Skip to content

Skip to table of contents

অধ্যয়নৰ লেখ ১৮

লক্ষ্য ৰাখক আৰু তাত উপনীত হওক

লক্ষ্য ৰাখক আৰু তাত উপনীত হওক

“সকলোৰে আগত তোমাৰ বৃদ্ধি যেন প্ৰকাশিত হয়, এই কাৰণে এইবোৰ কথাত মনোযোগ কৰা, আৰু এইবোৰত ব্যস্ত থাকা।”—১ তীম. ৪:১৫.

গীত ৮৪ যিহোৱাৰ সেৱাত আগ বাঢ়ক

লেখৰ এক আভাস *

১. আমি কি কি লক্ষ্য ৰাখিব পাৰোঁ?

 সত্য খ্ৰীষ্টান হিচাপে আমি যিহোৱাক বহুত প্ৰেম কৰিব বিচাৰোঁ আৰু মনে-প্ৰাণে তেওঁৰ সেৱা কৰিব বিচাৰোঁ। কিন্তু এনে কৰিবলৈ আমি কিছুমান লক্ষ্য ৰাখিব পাৰোঁ। যেনে, ভাল গুণবোৰ বঢ়াব পাৰোঁ, কিবা দক্ষতা বঢ়াব পাৰোঁ আৰু বেলেগ বেলেগ উপায়েৰে ভাই-ভনীসকলক সহায় কৰিব পাৰোঁ।

২. আমি কিয় লক্ষ্য ৰাখি তাত উপনীত হোৱা উচিত?

লক্ষ্য ৰখা আৰু তাত উপনীত হোৱাৰ আটাইতকৈ ডাঙৰ কাৰণ হৈছে আমি যিহোৱা ঈশ্বৰক আনন্দিত কৰিব বিচাৰোঁ। যেতিয়া আমি তেওঁৰ সেৱাত নিজৰ দক্ষতাবোৰ ব্যৱহাৰ কৰোঁ, তেতিয়া যিহোৱা বহুত আনন্দিত হয়। আমি লক্ষ্য ৰখাৰ যোগেদি নিজৰ ভাই-ভনীসকলক সহায় কৰিব পাৰোঁ, সেইবাবে আমি লক্ষ্য ৰখা উচিত। (১ থিচ. ৪:৯, ১০) আমি যিহোৱাৰ সেৱা কৰা যিমানেই বছৰ নহওক কিয়, তথাপি আমি লক্ষ্য ৰখা উচিত আৰু তাত উপনীত হোৱা উচিত। এয়া আমি কেনেকৈ কৰিব পাৰোঁ, আহক চাওঁ।

৩. পৌলে তীমথিয়ক কি কৰিবলৈ উৎসাহিত কৰিছিল? (১ তীমথিয় ৪:১২-১৬)

যেতিয়া পাঁচনি পৌলে তীমথিয়ক প্ৰথম চিঠি লিখিছিল, তেতিয়ালৈকে তীমথিয় প্ৰাচীন হোৱা কিছু সময় হৈছিল। তথাপি পৌলে তেওঁক উন্নতি কৰিবলৈ উৎসাহিত কৰিলে। (১ তীমথিয় ৪:১২-১৬ পঢ়ক।) পৌলৰ শব্দৰ পৰা বুজিব পাৰি যে তীমথিয়ক উন্নতি কৰিবলৈ দুটা কথাৰ ওপৰত ধ্যান দিয়াৰ প্ৰয়োজন আছিল। প্ৰথম, তেওঁক ভাল গুণবোৰ বঢ়োৱাৰ প্ৰয়োজন আছিল। যেনে, প্ৰেম, বিশ্বাস আৰু শুদ্ধ আচাৰ-ব্যৱহাৰ। দ্বিতীয়, তেওঁক কিছুমান দক্ষতা বঢ়োৱাৰ প্ৰয়োজন আছিল। যেনে, আনক পঢ়ি শুনোৱা, তেওঁলোকক উৎসাহিত কৰা আৰু শিক্ষা দিয়া দক্ষতা। আহক তীমথিয়ৰ উদাহৰণলৈ মন কৰোঁ আৰু তেওঁৰ পৰা শিকোঁ যে লক্ষ্য ৰাখিলে আমি যিহোৱাৰ আৰু ভালদৰে কেনেকৈ সেৱা কৰিব পাৰিম। আমি এয়াও শিকিম যে আমি কি কি উপায়েৰে আনৰ সহায় কৰিব পাৰোঁ।

ভাল গুণবোৰ বঢ়াওক

৪. ফিলিপীয়া ২:১৯-২২ পদৰ অনুসৰি তীমথিয় কিয় যিহোৱাৰ যোগ্য সেৱক হʼব পাৰিলে?

তীমথিয়, যিহোৱাৰ এজন যোগ্য সেৱক আছিল। কিয়নো তেওঁ বহুতো ভাল ভাল গুণ বঢ়াইছিল। (ফিলিপীয়া ২:১৯-২২ পঢ়ক।) পৌলে যি লিখিছিল, তাৰ পৰাও বুজিব পাৰি যে তীমথিয় নম্ৰ, বিশ্বাসী, পৰিশ্ৰমী আৰু ভৰসাযোগ্য আছিল। তেওঁ ভাই-ভনীসকলক প্ৰেম কৰিছিল আৰু তেওঁলোকৰ বিষয়ে চিন্তা কৰিছিল। সেইবাবে, পৌলে তেওঁক প্ৰেম কৰিছিল। পৌলে তীমথিয়ৰ ওপৰত ভৰসা কৰিছিল, সেইবাবে তেওঁক কিছুমান ডাঙৰ দায়িত্ব দিছিল। (১ কৰি. ৪:১৭) তীমথিয়ৰ দৰে যেতিয়া আমি ভাল ভাল গুণবোৰ বঢ়াওঁ, তেতিয়া যিহোৱাই আমাক প্ৰেম কৰিব আৰু আমি ভাই-ভনীসকলক বেছিকৈ সহায় কৰিব পাৰিম।—গীত. ২৫:৯; ১৩৮:৬.

আপুনি কোনটো গুণ বঢ়াব বিচাৰে বাছনি কৰক (অনুচ্ছেদ ৫-৬ চাওক)

৫. (ক) আপুনি কোনটো গুণ বঢ়াব বিচাৰে, সেই নিৰ্ণয় আপুনি কেনেকৈ লʼব? (খ) ছবিখনত দেখুৱা এগৰাকী যুৱতী ভনীয়ে কি লক্ষ্য ৰাখিছে আৰু তাত উপনীত হʼবলৈ তেওঁ কি কৰি আছে?

লক্ষ্য ৰাখক। প্ৰাৰ্থনা কৰক আৰু চিন্তা কৰক যে আপুনি কোনটো ক্ষেত্ৰত শুধৰণি কৰাৰ প্ৰয়োজন আছে। তাৰ পাছত আপুনি এটা গুণ বাছনি কৰক, যিটো আপুনি বঢ়াব বিচাৰে। উদাহৰণস্বৰূপে, আপুনি চিন্তা কৰিব পাৰে ‘মই সহানুভূতিৰ গুণ বঢ়াব পাৰোঁনে? মই ভাই-ভনীক সহায় কৰাৰ ইচ্ছা বঢ়াব পাৰোঁনে? মই শান্তি স্থাপন কৰিবলৈ আৰু আনক ক্ষমা কৰিবলৈ সাজু থাকোঁনে?’ ইয়াৰ বিষয়ে আপুনি কোনো এজন বন্ধুক সুধিব পাৰে আৰু তেওঁৰ পৰা পৰামৰ্শ লʼব পাৰে।—হিতো. ২৭:৬.

৬. কোনো এটা গুণ বঢ়াবলৈ আপুনি কি কৰিব পাৰে?

লক্ষ্যত উপনীত হʼবলৈ পৰিশ্ৰম কৰক। ইয়াৰ এটা উপায় হৈছে আপুনি যি গুণ বঢ়াব বিচাৰে, তাৰ বিষয়ে অধ্যয়ন কৰক। ধৰি লওক আপুনি আনক ক্ষমা কৰাৰ গুণ বঢ়াব বিচাৰে। ইয়াৰ বাবে আপুনি বাইবেলত উল্লেখ থকা এনে লোকসকলৰ বিষয়ে পঢ়িব পাৰে আৰু ধ্যান কৰিব পাৰে, যিসকলে আনক ক্ষমা কৰিছিল আৰু যিসকলে আনক ক্ষমা কৰা নাছিল। উদাহৰণস্বৰূপে, আপুনি যীচুৰ বিষয়ে পঢ়িব পাৰে। তেওঁ অন্তৰৰ পৰা আনক ক্ষমা কৰিছিল। (লূক ৭:৪৭, ৪৮) তেওঁ আনৰ দুৰ্বলতাৰ ওপৰত ধ্যান দিয়া নাছিল, ইয়াৰ পৰিৱৰ্তে তেওঁলোকে পাছলৈ কি কৰিব পাৰে, তাৰ বিষয়ে ধ্যান দিছিল। কিন্তু সেই সময়ত ফৰীচীসকল যীচুতকৈ একেবাৰে বেলেগ আছিল। তেওঁলোকে আনক “হেয়জ্ঞান” কৰিছিল। (লূক ১৮:৯) এই উদাহৰণবোৰৰ ওপৰত ধ্যান কৰাৰ পাছত আপুনি নিজকে এইদৰে সুধিব পাৰে, ‘মই তেওঁলোকৰ ভাল গুণবোৰ বিচাৰিবলৈ চেষ্টা কৰোঁনে? তেওঁলোকৰ কি কি ভাল গুণ আছে, তালৈ লক্ষ্য কৰোঁনে?’ যদি আনক ক্ষমা কৰিবলৈ আপোনাৰ বাবে কঠিন হয়, তেনেহʼলে তেওঁলোকৰ ভাল গুণবোৰ লিখি ৰাখিব পাৰে। তাৰ পাছত আমি নিজকে এইদৰে সুধিব পাৰোঁ, ‘যীচু মোৰ ঠাইত থকা হʼলে যীচুৱে তেওঁৰ বিষয়ে কি ভাবিলেহেঁতেন? যীচুৱে তেওঁক ক্ষমা কৰিলেহেঁতেনে?’ এনেদৰে ক্ষমা কৰাৰ বিষয়ে অধ্যয়ন কৰিলে আমি নিজৰ চিন্তাধাৰা সলনি কৰিব পাৰিম। আৰম্ভণিতে এনে কৰাটো আমাৰ বাবে হয়তো কঠিন হʼব পাৰে। কিন্তু আমি যদি পৰিশ্ৰম কৰি থাকোঁ, তেনেহʼলে আনক ক্ষমা কৰিবলৈ আমাৰ বাবে সহজ হৈ পৰিব।

দক্ষতা বঢ়াওক

ৰাজ্যগৃহৰ মেৰামতি কৰিবলৈ শিকক (অনুচ্ছেদ ৭ চাওক) *

৭. আজি যিহোৱাই দক্ষতা থকা ভাই-ভনীসকলৰ যোগেদি কি কি কাম কৰাই আছে? (হিতোপদেশ ২২:২৯)

আমি কিবা দক্ষতা বঢ়োৱাৰ লক্ষ্যও ৰাখিব পাৰোঁ। যেনে, নিৰ্মাণ কামৰ সৈতে জড়িত কিবা দক্ষতা। উদাহৰণস্বৰূপে, বেথেল, সন্মিলন ভৱন আৰু ৰাজ্যগৃহ বনাবলৈ কিমান লোকসকলৰ প্ৰয়োজন আছে। যদি আপুনি নিৰ্মাণ কামৰ কোনো দক্ষতা নাজানে, তেনেহʼলে চিন্তা নকৰিব। বহুতোলোকে অভিজ্ঞ ভাইসকলৰ লগত কাম কৰি বেলেগ বেলেগ দক্ষতা শিকিছে। ছবিখনত দেখুৱাৰ দৰে কেৱল ভাইসকলে নহয় ভনীসকলেও সন্মিলন ভৱন আৰু ৰাজ্যগৃহৰ মেৰামতি কৰিবলৈ শিকি আছে। ‘চিৰস্থায়ী ৰজা’ যিহোৱা আৰু “ৰজাৰো ৰজা” যীচুৱে দক্ষতা থকা ভাই-ভনীসকলৰ যোগেদি নিৰ্মাণ কামৰ উপৰিও আৰু বহুতো কাম কৰাই আছে। (১ তীম. ১:১৭; ৬:১৫; হিতোপদেশ ২২:২৯ পঢ়ক।) সেইবাবে, আমি প্ৰশংসা পাবলৈ নহয় যিহোৱাৰ মহিমা কৰিবলৈ কঠিন পৰিশ্ৰম কৰা আৰু নিজৰ দক্ষতা ব্যৱহাৰ কৰাটো কিমান ভাল হʼব।—যোহ. ৮:৫৪.

৮. আপুনি কোনটো দক্ষতা বঢ়াব, সেয়া কেনেকৈ বাছনি কৰিব পাৰে?

লক্ষ্য ৰাখক। আপুনি কোনটো দক্ষতা বঢ়াব বা শিকিব বিচাৰে, তাৰ বিষয়ে প্ৰথমে নিজেই চিন্তা কৰক আৰু নিজৰ মণ্ডলীৰ প্ৰাচীনসকলক সোধক। আপুনি যদি বিচাৰে, তেনেহʼলে চাৰ্কিট ওভাৰচিয়াৰকো ইয়াৰ বিষয়ে সুধিব পাৰে। তেওঁলোকে আপোনাক কোৱা আৰু শিক্ষা দিয়াৰ দক্ষতা বঢ়াবলৈ কʼব পাৰে। এনে পৰিস্থিতিত তেওঁলোকক সোধক যে আপুনি শিক্ষা দিয়াৰ কোনটো ক্ষেত্ৰত শুধৰণি কৰাৰ প্ৰয়োজন আছে। তাৰ পাছত শুধৰণি কৰিবলৈ পৰিশ্ৰম কৰক।

৯. কোনো এটা দক্ষতা বঢ়াবলৈ আপুনি কি কৰিব লাগিব?

লক্ষ্যত উপনীত হʼবলৈ পৰিশ্ৰম কৰক। ধৰি লওক আপুনি শিক্ষা দিয়া দক্ষতা বঢ়াব বিচাৰে। ইয়াৰ বাবে আপুনি পঢ়া আৰু শিক্ষা দিয়াত উন্নতি কৰক নামৰ ব্ৰচাৰখন অধ্যয়ন কৰিব পাৰে। যেতিয়া আপোনাক সপ্তাহৰ মাজৰ সভাত কোনো এটা ভাগ দিয়া হয়, তেতিয়া আপুনি কোনো যোগ্য ভাইৰ পৰা সহায় লʼব পাৰে। আপুনি নিজৰ ভাগ তেওঁক আগতে শুনাব পাৰে আৰু তেওঁৰ পৰা পৰামৰ্শ লʼব পাৰে। যদি আপুনি নিজৰ ভাগ আগবঢ়াবলৈ আগৰে পৰা তৈয়াৰী কৰিব, তেনেহʼলে লোকসকলে দেখিব পাৰিব যে আপুনি কিমান পৰিশ্ৰমী আৰু ভৰসাযোগ্য হয়।—হিতো. ২১:৫; ২ কৰি. ৮:২২.

১০. এটা উদাহৰণ দি বুজাওক যে যদি আমাক কোনো দক্ষতা বঢ়াবলৈ কঠিন লাগে, তেনেহʼলে আমি কি কৰা উচিত?

১০ যদি আপোনাক কোনো দক্ষতা বঢ়াবলৈ কঠিন লাগে, তেনেহʼলে আপুনি কি কৰিব পাৰে? হাৰ নামানিব আৰু পৰিশ্ৰম কৰি থাকক। গেৰী নামৰ ভাইজনৰ উদাহৰণলৈ মন কৰক। তেওঁ ভালদৰে পঢ়িব নোৱাৰিছিল। যেতিয়া তেওঁক সভাত পঢ়িবলৈ কোৱা হৈছিল, তেতিয়া তেওঁ বহুত লাজ অনুভৱ কৰিছিল। কিন্তু তেওঁ পৰিশ্ৰম কৰি থাকিল আৰু পঢ়া দক্ষতা বঢ়াই থাকিল। তেওঁ ভাইসকলৰ পৰা শিকিলে আৰু প্ৰকাশনত দিয়া পৰামৰ্শবোৰ পালন কৰিলে। সেইবাবে, এতিয়া তেওঁ কেৱল সভাবোৰতে নহয়, কিন্তু চাৰ্কিট সন্মিলন আৰু অধিৱেশনবোৰতো ভাষণ দিব পাৰে।

১১. তীমথিয়ৰ দৰে আমি কি কৰিব পাৰোঁ?

১১ পৌলৰ পৰামৰ্শ পালন কৰি তীমথিয় এজন ভাল বক্তা আৰু শিক্ষক হʼব পাৰিলেনে? বাইবেলত ইয়াৰ বিষয়ে একোৱেই উল্লেখ কৰা নাই। কিন্তু আমি জানোঁ যে পৌলৰ পৰামৰ্শ পালন কৰি তীমথিয়ে নিজৰ দায়িত্ব ভালদৰে পালন কৰিব পাৰিলে। (২ তীম. ৩:১০, ১১) তীমথিয়ৰ দৰে যদি আমিও নিজৰ দক্ষতা বঢ়াওঁ, তেনেহʼলে আমিও দায়িত্ববোৰ ভালদৰে পালন কৰিবলৈ যোগ্য হʼব পাৰিম।

বেলেগ বেলেগ উপায়েৰে আনক সহায় কৰক

১২. আনে আপোনাক কেনেকৈ সহায় কৰিছে, তাৰ বিষয়ে জনাওক।

১২ যেতিয়া আনে আমাক সহায় কৰে, তেতিয়া আমাৰ বহুত ভাল লাগে। যেনে, আমি হস্পিতালত ভৰ্তি থকাৰ সময়ত চিকিৎসালয় যোগাযোগ সমিতি বা ৰোগীক সাক্ষাৎ কৰা সমূহৰ প্ৰাচীনে যেতিয়া আমাক লগ কৰিবলৈ আহে, তেতিয়া আমাৰ বহুত ভাল লাগে। যেতিয়া আমি কিবা সমস্যাত পৰোঁ সেই সময়ত এজন প্ৰাচীনে সময় উলিয়াই আমাৰ কথা শুনে আৰু আমাক শান্ত্বনা দিয়ে, তেতিয়াও আমি বহুত সাহস লাভ কৰোঁ। কোনো বাইবেল বিদ্যাৰ্থীক শিকাবলৈ আমাৰ বাবে কঠিন হোৱাৰ সময়ত কোনো অগ্ৰগামী সেৱকে যেতিয়া আমাক সহায় কৰে আৰু অধ্যয়ন কৰাৰ পাছত কিবা পৰামৰ্শ দিয়ে, তেতিয়া আমি তেওঁৰ প্ৰতি কৃতজ্ঞ হওঁ। এই সকলো ভাই-ভনীয়ে আমাৰ সহায় কৰি বহুত আনন্দিত হয়। আমিও আনক সহায় কৰি এই আনন্দ লাভ কৰিব পাৰোঁ। যীচুৱে এইদৰে কৈছিল, “গ্ৰহণ কৰাতকৈ দান কৰা ধন্য।” (পাঁচ. ২০:৩৫) সেইবাবে, আপুনিও আনক সহায় কৰাৰ লক্ষ্য ৰাখিব পাৰে।

১৩. লক্ষ্য বাছনি কৰাৰ সময়ত আমি কি মনত ৰখা উচিত?

১৩ যদি আমি ভাবোঁ যে মই মণ্ডলীৰ ভাই-ভনীসকলক বেছি সহায় কৰিব বিচাৰোঁ, তেনেহʼলে ইমানেই যথেষ্ট নহয়। ইয়াৰ পৰিৱৰ্তে চিন্তা কৰক যে আপুনি তেওঁলোকক কি কি বিশেষ উপায়েৰে সহায় কৰিব পাৰে। এনেধৰণৰ লক্ষ্য ৰাখিলে আপুনি তাত উপনীত হʼবলৈ পদক্ষেপ লʼব পাৰিব আৰু ভালদৰে জানিব পাৰিব যে আপুনি লক্ষ্যত উপনীত হʼব পাৰিছে নে নাই পৰা। আপুনি নিজৰ লক্ষ্য লিখি ৰাখিব পাৰে আৰু তাত উপনীত হʼবলৈ কি কি কৰিব, সেয়াও লিখি ৰাখিব পাৰে।

১৪. আমি নিজৰ লক্ষ্য সলনি কৰিবলৈ কিয় সাজু থকা উচিত?

১৪ বহুবাৰ আমাৰ পৰিস্থিতি সলনি হয়, সেইবাবে আমি নিজৰ লক্ষ্য সলনি কৰিবলৈ সাজু থকা উচিত। পৌলেও সেইদৰে কৰিলে। তেওঁ থিচলনীকী চহৰত মণ্ডলী আৰম্ভ কৰিবলৈ সহায় কৰিছিল। পৌলৰ হয়তো তাতে থাকি তাত থকা নতুন ভাই-ভনীসকলক সহায় কৰাৰ লক্ষ্য আছিল। কিন্তু কিছু সময়ৰ পাছত লোকসকলে বিৰোধ কৰাৰ আৰম্ভ কৰিলে আৰু পৌলে সেই ঠাই এৰি যাবলগীয়া হʼল। (পাঁচ. ১৭:১-৫, ১০) পৌল তাতে থকা হʼলে আন ভাই-ভনীসকলে বিপদত পৰিলেহেঁতেন। এতিয়া পৌলে তাত থকা ভাই-ভনীসকলক নিজে সহায় কৰিব নোৱাৰিছিল। সেইবাবে, পৌলে তীমথিয়ক তেওঁলোকৰ ওচৰলৈ পঠিয়ালে, যাতে তীমথিয়ে তেওঁলোকক উৎসাহিত কৰিব পাৰে। (১ থিচ. ৩:১-৩) চিন্তা কৰক যেতিয়া থিচলনীকীৰ ভাই-ভনীয়ে দেখিলে যে তীমথিয়ে তেওঁলোকক সহায় কৰিবলৈ আহিছে, তেতিয়া হয়তো তেওঁলোকে কিমান আনন্দিত হʼল!

১৫. পৰিস্থিতি সলনি হʼলে আমি কি কৰিবলৈ সাজু থকা উচিত? এটা উদাহৰণ দিয়ক।

১৫ হয়তো আমাৰ পৰিস্থিতিও হঠাতে সলনি হʼব পাৰে আৰু আমি নিজৰ লক্ষ্যত উপনীত হʼব নোৱাৰোঁ। (উপ. ৯:১১) এনে পৰিস্থিতিত আমি পৌলৰ দৰে নিজৰ লক্ষ্য সলনি কৰিব পাৰোঁ আৰু এনে এটা লক্ষ্য ৰাখিব পাৰোঁ, যʼত আমি উপনীত হʼব পাৰোঁ। ভাই টেড আৰু তেওঁৰ পত্নী হাইডীৰ উদহৰণলৈ মন কৰক। তেওঁলোক দুয়োজনে বেথেলত সেৱা কৰিছিল। কিন্তু তেওঁলোকৰ মাজৰ এজনৰ স্বাস্থ্য বেয়া হোৱাৰ বাবে তেওঁলোকে বেথেল এৰিব লগা হʼল। তেওঁলোকে যিহোৱাক বহুত প্ৰেম কৰিছিল, সেইবাবে তেওঁলোকে আন উপায়েৰে যিহোৱাৰ সেৱা কৰিবলৈ চিন্তা কৰিলে। তেওঁলোকে অগ্ৰগামী সেৱা আৰম্ভ কৰিলে। কিছু সময়ৰ পাছত তেওঁলোকে বিশেষ অগ্ৰগামী সেৱক হিচাপে সেৱা কৰিবলৈ সুযোগ পালে আৰু টেডক চবটিটিউট চাৰ্কিট ওভাৰচিয়াৰৰ প্ৰশিক্ষণ দিয়া হʼল। তাৰ পাছত এটা সাল-সলনি হʼল সংগঠনে কʼলে যে চাৰ্কিট ওভাৰচিয়াৰসকলে কেৱল এটা বয়সৰলৈকেহে সেৱা কৰিব পাৰে। সেইবাবে, ভাই টেডে এতিয়া চাৰ্কিট ওভাৰচিয়াৰ হিচাপে সেৱা কৰিব নোৱাৰে। ইয়াৰ বিষয়ে জানি তেওঁলোকৰ বৰ দুখ লাগিল। কিন্তু তেওঁলোকে আন উপায়েৰে সেৱা কৰিবলৈ চিন্তা কৰিলে। ভাই টেডে এইদৰে কৈছে, “আমি শিকিলোঁ যে আমি এটা উপায়েৰেহে সেৱা কৰিম বুলি ভবাৰ পৰিৱৰ্তে আন উপায়েৰে সেৱা কৰিবলৈ সাজু থকা উচিত।”

১৬. গালাতীয়া ৬:৪ পদৰ পৰা আমি কি শিকিব পাৰোঁ?

১৬ বহুবাৰ আমাৰ জীৱনত যি ঘটনা ঘটে, সেয়া আমাৰ নিয়ন্ত্ৰণত নাথাকে। যেনে, বৰ্তমান সময়ত আমি যি দায়িত্ব পালন কৰি আছোঁ ভৱিষ্যতে আমাৰ ওচৰত সেই দায়িত্ব নাথাকিব পাৰে। এনে পৰিস্থিতিত আমি মনত ৰখা উচিত যে আমাৰ ওচৰত দায়িত্ব থকাৰ বাবেহে যিহোৱাই আমাক প্ৰেম কৰে এনে নহয়। আমি এয়াও মনত ৰখা উচিত যে আমি নিজৰ তুলনা আনৰ লগতো কৰা উচিত নহয়। হাইডিয়ে এইদৰে কৈছে, “আনৰ তুলনাত আমি যদি একোৱেই কৰিব পৰা নাই বুলি ভাবোঁ, তেনেহʼলে আমাৰ আনন্দ নাইকীয়া হʼব পাৰে।” (গালাতীয়া ৬:৪ পঢ়ক।) সেইবাবে, আমি নিজৰ পৰিস্থিতিৰ অনুসৰি কেনেকৈ যিহোৱাৰ সেৱা কৰিব পাৰোঁ আৰু আনক কেনেকৈ সহায় কৰিব পাৰোঁ, তাৰ বিষয়ে চিন্তা কৰাটোৱে ভাল হʼব। *

১৭. যিহোৱাৰ সেৱা বেছিকৈ কৰিবলৈ আপুনি কি কৰিব পাৰে?

১৭ যদি আপুনি নিজৰ জীৱন সৰল কৰে আৰু অপ্ৰয়োজনীয় ধাৰ লোৱাৰ পৰা আঁতৰি থাকে, তেনেহʼলে আপুনি যিহোৱাৰ সেৱা আৰু বেছিকৈ কৰিব পাৰিব। নিজৰ লক্ষ্যত উপনীত হʼবলৈ আপুনি সৰু সৰু লক্ষ্য ৰাখিব পাৰে। যেনে, যদি আপুনি অগ্ৰগামী সেৱা কৰিব বিচাৰে, তেনেহʼলে আপুনি কেই মাহমান একেৰাহে সহকাৰী অগ্ৰগামী সেৱা কৰিব পাৰিবনে? যদি আপুনি পৰিচাৰক হʼব বিচাৰে, তেনেহʼলে প্ৰচাৰত আৰু সময় অতিবাহিত কৰিব পাৰেনে? মণ্ডলীত বৃদ্ধ আৰু বেমাৰ হোৱা ভাই-ভনীসকলক লগ কৰিবলৈ যাব পাৰিবনে? যদি আপুনি সৰু সৰু লক্ষ্যত উপনীত হʼব, তেনেহʼলে আপুনি যোগ্য হʼব পাৰিব আৰু পাছলৈ বহুতো দায়িত্ব লʼব পাৰিব। সেইবাবে, আপোনাক যিয়ে দায়িত্ব দিয়া হয়, তাক পালন কৰিবলৈ সম্পূৰ্ণৰূপে চেষ্টা কৰক।—ৰোম. ১২:১১.

এনে লক্ষ্য ৰাখক, যʼত আপুনি উপনীত হʼব পাৰে (অনুচ্ছেদ ১৮ চাওক) *

১৮. ভনী বেবৰ্লীৰ উদাহৰণৰ পৰা আপুনি কি শিকিলে? ছবিখনো চাওক।

১৮ লক্ষ্য ৰখাৰ কোনো বয়স নাথাকে। সেইবাবে যদিও আমি বৃদ্ধ হওঁ, তথাপি আমি লক্ষ্য ৰাখিব পাৰোঁ আৰু তাত উপনীত হʼব পাৰোঁ। ৭৫ বছৰীয়া ভনী বেবৰ্লীৰ উদাহৰণলৈ মন কৰক। স্বাস্থ্য ভাল নথকাৰ বাবে তেওঁ বেছিকৈ খোজ কাঢ়িব নোৱাৰে। কিন্তু তেওঁৰ স্মৰণীয় দিনৰ অভিযানত ভাগ লোৱাৰ বৰ ইচ্ছা আছিল। ইয়াৰ বাবে ভনীগৰাকীয়ে সৰু সৰু লক্ষ্য ৰাখিলে। যেতিয়া তেওঁ নিজৰ লক্ষ্যত উপনীত হʼল, তেতিয়া তেওঁ বহুত আনন্দ লাভ কৰিলে। তেওঁক দেখি আন লোকসকলেও উৎসাহেৰে প্ৰচাৰ কৰিবলৈ উৎসাহিত হʼল। যদিও আমাৰ বৃদ্ধ ভাই-ভনীসকলে বেছি কৰিব নোৱাৰে, তথাপি যিহোৱাই তেওঁলোকৰ পৰিশ্ৰমৰ মূল্যাংকন কৰে। —গীত. ৭১:১৭, ১৮.

১৯. আমি কি কি লক্ষ্য ৰাখিব পাৰোঁ?

১৯ এই লেখত আমি শিকিলোঁ যে আমি এনে লক্ষ্য ৰখা উচিত, যিবোৰত আমি উপনীত হʼব পাৰোঁ। আমি যিহোৱাই আনন্দিত হোৱা গুণবোৰ বঢ়োৱা উচিত। আমি কিছুমান দক্ষতা শিকা উচিত, যাতে আমি যিহোৱা আৰু তেওঁৰ সংগঠনক সহায় কৰিব পাৰোঁ। আমি ভাই-ভনীসকলক আৰু বেছিকৈ কেনেকৈ সহায় কৰিব পাৰোঁ, তাৰ বিষয়ে চিন্তা কৰা উচিত? * যেতিয়া আমি এনে কৰিম, তেতিয়া যিহোৱাই আমাক আশীৰ্বাদ দিব আৰু ‘সকলোৰে আগত আমাৰ বৃদ্ধি প্ৰকাশিত হʼব।’—১ তীম. ৪:১৫.

গীত ৩৮ তেওঁ আপোনাক দৃঢ় কৰিব

^ অনু. 5 তীমথিয়ে ভালদৰে প্ৰচাৰ কৰিছিল। তথাপি তীমথিয়ক উন্নতি কৰি থাকিবলৈ পাঁচনি পৌলে পৰামৰ্শ দিলে। এই পৰামৰ্শ পালন কৰি তীমথিয়ে যিহোৱাৰ সেৱা আৰু ভালদৰে কৰিব পাৰিলে আৰু নিজৰ ভাই-ভনীসকলক সহায় কৰিব পাৰিলে। তীমথিয়ৰ নিচিনা আপুনিও নিশ্চয় যিহোৱাৰ সেৱা আৰু ভাই-ভনীসকলক বেছিকৈ সহায় কৰিব বিচাৰে। ইয়াৰ বাবে আপুনি কি কি লক্ষ্য ৰাখিব পাৰে আৰু তাত উপনীত হʼবলৈ আপুনি কি কৰিব পাৰে?

^ অনু. 19 দুখ-কষ্ট নথকা এক অনন্ত জীৱন! কিতাপখনৰ পাঠ ৬০ পঢ়ক।

^ অনু. 62 ছবিৰ বিষয়ে: এজন ভায়ে দুগৰাকী ভনীক মেৰামতি কৰিবলৈ শিকাই আছে। নতুন দক্ষতা শিকাৰ পাছত ভনীসকলে নিজে সেই কাম কৰি আছে।

^ অনু. 64 ছবিৰ বিষয়ে: এগৰাকী বৃদ্ধ ভনীয়ে বেছিকৈ খোজ কাঢ়িব নোৱাৰে, তথাপি তেওঁ ফোনৰ যোগেদি লোকসকলক স্মৰণীয় দিনৰ বাবে নিমন্ত্ৰণ জনাই আছে।