Skip to content

Skip to table of contents

অধ্যয়নৰ লেখ ১

ঈশ্বৰৰ বাক্য সম্পূৰ্ণ সত্য হয় বুলি ভৰসা ৰাখক

ঈশ্বৰৰ বাক্য সম্পূৰ্ণ সত্য হয় বুলি ভৰসা ৰাখক

২০২৩ চনৰ বাৰ্ষিক পাঠ: তোমাৰ বাক্য সম্পূৰ্ণ সত্য।—গীত. ১১৯:১৬০.

গীত ৯৬ যিহোৱাৰ পবিত্ৰ কিতাপ—এক ৰত্ন

লেখৰ এক আভাস a

১. আজি বহুতো লোকক বাইবেলৰ ওপৰত ভৰসা কৰিবলৈ কিয় কঠিন লাগে?

 আজি বহুতো লোকে বুজি নাপায় যে তেওঁলোকে কাৰ ওপৰত ভৰসা কৰিব আৰু কাৰ ওপৰত নহয়। তেওঁলোকে সকলোৰে ওপৰত সন্দেহ কৰে। মন্ত্ৰী, বৈজ্ঞানিক, ডাঙৰ ডাঙৰ বেপাৰী আৰু ধৰ্মগুৰুসকলৰ ওপৰত লোকসকলৰ ভৰসা নাইকিয়া হʼবলৈ ধৰিছে। যেনে, পাদুৰিসকলে ইমানেই বেয়া বেয়া কামবোৰ কৰে যে লোকসকলে তেওঁলোকক সন্মান নকৰে আৰু তেওঁলোকৰ ওপৰত সন্দেহ কৰে। সেইবাবে, আজি বহুতো লোকে বাইবেলৰ ওপৰত ভৰসা কৰিব নোৱাৰে।

২. গীতমালা ১১৯:১৬০ পদৰ অনুসৰি কি কথাৰ ওপৰত আমাৰ ভৰসা থকা উচিত?

কিন্তু আমি বিশ্বাস কৰোঁ যে যিহোৱা ‘সত্যৰ ঈশ্বৰ’ হয় আৰু তেওঁ সদায় আমাৰ ভাল হোৱাটো বিচাৰে। (গীত. ৩১:৫; যিচ. ৪৮:১৭) আমি জানোঁ যে আমি তেওঁৰ বাক্যৰ ওপৰত ভৰসা কৰিব পাৰোঁ, কিয়নো তেওঁৰ বাক্য সম্পূৰ্ণ সত্য। (গীতমালা ১১৯:১৬০ পঢ়ক।) বাইবেলৰ বিদ্বান এজনে একেবাৰে সঠিক কথা লিখিছিল, “ঈশ্বৰে কেতিয়াও মিছা কথা নকয়। তেওঁৰ বাক্য সম্পূৰ্ণকৈ সত্য হয়। সেইবাবে, ঈশ্বৰৰ লোকসকলৰ তেওঁৰ ওপৰত ভৰসা আছে আৰু তেওঁলোকে তেওঁৰ বাক্যৰ ওপৰতো ভৰসা কৰিব পাৰে।”

৩. এই লেখত আমি কিহৰ বিষয়ে আলোচনা কৰিম?

বাইবেলত লিখা কথাৰ ওপৰত আমি বিশ্বাস কৰোঁ, কিন্তু এই কথাৰ ওপৰত আমি আনৰ বিশ্বাস কেনেকৈ জন্মাব পাৰোঁ? এই লেখত আমি তিনিটা কথাৰ ওপৰত আলোচনা কৰিম, যাৰ পৰা স্পষ্ট হʼব যে আমি বাইবেলত লিখা কথাৰ ওপৰত ভৰসা কৰিব পাৰোঁ। সেইবোৰ হৈছে: (১) সময় অতিবাহিত হোৱাৰ লগে লগে বাইবেলত লিখা কথাবোৰ সলনি হোৱা নাই, (২) ইয়াত উল্লেখ কৰা ভৱিষ্যতবাণীবোৰ পূৰ হৈছে আৰু (৩) বাইবেলত লিখা কথাবোৰ পালন কৰি বহুতো লোকৰ জীৱন সলনি হৈছে।

বাইবেলত লিখা কথাবোৰ সলনি হোৱা নাই

৪. বাইবেলত লিখা কথাবোৰ সলনি হʼল বুলি কিছুমান লোকে কিয় ভাবে?

যিহোৱাই ৪০ জন বিশ্বাসী লোকৰ যোগেদি বাইবেলৰ বেলেগ বেলেগ কিতাপ লিখাইছিল। সেই সময়ত তেওঁলোকে যিবোৰ বস্তুত লিখিছিল, সেই সকলো নষ্ট হৈ গʼল। সময় অতিবাহিত হোৱাৰ লগে লগে তাৰ বহুতো নকল বনোৱা হʼল। আজি আমাৰ ওচৰত যিবোৰ হস্তলিপি আছে, সেইবোৰো নকলেই হয়। b সেইবাবে, বহুতো লোকে ভাবে যে বাইবেলত লিখা কথাবোৰ সলনি হৈ গʼল আৰু তাৰ ওপৰত তেওঁলোকে ভৰসা কৰিব নোৱাৰে। আপুনিও কেতিয়াবা এইদৰে ভাবিছিলনে? বাইবেলত লিখা কথাবোৰ সলনি হোৱা নাই বুলি আমি কিয় ভৰসা কৰিব পাৰোঁ, আহক চাওঁ।

হিব্ৰু শাস্ত্ৰৰ নকল বনোৱা লোকসকলে ঈশ্বৰৰ বাক্যক যাতে সঠিকভাৱে প্ৰস্তুত কৰিব পাৰে, তাৰ বাবে বহুত পৰিশ্ৰম কৰিছিল (অনুচ্ছেদ ৫ চাওক)

৫. হীব্ৰু শাস্ত্ৰৰ নকলবোৰ কেনেকৈ বনোৱা হৈছিল?

যিহোৱাই সময় অতিবাহিত হোৱাৰ লগে লগে বাইবেলত লিখা কথাবোৰ সলনি হোৱাটো বিচৰা নাছিল। সেইবাবে, তেওঁ ইস্ৰায়েলৰ প্ৰতিজন ৰজাক মোচিৰ নিয়মৰ নকল বনাবলৈ আজ্ঞা দিছিল, যাতে এয়া সুৰক্ষিত হৈ থাকে। নিয়মৰ পুস্তক লোকসকলক পঢ়ি শুনাবলৈ যিহোৱাই লেবীসকলক আজ্ঞা দিছিল। (দ্বিতী. ১৭:১৮; ৩১:২৪-২৬; নহি. ৮:৭) বন্দী হৈ থকা যিহূদীসকলক বাবিলৰ পৰা মুকলি কৰি দিয়া হʼল, তাৰ পাছত কিছুমান লোকে হীব্ৰু শাস্ত্ৰৰ নকল বনাবলৈ আৰম্ভ কৰিলে। (ইজ্ৰা ৭:৬) নকল বনোৱা লোকসকলে বহুত সাৱধানেৰে সেইবোৰ তৈয়াৰ কৰিছিল। আগলৈ গৈ নকলবোৰ বনোৱাৰ পাছত তেওঁলোকে শব্দবোৰ হিচাপ কৰাৰ লগতে আখৰবোৰো হিচাপ কৰিছিল, যাতে তেওঁলোকে নিশ্চিত কৰিব পাৰে যে তেওঁলোকে যি লিখিছে, সেয়া সঠিক হৈছে নে নাই হোৱা। গতিকে ইয়াৰ অৰ্থ এয়া নেকি যে তেওঁলোকৰ পৰা অলপো ভুল হোৱা নাছিল? নহয়, এনে নাছিল। তেওঁলোকেও অসিদ্ধ মানুহেই আছিল। সেইবাবে, তেওঁলোকৰ পৰা সৰু-সুৰা ভুল হৈছিল। কিন্তু আজি আমাৰ ওচৰত বাইবেলৰ বহুতো হস্তলিপি আছে। সেইবাবে, আমি ভুলবোৰ বিচাৰি উলিয়াব পাৰোঁ। আহক ইয়াৰ বিষয়ে আৰু চাওঁ।

৬. বাইবেলৰ কোনো হস্তলিপিত ভুল আছে নে নাই, তাক জানিবলৈ বিদ্বানসকলে কি কৰে?

ধৰি লওক ১০০ জন ব্যক্তিক কোনো এখন লেখৰ নকল বনাবলৈ কোৱা হৈছে আৰু তেওঁলোকৰ মাজৰ এজন ব্যক্তিৰ ভুল হৈছে। তেনেহʼলে সেই ভুলটো ধৰা পেলোৱাৰ এটা উপায় হৈছে ৯৯ জন ব্যক্তিৰ নকলৰ লগত তেওঁৰ নকলটো মিলাই চোৱা। ঠিক সেইদৰে আজি বাইবেলৰ বিদ্বানসকলে এই উপায়টো ব্যৱহাৰ কৰে আৰু ভুল ধৰাৰ এয়া এক সঠিক উপায় হয়। বাইবেলৰ বেলেগ বেলেগ হস্তলিপিৰ লগত মিলাই তেওঁলোকে চাই যে কোনোবাই নকল বনাওঁতে কিবা ভুল কৰিলে নেকি বা কিবা এৰি দিলে নেকি।

৭. নকল বনোৱা লোকসকলে বহু সাৱধানেৰে নকলবোৰ বনাইছিল বুলি আমি কিয় কʼব পাৰোঁ?

এই হস্তলিপিবোৰৰ বহু বাৰ নকল বনোৱা হৈছে। সেইবাবে, কিছুমান লোকে ভাবে যে সময় অতিবাহিত হোৱাৰ লগে লগে ইয়াত লিখা কথাবোৰ সলনি হৈ গʼল। কিন্তু নকল বনোৱা লোকসকলে বহুত সাৱধানেৰে এইবোৰ বনাইছিল, যাতে তেওঁলোকৰ পৰা কোনো ভুল নহয়। আমি এয়া কিয় কʼব পাৰোঁ? কিছু বছৰৰ আগৰলৈকে আমাৰ ওচৰত সম্পূৰ্ণ হীব্ৰু শাস্ত্ৰৰ আটাইতকৈ পুৰণি যি হস্তলিপি আছিল, সেয়া ১০০৮ বা ১০০৯ খ্ৰীষ্টাব্দৰ আছিল। এই হস্তলিপিক লেলিনগাৰ্ড কʼডেক্স বুলি কোৱা হয়। কিন্তু অলপ আগতে অনুসন্ধানকাৰীসকলে বাইবেলৰ আন কিছুমান হস্তলিপি আৰু ইয়াৰ কিছুমান টুকুৰা পাইছিল, যিবোৰ ‘লেলিনগাৰ্ড কʼডেক্সতকৈ’ ১,০০০ বছৰ পুৰণা আছিল। কিছুমান লোকে ভাবিব পাৰে যে এই পুৰণা হস্তলিপি আৰু ‘লেলিনগাৰ্ড কʼডেক্সৰ’ মাজত বহুত পাৰ্থক্য হʼব, কিন্তু এনে নাছিল। যেতিয়া বাইবেলৰ বিদ্বানসকলে এই দুয়োটা হস্তলিপি মিলাই চালে, তেতিয়া তেওঁলোকে দেখিলে যে যদিও ইয়াৰ শব্দবোৰ তল ওপৰ আছে, কিন্তু দুয়োটাৰে মাজত মিল আছে।

৮. খ্ৰীষ্টান গ্ৰীক শাস্ত্ৰৰ হস্তলিপি আৰু সেই সময়ৰ আন কিতাপবোৰৰ হস্তলিপিৰ মাজত তুলনা কৰিলে কি জানিব পাৰি?

যিদৰে হিব্ৰু শাস্ত্ৰৰ নকল বনোৱা হৈছিল, ঠিক সেইদৰে প্ৰথম শতিকাৰ খ্ৰীষ্টানসকলে গ্ৰীক শাস্ত্ৰৰ ২৭ খন কিতাপৰ নকল বনাইছিল। সেইবোৰ তেওঁলোকে প্ৰচাৰ আৰু সভাত পঢ়িছিল। আজি আমাৰ ওচৰত খ্ৰীষ্টান গ্ৰীক শাস্ত্ৰৰ কিমান হস্তলিপি আছে আৰু প্ৰথম শতিকাত লিখা আন কিতাপবোৰৰ কিমান হস্তলিপি আছে, এজন বিদ্বানে তাৰ মাজত তুলনা কৰি চাইছিল আৰু সেইবোৰ কি অৱস্থাত আছে অৰ্থাৎ তাৰ মাজৰ কিমান অংশ নাইকীয়া হৈছে নেকি, সেইবোৰো তুলনা কৰি চাইছিল। তেওঁ কৈছে যে ‘আন কিতাপবোৰৰ তুলনাত গ্ৰীক শাস্ত্ৰৰ হস্তলিপি বহুত আছে আৰু সেইবোৰ ভাল অৱস্থাত আছে।’ এনাটʼমি অফ দ্যা নিউ টেস্টমেন্ট নামৰ কিতাপখনত লিখা আছে, “আজি যদি আমি ভাল অনুবাদ পঢ়োঁ, তেনেহʼলে আমি বিশ্বাস কৰিব পাৰোঁ যে তাত সেই কথাবোৰে লিখা আছে, যিবোৰ বাইবেলৰ লেখকসকলে আৰম্ভণিতে লিখিছিল।”

৯. যিচয়া ৪০:৮ পদৰ অনুসৰি বাইবেলৰ বিষয়ে কি কʼব পাৰি?

আজি আমাৰ ওচৰত থকা বাইবেলত সেই কথাবোৰেই লিখা আছে, যিবোৰ আৰম্ভণিতে বাইবেলৰ লেখকসকলে লিখিছিল। c বহু বছৰৰলৈকে নকল বনোৱা লোকসকলে বহুত সাৱধানেৰে বাইবেলৰ হস্তলিপিবোৰৰ নকল বনাইছিল। এই সকলোৰ আঁৰত হয়তো যিহোৱাৰ হাত আছিল। কাৰণ তেওঁৰ বাক্য সুৰক্ষিতভাৱে সকলো মানুহৰ ওচৰত পোৱাটো তেওঁ বিচাৰিছিল। (যিচয়া ৪০:৮ পঢ়ক।) কিন্তু কিছুমান লোকে কʼব পাৰে যে যদিও বাইবেলত লিখা কথাবোৰ সলনি হোৱা নাই, কিন্তু ইয়াৰ পৰা কেনেকৈ জানিব পাৰি যে বাইবেলখন ঈশ্বৰে লিখাইছে। গতিকে আহক কিছুমান প্ৰমাণলৈ ধ্যান দিওঁ, যাৰ পৰা জানিব পাৰি যে বাইবেলখন ঈশ্বৰে লিখাইছে।

বাইবেলত লিখা ভৱিষ্যতবাণীবোৰ পূৰ হʼল

Left: C. Sappa/DeAgostini/Getty Images; right: Image © Homo Cosmicos/Shutterstock

বাইবেলৰ ভৱিষ্যতবাণীবোৰ আগতেও পূৰ হৈছিল আৰু এতিয়াও পূৰ হৈ আছে (অনুচ্ছেদ ১০-১১ চাওক) e

১০. এটা উদাহৰণ দি বুজাওক যে ২ পিতৰ ১:২১ পদত লিখা কথাবোৰ সঁচা হয়। (ছবিবোৰ চাওক।)

১০ বাইবেলত লিখা বহুতো ভৱিষ্যতবাণী পূৰ হ’ল। তাৰে মাজৰ বহুতো ভৱিষ্যতবাণী পূৰ হোৱাৰ আগতে লিখা হৈছিল। ইতিহাসে প্ৰমাণ কৰে যে যিদৰে ভৱিষ্যতবাণী কৰা হৈছিল, ঠিক সেইদৰে হ’ল। ইয়াৰ বিষয়ে জানি আমি আচৰিত নহওঁ। কাৰণ এই ভৱিষ্যতবাণীবোৰ যিহোৱাই লিখাইছিল। (২ পিতৰ ১:২১ পঢ়ক।) এটা উদাহৰণলৈ মন কৰক। খ্ৰীষ্টপূৰ্ব ৭৭৮ আৰু ৭৩২ সময়ছোৱাত যিচয়াই বাবিল চহৰখনৰ ধ্বংসৰ বিষয়ে ভৱিষ্যতবাণী কৰিছিল। সেই চহৰখন জয় কৰাটো ইমান সহজ নাছিল। কিন্তু তেওঁ ভৱিষ্যতবাণী কৰিছিল যে সেই চহৰখন জয় কৰা হʼব। তেওঁ কৈছিল যে কোৰচ নামৰ ব্যক্তিজনে সেই চহৰখন জয় কৰিব আৰু তাক কেনেকৈ জয় কৰিব, তাৰ বিষয়েও কৈছিল। (যিচ. ৪৪:২৭–৪৫:২) যিচয়াই এয়াও কৈছিল যে বাবিল চহৰখন একেবাৰে ধ্বংস কৰা হ’ব আৰু তাত কোনেও নাথাকিব। (যিচ. ১৩:১৯, ২০) ঠিক সেইদৰে হ’ল। খ্ৰীষ্টপূৰ্ব ৫৩৯-ত মাদিয়া আৰু পাৰচ্যই বাবিলত আক্ৰমণ কৰিলে। আজিও বাবিল চহৰখন ধ্বাংসাৱশেষ হৈ আছে। দুখ-কষ্ট নথকা এক অনন্ত জীৱন! নামৰ কিতাপখনৰ পাঠ ০৩-ৰ ভাগ ০৫-ত দিয়া বাবিল পৰাজয়ৰ ভৱিষ্যতবাণী নামৰ ভিডিঅ’খন চাওক।

১১. দানিয়েল ২:৪১-৪৩ পদত লিখা ভৱিষ্যতবাণী আজি কেনেকৈ পূৰ হৈ আছে বুজাওক।

১১ বাইবেলৰ ভৱিষ্যতবাণীবোৰ কেৱল প্ৰাচীন সময়তে পূৰ হোৱা নাছিল, বৰ্তমান সময়তো পূৰ হৈ আছে। মন কৰক দানিয়েলে ব্ৰিটেইন-আমেৰিকা বিশ্ব শক্তিৰ বিষয়ে কি ভৱিষ্যতবাণী কৰিছিল। (দানিয়েল ২:৪১-৪৩ পঢ়ক।) তেওঁ কৈছিল যে এই বিশ্ব শক্তিৰ ‘এভাগ লোহাৰ নিচিনা দৃঢ় হব’ আৰু ‘এভাগ মাটিৰ নিচিনা সহজে ভাঙি পৰা হব।’ ভৱিষ্যতবাণীত কোৱাৰ দৰে আজি হৈ আছে। সেই বিশ্ব শক্তি সঁচাকৈ লোহাৰ নিচিনা মজবুত হয়। ব্ৰিটেইন আৰু আমেৰিকাই প্ৰথম আৰু দ্বিতীয় বিশ্ব যুদ্ধত সম্পূৰ্ণৰূপে ভাগ লʼলে আৰু যুদ্ধত দুয়োবাৰ তেওঁলোকে জিকিলে আৰু আজি এই বিশ্ব শক্তিৰ ওচৰত ডাঙৰ আৰু শক্তিশালী সেনা-বাহিনী আছে। কিন্তু ইয়াৰ নাগৰিকসকলে ইয়াৰ লোহাৰ নিচিনা শক্তিক দুৰ্বল কৰে। তেওঁলোকে যি দাবী কৰে, সেয়া পাবলৈ তেওঁলোকে ইউনিয়ন বনায়। স্বাধীনতা আৰু নিজৰ নাগৰিক অধিকাৰ পাবলৈ তেওঁলোকে চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ আৰু আন্দোলন কৰে। অলপ আগতেই ৰাজনীতিৰ এজন বিশেষজ্ঞই কৈছিল যে “পৃথিৱীৰ সকলো ডাঙৰ গণতান্ত্ৰিক দেশৰ ভিতৰত আমেৰিকাৰ লোকসকলে ৰাজনীতিৰ ক্ষেত্ৰত ভাগ হৈ পৰিছে আৰু তাৰ চৰকাৰত বহুত খেলি মেলি আছে।” আনহাতে, ব্ৰিটেইনত থকা লোকসকলক যদি চাওঁ, তাত থকা লোকসকলে ইউৰোপীয় সংঘৰ আন দেশবোৰৰ লগত সম্পৰ্ক বজাই ৰাখিব লাগে নে নালাগে, সেই বিষয়ক লৈ ভাগ হৈ পৰিছে। এই কাৰণবোৰৰ বাবে ব্ৰিটেইন-আমেৰিকা বিশ্ব শক্তিয়ে যি কৰিব বিচাৰে, সেয়া কৰিব পৰা নাই।

১২. বাইবেলত লিখা ভৱিষ্যতবাণীৰ পৰা কি কথাৰ প্ৰতি আমাৰ ভৰসা বাঢ়ে?

১২ বাইবেলৰ বহুতো ভৱিষ্যতবাণী পূৰ হʼল। গতিকে আমি বিশ্বাস কৰিব পাৰোঁ যে যিহোৱাই ভৱিষ্যতৰ বিষয়ে যিবোৰ ভৱিষ্যতবাণী কৰিছে, সেইবোৰো নিশ্চয় পূৰ হʼব। গীতৰচক এজনৰ দৰে আমিও যিহোৱাৰ ‘পৰিত্ৰাণলৈ হাবিয়াহ কৰিছোঁ। কিয়নো আমি তেওঁৰ বাক্যত আশা কৰোঁ।’ (গীত. ১১৯:৮১) যিহোৱাই নিজৰ বাক্য বাইবেলত আমাক ভৱিষ্যতৰ এটা ভাল আশা দিছে। (যিৰি. ২৯:১১) এই আশা পূৰ হʼব নে নহয়, সেয়া মানুহে কি কৰিছে বা কি কৰা নাই, তাৰ ওপৰত নিৰ্ভৰ নকৰে। ইয়াৰ পৰিৱৰ্তে এই আশা যিহোৱাই আমাক দিছে, সেইবাবে আমি বিশ্বাস কৰিব পাৰোঁ যে সেয়া নিশ্চয় পূৰ হʼব। গতিকে আহক আমি বাইবেলত যিবোৰ ভৱিষ্যতবাণী দিয়া আছে, তাৰ ভালদৰে অধ্যয়ন কৰোঁ। এইদৰে কৰিলে আমাৰ ভৰসা বাঢ়িব যে বাইবেলত লিখা কথাবোৰ সঁচা হয়।

বাইবেলৰ পৰামৰ্শবোৰ লাভজনক

১৩. গীতমালা ১১৯:৬৬, ১৩৮ পদৰ অনুসৰি আমি আৰু কি কাৰণৰ বাবে বাইবেলৰ ওপৰত ভৰসা কৰিব পাৰোঁ?

১৩ আমি বাইবেলত লিখা কথাবোৰৰ ওপৰত ভৰসা কৰিব পাৰোঁ। কাৰণ বহুতো লোকে ইয়াৰ পৰামৰ্শ পালন কৰি লাভৱান হৈছে। (গীতমালা ১১৯:৬৬, ১৩৮ পঢ়ক।) যেনে, বহুতো স্বামী আৰু পত্নীয়ে বিবাহ-বিচ্ছেদ কৰিব বিচাৰিছিল। কিন্তু বাইবেলৰ পৰামৰ্শ পালন কৰি তেওঁলোকৰ সম্পৰ্ক ভাল হʼল। এতিয়া তেওঁলোকৰ পৰিয়ালত এটা ভাল পৰিৱেশ আছে আৰু তেওঁলোকে নিজৰ লʼৰা-ছোৱালীক ভালদৰে চোৱা-চিতা কৰিব পাৰিছে আৰু তেওঁলোকৰ মাজত প্ৰেম আছে।—ইফি. ৫:২২-২৯.

১৪. এটা উদাহৰণ দি বুজাওক যে বাইবেলত দিয়া পৰামৰ্শবোৰ পালন কৰিলে লোকসকলৰ জীৱন সলনি হʼব পাৰে।

১৪ বাইবেলৰ পৰামৰ্শ পালন কৰাৰ বাবে ডাঙৰ ডাঙৰ অপৰাধীয়েও নিজৰ জীৱন সলনি কৰিলে। জেক নামৰ ব্যক্তিজনৰ লগতো এইদৰে হʼল। d তেওঁ জেইলত বন্দী আছিল। তেওঁক আৰু আন কৈদীসকলক মৃত্যুদণ্ডৰ শাস্তি শুনোৱা হৈছিল আৰু তেওঁলোকৰ মাজত জেক আটাইতকৈ হিংস্ৰক আছিল। এদিনাখন কিছুমান ভায়ে জেইলত বাইবেল অধ্যয়ন কৰি আছিল। জেকে তাত গৈ তেওঁলোকৰ কথা শুনিবলৈ ধৰিলে। ভাইসকলৰ ভাল আচাৰ-ব্যৱহাৰ দেখি তেওঁৰ বহুত ভাল লাগিল। জেকেও বাইবেল অধ্যয়ন কৰিবলৈ আৰম্ভ কৰিলে। তেওঁ বাইবেলৰ পৰা যিবোৰ কথা শিকিছিল, সেইবোৰ পালন কৰিলে আৰু এজন ভাল ব্যক্তি হʼল আৰু আনৰ লগতো ভাল ব্যৱহাৰ কৰিবলৈ ধৰিলে। কিছু সময়ৰ পাছত তেওঁ প্ৰচাৰক হʼল আৰু বাপ্তিষ্মাও লʼলে। তেওঁ আন কৈদীসকলক ঈশ্বৰৰ ৰাজ্যৰ বিষয়ে উৎসাহেৰে প্ৰচাৰ কৰিছিল। তেওঁ কমেও চাৰিজন লোকক বাইবেল অধ্যয়ন কৰাইছিল। মৃত্যু শাস্তি দিয়া দিনলৈকে তেওঁ সম্পূৰ্ণৰূপে সলনি হৈছিল। তেওঁৰ এগৰাকী উকীলে এইদৰে কʼলে “২০ বছৰৰ আগতে মই যিজন জেকক জানিছিলোঁ, এয়া সেই জেক নহয়। যিহোৱাৰ সাক্ষীসকলে তেওঁক যিবোৰ কথা শিকাইছিল, তাৰ সহায়ত তেওঁ একেবাৰে সলনি হʼল।” জেকৰ শাস্তি সলনি নহʼল। কিন্তু এই কথাৰ পৰা ভৰসা বাঢ়ে যে বাইবেলত দিয়া পৰামৰ্শ লাভজনক আৰু এই পৰামৰ্শ পালন কৰিলে এজন ব্যক্তিৰ জীৱন সলনি হয়।—যিচ. ১১:৬-৯.

বাইবেলত দিয়া পৰামৰ্শবোৰ পালন কৰি বেলেগ বেলেগ ঠাইত থকা লোকসকলে নিজকে সলনি কৰিব পাৰিছে (অনুচ্ছেদ ১৫ চাওক) f

১৫. বাইবেলৰ সত্যতাবোৰ পালন কৰাৰ বাবে আজি যিহোৱাৰ লোকসকল জগতৰ লোকসকলতকৈ কেনেকৈ পৃথক? (ছবিখন চাওক।)

১৫ আজি জগতত ৰাজনীতি, ধনী-দুখীয়া, ৰং-ৰূপ বা জাতিৰ কাৰণে লোকসকলে ভাগ হৈ পৰিছে। কিন্তু যিহোৱাৰ লোকসকলৰ মাজত শান্তি আৰু একতা আছে। কাৰণ তেওঁলোকে বাইবেলত লিখা কথাবোৰ পালন কৰে। (যোহ. ১৩:৩৫; ১ কৰি. ১:১০) এই কথাটো আফ্ৰিকাত থকা জʼন নামৰ ব্যক্তিজনক বহুত ভাল লাগিল। যেতিয়া তেওঁলোকৰ দেশত গৃহযুদ্ধ আৰম্ভ হৈছিল, তেতিয়া তেওঁ সেনাত ভৰ্তি হৈছিল। কিন্তু কিছু সময়ৰ পাছত তেওঁ আন দেশলৈ পলাই গʼল আৰু তাত তেওঁ যিহোৱাৰ সাক্ষীসকলক লগ পালে। জʼনে এইদৰে কৈছে, “যিসকলে সত্য ধৰ্ম পালন কৰে, তেওঁলোকে ৰাজনীতিত ভাগ নলয়। তেওঁলোকৰ মাজত একতা আৰু প্ৰকৃত প্ৰেম থাকে। আগতে মই নিজৰ দেশৰ বাবে জীয়াই আছিলোঁ, কিন্তু যেতিয়া মই যিহোৱাৰ বিষয়ে শিকিলোঁ, তেতিয়া যিহোৱাৰ বাবে জীয়াই থাকিবলৈ আৰু নিজৰ জীৱন তেওঁলৈ সমৰ্পণ কৰিবলৈ থিৰাং কৰিলোঁ।” জʼন সম্পূৰ্ণৰূপে সলনি হʼল। তেওঁ এতিয়া আন জাতিৰ লোকসকলৰ লগত যুদ্ধ নকৰে। ইয়াৰ পৰিৱৰ্তে তেওঁ সকলোকে বাইবেলত দিয়া শান্তিৰ বিষয়ে জনায়। জʼনৰ অনুভৱৰ পৰা জানিব পাৰি যে বাইবেলত দিয়া পৰামৰ্শ সকলো দেশ আৰু জাতিৰ লোকসকলৰ বাবে লাভজনক। ইয়ে প্ৰমাণ কৰে যে আমি বাইবেলৰ ওপৰত সম্পূৰ্ণৰূপে ভৰসা কৰিব পাৰোঁ।

ঈশ্বৰৰ বাক্যত লিখা কথাবোৰৰ ওপৰত ভৰসা ৰাখক

১৬. আমি ঈশ্বৰৰ বাক্যৰ ওপৰত কিয় সম্পূৰ্ণৰূপে ভৰসা ৰখা উচিত?

১৬ জগতৰ পৰিস্থিতি একেবাৰে বেয়ালৈ ঢাল খাইছে। সেইবাবে ঈশ্বৰৰ বাক্যৰ ওপৰত ভৰসা কৰাটো আমাৰ বাবে কঠিন হʼব পাৰে। লোকসকলে এনেধৰণৰ কথা কʼব পাৰে, যাৰ বাবে আমি ভাবিব পাৰোঁ যে বাইবেলত লিখা কথাবোৰ সঁচা হয় নে নহয় বা যিহোৱাই সঁচাকৈ বিশ্বাসী বুদ্ধিমান দাসৰ যোগেদি আমাক নিৰ্দেশনা দিয়েনে? কিন্তু আমি যদি বাইবেলৰ ওপৰত সম্পূৰ্ণৰূপে ভৰসা কৰোঁ, তেনেহʼলে লোকসকলৰ কথাৰ ওপৰত ধ্যান নিদিম আৰু ‘শেষলৈকে যিহোৱাৰ বিধিবোৰ’ পালন কৰিম। (গীত. ১১৯:১১২) আমি আনক বাইবেলৰ সত্যতাৰ বিষয়ে জনাবলৈ “লাজ” অনুভৱ নকৰিম আৰু তেওঁলোকক সেই কথাবোৰ পালন কৰিবলৈ উৎসাহিত কৰিম। (গীত. ১১৯:৪৬) আমাৰ ওপৰত যিয়ে সমস্যা বা তাড়না নাহক কিয় আমি আনন্দ আৰু ‘সন্তুষ্টেৰে’ সেইবোৰ সন্মুখীন হʼব পাৰিম।—কল. ১:১১; গীত. ১১৯:১৪৩, ১৫৭.

১৭. এই বছৰৰ বাৰ্ষিক পাঠে কি কথাৰ ওপৰত আমাৰ বিশ্বাস বঢ়াব?

১৭ আমি অতি আনন্দিত যে যিহোৱাই আমাক বাইবেলৰ সত্যতাবোৰ জনাইছে। কিন্তু আজি জগতৰ লোকসকলে নাজানে যে তেওঁলোকে কাৰ ওপৰত ভৰসা কৰিব পাৰে বা কাৰ ওপৰত নোৱাৰে আৰু তেওঁলোকে কি কৰা উচিত বা কৰা উচিত নহয়, তাৰ বিষয়েও নাজানে। কিন্তু বাইবেলৰ সত্যতা জনাৰ বাবে আমি জানোঁ যে আমি জীৱনত কি কৰা উচিত। বাইবেলৰ সত্যতাবোৰ জনাৰ বাবে আমি সমস্যা অহাৰ সময়ত সাহসেৰে কাম কৰিব পাৰোঁ আৰু শান্ত হৈ থাকিব পাৰোঁ। ইয়াৰ উপৰিও আমি এটা আশা পাইছোঁ যে আমি ঈশ্বৰৰ ৰাজ্যত এক ভাল জীৱন জীয়াই থাকিম। আমি আশা কৰোঁ যে ২০২৩ চনৰ বাৰ্ষিক পাঠে ঈশ্বৰৰ বাক্য সম্পূৰ্ণ সত্য হয় বুলি আপোনাৰ ভৰসা বঢ়াব।—গীত. ১১৯:১৬০.

গীত ৯৪ যিহোৱাৰ বাক্যৰ প্ৰতি কৃতজ্ঞ

a ২০২৩ চনৰ বাৰ্ষিক পাঠ পঢ়িলে আমাৰ ভৰসা বাঢ়িব যে এয়া ঈশ্বৰৰ বাক্য হয়। এয়া গীতমালা ১১৯:১৬০ পদৰ পৰা লোৱা হৈছে, যʼত এইদৰে লিখা আছে তোমাৰ বাক্য সম্পূৰ্ণ সত্য। আপুনিও নিশ্চয় এই কথাৰ ওপৰত বিশ্বাস কৰে। কিন্তু বাইবেল আৰু বাইবেলত লিখা কথাৰ ওপৰত বিশ্বাস কৰিবলৈ আজি বহুতো লোকে টান পায়। এই লেখত আমি এনে তিনিটা কথাৰ ওপৰত ধ্যান দিম, যি আমি আনক বুজাব পাৰোঁ যে বাইবেলৰ ওপৰত ভৰসা কৰিব পাৰি আৰু ইয়াত দিয়া পৰামৰ্শ পালন কৰিলে লাভৱান হয় বুলি যাতে তেওঁলোকে বিশ্বাস কৰিব পাৰে।

b “হস্তলিপিৰ” অৰ্থ হৈছে প্ৰাচীন সময়ত হাতেৰে লিখা কোনো এখন লেখ।

c বাইবেলখন সুৰক্ষিতভাৱে ৰাখিবলৈ আৰু কি কি কৰা হʼল, তাৰ বিষয়ে জানিবলৈ jw.org বেৱছাইটত যাওক আৰু অনুসন্ধান কৰক বক্সত “পবিত্ৰ শাস্ত্ৰ আৰু ইতিহাস” টাইপ কৰক।

d কিছুমান নাম সলনি কৰা হৈছে।

e ছবিৰ বিষয়ে: এসময়ত বাবিল এখন ডাঙৰ চহৰ আছিল। কিন্তু ভৱিষ্যতবাণীত কোৱাৰ দৰে আগলৈ গৈ ই একেবাৰে ধ্বংস হৈ গʼল।

f ছবিৰ বিষয়ে: এজন ডেকা ব্যক্তিয়ে আগতে যুদ্ধত আনৰ লগত যুদ্ধ কৰিছিল। কিন্তু বাইবেল পঢ়ি তেওঁ শান্তিৰে জীয়াই থাকিবলৈ শিকিলে আৰু আনকো ইয়াৰ বিষয়ে জনায়।