Skip to content

Skip to table of contents

জীৱন কাহিনী

যিহোৱাই দেখুৱা পথত চলিলোঁ

যিহোৱাই দেখুৱা পথত চলিলোঁ

যেতিয়া মই ডেকা আছিলোঁ, তেতিয়া মই ভাবিছিলোঁ যে মই জগতত কেৰিয়াৰ বনাম আৰু মোক নিজৰ কাম ভালো লাগিছিল। কিন্তু যিহোৱাই মোক আন এটা পথ দেখুৱালে। তেওঁ মোক এইদৰে কৈছিল, “মই তোমাক বুদ্ধি দিম; তুমি যাব লগীয়া পথ মই শিকাম।” (গীত. ৩২:৮) যেতিয়া মই সেই পথত চলিবলৈ ধৰিলোঁ, তেতিয়া মই বেলেগ বেলেগ উপায়েৰে যিহোৱাৰ সেৱা কৰিবলৈ সুযোগ পালোঁ। মই ৫২ বছৰলৈকে আফ্ৰিকাত সেৱা কৰিলোঁ। সঁচাকৈ যিহোৱাৰ সেৱাক নিজৰ কেৰিয়াৰ বনোৱাৰ বাবে মই বহুত আশীৰ্বাদ লাভ কৰিলোঁ।

ইংলেণ্ডৰ পৰা আফ্ৰিকালৈ যাত্ৰা

১৯৩৫ চনত ইংলেণ্ডৰ ডাৰ্লচটন নামৰ চহৰখনত মোৰ জন্ম হৈছিল। সেই চহৰখন যি এলেকাত আছে, সেই এলেকাক “কলা দেশ” বুলি কোৱা হৈছিল। কাৰণ তাত বহুতো ফেক্টেৰী আছিল, যাৰ বাবে বতাহত সদায় কলা ধোঁৱা দেখিবলৈ পোৱা গৈছিল। যেতিয়া মই চাৰি বছৰৰ আছিলোঁ, তেতিয়া মোৰ মা-দেউতাই যিহোৱাৰ সাক্ষীসকলৰ লগত বাইবেল অধ্যয়ন কৰিবলৈ আৰম্ভ কৰিলে। যেতিয়া মই ১৪-১৫ বছৰৰ হʼলোঁ, তেতিয়া এয়াই সত্য হয় বুলি মোৰ বিশ্বাস হʼল। সেইবাবে মই ১৯৫২ চনত ১৬ বছৰ বয়সতে বাপ্তিষ্মা লʼলোঁ।

সেই সময়ছোৱাতে মই এখন ডাঙৰ ফেক্টেৰীত যাবলৈ ধৰিলোঁ, যʼত সঁজুলি আৰু গাড়ীৰ অংশবোৰ বনোৱা হৈছিল। মই তাৰ অফিচৰ উচ্চ পদত কাম কৰাৰ ট্ৰেইনিং লʼলোঁ। এই কাম কৰি মোৰ ভাল লাগিছিল।

এদিনাখন এজন চাৰ্কিট ওভাৰচিয়াৰে মোক ৱিলেনহʼলৰ নিজৰ মণ্ডলীত সপ্তাহৰ মাজত পুস্তক অধ্যয়ন পৰিচালনা কৰিবলৈ কʼলে। কিন্তু মোৰ এটা অসুবিধা আছিল। মই সপ্তাহৰ মাজৰ সভাৰ বাবে ৱিলেনহʼলত যোৱা নাছিলোঁ। কাৰণ মই নিজৰ ঘৰৰ পৰা ৩২ কিলোমিটাৰ (২০ মাইল) দূৰ ব্ৰʼমচগ্ৰʼপত কাম কৰিছিলোঁ আৰু সপ্তাহৰ মাজৰ সভাত তাতে উপস্থিত হৈছিলোঁ। কিন্তু সপ্তাহৰ শেষত মই ৱিলেনহʼলত নিজৰ ঘৰত আহিছিলোঁ আৰু তাৰ সভাত উপস্থিত হৈছিলোঁ।

মই যিহোৱাৰ সেৱা বেছিকৈ কৰিব বিচাৰিছিলোঁ। সেইবাবে মই চাৰ্কিট ওভাৰচিয়াৰক পুস্তক অধ্যয়ন পৰিচালনা কৰিম বুলি কʼলোঁ। ইয়াৰ বাবে মই ভাল পোৱা কাম এৰিবলগীয়া হৈছিল, কিন্তু মই একেবাৰে দুখ অনুভৱ কৰা নাই। যিহোৱাই যি পথ দেখুৱাইছিল, সেই পথত চলিবলৈ মই নিৰ্ণয় লʼলোঁ আৰু ইয়াৰ বাবে মোৰ জীৱন আনন্দেৰে ভৰি পৰিল!

যেতিয়া মই ব্ৰʼমচগ্ৰʼপৰ মণ্ডলীলৈ গৈছিলোঁ, তেতিয়া মই এন নামৰ এগৰাকী ভনীক লগ পাইছিলোঁ। তাই বহুত ধুনীয়া আছিল আৰু উৎসাহেৰে যিহোৱাৰ সেৱা কৰিছিল। আমি ১৯৫৭ চনত বিয়া কৰিলোঁ। আমি একেলগে মিলি বহুতো উপায়েৰে যিহোৱাৰ সেৱা কৰিলোঁ। যেনে, নিয়মিত অগ্ৰগামী সেৱা, বিশেষ অগ্ৰগামী সেৱা, চাৰ্কিটৰ কাম আৰু বেথেলতো সেৱা কৰিলোঁ। মোৰ পত্নী এনে মোৰ জীৱনলৈ বহুতো আনন্দ কঢ়িয়াই আনিলে!

১৯৬৬ চনত আমাক গিলিয়াডৰ ৪২ তম ক্লাছৰ বাবে নিমন্ত্ৰণ কৰা হʼল। এই নিমন্ত্ৰণ পাই আমি বহুত আনন্দিত হʼলোঁ। ক্লাছ শেষ হোৱাৰ পাছত আমাক মলাৱীলৈ পঠোৱা হʼল। আমি শুনিছিলোঁ যে মলাৱীৰ লোকসকলে অতিথি সৎকাৰ কৰি বহুত ভাল পায়। কিন্তু ইমান সোনকালে আমি মলাৱী দেশখন এৰি আহিব লাগিব বুলি জনা নাছিলোঁ।

মলাৱীত ঘটা ঘটনাবোৰ

মলাৱীত চাৰ্কিটৰ কাম কৰাৰ সময়ত আমি এই জিপেৰে অহা-যোৱা কৰিছিলোঁ

১৯৬৭ চনৰ ফেব্ৰুৱাৰী মাহৰ ১ তাৰিখে আমি মলাৱীত পালোঁগৈ। প্ৰথম মাহত আমি ভাষা শিকিলোঁ। তাৰ পাছত মই জিলা ওভাৰচিয়াৰ হিচাপে সেৱা কৰিবলৈ ধৰিলোঁ। আমাৰ এখন জীপ আছিল। লোকসকলে কৈছিল যে সেই জীপখন লৈ আমি যʼতো যাব পাৰোঁ আৰু নদীখনো পাৰ কৰিব পাৰোঁ, কিন্তু এনে নাছিল। যʼত অলপ পানী আছিল, তাৰ পৰাহে আমি গাড়ীখন পাৰ কৰিছিলোঁ। কেতিয়াবা কেতিয়াবা আমি জুপুৰি ঘৰত থাকিবলগীয়া হৈছিল আৰু বাৰিষা কালত ঘৰৰ ছালত আমি তিৰপাল লগাইছিলোঁ, যাতে পানী ভিতৰলৈ সোমাই নাহে। এইদৰে আমাৰ মেছনেৰী সেৱা আৰম্ভ হʼল।

প্ৰায় দুমাহৰ পাছত এপ্ৰিল মাহৰ পৰা পৰিস্থিতি সলনি হʼবলৈ ধৰিল। এনে লাগিছিল যেন চৰকাৰ যিহোৱাৰ সাক্ষীসকলৰ বিৰোধী হৈ পৰিছে। মই ৰেডিঅʼত মলাৱীৰ ৰাষ্ট্ৰপতিয়ে এখন ভাষণ দিয়া শুনিলোঁ, যʼত তেওঁ যিহোৱাৰ সাক্ষীসকলৰ বিষয়ে মিছা মিছা কথা কৈছিল। তেওঁ কৈছিল যে আমি টেক্স নিদিওঁ আৰু ৰাজনৈতিক বিষয়বোৰত দখল দিওঁ। কিন্তু এইবোৰ একেবাৰে মিছা আছিল। আচলতে তেওঁ আমাৰ প্ৰতি খং কৰিছিল। কিয়নো আমি ৰাজনৈতিক বিষয়বোৰত ভাগ লʼবলৈ অস্বীকাৰ কৰিছিলোঁ আৰু তেওঁৰ পাৰ্টীৰ কাৰ্ড কিনা নাছিলোঁ।

চেপ্টেম্বৰ মাহত ৰাষ্ট্ৰপতিয়ে যিহোৱাৰ সাক্ষীসকলৰ ওপৰত অভিযোগ কৰিলে যে তেওঁলোকে গোটেই দেশত সমস্যাৰ সৃষ্টি কৰিছে আৰু এই কথাটো আমি বাতৰি কাকতত পঢ়িবলৈ পালোঁ। ৰাজনৈতিক সন্মিলনত ৰাষ্ট্ৰপতিয়ে ঘোষণা কৰিলে যে যিহোৱাৰ সাক্ষীসকলৰ কামক নিষেধ কৰা হʼব। ১৯৬৭ চনৰ অক্টোবৰ মাহৰ ২০ তাৰিখে আমাৰ কামক নিষেধ কৰা হʼল। আমাৰ শাখা কাৰ্য্যালয় বন্ধ কৰিবলৈ আৰু মিছনেৰী ভাই-ভনীসকলক দেশৰ পৰা উলিয়াবলৈ পুলিচ আৰু অধিকাৰীসকল আমাৰ শাখা কাৰ্য্যালয়লৈ আহিল।

১৯৬৭ চনত আমাক আৰু আমাৰ লগত মিছনেৰী সেৱা কৰা ভাই জেক ইউহেনচন আৰু তেওঁৰ পত্নী লিণ্ডাক গ্ৰেপ্তাৰ কৰা হʼল আৰু মলাৱীৰ পৰা উলিয়াই দিয়া হʼল

তিনি দিনৰলৈকে আমাক জেইলত ৰখা হʼল। তাৰ পাছত আমাক মৰিচিছলৈ পঠোৱা হʼল, যʼত সেই সময়ত ব্ৰিটেইনে শাসন কৰিছিল। কিন্তু তাৰ অধিকাৰীসকলে আমাক কʼলে যে আমি তাত মিছনেৰী হিচাপে থাকিব নোৱাৰোঁ। তাৰ পাছত সংগঠনে আমাক জিম্বাবুৱেলৈ যাবলৈ কʼলে। সেই সময়ত জিম্বাবুৱেক ৰʼডেছিয়া বুলি কোৱা হৈছিল। যেতিয়া আমি তাত পালোঁগৈ, তেতিয়া তাৰ এজন খঙাল অধিকাৰীয়ে এইদৰে কʼলে, “মলাৱীৰ পৰা তোমালোকক উলিয়াই দিলে আৰু মৰিচিছততো থাকিব নিদিলে, সেই কাৰণে ইয়ালৈ আহিছা।” এই কথা শুনি এনে কান্দিবলৈ ধৰিলে। আমাক এখন দেশৰ পৰা আন এখন দেশলৈ যাবলৈ কোৱা হʼল আৰু আমাক কʼতো থাকিবলৈ দিয়া নাছিল। সেইবাবে আমাৰ হঠাতে মনলৈ আহিল যে আমি সকলোবোৰ এৰি ইংলেণ্ডলৈ গুচি যাম। কিন্তু অধিকাৰীজনে আমাক এৰাতি শাখা কাৰ্য্যালয়ত থাকিবলৈ অনুমতি দিলে আৰু কʼলে যে পাছদিনাখন আমি তেওঁলোকৰ অফিচলৈ যাব লাগিব। আমি একেবাৰে ভাগৰি পৰিছিলোঁ, কিন্তু যিহোৱাই আমাৰ যত্ন লʼব বুলি আমি ভৰসা কৰিলোঁ। সেইবাবে সকলো তেওঁৰ হাতত এৰি দিলোঁ। পাছদিনাখন দুপৰীয়া এটা আচৰিত ঘটনা ঘটিল। তেওঁলোকে আমাক জিম্বাবুৱেত থাকিবলৈ অনুমতি দিলে। এই কথা মই কেতিয়াও পাহৰিব নোৱাৰোঁ। মোৰ সম্পূৰ্ণ বিশ্বাস হʼল যে যিহোৱাই মোক পথ দেখুৱাই আছে।

জিম্বাবুৱেৰ পৰা মলাৱীৰ চোৱা-চিতা

১৯৬৮ চনত জিম্বাবুৱে বেথেলত এনৰ লগত

জিম্বাবুৱেৰ শাখা কাৰ্য্যালয়ত মোক সেৱা বিভাগত কাম কৰিবলৈ দিয়া হৈছিল। তাত মই মলাৱী আৰু মোজাম্বিকত হোৱা কামবোৰ চোৱা-চিতা কৰিছিলোঁ। সেই সময়ত মলাৱীৰ ভাই-ভনীসকলক অত্যাচাৰ কৰা হৈছিল আৰু চাৰ্কিট ওভাৰচিয়াৰসকলে যি ৰিৰ্পট পঠিয়াইছিল, সেইবোৰ মই অনুবাদ কৰিছিলোঁ। এদিনাখন বহু ৰাতিলৈকে মই কাম কৰি আছিলোঁ আৰু ৰিৰ্পট বনাই আছিলোঁ। সেই সময়ত মই পঢ়িলোঁ যে মলাৱীৰ ভাই-ভনীসকলে বহুতো অত্যাচাৰৰ সন্মুখীন হৈ আছে। এইবোৰ পঢ়ি মোৰ চকু পানী বৈ আহিল। * ইমান অত্যাচাৰ সন্মুখীন হোৱাৰ সত্ত্বেও তেওঁলোকে যিহোৱাৰ ওপৰত সম্পূৰ্ণ ভৰসা কৰিছিল আৰু তেওঁৰ বিশ্বাসী হৈ আছিল।—২ কৰি. ৬:৪, ৫.

এই অত্যাচাৰৰ পৰা বাচিবলৈ কিছুমান ভাই-ভনীয়ে মোজাম্বিকলৈ পলাই গʼল। তাত থকা ভাই-ভনীসকলক আৰু মলাৱীত থকা ভাই-ভনীসকলৰ বাবে প্ৰকাশন পঠিয়াবলৈ আমি সম্পূৰ্ণৰূপে চেষ্টা কৰিছিলোঁ। মলাৱীত সকলোতকৈ বেছি চিচেৱা ভাষা কোৱা হয়। সেইবাবে চিচেৱা ভাষাত অনুবাদ কৰি থকাৰ প্ৰয়োজন আছিল। আমি চিচেৱা ভাষাত অনুবাদ কৰা ভাই-ভনীসকলক জিম্বাবুৱেত মাতিলোঁ। জিম্বাবুৱেত এজন ভাইৰ ডাঙৰ খেতি-পথাৰ আছিল। সেই ভাইজনে তাত অনুবাদ টিমৰ বাবে এখন অফিচ আৰু ঘৰ বনালে। এইদৰে চিচেৱা ভাষাত অনুবাদ কাৰ্য্য চলি থাকিল।

প্ৰতিবছৰে যাতে মলাৱীৰ চাৰ্কিট ওভাৰচিয়াৰে জিম্বাবুৱেলৈ আহিব পাৰে আৰু চিচেৱা ভাষাৰ জিলা অধিৱেশনত উপস্থিত হʼব পাৰে, তাৰ বাবে আমি ব্যৱস্থা কৰিছিলোঁ। তাত তেওঁলোকক অধিৱেশনৰ ভাষণৰ আউটলাইনো দিয়া হৈছিল, যাতে তেওঁলোকে মলাৱীলৈ উভতি যোৱাৰ পাছত তাত থকা ভাই-ভনীসকলক অধিৱেশনত শিকা কথাবোৰ শিকাব পাৰে। এবাৰ যেতিয়া তেওঁলোকে অধিৱেশনৰ বাবে জিম্বাবুৱেলৈ আহিছিল, তেতিয়া তেওঁলোকক উৎসাহিত কৰিবলৈ ৰাজ্য পৰিচৰ্য্যা স্কুলৰ ব্যৱস্থা কৰা হʼল।

ক. জিম্বাবুৱেত চিচেৱা আৰু চʼনা ভাষাৰ অধিৱেশনত চিচেৱা ভাষাত ভাষণ দিয়াৰ সময়ত

১৯৭৫ চনৰ ফেব্ৰুৱাৰী মাহত মই মোজাম্বিকলৈ গʼলোঁ, যাতে সেই ভাই-ভনীসকলক লগ কৰোঁ, যিসকলে মলাৱীৰ পৰা পলাই আহিছিল। তেওঁলোকে সংগঠনৰ পৰা পোৱা সকলো নিৰ্দেশনা পালন কৰিছিল। কিছু সময়ৰ আগতে তেওঁলোকক প্ৰাচীন গোষ্ঠী বনাবলৈ নিৰ্দেশনা দিয়া হৈছিল। তেওঁলোকে এই নিৰ্দেশনাও পালন কৰিলে। তাত বহুতো প্ৰাচীনক নতুনকৈ নিযুক্ত কৰা হৈছিল। কিন্তু এই প্ৰাচীনসকলে ভাই-ভনীসকলৰ বাবে বহুতো ব্যৱস্থা কৰিলে। যেনে, তেওঁলোকে জন ভাষণ দিছিল, দৈনিক পাঠ আৰু প্ৰহৰীদুৰ্গৰ পৰা আলোচনা কৰিছিল আৰু তেওঁলোকে সন্মিলনৰ ব্যৱস্থাও কৰিছিল। এই ভাই-ভনীসকলৰ পকী ঘৰ নাছিল। কিন্তু তেওঁলোকে বৰ সুন্দৰকৈ আৰু শৃংখলাবদ্ধভাৱে থাকিছিল। যেনেকৈ অধিৱেশনবোৰত চাফ-চিকুণৰ বাবে, আহাৰৰ বাবে আৰু সুৰক্ষাৰ বাবে বেলেগ বেলেগ বিভাগ থাকে। তেওঁলোকেও ঠিক সেইদৰেই ব্যৱস্থা কৰিছিল। এই বিশ্বাসী ভাই-ভনীসকলক যিহোৱাই বহুত আশীৰ্বাদ দিছিল আৰু তেওঁলোকক লগ কৰি সঁচাকৈ মই বৰ উৎসাহ লাভ কৰিলোঁ।

প্ৰায় ১৯৭৯ চনত জাম্বিয়াৰ শাখা কাৰ্য্যালয়ে মলাৱীত হোৱা কামবোৰ চোৱা-চিতা কৰিবলৈ ধৰিছিল। তথাপি মলাৱীৰ ভাই-ভনীসকলক মই মনত পেলাইছিলোঁ আৰু তেওঁলোকৰ বাবে প্ৰাৰ্থনা কৰিছিলোঁ। তেতিয়ালৈকে মই জিম্বাবুৱেৰ শাখা সমিতিৰ সদস্য হৈছিলোঁ। সেইবাবে বহু বাৰ যেতিয়া মূখ্য কাৰ্য্যালয়ৰ প্ৰতিনিধিয়ে আমাক সাক্ষাৎ কৰিবলৈ আহিছিল, তেতিয়া মলাৱী, দক্ষিণ আফ্ৰিকা আৰু জাম্বিয়াৰ দায়িত্ব লোৱা ভাইসকলক আমি লগ পাইছিলোঁ আৰু প্ৰতিবাৰে কথা পাতিছিলোঁ যে মলাৱীত থকা ভাই-ভনীসকলক কেনেকৈ সহায় কৰিব পাৰি।

সময় অতিবাহিত হোৱাৰ লগে লগে মলাৱীত যি অত্যাচাৰ হৈছিল, সেয়া অলপ কম হʼবলৈ ধৰিলে আৰু তাৰ পৰা যি ভাই-ভনীসকলে পলাই গৈছিল, তেওঁলোকেও লাহে লাহে উভতি আহিবলৈ ধৰিলে। মলাৱীৰ ওচৰে-পাজৰে থকা বহুতো দেশত যিহোৱাৰ সাক্ষীসকলৰ কামক আইনভাৱে স্বীকৃতি দিয়া হʼল আৰু যি নিষেধ কৰা হৈছিল, সেইবোৰো আঁতৰোৱা হʼল। ১৯৯১ চনত আমি মোজাম্বিকত যিহোৱাৰ উপাসনা কৰিবলৈ স্বাধীনতা লাভ কৰিলোঁ। কিন্তু আমি চিন্তা কৰিবলৈ ধৰিলোঁ যে মলাৱীত আমাৰ কামক যি নিষেধ কৰা হৈছিল, সেয়া কেতিয়া আঁতৰোৱা হʼব।

পুনৰ মলাৱীলৈ গʼলোঁ

কিছু সময়ৰ পাছত মলাৱীতো পৰিস্থিতি সলনি হʼল। ১৯৯৩ চনত মলাৱীত যিহোৱাৰ সাক্ষীসকলৰ কামক যি নিষেধ কৰা হৈছিল, সেই নিষেধ আঁতৰোৱা হʼল। এদিনাখন মই এজন মিছনেৰী ভাইৰ লগত কথা পাতি আছিলোঁ। তেতিয়া তেওঁ মোক এইদৰে কৈছিল, “এতিয়া আপুনি মলাৱীলৈ যাবনে!” তেতিয়া মোৰ বয়স ৫৯ বছৰ আছিল। সেইবাবে মই তেওঁক কʼলোঁ যে “এতিয়া কʼতনো যাব পাৰিম, এতিয়া মই বৃদ্ধ হʼলোঁ।” কিন্তু সেই দিনাখনেই মই প্ৰশাসন গোষ্ঠীৰ পৰা এখন ফেক্স পালোঁ। তাত তেওঁলোকে কৈছিল যে আমি পুনৰ মলাৱীলৈ যাব পাৰোঁ।

জিম্বাবুৱে এৰি যোৱাটো আমাৰ বাবে সহজ নাছিল। কাৰণ আমি তাত বহু বছৰৰ পৰা সেৱা কৰিছিলোঁ, তাত আমাৰ বহুতো বন্ধু আছিল আৰু আমি তাত আনন্দিতও আছিলোঁ। প্ৰশাসন গোষ্ঠীয়েও কৈছিল যে আমি যদি বিচাৰোঁ, তেনেহʼলে জিম্বাবুৱেত থাকি সেৱা কৰিব পাৰোঁ। কিন্তু আমি নিজৰ পথ নিজে বাছনি কৰিব বিচৰা নাছিলোঁ। আমি চিন্তা কৰিলোঁ যে অব্ৰাহাম আৰু চাৰাই যিহোৱাৰ আজ্ঞা পালন কৰিলে আৰু বৃদ্ধ বয়সত নিজৰ ঘৰ এৰি আন এখন দেশলৈ গʼল।—আদি. ১২:১-৫.

আমি সংগঠনৰ পৰা পোৱা নিৰ্দেশনা পালন কৰিলোঁ আৰু ১৯৯৫ চনৰ ফেব্ৰুৱাৰী মাহৰ ১ তাৰিখে পুনৰ মলাৱীলৈ গʼলোঁ। ২৮ বছৰৰ আগতে আমি এই দিনাখনেই মলাৱীলৈ প্ৰথমবাৰ গৈছিলোঁ। তাত শাখা সমিতি গঠন কৰা হʼল, যʼত মই আৰু দুজন ভাই আছিল। আমি যিহোৱাৰ সেৱাৰ লগত জড়িত কামবোৰ পুনৰ আৰম্ভ কৰিলোঁ।

যিহোৱাৰ আশীৰ্বাদৰ বাবে উন্নতি হʼল

যিহোৱাৰ আশীৰ্বাদৰ বাবে মলাৱীত প্ৰচাৰকৰ সংখ্যা বেগেৰে বাঢ়িবলৈ ধৰিলে। ১৯৯৩ চনত তাত ৩০,০০০ প্ৰচাৰক আছিল, কিন্তু ১৯৯৮ চনত ইয়াৰ সংখ্যা ৪২,০০০ হʼল। * এই উন্নতি মনত ৰাখি প্ৰশাসন গোষ্ঠীয়ে তাত এখন নতুন শাখা কাৰ্য্যালয় বনাবলৈ অনুমতি দিলে। আমি লিলংগুৱে চহৰত ৯০ বিঘা (৩০ একৰ) মাটি কিনিলোঁ আৰু মোক নিৰ্মাণ সমিতিৰ লগত কাম কৰিবলৈ কোৱা হʼল।

কিছুসময়ৰ পাছত আমাৰ শাখা কাৰ্য্যালয়ৰ নিৰ্মাণ কাম সম্পূৰ্ণ হʼল আৰু ২০০১ চনত ভাই গাই পিয়ৰ্ছে সমৰ্পণৰ ভাষণ দিবলৈ আহিল। সেই ভাষণ শুনিবলৈ ২০০০-তকৈ বেছি ভাই-ভনী আহিছিল। যিসকলৰ মাজৰ বহুতো লোকে ৪০ বছৰৰ পৰা বিশ্বাসেৰে যিহোৱাৰ সেৱা কৰিছিল। এসময়ত যেতিয়া আমাৰ কাম নিষেধ কৰা হৈছিল, তেতিয়া এই ভাই-ভনীসকলে বহুতো অত্যাচাৰৰ সন্মুখীন হৈছিল। যদিও তেওঁলোকৰ ওচৰত টকা-পইচা কম আছে, কিন্তু তেওঁলোকৰ ওচৰত যিহোৱাৰ আশীৰ্বাদ বহুত আছিল। যিহোৱাৰ লগত তেওঁলোকৰ সম্পৰ্ক মজবুত আছিল। তেওঁলোকে নতুন বেথেলখন চাবলৈ পাই বহুত আনন্দিত হʼল। তেওঁলোকে আফ্ৰিকাৰ ষ্টাইলত ৰাজ্য গীত গালে আৰু বেথেলৰ চুকে-কুনে তেওঁলোকৰ গানৰ মাত ভাবি আহিল! এনেধৰণৰ দৃশ্য মই কেতিয়াও দেখা নাছিলোঁ। সঁচাকৈ যিসকলে সমস্যাৰ সত্ত্বেও যিহোৱাৰ বিশ্বাসী হৈ থাকে, যিহোৱাই তেওঁলোকক বহুত আশীৰ্বাদ দিয়ে।

শাখা কাৰ্য্যালয়ৰ নিৰ্মাণ কামৰ উপৰিও মলাৱীত আৰু বহুতো ৰাজ্যগৃহ বনোৱা হৈছিল। বহুতো ৰাজ্যগৃহৰ সমৰ্পণ ভাষণ দিবলৈ ময়ো সুযোগ পাইছিলোঁ। সংগঠনে এটা ব্যৱস্থা কৰিছিল যে যি দেশত ভাই-ভনীসকলৰ বেছি টকা-পইচা নাই, তাত কম বস্তুৰে আৰু কম সময়তে ৰাজ্যগৃহ বনাব পাৰি। মলাৱীত এনেধৰণৰ ৰাজ্যগৃহই বনোৱা হৈছিল। আগতে তাত ইউকেলিপ্টচ নামৰ গছেৰে ৰাজ্যগৃহ বনোৱা আছিল আৰু তাৰ ছাল ঘাঁহ আৰু খেৰেৰে বনোৱা হৈছিল আৰু তেওঁলোকৰ বহিবলৈ মাটিৰ বেঞ্চ আছিল। কিন্তু এতিয়া ভাইসকলে ইটা ভাটাত ইটা বনাবলৈ ধৰিলে আৰু তেওঁলোকে পৰিশ্ৰম কৰি ধুনীয়া ধুনীয়া বহুতো ৰাজ্যগৃহ বনালে। কিন্তু তেওঁলোকে বেঞ্চত বহিয়েই ভাল পাইছিল। তেওঁলোকে কৈছিল যে বেঞ্চত বহিলে জেগা কম লাগে!

তাত থকা ভাই-ভনীসকলে যিদৰে যিহোৱাৰ সেৱাক প্ৰথম স্থান দিছিল আৰু যিহোৱাই যিদৰে তেওঁলোকক আশীৰ্বাদ দিছিল, সেইবোৰ দেখি মই বহুত আনন্দিত হʼলোঁ। মই এয়াও দেখি আনন্দিত হʼলোঁ যে তাত থকা ভাইসকলে নিজেই আগবাঢ়ি আহি যিহোৱাৰ সেৱা কৰিছিল। তেওঁলোকক যিয়েই প্ৰশিক্ষণ দিয়া হৈছিল, সেয়া তেওঁলোকে লগে লগে পালন কৰিছিল আৰু এইদৰে তেওঁলোকে মণ্ডলী আৰু বেথেলত দায়িত্ব লʼবলৈ যোগ্য হʼল। বহুতো ভাইক চাৰ্কিট ওভাৰচিয়াৰ হিচাপে নিযুক্ত কৰা হʼল আৰু এইদৰে কৰাৰ বাবে মণ্ডলীয়ে বহুতো লাভৱান হʼল। তেওঁলোকৰ মাজৰ বেছিভাগ বিবাহিত আছিল। তেওঁলোকৰ পৰিয়াল আৰু সমাজে তেওঁলোকক সংসাৰ বঢ়াবলৈ হেঁচা দিছিল। কিন্তু তেওঁলোকে যিহোৱাৰ সেৱা বেছিকৈ কৰিব বিচাৰিছিল। সেইবাবে তেওঁলোকে লʼৰা-ছোৱালী জন্ম নিদিবলৈ নিৰ্ণয় লʼলে।

সঠিক পথ বাছনি কৰাৰ বাবে পোৱা আনন্দ

ব্ৰিটেইন বেথেলত এনৰ লগত

আমি আফ্ৰিকাত সেৱা কৰা ৫২ বছৰ হৈছিল, তাৰ পাছত মোৰ স্বাস্থ্য বেয়া হʼল। সেইবাবে শাখা সমিতিয়ে প্ৰশাসন গোষ্ঠীক সুধিলে যে আমি পুনৰ ব্ৰিটেইনলৈ যাব পাৰোঁনে। তেতিয়া প্ৰশাসন গোষ্ঠীয়ে অনুমতি দিলে। সেইবাবে আমি পুনৰ ব্ৰিটেইনলৈ উভতি আহিলোঁ। কিন্তু আমি আফ্ৰিকা আৰু তাত থকা ভাই-ভনীসকলক বহুত প্ৰেম কৰিছিলোঁ, সেইবাবে তেওঁলোকক এৰি আহোতে বহুত দুখ লাগিছিল। কিন্তু ব্ৰিটেইন বেথেলৰ ভাই-ভনীসকলেও আমাৰ বৰ ধুনীয়াকৈ যত্ন লৈছে।

মই যিহোৱাই দেখুৱা পথত চলিবলৈ নিৰ্ণয় লʼলোঁ আৰু এই নিৰ্ণয়ৰ বাবে মই একেবাৰে দুখ অনুভৱ কৰা নাই। মই নিজৰ বুদ্ধিৰ ওপৰত ভৰসা কৰি এই জগতত নিজৰ কেৰিয়াৰ বনোৱা হʼলে, নাজানোঁ এতিয়ালৈকে মোৰ কি হʼলহেঁতেন! কিন্তু যিহোৱাই ভালদৰে জানে যে মই কোনটো পথত চলা উচিত আৰু তেওঁ মোক সেই ‘পথ’ দেখুৱালে। (হিতো. ৩:৫, ৬) আৰম্ভণিতে যেতিয়া মই ডাঙৰ কোম্পানীত কাম শিকি আছিলোঁ, তেতিয়া মোক সেই কাম কৰি ভাল লাগিছিল। কিন্তু আমাৰ সংগঠন তাতকৈয়ো ডাঙৰ হয়। যেতিয়া মই যিহোৱাৰ সেৱাক নিজৰ কেৰিয়াৰ হিচাপে বাছনি কৰিলোঁ, তেতিয়া মই তাতকৈ বহুগুণে আনন্দিত হʼলোঁ! যিহোৱাৰ পথত চলাৰ বাবে মই সকলো সময়তে আশীৰ্বাদ লাভ কৰিলোঁ।

^ মলাৱীত যিহোৱাৰ সাক্ষীসকলৰ ইতিহাসৰ বিষয়ে ১৯৯৯ যিহোৱাৰ সাক্ষীসকলৰ বাৰ্ষিক কিতাপৰ (ইংৰাজী) ১৪৮-২২৩ পৃষ্ঠাত কোৱা হৈছে।

^ বৰ্তমান সময়ত মলাৱীত ১,০০,০০০-তকৈ বেছি প্ৰচাৰক আছে।