাপি আমি চিন্তা কৰিব পাৰোঁ যে তীমথিয়ৰ বাপ্তিষ্মাৰ দিনাখন তেওঁৰ মাতৃ উনীকী হয়তো বৰ আনন্দিত হৈছিল। (হিতো. ২৩:২৫) কল্পনা কৰক, তীমথিয়ই পানীত থিয় হৈ আছে আৰু ওচৰতে তেওঁৰ মাতৃ আৰু তেওঁৰ আইতা লুইয়ে থিয় হৈ আছে আৰু বৰ আনন্দিত আছে। যেতিয়া তীমথিয়ই বাপ্তিষ্মা লৈ পানীৰ পৰা উঠি আহে, তেতিয়া তেওঁৰ মুখত হাঁহি বিৰিঙিছে। এয়া দেখি উনীকীৰ চকুলো বৈ আহে। তেওঁ নিজৰ লʼৰাক লৈ গৰ্ব অনুভৱ কৰিছে। বহুবছৰ ধৰি তেওঁ যি পৰিশ্ৰম কৰিছিল, তেওঁ তাৰ ফল পালে। উনীকীৰ বাবে নিজৰ লʼৰাক যিহোৱা আৰু যীচুৰ বিষয়ে শিকোৱাটো ইমান সহজ নাছিল। তেওঁৰ জীৱনত বহুতো সমস্যা আছিল।

তীমথিয়ৰ পিতৃ-মাতৃয়ে বেলেগ বেলেগ ধৰ্ম পালন কৰিছিল। তেওঁৰ পিতৃ গ্ৰীক আছিল আৰু তেওঁৰ মাতৃ আৰু আইতা যিহূদী আছিল। (পাঁচ. ১৬:১) যেতিয়া তীমথিয় ডেকা হʼল, তেতিয়া হয়তো উনীকী আৰু লুইয়ে খ্ৰীষ্টান ধৰ্ম গ্ৰহণ কৰিছিল, কিন্তু তেওঁৰ পিতৃ খ্ৰীষ্টান হোৱা নাছিল। এতিয়া তীমথিয়ে নিৰ্ণয় লʼবলগীয়া আছিল যে তেওঁ কোনটো ধৰ্ম পালন কৰিব? তেওঁ সৰুৰে পৰা পালন কৰি অহা যিহূদী ধৰ্ম পালন কৰিব নে পিতৃৰ ধৰ্ম পালন কৰিব? নে তেওঁ নিজৰ মাতৃৰ দৰে খ্ৰীষ্টান হʼব?

৩. হিতোপদেশ ১:৮, ৯ পদৰ অনুসৰি মাতৃসকলে নিজৰ লʼৰা-ছোৱালীক শিকাবলৈ যি পৰিশ্ৰম কৰে, তাৰ বিষয়ে যিহোৱাই কেনে অনুভৱ কৰে?

বৰ্তমান সময়তো খ্ৰীষ্টান মাতৃসকলে নিজৰ পৰিয়ালক বহুত প্ৰেম কৰে। তেওঁলোকৰ লʼৰা-ছোৱালীয়ে যিহোৱাৰ বন্ধু হোৱাটো তেওঁলোকে আশা কৰে। সেইবাবে, তেওঁলোকে নিজৰ লʼৰা-ছোৱালীক শিকাবলৈ বহুত পৰিশ্ৰম কৰে আৰু যিহোৱাই তেওঁলোকৰ পৰিশ্ৰমক বহুত মূল্যাংকন কৰে। (হিতোপদেশ ১:৮, ৯ পঢ়ক।) ইয়াৰ উপৰিও যিহোৱাই বহুতো মাতৃক সহায় কৰিছে, যাতে তেওঁলোকে নিজৰ লʼৰা-ছোৱালীক যিহোৱাক প্ৰেম কৰিবলৈ আৰু তেওঁৰ সেৱা কৰিবলৈ শিকাব পাৰে।

৪. মাতৃসকলে কি কি সমস্যাৰ সন্মুখীন হʼবলগীয়া হয়?

পিতৃ-মাতৃয়ে জানে যে চয়তানৰ জগতত লʼৰা-ছোৱালীৰ ওপৰত বহুতো চাপ আহে। (১ পিত. ৫:৮) সেইবাবে, এগৰাকী মাতৃয়ে হয়তো চিন্তা কৰিব পাৰে যে তেওঁৰ লʼৰা-ছোৱালীয়ে তীমথিয়ৰ দৰে যিহোৱাৰ উপাসনা কৰিবলৈ নিৰ্ণয় লʼব নে নলয়। কিছুমান মাতৃয়ে আৰু এটা সমস্যাৰ সন্মুখীন হয়। তেওঁলোকে অকলে নিজৰ লʼৰা-ছোৱালীক ডাঙৰ-দীঘল কৰিবলগীয়া হয় বা তেওঁলোকৰ স্বামীয়ে যিহোৱাৰ উপাসনা নকৰে। ক্ৰিষ্টিন নামৰ ভনীগৰাকীয়ে এইদৰে কৈছে, “মোৰ স্বামী এজন ভাল ব্যক্তি আৰু পিতৃ আছিল। কিন্তু মই আমাৰ লʼৰা-ছোৱালীক যিহোৱাৰ বিষয়ে শিকোৱাটো তেওঁ একেবাৰে ভাল পোৱা নাছিল। সেইবাবে, মোৰ লʼৰা-ছোৱালীয়ে ডাঙৰ হৈ যিহোৱাৰ সেৱা কৰিব নে নকৰে, তাৰ বিষয়ে চিন্তা কৰি মই বহুবছৰ ধৰি কান্দিলোঁ।” *

৫. এই লেখত আমি কি শিকিম?

যদি আপুনি এগৰাকী মাতৃ হয়, তেনেহʼলে আপুনিও উনীকীৰ দৰে নিজৰ লʼৰা-ছোৱালীক যিহোৱাৰ বিষয়ে ভালদৰে শিকাব পাৰে। এই লেখত আমি শিকিম যে আপুনি তেওঁৰ দৰে নিজৰ কথা আৰু কামৰ যোগেদি নিজৰ লʼৰা-ছোৱালীক কেনেকৈ শিকাব পাৰে। আমি এয়াও শিকিম যে এনে কৰিবলৈ যিহোৱাই আপোনাক কেনেকৈ সহায় কৰিব।

নিজৰ কথাৰ যোগেদি লʼৰা-ছোৱালীক শিকাওক

৬. দ্বিতীয় তীমথিয় ৩:১৪, ১৫ পদৰ অনুসৰি কি কথাই তীমথিয়ক খ্ৰীষ্টান হʼবলৈ সহায় কৰিলে?

যেতিয়া তীমথিয় সৰু আছিল, তেতিয়া উনীকীয়ে তেওঁক “পবিত্ৰ শাস্ত্ৰ” অৰ্থাৎ ইব্ৰী শাস্ত্ৰৰ পৰা শিকাবলৈ বহুত পৰিশ্ৰম কৰিছিল। যদিও তেওঁ যীচুৰ বিষয়ে একো নাজানিছিল, তথাপি যিহূদী হিচাপে তেওঁ যিমান জানিছিল, সেই সকলো তীমথিয়ক শিকাইছিল। তীমথিয়ে সৰুতে মাকৰ পৰা যিবোৰ কথা শিকিছিল আৰু যিবোৰ কথা তেওঁক “প্ৰমাণ” দি বুজোৱা হৈছিল, তাৰ আধাৰত যীচুৱেই মচীহ হয় বুলি তেওঁ বুজি পালে। সেইবাবে, তেওঁ খ্ৰীষ্টান হʼবলৈ নিৰ্ণয় লʼলে। (২ তীমথিয় ৩:১৪, ১৫ পঢ়ক।) তেওঁৰ এই নিৰ্ণয়ৰ পৰা উনীকীয়ে হয়তো বহুত আনন্দিত হৈছিল। উনীকী নামটো যি শব্দৰ পৰা ওলাইছে, তাৰ অৰ্থ হৈছে “জয়লাভ কৰা।” তেওঁ নিজৰ নামৰ মতেই কাম কৰিলে। তেওঁৰ জীৱনত বহুতো সমস্যা আছিল, তথাপি তেওঁ সেই সকলোৰে ওপৰত জয়লাভ কৰি নিজৰ লʼৰাজনক ভালদৰে শিকালে।

৭. তীমথিয়ৰ বাপ্তিষ্মাৰ পাছতো তেওঁৰ মাতৃ উনীকীয়ে কেনেকৈ তেওঁক সহায় কৰিছিল?

তীমথিয়ে বাপ্তিষ্মা লৈ এটা ডাঙৰ পদক্ষেপ লৈছিল। কিন্তু উনীকীৰ চিন্তা ইমানতেই শেষ হোৱা নাছিল। তেওঁ হয়তো ভাবিছিল যে ‘মোৰ লʼৰাই পাছলৈ কি কৰিব? তেওঁ বেয়া সংগতিত পৰিব নেকি? তেওঁ আথিনীত পঢ়া-শুনা কৰিবলৈ যাব আৰু জগতৰ চিন্তাধাৰা গ্ৰহণ কৰিব নেকি? তেওঁ নিজৰ সময়, শক্তি আৰু যৌৱনকালত টকা ঘটিবলৈ ব্যৱহাৰ কৰিব নেকি?’ যদিও উনীকীয়ে তীমথিয়ৰ বাবে নিৰ্ণয়বোৰ লোৱা নাছিল, কিন্তু তেওঁ তীমথিয়ক সহায় কৰিব পাৰিছিল। তীমথিয়ৰ হৃদয়ত যিহোৱাৰ প্ৰতি প্ৰেম বঢ়াবলৈ আৰু যীচুৰ প্ৰতি কৃতজ্ঞ হʼবলৈ উনীকীয়ে তেওঁক নিৰন্তৰে শিকাই থাকিব পাৰিছিল। বৰ্তমান সময়তো যদি পিতৃ বা মাতৃ কোনো এজন সাক্ষী হয়, তেনেহʼলে তেওঁলোকৰ বাবে অকলে নিজৰ লʼৰা-ছোৱালীক যিহোৱাৰ বিষয়ে শিকোৱাটো ইমান সহজ নহয়। কিন্তু পিতৃ-মাতৃ দুজনেই সাক্ষী হʼলেও তেওঁলোকৰ বাবে নিজৰ লʼৰা-ছোৱালীৰ হৃদয়ত যিহোৱাৰ প্ৰতি প্ৰেম বঢ়োৱাটো কঠিন হʼব পাৰে। এনে পৰিস্থিতিত পিতৃ-মাতৃয়ে উনীকীৰ পৰা কি শিকিব পাৰে?

৮. লʼৰা-ছোৱালীক শিকাবলৈ ভনীসকলে নিজৰ স্বামীক কেনেকৈ সহায় কৰিব পাৰে?

নিজৰ লʼৰা-ছোৱালীক বাইবেলৰ পৰা শিকাওক। ভনীসকল, যদি আপোনাৰ স্বামী সাক্ষী হয়, তেনেহʼলে লʼৰা-ছোৱালীক শিক্ষা দিয়াত আপুনি নিজৰ স্বামীক সহায় কৰাটো যিহোৱাই বিচাৰে। প্ৰতিসপ্তাহে পাৰিবাৰিক উপাসনা কৰিবলৈ নিজৰ স্বামীক সহযোগ কৰক। পাৰিবাৰিক উপাসনাৰ বিষয়ে এনে কথা কওক, যাৰ বাবে লʼৰা-ছোৱালীক তাত ভাগ লʼবলৈ মন যায়। পাৰিবাৰিক উপাসনাৰ পৰা লʼৰা-ছোৱালীয়ে আনন্দ লাভ কৰিবলৈ আপুনি কি কৰিব পাৰে, তাৰ বিষয়ে চিন্তা কৰক। আপুনি নিজৰ স্বামীৰ লগত পাৰিবাৰিক উপাসনাৰ সময়ছোৱাত কিবা এটা প্ৰজেক্ট কৰাৰ কথা চিন্তা কৰিব পাৰে। ইয়াৰ উপৰিও যদি আপোনাৰ লʼৰা-ছোৱালীৰ দুখ-কষ্ট নথকা এক অনন্ত জীৱন! কিতাপখন বুজিব পৰা বয়স হৈছে, তেনেহʼলে তেওঁলোকৰ বাইবেল অধ্যয়ন কৰাত আপুনি আপোনাৰ স্বামীক সহায় কৰিব পাৰে।

৯. যিসকল ভনীক অকলে নিজৰ লʼৰা-ছোৱালীক যিহোৱাৰ বিষয়ে শিকাবলগীয়া হয়, তেওঁলোকে কাৰ কাৰ পৰা সহায় লʼব পাৰে?

কিছুমান ভনীয়ে অকলে নিজৰ লʼৰা-ছোৱালীৰ চোৱা-চিতা কৰিবলগীয়া হয় বা তেওঁলোকৰ স্বামী সাক্ষী নহয়। এনে পৰিস্থিতিত নিজৰ লʼৰা-ছোৱালীক যিহোৱাৰ বিষয়ে শিকোৱাটো মাতৃসকলৰ দায়িত্ব। যদি আপোনাৰো পৰিস্থিতি এনে হয়, তেনেহʼলে চিন্তা নকৰিব, যিহোৱা আপোনাৰ লগত আছে। যিহোৱাই নিজৰ সংগঠনৰ যোগেদি বহুতো প্ৰকাশন আৰু ভিডিঅʼবোৰ দিছে, যাৰ সহায়ত আপুনি নিজৰ লʼৰা-ছোৱালীক ভালদৰে শিকাব পাৰে। * আপুনি আন অভিজ্ঞ পিতৃ-মাতৃসকলৰ পৰাও পৰামৰ্শ লʼব পাৰে। তেওঁলোকক সুধিব পাৰে যে পাৰিবাৰিক উপাসনা আনন্দময় কৰি তুলিবলৈ তেওঁলোকে কি কৰে। (হিতো. ১১:১৪) যদি নিজৰ লʼৰা-ছোৱালীৰ লগত মুকলিভাৱে কথা পাতিবলৈ আপোনাৰ কঠিন লাগে, তেনেহʼলে এই ক্ষেত্ৰত যিহোৱাই আপোনাক সহায় কৰিব পাৰে। সেইবাবে, তেওঁলৈ প্ৰাৰ্থনা কৰক, যাতে লʼৰা-ছোৱালীৰ মনৰ কথা জানিবলৈ আপুনি সঠিক প্ৰশ্ন সুধিব পাৰে। (হিতো. ২০:৫) কথা-বতৰা আৰম্ভ কৰিবলৈ আপুনি তেওঁলোকক সুধিব পাৰে যে ‘স্কুলত তোমাৰ আটাইতকৈ ডাঙৰ সমস্যা কি?’ এনে প্ৰশ্ন সুধিলে লʼৰা-ছোৱালীয়ে মুকলিভাৱে আপোনাৰ লগত কথা পাতিব পাৰিব।

১০. মাতৃসকলে নিজৰ লʼৰা-ছোৱালীক যিহোৱাৰ বিষয়ে শিকাবলৈ আৰু কি কৰিব পাৰে?

১০ বেলেগ বেলেগ সময়ত লʼৰা-ছোৱালীক যিহোৱাৰ বিষয়ে শিকাওক। তেওঁলোকক যিহোৱাৰ গুণৰ বিষয়ে কওক আৰু তেওঁ আপোনাৰ বাবে কি কি কৰিলে, তাৰ বিষয়েও জনাওক। (দ্বিতী. ৬:৬, ৭; যিচ. ৬৩:৭) যেতিয়া আপুনি ঘৰত লʼৰা-ছোৱালীৰ অধ্যয়ন কৰিব নোৱাৰে, সেইসময়ত এইদৰে কৰাটো বেছি গুৰুত্বপূৰ্ণ হৈ পৰে। ওপৰত উল্লেখ কৰা ভনী ক্ৰিষ্টিনে এইদৰে কৈছে, “মই ঘৰত নিজৰ লʼৰা-ছোৱালীক যিহোৱাৰ বিষয়ে মুকলিভাৱে শিকাব নোৱাৰিছিলোঁ। সেইবাবে, যেতিয়া আমি বাহিৰত ফুৰিবলৈ গৈছিলোঁ, যেনে, খোজকাঢ়িবলৈ যাওঁতে বা নাৱত উঠি ফুৰিবলৈ যাওঁতে, আমি যিহোৱাৰ সৃষ্টি আৰু বাইবেলৰ আন কথাবোৰৰ বিষয়ে আলোচনা কৰিছিলোঁ। এইদৰে মই তেওঁলোকক যিহোৱাৰ বন্ধু হʼবলৈ সহায় কৰিছিলোঁ। যেতিয়া তেওঁলোক অলপ ডাঙৰ হʼল, তেতিয়া মই তেওঁলোকক নিজে বাইবেল পঢ়ি শিকিবলৈ উৎসাহিত কৰিলোঁ।” ইয়াৰ উপৰিও যিহোৱাৰ সংগঠন আৰু ভাই-ভনীসকলৰ ভাল কথাবোৰৰ বিষয়ে তেওঁলোকক কওক। প্ৰাচীনসকলৰ বিষয়ে বেয়াকৈ নকʼব, নহʼলে সমস্যা আহিলে লʼৰা-ছোৱালীয়ে প্ৰাচীনসকলৰ পৰা সহায় লʼবলৈ টান পাব।

১১. যাকোব ৩:১৮ পদৰ অনুসৰি ঘৰত শান্তি বজাই ৰখাটো কিয় গুৰুত্বপূৰ্ণ?

১১ ঘৰত শান্তি বজাই ৰাখিবলৈ নিজৰ ফালৰ পৰা সম্পূৰ্ণৰূপে চেষ্টা কৰক। আপুনি নিজৰ কথা-বতৰা আৰু কামৰ যোগেদি নিজৰ স্বামী আৰু লʼৰা-ছোৱালীৰ প্ৰতি প্ৰেম দেখুৱাওক। আপুনি নিজৰ স্বামীৰ লগত সন্মানেৰে কথা পাতক আৰু লʼৰা-ছোৱালীকো এইদৰে কৰিবলৈ শিকাওক। এইদৰে কৰিলে ঘৰত শান্তি থাকিব আৰু লʼৰা-ছোৱালীৰ বাবে যিহোৱাৰ বিষয়ে শিকাটো সহজ হৈ পৰিব। (যাকোব ৩:১৮ পঢ়ক।) ৰোমানিয়াত সেৱা কৰা বিশেষ অগ্ৰগামী সেৱক ভাই যোচেফৰ উদাহৰণলৈ মন কৰক। তেওঁ যেতিয়া সৰু আছিল, তেতিয়া তেওঁ, তেওঁৰ মাতৃ আৰু তেওঁৰ ভাই-ভনীসকলে যিহোৱাৰ উপাসনা কৰিছিল। কিন্তু তেওঁলোকৰ দেউতাকে তেওঁলোকক বিৰোধ কৰিছিল। ভাই যোচেফে এইদৰে কৈছে, “ঘৰত শান্তি বজাই ৰাখিবলৈ মায়ে সম্পূৰ্ণৰূপে চেষ্টা কৰিছিল। মোৰ দেউতাই যিমানেই বেয়া ব্যৱহাৰ কৰিছিল, মায়ে তেওঁৰ লগত সিমানেই ভাল ব্যৱহাৰ কৰিছিল। যেতিয়া মায়ে দেখিছিল যে আমি দেউতাৰ কথা পালন কৰা নাই আৰু তেওঁৰ সন্মান কৰা নাই, তেতিয়া মায়ে আমাৰ লগত ইফিচীয়া ৬:১-৩ পদত দিয়া সিদ্ধান্তৰ ওপৰত আলোচনা কৰিছিল। তাৰ পাছত মায়ে আমাক দেউতাৰ ভাল গুণবোৰৰ বিষয়ে কৈছিল আৰু আমাক বুজিবলৈ সহায় কৰিছিল যে আমি কিয় দেউতাক সন্মান কৰা উচিত। এইদৰে মায়ে ঘৰৰ অশান্তিৰ পৰিৱেশ শান্তিলৈ পৰিৱৰ্তন কৰিছিল।”

নিজৰ কামৰ যোগেদি লʼৰা-ছোৱালীক শিকাওক

১২. দ্বিতীয় তীমথিয় ১:৩, ৪ পদৰ অনুসৰি উনীকীৰ ভাল উদাহৰণে হয়তো তীমথিয়ৰ ওপৰত কি প্ৰভাৱ পেলালে?

১২ দ্বিতীয় তীমথিয় ১:৩, ৪ পঢ়ক। উনীকীয়ে তীমথিয়ৰ বাবে ভাল উদাহৰণ ৰাখিলে। তেওঁ হয়তো তীমথিয়ক শিকাইছিল যে বিশ্বাস কামৰ যোগেদি প্ৰকাশ পায়। (যাকো. ২:২৬) উনীকীৰ কাম দেখি তীমথিয়ই ভালদৰে বুজিব পাৰিলে যে তেওঁৰ মাকে যিহোৱাক বহুত প্ৰেম কৰে আৰু তেওঁ যিহোৱাৰ সেৱা কৰি বৰ আনন্দ লাভ কৰিছে। উনীকীৰ ভাল উদাহৰণে তীমথিয়ৰ ওপৰত কি প্ৰভাৱ পেলালে? পাঁচনি পৌলে কৈছিল যে তীমথিয়েও নিজৰ মাকৰ দৰেই বিশ্বাস ৰাখিছে। এনে নহয় যে উনীকীৰ বিশ্বাস দৃঢ় আছিল বাবে তীমথিয়ৰ বিশ্বাসো নিজে নিজে দৃঢ় হʼল। ইয়াৰ পৰিৱৰ্তে তেওঁ নিজৰ মাকৰ পৰা শিকিলে যে বিশ্বাস বঢ়াবলৈ তেওঁ কি কৰা উচিত আৰু তেওঁ সেইদৰে কামো কৰিলে। ঠিক সেইদৰে আজি বহুতো মাতৃয়ে “বিনাবাক্যেৰে” নিজৰ পৰিয়ালক যিহোৱাৰ সেৱা কৰিবলৈ সহায় কৰে। (১ পিত. ৩:১, ২) আপুনিও নিজৰ ভাল উদাহৰণৰ পৰা নিজৰ লʼৰা-ছোৱালীক শিকাব পাৰে। কেনেকৈ বাৰু, আহক চাওঁ।

১৩. মাতৃসকলে নিজৰ জীৱনত কিয় যিহোৱাক প্ৰথম স্থান দিয়া উচিত?

১৩ নিজৰ জীৱনত যিহোৱাক প্ৰথম স্থান দিয়ক। (দ্বিতী. ৬:৫, ৬) আপুনি নিজৰ লʼৰা-ছোৱালীৰ চোৱা-চিতা কৰিবলৈ বহুতো ত্যাগ কৰে, যেনে, সময়, টোপনি আৰু আন বস্তুবোৰ। কিন্তু নিজৰ লʼৰা-ছোৱালীৰ চোৱা-চিতা কৰাত ইমানেই ব্যস্ত হৈ নাযাব যে যিহোৱাৰ বাবে আপোনাৰ ওচৰত সময়ে নাথাকে। সেইবাবে, প্ৰতিদিনে প্ৰাৰ্থনা কৰিবলৈ সময় উলিয়াওক। প্ৰতিসপ্তাহে ব্যক্তিগত অধ্যয়ন কৰক আৰু প্ৰতিটো সভালৈ যাওক। এইদৰে কৰিলে যিহোৱাৰ লগত আপোনাৰ সম্পৰ্ক দৃঢ় হʼব আৰু আপুনি নিজৰ পৰিয়ালৰ লগতে আন লোকসকলৰ বাবেও এটা ভাল উদাহৰণ ৰাখিব পাৰিব।

১৪-১৫. লীনা, মাৰিয়া আৰু জিয়াঅʼৰ পৰা আপুনি কি শিকিলে?

১৪ বহুতো লʼৰা-ছোৱালীয়ে মাকৰ ভাল উদাহৰণ দেখি যিহোৱাক প্ৰেম কৰিবলৈ আৰু তেওঁৰ ওপৰত ভৰসা কৰিবলৈ শিকে। আহক কিছুমান উদাহৰণলৈ মন কৰোঁ। ভনী ক্ৰিষ্টিনৰ ছোৱালী লীনাই এইদৰে কৈছে, “যেতিয়া আমাৰ দেউতা ঘৰত আছিল, তেতিয়া আমি বাইবেল পঢ়িব নোৱাৰিছিলোঁ। কিন্তু আমাৰ মায়ে সদায় সভালৈ গৈছিল। যদিও আমি বাইবেলৰ কথা বেছি নাজানিছিলোঁ, কিন্তু মাক দেখি আমাৰ বিশ্বাস বাঢ়িবলৈ ধৰিলে। আমি লʼৰা-ছোৱালী কেইটাই বহু সময় পাছত সভালৈ যাবলৈ আৰম্ভ কৰিলোঁ, যদিও আমি আগতেই বুজি পাইছিলোঁ যে যিহোৱাৰ সাক্ষীসকলেই সত্য শিকায়।”

১৫ ভনী মাৰিয়াৰ দেউতাকেও তেওঁলোকক প্ৰায়ে সভালৈ যোৱাৰ বাবে শাস্তি দিছিল। তেওঁ এইদৰে কৈছে, “সৰুতে লোকসকলে কি কʼব, ইয়াৰ ভয়ত মই বাইবেলৰ সিদ্ধান্তবোৰ পালন কৰা নাছিলোঁ। এই কথাষাৰ আজিও মোৰ মনত আছে। কিন্তু মোৰ মা বৰ সাহসী আছিল। তেওঁ সকলোতকৈ বেছি যিহোৱাক প্ৰেম কৰিছিল। মাক দেখি মই নিজৰ মনৰ পৰা মানুহৰ প্ৰতি থকা ভয় দূৰ কৰিব পাৰিলোঁ।” জিয়াঅʼ নামৰ ভাইজনে কৈছে যে তেওঁৰ পিতৃয়ে পৰিয়ালত কাকো যিহোৱা আৰু বাইবেলৰ বিষয়ে কথা পাতিব নিদিছিল। তেওঁ এইদৰে কৈছে, “মায়ে দেউতাক সন্তুষ্ট কৰিবলৈ যিহোৱাৰ বাহিৰে আন সকলো ত্যাগ কৰিবলৈ সাজু আছিল। এই কথা মই কেতিয়াও পাহৰিব নোৱাৰোঁ।”

১৬. এগৰাকী মাতৃৰ ভাল উদাহৰণে আনৰ ওপৰত কেনেকৈ প্ৰভাৱ পেলাব পাৰে?

১৬ মাতৃসকল, আপোনালোকৰ ভাল উদাহৰণে মণ্ডলীৰ ভাই-ভনীসকলৰ ওপৰতো প্ৰভাৱ পেলায়। ইয়াক বুজিবলৈ আহক পুনৰ উনীকীৰ উদাহৰণলৈ মন কৰোঁ। তেওঁৰ ভাল উদাহৰণে পৌলৰ ওপৰত গভীৰভাৱে প্ৰভাৱ পেলাইছিল। পৌলে যেতিয়া প্ৰথম মিচনেৰী যাত্ৰাত লুস্ত্ৰালৈ গৈছিল, তেতিয়া হয়তো তেওঁ প্ৰথমবাৰ উনীকী আৰু লুইক লগ পাইছিল। পৌলে হয়তো তেওঁলোকক খ্ৰীষ্টান হʼবলৈ সহায় কৰিছিল। (পাঁচ. ১৪:৪-১৮) তেতিয়া পৌলে হয়তো লক্ষ্য কৰিছিল যে উনীকীৰ বহুত বিশ্বাস আছে। প্ৰায় ১৫ বছৰৰ পাছত যেতিয়া তেওঁ লিখিছিল যে তীমথিয়ৰ বিশ্বাসত কোনো কপট নাই, তেতিয়া তেওঁ এয়াও কৈছিল যে এনে বিশ্বাস ‘প্ৰথমে তেওঁৰ মাতৃ উনীকীৰ অন্তৰতো’ আছিল। (২ তীম. ১:৩) চিন্তা কৰক পৌলে ইমান বছৰৰ পাছতো উনীকীৰ বিশ্বাসৰ বিষয়ে পাহৰি যোৱা নাছিল আৰু নিজৰ চিঠিত তেওঁৰ উদাহৰণ দিলে। উনীকীৰ ভাল উদাহৰণে হয়তো পৌল আৰু প্ৰথম শতিকাৰ বহুতো খ্ৰীষ্টানৰ ওপৰত প্ৰভাৱ পেলাইছিল। ভনীসকল, যদি আপুনি অকলে নিজৰ লʼৰা-ছোৱালীক ডাঙৰ-দীঘল কৰি আছে বা আপোনাৰ স্বামী সাক্ষী নহয়, তেনেহʼলে বিশ্বাস ৰাখক যে আপোনাৰ ভাল উদাহৰণৰ পৰা মণ্ডলীৰ ভাই-ভনীসকলে বহুত উৎসাহ লাভ কৰে।

লʼৰা-ছোৱালীৰ হৃদয়ত যিহোৱাৰ প্ৰতি প্ৰেম বঢ়াবলৈ সময়ৰ প্ৰয়োজন হয়, সেইবাবে হাৰ নামানিব (অনুচ্ছেদ ১৭ চাওক)

১৭. যদি আপোনাৰ অনুভৱ হয় যে আপোনাৰ লʼৰা-ছোৱালীয়ে যিহোৱাৰ সেৱা কৰিব নিবিচাৰে, তেনেহʼলে আপুনি কি কৰিব পাৰে?

১৭ কেতিয়াবা আপোনাৰ হয়তো অনুভৱ হʼব পাৰে যে আপোনাৰ লʼৰা-ছোৱালীয়ে যিহোৱাৰ সেৱা কৰিব নিবিচাৰে। এনে পৰিস্থিতিত আপুনি মনত ৰাখিব পাৰে যে লʼৰা-ছোৱালীক শিকাবলৈ সময়ৰ প্ৰয়োজন হয়। যেনে, ছবিখনত দেখুৱাৰ দৰে বীজ সিঁচাৰ পাছত আপুনি হয়তো ভাবিব পাৰে যে ইয়াৰ পৰা পুলি ওলাব নে নোলায়বা পাছলৈ ই ফল দিব নে নিদিয়ে? কিন্তু বীজটো বাঢ়িব নে নাবাঢ়ে, সেয়া আপোনাৰ হাতত নাই। তথাপি বীজটো বাঢ়ি থাকিবলৈ আপুনি পানী দি থাকিব পাৰে। (মাৰ্ক ৪:২৬-২৯) লʼৰা-ছোৱালীক শিকোৱাটো ঠিক এইদৰেই হয়। তেওঁলোকে যিহোৱাৰ সেৱা কৰিব নে নকৰে, ইয়াৰ নিৰ্ণয় লোৱাটো আপোনাৰ হাতত নাই। কিন্তু আপুনি তেওঁলোকক নিশ্চয় সহায় কৰিব পাৰে, যাতে তেওঁলোক যিহোৱাৰ বন্ধু হʼব পাৰে। সেইবাবে, তেওঁলোকক যিহোৱাৰ বিষয়ে শিকাবলৈ পৰিশ্ৰম কৰি থাকক।—হিতো. ২২:৬.

যিহোৱাৰ ওপৰত ভৰসা কৰক

১৮. যিহোৱাই কেনেকৈ আপোনাৰ লʼৰা-ছোৱালীক সহায় কৰিব পাৰে?

১৮ প্ৰাচীন সময়ৰ পৰা এতিয়ালৈকে যিহোৱাই বহুতো লʼৰা-ছোৱালীক তেওঁৰ বন্ধু হʼবলৈ সহায় কৰিছে। (গীত. ২২:৯, ১০) আপোনাৰ লʼৰা-ছোৱালীয়ে যদি আধ্যাত্মিকভাৱে উন্নতি কৰিব বিচাৰে, তেনেহʼলে যিহোৱাই তেওঁলোককো সহায় কৰিব। (১ কৰি. ৩:৬, ৭) আপোনাৰ লʼৰা-ছোৱালী সত্যৰ পথৰ পৰা বিচলিত হʼলেও যিহোৱাই তেওঁলোকক প্ৰেম কৰি থাকিব আৰু তেওঁলোকৰ ওপৰত ধ্যান দিব। (গীত. ১১:৪) যেতিয়া যিহোৱাই দেখে যে তেওঁৰ মনটো ভাল আৰু তেওঁ যিহোৱাৰ সেৱা কৰিব বিচাৰে, তেতিয়া যিহোৱাই তেওঁক লগে লগে সহায় কৰে। (পাঁচ. ১৩:৪৮; ২ বং. ১৬:৯) তেওঁক সঠিক সময়ত সঠিক কথা কʼবলৈ হয়তো যিহোৱাই আপোনাক অনুপ্ৰাণিত কৰিব পাৰে। (হিতো. ১৫:২৩) ইয়াৰ উপৰিও তেওঁৰ প্ৰতি ধ্যান দিবলৈ আৰু তেওঁক উৎসাহিত কৰিবলৈ যিহোৱাই আন ভাই বা ভনীক অনুপ্ৰাণিত কৰিব পাৰে। যদি আপোনাৰ লʼৰা-ছোৱালীয়ে বৰ্তমান যিহোৱাৰ সেৱা কৰা নাই, তেনেহʼলে হাৰ নামানিব। যিহোৱাই বহুবছৰৰ পাছতো তেওঁলোকক সেই সকলো কথা মনত পেলাই দিব পাৰে, যিবোৰ আপুনি তেওঁক সৰুতে শিকাইছিল। (যোহ. ১৪:২৬) সেইবাবে, আপুনি নিজৰ কথা আৰু কামৰ যোগেদি নিজৰ লʼৰা-ছোৱালীক শিকাই থাকক। এইদৰে কৰিলে যিহোৱাই আপোনাৰ পৰিশ্ৰমত নিশ্চয় আশীৰ্বাদ দিব।

১৯. মাতৃসকল, যিহোৱাই আপোনাক লৈ আনন্দিত বুলি আপোনালোকে কিয় বিশ্বাস কৰিব পাৰে?

১৯ যিহোৱাই আপোনাক প্ৰেম কৰে, কিয়নো আপুনি তেওঁক প্ৰেম কৰে। আপোনাৰ লʼৰা-ছোৱালীয়ে যিহোৱাৰ সেৱা কৰক বা নকৰক, তথাপি যিহোৱাই আপোনাক প্ৰেম কৰি থাকিব। যদি আপুনি অকলে নিজৰ লʼৰা-ছোৱালীক ডাঙৰ-দীঘল কৰি আছে, তেনেহʼলে যিহোৱাই প্ৰতিজ্ঞা কৰিছে যে তেওঁ আপোনাৰ লʼৰা-ছোৱালীৰ পিতৃ হʼব আৰু আপোনাৰ যত্ন লʼব। (গীত. ৬৮:৫) আপোনাৰ লʼৰা-ছোৱালীয়ে যিহোৱাৰ সেৱা কৰিব নে নকৰে, ইয়াৰ নিৰ্ণয় তেওঁলোকে নিজে লʼব লাগিব। এই নিৰ্ণয় আপুনি তেওঁৰ বাবে লʼব নোৱাৰে। কিন্তু আপুনি যদি যিহোৱাৰ ওপৰত ভৰসা কৰে আৰু নিজৰ লʼৰা-ছোৱালীক শিকাবলৈ পৰিশ্ৰম কৰে, তেনেহʼলে যিহোৱা আপোনাক লৈ আনন্দিত হʼব আৰু আপোনাক আশীৰ্বাদ দিব।

গীত ১৩৪ সন্তান যিহোৱাই দিয়া আধিপত্য

^ অনু. 5 এই লেখত আলোচনা কৰা হʼব যে মাতৃসকলে তীমথিয়ৰ মাতৃ উনীকীৰ পৰা কি শিকিব পাৰে আৰু তেওঁলোকে নিজৰ লʼৰা-ছোৱালীক যিহোৱাৰ বিষয়ে কেনেকৈ শিকাব পাৰে।

^ অনু. 4 কিছুমান নাম সলনি কৰা হৈছে।

^ অনু. 9 উদাহৰণস্বৰূপে, দুখ-কষ্ট নথকা এক অনন্ত জীৱন! কিতাপখনৰ পাঠ ৫০ আৰু আগষ্ট ১৫, ২০১১ চনৰ প্ৰহৰীদুৰ্গৰ (হিন্দী) ৬-৭ পৃষ্ঠাত উল্লেখ থকা “পাৰিবাৰিক উপাসনা আৰু ব্যক্তিগত অধ্যয়নৰ বাবে পৰামৰ্শ” নামৰ লেখটো পঢ়ক।