Skip to content

Skip to table of contents

অধ্যয়নৰ লেখ ৪০

বহুতো লোকক ধাৰ্মিকৰ পথত অনা হʼব!

বহুতো লোকক ধাৰ্মিকৰ পথত অনা হʼব!

“যিবিলাকে অনেকক ধাৰ্ম্মিক কৰে, তেওঁবিলাক তৰাবোৰৰ নিচিনাকৈ চিৰকাল জিলিকি থাকিব।”—দানি. ১২:৩.

গীত ১৫১ তেওঁ তেওঁলোকক মাতিব

লেখৰ এক আভাস *

১. আমি কোনটো সময়ৰ বাবে আগ্ৰহেৰে বাট চাই আছোঁ?

 কল্পনা কৰকচোন, যীচুৰ হাজাৰ বছৰৰ শাসন আৰম্ভ হʼল আৰু আপুনি নিজৰ আপোনজনাক লগ কৰিবলৈ আগ্ৰহেৰে বাট চাই আছে। অৱশেষত সেই দিন আহি পৰে আৰু আপুনি বহুত আনন্দিত আছে। সকলোৱে নিজৰ আপোনজনাক লগ কৰিছে আৰু তেওঁলোকক সাৱটি ধৰিছে। চাৰিওফালে আনন্দময় পৰিৱেশ হৈছে। সঁচাকৈ, আমি সকলোৱে সেই দিনটোলৈ বাট চাই আছোঁ। যিহোৱাও সেই দিনৰ বাবে আগ্ৰহেৰে বাট চাই আছে। (ইয়ো. ১৪:১৫) যদি আপোনাৰ আপোনজনাৰ মৃত্যু অলপতে হৈছে, তেনেহʼলে যিসকল লোকক পৃথিৱীত প্ৰথমে জীৱিত কৰা হʼব, তেওঁলোকৰ মাজত হয়তো তেওঁলোকো থাকিব। * আগৰ লেখত আমি শিকিছিলোঁ যে “ধাৰ্ম্মিক অধাৰ্ম্মিক” এই দুইবিধ লোক জীৱিত হʼব। “ধাৰ্ম্মিক” লোকসকলৰ নাম জীৱনৰ কিতাপত লিখা আছে। সেইবাবে, তেওঁলোকে ‘জীৱন’ পাবলৈ পুনৰুত্থান হʼব। কিন্তু “অধাৰ্ম্মিক” লোকসকল হৈছে সেই লোকসকল, যিসকলে মৃত্যুৰ আগতে যিহোৱাৰ বিষয়ে ভালদৰে জানিবলৈ আৰু তেওঁৰ সেৱা কৰাৰ সুযোগ পোৱা নাছিল। সেইবাবে, তেওঁলোকে “সোধ-বিচাৰৰ” বাবে পুনৰুত্থান হʼব।—পাঁচ. ২৪:১৫; যোহ. ৫:২৯.

২-৩. (ক) যিচয়া ১১:৯, ১০ পদৰ অনুসৰি কি কাম বৃহৎ পৰিমাণে কৰা হʼব আৰু কিয়? (খ) আমি এই লেখত কিহৰ বিষয়ে আলোচনা কৰিম?

পুনৰ জীৱিত হোৱা লোকসকলে বহুতো কথা জানিব লাগিব। (যিচ. ২৬:৯; ৬১:১১) সেইবাবে, তেওঁলোকক বহুতো কথা শিকোৱা হʼব। গোটেই পৃথিৱীত প্ৰথমবাৰ লোকসকলক শিক্ষা দিয়াৰ কাম ইমান বৃহৎ পৰিমাণে হʼব। (যিচয়া ১১:৯, ১০ পঢ়ক।) যি “অধাৰ্ম্মিক” লোকসকলক পুনৰ জীৱিত কৰা হʼব, তেওঁলোকে যীচু, ঈশ্বৰৰ ৰাজ্য আৰু মুক্তিপণস্বৰূপ বলিদানৰ বিষয়ে শিকিব লাগিব। তেওঁলোকে এয়াও শিকিব লাগিব যে ঈশ্বৰৰ নাম পবিত্ৰ কৰাটো কিমান গুৰুত্বপূৰ্ণ আৰু কেৱল যিহোৱাৰহে এই পৃথিৱীত শাসন কৰাৰ অধিকাৰ আছে। যি “ধাৰ্ম্মিক” লোকসকলক জীৱিত কৰা হʼব, তেওঁলোককো বহুতো কথা শিকিব লাগিব। যেনে, যিহোৱাই পৃথিৱীৰ বাবে নিজৰ উদ্দেশ্যৰ বিষয়ে আৰু কি কি কথা জনাইছে, তাৰ বিষয়ে তেওঁলোকে জানিব লাগিব। এনে বহুতো বিশ্বাসী সেৱকসকলক জীৱিত কৰা হʼব, যিসকলৰ মৃত্যু সম্পূৰ্ণ বাইবেলখন লিখাৰ আগতেই হৈছিল। এই লোকসকলেও বহুতো কথা শিকিব লাগিব।

এই লেখত আমি এই দুটা প্ৰশ্নৰ উত্তৰৰ বিষয়ে আলোচনা কৰিম বৃহৎ পৰিমাণৰ শিকোৱাৰ কাম কেনেকৈ কৰা হʼব আৰু যিসকল লোকক শিকোৱা হʼব, সেই সকলো লোকৰ নাম জীৱনৰ কিতাপত লিখা হʼবনে? এই প্ৰশ্নবোৰৰ উত্তৰ জানিবলৈ আমি দানিয়েল আৰু প্ৰকাশিত বাক্যত লিখা ভৱিষ্যতবাণীবোৰৰ বিষয়ে মন কৰিম। এই ভৱিষ্যতবাণীবোৰ আলোচনা কৰিলে আমি বুজি পাম যে দানিয়েলৰ কিতাপত মৃত্যু লোকসকলৰ জীৱিত হোৱাৰ বিষয়ে যি ভৱিষ্যতবাণী কৰা হৈছে, তাৰ বিষয়ে আমাৰ বুজাবুজিত কি সাল-সলনি হৈছে। যিহেতু এই সকলোবোৰ কথা আগলৈ গৈ পূৰ হʼব, তথাপিও আজি এই কথাৰ ওপৰত ধ্যান দিয়াটো কিয় অতি গুৰুত্বপূৰ্ণ? গতিকে আহক প্ৰথমে দানিয়েল ১২:১, ২ পদত লিখা ভৱিষ্যতবাণীৰ ওপৰত আলোচনা কৰিম।

“ধূলিত শোৱা আটাই লোকে সাৰ পাব”

৪-৫. দানিয়েল ১২:১ পদত অন্তিম সময়ৰ বিষয়ে কি কোৱা হৈছে?

দানিয়েল ১২:১ পঢ়ক। দানিয়েলৰ কিতাপৰ পৰা বুজিব পাৰি যে শেষ-কালত এটাৰ পাছত এটা আচৰিতজনক ঘটনা ঘটিব। যেনে, দানিয়েল ১২:১ পদত মীখায়েল অৰ্থাৎ যীচু খ্ৰীষ্টৰ বিষয়ে কোৱা হৈছে যে তেওঁ ঈশ্বৰৰ লোকসকলৰ ফালৰ পৰা “উঠি থিয় হব।” ১৯১৪ চনত অৰ্থাৎ স্বৰ্গত যীচু খ্ৰীষ্ট ঈশ্বৰৰ ৰাজ্যৰ ৰজা হোৱাৰ পাছৰে পৰা এই কথাষাৰ পূৰ হৈছে।

দানিয়েলক এয়াও কোৱা হৈছিল যে “কোনো জাতি উৎপন্ন নোহোৱা কালেৰ পৰা সেই কাললৈকে যেনে সঙ্কট কেতিয়াও হোৱা নাই, এনে সঙ্কটৰ কাল হব।” সেই সময়ত যীচু “উঠি থিয় হব।” ইয়াৰ অৰ্থ কি? “সঙ্কটৰ কাল” আচলতে “মহাক্লেশ” হয়, যাৰ বিষয়ে মথি ২৪:২১ পদত কোৱা হৈছে। যীচুৱে সংকটৰ সময়ত থিয় হʼব, ইয়াৰ অৰ্থ হৈছে যে তেওঁ মহাক্লেশৰ শেষত অৰ্থাৎ হৰমাগিদোনৰ সময়ত ঈশ্বৰৰ লোকসকলক ৰক্ষা কৰিব। যীচুৱে যিসকল লোকক বচাব, তেওঁলোকক প্ৰকাশিত বাক্য কিতাপত “বৰ লোকসমূহ” বুলি কোৱা হৈছে, যিসকলে ‘মহা-ক্লেশৰ পৰা ওলাই আহিছে।’—প্ৰকা. ৭:৯, ১৪.

৬. যেতিয়া বৰ লোকসমূহ মহাক্লেশৰ পৰা ওলাই আহিব তাৰ পাছত কি হʼব? বুজাওক। (কোন লোকসকলক পৃথিৱীত জীৱিত কৰা হʼব আৰু তেওঁলোকৰ কেনেকৈ ন্যায় কৰা হʼব, তাৰ বিষয়ে বেছিকৈ জানিবলৈ এই প্ৰহৰীদুৰ্গত দিয়া “পাঠকসকলৰ প্ৰশ্ন” লেখ চাওক।)

দানিয়েল ১২:২ পঢ়ক। বৰ লোকসমূহে সেই সংকটৰ পৰা ৰক্ষা পোৱাৰ পাছত কি হʼব? এই পদত কোৱা হৈছে যে “পৃথিবীৰ ধূলিত শোৱা আটাই লোকে সাৰ পাব।” আগতে আমি বিশ্বাস কৰিছিলোঁ যে এই পদত শেষ-কালত যিহোৱাৰ লোকসকলে লাক্ষণিকভাৱে জীৱিত হোৱাৰ বিষয়ে কোৱা হৈছে অৰ্থাৎ সেই সময়ৰ বিষয়ে কোৱা হৈছে, যেতিয়া ১৯১৮ চনত হোৱা বিৰোধৰ পাছত তেওঁলোকে আকৌ উৎসাহেৰে প্ৰচাৰ কাম কৰিবলৈ ধৰিলে। * কিন্তু এই পদৰ বিষয়ে আমাৰ বুজাবুজিত সাল-সলনি হৈছে। এতিয়া আমি বিশ্বাস কৰোঁ যে ইয়াত নতুন পৃথিৱীত জীৱিত হোৱা লোকসকলৰ বিষয়ে কোৱা হৈছে। এই সাল-সলনিৰ কাৰণ কি? মন কৰক, দানিয়েল ১২:২ পদত সেই লোকসকলৰ বিষয়ে কোৱা হৈছে, যিসকল “ধূলিত” মিলি গৈছে। এবাৰ ইয়োবে যেতিয়া নিজৰ মৃত্যুৰ বিষয়ে কৈছিল, তেতিয়া তেওঁ “ধূলিত” মিলি যোৱা বা ‘চিয়োল’ অৰ্থাৎ কবৰৰ কথা কৈছিল। (ইয়ো. ১৭:১৬) ইয়াৰ পৰা আমি বুজিব পাৰোঁ যে দানিয়েল ১২:২ পদত সেই লোকসকলক জীৱিত কৰাৰ বিষয়ে কোৱা হৈছে, যিসকলে ধূলিত মিলি গৈছে বা যিসকলৰ সঁচাকৈ মৃত্যু হৈছে আৰু যিসকলক শেষ কালত আৰু হৰমাগিদোন যুদ্ধৰ পাছত জীৱিত কৰা হʼব।

৭. (ক) কিছুমান লোকক “অনন্ত জীৱন” দিবলৈ পুনৰুত্থান কৰা হʼব, ইয়াৰ অৰ্থ কি? (খ) তেওঁলোকৰ ‘শ্ৰেষ্ঠ পুনৰত্থান’ হʼব, ইয়াৰ অৰ্থ কি?

দানিয়েল ১২:২ পদত লিখা আছে যে কিছুমান লোকক “অনন্ত জীৱন” দিবলৈ জীৱিত কৰা হʼব। ইয়াৰ অৰ্থ কি? হাজাৰ বছৰৰ সময়ছোৱাত বহুতো লোকক জীৱিত কৰা হʼব, কিন্তু তেওঁলোকৰ মাজৰ যিসকল লোকে যিহোৱা আৰু যীচুৰ বিষয়ে শিকি থাকিব আৰু তেওঁলোকৰ আজ্ঞা পালন কৰিব, তেওঁলোকেহে অনন্ত জীৱন পাব। (যোহ. ১৭:৩) বাইবেলত এয়াও লিখা আছে যে তেওঁলোকৰ ‘শ্ৰেষ্ঠ পুনৰত্থান’ হʼব। (ইব্ৰী ১১:৩৫) কাৰণ যিসকল লোকক আগতে জীৱিত কৰা হৈছিল, তেওঁলোকে আকৌ মৃত্যু হʼল। কিন্তু যেতিয়া লোকসকলক নতুন পৃথিৱীত জীৱিত কৰা হʼব আৰু তেওঁলোকে যিহোৱাৰ বিষয়ে শিকি থাকিব, তেনেহʼলে তেওঁলোকে কেতিয়াও নমৰিব, ইয়াৰ পৰিৱৰ্তে সদায় কাললৈকে জীয়াই থাকিব।

৮. কিছুমান লোকক “অনন্ত লাজ আৰু ঘিণৰ” বাবে জীৱিত কৰা হʼব, ইয়াৰ অৰ্থ কি?

দানিয়েলৰ ভৱিষ্যতবাণীত এয়াও কোৱা হৈছে কিছুমান লোকক “অনন্ত লাজ আৰু ঘিণৰ” বাবে জীৱিত কৰা হʼব। ইয়াৰ অৰ্থ কি? যেতিয়া নতুন পৃথিৱীত লোকসকলক শিকোৱা হʼব, তেতিয়া সকলোৱে নিশিকিব। যিসকল লোকে যিহোৱাৰ এই ব্যৱস্থাক অস্বীকাৰ কৰিব আৰু নিজকে সলনি নকৰিব, তেওঁলোকৰ নাম জীৱনৰ কিতাপত লিখা নহʼব আৰু তেওঁলোকে অনন্ত জীৱন নাপাব। ইয়াৰ পৰিৱৰ্তে তেওঁলোকে “অনন্ত লাজ” পাব অৰ্থাৎ তেওঁলোকক সদায় কালৰ বাবে নাশ কৰা হʼব। সেইবাবে, আমি কʼব পাৰোঁ যে দানিয়েল ১২:২ পদত কোৱা হৈছে যে জীৱিত কৰাৰ পাছত তেওঁলোকে যেনেধৰণৰ কাম কৰিব, তাৰ আধাৰত তেওঁলোকৰ ন্যায় কৰা হʼব। * (প্ৰকা. ২০:১২) তেওঁলোকৰ মাজৰ কিছুমানে অনন্ত জীৱন পাব আৰু কিছুমানক সদায় কালৰ বাবে নাশ কৰা হʼব।

তেওঁলোকে ‘অনেকক ধাৰ্ম্মিকৰ’ পথত আনিব

৯-১০. দানিয়েল ১২:৩ পদৰ অনুসৰি মহাক্লেশৰ পাছত আৰু কি হʼব? বুজাওক।

দানিয়েল ১২:৩ পঢ়ক। দানিয়েল ১২:২ পদৰ নিচিনা ৩ পদতো মহাক্লেশৰ পাছত হʼবলগীয়া কিছুমান কথাৰ বিষয়ে কোৱা হৈছে।

১০ এই পদত কোৱা হৈছে যে কিছুমান লোক ‘আকাশৰ দীপ্তিৰ নিচিনাকৈ জিলিকি থাকিব।’ তেওঁলোক কোন? ইয়াৰ উত্তৰ আমি মথি ১৩ অধ্যায়ত বিচাৰি পাওঁ। মথি ১৩:৩৮ পদত যীচুৱে ‘ৰাজ্যৰ সন্তানবিলাক’ অৰ্থাৎ অভিষিক্ত খ্ৰীষ্টানসকলৰ বিষয়ে কৈছিল, যিসকলে তেওঁৰ লগত স্বৰ্গত শাসন কৰিব। তাৰ পাছত ৪৩ পদত তেওঁ এইদৰে কৈছিল, “তেতিয়া ধাৰ্ম্মিকসকলে তেওঁবিলাকৰ পিতৃৰ ৰাজ্যত সূৰ্য্যৰ নিচিনা হৈ দীপ্তি প্ৰকাশ কৰিব।” সেইবাবে, আমি কʼব পাৰোঁ যে দানিয়েল ১২:২ পদতো অভিষিক্ত খ্ৰীষ্টানসকলৰ বিষয়ে কৈছে আৰু সেই কামৰ বিষয়ে কোৱা হৈছে, যি তেওঁলোকে হাজাৰ বছৰৰ শাসনৰ সময়ছোৱাত কৰিব।

হাজাৰ বছৰৰ শাসনৰ সময়ছোৱাত যেতিয়া লোকসকলক শিকোৱা হʼব, তেতিয়া ১,৪৪,০০০ জন লোকে যীচুৰ লগত মিলি এই কামৰ নেতৃত্ব লʼব (অনুচ্ছেদ ১১ চাওক)

১১-১২. হাজাৰ বছৰৰ শাসনৰ সময়ছোৱাত অভিষিক্ত খ্ৰীষ্টানসকলে কি কৰিব?

১১ অভিষিক্তি খ্ৰীষ্টানসকলে কেনেকৈ ‘অনেকক ধাৰ্ম্মিকৰ’ পথত আনিব? হাজাৰ বছৰৰ সময়ছোৱাত যেতিয়া গোটেই পৃথিৱীত লোকসকলক বৃহৎ পৰিমাণে শিকোৱা হʼব, তেতিয়া ১,৪৪,০০০ জন লোকে যীচুৰ লগত মিলি এই কামৰ নেতৃত্ব লʼব। তেওঁলোকে কেৱল ৰজাৰ দৰে শাসন কৰিব এনে নহয়, ইয়াৰ পৰিৱৰ্তে তেওঁলোকে পুৰোহিত হিচাপে সেৱাও কৰিব। (প্ৰকা. ১:৬; ৫:১০; ২০:৬) তেওঁলোকে পুৰোহিত হিচাপে ‘জাতিবিলাকক সুস্থ’ কৰিবলৈ অৰ্থাৎ মানুহক লাহে লাহে সিদ্ধ হʼবলৈ সহায় কৰিব। (প্ৰকা. ২২:১, ২; যিহি. ৪৭:১২) এই কামৰ পৰা অভিষিক্ত খ্ৰীষ্টানসকলে বহুত আনন্দ লাভ কৰিব।

১২ কিন্তু অভিষিক্তি খ্ৰীষ্টানসকলে কোন লোকসকলক ‘ধাৰ্ম্মিকৰ’ পথত আনিব? যিসকলে নতুন পৃথিৱীত জীৱিত হʼব, যিসকলে হৰমাগিদোনৰ পৰা ওলাই আহিব আৰু নতুন পৃথিৱীত জন্ম হোৱা সকলো লʼৰা-ছোৱালীক অভিষিক্ত খ্ৰীষ্টানসকলে ধাৰ্মিকৰ পথত আনিব। হাজাৰ বছৰ শেষ হোৱাৰ সময়ত সকলো মানুহ সিদ্ধ হৈ পৰিব। গতিকে তেওঁলোকৰ নাম জীৱনৰ কিতাপত সদায়ৰ বাবে কেতিয়া লিখা হʼব?

শেষ পৰীক্ষা

১৩-১৪. অনন্ত জীৱন পাবলৈ পৃথিৱীত থকা সকলো সিদ্ধ লোকে কি কৰিব লাগিব?

১৩ মনত ৰাখক যে এজন ব্যক্তি সিদ্ধ হʼলেই যে অনন্ত জীৱন পাব এনে নহয়। আদম আৰু হবাৰ বিষয়ে চিন্তা কৰক। যদিও তেওঁলোক সিদ্ধ আছিল, কিন্তু তেওঁলোকে যিহোৱাৰ আজ্ঞা নামানিলে। সেইবাবে, তেওঁলোকে অনন্ত জীৱন নাপালে। (ৰোম. ৫:১২) ইয়াৰ অৰ্থ হৈছে এজন সিদ্ধ ব্যক্তিয়েও যিহোৱাৰ আজ্ঞাবোৰ পালন কৰিব লাগিব আৰু তেওঁ যিহোৱাৰ বিশ্বাসী হয় বুলি প্ৰমাণ কৰিব লাগিব। তেতিয়াহে তেওঁ অনন্ত জীৱন পাব।

১৪ আমি শিকিলোঁ যে হাজাৰ বছৰ শেষ হোৱালৈকে সকলো লোকে সিদ্ধ হৈ যাব। কিন্তু আগলৈ গৈয়ো তেওঁলোকে যিহোৱাৰ শাসনক সহযোগ কৰিব নে তেওঁলোকৰ মাজৰ কিছুমানে আদম আৰু হবাৰ নিচিনা হʼব, যিসকলে সিদ্ধ হোৱাৰ সত্ত্বেও যিহোৱাৰ আজ্ঞা পালন নকৰিলে? হাজাৰ বছৰৰ পাছত এনে কিছুমান ঘটনা ঘটিব, যাৰ পৰা স্পষ্ট হʼব যে কোনে যিহোৱাৰ বিশ্বাসী হৈ থাকিব আৰু কোনে নাথাকিব।

১৫-১৬. (ক) সকলো লোকে যিহোৱাৰ বিশ্বাসী হয় বুলি দেখুৱাবলৈ কেতিয়া সুযোগ পাব? (খ) শেষ পৰীক্ষাৰ পাছত কি হʼব?

১৫ হাজাৰ বছৰৰ শাসনৰ সময়ছোৱাত চয়তানক বন্দী কৰা হʼব আৰু সি লোকসকলক একো কৰিব নোৱাৰিব। কিন্তু হাজাৰ বছৰ সম্পূৰ্ণ হোৱাৰ পাছত তাক মুকলি কৰি দিয়া হʼব আৰু সি লোকসকলক ভুল পথত নিবলৈ চেষ্টা কৰিব। সেই পৰীক্ষাৰ সময়ছোৱাত সকলো সিদ্ধ মানুহে যিহোৱাৰ নামৰ সন্মান কৰে আৰু তেওঁৰ শাসনক সহযোগ কৰে বুলি দেখুৱাৰ সুযোগ পাব। (প্ৰকা. ২০:৭-১০) সেই সময়ত তেওঁলোকে যি কৰিব, তাৰ পৰা নিৰ্ণয় লোৱা হʼব যে তেওঁলোকৰ নাম জীৱনৰ কিতাপত সদায়ৰ কাৰণে লিখা হʼব নে নহʼব।

১৬ কিছুমান লোকে আদম আৰু হবাৰ নিচিনা বিশ্বাসী হৈ নাথাকিব আৰু যিহোৱাৰ শাসনক সহযোগ নকৰিব। গতিকে তেওঁলোকৰ কি হʼব? তেওঁলোকক সদায় কালৰ বাবে নাশ কৰি দিয়া হʼব। প্ৰকাশিত বাক্য ২০:১৫ পদত এইদৰে লিখা আছে, “জীৱন-পুস্তকত যি কোনোৰ নাম পোৱা নগল, তাক সেই অগ্নিৰ সৰোবৰত পেলোৱা হল।” সেই শেষ পৰীক্ষাত কিমান লোকে যিহোৱাৰ বিৰোধী হৈ পৰিব, সেয়া আমি নাজানোঁ। কিন্তু আমি এয়া জানোঁ যে সেই সময়ছোৱাত বেছিভাগ লোকে যিহোৱাৰ বিশ্বাসী হৈ থাকিব। তাৰ পাছত সেই বিশ্বাসী লোকসকলৰ নাম জীৱনৰ কিতাপত সদায়ৰ কাৰণে লিখা হʼব।

‘শেষকালত’ কি হʼব?

১৭. শেষ-কালৰ বিষয়ে দানিয়েলক কি কোৱা হৈছিল? (দানিয়েল ১২:৪, ৮-১০)

১৭ এই সকলো ভৱিষ্যতবাণী পূৰ হোৱাটো চাবলৈ আমি সকলোৱে আগ্ৰহেৰে বাট চাই আছোঁ। কিন্তু দানিয়েলৰ কিতাপত কেৱল ভৱিষ্যতৰ বিষয়ে নহয়, ইয়াৰ লগতে ‘শেষকালৰ’ বিষয়ে অৰ্থাৎ আমাৰ সময়ৰ বিষয়েও কিছুমান গুৰুত্বপূৰ্ণ কথা কোৱা হৈছে। (দানিয়েল ১২:৪, ৮-১০ পঢ়ক; ২ তীম. ৩:১-৫) স্বৰ্গদূতে দানিয়েলক কৈছিল যে শেষ-কালত সত্যৰ “জ্ঞান বৃদ্ধি হব।” ইয়াৰ অৰ্থ হৈছে শেষ-কালত ঈশ্বৰৰ লোকসকলে বাইবেলত লিখা ভৱিষ্যতবাণীবোৰ আৰু ভালদৰে বুজি পাব। আনকি দানিয়েলৰ ভৱিষ্যতবাণীও ভালদৰে বুজি পাব। স্বৰ্গদূতে দানিয়েলক এয়াও কৈছিল যে “দুষ্টবোৰে দুষ্কৰ্ম্ম কৰিব, আৰু দুষ্টবোৰৰ মাজৰ কোনেও এইবোৰ নুবুজিব।”

১৮. অতি সোনকালে দুষ্ট লোকসকলৰ কি হʼব?

১৮ আজি চাৰিওফালে দুষ্টতা বাঢ়ি গৈছে। দুষ্ট লোকসকলে শান্তিৰে জীয়াই আছে আৰু কোনেও তেওঁলোকক একো নকয়। (মলা. ৩:১৪, ১৫) কিন্তু অতি সোনকালে যীচুৱে সকলোৰে ন্যায় কৰিব। তেওঁ ছাগলীৰ সমান লোকসকলক, মেৰ সমান লোকসকলৰ পৰা বেলেগ কৰিব। (মথি ২৫:৩১-৩৩) মহাক্লেশৰ সময়ছোৱাত দুষ্ট লোকসকলক ধ্বংস কৰা হʼব আৰু নতুন পৃথিৱীত তেওঁলোকক পুনৰ জীৱিত কৰা নহʼব। মলাখী ৩:১৬ পদত কোৱা ঈশ্বৰৰ কিতাপত এই লোকসকলৰ নাম লিখা নহʼব।

১৯. আজি আমি কি কাম কৰা উচিত আৰু কিয়? (মলাখী ৩:১৬-১৮)

১৯ মলাখী ৩:১৬-১৮ পঢ়ক। আজি যিহোৱাই সেই লোকসকলক একগোট কৰি আছে, যিসকলক তেওঁ নিজৰ “বিশেষ সম্পত্তি” বা মূল্যৱান সম্পত্তি বুলি ভাবে। যিহোৱাই আমাকো নিজৰ “বিশেষ সম্পত্তি” বুলি ভবাটো আমি সকলোৱে বিচাৰোঁ। সেইবাবে, আমি মনত ৰখা উচিত যে আমি দুষ্ট লোকসকলৰ দৰে একো বেয়া কাম নকৰিম। ইয়াৰ পৰিৱৰ্তে ভাল কাম কৰি যিহোৱাক আনন্দিত কৰিম।

যেতিয়া নতুন পৃথিৱীত দানিয়েল, আমাৰ আপোনজনা আৰু আন বিশ্বাসী লোকসকল উঠি ‘থিয় হব,’ তেতিয়া তেওঁলোকক লগ পাই আমাক বহুত ভাল লাগিব! (অনুচ্ছেদ ২০ চাওক)

২০. (ক) যিহোৱাই দানিয়েলক কি প্ৰতিজ্ঞা কৰিছিল? (খ) আপুনি সেই প্ৰতিজ্ঞা পূৰ হোৱাটো চাবলৈ কিয় বাট চাই আছে?

২০ আজি বহুতো ভৱিষ্যতবাণী পূৰ হৈ আছে। কিন্তু আহিবলগীয়া সময়ছোৱাত আৰু ৰোমাঞ্চকৰ ঘটনা ঘটিব। সেই সময়ছোৱাত আৰু বহুতো ভৱিষ্যতবাণী পূৰ হʼব। দুষ্ট লোকসকলক সদায় কালৰ বাবে ধ্বংস কৰা হʼব আৰু যিহোৱাই দানিয়েলক যি প্ৰতিজ্ঞা কৰিছিল, সেই প্ৰতিজ্ঞাও পূৰ হʼব। যিহোৱাই এইদৰে কৈছিল, তুমি ‘কালৰ শেষত নিজ আধিপত্যৰ বাবে থিয় হবা।’ (দানি. ১২:১৩) আপুনিও সেই সময়ৰ বাবে আগ্ৰহেৰে বাট চাই আছেনে, যেতিয়া দানিয়েল আৰু আপোনাৰ আপোনজনা উঠি ‘থিয় হব’ আৰু আপুনি তেওঁলোকক লগ পাব। গতিকে আজি যিহোৱাৰ বিশ্বাসী হৈ থাকক। তেতিয়াহে আপোনাৰ নাম জীৱনৰ কিতাপত লিখা থাকিব।

গীত ৮০ ‘যিহোৱা যে মঙ্গলময়, তাক আস্বাদন কৰি চোৱা’

^ দানিয়েল ১২:২, ৩ পদৰ বিষয়ে আমি আগতে যি বিশ্বাস কৰিছিলোঁ আৰু এতিয়া তাত কি সাল-সলনি কৰা হʼল, তাৰ বিষয়ে আমি এই লেখত আলোচনা কৰিম। এই কথা মনত ৰাখি আমি এয়াও আলোচনা কৰিম যে নতুন পৃথিৱীত কেনেকৈ লোকসকলক বৃহৎ পৰিমাণত শিকোৱা হʼব আৰু ইয়াত কি কি জড়িত থাকিব। আমি এয়াও শিকিম যে যেতিয়া লোকসকলক শিকোৱা হʼব, তেতিয়া তেওঁলোকে হাজাৰ বছৰৰ পাছত হʼবলগীয়া শেষ পৰীক্ষা বাবে কেনেকৈ নিজকে সাজু কৰিব পাৰিব।

^ যিসকলৰ মৃত্যু শেষ-কালত হৈছিল, তেওঁলোকক হয়তো প্ৰথমে জীৱিত কৰা হʼব। তাৰ পাছত হয়তো সেই লোকসকলক জীৱিত কৰা হʼব, যিসকল তেওঁলোকতকৈ আগতে জীয়াই আছিল। এইদৰে এটা প্ৰজন্মই তেওঁলোকৰ আগৰ প্ৰজন্মক আদৰণি জনাব পাৰিব, যিসকলক তেওঁলোকে ভালদৰে চিনি পায়। কাক কেতিয়া জীৱিত কৰা হʼব, তাৰ বিষয়ে আমি সঠিকভাৱে নাজানোঁ। কিন্তু আমি বিশ্বাস ৰাখোঁ যে সকলোবিলাক শৃংখলাবদ্ধভাৱে হʼব। কাৰণ যিসকল লোকক স্বৰ্গত জীৱিত কৰা হয়, বাইবেলত তেওঁলোকৰ বিষয়ে এইদৰে কৈছে, তেওঁলোকক “নিজ নিজ শ্ৰেণীত জীউৱা হয়।”—১ কৰি. ১৪:৩৩; ১৫:২৩.

^ এই পদৰ বিষয়ে আগতে আমি যি বিশ্বাস কৰিছিলোঁ, সেই বিষয়ে দানিয়েলৰ ভৱিষ্যতবাণীৰ প্ৰতি মনোযোগ দিয়ক (হিন্দী) নামৰ কিতাপখনৰ অধ্যায় ১৭ আৰু ১ জুলাই ১৯৮৭ চনৰ প্ৰহৰীদুৰ্গৰ (ইংৰাজী) ২১-২৫ পৃষ্ঠাত দিয়া হৈছে। কিন্তু এতিয়া আমাৰ বুজাবুজিত সাল-সলনি হʼল।

^ কিন্তু পাঁচনিৰ কৰ্ম্ম ২৪:১৫ পদত লোকসকলে মৃত্যুৰ আগতে যি কামবোৰ কৰিছিল, সেইকামবোৰৰ আধাৰত তেওঁলোকক “ধাৰ্ম্মিক” বা “অধাৰ্ম্মিক” বুলি কোৱা হৈছে। ঠিক সেইদৰে যেতিয়া যোহন ৫:২৯ পদত কোৱা হৈছিল যে কিছুমান লোকে “সৎকৰ্ম্ম” কৰিছে আৰু কিছুমানে “কুকৰ্ম্ম” কৰিছে, তেতিয়া তাতো সেই কামৰ বিষয়ে কোৱা হৈছে, যিবোৰ তেওঁলোকে মৃত্যুৰ আগতেই কৰিছিল।