Skip to content

Skip to table of contents

অধ্যয়নৰ লেখ ৩১

প্ৰাৰ্থনা এক উপহাৰ হয়, ইয়াক মূল্যাংকন কৰক

প্ৰাৰ্থনা এক উপহাৰ হয়, ইয়াক মূল্যাংকন কৰক

“মোৰ প্ৰাৰ্থনা তোমাৰ আগত সুগন্ধি ধূপস্বৰূপে উপস্থিত হওক।”—গীত. ১৪১:২.

গীত ৪৭ প্ৰতিদনে যিহোৱালৈ প্ৰাৰ্থনা কৰক

লেখৰ এক আভাস *

১. আমি যিহোৱালৈ প্ৰাৰ্থনা কৰাৰ যি সুযোগ পাইছোঁ, ইয়াক কিয় সাধাৰণভাৱে লোৱা উচিত নহয়?

 আমি গোটেই বিশ্ব ব্ৰহ্মাণ্ডৰ সৃষ্টিকৰ্তাৰ লগত কথা পাতিব পাৰোঁ আৰু এয়া আমাৰ বাবে এটা ডাঙৰ সন্মানৰ বিষয় হয়। আমি যিকোনো ভাষাত তেওঁলৈ প্ৰাৰ্থনা কৰিব পাৰোঁ। ইয়াৰ লগতে আমি নিজৰ মনৰ সকলো কথা তেওঁক খুলি কʼব পাৰোঁ। আমি তেওঁৰ লগত কথা পাতিবলৈ অপেক্ষা কৰিব নালাগে, আমি যিকোনো সময়তে তেওঁৰ লগত কথা পাতিব পাৰোঁ। আমি হস্পিতাল বা জেইল যʼতেই নাথাকোঁ কিয়, আমি যিকোনো ঠাইৰ পৰা তেওঁলৈ প্ৰাৰ্থনা কৰিব পাৰোঁ আৰু সম্পূৰ্ণৰূপে বিশ্বাস কৰিব পাৰোঁ যে তেওঁ আমাৰ প্ৰাৰ্থনা নিশ্চয় শুনিব। সঁচাকৈ প্ৰাৰ্থনা যিহোৱাৰ ফালৰ পৰা পোৱা উপহাৰ হয়, আমি ইয়াক সাধাৰণভাৱে লোৱা উচিত নহয়।

২. দায়ূদৰ বাবে প্ৰাৰ্থনা কৰাটো সন্মানৰ বিষয় আছিল বুলি আমি কিয় কʼব পাৰোঁ?

যিহোৱালৈ প্ৰাৰ্থনা কৰাটো দায়ূদৰ বাবে বহুত সন্মানৰ বিষয় আছিল। সেইবাবে তেওঁ যিহোৱাক এইদৰে কৈছিল, “মোৰ প্ৰাৰ্থনা তোমাৰ আগত সুগন্ধি ধূপস্বৰূপে উপস্থিত হওক।” (গীত. ১৪১:১, ২) দায়ূদৰ সময়ত উপাসনাৰ বাবে পুৰোহিতসকলে যি ধূপ জ্বলাইছিল, সেই ধূপ বহুত সাৱধানেৰে তৈয়াৰ কৰা হৈছিল। (যাত্ৰা. ৩০:৩৪, ৩৫) দায়ূদৰ প্ৰাৰ্থনা সুগন্ধি ধূপৰ দৰে হোৱাটো তেওঁ বিচাৰিছিল। তেওঁ প্ৰাৰ্থনা কৰাৰ আগতে যিহোৱাক কি কি কʼব, তাৰ বিষয়ে চিন্তা কৰিছিল। দায়ূদৰ দৰে আমাৰ প্ৰাৰ্থনাও যিহোৱাই শুনাটো আমি বিচাৰোঁ। সেইবাবে আমি প্ৰাৰ্থনা কৰাৰ সময়ত যিহোৱাক কি কি কম, তাৰ বিষয়ে আগতে চিন্তা কৰা উচিত।

৩. আমি যিহোৱালৈ কেনেকৈ প্ৰাৰ্থনা কৰা উচিত আৰু কিয়?

প্ৰাৰ্থনা কৰাৰ সময়ত আমি মনত ৰখা উচিত যে আমি কাৰ লগত কথা পাতি আছোঁ। আমাৰ যিয়ে মন যায়, তাকে কৈ দিয়া উচিত নহয়। ইয়াৰ পৰিৱৰ্তে আমি যিহোৱাৰ লগত সন্মানেৰে কথা পতা উচিত। ইয়াৰ বাবে আমি যিচয়া, যিহিষ্কেল, দানিয়েল আৰু যোহনে যি দৰ্শন দেখিছিল, সেইবোৰ মনত ৰাখিব পাৰোঁ। তেওঁলোকে দৰ্শনত যিহোৱাক মহান ৰজা হিচাপে দেখিছিল। যিচয়াই যিহোৱাক ‘উচ্চ আৰু উন্নত সিংহাসনত বহি থকা দেখিলে।’ (যিচ. ৬:১-৩) যিহিষ্কেলে দৰ্শনত দেখিছিল যে যিহোৱাই স্বৰ্গীয় ৰথত বহি আছিল আৰু ‘তেওঁৰ চাৰিওফালে দীপ্তি আছিল, যি মেঘত থকা ধনুখনৰ আকৃতিৰ’ নিচিনা আছিল। (যিহি. ১:২৬-২৮) দানিয়েলে দৰ্শনত ‘অনাদি কালৰ বৃদ্ধজনাক’ দেখিছিল, তেওঁৰ বস্ত্ৰ হিমৰ নিচিনা বগা আছিল আৰু তেওঁৰ সিংহাসনৰ পৰা জ্বলন্ত জুই ওলাই আছিল। (দানি. ৭:৯, ১০) যোহনে যিহোৱাক এখন সিংহাসনত বহি থকা দেখিছিল আৰু ‘সেই সিংহাসনৰ চাৰিওফালে মেঘ-ধনু আছিল, যি দেখিবলৈ মৰকত মণিৰ নিচিনা’ আছিল। (প্ৰকা. ৪:২-৪) যেতিয়া আমি মনত ৰাখিম যে যিহোৱা কিমান মহান হয়, তেতিয়া আমি বুজিব পাৰিম যে তেওঁৰ লগত প্ৰাৰ্থনাত কথা পতাটো আমাৰ বাবে সন্মানৰ বিষয় হয় আৰু আমি আদৰেৰে তেওঁৰ লগত কথা পতা উচিত। কিন্তু এতিয়া প্ৰশ্ন হʼব পাৰে যে আমি কি কি কথাৰ বাবে তেওঁলৈ প্ৰাৰ্থনা কৰিব পাৰোঁ?

“তোমালোকে এইদৰে প্ৰাৰ্থনা কৰা”

৪. মথি ৬:৯, ১০ পদৰ পৰা আমি প্ৰাৰ্থনা কৰাৰ বিষয়ে কি শিকিব পাৰোঁ?

মথি ৬:৯, ১০ পঢ়ক। যীচুৱে পৰ্বতীয়া উপদেশ দি থকাৰ সময়ত নিজৰ শিষ্যসকলক শিকাইছিল যে তেওঁলোকে কেনেদৰে প্ৰাৰ্থনা কৰা উচিত, যাৰ পৰা যিহোৱা আনন্দিত হয়। তেওঁ এইদৰে কৈছিল, “তোমালোকে এইদৰে প্ৰাৰ্থনা কৰা।” তেওঁ আটাইতকৈ গুৰুত্বপূৰ্ণ কথাবোৰৰ বিষয়ে প্ৰথমে উল্লেখ কৰিছিল। যেনে, ঈশ্বৰৰ নাম পবিত্ৰ হওক, তেওঁৰ ৰাজ্য আহক, যিয়ে তেওঁৰ সকলো শত্ৰুক ধ্বংস কৰিব আৰু যিহোৱাই পৃথিৱী আৰু মানৱজাতিৰ বাবে যি উদ্দেশ্য ৰাখিছে, সেয়া পূৰ হওক। এই সকলো কথা তেওঁৰ উদ্দেশ্যৰ লগত জড়িত হৈ আছে। যেতিয়া আমি এইবোৰৰ বিষয়ে প্ৰাৰ্থনা কৰিম, তেতিয়া ইয়াৰ পৰা জানিব পাৰি যে ই আমাৰ বাবে কিমান গুৰুত্বপূৰ্ণ।

৫. আমি নিজৰ বাবেও প্ৰাৰ্থনা কৰিব পাৰোঁনে?

ইয়াৰ পাছত যীচুৱে শিকাইছিল যে আমি নিজৰ বাবেও প্ৰাৰ্থনা কৰিব পাৰোঁ। যেনে, আমাৰ প্ৰতিদিনৰ আহাৰৰ বাবে, আমাৰ পাপৰ ক্ষমাৰ বাবে, যেতিয়া আমি পৰীক্ষাৰ সন্মুখীন হওঁ, তেতিয়া আমি বিশ্বাসী হৈ থাকিবলৈ আৰু চয়তানৰ পৰা বচাই ৰাখিবলৈও আমি যিহোৱালৈ প্ৰাৰ্থনা কৰিব পাৰোঁ। (মথি ৬:১১-১৩) যেতিয়া আমি এই বিষয়বোৰৰ বাবে প্ৰাৰ্থনা কৰোঁ, তেতিয়া আমি দেখুৱাওঁ যে আমি যিহোৱাৰ ওপৰত ভৰসা কৰোঁ আৰু তেওঁ আমাৰ পৰা আনন্দিত হোৱাটো আমি বিচাৰোঁ।

এজন স্বামীয়ে নিজৰ পত্নীৰ লগত কি কি কথাৰ বাবে প্ৰাৰ্থনা কৰিব পাৰে? (অনুচ্ছেদ ৬ চাওক) *

৬. যীচুৱে যিবোৰৰ বিষয়ে প্ৰাৰ্থনা কৰিবলৈ শিকাইছিল, আমি কেৱল সেইবোৰৰ বিষয়ে প্ৰাৰ্থনা কৰা উচিতনে? বুজাওক।

যীচুৱে নিজৰ শিষ্যসকলক যিবোৰৰ বিষয়ে প্ৰাৰ্থনা কৰিবলৈ শিকাইছিল, কেৱল সেইবোৰৰ বিষয়ে তেওঁৰ শিষ্যসকলে প্ৰাৰ্থনা কৰাটো তেওঁ বিচৰা নাছিল। বহু বাৰ যীচুৱে সেই বিষয়তো প্ৰাৰ্থনা কৰিছিল, যাৰ বিষয়ে তেওঁ চিন্তিত হৈছিল। (মথি ২৬:৩৯, ৪২; যোহ. ১৭:১-২৬) যীচুৰ দৰে আমিও নিজৰ চিন্তাৰ বিষয়ে যিহোৱাক জনাব পাৰোঁ। আমি সঠিক নিৰ্ণয় লʼবলৈ যিহোৱাৰ পৰা বুদ্ধি বিচাৰিব পাৰোঁ। (গীত. ১১৯:৩৩, ৩৪) যদি কোনো এটা কাম বা দায়িত্ব পালন কৰিবলৈ আমাৰ বাবে কঠিন হয়, তেনেহʼলে সেই কামটো ভালদৰে কেনেকৈ কৰিব পাৰি, তাৰ বিষয়ে সহায় বিচাৰি আমি যিহোৱালৈ প্ৰাৰ্থনা কৰিব পাৰোঁ। (হিতো. ২:৬) মা-দেউতাই নিজৰ লʼৰা-ছোৱালীৰ বাবে আৰু লʼৰা-ছোৱালীয়ে নিজৰ মা-দেউতাৰ বাবে প্ৰাৰ্থনা কৰিব পাৰে। আমি নিজৰ বাইবেল বিদ্যাৰ্থীৰ বাবে আৰু যিসকলক আমি প্ৰচাৰ কৰোঁ, তেওঁলোকৰ বাবেও প্ৰাৰ্থনা কৰিব পাৰোঁ। কিন্তু প্ৰাৰ্থনা কৰোতে আমি সকলো সময়ত যিহোৱাক কিবা নহয় কিবা বিচাৰি থকা উচিত নহয়।

আমি কি কি কথাৰ বাবে যিহোৱাৰ প্ৰশংসা কৰিব পাৰোঁ আৰু তেওঁক ধন্যবাদ দিব পাৰোঁ? (অনুচ্ছেদ ৭-৯ চাওক) *

৭. প্ৰাৰ্থনা কৰাৰ সময়ত আমি কিয় যিহোৱাৰ প্ৰশংসা কৰা উচিত?

প্ৰাৰ্থনা কৰাৰ সময়ত আমি যিহোৱাৰ প্ৰশংসাও কৰা উচিত। তেওঁ “মঙ্গলময় আৰু ক্ষমাৱান” ঈশ্বৰ হয়। তেওঁ ‘দয়ালু আৰু কৃপালু ঈশ্বৰ; ক্ৰোধত ধীৰ, দয়া আৰু সত্যতাত মহান।’ (গীত. ৮৬:৫, ১৫) যেতিয়া আমি চিন্তা কৰিম যে যিহোৱা কেনেধৰণৰ ঈশ্বৰ হয় আৰু তেওঁ আমাৰ বাবে কি কি কৰিলে, তেতিয়া আমি তেওঁৰ প্ৰশংসা কৰিবলৈ উৎসাহিত হʼম। তেওঁতকৈ বেছি প্ৰশংসাৰ যোগ্য আন কোনো নাই।

৮. আমি কি কি কথাৰ বাবে যিহোৱাক ধন্যবাদ দিব পাৰোঁ? (গীতমালা ১০৪:১২-১৫, ২৪)

প্ৰাৰ্থনা কৰাৰ সময়ত আমি যিহোৱাৰ প্ৰশংসা কৰাৰ উপৰিও তেওঁক ধন্যবাদ দিয়া উচিত। চিন্তা কৰক, তেওঁ আমাৰ বাবে কি কি কৰিলে। উদাহৰণস্বৰূপে, তেওঁ ৰং-বিৰঙৰ ফুলৰ সৃষ্টি কৰিছে, তেওঁ খাবলৈ বেলেগ বেলেগ সোৱাদ লগা আহাৰ দিছে আৰু তেওঁ এনে বহুতো বন্ধুসকলক দিছে, যিসকলৰ লগত সময় অতিবাহিত কৰি আমি আনন্দিত হওঁ। তেওঁ আমাৰ বাবে আৰু বহুতো কৰিছে, যাতে আমি আনন্দত থাকিব পাৰোঁ। (গীতমালা ১০৪:১২-১৫, ২৪ পঢ়ক।) আটাইতকৈ গুৰুত্বপূৰ্ণ তেওঁ আমাক বাইবেল আৰু বাইবেল আধাৰিত প্ৰকাশনবোৰ দিছে আৰু এক সুন্দৰ ভৱিষ্যতৰ আশা দিছে। এইবোৰৰ বাবেও আমি তেওঁক ধন্যবাদ দিব পাৰোঁ।

৯. যদি আমি যিহোৱাক ধন্যবাদ দিবলৈ পাহৰি যাওঁ, তেনেহʼলে আমি কি কৰিব পাৰোঁ? (১ থিচলনীকীয়া ৫:১৭, ১৮)

যিহোৱাই আমাৰ বাবে যি যি কৰে, তাৰ বাবে আমি কেতিয়াবা কেতিয়াবা তেওঁক ধন্যবাদ দিবলৈ পাহৰি যাওঁ। যদি আপোনাৰ লগতো এইদৰে হয়, তেনেহʼলে আপুনি কি কৰিব পাৰে? আপুনি যি যি বিষয়ে যিহোৱালৈ প্ৰাৰ্থনা কৰে, সেইবোৰ লিখিব পাৰে আৰু মাজে-সময়ে চাব পাৰে যে যিহোৱাই আপোনাৰ প্ৰাৰ্থনাৰ উত্তৰ কেনেকৈ দিছে। এইদৰে কৰিলে আপুনি সেই বিষয়বোৰৰ বাবে যিহোৱাক ধন্যবাদ দিব পাৰিব। (১ থিচলনীকীয়া ৫:১৭, ১৮ পঢ়ক।) যেতিয়া আমি কাৰোবাৰ বাবে কিবা কৰি দিওঁ আৰু তেওঁ আমাক ধন্যবাদ দিয়ে, তেতিয়া আমাৰ বহুত ভাল লাগে। ঠিক সেইদৰে যিহোৱাই আমাৰ বাবে যি যি কৰিলে, তাৰ বাবে যেতিয়া আমি তেওঁক ধন্যবাদ দিওঁ, তেতিয়া তেওঁকো বহুত ভাল লাগে। (কল. ৩:১৫) যিহোৱাক ধন্যবাদ দিয়াৰ আমাৰ ওচৰত আৰু এটা বিশেষ কাৰণ আছে, আহক তাৰ বিষয়ে চাওঁ।

যিহোৱাৰ প্ৰিয় পুত্ৰৰ বাবে তেওঁক ধন্যবাদ দিয়ক

১০. যীচুক পঠোৱাৰ বাবে আমি যিহোৱাক কিয় ধন্যবাদ দিয়া উচিত? (১ পিতৰ ২:২১)

১০ প্ৰথম পিতৰ ২:২১ পঢ়ক। যিহোৱাই নিজৰ একমাত্ৰ প্ৰিয় পুত্ৰক পৃথিৱীলৈ পঠিয়ালে, যাতে আমি তেওঁৰ পৰা শিকিব পাৰোঁ। সেইবাবে আমি যিহোৱাক ধন্যবাদ দিয়া উচিত। বাইবেলত যেতিয়া আমি যীচুৰ বিষয়ে পঢ়োঁ, তেতিয়া আমি যিহোৱাৰ বিষয়ে বহুতো কথা শিকিব পাৰোঁ আৰু তেওঁক আমি কেনেকৈ আনন্দিত কৰিব পাৰিম, তাৰ বিষয়েও শিকিব পাৰোঁ। ইয়াৰ উপৰিও যীচুৰ মুক্তিপণ স্বৰূপ বলিদানৰ ওপৰত বিশ্বাস কৰাৰ বাবে আমি যিহোৱাৰ লগত বন্ধুত্ব গঢ়ি তুলিব পাৰিছোঁ আৰু তেওঁৰ লগত আমাৰ এটা ভাল সম্পৰ্ক আছে।—ৰোম. ৫:১.

১১. আমি কিয় যীচুৰ নামেৰে প্ৰাৰ্থনা কৰোঁ?

১১ আমি যিহোৱাক ধন্যবাদ দিয়া উচিত যে আমি তেওঁৰ পুত্ৰৰ নামেৰে তেওঁলৈ প্ৰাৰ্থনা কৰিব পাৰোঁ। যদি আমি যীচুৰ নামেৰে প্ৰাৰ্থনা কৰোঁ, তেনেহʼলে যিহোৱাই আমাৰ সেই প্ৰাৰ্থনা নিশ্চয় শুনিব। আমি তেওঁক যি বিচাৰোঁ, সেই সকলো তেওঁ যীচুৰ যোগেদি পূৰ কৰে। যীচুৱে এইদৰে কৈছিল, “পুত্ৰত যেন পিতৃ মহিমান্বিত হয়, এই নিমিত্তে, মোৰ নামেৰে যিহকে খুজিবা, মই তাকে সিদ্ধ কৰিম।”—যোহ. ১৪:১৩, ১৪.

১২. আমি আৰু কিহৰ বাবে যিহোৱাক ধন্যবাদ দিয়া উচিত?

১২ যীচুৰ মুক্তিপণ স্বৰূপ বলিদানৰ আধাৰত যিহোৱাই আমাৰ পাপবোৰ ক্ষমা কৰে। বাইবেলত কোৱা হৈছে যে যীচু ‘মহা-পুৰোহিত, যি জনা স্বৰ্গত মহামহিমৰ সিংহাসনৰ সোঁফালে বহি’ আছে। (ইব্ৰী ৮:১, ২) বাইবেলত এয়াও কোৱা হৈছে যে যীচু আমাৰ “সহায়কৰ্ত্তা,” যিজন “পিতৃৰ আগত” আছে। (১ যোহ. ২:১) আমাৰ কি কি দুৰ্বলতা আছে, তাৰ বিষয়ে যীচুৱে ভালদৰে জানে। তেওঁ আমাক সহানুভূতি দেখুৱাই আৰু ‘আমাৰ কাৰণে যিহোৱালৈ নিবেদনো কৰে।’ যিহোৱাই আমাক ইমান ভাল মহা-পুৰোহিত দিয়াৰ বাবে আমি অতি আনন্দিত। (ৰোম. ৮:৩৪; ইব্ৰী ৪:১৫) যীচুৱে নিজৰ জীৱন বলিদান নিদিয়া হʼলে আমি অসিদ্ধ ব্যক্তিয়ে যিহোৱালৈ কেতিয়াও প্ৰাৰ্থনা কৰিব নোৱাৰিলোঁহেঁতেন! যিহোৱাই নিজৰ একমাত্ৰ প্ৰিয় পুত্ৰক আমাৰ বাবে বলিদান দিলে, ইয়াৰ বাবে আমি যিহোৱাক যিমান ধন্যবাদ দিলেও কম হʼব!

ভাই-ভনীসকলৰ বাবে প্ৰাৰ্থনা কৰক

১৩. যীচুৱে নিজৰ শিষ্যসকলক প্ৰেম কৰিছিল বুলি কি কথাৰ পৰা জানিব পাৰি?

১৩ যীচুৱে নিজৰ মৃত্যুৰ আগনিশা নিজৰ শিষ্যসকলৰ বাবে বহু ৰাতিলৈকে প্ৰাৰ্থনা কৰিছিল। তেওঁ যিহোৱালৈ এইদৰে মিনতি কৰিছিল, “তেওঁবিলাকক পাপ-আত্মাৰ [চয়তানৰ] পৰা ৰাখা।” (যোহ. ১৭:১৫) যীচুৱে জানিছিল যে অতি সোনকালে তেওঁৰ লগত কি কি হʼব আৰু কিমান অত্যাচাৰৰ সন্মুখীন হʼব লাগিব। তথাপিও এনে পৰিস্থিতিত তেওঁ নিজৰ শিষ্যসকলৰ বিষয়ে চিন্তা কৰিছিল। সঁচাকৈ তেওঁ নিজৰ শিষ্যসকলক বহুত প্ৰেম কৰিছিল।

ভাই-ভনীসকলৰ বাবে প্ৰাৰ্থনা কৰাৰ সময়ত আমি কি কি কথা উল্লেখ কৰিব পাৰোঁ? (অনুচ্ছেদ ১৪-১৬ চাওক) *

১৪. যদি আমি ভাই-ভনীসকলক প্ৰেম কৰোঁ, তেনেহʼলে আমি কি কৰিম?

১৪ আমিও যীচুৰ দৰে হোৱা উচিত। আমি কেৱল নিজৰ বিষয়ে প্ৰাৰ্থনা কৰা উচিত নহয়, আমি ভাই-ভনীসকলৰ বাবেও প্ৰাৰ্থনা কৰা উচিত। যীচুৱে আজ্ঞা দিছে যে আমি এজনে-আনজনক প্ৰেম কৰা উচিত। যেতিয়া আমি ভাই-ভনীসকলৰ বাবে প্ৰাৰ্থনা কৰিম, তেতিয়া আমি এই আজ্ঞা পালন কৰাৰ দৰে হʼব। এইদৰে কৰিলে যিহোৱাও ধ্যান দিব যে আমি নিজৰ ভাই-ভনীসকলৰ বিষয়ে কিমান চিন্তা কৰোঁ। (যোহ. ১৩:৩৪) কেতিয়াবা কেতিয়াবা আমি ভাবিব পাৰোঁ যে ‘ভাই-ভনীসকলৰ বাবে প্ৰাৰ্থনা কৰিলে কিবা লাভ হʼব জানোঁ?’ কিন্তু আমি কেতিয়াও এইদৰে ভবা উচিত নহয়। কিয়নো বাইবেলত এইদৰে লিখা আছে, “ধাৰ্ম্মিকৰ নিবেদন কাৰ্য্য-সাধনত মহা-শক্তিবিশিষ্ট” অৰ্থাৎ এজন ধাৰ্মিক ব্যক্তিৰ প্ৰাৰ্থনাই গভীৰভাৱে প্ৰভাৱ পেলায়।—যাকো. ৫:১৬.

১৫. ভাই-ভনীসকলৰ বাবে প্ৰাৰ্থনা কৰাটো কিয় অতি প্ৰয়োজন?

১৫ আমাৰ বহুতো ভাই-ভনীয়ে দুখ-কষ্টৰ সন্মুখীন হৈ আছে, সেই কাৰণে তেওঁলোকৰ বাবে প্ৰাৰ্থনা কৰাটো অতি প্ৰয়োজন। আমাৰ কিছুমান ভাই-ভনী বেমাৰত ভুগি আছে, কিছুমানে প্ৰাকৃতিক দুৰ্যোগৰ সন্মুখীন হৈছে, আন কিছুমান ভাই-ভনীয়ে এনে দেশত থাকে, যʼত যুদ্ধ হৈ আছে আৰু কিছুমান ভাই-ভনীক অত্যাচাৰ কৰা হৈছে। আমি তেওঁলোকৰ বাবে প্ৰাৰ্থনা কৰিব পাৰোঁ, যাতে যিহোৱাই তেওঁলোকক ধৈৰ্য্য ধৰিবলৈ আৰু সাহসেৰে এই সকলোবোৰ সন্মুখীন হʼবলৈ সহায় কৰে। আমি সেই ভাই-ভনীসকলৰ বাবেও প্ৰাৰ্থনা কৰিব পাৰোঁ, যিসকলে দুখ-কষ্টৰ সন্মুখীন হোৱা ভাই-ভনীসকলক সহায় কৰে। আপুনি এনে ভাই বা ভনীৰ বিষয়ে জানেনে, যিসকলে বহুত দুখ-কষ্টৰ সন্মুখীন হৈ আছে? যদি জানে, তেনেহʼলে আপোনাৰ ব্যক্তিগত প্ৰাৰ্থনাত তেওঁলোকৰ নাম লৈ আপুনি প্ৰাৰ্থনা কৰিব পাৰে। যদি আমি এইদৰে কৰোঁ, তেনেহʼলে আমি দেখুৱাওঁ যে আমি নিজৰ ভাই-ভনীসকলক প্ৰকৃত প্ৰেম কৰোঁ।

১৬. দায়িত্ব লোৱা ভাইসকলৰ বাবে আমি কিয় প্ৰাৰ্থনা কৰা উচিত?

১৬ আমি দায়িত্ব লোৱা ভাইসকলৰ বাবেও প্ৰাৰ্থনা কৰা উচিত। যেতিয়া আমি সেই ভাইসকলৰ বাবে প্ৰাৰ্থনা কৰোঁ, তেতিয়া তেওঁলোকৰ দায়িত্ব ভালদৰে পালন কৰিবলৈ যিহোৱাই তেওঁলোকক সহায় কৰে। এইদৰে কৰিলে সেই ভাইসকলেও মূল্যাংকন কৰে। ভাই-ভনীসকলে পৌলৰ বাবে প্ৰাৰ্থনা কৰাটো তেওঁ বিচাৰিছিল। কিয় বাৰু? তেওঁ নিজৰ চিঠিখনত এইদৰে লিখিছিল, ‘শুভবাৰ্ত্তাৰ নিগূঢ়-তত্ত্ব সাহেৰে জনাবলৈ মোৰ মুখ মেলিবৰ সময়ত উপযুক্ত বক্তৃতা যেন মোক দিয়া হয়, মোৰ কাৰণেও এনে প্ৰাৰ্থনা কৰিবা।’ (ইফি. ৬:১৯, ২০) পৌলৰ দৰে আজিও দায়িত্ব লোৱা ভাইসকলে আমাৰ বাবে বহুত পৰিশ্ৰম কৰে। আমি তেওঁলোকক বহুত প্ৰেম কৰোঁ, সেইবাবে তেওঁলোকৰ পৰিশ্ৰমত আশীৰ্বাদ দিবলৈ আমি যিহোৱালৈ প্ৰাৰ্থনা কৰোঁ।

যেতিয়া আমাক প্ৰাৰ্থনা কৰিবলৈ কোৱা হয়

১৭-১৮. (ক) আমাক কেতিয়া প্ৰাৰ্থনা কৰিবলৈ কোৱা হয়? (খ) সেই সময়ত আমি কি কথা মনত ৰখা উচিত?

১৭ আমি অকলশৰীয়াকৈ প্ৰাৰ্থনা কৰোৱেই, কিন্তু বহু বাৰ আমাক লোকসকলৰ আগত প্ৰাৰ্থনা কৰিবলৈ কোৱা হয়। উদাহৰণস্বৰূপে, এগৰাকী ভনীয়ে হয়তো আন এজনী ভনীক নিজৰ বাইবেল অধ্যয়নত লৈ যায় আৰু অধ্যয়নৰ আগত তেওঁক প্ৰাৰ্থনা কৰিবলৈ কয়। এনে পৰিস্থিতিত সেই ভনীজনীয়ে অধ্যয়ন শেষ হোৱাৰ পাছত প্ৰাৰ্থনা কৰিম বুলি কʼব পাৰে। এইদৰে কৰাৰ যোগেদি তেওঁ বিদ্যাৰ্থীৰ প্ৰয়োজনীয়তাৰ বিষয়ে মনত ৰাখি প্ৰাৰ্থনা কৰিব পাৰিব।

১৮ হয়তো এজন ভাইক প্ৰচাৰ সভাৰ বাবে বা মণ্ডলীৰ সভাৰ বাবে প্ৰাৰ্থনা কৰিবলৈ কোৱা হয়। এনে পৰিস্থিতিত তেওঁ কিছুমান কথা মনত ৰাখিব পাৰে। তেওঁ ধ্যান দিব পাৰে যে এই সভাখন কিয় ৰখা হৈছে। প্ৰাৰ্থনা কৰাৰ সময়ত তেওঁ ভাই-ভনীসকলক পৰামৰ্শ দিয়া উচিত নহয় আৰু কোনো ঘোষণা কৰাও উচিত নহয়। সাধাৰণতে গীত আৰু প্ৰাৰ্থনাৰ বাবে পাঁচ মিনিট সময় দিয়া থাকে। সেইবাবে যিজন ভাইক প্ৰাৰ্থনা কৰিবলৈ কোৱা হয়, তেওঁ ধ্যান দিয়া উচিত, যাতে তেওঁ ‘বেচি কথা’ নকয়। বিশেষকৈ সভাৰ আৰম্ভণিৰ প্ৰাৰ্থনা কৰোঁতে তেওঁ এই কথা মনত ৰখা উচিত।—মথি ৬:৭.

প্ৰাৰ্থনাক গুৰুত্বপূৰ্ণ বুলি ভাবক

১৯. যদি আমি যিহোৱাৰ ন্যায়ৰ দিনৰ বাবে সাজু হৈ থাকিব বিচাৰোঁ, তেনেহʼলে আমি কি কৰিব লাগিব?

১৯ যিহোৱাৰ ন্যায়ৰ দিন একবাৰে কাষ চাপিছে। সেইবাবে আজি প্ৰাৰ্থনা কৰাটো আগতকৈ বেছি গুৰুত্বপূৰ্ণ হৈ পৰিছে। যীচুৱেও এইদৰে কৈছিল, “এই সকলো ঘটিব লগা ঘটনাৰ পৰা তোমালোকে সাৰিবলৈ, আৰু মানুহৰ পুত্ৰৰ আগত থিয় হবলৈ যেন সমৰ্থ হোৱা, এইনিমিত্তে সকলো সময়তে পৰ দি প্ৰাৰ্থনা কৰি থাকিবা।” (লূক ২১:৩৬) যদি আমি যিহোৱালৈ প্ৰাৰ্থনা কৰি থাকোঁ, তেনেহʼলে আমাৰ বিশ্বাস বাঢ়িব। এইদৰে কৰাৰ যোগেদি আমি যিহোৱাৰ ন্যায়ৰ দিনৰ বাবে সাজু হʼব পাৰিম।

২০. আমাৰ প্ৰাৰ্থনা সুগন্ধি ধূপৰ দৰে হʼবলৈ আমি কি কৰিব লাগিব?

২০ এই লেখত আমি কি কি শিকিলোঁ? আমি শিকিলোঁ যে যিহোৱালৈ প্ৰাৰ্থনা কৰাটো আমাৰ বাবে সন্মানৰ বিষয় হয়। সেইবাবে আটাইতকৈ গুৰুত্বপূৰ্ণ কথাবোৰৰ বিষয়ে প্ৰাৰ্থনা কৰিবলৈ আমি কেতিয়াও পাহৰি যোৱা উচিত, যিবোৰ যিহোৱাৰ উদ্দেশ্যৰ লগত জড়িত হৈ আছে। যিহোৱাই নিজৰ একমাত্ৰ প্ৰিয় পুত্ৰক এই পৃথিৱীলৈ পঠিয়ালে আৰু অতি সোনকালে তেওঁ নিজৰ ৰাজ্য আনিব, ইয়াৰ বাবেও আমি তেওঁক ধন্যবাদ দিব পাৰোঁ। আমি আমাৰ ভাই-ভনীসকলৰ বাবেও প্ৰাৰ্থনা কৰা উচিত। আমি আমাৰ প্ৰয়োজনীয়তাবোৰৰ বিষয়ে আৰু আমাৰ বিশ্বাস বঢ়াবলৈও যিহোৱালৈ প্ৰাৰ্থনা কৰিব পাৰোঁ। যেতিয়া আমি ভাবি-চিন্তি যিহোৱালৈ প্ৰাৰ্থনা কৰিম, তেতিয়া ইয়াৰ পৰা জানিব পাৰি যে এই উপহাৰ আমাৰ বাবে কিমান গুৰুত্বপূৰ্ণ। এইদৰে কৰিলে আমাৰ প্ৰাৰ্থনা সুগন্ধি ধূপৰ দৰে হʼব আৰু যিহোৱাই আমাৰ প্ৰাৰ্থনা ‘গ্ৰহণ’ কৰিব।—হিতো. ১৫:৮.

গীত ৪৫ মোৰ মনৰ ভাৱধাৰা

^ যিহোৱাই আমাক প্ৰাৰ্থনা কৰাৰ যি সুযোগ দিছে, তাৰ বাবে আমি অতি কৃতজ্ঞ। আমাৰ প্ৰাৰ্থনা সুগন্ধি ধূপৰ দৰে হোৱাটো আৰু যিহোৱাই গ্ৰহণ কৰাটো আমি সকলোৱে বিচাৰোঁ। এই লেখত আমি শিকিম যে আমি কি কি কথাৰ বাবে প্ৰাৰ্থনা কৰিব পাৰোঁ। ইয়াৰ লগতে আমি এয়াও শিকিম যে যেতিয়া আমাক লোকসকলৰ আগত প্ৰাৰ্থনা কৰিবলৈ কোৱা হয়, তেতিয়া আমি কি কি কথা মনত ৰখা উচিত।

^ ছবিৰ বিষয়ে: এজন ভায়ে নিজৰ পত্নীৰ লগত প্ৰাৰ্থনা কৰি আছে যে তেওঁলোকৰ ছোৱালীজনীয়ে স্কুলত সুৰক্ষিত হৈ থাকে, তেওঁৰ শহুৱেক বেমাৰৰ পৰা ভাল হয় আৰু তেওঁলোকৰ বাইবেল বিদ্যাৰ্থীয়ে ভালদৰে শিকি থাকে।

^ ছবিৰ বিষয়ে: এজন ডেকা ভায়ে যীচুৰ মুক্তিপণ স্বৰূপ বলিদান, এই সুন্দৰ পৃথিৱী আৰু ভাল ভাল আহাৰৰ বাবে যিহোৱাক ধন্যবাদ দি আছে।

^ ছবিৰ বিষয়ে: এজনী ভনীয়ে যিহোৱালৈ প্ৰাৰ্থনা কৰি আছে, যাতে তেওঁ প্ৰশাসন গোষ্ঠীৰ ভাইসকলক পবিত্ৰ আত্মা দিয়ে আৰু সেই ভাই-ভনীসকলক সহায় কৰে, যিসকলে প্ৰাকৃতিক দুৰ্যোগ বা অত্যাচাৰৰ বাবে সমস্যাৰ সন্মুখীন হৈ আছে।