Skip to content

Skip to table of contents

অধ্যয়নৰ লেখ ১৫

কথা কোৱাৰ ক্ষেত্ৰত আপুনি ভাল উদাহৰণ ৰাখিছেনে?

কথা কোৱাৰ ক্ষেত্ৰত আপুনি ভাল উদাহৰণ ৰাখিছেনে?

‘তুমি বাক্যত, বিশ্বাস কৰাবিলাকৰ আৰ্হি হোৱা।’—১ তীম. ৪:১২.

গীত ৯০ এজনে-আনজনক সাহস দিয়ক

লেখৰ এক আভাস *

১. আমাক কথা কোৱাৰ দক্ষতা কোনে দিছে?

 যিহোৱাই আমাক বহুত প্ৰেম কৰে আৰু তেৱেঁ আমাক কথাৰ কোৱাৰ দক্ষতা দিছে। যেতিয়া প্ৰথম মানৱ আদমক সৃষ্টি কৰা হৈছিল, তেতিয়াৰে পৰা তেওঁ বহুতো শব্দ ব্যৱহাৰ কৰি নিজৰ পিতৃ যিহোৱাৰ লগত কথা পাতিছিল। পাছলৈ তেওঁ আৰু নতুন নতুন শব্দ শিকিব ধৰিলে। এই দক্ষতাৰ বাবে তেওঁ জীৱ-জন্তুবোৰৰ নাম ৰাখিব পাৰিলে। (আদি. ২:১৯) কল্পনা কৰক, যেতিয়া তেওঁ প্ৰথমবাৰ আন এজন মানুহ অৰ্থাৎ তেওঁৰ মৰমৰ পত্নী হৱাৰ লগত কথা পাতিলে, তেতিয়া তেওঁ হয়তো বহুত আনন্দিত হʼল!—আদি. ২:২২, ২৩.

২. (ক) কথা কোৱাৰ দক্ষতাৰ কেনেকৈ অপব্যৱহাৰ কৰা হৈছিল? (খ) বৰ্তমান সময়ত লোকসকলৰ কথা-বতৰা কেনে হয়?

মানুহক সৃষ্টি কৰা কিছু সময়ৰ পাছত কথা কোৱা দক্ষতাৰ অপব্যৱহাৰ কৰা হʼল। চয়তানে হৱাক মিছা কথা কʼলে, যাৰ বাবে মানুহে পাপ কৰিলে আৰু তেওঁলোক অসিদ্ধ হৈ পৰিল। (আদি. ৩:১-৪) যেতিয়া আদমে ভুল কৰিলে, তেতিয়া তেওঁ সকলো দোষ হৱা আৰু যিহোৱাৰ ওপৰত জাপি দিলে। (আদি. ৩:১২) যেতিয়া কয়িনে নিজৰ ভাই হেবলৰ হত্যা কৰিছিল, তেতিয়া তাৰ পাছত তেওঁ যিহোৱাক মিছা কথা কৈছিল। (আদি. ৪:৯) পাছলৈ কয়িনৰ বংশ লেমকে প্ৰতিশোধ লোৱাৰ বিষয়ে এটা কবিতা ৰচিলে। ইয়াৰ পৰা বুজিব পাৰি যে সেই সময়ৰ জগতখন কিমান বেয়ালৈ ঢাল খাইছিল আৰু লোকসকল বহুত হিংসাত্মক হৈ পৰিছিল। (আদি. ৪:২৩, ২৪) বৰ্তমান সময়ত লোকসকলৰ কথা-বতৰা কেনে? বহুতো নেতাই নিজৰ ভাষণবোৰত বেয়া কথা কয় আৰু বেছিভাগ চিনেমাত লোকসকলক গালি পাৰা দেখুৱা হয়। স্কুলে হওক বা কামৰ ঠাইয়ে হওক, আজি সকলো ঠাইতে এনে ভাষা শুনিবলৈ পোৱা যায়। ইয়াৰ পৰা বুজিব পাৰি যে জগতখন একেবাৰে বেয়ালৈ ঢাল খাই গৈ আছে।

৩. (ক) আমি কিয় সাৱধান হোৱা উচিত? (খ) এই লেখত আমি কি কি শিকিম?

যদি আমি সাৱধান নহওঁ, তেনেহʼলে লোকসকলক দেখি আমিও বেয়া কথা কʼব পাৰোঁ। কিন্তু যিহোৱাই আমাৰ পৰা আনন্দিত হোৱাটো যদি আমি বিচাৰোঁ, তেনেহʼলে আমি এনেধৰণৰ কথা কোৱাৰ পৰা আঁতৰি থাকিম। আমি কথা কোৱা দক্ষতাৰ ভালদৰে ব্যৱহাৰ কৰিম আৰু নিজৰ কথা-বতৰাৰ পৰা যিহোৱাৰ মহিমা কৰিম। এই লেখত আমি শিকিম যে যেতিয়া আমি (১) প্ৰচাৰ কৰোঁ (২) সভাত থাকোঁ আৰু (৩) এজনে-আনজনৰ লগত কথা পাতোঁ, তেতিয়া এয়া আমি কেনেকৈ কৰিব পাৰোঁ? কিন্তু প্ৰথমে আহক আমি চাওঁ যে আমাৰ কথা-বতৰা ভাল হোৱাটো যিহোৱাই কিয় বিচাৰে।

আমাৰ কথা-বতৰা ভালহোৱাটো যিহোৱাই বিচাৰে

আপোনাৰ কথা-বতৰাৰ পৰা জানিব পাৰি যে আপোনাৰ হৃদয়ত কি আছে (অনুচ্ছেদ ৪-৫ চাওক) *

৪. মলাখী ৩:১৬ পদৰ অনুসৰি যিহোৱাই আমাৰ কথা-বতৰাৰ প্ৰতি কিয় মনোযোগ দিয়ে?

মলাখী ৩:১৬ পঢ়ক। এই পদৰ অনুসৰি যিহোৱাই লোকসকলকৰ কথা মনোযোগ দি শুনে, কিয়নো তেওঁলোকৰ কথাৰ পৰা জানিব পাৰি যে তেওঁলোকৰ হৃদয়ত কি আছে। যিসকলৰ কথা-বতৰাৰ পৰা স্পষ্ট হয় যে তেওঁলোকে যিহোৱালৈ ভয় ৰাখে আৰু তেওঁৰ নামৰ ওপৰত ধ্যান কৰে, তেওঁলোকৰ নাম যিহোৱাই এখন কিতাপত লিখি ৰাখে। যিহোৱাই এনেদৰে কিয় কৰে? কিয়নো আমাৰ কথা-বতৰাৰ পৰা জানিব পৰা যায় যে আমাৰ হৃদয়ত কি আছে। যীচুৱে এইদৰে কৈছিল, “মনৰ অধিক ভাবৰ পৰা মুখে কথা কয়।” (মথি ১২:৩৪) আমাৰ কথা-বতৰাৰ দ্বাৰা যিহোৱাই গম পায় যে আমি তেওঁক কিমান প্ৰেম কৰোঁ। যিসকলে যিহোৱাক প্ৰেম কৰে, তেওঁলোকক যিহোৱাই অনন্ত জীৱন দিব বিচাৰে।

৫. (ক) যিহোৱাই আমাৰ উপাসনাৰ পৰা কেতিয়া আনন্দিত হয়? (খ)  ছবিখনত দেখুৱাৰ দৰে আমি কি কৰা উচিত নহয়?

আমাৰ কথা-বতৰা ভাল হʼলেহে যিহোৱাই আমাৰ উপাসনাৰ পৰা আনন্দিত হʼব। (যাকো. ১:২৬) যিসকল লোকে যিহোৱাক প্ৰেম নকৰে, তেওঁলোকে প্ৰায়ে খঙেৰে আৰু অহংকাৰেৰে কথা পাতে আৰু তেওঁ নিজৰ কথা-বতৰাৰ পৰা আনক আঘাত দিয়ে। (২ তীম. ৩:১-৫) কিন্তু আমি তেওঁলোকৰ দৰে হʼব নিবিচাৰোঁ। আমাৰ কথা-বতৰাৰ পৰা যিহোৱাই আনন্দিত হোৱাটো আমি বিচাৰোঁ। সেইবাবে, আমি কেৱল প্ৰচাৰ বা সভাতে নহয়, আমি ঘৰত থকা সময়তো প্ৰেম আৰু সন্মানেৰে কথা পতা উচিত। তেতিয়াহে যিহোৱাই আমাৰ উপাসনাৰ পৰা আনন্দিত হʼব।—১ পিত. ৩:৭.

৬. কিমব্ৰেলিৰ ভাল কথা-বতৰাৰ বাবে কি হʼল?

আমাৰ কথা-বতৰাৰ দ্বাৰা লোকসকলে হয়তো জানিব বিচাৰিব যে আমি আনতকৈ কিয় বেলেগ হয় আৰু এনেদৰে আমি তেওঁলোকক যিহোৱাৰ বিষয়ে কʼব পাৰোঁ। এইদৰে লোকসকলে “ঈশ্বৰৰ আৰধনা কৰা লোকৰ আৰু তেওঁৰ আৰধনা নকৰা লোকৰ মাজত” পাৰ্থক্য দেখিবলৈ পায়। (মলা. ৩:১৮) কিমব্ৰেলি নামৰ এগৰাকী ভনীৰ উদাহৰণলৈ মন কৰক। * স্কুলত তাইক এজনী ছোৱালীৰ লগত একেলগে এটা প্ৰজেক্টত কাম কৰিবলৈ দিয়া হৈছিল। একেলগে কাম কৰাৰ সময়ত সেই ছোৱালীজনীয়ে স্পষ্টকৈ দেখিবলৈ পালে যে কিমব্ৰেলি আনতকৈ একেবাৰে বেলেগ হয়। কিমব্ৰেলিয়ে আনৰ বিষয়ে কেতিয়াও বেয়া কথা নকয়, গালি নাপাৰে আৰু সকলোৰে লগত ভালদৰে কথা পাতে। কিমব্ৰেলি আনতকৈ কিয় ইমান বেলেগ হয়, তাৰ বিষয়ে সেই ছোৱালীজনীয়ে জানিব বিচাৰিছিল। সেইবাবে, তাই বাইবেল অধ্যয়ন কৰিবলৈ সাজু হʼল। যেতিয়া আমাৰ কথা-বতৰা শুনি লোকসকলে যিহোৱাৰ বিষয়ে বেছিকৈ জানিব বিচাৰে, তেতিয়া চিন্তা কৰকচোন এয়া দেখি যিহোৱাই কিমান আনন্দিত হয়!

৭. আমি কথা কোৱাৰ দক্ষতাৰ প্ৰতি কিয় ধ্যান দিয়া উচিত?

আমি নিজৰ কথা-বতৰাৰ প্ৰতি ধ্যান দিয়া উচিত, কিয়নো ইয়াৰ পৰা যিহোৱাৰ মহিমা হয় আৰু ভাই-ভনীসকলৰ লগত আমাৰ এটা ভাল সম্পৰ্ক গঢ়ি উঠে। সেইবাবে, আহক আমি কিছুমান পৰামৰ্শৰ ওপৰত মন কৰোঁ, যিবোৰ পালন কৰি আমি কথা কোৱাৰ ক্ষেত্ৰত ভাল উদাহৰণ ৰাখিব পাৰোঁ।

প্ৰচাৰ কৰাৰ সময়ত

প্ৰচাৰৰ সময়ত আমি প্ৰেমেৰে কথা পাতিলে যিহোৱাই আনন্দিত হʼব (অনুচ্ছেদ ৮-৯ চাওক)

৮. লোকসকলক প্ৰচাৰ কৰাৰ সময়ত আমি যীচুৰ দৰে কেনেকৈ হʼব পাৰোঁ?

যদি কোনোবাই বেয়াকৈ কয়, তথাপি প্ৰেমেৰে আৰু সন্মানেৰে কওক। যেতিয়া যীচু পৃথিৱীত আছিল, তেতিয়া লোকসকলে তেওঁক খকুঁৱা আৰু মদপী বুলি কৈছিল আৰু তেওঁ বিশ্ৰাম-বাৰৰ নিয়ম পালন নকৰে বুলি কৈছিল। কিছুমান লোকে যীচুক চয়তানৰ সংগী আৰু ঈশ্বৰৰ নিন্দক বুলিও কৈছিল। (মথি ১১:১৯; ২৬:৬৫; লূক ১১:১৫; যোহ. ৯:১৬) তথাপি যীচুৱে তেওঁলোকক বেয়াকৈ কোৱা নাছিল। আজিও লোকসকলে আমাৰ বিষয়ে বেয়াকৈ কয়। কিন্তু যীচুৰ দৰে আমিও তেওঁলোকক বেয়াকৈ উত্তৰ দিয়া উচিত নহয়। (১ পিত. ২:২১-২৩) কিন্তু এনে কৰাটো সহজ নহয়। (যাকো. ৩:২) তেনেহʼলে এইদৰে কৰিবলৈ কিহে আমাক সহায় কৰিব পাৰে?

৯. প্ৰচাৰৰ সময়ত কোনো ব্যক্তিয়ে খং কৰিলে আমি কি কৰিব পাৰোঁ?

প্ৰচাৰ কৰাৰ সময়ছোৱাত যদি কোনোবাই বেয়াকৈ কয়, তেতিয়া আমি খং কৰাৰ উচিত নহয়। চেম নামৰ ভাইজনে এইদৰে কৈছে, “মই মনত ৰাখোঁ যে সেই ব্যক্তিজনক সত্য জনোৱাটো অতি প্ৰয়োজন আৰু পাছলৈ তেওঁ সলনি হʼব পাৰে।” বহুবাৰ আমি অসময়ত দুৱাৰ টুকুৰিয়াৰ বাবে গৃহস্থই খং কৰিব পাৰে। যেতিয়া আমি খঙাল ব্যক্তিক লগ পাওঁ, তেতিয়া আমি প্ৰাৰ্থনা কৰিব পাৰোঁ। লুচীয়া নামৰ ভনীজনীও এইদৰে কৰে। তাই যিহোৱালৈ সহায় বিচাৰে, যাতে তাই খং নকৰি শান্তি বজাই ৰাখিব পাৰে।

১০. প্ৰথম তীমথিয় ৪:১৩ পদৰ অনুসৰি আমি কি কৰি থকা উচিত?

১০ শিকোৱাৰ দক্ষতা বঢ়াওক। তীমথিয়ে লোকসকলক ভালদৰে শিকাইছিল। তথাপি তেওঁ নিজৰ শিকোৱাৰ দক্ষতাক বঢ়োৱাৰ প্ৰয়োজন আছিল। (১ তীমথিয় ৪:১৩ পঢ়ক।) আমি এই দক্ষতাক কেনেকৈ বঢ়াব পাৰোঁ? যদি আমি ভালদৰে প্ৰস্তুতি কৰোঁ, তেনেহʼলে আমি লোকসকলক আৰু ভালদৰে শিকাব পাৰিম। ইয়াৰ বাবে সংগঠনে আমাক বহুতো প্ৰকাশন দিছে। উদাহৰণস্বৰূপে, পঢ়া আৰু শিক্ষা দিয়াত উন্নতি কৰক আৰু আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকাত “ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক” ভাগত আপুনি বহুতো পৰামৰ্শ পাব। সেই পৰামৰ্শবোৰ পালন কৰাৰ যোগেদি আপোনাৰ বহুতো লাভ হʼব। যেতিয়া আপুনি ভালদৰে প্ৰস্তুতি কৰে, তেতিয়া আপোনাৰ ভয় কমিব আৰু আপুনি সাহসেৰে প্ৰচাৰ কৰিব পাৰিব।

১১. কিছুমান ভাই-ভনীয়ে নিজৰ শিকোৱাৰ দক্ষতা কেনেকৈ বৃদ্ধি কৰিলে?

১১ আমি মণ্ডলীৰ আন ভাই-ভনীসকলক লক্ষ্য কৰি নিজৰ শিকোৱাৰ দক্ষতা বঢ়াব পাৰোঁ। ওপৰত উল্লেখ কৰা ভাই চেমেও লক্ষ্য কৰে যে কিছুমান অভিজ্ঞতা থকা ভাই-ভনীয়ে কেনেকৈ শিকায়। তাৰ পাছত তেওঁ নিজেও সেইদৰে কৰিবলৈ চেষ্টা কৰে। টানিয়া নামৰ এজনী ভনীয়ে অভিজ্ঞতা থকা ভাইৰ জনভাষণ দিয়া দক্ষতাৰ প্ৰতি ধ্যান দিয়ে। এইদৰে কৰি তাই যুক্তি দৰ্শাই লোকসকলক ভালদৰে প্ৰচাৰ কৰিব পাৰে।

সভাবোৰত

সভাবোৰত উৎসাহেৰে গীত গাই আমি যিহোৱাৰ মহিমা কৰোঁ (অনুচ্ছেদ ১২-১৩ চাওক)

১২. কিছুমান লোকে কি কৰিবলৈ সংকোচ কৰে?

১২ আমি সকলোৱে উৎসাহেৰে গীত গাই আৰু ভালদৰে উত্তৰ দি সভাবোৰত ভাগ লʼব পাৰোঁ। (গীত. ২২:২২) কিন্তু কিছুমান লোকে এইদৰে কৰিবলৈ সংকোচ কৰে। যদি আপুনিও এইদৰে অনুভৱ কৰে, তেনেহʼলে আন ভাই-ভনীসকলৰ উদাহৰণ পঢ়ি আপুনি সহায় পাব পাৰে।

১৩. সভাবোৰত উৎসাহেৰে গীত গাবলৈ আপুনি কি কৰিব পাৰে?

১৩ উৎসাহেৰে গীত গাওক। আমি মনত ৰখা উচিত যে আমি সভাবোৰত গীত গোৱাৰ সময়ত যিহোৱাৰ মহিমা হয়। চাৰা নামৰ ভনীজনীয়ে কৈছে যে তাই ভালদৰে গীত গাব নাজানে। তথাপি তাই গীত গাই যিহোৱাৰ মহিমা কৰিব বিচাৰে। সেইবাবে, সভাৰ প্ৰস্তুতি কৰাৰ সময়ত তাই গানৰো অভ্যাস কৰে। তাই বিশেষকৈ এই কথাৰ ওপৰত ধ্যান দিয়ে যে গীতৰ লিখনিবোৰ সভাৰ বেলেগ বেলেগ ভাগৰ লগত কেনেকৈ জড়িত আছে। তাই এইদৰে কৈছে, “যেতিয়া মই গীতৰ লিখনিবোৰলৈ ধ্যান দিওঁ, তেতিয়া মই কেনেকৈ গাই আছোঁ তাৰ বিষয়ে চিন্তা নকৰোঁ।”

১৪. যদি আপোনাক উত্তৰ দিবলৈ ভয় লাগে, তেনেহʼলে আপুনি কি কৰিব পাৰে?

১৪ প্ৰতিটো সভাত উত্তৰ দিবলৈ চেষ্টা কৰক। কিছুমান লোকৰ বাবে এইদৰে কৰিবলৈ কঠিন হʼব পাৰে। ওপৰত উল্লেখ কৰা ভনী টানিয়াই এইদৰে কৈছে, “উত্তৰ দিবলৈ মোক কিমান ভয় লাগে, তাৰ বিষয়ে হয়তো আনে নাজানিবও পাৰে।” তথাপি তাই উত্তৰ দিবলৈ সম্পূৰ্ণৰূপে চেষ্টা কৰে। যেতিয়া তাই সভাবোৰৰ বাবে প্ৰস্তুতি কৰে, তেতিয়া তাই মনত থয় যে প্ৰথম উত্তৰটো সৰু আৰু স্পষ্ট হোৱা উচিত। তাই এইদৰে কৈছে, “যদি মোৰ উত্তৰ সৰু, স্পষ্ট আৰু মুখ্য বিষয়ৰ লগত জড়িত আছে, তেনেহʼলে এইটো ভুল নহয়। অধ্যয়ন সঞ্চালন কৰা ভাইজনেও সকলোৰে পৰা এনেধৰণৰ উত্তৰহে বিচাৰে।”

১৫. উত্তৰ দিয়াৰ বিষয়ে আমি কি কথা মনত ৰখা উচিত?

১৫ কিছুমান ভাই-ভনী লাজুকীয়া স্বভাৱৰ নাথাকে। তথাপি তেওঁলোকে উত্তৰ দিবলৈ সংকোচ অনুভৱ কৰে। কিয় বাৰু? জুলীয়েট নামৰ এগৰাকী ভনীয়ে এইদৰে কৈছে, “বহুবাৰ মোৰ উত্তৰ ভাল নহয় বুলি মই ভাবোঁ। সেইবাবে, মই হাত নাদাঙো।” কিন্তু আমি সকলোৱে মনত ৰাখিব পাৰোঁ যে যিহোৱাই কেৱল আমাৰ দক্ষতাৰ অনুসৰি ভাল উত্তৰ দিয়াটো বিচাৰে। * আমি সভাবোৰত উত্তৰ দিবলৈ পৰিশ্ৰম কৰা আৰু যিহোৱাৰ মহিমা কৰাটো যেতিয়া যিহোৱাই দেখে, তেতিয়া তেওঁ বহুত আনন্দিত হয়।

এজনে-আনজনৰ লগত কথা পতাৰ সময়ত

১৬. আমি কেনেধৰণৰ কথা কোৱা উচিত নহয়?

১৬ গালি-শপনি দিয়া আৰু আনক অপমান কৰা কথাবোৰ নকʼব। (ইফি. ৪:৩১) আমি জানোঁ যে আমি গালি-শপনি দিয়া উচিত নহয়। আমি এনে কথা কোৱাও উচিত নহয়, যাৰ পৰা আনৰ অপমান হয়। আমি হয়তো জানি-শুনি এইদৰে নকৰোঁ, কিন্তু অজানিতে হয়তো এইদৰে হʼব পাৰে। যেনে, আমি আন সংস্কৃতি, জাতি বা দেশৰ লোকসকলৰ বিষয়ে কথা পতাৰ সময়ত হয়তো তেওঁলোকৰ বিষয়ে বেয়াকৈ কʼব পাৰোঁ বা আমি কাৰোবাক ঠাট্টা-মস্কৰা কৰিব পাৰোঁ বা আঘাত লগাকৈ কথা কʼব পাৰোঁ। এজন ভায়ে এইদৰে কৈছে, “ধেমালিতে মই এনে কিছুমান কথা কৈছিলোঁ, যাৰ পৰা আনে বহুত আঘাত পাইছিল। কিন্তু কিছুবছৰ ধৰি মোৰ পত্নীয়ে এই ক্ষেত্ৰত মোক বহুত সহায় কৰিছে। যেতিয়া মই এনে কিছুমান কথা কওঁ, যাৰ পৰা তাই বা আনে আঘাত পায়, তেতিয়া অকলশৰীয়াকৈ তাই মোক ইয়াৰ বিষয়ে বুজায়।”

১৭. ইফিচীয়া ৪:২৯ পদৰ অনুসৰি আমি কেনেকৈ আনক উৎসাহিত কৰিব পাৰোঁ?

১৭ নিজৰ কথাৰ পৰা আনক উৎসাহিত কৰক। সকলো সময়তে অভিযোগ কৰা আৰু আনৰ মাজত খুঁত বিচাৰি ফুৰাৰ পৰিৱৰ্তে তেওঁলোকৰ প্ৰশংসা কৰক। (ইফিচীয়া ৪:২৯ পঢ়ক।) ইস্ৰায়েলীসকলে বহুতো আশীৰ্বাদ লাভ কৰিছিল। তথাপি তেওঁলোকে অভিযোগ কৰিলে। প্ৰায়ে দেখিবলৈ পোৱা যায় যে এজন ব্যক্তিয়ে অভিযোগ কৰা দেখি আন লোকসকলেও অভিযোগ কৰিবলৈ ধৰে। আপোনাৰ হয়তো মনত আছে ১০ জন চোৰাংচোৱাসকলে প্ৰতিজ্ঞা কৰা দেশৰ বিষয়ে বেয়াকৈ কʼবলৈ ধৰিলে, তেতিয়া এয়া শুনি ‘ইস্ৰায়েলৰ সন্তানবিলাকৰ সকলোৱে মোচিৰ অহিতে বকিবলৈ ধৰিলে।’ (গণ. ১৩:৩১–১৪:৪) কিন্তু অভিযোগ কৰাৰ পৰিৱৰ্তে যদি আমি উৎসাহিত কৰা কথাবোৰ কওঁ, তেনেহʼলে সকলোৰে ওপৰত ইয়াৰ ভাল প্ৰভাৱ পৰিব। যিপ্তহৰ ছোৱালীৰ উদাহৰণলৈ মন কৰক। প্ৰতিবছৰে যেতিয়া তাইৰ বান্ধৱীসকলে তাইক লগ কৰিবলৈ গৈছিল, তেতিয়া তেওঁলোকে তাইৰ প্ৰশংসা কৰিছিল। (বিচা. ১১:৪০) ইয়াৰ পৰা হয়তো তাই যিহোৱাৰ সেৱা কৰিবলৈ উৎসাহিত হʼল। প্ৰথমে উল্লেখ কৰা চাৰাই এইদৰে কৈছে, “যেতিয়া আমি কাৰোবাৰ প্ৰশংসা কৰোঁ, তেতিয়া যিহোৱা আৰু আন লোকসকলে তেওঁক প্ৰেম কৰে আৰু তেওঁ বহুত মূল্যৱান হয় বুলি আমি তেওঁক আশ্বাস দিয়াৰ দৰে হয়।” সেইবাবে, সুযোগ পালে আনক হৃদয়ৰ পৰা প্ৰশংসা কৰক।

১৮. (ক) গীতমালা ১৫:১, ২ পদৰ অনুসৰি আমি কিয় সঁচা কথা কোৱা উচিত? (খ) সঁচা কথা কোৱাত কি কি জড়িত আছে?

১৮ সঁচা কথা কওক। যদি যিহোৱাই আমাৰ পৰা আনন্দিত হোৱাটো আমি বিচাৰোঁ, তেনেহʼলে আমি কেতিয়াও মিছা কথা কোৱা উচিত নহয়। যিহোৱাই সকলো ধৰণৰ মিছা কথা ঘৃণা কৰে। (হিতো. ৬:১৬, ১৭) বহুতো লোকে ভাবে যে মিছা কথা কোৱাটো ইমান ডাঙৰ বিষয় নহয়। কিন্তু আমি লোকসকলৰ কথা শুনাৰ পৰিৱৰ্তে যিহোৱাৰ কথা শুনা উচিত। (গীতমালা ১৫:১, ২ পঢ়ক।) অৱশ্যে আমি মিছা কথা কোৱাৰ পৰা আঁতৰি থাকোঁ। কিন্তু আমি আধা সঁচা কথা কোৱা আৰু কথাটো ঘুৰাই-পকাই কোৱাৰ পৰাও আঁতৰি থকা উচিত, যাৰ পৰা লোকসকলৰ ভুল ধাৰণা হʼব পাৰে।

কাৰোবাৰ বিষয়ে বেয়া কথা কোৱাৰ পৰিৱৰ্তে যদি আমি ভাল কথা কওঁ, তেনেহʼলে যিহোৱা আনন্দিত হʼব (অনুচ্ছেদ ১৯ চাওক)

১৯. আমি আৰু কেনেধৰণৰ কথা কোৱা উচিত নহয়?

১৯ পৰচৰ্চ্চা নকৰিব। (হিতো. ২৫:২৩; ২ থিচ. ৩:১১) ওপৰত উল্লেখ কৰা ভনী জুলিয়েটে এইদৰে কৈছে, “যেতিয়া কোনোবাই আনৰ বিষয়ে কথা কোৱা মই শুনোঁ, তেতিয়া মোক একেবাৰে ভাল নালাগে। সেই ব্যক্তিজনৰ ওপৰত মই ভৰসা কৰিব নোৱাৰোঁ। আজি তেওঁ কাৰোবাৰ বিষয়ে বেয়াকৈ কৈছে কালি হয়তো তেওঁ মোৰ বিষয়ে বেয়াকৈ কʼব পাৰে।” সেইবাবে, যেতিয়া আপুনি কাৰোবাক পৰচৰ্চ্চা কৰি থকা শুনে, তেতিয়া কথা-বতৰা তাতে বন্ধ কৰক আৰু আন ভাল বিষয়ে কথা পাতক।—কল. ৪:৬.

২০. আমি কি কৰি থাকিবলৈ চেষ্টা কৰি থকা উচিত?

২০ আমাৰ আশে-পাশে থকা লোকসকলে বহুত বেয়া বেয়া কথা কয়। সেইবাবে, আমি সাৱধান হোৱা উচিত, যাতে আমি তেওঁলোকৰ দৰে হৈ নপৰোঁ। আমি মনত ৰখা উচিত যে কথা কোৱাৰ দক্ষতা যিহোৱাই আমাক দিছে আৰু আমি ইয়াক ভালদৰে ব্যৱহাৰ কৰাটো তেওঁ বিচাৰে। যদি আমি প্ৰচাৰত, সভাবোৰত আৰু এজনে-আনজনৰ লগত কথা পতাৰ সময়ত এইদৰে কৰোঁ, তেনেহʼলে তেওঁ আনন্দিত হʼব আৰু আমাক আশীৰ্বাদ দিব। যেতিয়া এই দুষ্ট জগতৰ ধ্বংস হʼব, তেতিয়া আমি নিজৰ কথা-বতৰাৰ যোগেদি যিহোৱাৰ মহিমা কৰিবলৈ আমাৰ বাবে আৰু সহজ হৈ পৰিব। (যিহূ. ১৫) কিন্তু তেতিয়ালৈকে আহক আমি আমাৰ মুখৰ বাক্যৰ পৰা যিহোৱাক আনন্দিত কৰিবলৈ চেষ্টা কৰি থাকোঁ।—গীত. ১৯:১৪.

গীত ১২১ আমাক আত্মসংযমৰ প্ৰয়োজন

^ অনু. 5 যিহোৱাই মানৱজাতিক এক বিশেষ দক্ষতা দিছে, সেয়া হৈছে কথা কোৱাৰ দক্ষতা। কিন্তু দুখৰ বিষয় যে আজি বহুতোলোকে এই দক্ষতাক বেয়াকৈ ব্যৱহাৰ কৰি আছে আৰু তেওঁলোকৰ কথা-বতৰা একেবাৰে বেয়া হৈ পৰিছে। এনে পৰিস্থিতিত আমি কি কৰিব পাৰোঁ, যাতে আমাৰ কথা-বতৰা ভালে থাকে আৰু ইয়াৰ পৰা আনে উৎসাহিত হয়? যেতিয়া আমি প্ৰচাৰ কৰোঁ, সভাত থাকোঁ আৰু আনৰ লগত কথা পাতোঁ, তেতিয়া আমি নিজৰ কথা-বতৰাৰ পৰা যিহোৱাক কেনেকৈ আনন্দিত কৰিব পাৰোঁ? এই লেখত আমি এই প্ৰশ্নবোৰৰ উত্তৰ পাম।

^ অনু. 6 কিছুমান নাম সলনি কৰা হৈছে।

^ অনু. 15 সভাবোৰত উত্তৰ দিয়াৰ বিষয়ে বেছিকৈ জানিবলৈ জানুৱাৰী ২০১৯ চনৰ প্ৰহৰীদুৰ্গৰ (হিন্দী) “মণ্ডলীত যিহোৱাৰ প্ৰশংসা কৰক” নামৰ লেখখন পঢ়ক।

^ অনু. 61 ছবিৰ বিষয়ে: প্ৰচাৰৰ সময়ত যেতিয়া এজন ব্যক্তিয়ে খঙেৰে কথা পাতিছে, তেতিয়া ভাইজনেও তেওঁক মুখে মুখে উত্তৰ দিছে। সভাত এজন ভায়ে সম্পূৰ্ণ হৃদয়েৰে গীত গোৱা নাই। এগৰাকী ভনীয়ে পৰচৰ্চ্চা কৰি আছে।