Skip to content

Skip to table of contents

অধ্যয়নৰ লেখ ২৫

ক্ষমা কৰা লোকসকলক যিহোৱাই আশীৰ্বাদ দিয়ে

ক্ষমা কৰা লোকসকলক যিহোৱাই আশীৰ্বাদ দিয়ে

“ঈশ্বৰে তোমালোকক যেনেকৈ খ্ৰীষ্টত ক্ষমা কৰিলে, তেনেকৈ তোমালোকেও পৰস্পৰে ক্ষমা কৰা।”—ইফি. ৪:৩২.

গীত ১৩০ ক্ষমা কৰিবলৈ শিকক

লেখৰ এক আভাস a

১. অন্তৰেৰে অনুতাপ কৰা লোকসকলক যিহোৱাই কি আশ্বাস দিয়ে?

 যিহোৱাই আমাৰ সৃষ্টি কৰিছে, আমাক নিয়মবোৰ দিছে আৰু তেওঁৰ ন্যায় আটাইতকৈ উত্তম। (গীত. ১০০:৩; যিচ. ৩৩:২২) সেইবাবে, আমাক ক্ষমা কৰাৰ অধিকাৰ তেওঁৰ আছে। ইয়াৰ উপৰিও তেওঁ আমাৰ পিতৃও হয় আৰু তেওঁ আমাক বহুত প্ৰেম কৰে। সেইবাবে, যেতিয়া আমাৰ পৰা কিবা ভুল হয় আৰু আমি অন্তৰেৰে অনুতাপ কৰোঁ, তেতিয়া তেওঁ আমাক ক্ষমা কৰিবলৈ সাজু থাকে। (গীত. ৮৬:৫) এই বিষয়ে ভৱিষ্যতবক্তা যিচয়াৰ দ্বাৰাও যিহোৱাই আমাক আশ্বাস দিয়ে। তেওঁ এইদৰে লিখাইছিল, “তোমালোকৰ পাপবোৰ সিন্দূৰ বৰণীয়া হলেও, হিমৰ দৰে বগা কৰা হব।”—যিচ. ১:১৮.

২. আনৰ লগত ভাল সম্পৰ্ক বজাই ৰাখিবলৈ আমি কি কৰিব লাগিব?

যিহেতু আমি অসিদ্ধ হওঁ, সেইবাবে আমি এজনে-আনজনৰ মনত আঘাত দিওঁ। (যাকো. ৩:২) যদি আমাৰ মাজত সৰু-সুৰা মতভেদ হয়, তেনেহʼলে আমি এজনে-আনজনক ক্ষমা কৰা উচিত। এনে কৰিলে সকলোৰে লগত আমাৰ সম্পৰ্ক ভাল হৈ থাকিব। (হিতো. ১৭:৯; ১৯:১১; মথি ১৮:২১, ২২) আমি এজনে-আনজনক ক্ষমা কৰাটো যিহোৱায়ো বিচাৰে। (কল. ৩:১৩) যিহোৱাই নিজেও এইদৰে কৰে। বাইবেলত এইদৰে লিখা আছে, তেওঁ আমাক ‘প্ৰচুৰ পৰিমাণে ক্ষমা কৰে।’—যিচ. ৫৫:৭.

৩. এই লেখত আমি কিহৰ বিষয়ে আলোচনা কৰিম?

এই লেখত আমি আলোচনা কৰিম যে আমি যিহোৱাৰ দৰে কেনেকৈ আনক ক্ষমা কৰিব পাৰোঁ। আমি এয়াও আলোচনা কৰিম যে আমি কেনেধৰণৰ পাপৰ বিষয়ে প্ৰাচীনসকলক জনোৱা উচিত আৰু আমি আনক ক্ষমা কৰাটো যিহোৱাই কিয় বিচাৰে। আমি এনে কিছুমান ভাই-ভনীৰ বিষয়ে শিকিম, যিসকলৰ মনক আনে আঘাত দিছিল। কিন্তু পাছত সেই ভাই-ভনীসকলে তেওঁলোকক ক্ষমা কৰিলে। আমি তেওঁলোকৰ পৰা শিকিম যে আনক ক্ষমা কৰিলে আমি কি কি আশীৰ্বাদ লাভ কৰিম।

কোনোবাই যদি গম্ভীৰ পাপ কৰে

৪. (ক) যদি কোনো এজন ব্যক্তিয়ে গম্ভীৰ পাপ কৰে, তেনেহʼলে কি কৰা উচিত? (খ) প্ৰাচীনসকলে কি নিৰ্ণয় লʼব?

যেতিয়া এজন ব্যক্তিয়ে গম্ভীৰ পাপ কৰে, তেতিয়া আমি ইয়াৰ বিষয়ে প্ৰাচীনসকলক জনোৱা উচিত। এনেধৰণৰ পাপৰ বিষয়ে প্ৰথম কৰিন্থীয়া ৬:৯, ১০ পদত উল্লেখ আছে। এজন ব্যক্তিয়ে গম্ভীৰ পাপ কৰি যিহোৱাৰ নিয়ম উলংঘন কৰে। সেইবাবে, তেওঁ যিহোৱালৈ প্ৰাৰ্থনা কৰি ক্ষমা খোজা উচিত আৰু ইয়াৰ বিষয়ে প্ৰাচীনসকলক জনোৱা উচিত। (গীত. ৩২:৫; যাকো. ৫:১৪) এনে পাপ কৰা ব্যক্তিসকলক প্ৰাচীনসকলে ক্ষমা কৰিব পাৰিবনে? সম্পূৰ্ণৰূপে ক্ষমা কৰাৰ অধিকাৰ কেৱল যিহোৱাৰহে আছে আৰু তেওঁ যীচুৰ মুক্তিপণস্বৰূপ বলিদানৰ আধাৰত এইদৰে কৰে। b পাপ কৰা ব্যক্তিজনে মণ্ডলীত থাকিব নে তেওঁক বহিষ্কাৰ কৰা হʼব, সেই বিষয়ে বাইবেলৰ নিয়মৰ আধাৰত নিৰ্ণয় লʼবলৈ যিহোৱাই প্ৰাচীনসকলক দায়িত্ব দিছে। (১ কৰি. ৫:১২) ইয়াৰ নিৰ্ণয় লোৱাৰ সময়ত প্ৰাচীনসকলে কিছুমান কথা মনত ৰাখে। যেনে, সেই ব্যক্তিজনে জানি-শুনি পাপ কৰিছিলনে? তেওঁ এই পাপ লুকুৱাবলৈ চেষ্টা কৰিছিল নেকি? তেওঁ কিমান সময় ধৰি এই পাপ কৰি আছে? প্ৰাচীনসকলে বিশেষকৈ এই কথাৰ প্ৰতি ধ্যান দিব যে তেওঁ অন্তৰেৰে অনুতাপ কৰিছে নে নাই? যিহোৱাই তেওঁক ক্ষমা কৰিলে বুলি কিবা প্ৰমাণ আছে নেকি?—পাঁচ. ৩:১৯.

৫. প্ৰাচীনসকলে লোৱা নিৰ্ণয়ৰ পৰা কি কি লাভ হয়?

যেতিয়া প্ৰাচীনসকলে পাপ কৰা ব্যক্তিজনক লগ কৰে, তেতিয়া যিহোৱাই স্বৰ্গত যি নিৰ্ণয় লʼলে, সেই একেটা নিৰ্ণয় লʼবলৈ তেওঁলোকে চেষ্টা কৰে। (মথি ১৮:১৮) যদি প্ৰাচীনসকলে পাপ কৰা ব্যক্তিজনক মণ্ডলীৰ পৰা বহিষ্কাৰ কৰিবলৈ নিৰ্ণয় লয়, তেনেহʼলে মণ্ডলী সুৰক্ষিত হৈ থাকিব আৰু তেওঁৰ বেয়া প্ৰভাৱ আন লোকসকলৰ ওপৰত নপৰিব। (১ কৰি. ৫:৬, ৭, ১১-১৩; তীত ৩:১০, ১১) এই নিৰ্ণয়ৰ পৰা পাপ কৰা ব্যক্তিজনৰো লাভ হয়। তেওঁ অনুতাপ কৰিবলৈ আৰু যিহোৱাৰ কাষলৈ উভতি আহিবলৈ উৎসাহিত হয়। যেতিয়া তেওঁ এইদৰে কৰিব, তেনেহʼলে যিহোৱাই তেওঁক ক্ষমা কৰিব। (লূক ৫:৩২) প্ৰাচীনসকলে সেই ব্যক্তিজনৰ বাবে প্ৰাৰ্থনাও কৰে, যাতে তেওঁ পুনৰ যিহোৱাৰ লগত নিজৰ সম্পৰ্ক গঢ়ি তুলে।—যাকো. ৫:১৫.

৬. এজন ব্যক্তি বহিষ্কৃত হোৱাৰ পাছতো যিহোৱাই তেওঁক ক্ষমা কৰিব পাৰে নেকি? বুজাওক।

যদি এজন ব্যক্তিয়ে কোনো অনুতাপ নকৰে, তেনেহʼলে প্ৰাচীনে তেওঁক মণ্ডলীৰ পৰা বহিষ্কাৰ কৰে। যদি তেওঁ দেশৰ কোনো নিয়ম উলংঘন কৰে, তেনেহʼলে প্ৰাচীনে তেওঁক বচাবলৈ চেষ্টা নকৰে। কাৰণ দেশৰ নিয়ম উলংঘন কৰা লোকসকলক শাস্তি দিবলৈ যিহোৱাই চৰকাৰক অধিকাৰ দিছে, যদিও পাপ কৰা ব্যক্তিজনে অনুতাপ কৰক বা নকৰক। (ৰোম. ১৩:৪) যদি সেই ব্যক্তিজনে নিজৰ ভুল স্বীকাৰ কৰে আৰু অনুতাপ কৰি নিজকে সলনি কৰে, তেনেহʼলে তেওঁক ক্ষমা কৰিবলৈ যিহোৱাই সাজু থাকে। (লূক ১৫:১৭-২৪) তেওঁৰ পাপ যিমানে গম্ভীৰ নহওক কিয়, তথাপি যিহোৱাই তেওঁক ক্ষমা কৰিব পাৰে।—২ বং. ৩৩:৯, ১২, ১৩; ১ তীম. ১:১৫.

৭. কোনোবাই আমাৰ বিৰুদ্ধে পাপ কৰিলে আমি কি কৰিব পাৰোঁ?

পাপ কৰা ব্যক্তিজনক ক্ষমা কৰা হʼব নে নহয়, ইয়াৰ বিষয়ে আমি চিন্তা কৰিব নালাগে। কিয়নো ইয়াৰ নিৰ্ণয় যিহোৱাৰ হাতত আছে। ইয়াৰ অৰ্থ এয়া নেকি যে আমি একোৱে কৰিব নালাগে? হয়তো কোনো এজন ব্যক্তিয়ে আমাৰ মনত আঘাত দিব পাৰে বা আমাৰ বিৰুদ্ধে গম্ভীৰ পাপ কৰে। এনে পৰিস্থিতিত তেওঁ আগবাঢ়ি আহি আমাক ক্ষমা খোজক বা নোখোজক আমি নিজৰ ফালৰ পৰা তেওঁক ক্ষমা কৰিব পাৰোঁ। আমি খং পুহি ৰাখিম নে তেওঁক ক্ষমা কৰিম, ইয়াৰ নিৰ্ণয় আমাৰ হাতত আছে। সেই কথা পাহৰিবলৈ আৰু অন্তৰৰ পৰা খং আঁতৰাবলৈ সময় লাগিব পাৰে। ইয়াৰ বিষয়ে চেপ্টেম্বৰ ১৫, ১৯৯৪ চনৰ প্ৰহৰীদুৰ্গতো (ইংৰাজী) উল্লেখ আছে। তাত এইদৰে লিখা আছে, “আমি কাৰোবাক ক্ষমা কৰাৰ অৰ্থ এয়া নহয় যে আমি তেওঁৰ পাপটো সহজভাৱে লৈছোঁ। আচলতে আমি বিষয়টো যিহোৱাৰ হাতত এৰি দিছোঁ। যিহোৱা সকলোতকৈ ভাল বিচাৰকৰ্তা হয় আৰু সঠিক সময়ত তেওঁ সকলো ঠিক কৰিব বুলি আমি বিশ্বাস ৰাখোঁ।” কিন্তু আমি নিজৰ ফালৰ পৰা আনক ক্ষমা কৰা আৰু ন্যায়ৰ কাম যিহোৱাৰ হাতত এৰি দিয়াটো তেওঁ কিয় বিচাৰে? ইয়াৰ বিষয়ে আমি তলত আলোচনা কৰিম।

আনক কিয় ক্ষমা কৰিব লাগে?

৮. আমি কিয় আনক ক্ষমা কৰা উচিত?

ক্ষমা কৰাৰ যোগেদি আমি যিহোৱাৰ প্ৰতি কৃতজ্ঞতা দেখুৱাওঁ। যীচুৱে এটা কাহিনী কৈছিল। তেওঁ কৈছিল যে এজন ৰজাৰ পৰা তেওঁৰ দাসে বহুত টকা ধাৰ লৈছিল আৰু তেওঁ সেই ধাৰ মাৰিব পৰা নাছিল। সেইবাবে, ৰজাই তেওঁৰ ধাৰ ক্ষমা কৰিলে। কিন্তু সেই দাসৰ পৰা আন এজন দাসে অলপ টকা ধাৰ লৈছিল, তথাপি তেওঁ সেই দাসৰ ধাৰ ক্ষমা নকৰিলে। (মথি ১৮:২৩-৩৫) এই কাহিনীৰ পৰা আমি কি শিকিব পাৰোঁ? সেই ৰজাজন যিহোৱা হয়, যিজনে আমাক হৃদয় খুলি ক্ষমা কৰে। যিহোৱাৰ প্ৰতি কৃতজ্ঞ হʼলে আমি আনক ক্ষমা কৰিম। (গীত. ১০৩:৯) বহুবছৰৰ আগতে এটা প্ৰহৰীদুৰ্গত এটা ভাল কথা লিখিছিল, “আমি লোকসকলক যিমান বাৰ ক্ষমা নকৰোঁ কিয়, কিন্তু আমি কেতিয়াও যিহোৱাৰ সমান ক্ষমা কৰিব নোৱাৰিম। যীচুৰ মুক্তিপণস্বৰূপ বলিদানৰ আধাৰত যিহোৱাই সদায় আমাক ক্ষমা কৰিবলৈ সাজু থাকে।”

৯. যিহোৱাই কাক ক্ষমা কৰে? (মথি ৬:১৪-১৫)

ক্ষমা কৰাসকলক ক্ষমা কৰা হʼব। যদি আমি আনক দয়া দেখুৱাওঁ আৰু ক্ষমা কৰোঁ, তেনেহʼলে যিহোৱাই আমাকো ক্ষমা কৰিব। (মথি ৫:৭; যাকো. ২:১৩) যীচুৱেও নিজৰ শিষ্যসকলক এই কথাষাৰ শিকাইছিল। (মথি ৬:১৪, ১৫ পঢ়ক।) ইয়োবৰ লগত ঘটা ঘটনাটো আপোনাৰ মনত আছেনে? যেতিয়া তেওঁৰ বন্ধু ইলীফজ, বিলদদ আৰু চোফৰে তেওঁক লগ কৰিবলৈ আহিছিল, তেতিয়া তেওঁলোকে ইয়োবক আঘাত লগাকৈ কথা কৈছিল। কিন্তু যিহোৱাই ইয়োবক তেওঁলোকৰ বাবে প্ৰাৰ্থনা কৰিবলৈ কʼলে। ইয়োবে তেওঁলোকৰ বাবে প্ৰাৰ্থনা কৰিলে আৰু তেওঁলোকক ক্ষমা কৰিলে, সেইবাবে যিহোৱাই তেওঁক আশীৰ্বাদ দিলে।—ইয়ো. ৪২:৮-১০.

১০. খং পুহি ৰাখিলে কি কি ক্ষতি হʼব পাৰে? (ইফিচীয়া ৪:৩১, ৩২)

১০ খং পুহি ৰাখিলে আমাৰ নিজৰে ক্ষতি হয়। যদি আমি খং পুহি ৰাখোঁ, তেনেহʼলে আমি নিজৰ মনত ডাঙৰ বোজা লৈ থকা যেন হয়। (ইফিচীয়া ৪:৩১, ৩২ পঢ়ক।) সেই কাৰণে যিহোৱাই এইদৰে কৈছে, “ক্ৰোধ এৰা, কোপ ত্যাগ কৰা।” (গীত. ৩৭:৮) সঁচাকৈ ই এটা ভাল পৰামৰ্শ। যদি আমি খং পুহি ৰাখোঁ, তেনেহʼলে বিহ খোৱা নিচিনা হʼব। খং পুহি ৰাখিলে আমাৰে ক্ষতি হয় আৰু আমি চিন্তিত হৈ থাকিব পাৰোঁ। ইয়ে আমাৰ স্বাস্থ্যৰ ওপৰতো প্ৰভাৱ পেলাব পাৰে। (হিতো. ১৪:৩০) কিন্তু যদি আমি খং পুহি নাৰাখোঁ, তেনেহʼলে আমি নিজে লাভৱান হʼম। (হিতো. ১১:১৭) আমি মনত শান্তি লাভ কৰিম আৰু আমাৰ স্বাস্থ্য ভালে থাকিব। এইদৰে আমি আনন্দিত থাকিব পাৰিম আৰু যিহোৱাৰ সেৱা ভালদৰে কৰিব পাৰিম।

১১. আমি কিয় প্ৰতিশোধ লোৱা উচিত নহয়? (ৰোমীয়া ১২:১৯-২১)

১১ প্ৰতিশোধ লোৱা যিহোৱাৰ কাম। তেওঁ আমাক প্ৰতিশোধ লʼবলৈ আৰু আনক শাস্তি দিবলৈ অধিকাৰ দিয়া নাই। (ৰোমীয়া ১২:১৯-২১ পঢ়ক।) আমি অসিদ্ধ হওঁ আৰু কোনো এটা বিষয়ত আমাৰ সম্পূৰ্ণ জ্ঞান নাই। সেইবাবে, আমি যিহোৱাৰ দৰে ন্যায় কৰিব নোৱাৰোঁ। (ইব্ৰী ৪:১৩) কিন্তু কেতিয়াবা কেতিয়াবা আমি আনৰ ওপৰত ইমানে খং কৰোঁ যে আবেগিক হৈ আমি নিৰ্ণয় লওঁ। সেইবাবে, যিহোৱাই যাকোবৰ যোগেদি এইদৰে কৈছিল, “মানুহৰ ক্ৰোধে ঐশ্বিৰক ধাৰ্ম্মিকতা সাধন নকৰে।” (যাকো. ১:২০) গতিকে আমি আনৰ পৰা প্ৰতিশোধ লোৱাৰ পৰিৱৰ্তে আমি যিহোৱাৰ ওপৰত সম্পূৰ্ণৰূপে ভৰসা কৰা উচিত যে তেওঁ উচিত সময়ত সঠিক ন্যায় কৰিব।

খং পুহি নাৰাখিব। বিষয়টো যিহোৱাৰ ওপৰত এৰি দিয়ক, তেওঁ সকলো ক্ষতি পূৰণ কৰিব (অনুচ্ছেদ ১২ চাওক)

১২. আমি যিহোৱাৰ ওপৰত সম্পূৰ্ণৰূপে ভৰসা কৰোঁ বুলি আমি কেনেকৈ দেখুৱাব পাৰোঁ?

১২ ক্ষমা কৰা যোগেদি আমি যিহোৱাৰ ওপৰত ভৰসা কৰোঁ যে তেওঁ আমাক ন্যায় দিব। যেতিয়া আমি কোনো এটা বিষয় যিহোৱাৰ ওপৰত এৰি দিওঁ, তেতিয়া আমি ভৰসা কৰোঁ যে তেওঁ উচিত সময়ত সকলো ঠিক কৰিব। তেওঁ প্ৰতিজ্ঞাও কৰিছে যে নতুন পৃথিৱীত কোনো বেয়া স্মৃতিয়ে আমাক আমনি নকৰিব আৰু সেইবোৰ ‘মনতো নপৰিব।’ (যিচ. ৬৫:১৭) এয়া সঁচা যে আনে যেতিয়া আমাক আঘাত দিয়ে, তেতিয়া তেওঁলোকক ক্ষমা কৰাটো ইমান সহজ নহয়। কিন্তু আমি এইদৰে কৰিব পাৰিম। আহক আমি এনে কিছুমান ভাই-ভনীসকলৰ পৰা শিকিম, যিসকলে এইদৰে কৰিলে।

ক্ষমা কৰাৰ আশীৰ্বাদ

১৩-১৪. ক্ষমা কৰাৰ বিষয়ে আপুনি টনীৰ পৰা কি শিকিলে?

১৩ যিসকলে আমাৰ ভাই-ভনীসকলক বহুত আঘাত দিছিল, তেওঁলোকক আমাৰ ভাই-ভনীসকলে ক্ষমা কৰিলে। এইদৰে কৰাৰ বাবে তেওঁলোকে কি কি আশীৰ্বাদ পালে। আহক তাৰ বিষয়ে চাওঁ।

১৪ টনী c নামৰ ভাইজন ফিলিপাইনত থাকে। যিহোৱাৰ সাক্ষী হোৱাৰ আগতে তেওঁ বৰ খঙাল ব্যক্তি আছিল আৰু প্ৰতিটো কথাতে মাৰ-পিট কৰিছিল। এদিনাখন তেওঁ গম পালে যে হৰেণ নামৰ ব্যক্তিজনে তেওঁৰ ককায়েকক হত্যা কৰিলে। টনীৰ বৰ খং উঠিল আৰু তেওঁ প্ৰতিশোধ লʼব বিচাৰিলে। কিন্তু হৰেণক জেইলত নিয়া হʼল। যেতিয়া তেওঁ জেইলৰ পৰা ওলাই আহিল, তেতিয়া টনীয়ে শপত খালে যে তেওঁ হৰেণক হত্যা কৰিবই আৰু তাৰ বাবে তেওঁ এটা বন্দুকো কিনিলে। কিন্তু ইয়াৰ অলপ দিনৰ পাছত টনীয়ে যিহোৱাৰ সাক্ষীসকলৰ লগত বাইবেল অধ্যয়ন কৰিবলৈ আৰম্ভ কৰিলে। টনীয়ে এইদৰে কৈছে, “বাইবেল অধ্যয়ন কৰি মই শিকিলোঁ যে মই নিজকে সলনি কৰিব লাগিব আৰু নিজৰ খং দমন কৰিব লাগিব।” কিছু সময়ৰ পাছত টনীয়ে বাপ্তিষ্মা লʼলে আৰু পাছত তেওঁ এজন প্ৰাচীন হʼল। তেওঁ গম পালে যে হৰেণো এজন যিহোৱাৰ সাক্ষী হʼল। এদিনাখন তেওঁলোকে এজনে-আনজনক লগ পাই সাৱটি ধৰিলে আৰু টনীয়ে তেওঁক ক্ষমা কৰিলে বুলি কʼলে। ইয়াৰ কি পৰিণাম হʼল? টনীয়ে কৈছে যে হৰেণক ক্ষমা কৰি তেওঁ মনত কিমান শান্তি লাভ কৰিলে, তাৰ বিষয়ে তেওঁ শব্দেৰে প্ৰকাশ কৰিব নোৱাৰে! তেওঁ বহুত সন্তুষ্টি লাভ কৰিলে। সঁচাকৈ আমি আনক ক্ষমা কৰিলে, আমি যিহোৱাৰ পৰা বহুত আশীৰ্বাদ লাভ কৰোঁ।

পিতৰ আৰু চুৰ উদাহৰণৰ পৰা আমি শিকিলোঁ যে আমি অন্তৰৰ পৰা খং উলিয়াই পেলাব পাৰোঁ (অনুচ্ছেদ ১৫-১৬ চাওক)

১৫-১৬. ক্ষমা কৰাৰ বিষয়ে আপুনি ভাই পিতৰ আৰু ভনী চুৰ পৰা কি শিকিলে?

১৫ ভাই পিতৰ আৰু ভনী চুৰ উদাহৰণলৈ মন কৰক। এয়া ১৯৮৫ চনৰ কথা। তেওঁলোকে ৰাজ্যগৃহত আছিল আৰু সভা হৈ থকাৰ সময়ত হঠাতে এটা ডাঙৰ বিস্ফোৰণ হʼল। ৰাজ্যগৃহত এজন ব্যক্তিয়ে বোমা থৈ দিছিল। বোমা বিস্ফুৰণ হোৱাৰ বাবে ভনী চুৱে বহুত আঘাত পালে। সেইবাবে, তেওঁ এতিয়া ভালদৰে দেখা নাপায়, শুনিব নোৱাৰে আৰু তেওঁৰ গুন্ধ লোৱাৰ শক্তিও নাইকিয়া হʼল। d এই ঘটনাটো মনত পেলাই তেওঁলোকে ভাবে যে কোনো এজন ব্যক্তিয়ে এনে কৰাৰ কথা কেনেকৈ ভাবিব পাৰে! কিছু সময়ৰ পাছত সেই ব্যক্তিজনক গ্ৰেপ্তাৰ কৰা হʼল আৰু তেওঁক আজীৱন কাৰাগাৰৰ শাস্তি দিলে। যেতিয়া তেওঁলোকক সোধা হৈছিল যে তেওঁলোকে সেই ব্যক্তিজনক ক্ষমা কৰিলেনে? তেতিয়া তেওঁলোকে এইদৰে কʼলে, “আমি তেওঁক ক্ষমা কৰাটো আৰু খং পুহি নৰখাটো যিহোৱাই বিচাৰে আৰু আমি এইদৰে নকৰিলে আমাৰে হানি হʼব। যেনে, আমি চিন্তিত হৈ থাকিম আমাৰ আনন্দ নাইকিয়া হʼব আৰু ইয়াৰ প্ৰভাৱ আমাৰ স্বাস্থ্যৰ ওপৰতো পৰিব। সেইবাবে, এই ঘটনা হোৱাৰ কিছু সময়ৰ পাছত আমি দুয়োজনে প্ৰাৰ্থনা কৰিলোঁ যে আমি সেই কথাৰ বিষয়ে যাতে চিন্তা কৰি নাথাকোঁ।”

১৬ সেই ভাই আৰু ভনীৰ বাবে ক্ষমা কৰাটো সহজ আছিলনে? নাছিল। তেওঁলোকে এইদৰে কৈছে, “আঘাত পোৱা ঠাইত যেতিয়া বহুত বিষ হৈছিল, তেতিয়া সেই কথাটো মনত পৰিছিল আৰু আমাৰ খং উঠিবলৈ ধৰিছিল। কিন্তু আমি সেই বিষয়ে চিন্তা কৰি থকা নাছিলোঁ। সেইবাবে, আমি মনত শান্তি লাভ কৰিলোঁ। সঁচাকৈ সেই ব্যক্তিজন যদি পাছত আমাৰ ভায়ো হৈ যায়, তেনেহʼলে আমি তেওঁক আনন্দেৰে আদৰণি জনাম। ইয়াৰ পৰা আমি শিকিলোঁ যে বাইবেলৰ সিদ্ধান্ত পালন কৰিলে, আমি জীৱনত আনন্দিত হৈ থাকিব পাৰিম আৰু সেই বেয়া স্মৃতিবোৰ পাহৰি যাব পাৰিম। এতিয়ালৈকে আমাৰ যিয়ে ক্ষতি হৈছে, যিহোৱাই সেই সকলো পূৰণ কৰি দিব। এই বিষয়ে চিন্তা কৰিও আমি বহুত সাহস লাভ কৰোঁ।”

১৭. ক্ষমা কৰাৰ বিষয়ে আপুনি ভনী মাইৰাৰ পৰা কি শিকিলে?

১৭ মাইৰা নামৰ ভনীগৰাকীলৈ মন কৰক। ভনী মাইৰাই বিয়া হোৱাৰ পাছত সত্য শিকিছিল আৰু সেই সময়ত তেওঁৰ দুজন সন্তান আছিল। কিন্তু তেওঁৰ স্বামীয়ে সত্য গ্ৰহণ নকৰিলে। কিছু সময়ৰ পাছত তেওঁৰ স্বামীয়ে তেওঁক বিশ্বাসঘাত কৰিলে আৰু তেওঁলোকক এৰি গুচি গʼল। ভনী মাইৰাই এইদৰে কৈছে, “সেই সময়ত মই বহুত আঘাত পালোঁ। মই বিশ্বাসে কৰিব নোৱাৰিছিলোঁ যে তেওঁ আমাক এৰি গুচি গʼল। কেতিয়াবা কেতিয়াবা মোৰ খং উঠিছিল আৰু মই নিজকে দোষ দিছিলোঁ। মই কিমান বেদনাত আছিলোঁ, সেয়া মই শব্দেৰে প্ৰকাশ কৰিব নোৱাৰোঁ।” যদিও তেওঁলোকৰ বিবাহৰ সম্পৰ্ক শেষ হʼল, তথাপি মাইৰাৰ হৃদয়ত এতিয়াও বহুত দুখ আছে। মাইৰাই এইদৰে কৈছে, “বহু মাহলৈকে এই কথাই মোক বৰ আমনি কৰিছিল। কিন্তু মোৰ অনুভৱ হʼল যে এই কথাই যিহোৱা আৰু আনৰ লগত থকা মোৰ সম্পৰ্কত বেয়া প্ৰভাৱ পেলাইছে।” এতিয়া মাইৰাৰ হৃদয়ত তেওঁৰ স্বামীৰ বাবে কোনো খং নাই। ইয়াৰ পৰিৱৰ্তে তেওঁ আশা কৰে যে এদিনাখন হয়তো তেওঁ যিহোৱাৰ বিষয়ে শিকিব। তেওঁৰ সম্পূৰ্ণ ভৰসা আছে যে এদিনাখন যিহোৱাই সকলো ভাল কৰি দিব। মাইৰাই অকলে নিজৰ সন্তানক ডাঙৰ-দীঘল কৰিলে আৰু তেওঁলোকক যিহোৱাৰ বিষয় শিকালে। এতিয়া তেওঁ আনন্দেৰে তেওঁৰ দুয়োজন সন্তান আৰু তেওঁৰ পৰিয়ালৰ লগত মিলি যিহোৱাৰ সেৱা কৰি আছে।

যিহোৱা সকলোতকৈ ভাল বিচাৰকৰ্তা

১৮. আমি কি কথাৰ ওপৰত বিশ্বাস কৰিব পাৰোঁ?

১৮ যিহোৱা সকলোতকৈ ডাঙৰ বিচাৰকৰ্তা হয় আৰু তেৱেঁ আমাৰ সকলোৰে ন্যায় কৰিব। (ৰোম. ১৪:১০-১২) মানুহক ন্যায় কৰাৰ কাম আমাৰ নহয়, এয়া জানি আমি সঁচাকৈ বৰ সকাহ পাওঁ! যিহোৱাৰ মানদণ্ড কেতিয়াও সলনি নহয়। সেইবাবে, আমি বিশ্বাস কৰিব পাৰোঁ যে তেওঁতকৈ ভালদৰে আৰু কোনেও ন্যায় কৰিব নোৱাৰে। তেওঁ সঠিকভাৱে ন্যায় কৰিব। (আদি. ১৮:২৫; ১ ৰাজা. ৮:৩২) তেওঁ কেতিয়াও কাৰো লগত অন্যায় নকৰিব।

১৯. ভৱিষ্যতে যিহোৱাই কি কৰিব?

১৯ আমি সকলোৱে অসিদ্ধ হওঁ। সেইবাবে, আমি এনে কাম কৰোঁ, যাৰ পৰা লোকসকলে আঘাত পায় বা তেওঁলোকৰ ক্ষতি হয়। কিন্তু আমি এনে পৰিস্থিতিৰ বাবে বাট চাই আছোঁ, যেতিয়া যিহোৱাই সকলো ঠিক কৰিব। সেই সময়ত আমি শৰীৰত আৰু অন্তৰত যি আঘাত পাইছোঁ, সেই সকলো যিহোৱাই ঠিক কৰিব আৰু কোনো বেয়া স্মৃতিয়ে আমাক আমনি নকৰিব। (গীত. ৭২:১২-১৪; প্ৰকা. ২১: ৩, ৪) কিন্তু যেতিয়ালৈকে সেই পৰিস্থিতি নাহে, আহক তেতিয়ালৈকে আমি যিহোৱাৰ দৰে এজনে-আনজনক ক্ষমা কৰি থাকোঁ।

গীত ১৮ মুক্তিপণৰ বাবে কৃতজ্ঞ

a যিসকলে অন্তৰেৰে অনুতাপ কৰে, যিহোৱাই তেওঁলোকক ক্ষমা কৰিবলৈ সদায় সাজু থাকে। ঠিক সেইদৰে আমাৰ অন্তৰত আঘাত দিয়া লোকসকলক আমিও ক্ষমা কৰা উচিত। কিছুমান পাপ ক্ষমাটো আমাৰ হাতত আছে। কিন্তু এনে কিছুমান পাপ আছে, যাৰ বিষয়ে আমি প্ৰাচীনসকলক জনোৱা উচিত। ইয়াৰ বিষয়ে আমি এই লেখত বেছিকৈ জানিবলৈ পাম। ইয়াৰ উপৰিও আমি এয়াও শিকিম যে আমি এজনে-আনজনক ক্ষমা কৰাটো যিহোৱাই কিয় বিচাৰে আৰু এইদৰে কৰিলে আমি কি কি আশীৰ্বাদ লাভ কৰিম।

b এপ্ৰিল ১৫, ১৯৯৬ চনৰ প্ৰহৰীদুৰ্গৰ (হিন্দী) “পাঠকসকলৰ প্ৰশ্ন” নামৰ লেখটো পঢ়ক।

c কিছুমান নাম সলনি কৰা হৈছে।

d জানুৱাৰী ৮, ১৯৯২ চনৰ সচেতন থাকক! (ইংৰাজী) ৯-১৩ পৃষ্ঠাত দিয়া লেখটো পঢ়ক। JW ব্ৰডকাষ্টিঙত চুল্চ: নিৰাশাৰ পৰা ওলাই আহিব পাৰি (হিন্দী) নামৰ ভিডিঅʼখন চাওক।