Skip to content

Skip to table of contents

পাঠকসকলৰ প্ৰশ্ন

পাঠকসকলৰ প্ৰশ্ন

নতুন পৃথিৱীত কোন লোকসকলক জীৱিত কৰা হʼব আৰু তেওঁলোকৰ ন্যায় কেনেকৈ কৰা হʼব?

এই প্ৰশ্নবোৰৰ উত্তৰ জানিবলৈ মন দিয়ক যে বাইবেলত কি কৈছে:

পাঁচনিৰ কৰ্ম্ম ২৪:১৫ পদত এইদৰে কৈছে, “ধাৰ্ম্মিক অধাৰ্ম্মিক, এই দুবিধ লোকৰ পুনৰুত্থান হব।” ধাৰ্মিক লোকসকল হৈছে যিবিলাকে মৃত্যুলৈকে যিহোৱাৰ বিশ্বাসী হৈ আছিল, সেইবাবে তেওঁলোকৰ নাম জীৱনৰ কিতাপত লিখা আছে। (মলা. ৩:১৬) যিসকলে যিহোৱাৰ বিষয়ে ভালদৰে শিকিবলৈ সুযোগ নাপালে আৰু তেওঁলোকৰ মৃত্যু হʼল, তেওঁলোকেই হৈছে অধাৰ্মিক লোক। তেওঁলোকৰ নাম জীৱনৰ কিতাপত লিখা নাই।

যোহন ৫:২৮, ২৯ পদতো “ধাৰ্ম্মিক” আৰু ‘অধাৰ্মিকৰ’ বিষয়ে কৈছে। তাত এইদৰে কোৱা হৈছে,“সৎকৰ্ম্ম কৰাবিলাক জীৱনৰ পুনৰুত্থানলৈ, আৰু কুকৰ্ম্ম কৰাবিলাক সোধ-বিচাৰৰ পুনৰুত্থানলৈ ওলাব।” ধাৰ্মিক লোকসকলে মৃত্যু হোৱাৰ আগতে ভাল কাম কৰিছিল। সেইবাবে, তেওঁলোকৰ নাম জীৱনৰ কিতাপত লিখা আছে আৰু তেওঁলোকে জীৱন পাবলৈ পুনৰুত্থান হʼব। কিন্তু অধাৰ্মিক লোকসকলে মৃত্যু হোৱাৰ আগতে বেয়া কাম কৰি আছিল। সেইবাবে, তেওঁলোকৰ নাম জীৱনৰ কিতাপ লিখা নাই আৰু তেওঁলোকক ন্যায় কৰিবলৈ পুনৰুত্থান কৰা হʼব। তেওঁলোকে যিহোৱাৰ বিষয়ে শিকিবলৈ সুযোগ পাব আৰু তেওঁলোকৰ ব্যৱহাৰ কেনেকুৱা হʼব, তাৰ ওপৰত ধ্যান দিয়া হʼব। যদি তেওঁলোকে নিজকে পৰিৱৰ্তন কৰিব, তেতিয়া তেওঁলোকৰ নাম জীৱনৰ কিতাপত লিখা হʼব।

প্ৰকাশিত বাক্য ২০:১২, ১৩ পদত কৈছে যিসকলক জীৱিত কৰা হʼব, সেই সকলোৱে ‘পুস্তকবোৰত লিখা’ কথা মানিব লাগিব অৰ্থাৎ নতুন পৃথিৱীত যিহোৱাই আমাক যি নিয়মবোৰ দিব, সেইবিলাক মানি চলিব লাগিব। যিসকলে এই নিয়মবোৰ মানি নচলে, তেওঁবিলাকক নাশ কৰি দিয়া হʼব।—যিচ. ৬৫:২০.

দানিয়েল ১২:২ পদত এইদৰে ভৱিষ্যতবাণী কৰিছে যিবিলাকে মৃত্যুৰ টোপনীত আছে, তেওঁলোকৰ মাজৰ কিছুমান লোকে ‘অনন্ত জীৱন, আৰু কিছুমানে অনন্ত লাজ আৰু ঘিণৰ নিমিত্তে সাৰ পাব।’ এই পদত সেই সময়ৰ বিষয়ে কোৱা হৈছে, যেতিয়া জীৱিত কৰা লোকসকলক এহাজাৰ বছৰ পাছত ন্যায় কৰা হʼব। তেতিয়া কিছুমান লোকে “অনন্ত জীৱন” পাব আৰু কিছুমানে “অনন্ত লাজ” পাব অৰ্থাৎ তেওঁলোকক সদায় কালৰ বাবে নাশ কৰি দিয়া হʼব।—প্ৰকা. ২০:১৫; ২১:৩, ৪.

ইয়াক বুজিবলৈ এটা উদাহৰণলৈ ধ্যান দিয়ক। যিসকলক নতুন পৃথিৱীত জীৱিত কৰা হʼব, তেওঁলোকক এনে লোকসকলৰ লগত তুলনা কৰিব পাৰি, যিসকলে আন দেশত যাব বিচাৰে। যদি কোনোবাই বেলেগ দেশত যাব বিচাৰিছে, তেতিয়া সেই দেশৰ চৰকাৰৰ পৰা ভিছা লʼব লাগিব। ভিছা বহুতো প্ৰকাৰৰ থাকে। কিছুমান লোকে এনে ভিছা পায়, যাৰ দ্বাৰা তেওঁলোকে সেই দেশত কাম কৰিব পাৰে বা থাকিব পাৰে। এই ভিছাৰ দ্বাৰা তেওঁলোকে তাত কিছুমান অধিকাৰ পায় আৰু কিছুমান কাম কৰিবলৈ সুবিধাও পায়। নতুন পৃথিৱীত যি ধাৰ্মিক লোকসকলক জীৱিত কৰা হʼব, তেওঁলোকে এই ভিছা পোৱা লোকসকলৰ দৰে হয়। কিন্তু কিছুমান লোকে এনে ভিছা পায়, যাৰ দ্বাৰা তেওঁলোকে কেৱল সেই দেশত ফুৰিবলৈ যাব পাৰে। যদি তেওঁলোকে সেই দেশত বেছি সময়লৈকে থাকিব বিচাৰে, তেনেহʼলে তেওঁলোকে কিছুমান নিয়ম পালন কৰিবলগীয়া হয়। নতুন পৃথিৱীত যি অধাৰ্মিক লোকসকল জীৱিত হʼব, তেওঁলোকে এওঁলোকৰ দৰে হয়। নতুন পৃথিৱীত অনন্ত জীৱন জীয়াই থাকিবলৈ তেওঁলোকে যিহোৱাৰ নিয়ম পালন কৰিব লাগিব আৰু নিজকে শুধৰণি কৰিব লাগিব। এজন ব্যক্তিয়ে কোনো এখন দেশত বেছি সময় থাকিবলৈ ভিছা পায় বা কম সময়, যদি তেওঁ সেই দেশৰ নিয়ম নামানে, তেনেহʼলে তেওঁক সেই দেশত থাকিবলৈ দিয়া নহয়। যদি তেওঁ সেই দেশৰ নিয়ম মানি থাকে আৰু তেওঁৰ ব্যৱহাৰ ভাল থাকে, তেনেহʼলে তেওঁ সেই দেশৰ নাগৰিকো হʼব পাৰে। ঠিক সেইধৰণে যিসকলক নতুন পৃথিৱীত জীয়াই তোলা হʼব, তেওঁলোকৰ ব্যৱহাৰৰ ওপৰত ধ্যান দিয়া হʼব আৰু তেওঁলোকৰ যিহোৱা আৰু যীচুৰ ওপৰত বিশ্বাস আছে নে নাই, তাৰ ওপৰতো ধ্যান দিয়া হʼব। ইয়াৰ আধাৰত নিৰ্ণয় কৰা হʼব যে তেওঁলোকে নতুন পৃথিৱীত অনন্ত জীৱন জীয়াই থাকিব পাব নে নাপাব।

যিহোৱাই লোকসকলক বহুত প্ৰেম কৰে। সেইবাবে, তেওঁ ধাৰ্মিক লোকসকলৰ লগতে সেই লোকসকলকো জীৱিত কৰিব, যিসকলে তেওঁৰ বিষয়ে শিকিবলৈ সুযোগ নাপালে। কিন্তু যিহোৱাই সদায় ন্যায়-বিচাৰো কৰে। যিসকলে তেওঁৰ মানদণ্ড মানি চলিব আৰু তেওঁক প্ৰেম কৰিব, কেৱল তেওঁলোকহে নতুন পৃথিৱীত অনন্ত জীৱন জীয়াই থাকিব পাৰিব।—দ্বিতী. ৩২:৪; গীত. ৩৩:৫.