Skip to content

Skip to table of contents

জীৱন কাহিনী

যিহোৱাৰ বিষয়ে শিকি আৰু শিকায় মই বৰ আনন্দ পাইছোঁ

যিহোৱাৰ বিষয়ে শিকি আৰু শিকায় মই বৰ আনন্দ পাইছোঁ

মই আমেৰিকাৰ পেঞ্চিলভেনিয়া ৰাজ্যৰ ইষ্টন চহৰত ডাঙৰ-দীঘল হৈছিলোঁ। মই এজন ডাঙৰ মানুহ হোৱা আৰু কিবা কৰি দেখুৱাটো মোৰ সৰুৰে পৰা সপোন আছিল। সেইবাবে, মই কলেজলৈ যাব বিচাৰিছিলোঁ। মই পঢ়ি বৰ ভাল পাইছিলোঁ আৰু গণিত আৰু বিজ্ঞানত মই ভাল নম্বৰ পাইছিলোঁ। ১৯৫৬ চনত মই হাই চেকেণ্ডাৰী পাছ কৰিলোঁ। কʼলা বৰণীয়া সকলো ছাত্ৰ-ছাত্ৰীৰ মাজত মোৰ নম্বৰ আটাইতকৈ বেছি আছিল। সেই কাৰণে এটা সংস্থাই মোক উপহাৰস্বৰূপে ২৫ ডলাৰ (প্ৰায় ১২০ টকা) দিলে। কিন্তু মই কেতিয়াও কলেজলৈ নগʼলোঁ। কিয় বাৰু? আহক ইয়াৰ কাৰণ জনাওঁ।

মই যিহোৱাৰ বিষয়ে শিকিলোঁ

প্ৰায় ১৯৪০ চনত মা আৰু দেউতাই যিহোৱাৰ সাক্ষীসকলৰ লগত বাইবেল অধ্যয়ন কৰিবলৈ আৰম্ভ কৰিলে। তেওঁলোকৰ অধ্যয়ন বেছি দিনলৈকে নচলিল, কিন্তু প্ৰহৰীদুৰ্গ আৰু সচেতন থাকক! আলোচনী মাৰ ওচৰত আহিয়েই থাকিল। পাছত ১৯৫০ চনত আমাক নিউ ৱৰ্ক চহৰত এটা আন্তঃৰাষ্ট্ৰীয় অধিৱেশনত আহিবলৈ নিমন্ত্ৰণ দিয়া হʼল আৰু আমি সকলোৱে তাত গʼলোঁ।

অধিৱেশনৰ পাছৰে পৰা লʼৰিছ জেফ্ৰিজ নামৰ ভাইজনে আমাক লগ কৰিবলৈ আহি থাকিল। তেওঁ প্ৰায়ে মোৰ লগত বাইবেলৰ বিষয়ে কথা পাতিছিল। কিছুমান ক্ষেত্ৰত আমাৰ চিন্তাধাৰা একেবাৰে মিলা নাছিল। মই ভাবিছিলোঁ যে যিহোৱাৰ সাক্ষীসকলেও ৰাজনীতিত ভাগ লোৱা উচিত আৰু সেনা-বাহিনীত ভৰ্তি হোৱা উচিত। সেইবাবে, মই এবাৰ তেওঁক কৈছিলোঁ যে যদি আমেৰিকাৰ সকলোৱে সেনা-বাহিনীত ভৰ্তি হʼবলৈ মানা কৰে, তেনেহʼলে শত্ৰুৱে দেখোন আমাৰ দেশখন অধিকাৰ কৰি লʼব! তেতিয়া ভাই জেফ্ৰিজে মোক ভালদৰে বুজালে। তেওঁ কৈছিল, “তুমি চিন্তা কৰাচোন, যদি আমেৰিকাৰ সকলো লোক যিহোৱাৰ সাক্ষী হয় আৰু শত্ৰুৱে আমাৰ ওপৰত আক্ৰমণ কৰে, তেনেহʼলে যিহোৱাই একো নকৰাকৈ থাকিবনে?” এইদৰে জেফ্ৰিজে মোক বেলেগ বেলেগ কথা বুজি পাবলৈ সহায় কৰিলে। মোৰ চিন্তাধাৰা ভুল হয় বুলি মই বুজি পালোঁ। এতিয়া মই বাইবেলৰ বিষয়ে বেছিকৈ শিকিবলৈ বিচাৰিছিলোঁ।

যেতিয়া মোৰ বাপ্তিষ্মা হৈছিল

মাৰ ওচৰত অহা প্ৰহৰীদুৰ্গ আৰু সচেতন থাকক! আলোচনীবোৰ তেওঁ ভালদৰে চম্ভালি ৰাখিছিল। সেইবাবে, মই সেইবোৰ পঢ়িবলৈ ধৰিলোঁ। বহু দেৰিলৈকে মই এইবোৰ পঢ়িছিলোঁ আৰু এয়াই সত্য হয় বুলি মই বুজি পালোঁ। মই ভাই জেফ্ৰিজৰ লগত বাইবেল অধ্যয়ন কৰিবলৈ আৰম্ভ কৰিলোঁ আৰু মই নিয়মীয়াকৈ সভালৈও গৈছিলোঁ। মই শিকা কথাবোৰ মোক বহুত ভাল লাগিছিল আৰু মই সোনকালে এজন প্ৰচাৰকো হʼলোঁ। যেতিয়া মই বুজি পালোঁ যে ‘যিহোৱাৰ মহাদিন ওচৰত’ আছে, তেতিয়া মোৰ লক্ষ্য সলনি হʼল। (চফ. ১:১৪) সৰুৰে পৰা কলেজলৈ যোৱাটো মোৰ সপোন আছিল কিন্তু এতিয়া মই লোকসকলক বাইবেলৰ বিষয়ে শিকাব বিচাৰিছিলোঁ।

১৯৫৬ চনৰ ১৩ জুনত মই নিজৰ স্কুলীয়া শিক্ষা শেষ কৰিলোঁ আৰু তাৰ তিনি দিনৰ পাছত এটা চাৰ্কিট সন্মিলনত বাপ্তিষ্মা লʼলোঁ। মই যিহোৱাৰ বিষয়ে শিকি আৰু আনক শিকাই কিমান আশীৰ্বাদ পাম, তাৰ বিষয়ে সেই সময়ত মই ভবাই নাছিলোঁ।

অগ্ৰগামী সেৱা কৰাৰ সময়ত বহুতো কথা শিকিলোঁ আৰু আনকো শিকালোঁ

১৯৫৬ চনৰ ডিচেম্বৰ মাহত মই অগ্ৰগামী সেৱা আৰম্ভ কৰিলোঁ। সেই মাহত ইংৰাজীৰ ৰাজ্য পৰিচৰ্য্যাত এটা লেখ আহিছিল, যাৰ বিষয় আছিল “প্ৰয়োজন হোৱা ঠাইত আপুনি সেৱা কৰিব বিচাৰেনে?” সেই লেখটো পঢ়ি মই ভাবিবলৈ ধৰিলোঁ, এয়া দেখোন ময়ো কৰিব পাৰোঁ!—মথি ২৪:১৪.

মই দক্ষিণ কেৰʼলাইনাৰ এজফিল্ড চহৰলৈ গʼলোঁ আৰু তাতে সেৱা কৰিবলৈ আৰম্ভ কৰিলোঁ। সেই মণ্ডলীত অকল চাৰি জন প্ৰচাৰক আছিল আৰু মই যোৱাৰ পাছত আমি পাঁচ জন হʼলোঁ। আমি এজন ভাইৰ ঘৰত সভা চলাইছিলোঁ আৰু মই প্ৰতি মাহে ১০০ ঘন্টাকৈ প্ৰচাৰত সময় অতিবাহিত কৰিছিলোঁ। মই সভাত বহুতো ভাগ আগবঢ়াবলগীয়া হৈছিল আৰু প্ৰচাৰ সভাও চলাবলগীয়া হৈছিল। এইবোৰ কামত মই বহুত ব্যস্ত হৈ আছিলোঁ আৰু এই কামবোৰত মই যিমানেই ব্যস্ত আছিলোঁ, সিমানেই মই যিহোৱাৰ বিষয়ে আৰু বেছিকৈ শিকিব পাৰিলোঁ।

মই এগৰাকী তিৰোতাৰ বাইবেল অধ্যয়ন কৰিছিলোঁ, ওচৰতে থকা চহৰত তেওঁৰ এখন ঠাই আছিল, যʼত মৃত লোকসকলক কবৰ দিবলৈ ব্যৱস্থা কৰা হৈছিল। সপ্তাহৰ কিছুদিন মই তেওঁৰ তাত কাম কৰিবলৈ ধৰিলোঁ। তেওঁৰ ওচৰত আৰু এখন ঠাই আছিল, যিটো তেওঁ আমাক সভা চলাবলৈ দিলে।

মোৰ বাইবেল অধ্যয়ন কৰা ভাই লʼৰেছ জেফ্ৰিজৰ এজন লʼৰা আছিল। তেওঁৰ নাম জʼলি আছিল আৰু ব্ৰুকলিনৰ পৰা তেওঁ মোৰ ওচৰলৈ আহিলে। আমি দুয়োজনে মিলি এজফিল্ডত অগ্ৰগামী সেৱা কৰিবলৈ ধৰিলোঁ। এজন ভায়ে নিজৰ ট্ৰেলৰ ঘৰখনতো আমাক থাকিবলৈ দিলে।

তাত জীয়াই থকাটো বৰ কঠিন আছিল। গোটেই দিনটো কাম কৰাৰ পাছত কেৱল দুই বা তিনি ডলাৰহে মই পাইছিলোঁ। এবাৰ মোৰ ওচৰত থকা সকলো পইচা শেষ হৈ গৈছিল। অকল এসাঁজ আহাৰ কিনিবলৈহে পইচা আছিল। যেতিয়া মই আহাৰ কিনাৰ পাছত দোকানৰ পৰা ওলাই আহিলোঁ, তেতিয়া এজন ব্যক্তিয়ে মোৰ ওচৰত আহি সুধিলে, “তুমি মোৰ বাবে কাম কৰিবা নেকি? মই তোমাক প্ৰতি ঘন্টাত এক ডলাৰকৈ দিম।” তেওঁ মোক তিনি দিন নিৰ্মাণ কাম চলি থকা ঠাইত চাফ-চিকুন কৰিবলৈ কৈছিল যিহোৱাই মোক সহায় কৰি আছে বুলি মই অনুভৱ কৰিব পাৰিলোঁ। মই বুজি পালোঁ যে মই এজফিল্ডতে থকাটো যিহোৱাই বিচাৰিছে। ১৯৫৮ চনত নিউ ৱৰ্ক চহৰত এটা আন্তঃৰাষ্ট্ৰীয় অধিৱেশন ৰখা হৈছিল। মোৰ ওচৰত বেছি পইচা নাছিল, তথাপিও মই তাত উপস্থিত হʼব পাৰিলোঁ।

আমাৰ বিয়াৰ দিন

অধিৱেশনৰ দ্বিতীয় দিনটো মোৰ বাবে বৰ বিশেষ আছিল। সেই দিনা মই ৰুবী ব্ৰডলিংগটনক লগ পাইছিলোঁ। তাই টেনেছি ৰাজ্যৰ গেলেটন চহৰত অগ্ৰগামী সেৱা কৰিছিল। গিলিয়াডত যাবলৈ বিচৰা ভাই-ভনীসকলৰ বাবে সেই অধিৱেশনত এখন সভা ৰখা হৈছিল। আমি দুয়োজনে মিচনেৰী সেৱা কৰিব বিচাৰিছিলোঁ, সেইবাবে আমি তাত উপস্থিত হʼলোঁ। পাছত আমি এজনে-আনজনলৈ চিঠি লিখিবলৈ ধৰিলোঁ। পাছত মোক জনভাষণ দিবলৈ গেলেটন চহৰত মতা হʼল। তেতিয়া মই ৰুবীক সুধিছিলোঁ, ‘তুমি মোৰ লগত বিয়া হʼব বিচাৰানে?’ তাৰ পাছত মই ৰুবীৰ মণ্ডলীত গুচি গʼলোঁ আৰু ১৯৫৯ চনত আমি বিয়া পাতিলোঁ।

মণ্ডলীত সেৱা কৰাৰ সময়ত বহুতো কথা শিকিলোঁ আৰু আনকো শিকালোঁ

২৩ বছৰ বয়সত গেলেটন চহৰত মোক মণ্ডলী সেৱক হিচাপে নিযুক্ত কৰা হৈছিল (যাক আজি প্ৰাচীন গোষ্টীৰ সমপদস্থ বুলি কোৱা হয়)। সেই সময়ত আমাৰ মণ্ডলীত এজন নতুন চাৰ্কিট ওভাৰচিয়াৰ আহিছিল। তেওঁৰ নাম চাৰ্ল্জ টমচন আছিল। চাৰ্কিট ওভাৰচিয়াৰ হোৱাৰ পাছত তেওঁ প্ৰথমে আমাৰ মণ্ডলীত সাক্ষাৎ কৰিবলৈ আহিছিল। তেওঁৰ বহুতো অভিজ্ঞতা আছিল, তথাপি তেওঁ মোক সুধিলে যে ভাই-ভনীসকলক তেওঁ কিদৰে সহায় কৰিব পাৰিব আৰু আন চাৰ্কিট ওভাৰচিয়াৰসকলে ভাই-ভনীসকলক কেনেকৈ সহায় কৰিছিল। মই তেওঁৰ পৰা শিকিলোঁ যে যিকোনো কাম কৰাৰ আগতে বা নিৰ্ণয় লোৱাৰ আগতে আমি কিছুমান লোকক প্ৰশ্ন সোধাটো অতি প্ৰয়োজন আৰু বিষয়টোৰ সকলো তথ্য লোৱা উচিত।

১৯৬৪ চনৰ মেʼ মাহত মোক ৰাজ্য পৰিচৰ্য্যা স্কুলৰ বাবে মতা হʼল। এইটো এমাহৰ কৰ্চ আছিল, যি নিউ ৱৰ্ক চহৰৰ চাউথ লেছিংগ চহৰত ৰখা হৈছিল। আমাক শিকোৱা ভাইসকলে মোক যিহোৱাৰ বিষয়ে বেছিকৈ শিকিবলৈ আৰু তেওঁৰ কাষ চাপিবলৈ উৎসাহিত কৰিলে।

চাৰ্কিট আৰু জিলা ওভাৰচিয়াৰ হিচাপে সেৱা কৰাৰ সময়ত বহুতো কথা শিকিলোঁ আৰু আনকো শিকালোঁ

১৯৬৫ চনৰ জানুৱাৰী মাহত মোক আৰু ৰুবীক চাৰ্কিট কামৰ বাবে মতা হʼল। আমাৰ চাৰ্কিট এলেকা বহুত ডাঙৰ আছিল। টেনেছি ৰাজ্যৰ নক্সবিল চহৰৰ পৰা বৰ্জিনিয়া ৰাজ্যৰ ৰিচমণ্ড চহৰলৈকে আছিল। আমি উত্তৰ কেৰʼলাইনা, কেন্টকী আৰু পশ্চিম বৰ্জিনিয়া ৰাজ্যৰ মণ্ডলীবোৰতো সাক্ষাৎ কৰিছিলোঁ। সেই সময়ত দক্ষিণ আমেৰিকাত এটা আইন আছিল যে কʼলা আৰু বগা বৰণীয়া লোকসকলে একেলগে গোট খাব নোৱাৰে। সেইবাবে, মই অকল কʼলা বৰণীয়া ভাই-ভনীসকল থকা মণ্ডলীবোৰত সাক্ষাৎ কৰিছিলোঁ। এই ভাই-ভনীসকল বহুত দুখীয়া আছিল। তেওঁলোকক দেখি আমাৰ ওচৰত যিবোৰ আছে, সেই সকলো তেওঁলোকৰ লগত ভাগ কৰিবলৈ আমাৰ মন গʼল। এজন পৰিপক্ক চাৰ্কিট ওভাৰচিয়াৰে মোক এটা সুন্দৰ কথা কৈছিল। তেওঁ এইদৰে কৈছিল, “মণ্ডলীত কেতিয়াও বচ হৈ নাযাবা, ইয়াৰ পৰিৱৰ্তে এজন ভাই হিচাপে যাবা। তেওঁলোকে তোমাক নিজৰ ভাই বুলি ভাবিলেহে তুমি তেওঁলোকক সহায় কৰিব পাৰিবা।”

এবাৰ আমি এখন সৰু মণ্ডলীৰ সাক্ষাৎ কৰিবলৈ গৈছিলোঁ। তাত ৰুবীয়ে এজনী ছোৱালীৰ বাইবেল অধ্যয়ন কৰিবলৈ আৰম্ভ কৰিলে। সেই ছোৱালীজনীৰ এবছৰীয়া জীয়েক আছিল। কিন্তু সেই মণ্ডলীত এনে এজনো ব্যক্তি নাছিল, যিয়ে তেওঁৰ অধ্যয়ন কৰাব পাৰে। সেইবাবে, ৰুবীয়ে চিঠি লিখি তেওঁৰ অধ্যয়ন কৰিছিল। আকৌ যেতিয়া আমি সেই মণ্ডলীৰ সাক্ষাৎ কৰিবলৈ গৈছিলোঁ, তেতিয়া সেই ছোৱালীজনী সকলো সভাতে উপস্থিত হৈছিল। পাছত বিশেষ অগ্ৰগামী সেৱা কৰা দুজনী ভনীক তালৈ পঠিওৱা হʼল আৰু তেওঁলোকে সেই ছোৱালীজনীৰ অধ্যয়ন কৰিবলৈ আৰম্ভ কৰিলে। কিছু সময়ৰ পাছতে তেওঁ বাপ্তিষ্মা লʼলে। প্ৰায় ৩০ বছৰৰ পাছত ১৯৯৫ চনত যেতিয়া আমি পেটৰচন বেথেলত সেৱা কৰি আছিলোঁ, তেতিয়া এজনী ভনীয়ে ৰুবীক লগ কৰিবলৈ আহিল। তেওঁ ৰুবীক এইদৰে কৈছিল, ‘বহু বছৰৰ আগতে আপুনি যিজনী ছোৱালীৰ লগত অধ্যয়ন কৰিছিলে, মই তেওঁৰে জীয়েক।’ সেই ভনী আৰু তেওঁৰ স্বামীক গিলিয়াড স্কুলৰ ১০০তম ক্লাচৰ বাবে নিমন্ত্ৰণ কৰা হৈছিল।

আমাক যি আন চাৰ্কিটত সেৱা কৰিবলৈ কোৱা হৈছিল, তাত ফ্লʼৰিডা ৰাজ্যৰ কিছুমান মণ্ডলীও আছিল। সেই সময়ত আমি এখন গাড়ী কিনিম বুলি ভাবিলোঁ, যাতে আমি সহজতে অহা-যোৱা কৰিব পাৰোঁ আৰু কম দামতে এখন গাড়ীও পালোঁ। কিন্তু এসপ্তাহৰ ভিতৰতে গাড়ীখনৰ ইঞ্জীন বেয়া হʼল আৰু তাক ভাল কৰিবলৈ আমাৰ ওচৰত পইচাও নাছিল। মই এজন ভাইক সুধিলোঁ যে তেওঁ আমাক কিবা সহায় কৰিব পাৰিবনে। তেতিয়া তেওঁৰ তাত কাম কৰা এজন ব্যক্তিক আমাৰ গাড়ী ভাল কৰিবলৈ পঠিয়ালে। মই তেওঁক সুধিলোঁ যে তেওঁক কিমান টকা দিব লাগে। তেতিয়া তেওঁ কʼলে, “মোক একো নালাগে।” ইয়াৰ পৰিৱৰ্তে তেওঁ আমাকহে পইচা দিলে। যিহোৱাই যিদৰে আমাক সহায় কৰিলে, তাৰ পৰা আমি অনুভৱ কৰিব পাৰিলোঁ যে তেওঁ আমাৰ কিমান যত্ন লয়। আমি শিকিলোঁ যে আমিও আনক হৃদয় খুলি সহায় কৰিব লাগে।

মণ্ডলীৰ সাক্ষাৎ কৰিবলৈ যাওঁতে আমি ভাই-ভনীসকলৰ ঘৰতে থাকিছিলোঁ। আজিও তেওঁলোকৰ মাজৰ বহুতে আমাৰ ভাল বন্ধু হয়। এবাৰ আমি এটা পৰিয়ালৰ লগত থাকিছিলোঁ আৰু মই টাইপৰাইটাৰত মণ্ডলীৰ কিছুমান ৰিপৰ্ট তৈয়াৰ কৰি আছিলোঁ। কিন্তু মই মাজতেই এৰি গৈছিলোঁ আৰু সন্ধ্যা উভতি দেখিলোঁ যে তেওঁলোকৰ তিনি বছৰীয়া লʼৰাটিৱে টাইপৰাইটাৰৰ বহুতো বুটাম দবাই দিছে। মই লʼৰাটিক কেইবা বছৰলৈকে জোকাই আছিলোঁ যে সি মোক ৰিপৰ্ট বনাবলৈ কিমান “সহায়” কৰিলে।

১৯৭১ চনত মই এখন চিঠি পালোঁ, যʼত লিখা আছিল যে মোক নিউ ৱৰ্ক চহৰত জিলা ওভাৰচিয়াৰ হিচাপে পঠিওৱা হৈছে। এই চিঠিখন পঢ়াৰ সময়ত আমাৰ বিশ্বাসে হোৱা নাছিল। সেই সময়ত মোৰ বয়স মাত্ৰ ৩৪ বছৰ আছিল। সেই এলেকাত মই প্ৰথম কʼলা বৰণীয়া জিলা ওভাৰচিয়াৰ আছিলোঁ। কিন্তু ভাই-ভনীসকলে মোক প্ৰেমেৰে আদৰণি জনালে।

এতিয়া মই এজন জিলা ওভাৰচিয়াৰ আছিলোঁ। সেইবাবে, মোক প্ৰতি সপ্তাহে চাৰ্কিট সন্মিলনত ভাষণ দিবলগীয়া হৈছিল আৰু লোকসকলক যিহোৱাৰ বিষয়ে শিকাবলগীয়া হৈছিল। মোতকৈ বেছি অভিজ্ঞতা থকা চাৰ্কিট ওভাৰচিয়াৰসকলৰ লগত কাম কৰিছিলোঁ। তেওঁলোকৰ মাজৰ এজন ভায়ে মোৰ বাপ্তিষ্মাৰ ভাষণ দিছিল। আন এজন চাৰ্কিট ওভাৰচিয়াৰ আছিল ভাই থিয়ʼডৰ জাৰজ, যি আগলৈ গৈ প্ৰশাসন গোষ্ঠীৰ সদস্য হʼল। বহুতো ভায়ে ব্ৰুকলিন বেথেলত সেৱা কৰিছিল আৰু তেওঁলোকৰ বহু বছৰৰ অভিজ্ঞতাও আছিল। তথাপি এই ভাইসকল বৰ নম্ৰ আছিল। ইমান অভিজ্ঞতা থকাৰ সত্ত্বেও ভাইসকলে কেতিয়াও মোৰ ওপৰত অধিকাৰ চলোৱা নাছিল। সেইবাবে, মই তেওঁলোকৰ লগত ভালদৰে কাম কৰিব পাৰিলোঁ। মই দেখিলোঁ যে ভাইসকলে এনে এজন ৰখীয়াৰ দৰে হয়, যিয়ে নিজৰ মেৰবিলাকক বহুত প্ৰেম কৰে, ঈশ্বৰৰ বাক্যৰ পৰা শিকায় আৰু সংগঠনক সম্পূৰ্ণৰূপে সহযোগ কৰে।

পুনৰ চাৰ্কিটৰ কাম কৰিলোঁ

১৯৭৪ চনত প্ৰশাসন গোষ্ঠীয়ে আন চাৰ্কিট ওভাৰচিয়াৰসকলক জিলাৰ কাম কৰিবলৈ কʼলে। মোক আকৌ চাৰ্কিট ওভাৰচিয়াৰ হিচাপে সেৱা কৰিবলৈ কোৱা হʼল। ইয়াৰ পাছত মোক দক্ষিণ কেৰʼলাইনাৰ মণ্ডলীবোৰত সাক্ষাৎ কৰিবলৈ পঠিওৱা হʼল। ৰঙক লৈ যি আইন আছিল, তাক সেই সময়লৈকে উঠাই দিয়া হৈছিল। সেইবাবে, কʼলা আৰু বগা বৰণীয়া ভাই-ভনীসকলৰ বাবে বেলেগ মণ্ডলী আৰু চাৰ্কিট নাছিল। সকলো ভাই-ভনী একেলগে একে ঠাইত গোট খাব পাৰিছিল। সেইবাবে, সকলোৱে বৰ আনন্দিত আছিল।

১৯৭৬ চনৰ শেষৰফালে মোক জাৰ্জিয়া ৰাজ্যৰ এটা চাৰ্কিটত সেৱা কৰিবলৈ কোৱা হʼল। এটলান্টা আৰু কৌলম্বচ চহৰৰ মাজত থকা সকলো মণ্ডলীত মোক সাক্ষাৎ কৰিবলগীয়া আছিল। এবাৰ তাত কিছুমানে এজন কʼলা বৰণীয়া ভাইৰ ঘৰত জুই লগাই দিছিল। ভাইৰ পত্নীয়ে বহুত আঘাত পাইছিল আৰু তেওঁক হস্পিতালত ভৰ্তি কৰিবলগীয়া হʼল। কিন্তু তেওঁলোকৰ পাঁচ জন সন্তানৰ মৃত্যু হʼল। তেওঁলোকৰ মৃত্যুৰ পাছত মোক ভাষণ দিবলৈ কোৱা হৈছিল। আজিও মনত আছে যে সেই ভাই আৰু তেওঁৰ পত্নীক সাহস দিবলৈ বহুতো ভাই-ভনী আহিয়েই থাকিল, তেওঁলোকৰ মাজত কʼলা আৰু বগা দুই ধৰণেৰেই ভাই-ভনী আছিল। ভাই-ভনীসকলৰ এই প্ৰেমে মোৰ অন্তৰ চুই গʼল। এই প্ৰেমৰ বাবেই আমাৰ ভাই-ভনীসকলে সকলো সমস্যা সন্মুখীন হʼব পাৰে।

বেথেলত বহুতো কথা শিকিলোঁ আৰু আনকো শিকালোঁ

১৯৭৭ চনত মোক আৰু ৰুবীক এটা প্ৰজেক্টত সহায় কৰিবলৈ ব্ৰুকলিন বেথেলত মতা হʼল। কিন্তু সেই প্ৰজেক্টতো শেষ হোৱাৰ আগতে দুজন প্ৰকাশন গোষ্ঠীৰ ভায়ে আমাক সুধিলে, ‘আপোনালোকে বেথেলত সেৱা কৰি থাকিব বিচাৰেনে?’ আমি হয় বুলি কʼলোঁ।

মই ২৪ বছৰলৈকে সেৱা বিভাগত কাম কৰিলোঁ। এই বিভাগত ভাইসকলৰ ওচৰত বহুতো কঠিন প্ৰশ্ন আহে, যিবোৰ তেওঁলোকে বহুত ভাবি-চিন্তি উত্তৰ দিবলগীয়া হয়। প্ৰশাসন গোষ্ঠীয়ে সময়ে সময়ে সেৱা বিভাগক বহুতো নিৰ্দেশনা আৰু বাইবেলৰ সিদ্ধান্ত কয়। ইয়াৰ যোগেদি ভাইসকলে এই প্ৰশ্নবোৰৰ উত্তৰ ভালদৰে দিব পাৰে। এই নিৰ্দেশনাৰ আধাৰত চাৰ্কিট ওভাৰচিয়াৰ, প্ৰাচীনসকল আৰু অগ্ৰগামী সেৱা কৰা ভাই-ভনীসকলক প্ৰশিক্ষণো দিয়া হয়। এই প্ৰশিক্ষণ পোৱা ভাই-ভনীসকলে নিজৰ দায়িত্ব ভালদৰে পালন কৰিব পাৰে আৰু সঠিক নিৰ্ণয় লʼব পাৰে। ইয়াৰ বাবে মণ্ডলীৰ সকলো কাম শৃংখলাবদ্ধভাৱে হয়।

১৯৯৫-ৰ পৰা ২০১৮ চনৰলৈকে মুখ্য কাৰ্য্যালয় প্ৰতিনিধি (যাক আগতে জৌন ওভাৰচিয়াৰ বুলি কোৱা হৈছিল।) হিচাপে বহুতো দেশৰ শাখা কাৰ্য্যালয়ত যাবলৈ সুযোগ পালোঁ। মই শাখা সমিতিৰ ভাই, বেথেল আৰু মিচনেৰী সেৱা কৰা ভাই-ভনীসকলক লগ কৰি তেওঁলোকক উৎসাহিত কৰিছিলোঁ। তেওঁলোকৰ কিবা সমস্যা হʼলে বা মনত কিবা প্ৰশ্ন আহিলে আমি তাৰ বিষয়েও তেওঁলোকৰ লগত কথা পাতিছিলোঁ। আমি তেওঁলোকক উৎসাহিত কৰিবলৈ গৈছিলোঁ, কিন্তু আমিহে উৎসাহিত হৈছিলোঁ। যেনে, ২০০০ চনত আমি ৰাৱাণ্ডা শাখা কাৰ্য্যালয়ত সাক্ষাৎ কৰিবলৈ গৈছিলোঁ। কিছু বছৰৰ আগতে ১৯৯৪ চনত তাত এটা জাতিক সম্পূৰ্ণৰূপে নাইকিয়া কৰিবলৈ চেষ্টা কৰা হৈছিল। সেই সময়ত বহুতো ভাই-ভনীৰ পৰিয়াল আৰু বন্ধুসকলৰ মৃত্যু হৈছিল। সেই ভাই-ভনীসকলে ইমান সমস্যাৰ সন্মুখীন হৈছিল, তথাপি তেওঁলোকে নিজৰ বিশ্বাস দুৰ্বল হʼবলৈ দিয়াৰ পৰিৱৰ্তে তেওঁলোকে নিজৰ আশাৰ ওপৰত ধ্যান দিলে আৰু আনন্দেৰে যিহোৱাৰ সেৱা কৰি থাকিল। বেথেলত সেৱা কৰা আৰু আন ভাই-ভনীয়ে নিজৰ অনুভৱৰ বিষয়ে আমাক জনোৱাৰ সময়ত তেওঁলোকৰ কথা শুনি আমাৰ হৃদয় চুই গʼল।

আমাৰ বিয়াৰ ৫০তম বাৰ্ষিক বা এনিভাৰচেৰি

আজি আমাৰ বয়স ৮০ তকৈ বেছি হৈছে। যোৱা ২০ বছৰ ধৰি মই আমেৰিকাৰ শাখা সমিতিৰ এজন সদস্য হয়। মই কেতিয়াও কলেজলৈ যোৱা নাই। কিন্তু যিহোৱাৰ সংগঠনে যি শিকালে, তাৰ তুলনাত কলেজৰ শিক্ষা একোৱেই নহয়। মই বহুতো কথা শিকিবলৈ সুযোগ পালোঁ। সেইবাবে, মই আনক বাইবেলৰ সত্যতাবোৰ ভালদৰে বুজাব পাৰোঁ, যাৰ পৰা তেওঁলোকে বৰ্তমান আৰু ভৱিষ্যতেও লাভৱান হʼব। (২ কৰি. ৩:৫; ২ তীম. ২:২) মই নিজ চকুৰে চাবলৈ পালোঁ যে বাইবেলৰ সত্যতাই কেনেকৈ এজন ব্যক্তিৰ জীৱন সলনি কৰিব পাৰে আৰু তেওঁলোকে সৃষ্টিকৰ্তাৰ লগত এটা ভাল সম্পৰ্ক গঢ়ি তুলিব পাৰে। (যাকো. ৪:৮) মই আৰু ৰুবীয়ে ভাই-ভনীসকলক সদায় মনত পেলাই দিছিলোঁ যে যিহোৱাৰ বিষয়ে শিকা আৰু আনক শিকোৱাটো সৰু কথা নহয়। যিহোৱাৰ সেৱকসকলৰ বাবে এয়া বহুত গুৰুত্বপূৰ্ণ কথা।