Skip to content

Skip to table of contents

অধ্যয়নৰ লেখ ২৪

যিহোৱা—ক্ষমা কৰাত মহান!

যিহোৱা—ক্ষমা কৰাত মহান!

‘যিহোৱালৈ উলটি আহক, তাতে তেওঁ তাক কৃপা কৰিব; কিয়নো তেওঁ প্ৰচুৰ পৰিমাণে ক্ষমা কৰিব।’—যিচ. ৫৫:৭.

গীত ৪২ ঈশ্বৰৰ সেৱকে কৰা প্ৰাৰ্থনা

লেখৰ এক আভাস a

১. উপদেশক ৭:২০ পদত চলোমনে যি কৈছিল, তাৰ পৰা আমি কি জানিব পাৰোঁ?

 হাজাৰ বছৰৰ আগতে ৰজা চলোমনে এইদৰে লিখিছিল, “পাপ নকৰি সৎকৰ্ম্ম কৰা ধাৰ্ম্মিক মানুহ পৃথিবীত নাই।” (উপ. ৭:২০) সঁচাকৈ আমি সকলোৱে কেতিয়াবা নহয় কেতিয়াবা পাপ কৰোঁ। (১ যোহ. ১:৮) কিন্তু পাছলৈ আমাক বৰ দুখ লাগে যে আমি ঈশ্বৰ আৰু আনৰ মনত আঘাত দিলোঁ, সেইবাবে তেওঁলোকে আমাক ক্ষমা কৰি দিয়াটো আমি বিচাৰোঁ।

২. যেতিয়া আপোনাৰ বন্ধুৱে আপোনাক ক্ষমা কৰে, তেতিয়া আপুনি কেনে অনুভৱ কৰে?

আপুনিও হয়তো কেতিয়াবা নিজৰ বন্ধুৰ মনত আঘাত দিছিল, কিন্তু পাছত আপুনি নিজৰ ভুলৰ বিষয়ে বুজি পালে আৰু তেওঁক হৃদয়ৰ পৰা ক্ষমা বিচাৰিলে। কিয়নো আপোনালোকৰ বন্ধুত্ব শেষ হৈ যোৱাটো আপুনি বিচৰা নাছিল। পাছত আপোনাৰ বন্ধুৱে আপোনাক ক্ষমা কৰিলে। যেতিয়া আপোনাৰ বন্ধুৱে আপোনাক ক্ষমা কৰিলে, তেতিয়া আপুনি কেনে অনুভৱ কৰিলে? সেই সময়ত আপুনি হয়তো বৰ আনন্দিত হʼল! কিয়নো আপোনাৰ মনৰ পৰা এটা ডাঙৰ বোজা আঁতৰি যোৱা যেন হʼল।

৩. এই লেখত আমি কি কি প্ৰশ্নৰ বিষয়ে আলোচনা কৰিম?

যিহেতু যিহোৱা আমাৰ সকলোতকৈ ভাল বন্ধু হোৱাটো আমি সকলোৱে বিচাৰোঁ। কিন্তু কেতিয়াবা কেতিয়াবা আমি এনে কিছুমান কাম কৰোঁ, যাৰ বাবে যিহোৱাই মনত আঘাত পাই। যিহোৱাই ক্ষমা কৰিবলৈ সাজু থাকে বুলি আমি কিয় বিশ্বাস ৰাখিব পাৰোঁ? যিহোৱাই কৰা ক্ষমা আৰু মানুহে এজনে-আনজনক কৰা ক্ষমাত কি পাৰ্থক্য আছে? যিহোৱাই আমাক ক্ষমা কৰাটো যদি আমি বিচাৰোঁ, তেনেহʼলে আমি কি কৰা উচিত? এই লেখত আমি এই তিনিটা প্ৰশ্নৰ বিষয়ে আলোচনা কৰিম।

ক্ষমা কৰিবলৈ যিহোৱা সদায় সাজু

৪. যিহোৱাই আমাক ক্ষমা কৰিবলৈ সদায় সাজু থাকে বুলি আমি কিয় বিশ্বাস ৰাখিব পাৰোঁ?

যিহোৱাই বাইবেলত নিজেই উল্লেখ কৰিছে যে তেওঁ ক্ষমা কৰিবলৈ সাজু থাকে। চিনয় পৰ্বতত যিহোৱাই স্বৰ্গদূতৰ যোগেদি নিজৰ বিষয়ে এইদৰে কৈছিল, “যিহোৱা, যিহোৱাই কৃপা আৰু দয়াৰে পৰিপূৰ্ণ ঈশ্বৰ, ক্ৰোধত ধীৰ, দয়া আৰু সত্যতাত মহান; হাজাৰ হাজাৰ পুৰুষলৈকে দয়া কৰোঁতা; অপৰাধ, আজ্ঞালঙ্ঘন, আৰু পাপ ক্ষমা কৰোঁতা।” (যাত্ৰা. ৩৪:৬, ৭) ইয়াৰ পৰা আমি জানিব পাৰোঁ যে যিহোৱাই আমাক বহুত প্ৰেম কৰে আৰু আমাক দয়া দেখুৱায়। যদি কোনোবাই অনুতাপ কৰে, তেনেহʼলে যিহোৱাই তেওঁক ক্ষমা কৰিবলৈ সদায় সাজু থাকে।—নহি. ৯:১৭; গীত. ৮৬:১৫.

যিহোৱাই জানে যে আমাৰ জীৱনত কি কি ঘটিল, যাৰ বাবে আজি আমাৰ ব্যক্তিত্ব এইদৰে হৈ পৰিছে (অনুচ্ছেদ ৫ চাওক)

৫. যিহোৱাই আমাৰ বিষয়ে ভালদৰে জনাৰ বাবে তেওঁ কি কৰে? (গীতমালা ১০৩:১৩, ১৪)

যিহোৱাই আমাক সৃষ্টি কৰিছে, সেইবাবে তেওঁ আমাৰ বিষয়ে ভালদৰে জানে। ইয়াৰ উপৰিও তেওঁ পৃথিৱীত থকা সকলো মানুহৰ বিষয়ে ভালদৰে জানে। (গীত. ১৩৯:১৫-১৭) আনকি আমি যে অসিদ্ধ হওঁ আৰু আমাৰ মাজত দুৰ্বলতা আছে, তাৰ বিষয়েও তেওঁ ভালদৰে জানে। তেওঁ এয়াও জানে যে আমাৰ জীৱনত কি কি ঘটিল, যাৰ বাবে আজি আমাৰ ব্যক্তিত্ব এইদৰে হৈ পৰিছে। সঁচাকৈ যিহোৱাই আমাৰ বিষয়ে ভালদৰে জানে এই হেতুকে তেওঁ আমাৰ প্ৰতি দয়া দেখুৱায়।—গীত. ৭৮:৩৯; গীতমালা ১০৩:১৩, ১৪ পঢ়ক।

৬. যিহোৱাই আমাক ক্ষমা কৰিবলৈ সাজু থাকে বুলি কেনেকৈ প্ৰমাণ কৰিলে?

যিহোৱাই আমাক ক্ষমা কৰিবলৈ সাজু থাকে বুলি প্ৰমাণ কৰিলে। এয়া আমি কিয় কʼব পাৰোঁ, আহক চাওঁ। আদমৰ ভুলৰ বাবে আমি যে পাপ আৰু মৃত্যুৰ কবলত পৰিলোঁ, তাৰ বিষয়ে যিহোৱাই ভালদৰে জানে। (ৰোম. ৫:১২) আমি নিজকে আৰু আনকো এই কবলৰ পৰা কেতিয়াও উলিয়াব নোৱাৰোঁ। (গীত. ৪৯:৭-৯) কিন্তু যিহোৱাই আমাক বহুত প্ৰেম কৰে, সেইবাবে তেওঁ এটা সুন্দৰ ব্যৱস্থা কৰিলে। এই ব্যৱস্থাৰ বিষয়ে যোহন ৩:১৬ পদত এইদৰে কৈছে, যিহোৱাই নিজৰ একমাত্ৰ পুত্ৰক পৃথিৱীলৈ পঠিয়ালে, যাতে তেওঁ আমাৰ বাবে নিজৰ জীৱন বলিদান দিয়ে। (মথি ২০:২৬; ৰোম. ৫:১৯) যীচুৱে আমাৰ বাবে নিজৰ জীৱন বলিদান দিলে। সেইবাবে যিসকল লোকে তেওঁৰ ওপৰত বিশ্বাস কৰে, তেওঁ পাপ আৰু মৃত্যুৰ পৰা মুক্তি পাব। (ইব্ৰী ২:৯) চিন্তা কৰকচোন, যেতিয়া যীচুক এজন অপৰাধীৰ দৰে যাতনাদায়ক কাঠত মৃত্যু দিয়া হৈছিল, সেই সময়ত যিহোৱাই কিমান যে দুখ অনুভৱ কৰিছিল! যিহোৱাই আমাক প্ৰেম নকৰা হʼলে তেওঁ নিজৰ পুত্ৰক এইদৰে মৃত্যু হʼবলৈ দিলেহেঁতেননে?

৭. যিহোৱাই ক্ষমা কৰা কিছুমান লোকৰ বিষয় কওক।

বাইবেলত এনে বহুতোলোকৰ উদাহৰণ আছে, যিসকলক যিহোৱাই ক্ষমা কৰিছিল। (ইফি. ৪:৩২) আহক আমি প্ৰথমে ৰজা মনচিৰ উদাহৰণলৈ মন কৰোঁ। তেওঁ বহুতো পাপ কৰিছিল, তেওঁ মিছা দেৱতাবোৰক উপাসনা কৰিছিল আৰু আনকো এইদৰে কৰিবলৈ উৎসাহিত কৰিছিল। ইয়াৰ উপৰিও তেওঁ মিছা দেৱতাবোৰৰ আগত নিজৰ সন্তানসকলক জুইত বলি দিছিল আৰু যিহোৱাৰ মন্দিৰত মূৰ্তি স্থাপন কৰিছিল। তেওঁৰ বিষয়ে বাইবেলত এইদৰে লিখা আছে, “যিহোৱাক বেজাৰ দিবৰ অৰ্থে তেওঁৰ সাক্ষাতে তেওঁ বহুত কু-আচৰণ কৰিলে।” (২ বং. ৩৩:২-৭) কিন্তু তেওঁ যেতিয়া হৃদয়েৰে অনুতাপ কৰিলে, তেতিয়া যিহোৱাই তেওঁক ক্ষমা কৰিলে আৰু পুনৰ ইস্ৰায়েলৰ ৰজা পাতিলে। (২ বং. ৩৩:১২, ১৩) আন এটা উদাহৰণ হৈছে ৰজা দায়ূদ। তেওঁ বহুতো পাপ কৰিছিল। যেনে, তেওঁ ব্যভিচাৰ কৰিছিল আৰু এজন নিৰ্দোষী ব্যক্তিক হত্যা কৰোৱাইছিল। কিন্তু যেতিয়া তেওঁ নিজৰ ভুল স্বীকাৰ কৰিলে আৰু অনুতাপ কৰিলে, তেতিয়া যিহোৱাই তেওঁক ক্ষমা কৰিলে। (২ চমূ. ১২:৯, ১০, ১৩, ১৪) এই উদাহৰণবোৰৰ পৰা জানিব পাৰি যে যিহোৱাই আমাক ক্ষমা কৰিবলৈ সদায় সাজু থাকে। এতিয়া আহক চাওঁ যিহোৱাই কৰা ক্ষমা আৰু মানুহে এজনে-আনজনক কৰা ক্ষমাৰ মাজত কি পাৰ্থক্য আছে।

যিহোৱাৰ ক্ষমা অতুলনীয়

৮. কাৰোবাক ক্ষমা কৰিব লাগে নে নালাগে, সেই নিৰ্ণয় যিহোৱাইহে আটাইতকৈ ভালদৰে কিয় লʼব পাৰে?

যিহোৱা “সমুদায় পৃথিবীৰ বিচাৰকৰ্ত্তা।” (আদি. ১৮:২৫) যিহোৱাই যিদৰে বিচাৰ কৰে, সেয়া অতুলনীয়। এইদৰে আমি কিয় কʼব পাৰোঁ? কিয়নো এজন বিচাৰকৰ্তাই সঠিক নিৰ্ণয় লʼবলৈ নিয়মৰ বিষয়ে ভালদৰে জনা উচিত। যিহেতু যিহোৱাই আমাক নিয়ম দিছে, সেইবাবে তেওঁতকৈ ভালদৰে কোনেও নিয়মবোৰ জানিব নোৱাৰে। (যিচ. ৩৩:২২) ভাল কি আৰু বেয়া কি, সেই বিষয়ে যিহোৱাইহে সকলোতকৈ ভালদৰে জানে। ইয়াৰ উপৰিও এজন বিচাৰকৰ্তাই যিকোনো নিৰ্ণয় লোৱাৰ আগতে সেই বিষয়টো ভালদৰে জনা উচিত। যিহোৱাই সকলো কথা ভালদৰে জানে। সেইবাবে, তেওঁতকৈ ভাল বিচাৰকৰ্তা কোনেও হʼব নোৱাৰে।

৯. কোনো এজন ব্যক্তিক ক্ষমা কৰিব লাগে নে নালাগে, তাৰ বিষয়ে নিৰ্ণয় লোৱাৰ আগতে যিহোৱাই কি কি লক্ষ্য কৰে?

এজন মানুহে যেতিয়া ন্যায় কৰে, তেতিয়া তেওঁ কেতিয়াবা কেতিয়াবা বিষয়টো সম্পূৰ্ণকৈ নাজানে। কিন্তু যিহোৱাৰ লগত এইদৰে নহয়। (আদি. ১৮:২০, ২১; গীত. ৯০:৮) যিহোৱাই যেতিয়া ন্যায় কৰে, তেতিয়া তেওঁ যি শুনে আৰু দেখে, তাৰ আধাৰত তেওঁ ন্যায় নকৰে। তেওঁ এজন ব্যক্তিৰ হৃদয়ো পঢ়িব পাৰে। যিহোৱাই জানে যে এজন ব্যক্তিয়ে কেনে পৰিৱেশত ডাঙৰ-দীঘল হৈছে, তেওঁৰ কি কি দুৰ্বলতা আছে আৰু তেওঁৰ স্বভাৱ কেনেকুৱা। ইয়াৰ লগতে তেওঁ এয়াও জানে যে তেওঁৰ অনুভূতি আৰু মানসিক অৱস্থা কেনেকুৱা। যিহোৱাই জানে যে কোনো এজন ব্যক্তিয়ে কি উদ্দেশ্যেৰে বা কি ভাবি সেই কামটো কৰিছে। যিহোৱাৰ দৃষ্টিত একোৱেই লুকাই নাথাকে। (ইব্ৰী ৪:১৩) যিহোৱাই যিকোনো বিষয়ে ভালদৰে জানে, সেইবাবে কাক ক্ষমা কৰিব লাগে আৰু কাক নালাগে, তাৰ বিষয়ে তেওঁ ভালদৰে নিৰ্ণয় লʼব পাৰে।

যিহোৱাই সদায় ন্যায় কৰে আৰু তেওঁ কেতিয়াও পক্ষপাত নকৰে। তেওঁক কোনেও ঘোচ দিব নোৱাৰে (অনুচ্ছেদ ১০ চাওক)

১০. যিহোৱাৰ সকলো নিৰ্ণয় সকলোতকৈ সঠিক হয় বুলি আমি কিয় কʼব পাৰোঁ? (দ্বিতীয় বিবৰণ ৩২:৪)

১০ যিহোৱাৰ প্ৰতিটো নিৰ্ণয় একেবাৰে সঠিক হয়, তেওঁ কেতিয়াও নিৰ্ণয় লোৱাৰ সময়ত পক্ষপাত নকৰে। কোনো এজন ব্যক্তি ধনী নে দুখীয়া, তেওঁৰ ৰং-ৰূপ, তেওঁ সমাজত প্ৰসিদ্ধ হয় নে নহয় বা তেওঁৰ কি কি দক্ষতা আছে, এইবোৰৰ আধাৰত যিহোৱাই নিৰ্ণয় নলয়। (১ চমূ. ১৬:৭; যাকো. ২:১-৪) কোনেও যিহোৱাক ঘোচ দিব নোৱাৰে আৰু তেওঁক হেঁচাও দিব নোৱাৰে। (২ বং. ১৯:৭) যিহোৱাই আবেগিক হৈ বা খং কৰি নিৰ্ণয় নলয়। (যাত্ৰা. ৩৪:৭) তেওঁ আমাৰ বিষয়ে সকলো কথা জানে। আমি যি কাম কৰিলোঁ, সেই কাম কিয় কৰিলোঁ সেই বিষয়েও যিহোৱাই জানে। এইবোৰ কাৰণৰ বাবে যিহোৱা সকলোতকৈ ভাল বিচাৰকৰ্তা হয়।দ্বিতীয় বিবৰণ ৩২:৪ পঢ়ক।

১১. যিহোৱাই ক্ষমা কৰাৰ দৰে আৰু কোনেও ক্ষমা কৰিব নোৱাৰে বুলি আমি কিয় কʼব পাৰোঁ?

১১ যিহোৱাই যিদৰে ক্ষমা কৰে, ঠিক সেইদৰে এজন মানুহে আন এজন মানুহক কেতিয়াও ক্ষমা কৰিব নোৱাৰে। এই কথাষাৰৰ বিষয়ে হিব্ৰু শাস্ত্ৰৰ লেখকসকলে ভালদৰে জানিছিল। সেইবাবে যিহোৱাৰ ক্ষমাৰ বিষয়ে কওতে তেওঁলোকে এটা বিশেষ শব্দ ব্যৱহাৰ কৰিছে। সেই শব্দৰ বিষয়ে এখন কিতাপত এইদৰে লিখা আছে, “এজন মানুহে আন এজন মানুহক ক্ষমা কৰোঁতে এই শব্দ ব্যৱহাৰ কৰা নহয়। ইয়াৰ পৰিৱৰ্তে যিহোৱাই যেতিয়া এজন ব্যক্তিক ক্ষমা কৰে, তেতিয়াহে এই শব্দ ব্যৱহাৰ কৰা হয়।” মানুহে এজনে-আনজনক কেতিয়াও সম্পূৰ্ণৰূপে ক্ষমা কৰিব নোৱাৰে। কেৱল যিহোৱাৰ ওচৰতহে এনে কৰাৰ অধিকাৰ আছে। যিহোৱাই যেতিয়া এজন ব্যক্তিক ক্ষমা কৰে, তেতিয়া তেওঁৰ কেনে অনুভৱ হয়?

১২-১৩. (ক) যিহোৱাই এজন মানুহক ক্ষমা কৰিলে, সেই মানুহজনৰ কেনে অনুভৱ হয়? (খ) যিহোৱাই আমাক কেনেকৈ ক্ষমা কৰে?

১২ যিহোৱাই আমাক ক্ষমা কৰিলে বুলি যেতিয়া আমি স্বীকাৰ কৰোঁ, তেতিয়া আমাৰ জীৱনত “শান্তিযুক্ত কাল” আহে। (পাঁচ. ৩:১৯) আমি মনত শান্তি লাভ কৰোঁ আৰু আমাৰ বিবেক শুদ্ধ হৈ থাকে। কিন্তু যেতিয়া মানুহে আমাক ক্ষমা কৰে, তেতিয়া আমাৰ এনে অনুভৱ নহয়। কেৱল যিহোৱাই ক্ষমা কৰিলেহে আমি এনে অনুভৱ কৰোঁ। যেতিয়া যিহোৱাই আমাক ক্ষমা কৰে, তেতিয়া যিহোৱাৰ লগত থকা আমাৰ সম্পৰ্ক আগৰ দৰে হৈ পৰে।

১৩ বাইবেলত লিখা আছে যে “পূবৰ পৰা পশ্চিমলৈ যিমান দূৰ, তেওঁ আমাৰ অপৰাধো আমাৰ পৰা সিমান দূৰ” কৰে। b (গীত. ১০৩:১২) যেতিয়া যিহোৱাই আমাক ক্ষমা কৰে, তেতিয়া তেওঁ আমাৰ পাপবোৰ সম্পূৰ্ণৰূপে পাহৰি যায়। তেওঁ কেতিয়াও পাপৰ কাৰণে আমাক পুনৰ শাস্তি নিদিয়ে। (যিচ. ৪৩:২৫; যিৰি. ৩১:৩৪) ইয়াৰ বিষয়ে চিন্তা কৰি যিহোৱাৰ বাবে আমাৰ হৃদয়ত শ্ৰদ্ধা আৰু কৃতজ্ঞতা বাঢ়ি যায়। (গীত. ১৩০:৪) কিন্তু আহক চাওঁ যে যিহোৱাই কেতিয়া এজন ব্যক্তিক ক্ষমা কৰে।

যিহোৱাই আমাক কেতিয়া ক্ষমা কৰিব?

১৪. এতিয়ালৈকে আমি কি শিকিলোঁ?

১৪ এতিয়ালৈকে আমি শিকিলোঁ যে এজন ব্যক্তিয়ে কিমান ডাঙৰ পাপ কৰিলে, তাৰ আধাৰত যিহোৱাই ক্ষমা কৰিব নে নকৰে তাৰ নিৰ্ণয় নলয়। আমি এয়াও শিকিলোঁ যে যিহোৱাই আমাক সৃষ্টি কৰিছে, তেওঁ আমাক নিয়ম দিছে আৰু তেওঁ সকলোতকৈ ভাল বিচাৰকৰ্তা হয়। সেইবাবে, তেওঁ সকলো বিষয়ে ভালদৰে জানে। কিন্তু তেওঁ কাৰোবাক ক্ষমা কৰিব নে নকৰে, তাৰ নিৰ্ণয় লোৱাৰ সময়ত তেওঁ আৰু কিছুমান কথাৰ প্ৰতি ধ্যান দিয়ে।

১৫. লূক ১২:৪৭, ৪৮ পদৰ অনুসৰি কাৰোবাক ক্ষমা কৰাৰ আগতে যিহোৱাই কি কথালৈ মন দিয়ে?

১৫ যিহোৱাই আন এটা কথালৈ মন কৰে, সেয়া হৈছে এজন ব্যক্তিয়ে যি কৰি আছে, সেয়া ভুল হয় বুলি তেওঁ জানেনে? যীচুৱেও এই বিষয়ে লূক ১২:৪৭, ৪৮ পদত কৈছে। (পঢ়ক।) যদি এজন ব্যক্তিয়ে এনে কাম কৰিবলৈ ষড়যন্ত্ৰ কৰে, যি যিহোৱাই ঘৃণা কৰে, তেনেহʼলে তেওঁ গম্ভীৰ পাপ কৰে। এনে ক্ষেত্ৰত হয়তো যিহোৱাই তেওঁক ক্ষমা নকৰিবও পাৰে। (মাৰ্ক ৩:২৯; যোহ. ৯:৪১) আমি সকলোৱে কেতিয়াবা জানি-শুনি ভুল কৰোঁ, তেনেহʼলে যিহোৱাই আমাক কেতিয়াও ক্ষমা নকিৰবনে? আহক চাওঁ যে যদি যিহোৱাই আমাক ক্ষমা কৰাটো বিচাৰোঁ, তেনেহʼলে আমি কি কৰিব লাগিব।

আপুনি হৃদয়েৰে অনুতাপ কৰিলে যিহোৱাই নিশ্চয় আপোনাক ক্ষমা কৰিব (অনুচ্ছেদ ১৬-১৭ চাওক)

১৬. (ক) অনুতাপ কৰাৰ অৰ্থ কি? (খ) যিহোৱাই যদি আমাক ক্ষমা কৰাটো বিচাৰোঁ, তেনেহʼলে অনুতাপ কৰাটো কিয় গুৰুত্বপূৰ্ণ?

১৬ যিহোৱাই আৰু এটা কথালৈ মন দিয়ে, সেয়া হৈছে পাপ কৰা ব্যক্তিজনে হৃদয়ৰ পৰা অনুতাপ কৰিছে নে নাই। অনুতাপ কৰাৰ অৰ্থ হৈছে “নিজৰ ভুল চিন্তাধাৰা আৰু ভুল আচাৰ-ব্যৱহাৰ শুধৰণি কৰা।” যিজন ব্যক্তিয়ে অনুতাপ কৰে, তেওঁ নিজৰ ভুল কাম বা যি সঠিক কাম কৰাৰ প্ৰয়োজন আছিল কিন্তু নকৰিলে, তাৰ বিষয়ে দুখ কৰে। ইয়াৰ লগতে যিহোৱাৰ লগত থকা তেওঁৰ সম্পৰ্ক ইমানে দুৰ্বল হৈছিল যে তেওঁ পাপ কৰিলে, ইয়াৰ বিষয়েও চিন্তা কৰি তেওঁ বৰ দুখ কৰে। ৰজা মনচি আৰু দায়ূদেও গম্ভীৰ পাপ কৰিছিল। কিন্তু যিহোৱাই তেওঁলোকক ক্ষমা কৰিলে, কিয়নো তেওঁলোকে হৃদয়ৰ পৰা অনুতাপ কৰাটো তেওঁ দেখিছিল। (১ ৰাজা. ১৪:৮) যদি যিহোৱাই আমাক ক্ষমা কৰাটো আমি বিচাৰোঁ, তেনেহʼলে অনুতাপ কৰাটো অতি গুৰুত্বপূৰ্ণ। c কিয়নো যিহোৱাই যেতিয়া দেখিব যে আমি নিজৰ ভুলৰ বাবে অনুতাপ কৰিছোঁ আৰু নিজকে সলনি কৰিব বিচাৰিছোঁ, তেতিয়া তেওঁ আমাক ক্ষমা কৰিব। কিন্তু আমি কিছুমান পদক্ষেপো লʼব লাগিব। আহক ইয়াৰ বিষয়ে আৰু শিকোঁ।

১৭. (ক) নিজকে সলনি কৰাৰ অৰ্থ কি? (খ) এনে কৰাটো কিয় গুৰুত্বপূৰ্ণ? (যিচয়া ৫৫:৭)

১৭ এজন ব্যক্তিয়ে নিজকে সলনি কৰিছে নে নাই, সেয়া যিহোৱাই লক্ষ্য কৰে। নিজকে সলনি কৰিবলৈ এজন ব্যক্তিয়ে বেয়া পথত চলিবলৈ এৰিব লাগিব আৰু যিহোৱাৰ দৃষ্টিত যি সঠিক, সেয়া কৰিব লাগিব। (যিচয়া ৫৫:৭ পঢ়ক।) তেওঁ নিজৰ চিন্তাধাৰা সলনি কৰিব লাগিব আৰু যিহোৱাৰ দৰে চিন্তা কৰিব লাগিব। (ৰোম. ১২:২; ইফি. ৪:২৩) এজন ব্যক্তিয়ে থিৰাং কৰা উচিত যে তেওঁ এতিয়াৰে পৰা বেয়া কথাবোৰ চিন্তা নকৰিব আৰু বেয়া কামবোৰো নকৰিব। (কল. ৩:৭-১০) এয়া সঁচা যে যিহোৱাই যীচুৰ মুক্তিপণস্বৰূপ বলিদানৰ আধাৰত “সকলো পাপৰ পৰা আমাক শুচি” অৰ্থাৎ শুদ্ধ কৰিবলৈ সাজু থাকে। কিন্তু আমি নিজকে সলনি কৰিলে আৰু বেয়া কাম কৰিবলৈ এৰিলেহে যিহোৱাই এইদৰে কৰিব।—১ যোহ. ১:৭.

যিহোৱাই আপোনাক নিশ্চয় ক্ষমা কৰিব

১৮. ক্ষমা কৰাৰ ক্ষেত্ৰত যিহোৱা অতুলনীয় বুলি আমি কিয় কʼব পাৰোঁ?

১৮ ক্ষমা কৰাৰ ক্ষেত্ৰত যিহোৱা সঁচাকৈ অতুলনীয় অৰ্থাৎ কাৰোৰ লগত তেওঁৰ তুলনা কৰিব নোৱাৰি। আমি এইদৰে কিয় কʼব পাৰোঁ? এই লেখত আমি ইয়াৰ বহুতো কাৰণ দেখিলোঁ। যেনে, (১) যিহোৱাই ক্ষমা কৰিবলৈ সদায় সাজু থাকে। (২) তেওঁ আমাৰ বিষয়ে সকলো কথা জানে আৰু এজন ব্যক্তিয়ে হৃদয়ৰ পৰা অনুতাপ কৰিছে নে নাই কৰা, সেয়া কেৱল যিহোৱাইহে জানে। (৩) যিদৰে চিলেটখন সম্পূৰ্ণৰূপে পৰিষ্কাৰ কৰা হয়, ঠিক সেইদৰে যিহোৱাই আমাৰ পাপ সম্পূৰ্ণৰূপে পৰিষ্কাৰ কৰি দিয়ে। অৰ্থাৎ আমাক সম্পূৰ্ণৰূপে ক্ষমা কৰে। সেইবাবে, আমাৰ বিবেক শুদ্ধ হৈ থাকে আৰু যিহোৱাৰ লগত থকা আমাৰ সম্পৰ্ক আগৰ দৰে হৈ পৰে।

১৯. যদিও আমি বহুতো ভুল কৰোঁ, তথাপি আমি আনন্দিত হৈ থকাৰ কাৰণ কি?

১৯ যিহেতু আমি অসিদ্ধ হওঁ, সেইবাবে আমি পাপ কৰিয়েই থাকোঁ। কিন্তু আমি নিজৰ ভুলবোৰৰ বিষয়ে চিন্তা কৰি একেবাৰে নিৰাশ হৈ যোৱা উচিত নহয়। (গীত. ১০৩:৮-১৪; ১৩০:৩) আমাৰ কি কি দুৰ্বলতা আছে, তাৰ বিষয়ে যিহোৱাই জানে আৰু তেওঁ আমাক দয়া দেখুৱায়। আমি যদি যিহোৱাৰ মানদণ্ড পালন কৰিবলৈ সম্পূৰ্ণৰূপে চেষ্টা কৰোঁ, তেনেহʼলে আমি আনন্দিত থাকিব পাৰিম। (ফিলি. ৪:৪-৬; ১ যোহ. ৩:১৯-২২) এই কথা জানি আমি বৰ শান্ত্বনা লাভ কৰোঁ!

২০. পৰৱৰ্তী লেখত আমি কিহৰ বিষয়ে আলোচনা কৰিম?

২০ আমি যেতিয়া নিজৰ ভুলৰ বাবে সঁচাকৈ অনুতাপ কৰোঁ, তেতিয়া যিহোৱাই আমাক ক্ষমা কৰিবলৈ সাজু থাকে। এই কথা জানি আমি সঁচাকৈ মনত বহুত শান্তি লাভ কৰোঁ! আমি আনক যিদৰে ক্ষমা কৰোঁ আৰু যিহোৱাই আমাক যিদৰে ক্ষমা কৰে, সেই দুটাৰ মাজত কি মিল আছে আৰু কি পাৰ্থক্য আছে? এই পাৰ্থক্যৰ বিষয়ে বুজি পোৱাটো কিয় গুৰুত্বপূৰ্ণ? পৰৱৰ্তী লেখত এই প্ৰশ্নবোৰৰ বিষয়ে আলোচনা কৰা হʼব।

গীত ৪৫ মোৰ মনৰ ভাৱধাৰা

a যিহোৱাই বাইবেলত উল্লেখ কৰিছে যে যদি কোনো এজন ব্যক্তিয়ে ভুল কৰে, কিন্তু পাছত তেওঁ অনুতাপ কৰে, তেনেহʼলে যিহোৱাই তেওঁক ক্ষমা কৰিবলৈ সাজু থাকে। কিন্তু কেতিয়াবা কেতিয়াবা আমি ভাবিব পাৰোঁ যে যিহোৱাই মোক কেতিয়াও ক্ষমা নকৰে। এই লেখত আমি মন কৰিম যে যদি আমি সঁচাকৈ অনুতাপ কৰোঁ, তেনেহʼলে যিহোৱাই আমাক ক্ষমা কৰিব বুলি আমি কিয় বিশ্বাস ৰাখিব পাৰোঁ।

c ইয়াৰ অৰ্থ কি? অনুতাপ কৰাৰ অৰ্থ হৈছে নিজৰ মন সলনি কৰা। ইয়াৰ লগতে তেওঁ আগতে কৰা ভুল বা তেওঁ যি কৰাৰ প্ৰয়োজন আছিল, সেয়া নকৰাৰ বাবে হৃদয়ৰ পৰা দুখ কৰা। হৃদয়ৰ পৰা কৰা অনুতাপ কামৰ যোগেদি প্ৰকাশ পায় আৰু এজন ব্যক্তিয়ে ভুল পথ এৰি সঠিক পথত যাবলৈ ধৰে।