Skip to content

Skip to table of contents

অধ্যয়নৰ লেখ ৩৭

আপুনি নিজৰ ভাই-ভনীসকলক ভৰসা কৰিব পাৰে

আপুনি নিজৰ ভাই-ভনীসকলক ভৰসা কৰিব পাৰে

“প্ৰেমে . . . সকলোতে বিশ্বাস কৰে, সকলোতে আশা কৰে।”—১ কৰি. ১৩:৪, ৭.

গীত ১২৪ সদায় নিষ্ঠাৱান

লেখৰ এক আভাস *

১. আজি লোকসকলে এজনে-আনজনৰ ওপৰত ভৰসা নকৰা দেখি আমি কিয় আচৰিত নহওঁ?

 আজি লোকসকলে এজন-আনজনৰ ওপৰত ভৰসা কৰিব নোৱাৰা হৈছে। ধৰ্মগুৰু, বেপাৰী আৰু নেতাসকলে এনে ধৰণৰ কামবোৰ কৰিবলৈ লৈছে, যাৰ বাবে লোকসকলে তেওঁলোকৰ ওপৰত ভৰসা কৰিব নোৱাৰে। আনকি আজি লোকসকলে নিজৰ বন্ধু, ওচৰ-চুবুৰীয়া আৰু পৰিয়ালৰ লোকসকলকো ভৰসা কৰিব নোৱাৰে। কিন্তু এইবোৰ দেখি আমি আচৰিত নহওঁ। কিয়নো বাইবেলত আগতেই কোৱা হৈছিল যে ‘শেষ-কালত মানুহবিলাক বিশ্বাস-ঘাতক’ হʼব। এই জগতৰ ঈশ্বৰ চয়তান ভৰসাযোগ্য নহয়। সেইবাবে, আজি লোকসকলেও তাৰ নিচিনা হৈ পৰিছে।—২ তীম. ৩:১-৪; ২ কৰি. ৪:৪.

২. (ক) আমি কাৰ ওপৰত সম্পূৰ্ণৰূপে ভৰসা কৰোঁ? (খ) কিছুমান লোকৰ বাবে হয়তো কি কৰিবলৈ কঠিন হʼব পাৰে?

আজি জগতৰ লোকসকলে বুজি নাপায় যে তেওঁলোকে কাৰ ওপৰত ভৰসা কৰিব পাৰে। কিন্তু আমি কাৰ ওপৰত ভৰসা কৰিব লাগে, তাৰ বিষয়ে জানোঁ। আমি যিহোৱাৰ ওপৰত সম্পূৰ্ণৰূপে ভৰসা কৰিব পাৰোঁ। কিয়নো তেওঁ আমাক বহুত প্ৰেম কৰে আৰু তেওঁ প্ৰতিজ্ঞা কৰিছে যে তেওঁ নিজৰ বন্ধুসকলক কেতিয়াও ‘ত্যাগ নকৰিব।’ (গীত. ৯:১০; যিৰি. ১৭:৭, ৮) আমি যীচুৰ ওপৰতো সম্পূৰ্ণৰূপে ভৰসা কৰিব পাৰোঁ। কিয়নো তেওঁ আমাক বহুত প্ৰেম কৰে আৰু আমাৰ বাবে তেওঁ নিজৰ জীৱন বলিদান দিলে। (১ পিত. ৩:১৮) আমি ঈশ্বৰৰ বাক্য বাইবেলৰ ওপৰতো সম্পূৰ্ণৰূপে ভৰসা কৰিব পাৰোঁ। কিয়নো আমি নিজ চকুৰে দেখিছোঁ যে ইয়াৰ পৰামৰ্শবোৰ কিমান লাভজনক। (২ তীম. ৩:১৬, ১৭) কিন্তু কিছুমান লোকৰ বাবে ভাই-ভনীসকলৰ ওপৰত ভৰসা কৰাটো কঠিন হʼব পাৰে। আমি তেওঁলোকৰ ওপৰতো কিয় ভৰসা কৰিব পাৰোঁ, আহক চাওঁ।

আমাক ভাই-ভনীসকলৰ প্ৰয়োজন আছে

গোটেই পৃথিৱীত থকা আমাৰ ভাই-ভনীসকলে আমাৰ নিচিনাই যিহোৱাক প্ৰেম কৰে আৰু আমি তেওঁলোকৰ ওপৰত ভৰসা কৰিব পাৰোঁ (অনুচ্ছেদ ৩ চাওক)

৩. আমি সকলোৱে কি সুযোগ পাইছোঁ? (মাৰ্ক ১০:২৯, ৩০)

যিহোৱাই আমাক তেওঁৰ পৰিয়ালৰ ভাগ হʼবলৈ সুযোগ দিছে। এয়া আমাৰ বাবে বৰ সন্মানৰ বিষয়! আমি অকলশৰীয়া নহয়, গোটেই বিশ্বজুৰিত থকা আমাৰ ভাই-ভনীসকল আমাৰ লগত আছে। এয়া আমাৰ বাবে যিহোৱাই দিয়া এটা ডাঙৰ আশীৰ্বাদ। (মাৰ্ক ১০:২৯, ৩০ পঢ়ক।) আমাৰ সকলোৰে ভাষা, সংস্কৃতি আৰু কাপোৰ-কানি বেলেগ। তথাপি আমি যেতিয়া এজনে-আনজনক প্ৰথমবাৰ লগ পাওঁ, তেতিয়া আপোন যেন অনুভৱ কৰোঁ। আমি সকলোৱে যিহোৱাক প্ৰেম কৰোঁ আৰু তেওঁৰ মানদণ্ডবোৰ মানিবলৈ চেষ্টা কৰোঁ। আমি সকলোৱে মিলি যিহোৱাৰ উপাসনা কৰি বহুত ভাল পাওঁ।—গীত. ১৩৩:১.

৪. আমাক কিয় ভাই-ভনীসকলৰ প্ৰয়োজন আছে?

আজি আমি ভাই-ভনীসকলৰ কাষত থকাটো আগতকৈ বেছি গুৰুত্বপূৰ্ণ হৈ পৰিছে। বহু বাৰ যেতিয়া আমি চিন্তিত হৈ পৰোঁ, তেতিয়া ভাই-ভনীসকলে আমাক সাহস দিয়ে। (ৰোম. ১৫:১; গালা. ৬:২) তেওঁলোকে আমাক যিহোৱাৰ সেৱা কৰি থাকিবলৈ আৰু তেওঁৰ লগত এটা ভাল সম্পৰ্ক বজাই ৰাখিবলৈ সহায় কৰে। (১ থিচ. ৫:১১; ইব্ৰী ১০:২৩-২৫) কল্পনা কৰকচোন, ভাই-ভনীসকল নথকা হʼলে আমি চয়তানৰ আক্ৰমণৰ কেনেকৈ সন্মুখীন হʼলোঁহেঁতেন আৰু এই জগতত জীয়াই থকাটো কিমান কঠিন হৈ পৰিলেহেঁতেন! অতি সোনকালে চয়তান আৰু তাক সহযোগ কৰাসকলে ঈশ্বৰৰ লোকসকলৰ ওপৰত বহুত অত্যাচাৰ কৰিব। কিন্তু সেই সময়ত আমি ভয় নকৰিম। কিয়নো আমি অকলশৰীয়া নহʼম, ভাই-ভনীসকল আমাৰ লগত থাকিব।

৫. কিছুমান ভাই-ভনীয়ে কিয় আনৰ ওপৰত ভৰসা কৰিব নোৱাৰে?

কিছুমান ভাই-ভনীক আন ভাই-ভনীসকলৰ ওপৰত ভৰসা কৰিবলৈ কঠিন লাগে। হয়তো তেওঁলোকে কাৰোবাক নিজৰ মনৰ কথা কৈছিল, কিন্তু তেওঁ সেই কথা আনক কৈ দিলে। অথবা তেওঁক কোনো ভাই বা ভনীয়ে কিবা এটা কৰি দিম বুলি প্ৰতিজ্ঞা কৰিলে, কিন্তু পাছত সেইদৰে নকৰিলে। অথবা কোনোবাই এনে কথা কʼলে বা কাম কৰিলে, যাৰ বাবে তেওঁক বহুত দুখ লাগিলে। সঁচাকৈ এনে পৰিস্থিতিত কাৰোবাৰ ওপৰত ভৰসা কৰাটো বৰ কঠিন হৈ পৰে। গতিকে আমি নিজৰ ভাই-ভনীসকলৰ ওপৰত কেনেকৈ ভৰসা কৰিব পাৰোঁ, আহক চাওঁ।

প্ৰেম থাকিলে, ভৰসা কৰিব পাৰিম

৬. ভাই-ভনীসকৰ ওপৰত ভৰসা কৰিবলৈ তেওঁলোকক প্ৰেম কৰাটো কিয় গুৰুত্বপূৰ্ণ? (১ কৰিন্থীয়া ১৩:৪-৮)

যদি আমি ভাই-ভনীসকলক প্ৰেম কৰোঁ, তেনেহʼলে আমি তেওঁলোকৰ ওপৰত ভৰসা কৰিব পাৰিম। প্ৰথম কৰিন্থীয়া ১৩ অধ্যায়ত প্ৰেমৰ বিষয়ে বহুতো কথা লিখা আছে। এইবোৰ মনত ৰাখিলে ভাই-ভনীসকলৰ ওপৰত ভৰসা কৰিবলৈ আমাৰ বাবে সহজ হৈ পৰিব আৰু যদি কোনোবাই আমাক বিশ্বাসঘাত কৰে, তেনেহʼলে আমি আকৌ তেওঁৰ ওপৰত ভৰসা কৰিব পাৰিম। (১ কৰিন্থীয়া ১৩:৪-৮ পঢ়ক।) যেনে, ৪ পদত এইদৰে লিখা আছে, ‘প্ৰেমে সহন কৰে আৰু মৰমো কৰে।’ চিন্তা কৰকচোন, আমি কিমান ভুল কৰোঁ, তথাপি যিহোৱাই সহন কৰে অৰ্থাৎ ধৈৰ্য্য ধৰে। সেইবাবে, আমাৰ ভাই-ভনীয়ে যেতিয়া এনে কিবা কাম কৰে, যাৰ বাবে আমাক বহুত বেয়া লাগে বা খং উঠে, তেনেহʼলে তেতিয়া আমিও ধৈৰ্য্য ধৰা উচিত। ৬ পদত এইদৰে লিখা আছে, ‘প্ৰেমে ক্ৰোধত উত্তেজিত নহয়, অপকাৰ গণনা নকৰে।’ সেইবাবে, আমাৰ ভাই-ভনীসকলে যদি কিবা ভুল কৰে বা এনে কিবা কথা কয়, যাৰ বাবে আমাক বহুত বেয়া লাগে, তেনেহʼলে আমি তেওঁলোকৰ ভুলবোৰ “গণনা” কৰি থকা উচিত নহয়। উপদেশক ৭:৯ পদতো এইদৰে লিখা আছে, আমি “হঠাতে খং” কৰাৰ পৰিৱৰ্তে ইফিচীয়া ৪:২৬ পদত লিখা কথাষাৰ মনত ৰখা উচিত। তাত এইদৰে লিখা আছে, “বেলি মাৰ নৌ যাওঁতেই তোমালোকৰ কোপ শান্ত হওক।”

৭. মথি ৭:১-৫ পদত দিয়া সিদ্ধান্তবোৰ মনত ৰাখিলে আমি ভাই-ভনীসকলৰ ওপৰত কেনেকৈ ভৰসা কৰিব পাৰিম?

ভাই-ভনীসকলৰ ওপৰত ভৰসা কৰিবলৈ হʼলে আমি আৰু এটা কথাৰ প্ৰতি ধ্যান দিব লাগিব। যিহোৱাই তেওঁলোকৰ যি যি কথাৰ প্ৰতি ধ্যান দিয়ে, আমিও সেইবোৰলৈ ধ্যান দিব লাগিব। যিহোৱাই তেওঁলোকক বহুত প্ৰেম কৰে আৰু তেওঁলোকৰ ভুলবোৰ হিচাপ কৰি নাথাকে। আমিও এইদৰেই কৰা উচিত। (গীত. ১৩০:৩) আমি তেওঁলোকৰ ভুলবোৰলৈ ধ্যান দিয়াৰ পৰিৱৰ্তে তেওঁলোকৰ ভাল গুণবোৰলৈ ধ্যান দিয়া উচিত আৰু ভবা উচিত যে যদি তেওঁলোকে সুযোগ পায়, তেনেহʼলে তেওঁলোকে কি কি ভাল কাম কৰিব পাৰিব। (মথি ৭:১-৫ পঢ়ক।) প্ৰেমে “সকলোতে বিশ্বাস কৰে।” সেইবাবে, ভাই-ভনীসকলে জানি-শুনি আমাৰ লগত বেয়া ব্যৱহাৰ কৰিলে বুলি আমি ভবা উচিত নহয়। (১ কৰি. ১৩:৭) কিন্তু সকলোতে বিশ্বাস কৰাৰ অৰ্থ এয়াও নহয় যে আমি চকু মুদি ভাই-ভনীসকলৰ ওপৰত ভৰসা কৰা। ইয়াৰ পৰিৰ্ৱতে আমি তেওঁলোকৰ ভাল কামবোৰলৈ ধ্যান দিয়া আৰু তেওঁলোকৰ ওপৰত ভৰসা কৰাটো যিহোৱাই বিচাৰে। *

৮. ভাই-ভনীসকলৰ ওপৰত ভৰসা কৰিবলৈ আপুনি কি কৰিব পাৰে?

যেতিয়া আমি কাৰোবাৰ লগত সময় অতিবাহিত কৰোঁ আৰু তেওঁৰ বিষয়ে জানিবলৈ ধৰোঁ, তেতিয়া আমি তেওঁক বেছিকৈ সন্মান কৰিবলৈ ধৰোঁ। ভাই-ভনীসকলৰ ওপৰত ভৰসা কৰিবলৈ আমি এইদৰেই কৰা উচিত। আমি তেওঁলোকৰ বিষয়ে জানিবলৈ চেষ্টা কৰা উচিত। এইদৰে কৰিবলৈ হʼলে আপুনি যেতিয়া সভালৈ যায়, তেতিয়া ভাই-ভনীসকলৰ লগত কথা পাতক আৰু তেওঁলোকৰ লগত মিলি প্ৰচাৰ কৰক। তেওঁলোকৰ ওপৰত ভৰসা কৰিবলৈ আপোনাক সময়ৰ প্ৰয়োজন হʼব। সেইবাবে, ধৈৰ্য্য ধৰক। আৰম্ভণিতে আপুনি নিজৰ মনৰ সকলো কথা তেওঁলোকক কʼবলৈ নোৱাৰিবও পাৰে। যেতিয়া আপুনি তেওঁলোকক ভালদৰে জানিবলৈ ধৰিব আৰু তেওঁলোকৰ ওপৰত ভৰসা কৰিবলৈ ধৰিব, তেতিয়া হয়তো আপুনি তেওঁলোকক নিজৰ মনৰ কথা জনাব পাৰিব। (লূক ১৬:১০) যদি কোনোবাই আপোনাৰ লগত বিশ্বাসঘাত কৰে, তেনেহʼলে আপুনি কি কৰিব? সেই সময়ত আপুনি তেওঁৰ ওপৰত কেতিয়াও ভৰসা কৰিব নোৱাৰিম বুলি নাভাবিব। কিছু সময়ৰ পাছত আপুনি হয়তো তেওঁলোকৰ ওপৰত আকৌ ভৰসা কৰিব পাৰিব। যদি কোনা ভাই বা ভনীয়ে বিশ্বাসঘাত কৰিছে, তেনেহʼলে ইয়াৰ অৰ্থ এইটো নহয় যে আপুনি কাৰো ওপৰত ভৰসা কৰিব নোৱাৰে। প্ৰাচীন সময়ত ঈশ্বৰৰ লোকসকলক কিছুমান লোকে বিশ্বাসঘাত কৰিছিল। তথাপি তেওঁলোকে আন লোকসকলৰ ওপৰত ভৰসা কৰিলে। আহক তেওঁলোকৰ মাজৰ কিছুমান লোকৰ বিষয়ে আলোচনা কৰোঁ।

আনৰ ওপৰত ভৰসা কৰা লোকসকলৰ পৰা শিকক

এলীয়ে নভবা-নিচিন্তাকৈ হান্নাক কথা কʼলে, তথাপি হান্নাই যিহোৱা আৰু তেওঁ নিযুক্ত কৰা লোকসকলৰ ওপৰত ভৰসা ৰাখিলে (অনুচ্ছেদ ৯ চাওক)

৯. (ক) এলী আৰু তেওঁৰ লʼৰাই ভুল কৰাৰ সত্ত্বেও হান্নাই কি কৰিলে? (খ) আপুনি হান্নাৰ পৰা কি শিকিব পাৰে? (ছবিখন চাওক।)

দায়িত্ব লোৱা ভায়ে কেতিয়াবা এনে কাম কৰিছেনে, যাৰ বিষয়ে আপুনি কল্পনাই কৰা নাছিল। হান্নাৰ লগতো এইদৰে হৈছিল। সেই সময়ত ইস্ৰায়েলত এলী মহাপুৰোহিত আছিল আৰু তেওঁৰ লʼৰা কেইজনে তেওঁৰ লগতে যিহোৱাৰ আবাসৰ পবিত্ৰ স্থানত সেৱা কৰিছিল। এলীৰ লʼৰা কেইজনে বহুতো বেয়া কাম কৰিছিল। তথাপি এলীয়ে তেওঁলোকক শুধৰণি কৰা নাছিল। যিহোৱাই তেওঁলোকৰ কামবোৰ চাই আছিল। তথাপিও কিছু সময়ৰ বাবে তেওঁ এলীক মহাপুৰোহিত হিচাপে সেৱা কৰিবলৈ দিলে। হান্নাই ভাবিব পাৰিলেহেঁতেন যে যেতিয়ালৈকে এলী তাত মহাপুৰোহিত হৈ থাকে, তেতিয়ালৈকে তেওঁ পবিত্ৰ স্থানত সেৱা কৰিবলৈ নাযাব। কিন্তু তেওঁ এইদৰে কৰা নাছিল। এবাৰ হান্না বহুত চিন্তিত আছিল আৰু তেওঁ পবিত্ৰ স্থানত প্ৰাৰ্থনা কৰিছিল। এলীয়ে তেওঁক দেখিলে আৰু ভাবিলে যে তেওঁ মদ খাই আহিছে, সেইবাবে তেওঁক খঙেৰে কথা কʼলে। (১ চমূ. ১:১২-১৬) হান্নাই প্ৰতিজ্ঞা কৰিছিল যে যদি তেওঁৰ পুত্ৰ জন্ম হয়, তেনেহʼলে তেওঁক পবিত্ৰ স্থানত সেৱা কৰিবলৈ দিব। তেওঁ এই কথা ভালদৰে জানিছিল যে যদি তেওঁ নিজৰ লʼৰাক পবিত্ৰ স্থানক সেৱা কৰিবলৈ দিয়ে, তেনেহʼলে তাত এলীয়েই চোৱা-চিতা কৰিব। তথাপি তেওঁ এইদৰে কৰিবলৈ সাজু আছিল। (১ চমূ. ১:১১) পবিত্ৰ স্থানত যিবোৰ হৈ আছিল, সেইবোৰ যিহোৱাই লক্ষ্য কৰি আছিল। সেইবাবে তেওঁ উচিত সময়ত এলীৰ লʼৰা কেইজনক শাস্তি দিলে। (১ চমূ. ৪:১৭) কিন্তু তেতিয়ালৈকে হান্নাই যিহোৱা আৰু তেওঁ নিযুক্ত কৰা লোকসকলৰ ওপৰত ভৰসা কৰিলে। সেইবাবে যিহোৱাই তেওঁক আশীৰ্বাদ দিলে। আগলৈ গৈ তেওঁৰ এটি লʼৰা জন্ম হʼল, যাৰ নাম তেওঁ চমূৱেল ৰাখিলে।—১ চমূ. ১:১৭-২০.

১০. কিছুমান লোকে দায়ূদৰ লগত বিশ্বাসঘাত কৰিছিল, তথাপি দায়ূদে কি কৰি থাকিল?

১০ আপোনাৰ এজন ভাল বন্ধুৱে কেতিয়াবা আপোনাৰ লগত বিশ্বাসঘাত কৰিছেনে? মন কৰক ৰজা দায়ূদৰ লগত কি হৈছিল। অহীথোফল নামৰ দায়ূদৰ এজন ভাল বন্ধু আছিল। যেতিয়া দায়ূদৰ পুত্ৰ অবচলোমে নিজৰ পিতৃৰ সিংহাসন কাঢ়ি লʼবলৈ চেষ্টা কৰিছিল, তেতিয়া অহীথোফলে অবচলোমক সহায় কৰিছিল। চিন্তা কৰকচোন সেই সময়ত দায়ূদক কিমান দুখ লাগিছিল। তেওঁৰ ভাল বন্ধু আৰু তেওঁৰ নিজৰ লʼৰাই তেওঁক বিশ্বাসঘাত কৰিলে। কিন্তু ইয়াৰ বাবে দায়ূদে আনৰ ওপৰত ভৰসা কৰিবলৈ এৰি দিয়া নাছিল। তেওঁ হূচয়ৰ ওপৰত ভৰসা কৰিছিল। হূচয়ে অবচালোমক সহযোগ কৰাৰ পৰিৱৰ্তে দায়ূদৰ বিশ্বাসী হৈ থাকিল। তেওঁ দায়ূদৰ বাবে নিজৰ জীৱন দিবলৈও সাজু আছিল। সঁচাকৈ হূচয়, দায়ূদৰ এজন ভাল বন্ধু আছিল।—২ চমূ. ১৭:১-১৬.

১১. নাবলৰ এজন সেৱকে কেনেকৈ অবীগলৰ ওপৰত ভৰসা কৰিলে?

১১ আমি নাবলৰ এজন সেৱকৰ পৰাও শিকিব পাৰোঁ। নাবল এজন ইস্ৰায়েলী ব্যক্তি আছিল আৰু তেওঁ বৰ ধনী আছিল। দায়ূদ আৰু তেওঁৰ লোকসকলে নাবলৰ সেৱকসকলক ৰক্ষা কৰিছিল। কিন্তু এবাৰ যেতিয়া দায়ূদে নিজৰ লোকসকলৰ বাবে নাবলক আহাৰ খুজিছিল, তেতিয়া নাবলে তেওঁক আহাৰ দিবলৈ মানা কৰিলে। সেই সময়ত দায়ূদৰ বহুত খং উঠিছিল। সেইবাবে, তেওঁ নাবলৰ ঘৰত যিমান পুৰুষ আছিল, সকলোকে হত্যা কৰিবলৈ থিৰাং কৰিলে। নাবলৰ সেৱকে যেতিয়া এই কথাষাৰ শুনিলে, তেতিয়া তেওঁ নাবলৰ পত্নী অবীগলক ইয়াৰ বিষয়ে জনালে। সেই সেৱকজনে জানিছিল যে তেওঁৰ জীৱন বিপদত আছে আৰু তেওঁ পলাব পাৰিলেহেঁতেন। কিন্তু তেওঁ এইদৰে নকৰিলে। তেওঁ জানিছিল যে অবীগল এগৰাকী বুদ্ধিমতী তিৰোতা হয় আৰু তেওঁ সকলোবোৰ চম্ভালিব পাৰিব। তেওঁৰ ভৰসা আছিল যে অবীগলে তেওঁৰ জীৱন বচাব পাৰে আৰু ঠিক এইদৰেই হʼল। অবীগলে সাহস গোটাই দায়ূদৰ ওচৰলৈ গʼল আৰু দায়ূদক এটা ডাঙৰ ভুল কৰাৰ পৰা ৰক্ষা কৰিলে। (১ চমূ. ২৫:২-৩৫) অবীগলৰো দায়ূদৰ ওপৰত ভৰসা আছিল যে দায়ূদে তেওঁৰ কথা শুনিব আৰু কোনো ভুল কাম নকৰিব।

১২. যীচুৰ শিষ্যসকলে বহুতো ভুল কৰিছিল, তথাপি যীচুৱে কি কৰিলে? বুজাওক।

১২ যীচুৰ শিষ্যসকলে বহুবাৰ ভুল কৰিছিল, তথাপি যীচুৱে তেওঁলোকৰ ওপৰত ভৰসা কৰিলে। (যোহ. ১৫:১৫, ১৬) এবাৰ যাকোব আৰু যোহনে যীচুক কৈছিল যে তেওঁলোকে ঈশ্বৰৰ ৰাজ্যত যীচুৰ সোফালে আৰু বাওঁফালে বহিব বিচাৰে। তেওঁলোকে যি বিচাৰিছিল, সেয়া সঠিক নাছিল। কিন্তু যীচুৱে তেওঁলোকৰ উদ্দেশ্যৰ ওপৰত সন্দেহ নকৰিলে আৰু তেওঁলোকক পাঁচনি হৈ থাকিবলৈ দিলে। (মাৰ্ক ১০:৩৫-৪০) ইয়াৰ পাছত যি ৰাতি যীচুক গ্ৰেপ্তাৰ কৰা হৈছিল, তেতিয়া তেওঁৰ সকলো শিষ্যই তেওঁক এৰি পলাই গৈছিল। (মথি ২৬:৫৬) কিন্তু যীচুৱে তেওঁলোকৰ ওপৰত ভৰসা কৰিলে। যীচুৱে জানিছিল যে তেওঁলোকৰ বহুতো দুৰ্বলতা আছে, তথাপি যীচুৱে “তেওঁবিলাকক শেষলৈকে প্ৰেম কৰিলে।” (যোহ. ১৩:১) যীচুৱে জীৱিত হোৱাৰ পাছত ১১ জন বিশ্বাসী পাঁচনিক এটা ডাঙৰ দায়িত্ব দিছিল। যীচুৱে তেওঁলোকক প্ৰচাৰ কামত নেতৃত্ব লʼবলৈ কৈছিল আৰু নিজৰ মেৰবোৰৰ চোৱা-চিতা কৰিবলৈ দায়িত্ব দিছিল। (মথি ২৮:১৯, ২০; যোহ. ২১:১৫-১৭) এই পাঁচনিসকল ভৰসাযোগ্য আছিল। তেওঁলোকে মৃত্যুলৈকে যিহোৱা আৰু যীচুৰ বিশ্বাসী হৈ থাকিল। আমি শিকিলোঁ যে হান্না, দায়ূদ, নাবলৰ এজন সেৱক, অবীগল আৰু যীচুৱে অসিদ্ধ লোকসকলৰ ওপৰত ভৰসা কৰিলে। আমিও এইদৰেই কৰিব পাৰোঁ।

ভাই-ভনীসকলক পুনৰ ভৰসা কৰিবলৈ শিকক

১৩. কিছুমান লোকে কিয় আনৰ ওপৰত ভৰসা কৰিব নোৱাৰে?

১৩ আপুনি কেতিয়াবা কাৰোবাক এনে কথা কৈছেনে, যাৰ বিষয়ে তেওঁলোকে আনক নজনোৱাটো আপুনি বিচাৰিছিল। কিন্তু পাছত তেওঁ আনক সেই কথাটো জনালে? যেতিয়া কোনাবাই আমাৰ ভৰসা হেৰুৱায়, তেতিয়া আমাৰ বহুত দুখ লাগে। এবাৰ এজনী ভনীয়ে এজন প্ৰাচীনৰ ওপৰত ভৰসা কৰি নিজৰ ব্যক্তিগত সমস্যাৰ বিষয়ে জনাইছিল। কিন্তু প্ৰাচীনজনে ইয়াৰ বিষয়ে নিজৰ পত্নীক কৈ দিলে। পাছদিনাখন প্ৰাচীনৰ পত্নীয়ে ভনীক উৎসাহিত কৰিবলৈ ফোন কৰিছিল। সেই সময়ত ভনীয়ে বৰ আচৰিত হৈছিল আৰু ভাবিছিল যে ‘তেওঁ এই কথাটো কেনেকৈ গম পালে?’ ভনীজনীৰ সেই প্ৰাচীনৰ পৰা ভৰসা নাইকিয়া হʼল। কিন্তু সেই সময়ত তেওঁ এইদৰে ভবা নাছিল যে তেওঁ এতিয়া কাৰো ওপৰত ভৰসা কৰিব নোৱাৰে। তেওঁ সেই প্ৰাচীনৰ ওপৰত আকৌ কেনেকৈ ভৰসা কৰিব পাৰে, তাৰ বিষয়ে আন প্ৰাচীনসকলৰ লগত কথা পাতিলে আৰু তেওঁলোকৰ সহায়ত ভনীয়ে পুনৰ প্ৰাচীনসকলৰ ওপৰত ভৰসা কৰিবলৈ ধৰিলে।

১৪. এজন ভায়ে কেনেকৈ প্ৰাচীনসকলৰ ওপৰত পুনৰ ভৰসা কৰিব পাৰিলে?

১৪ এজন ভায়ে কিবা কথাৰ বাবে দুজন প্ৰাচীনক বহুদিনলৈকে খং কৰিছিল। ভাইজনে ভাবিছিল যে তেওঁলোক ভৰসাযোগ্য নহয়। কিন্তু তেওঁক এটা কথা মনত পৰিল। এই কথাষাৰ তেওঁক এজন ভায়ে কৈছিল, যিজনক তেওঁক বহুত সন্মান কৰিছিল। তেওঁ কৈছিল, “চয়তান আমাৰ শত্ৰু হয়, আমাৰ ভাইসকল নহয়।” ভাইজনে ইয়াৰ বিষয়ে বহুত চিন্তা কৰিলে আৰু প্ৰাৰ্থনাও কৰিলে। পাছত তেওঁ প্ৰাচীন দুজনৰ লগত শান্তি বজাই ৰাখিলে।

১৫. কাৰোবাক পুনৰ ভৰসা কৰিবলৈ কিয় সময়ৰ প্ৰয়োজন হʼব পাৰে? এটা উদাহৰণ দি বুজাওক।

১৫ আপোনাৰ লগত কেতিয়াবা এইদৰে হৈছেনে, আপোনাক কিবা দায়িত্ব দিয়া হৈছিল আৰু পাছত সেই দায়িত্ব আকৌ লৈ লোৱা হʼল? এইদৰে হʼলে আমাক বহুত দুখ লাগে। গ্ৰেতাৰ লগতো এইদৰেই হৈছিল। দ্বিতীয় বিশ্বযুদ্ধৰ আগতে জাৰ্মানীত নাজী চৰকাৰে শাসন কৰিছিল আৰু আমাৰ কামক নিষেধ কৰিছিল। ভাইসকলে গ্ৰেতাক আন ভাই-ভনীসকলৰ বাবে প্ৰহৰীদুৰ্গৰ লেখ টাইপ কৰিবলৈ কৈছিল। কিন্তু ভাইসকলে যেতিয়া গম পালে যে গ্ৰেতাৰ দেউতাকে যিহোৱাৰ সাক্ষীসকলৰ বিৰোধ কৰে, তেতিয়া তেওঁলোকে গ্ৰেতাক প্ৰহৰীদুৰ্গৰ লেখ টাইপ কৰিবলৈ নিদিলে। গ্ৰেতাৰ দেউতাকে আমাৰ কামৰ বিষয়ে নাজী চৰকাৰক কৈ দিব বুলি ভাইসকলে ভয় কৰিছিল। চিন্তা কৰক, যেতিয়া গ্ৰেতাৰ পৰা তেওঁৰ দায়িত্ব লৈ লোৱা হʼল, তেতিয়া তেওঁক কিমান দুখ লাগিছিল। আনকি দ্বিতীয় বিশ্বযুদ্ধ চলি থকাৰ সময়ত ভাইসকলে গ্ৰেতা আৰু তেওঁৰ মাকক পঢ়িবলৈ প্ৰকাশনবোৰো দিয়া নাছিল। ভাইসকলে তেওঁলোকক ৰাস্তাত দেখিলেও কথা নাপাতিছিল। ভাই-ভনীসকলৰ এনে ব্যৱহাৰ দেখি গ্ৰেতাক বহুত দুখ লাগিছিল। সেইবাবে, তেওঁলোকক ক্ষমা কৰা আৰু তেওঁলোকৰ ওপৰত পুনৰ ভৰসা কৰিবলৈ গ্ৰেতাক সময় লাগিছিল। কিন্তু পাছত গ্ৰেতাই তেওঁলোকক ক্ষমা কৰিলে। তেওঁ ভাবিলে যে যিহোৱাই হয়তো তেওঁলোকক ক্ষমা কৰিলে। গতিকে তেৱোঁ ভাইসকলক ক্ষমা কৰা উচিত। *

“চয়তান আমাৰ শত্ৰু হয়, আমাৰ ভাইসকল নহয়”

১৬. যদি আমাৰ ভৰসা নাইকিয়া হয়, তথাপিও আমি কিয় ভাই-ভনীসকলৰ ওপৰত ভৰসা কৰিবলৈ চেষ্টা কৰা উচিত?

১৬ যদি কোনাবাই আপোনাৰো ভৰসা হেৰুৱাইছে, তেনেহʼলে আন ভাই-ভনীসকলৰ ওপৰতো আপোনাৰ ভৰসা নাইকিয়া হʼব পাৰে। কিন্তু এইদৰে হʼবলৈ নিদিব। তেওঁলোকৰ ওপৰত পুনৰ ভৰসা কৰিবলৈ চেষ্টা কৰক। এনে কৰিবলৈ সময়ৰ প্ৰয়োজন হʼব। কিন্তু বিশ্বাস কৰক যে এনে কৰিলে আপোনাৰে লাভ হʼব। ইয়াক বুজিবলৈ আহক এটা উদাহৰণলৈ মন কৰোঁ। ধৰি লওক, আপুনি এনে আহাৰ খালে, যাৰ পৰা আপোনাৰ পেট বেয়া হʼল। তেনেহʼলে এতিয়াৰ পৰা আপুনি একো নাখাম বুলি ভাবিব নেকি? নহয় আপুনি কেতিয়াও এইদৰে নাভাবে। ঠিক সেইদৰে যদি কোনো ভাই বা ভনীয়ে এবাৰ আমাৰ ভৰসা হেৰুৱায়, তেনেহʼলে ইয়াৰ অৰ্থ এয়া নহয় যে আমি কেতিয়াও আন ভাই-ভনীসকলৰ ওপৰত ভৰসা কৰিব নোৱাৰিম। আমি সকলোৱে অসিদ্ধ হয় আৰু জানি-অজানিতে আমি বহুতো ভুল কৰোঁ। সেইবাবে আমি এজনে-আনজনক ক্ষমা কৰা উচিত আৰু এজনে-আনজনৰ ওপৰত পুনৰ ভৰসা কৰিবলৈ চেষ্টা কৰা উচিত। যদি আমি এইদৰে কৰোঁ, তেনেহʼলে আমি আৰু বেছি আনন্দিত থাকিম। ইয়াৰ লগতে আমি নিজৰ কথা আৰু কামৰ প্ৰতিও ধ্যান দিব পাৰিম, যাতে মণ্ডলীত এনে এটা পৰিৱেশ হৈ থাকে, যʼত সকলোৱে এজনে-আনজনৰ ওপৰত ভৰসা কৰিব পাৰে।

১৭. (ক) ভাই-ভনীসকলৰ ওপৰত ভৰসা কৰাটো কিয় গুৰুত্বপূৰ্ণ? (খ) পৰৱৰ্তী লেখত আমি কি শিকিম?

১৭ চয়তানৰ এই জগতত লোকসকলে আনৰ ওপৰত ভৰসা কৰিব নোৱাৰে। কিন্তু আমি ভাই-ভনীসকলৰ ওপৰত ভৰসা কৰিব পাৰোঁ। কিয়নো আমি তেওঁলোকক প্ৰেম কৰোঁ আৰু তেওঁলোকেও আমাক প্ৰেম কৰে। এজনে-আনজনৰ ওপৰত ভৰসা কৰিলে আমাৰ মাজত একতা থাকিব আৰু আমি আনন্দত থাকিম। ইয়াৰ উপৰিও ভৱিষ্যতে সমস্যাবোৰ আহিলে আমি সুৰক্ষিত হৈ থাকিম। কিন্তু কোনোবাই যদি আপোনাৰ ভৰসা হেৰুৱাইছে, তেনেহʼলে আপুনি কি কৰিব? যিহোৱাৰ দৰে আপুনি সেই ভাই বা ভনীৰ ভাল গুণবোৰলৈ ধ্যান দিয়ক আৰু বাইবেলৰ সিদ্ধান্তবোৰ পালন কৰক। ভাই-ভনীসকলক বেছিকৈ প্ৰেম কৰক আৰু বাইবেলত দিয়া বিশ্বাসী লোকসকলৰ উদাহৰণৰ পৰা শিকক। যেতিয়া কোনোবাই আমাৰ ভৰসা হেৰুৱাই দিয়ে, তেতিয়া আমাৰ বৰ দুখ লাগে। কিন্তু আমি সেই কথা পাহৰিব পাৰোঁ আৰু পুনৰ আনৰ ওপৰত ভৰসা কৰিবলৈ শিকিব পাৰোঁ। এনে কৰিলে আমাৰ ওচৰত বহুতো ভাল বন্ধু থাকিব, যিয়ে ‘ভায়েকত্‌কৈয়ো অতি প্ৰেম’ কৰে। (হিতো. ১৮:২৪) এই লেখত আমি শিকিলোঁ যে আমি আনৰ ওপৰত কেনেকৈ ভৰসা কৰিব পাৰোঁ? কিন্তু আমি নিজেও ভাই-ভনীসকলে ভৰসা কৰিব পৰা ব্যক্তি হʼব লাগিব। আমি এনে ব্যক্তি কেনেকৈ হʼব পাৰিম, তাৰ বিষয়ে পৰৱৰ্তী লেখত আলোচনা কৰিম।

গীত ৯৯ লাখ লাখ ভাই

^ ভাই-ভনীসকলৰ ওপৰত ভৰসা কৰাটো অতি প্ৰয়োজন। কিন্তু তেওঁলোকে কেতিয়াবা এনে কাম কৰে, যাৰ বাবে আমি তেওঁলোকৰ ওপৰত ভৰসা কৰিব নোৱাৰোঁ। এই লেখত আমি বাইবেলৰ কিছুমান সিদ্ধান্তৰ বিষয়ে আলোচনা কৰিম। ইয়াৰ উপৰিও আমি প্ৰাচীন সময়ৰ এনে কিছুমান লোকৰ উদাহৰণ চাম, যিসকলে আন লোকসকলৰ ওপৰত ভৰসা কৰিছিল। ইয়াৰ পৰা আমি শিকিম যে আমি কিয় ভাই-ভনীসকলৰ ওপৰত ভৰসা কৰা উচিত আৰু যদি কোনোবাই আমাক বিশ্বাসঘাত কৰে, তেনেহʼলে আমি কেনেকৈ তেওঁলোকৰ ওপৰত পুনৰ ভৰসা কৰিব পাৰোঁ।

^ বাইবেলত কোৱা হৈছে যে মণ্ডলীত এনে কিছুমান লোকো থাকিব পাৰে, যিসকলৰ ওপৰত ভৰসা কৰিব নোৱাৰি। (যিহূ. ৪) তেওঁলোকে হয়তো “বিপৰীত কথা” কৈ ভাই-ভনীসকলক ভুল পথত নিবলৈ চেষ্টা কৰিব পাৰে। (পাঁচ. ২০:৩০) আমি এনে লোকসকলৰ কথাৰ প্ৰতি ধ্যান দিয়া উচিত নহয় আৰু তেওঁলোকৰ ওপৰত ভৰসা কৰাও উচিত নহয়।

^ গ্ৰেতাৰ অনুভৱৰ বিষয়ে বেছিকৈ জানিবলৈ ১৯৭৪ যিহোৱাৰ সাক্ষীসকলৰ বাৰ্ষিক কিতাপৰ (ইংৰাজী) ১২৯-১৩১ পৃষ্ঠা পঢ়ক।