Skip to content

Skip to table of contents

অধ্যয়নৰ লেখ ১৬

মন-প্ৰাণে যিহোৱাৰ সেৱা কৰি আনন্দ লাভ কৰক

মন-প্ৰাণে যিহোৱাৰ সেৱা কৰি আনন্দ লাভ কৰক

“প্ৰতিজনে নিজৰ কৰ্ম্মৰ পৰীক্ষা কৰক।”—গালা. ৬:৪.

গীত ৩৭ মনে-প্ৰাণে যিহোৱাৰ সেৱা কৰা

লেখৰ এক আভাস *

১. আমি কি কৰিলে আনন্দ লাভ কৰোঁ?

 যিহোৱাৰ পবিত্ৰ আত্মাৰ ফলৰ এটা গুণ হৈছে আনন্দ। সেইবাবে, আমি কʼব পাৰোঁ যে আমি আনন্দত থকাটো যিহোৱাই বিচাৰে। (গালা. ৫:২২) বাইবেলত এয়াও লিখা আছে যে গ্ৰহণ কৰাতকৈ দান কৰা ধন্য। (পাঁচ. ২০:৩৫) সেইবাবে, যেতিয়া আমি আনক প্ৰচাৰ কৰোঁ আৰু নিজৰ ভাই-ভনীসকলক বহুতো উপায়েৰে সহায় কৰোঁ, তেতিয়া আমি বহুত আনন্দ লাভ কৰোঁ।

২-৩. (ক) গালাতীয়া ৬:৪ পদৰ অনুসৰি যদি আমি আনন্দত থাকিব বিচাৰোঁ, তেনেহʼলে আমি কি কৰিব লাগিব? (খ) এই লেখত আমি কি শিকিম?

গালাতীয়া ৬:৪ পদত পৌলে কৈছিল যে যদি আমি আনন্দত থাকিব বিচাৰোঁ, তেনেহʼলে আমি দুটা কাম কৰিব লাগিব। (পঢ়ক।) প্ৰথমতে, যিহোৱাৰ সেৱাত আমি যিমান কৰিব পাৰিছোঁ, সেই সকলো আমি মনে-প্ৰাণে কৰা উচিত। (মথি ২২:৩৬-৩৮) দ্বিতীয়তে, আমি নিজৰ তুলনা কেতিয়াও আনৰ লগত কৰা উচিত নহয়। আমি মনত ৰখা উচিত যে আমি যিয়ে কৰিব পাৰিছোঁ, সেই সকলো যিহোৱাৰ সহায়তহে কৰিব পাৰিছোঁ। তেৱেঁ আমাক শিকাইছে, শক্তি দিছে আৰু দক্ষতা দিছে। সেইবাবে, যদি আনে আমাতকৈ বেছি কৰিছে, তেতিয়াও আমি আনন্দিত হোৱা উচিত। তেওঁলোকে আনৰ পৰা প্ৰশংসা পাবলৈ নিজৰ দক্ষতা ব্যৱহাৰ নকৰে। ইয়াৰ পৰিৱৰ্তে যিহোৱাৰ মহিমা কৰিবলৈ তেওঁলোকে এইদৰে কৰে। সেইবাবে, আমি তেওঁলোকৰ লগত প্ৰতিযোগিতা কৰাৰ পৰিৱৰ্তে তেওঁলোকৰ পৰা শিকা উচিত।

বহুবাৰ আমাৰ পৰিস্থিতি ভাল নাথাকে আৰু আমি যিহোৱাৰ সেৱাত বেছিকৈ কৰিব নোৱাৰোঁ। সেইবাবে, আমি নিৰাশ হʼব পাৰোঁ। আনহাতে আমাৰ পৰিস্থিতি ভাল হʼব পাৰে আৰু আমাৰ কিবা দক্ষতাও আছে, কিন্তু আমি সেইবোৰৰ ভালদৰে ব্যৱহাৰ কৰা নাই। এই লেখত আমি শিকিম যে আমাৰ পৰিস্থিতি যিয়ে নহওক কিয় আমি মনে-প্ৰাণে যিহোৱাৰ সেৱা কৰিব পাৰোঁ আৰু আনন্দ লাভ কৰিব পাৰোঁ। আমি এয়াও শিকিম যে আমি আনৰ ভাল উদাহৰণৰ পৰা কি শিকিব পাৰোঁ।

যেতিয়া পৰিস্থিতি ভাল নহয়

যদি আমি জীৱনৰ সকলো পৰিস্থিতিতে মনে-প্ৰাণে যিহোৱাৰ সেৱা কৰোঁ, তেনেহʼলে তেওঁ বহুত আনন্দিত হʼব (অনুচ্ছেদ ৪-৬ চাওক) *

৪. আমি কেতিয়া নিৰাশ হৈ পৰিব পাৰোঁ তাৰ এটা উদাহৰণ দি বুজাওক।

যিহোৱাৰ বহুতো সেৱকে বৃদ্ধ আৰু বেমাৰ হোৱাৰ বাবে যিহোৱাৰ সেৱা বেছিকৈ কৰিব নোৱাৰে। সেইবাবে, তেওঁলোকে কেতিয়াবা কেতিয়াবা নিৰাশ হৈ পৰে। ইয়াৰ এটা উদাহৰণ হৈছে ভনী কেৰʼল। এসময়ত তেওঁ প্ৰচাৰকৰ প্ৰয়োজন হোৱা ঠাইলৈ গৈ সেৱা কৰিছিল। তেওঁৰ ওচৰত ৩৫ টা বাইবেল অধ্যয়ন আছিল আৰু তেওঁ বহুতোলোকক বাপ্তিষ্মা লʼবলৈ সহায় কৰিলে। তেওঁ বহুত আনন্দত থাকিছিল। কিন্তু পাছত তেওঁৰ বেমাৰ হʼল আৰু বেছিভাগ সময় তেওঁ ঘৰতে থাকিবলগীয়া হয়। তেওঁ এইদৰে কৈছে, “মই জানোঁ যে বেমাৰ হোৱাৰ বাবে মই বেছিকৈ সেৱা কৰিব নোৱাৰোঁ। তথাপি যেতিয়া মই আনক যিহোৱাৰ সেৱা বেছিকৈ কৰা দেখোঁ, তেতিয়া তেওঁলোকৰ সমান মই বিশ্বাসী হৈ থাকিব পৰা নাই বুলি ভাবোঁ। এই কথা ভাবিয়েই মই নিৰাশ হৈ পৰোঁ।” যদিও ভনী কেৰʼলৰ বেমাৰ আছে, তথাপি তেওঁ মনে-প্ৰাণে যিহোৱাৰ সেৱা কৰিব বিচাৰে। তেওঁৰ এই ইচ্ছা দেখি হয়তো যিহোৱাই বহুত আনন্দিত হয়।

৫. (ক) যদি আমি যিহোৱাৰ সেৱা বেছিকৈ কৰিব নোৱাৰাৰ বাবে নিৰাশাত আছোঁ, তেনেহʼলে আমি কি মনত ৰখা উচিত? (খ) ছবিখনত দেখুৱা ভাইজনে কেনেকৈ গোটেই জীৱন মনে-প্ৰাণে যিহোৱাৰ সেৱা কৰিলে?

যদি আপুনি নিজৰ পৰিস্থিতিৰ বাবে যিহোৱাৰ সেৱা বেছিকৈ কৰিব পৰা নাই আৰু নিৰাশ হৈ পৰিছে, তেনেহʼলে আপুনি কি কৰিব পাৰে? আপুনি মনত ৰাখিব পাৰে যে যিহোৱাই আপোনাৰ পৰা কি বিচাৰে। আপুনি যিহোৱাৰ সেৱাত যি কৰিব পাৰে, সেয়া মনে-প্ৰাণে কৰাটো তেওঁ বিচাৰে। ধৰি লওক এগৰাকী ৮০ বছৰীয়া ভনীয়ে ৪০ বছৰ হৈ থাকোঁতে যিমান কৰিব পাৰিছিল, এতিয়া সিমান সেৱা কৰিব পৰা নাই। ইয়াৰ বিষয়ে চিন্তা কৰি তেওঁ নিৰাশ হৈ পৰিছে। যদিও তেওঁ এতিয়াও মনে-প্ৰাণে যিহোৱাৰ সেৱা কৰি আছে, তথাপি যিহোৱাই তেওঁৰ সেৱাৰ পৰা আনন্দিত নাই বুলি তেওঁ ভাবে। যিহোৱাই সঁচাকৈ ভনীগৰাকীৰ সেৱাৰ পৰা আনন্দিত নাইনে? যেতিয়া সেই ভনীগৰাকী ৪০ বছৰৰ আছিল, তেতিয়াও তেওঁ মনে-প্ৰাণে যিহোৱাৰ সেৱা কৰিছিল আৰু এতিয়া ৮০ বছৰৰ বয়সতো তেওঁ মনে-প্ৰাণে সেৱা কৰি আছে। গতিকে ভনীগৰাকীয়ে মনে-প্ৰাণে সেৱা কৰিবলৈ কেতিয়াও এৰি দিয়া নাই আৰু এই কথা যিহোৱাৰ বাবে অতি গুৰুত্বপূৰ্ণ। এই ভনীগৰাকীৰ নিচিনা যেতিয়া আমাৰ অনুভৱ হয় যে যিহোৱা আমাৰ সেৱাৰ পৰা আনন্দিত নাই, তেতিয়া আমি মনত ৰাখিব পাৰোঁ যে আমি কিমান কৰিব পাৰোঁ, সেয়া যিহোৱাই ভালদৰে জানে। যদি আমি মনে-প্ৰাণে তেওঁৰ সেৱা কৰি থাকিম, তেনেহʼলে তেওঁ আমাৰ সেৱাৰ পৰা আনন্দিত হʼব।—মথি ২৫:২০-২৩ পদৰ লগত তুলনা কৰক।

৬. ভনী মাৰিয়াৰ পৰা আমি কি শিকিব পাৰোঁ?

আমাৰ পৰিস্থিতি ভাল নহʼলেও আমি আনন্দত থাকিব পাৰোঁ। আমি যি কাম কৰিব নোৱাৰোঁ, তাৰ ওপৰত ধ্যান দিয়াৰ পৰিৱৰ্তে আমি কি কৰিব পাৰোঁ তাৰ ওপৰত ধ্যান দিয়া উচিত। মাৰিয়া নামৰ এগৰাকী ভনীয়ে এইদৰেই কৰে। তেওঁৰ এটা বেমাৰৰ বাবে তেওঁ বেছিকৈ প্ৰচাৰ কৰিব নোৱাৰে। আৰম্ভণিতে তেওঁ ভাবিছিল যে তেওঁ কোনো কামৰ যোগ্য নহয় আৰু তেওঁ নিৰাশ হৈ পৰিছিল। কিন্তু তেওঁ মণ্ডলীৰ এনে এগৰাকী ভনীলৈ ধ্যান দিলে, যিয়ে বিছনাৰ পৰা উঠিব নোৱাৰিছিল। তেওঁ সেই ভনীগৰাকীক সহায় কৰিবলৈ চিন্তা কৰিলে। তেওঁ এইদৰে কৈছে, “মই সেই ভনীগৰাকীৰ লগত ফোনৰ যোগেদি আৰু চিঠি লিখি প্ৰচাৰ কৰিবলৈ ধৰিলোঁ। যেতিয়া আমি দুয়োজনে মিলি প্ৰচাৰ কৰিছিলোঁ, তেতিয়া মই বহুত আনন্দ লাভ কৰিছিলোঁ আৰু সেই ভনীগৰাকীক সহায় কৰি মোৰ বৰ ভাল লাগিছিল।” ভনী মাৰিয়াৰ দৰে আমিও যি কৰিব পাৰোঁ, তালৈ ধ্যান দিয়া উচিত। এনে কৰিলে আমি আনন্দত থাকিম। কিন্তু আমাৰ যদি কিবা দক্ষতা আছে আৰু আমি যিহোৱাৰ সেৱা বেছিকৈ কৰিব পাৰোঁ, তেনেহʼলে আমি আৰু আনন্দ লাভ কৰিবলৈ কি কৰিব লাগিব?

যেতিয়া কোনো দক্ষতা থাকে

৭. পাঁচনি পিতৰে ভাই-ভনীসকলক কি কৰিবলৈ কৈছিল?

পাঁচনি পিতৰে নিজৰ প্ৰথম চিঠিখনত ভাই-ভনীসকলৰ যি দক্ষতা আছে, সেই দক্ষতাবোৰ ব্যৱহাৰ কৰি আনক উৎসাহিত কৰিবলৈ কৈছিল। তেওঁ এইদৰে লিখিছিল, “প্ৰতিজনে যেনেকৈ যি অনুগ্ৰহৰ বৰ পালে, তেনেকৈ তাৰে, ঈশ্বৰৰ বহুবিধ অনুগ্ৰহৰূপ ধনৰ উত্তম ভঁৰালীৰ দৰে, তোমালোকে পৰস্পৰে সেৱা-শুশ্ৰূষা কৰা।” (১ পিত. ৪:১০) ইয়াৰ পৰা আমি শিকোঁ যে আমি নিজৰ দক্ষতা ব্যৱহাৰ কৰিলে আনে ঈৰ্ষা কৰিব বা তেওঁলোক নিৰাশ হৈ পৰিব বুলি আমি ভবা উচিত নহয়। যদি আমি এইদৰে ভাবোঁ, তেনেহʼলে আমি মনে-প্ৰাণে যিহোৱাৰ সেৱা কৰিব নোৱাৰিম।

৮. প্ৰথম কৰিন্থীয়া ৪:৬, ৭ পদৰ অনুসৰি আমি কিয় নিজৰ দক্ষতাৰ বাবে ফিতাহি মৰা উচিত নহয়?

আমি নিজৰ দক্ষতাৰ ভালদৰে ব্যৱহাৰ কৰিব লাগিব, কিন্তু আমি অহংকাৰ কৰা উচিত নহয়। (১ কৰিন্থীয়া ৪:৬, ৭ পঢ়ক।) উদাহৰণস্বৰূপে, আপুনি হয়তো সহজতে বাইবেল অধ্যয়ন আৰম্ভ কৰিব পাৰে। আপুনি এই দক্ষতা ব্যৱহাৰ কৰা উচিত, কিন্তু আপুনি ফিতাহি মৰা উচিত নহয়। ধৰি লওক আপুনি অলপ আগতে প্ৰচাৰ কাম শেষ কৰিলে আৰু এটা বাইবেল অধ্যয়ন আৰম্ভ কৰিব পাৰিলে। আপুনি বহুত আনন্দিত আছে আৰু আনকো ইয়াৰ বিষয়ে জনাব বিচাৰে। কিন্তু আপুনি যেতিয়া তেওঁলোকক লগ কৰে, তেতিয়া দেখে যে এগৰাকী ভনীয়ে নিজৰ অনুভৱৰ বিষয়ে কৈ আছে যে তেওঁ কেনেকৈ এজন ব্যক্তিক পত্ৰিকা দিলে। এনে পৰিস্থিতিত আপুনি কি কৰিব? আপুনি জানে যে আপোনাৰ অনুভৱ শুনি ভাই-ভনীসকলে উৎসাহিত হʼব। কিন্তু চিন্তা কৰক সেই ভনীগৰাকীক কেনেকুৱা লাগিব। আপোনাৰ অনুভৱ শুনি হয়তো তেওঁৰ আনন্দ নাইকিয়া হʼব পাৰে। তেওঁ ভাবিব পাৰে যে তেওঁ যি কৰিলে, সেয়া আপোনাৰ তুলনাত একোৱেই নহয়। এইদৰে চিন্তা কৰিলে আপুনি হয়তো নিজৰ অনুভৱৰ বিষয়ে বেলেগ দিনাখন কʼবলৈ নিৰ্ণয় লʼব। এইদৰে কৰি আপুনি সেই ভনীগৰাকীৰ বিষয়ে চিন্তা কৰিছে বুলি দেখুৱাব। কিন্তু আপুনি নিজৰ দক্ষতা ব্যৱহাৰ কৰিবলৈ এৰি নিদিব।

৯. আমি নিজৰ দক্ষতা কি কৰিবলৈ ব্যৱহাৰ কৰা উচিত?

আমি মনত ৰখা উচিত যে আমাৰ ওচৰত যি দক্ষতা আছে, সেই সকলো যিহোৱাই দিয়া হয়। আমি এইবোৰ নিজে প্ৰশংসা পাবলৈ নহয়, মণ্ডলীক সহায় কৰিবলৈ ব্যৱহাৰ কৰা উচিত। (ফিলি. ২:৩) যদি আমি এই কথাৰ প্ৰতি ধ্যান দিওঁ আৰু ঈশ্বৰৰ উদ্দেশ্য পূৰ কৰিবলৈ নিজৰ শক্তি আৰু দক্ষতা ব্যৱহাৰ কৰোঁ, তেনেহʼলে আমি যিহোৱাৰ মহিমা কৰাৰ দৰে হʼব। এইদৰে কৰিলে আমি আনন্দ লাভ কৰিম।

১০. আমি আনক কিয় তল চকুৰে চোৱা উচিত নহয়?

১০ যদি আমাৰ ওচৰত কিবা দক্ষতা আছে, তেনেহʼলে আমি ধ্যান দিয়া উচিত, যাতে আমি নিজকে আনতকৈ ডাঙৰ বুলি নাভাবোঁ। যেনে, এজন ভাইৰ হয়তো ভালদৰে ভাষণ দিয়াৰ দক্ষতা আছে, কিন্তু সেই ভাইজনে হয়তো এনে এজন ভাইক তল চকুৰে চাব পাৰে, যিজনে ভালদৰে ভাষণ দিব নোৱাৰে। কিন্তু তেওঁ এইদৰে কৰাটো ভুল হʼব, কিয়নো সেই ভাইজনে হয়তো আন কিবা বিষয়ত তেওঁতকৈ বেছি ভাল হʼব পাৰে। যেনে, অতিথি সৎকাৰ দেখুৱা, নিজৰ লʼৰা-ছোৱালীক ভালদৰে শিক্ষা দিয়া বা উৎসাহেৰে প্ৰচাৰ কৰা। সেইবাবে, আমি আনক তল চকুৰে চোৱাৰ পৰিৱৰ্তে আমি ধ্যান দিয়া উচিত যে তেওঁলোকৰ কি দক্ষতা আছে আৰু তেওঁলোকে নিজৰ দক্ষতা যিহোৱাৰ সেৱা কৰিবলৈ আৰু আনক সহায় কৰিবলৈ কেনেকৈ ব্যৱহাৰ কৰি আছে।

আনৰ পৰা শিকক

১১. আমি কিয় যীচুৰ দৰে হʼবলৈ চেষ্টা কৰা উচিত?

১১ যদিও আমি নিজৰ তুলনা আনৰ লগত কৰা উচিত নহয়, তথাপি আমি আনৰ ভাল উদাহৰণৰ পৰা শিকিব পাৰোঁ। যেনে, আমি যীচুৰ পৰা শিকিব পাৰোঁ। যদিও তেওঁ সিদ্ধ আছিল, তথাপি তেওঁ যি গুণবোৰ বিকশিত কৰিলে আৰু যিবোৰ কাম কৰিলে, তাৰ পৰা আমি বহুতো কথা শিকিব পাৰোঁ। (১ পিত. ২:২১) যদি আমি যীচুৰ দৰে হʼবলৈ সম্পূৰ্ণৰূপে চেষ্টা কৰোঁ, তেনেহʼলে আমি যিহোৱাৰ সেৱা ভালদৰে কৰিব পাৰিম আৰু প্ৰচাৰত নিজৰ দক্ষতা বঢ়াব পাৰিম।

১২-১৩. দায়ূদৰ পৰা আমি কি শিকিব পাৰোঁ?

১২ বাইবেলত আৰু বহুতো লোকসকলৰ বিষয়ে উল্লেখ আছে, যিসকলে অসিদ্ধ হোৱাৰ সত্ত্বেও ভাল উদাহৰণ ৰাখিলে। (ইব্ৰী ৬:১২) তেওঁলোকৰ মাজৰ এজন হৈছে দায়ূদ। তেওঁ কিছুমান গম্ভীৰ পাপ কৰিছিল, তথাপি যিহোৱাই তেওঁৰ বিষয়ে এইদৰে কʼলে, দায়ূদ ‘মোৰ মনৰ দৰে এজন হয়।’ (পাঁচ. ১৩:২২) যিহোৱাই এইদৰে কিয় কʼলে? কিয়নো দায়ূদে ভুল কৰাৰ পাছত যেতিয়া তেওঁক শুধৰণি কৰা হৈছিল আৰু কঠোৰভাৱে পৰামৰ্শ দিয়া হৈছিল, তেতিয়া তেওঁ অজুহাত দেখুৱা নাছিল। ইয়াৰ পৰিৱৰ্তে তেওঁ নিজৰ ভুল স্বীকাৰ কৰিলে আৰু হৃদয়ৰ পৰা ক্ষমা খুজিলে। সেইবাবে, যিহোৱাই তেওঁক ক্ষমা কৰি দিলে।—গীত. ৫১:৩, ৪, ১০-১২.

১৩ দায়ূদৰ উদাহৰণলৈ মন কৰাৰ সময়ত আমি নিজকে এই প্ৰশ্নবোৰ সুধিব পাৰোঁ, ‘যেতিয়া মোক পৰামৰ্শ দিয়া হয়, তেতিয়া মই কি কৰোঁ? মই অজুহাত দেখুৱাওঁনে? মই নিজৰ ভুলবোৰ আনৰ ওপৰত জাপি দিওঁ নে নিজৰ ভুলবোৰ স্বীকাৰ কৰোঁ আৰু সেই ভুলবোৰ পুনৰ নকৰিবলৈ চেষ্টা কৰোঁনে?’ যেতিয়া আপুনি বাইবেলৰ পৰা আন বিশ্বাসী লোকসকলৰ বিষয়ে পঢ়ে, তেতিয়া আপুনি নিজকে এনেধৰণৰ প্ৰশ্নবোৰ সুধিব পাৰে। তেওঁলোকে হয়তো আপোনাৰ নিচিনা সমস্যাৰ সন্মুখীন হৈছিল। আপুনি চিন্তা কৰিব পাৰে এনে পৰিস্থিতিত তেওঁলোকে কি কি গুণ বিকশিত কৰিলে আৰু নিজকে এইদৰে সুধিব পাৰে, ‘মই তেওঁলোকৰ নিচিনা কেনেকৈ হʼব পাৰোঁ?’

১৪. আমি নিজৰ ভাই-ভনীসকলৰ পৰা কি শিকিব পাৰোঁ?

১৪ যদিও আমাৰ ভাই-ভনীসকল ডেকা বা বৃদ্ধ নহওক কিয় আমি তেওঁলোকৰ পৰা বহুতো কথা শিকিব পাৰোঁ। আপোনাৰ মণ্ডলীতো এনে ভাই-ভনীসকল আছেনে, যিসকলে সমস্যাৰ সন্মুখীন হোৱাৰ সত্ত্বেও যিহোৱাৰ সেৱা কৰি আছে? হয়তো তেওঁলোকে স্কুলত বন্ধুসকলৰ চাপৰ সন্মুখীন হৈছে বা তেওঁৰ পৰিয়ালে তেওঁৰ বিৰোধ কৰি আছে অথবা তেওঁ কিবা বেমাৰত ভুগি আছে। যদি আপুনি এনে ভাই-ভনীসকলৰ বিষয়ে চিন্তা কৰে, তেনেহʼলে তেওঁলোকৰ পৰা বহুতো কথা শিকিব পাৰে। আপুনি তেওঁলোকৰ দৰে গুণ বিকশিত কৰিবলৈ চেষ্টা কৰিব পাৰে বা নিজৰ সমস্যাৰ সন্মুখীন হʼবলৈ তেওঁলোকৰ পৰা শিকিব পাৰে। আমি অতি আনন্দিত যে এই ভাই-ভনীসকল আমাৰ বাবে এটা ভাল উদাহৰণ হয়।—ইব্ৰী ১৩:৭; যাকো. ১:২, ৩.

আনন্দেৰে যিহোৱাৰ সেৱা কৰক

১৫. আজি আমি পৌলৰ কোনটো পৰামৰ্শ পালন কৰিব পাৰোঁ?

১৫ যদি আমাৰ মাজৰ সকলোৱে নিজৰ পৰিস্থিতিৰ অনুসৰি মনে-প্ৰাণে যিহোৱাৰ সেৱা কৰে, তেনেহʼলে মণ্ডলীত একতা আৰু শান্তি থাকিব। প্ৰথম শতিকাৰ খ্ৰীষ্টানসকলৰ উদাহৰণলৈ মন কৰক। তেওঁলোকৰ ওচৰত বেলেগ বেলেগ বৰ, দক্ষতা আৰু দায়িত্ব আছিল। (১ কৰি. ১২:৪, ৭-১১) কিন্তু ইয়াৰ অৰ্থ এয়া নাছিল যে তেওঁলোকে এজনে-আনজনৰ লগত প্ৰতিযোগিতা কৰিবলৈ আৰম্ভ কৰিলে। পৌলে তেওঁলোকক উৎসাহিত কৰিছিল যে তেওঁলোকে নিজৰ দক্ষতাবোৰ এনেদৰে ব্যৱহাৰ কৰা উচিত, যাতে ইয়াৰ পৰা খ্ৰীষ্টৰ শৰীৰ বৃদ্ধি পায় অৰ্থাৎ মণ্ডলী মজবুত হয়। পৌলে এইদৰে লিখিছিল, “গোটেই শৰীৰ সংলগ্ন আৰু সংযুক্ত হৈ, নিজ নিজ পৰিমাণ অনুসাৰে প্ৰত্যেক ভাগৰ কাৰ্য্য-সাধনৰ দৰে, প্ৰেমত শৰীৰৰ বৃদ্ধি-সাধনৰ অৰ্থে নিজৰ বৃদ্ধি সাধন কৰে।” (ইফি. ৪:১-৩, ১২, ১৩, ১৬) বহুতো খ্ৰীষ্টানে এই পৰামৰ্শ পালন কৰিলে, সেইবাবে মণ্ডলীত শান্তি আৰু একতা থাকিল। এই কথাষাৰ বৰ্তমান সময়ৰ মণ্ডলীবোৰতো দেখিবলৈ পোৱা যায়।

১৬. এই লেখৰ পৰা আমি কি শিকিলোঁ? (ইব্ৰী ৬:১০)

১৬ নিজৰ তুলনা আনৰ লগত নকৰিব, ইয়াৰ পৰিৱৰ্তে যীচুৰ পৰা শিকক আৰু তেওঁৰ নিচিনা গুণ বঢ়াবলৈ চেষ্টা কৰক। বাইবেলত উল্লেখ থকা বিশ্বাসী লোকসকল আৰু ভাই-ভনীসকলৰ পৰা শিকক। আপুনি যি কৰি আছে, যদি আপুনি সেয়া মনে-প্ৰাণে কৰে, তেনেহʼলে যিহোৱাই আপোনাৰ কাম কেতিয়াও নাপাহৰিব। (ইব্ৰী ৬:১০ পঢ়ক।) সেইবাবে, মনে-প্ৰাণে যিহোৱাৰ সেৱা কৰি থাকক। এনে কৰিলে আপুনি আনন্দ লাভ কৰিব আৰু যিহোৱাও আনন্দিত হʼব।

গীত ৬৫ আগ বাঢ়ি যোৱা!

^ অনু. 5 আনে যিদৰে যিহোৱাৰ সেৱা কৰে, তাৰ পৰা আমি বহুতো কথা শিকিব পাৰোঁ। কিন্তু আমি তেওঁলোকৰ লগত নিজৰ তুলনা কেতিয়াও কৰা উচিত নহয়। যদি আমি এইদৰে কৰোঁ, তেনেহʼলে আমি অহংকাৰী হʼব পাৰোঁ বা আমি নিৰাশ হৈ পৰিব পাৰোঁ। এই লেখত আমি শিকিম যে আমি নিজৰ তুলনা কিয় আনৰ লগত কৰিব নালাগে আৰু আমি আনন্দেৰে যিহোৱাৰ সেৱা কেনেকৈ কৰিব পাৰোঁ।

^ অনু. 49 ছবিৰ বিষয়ে: এজন ভায়ে ডেকাকালত বেথেলত সেৱা কৰিলে। পাছত তেওঁ বিয়া পাতিলে আৰু নিজৰ পত্নীৰ লগত যিহোৱাৰ সেৱা কৰিলে। কিছু সময়ৰ পাছত যেতিয়া তেওঁৰ সন্তান হʼল, তেতিয়া ভাইজনে তেওঁলোকক প্ৰচাৰ কৰিবলৈ শিকালে। এতিয়া তেওঁ বৃদ্ধ হʼলআৰু তেওঁ চিঠি লিখি লোকসকলক সাক্ষ্য দি আছে। তেওঁ গোটেই জীৱন মনে-প্ৰাণে যিহোৱাৰ সেৱা কৰিলে।