Skip to content

Skip to table of contents

অধ্যয়নৰ লেখ ৩

যিহোৱাই আপোনাক সফলতা দি আছে

যিহোৱাই আপোনাক সফলতা দি আছে

“যিহোৱা যে তেওঁৰ সঙ্গী হৈছে, আৰু তেওঁ কৰা সকলো কৰ্ম্ম যিহোৱাই তেওঁৰ হাততেই সাম্ফল কৰিছে।”—আদি. ৩৯:২, ৩.

গীত ৩০ যিহোৱা মোৰ ঈশ্বৰ, পিতৃ আৰু বন্ধু

লেখৰ এক আভাস a

১-২. (ক) যেতিয়া আমাৰ ওপৰত সমস্যা আহে, তেতিয়া আমি কিয় আচৰিত নহওঁ? (খ) এই লেখত আমি কি শিকিম?

 আমি যিহোৱাৰ সেৱা কৰোঁ, সেইবাবে যেতিয়া আমাৰ ওপৰত সমস্যা আহে, তেতিয়া আমি আচৰিত নহʼম। বাইবেলতো লিখা আছে, “আমি বহু ক্লেশেৰে ঈশ্বৰৰ ৰাজ্যত সোমাব লাগে।” (পাঁচ. ১৪:২২) আমি এয়াও জানোঁ যে আমাৰ কিছুমান সমস্যা নতুন পৃথিৱীতে ঠিক হʼব। সেই সময়ত “মৃত্যু আৰু নহব; শোক, বা ক্ৰন্দন, বা বেদনাও আৰু নহব।”—প্ৰকা. ২১:৪.

যিহোৱাই সমস্যাবোৰ আহিবলৈ বাধা নিদিয়ে, কিন্তু সেইবোৰ সহিবলৈ শক্তি দিয়ে। মন কৰক পৌলে ৰোমত থকা ভাই-ভনীসকলক কি লিখিছিল। পৌলে তেওঁ আৰু তেওঁৰ বন্ধুসকলে কি কি সমস্যাৰ সন্মুখীন হৈছিল, প্ৰথমে তাৰ বিষয়ে তেওঁলোকক জনালে। তাৰ পাছত তেওঁ কʼলে, “আমাক প্ৰেম কৰা জনাৰ দ্বাৰাই, এই সকলো কথাত আমি জয়তকৈয়ো জয়যুক্ত।” (ৰোম. ৮:৩৫-৩৭) ইয়াৰ পৰা জানিব পাৰি যে সমস্যাৰ সময়ত যিহোৱাৰ সহায়ত আমি সফল হʼব পাৰোঁ। যোচেফৰ লগতো এইদৰে হৈছিল। আহক আমি চাওঁ যে যোচেফৰ ওপৰত যেতিয়া সমস্যা আহিছিল, তেতিয়া যিহোৱাৰ সহায়ত তেওঁ কেনেকৈ সফল হʼল আৰু যেতিয়া আমাৰ ওপৰত সমস্যা আহে, তেতিয়া আমি কেনেকৈ যিহোৱাৰ সহায়ত সফল হʼব পাৰোঁ।

পৰিস্থিতি হঠাতে সলনি হʼলে

৩. যোচেফৰ জীৱন কেনেকৈ হঠাতে সলনি হʼল?

যাকোবে নিজৰ লʼৰা যোচেফক বহুত মৰম কৰিছিল। (আদি. ৩৭:৩, ৪) সেইবাবে যোচেফৰ ককায়েকহঁতে তেওঁক ঈৰ্ষা কৰিছিল আৰু সুযোগত তেওঁক ইশ্মায়েলীয়া বেপাৰীহঁতৰ হাতত বেচি দিলে। সেই বেপাৰীসকলে তেওঁক বহু দূৰ মিচৰ দেশলৈ লৈ গʼল আৰু ফৰৌণৰ ৰক্ষকৰ সেনাপতি পোটীফৰৰ হাতত বেচি দিলে। যোচেফৰ জীৱন একেবাৰে সলনি হৈ গʼল। এটা সময়ত তেওঁ দেউতাকৰ অতি প্ৰিয় পুত্ৰ আছিল আৰু এতিয়া তেওঁ এজন দাস হৈ পৰিল।—আদি. ৩৯:১.

৪. আমি কেনেধৰণৰ সমস্যাৰ সন্মুখীন হʼব পাৰোঁ?

বাইবেলত লিখা আছে “হঠাতে হোৱা ঘটনা সকলোৰে ওপৰত আহিব পাৰে।” (উপ. ৯:১১, NW) এয়া একেবাৰে সঁচা। সকলোৱে সন্মুখীন হোৱা সমস্যাবোৰ বহু বাৰ আমিও সন্মুখীন হʼবলগীয়া হয়। (১ কৰি. ১০:১৩) কিন্তু কেতিয়াবা কেতিয়াবা যীচুৰ শিষ্য হোৱাৰ বাবে আমাৰ ওপৰত সমস্যা আহে। যেনে, আমাক ঠাট্টা কৰা হয়, আমাক বিৰোধ কৰা হয় আৰু আমাক তাড়নাও দিয়া হয়। (২ তীম. ৩:১২) আমাৰ ওপৰত যিয়ে সমস্যা নাহক কিয়, যিহোৱাৰ সহায়ত আমি নিশ্চয় সফল হʼব পাৰিম। সমস্যাৰ সন্মুখীন হʼবলৈ যিহোৱাই যোচেফক কিদৰে সহায় কৰিছিল, আহক চাওঁ।

যোচেফে মিচৰত পোটীফৰৰ দাস হৈ থকাৰ সময়তো যিহোৱাই তেওঁক সফলতা দিলে (অনুচ্ছেদ ৫ চাওক)

৫. যোচেফৰ সফলতা দেখি পোটীফৰে কি বুজি পালে? (আদিপুস্তক ৩৯:২-৬)

আদিপুস্তক ৩৯:২-৬ পঢ়ক। পোটীফৰে দেখিলে যে যোচেফ বহুত বুদ্ধিমান আৰু পৰিশ্ৰমী হয়। তেওঁ এয়াও বুজি পালে যে “তেওঁৰ সকলো কৰ্ম যিহোৱাই সফল কৰিছে।” b সেইবাবে, তেওঁ যোচেফক এজন বিশেষ সেৱক হিচাপে নিযুক্ত কৰিলে আৰু আগলৈ গৈ তেওঁক নিজৰ ঘৰৰ গৰাকীও পাতিলে। যোচেফৰ বাবে পোটীফৰৰ ধন-সম্পত্তি বহুত বাঢ়িবলৈ ধৰিলে।

৬. যোচেফৰ লগত যি হৈছিল, হয়তো তাৰ বিষয়ে তেওঁ কেনে অনুভৱ কৰিছিল?

এতিয়া পৰিস্থিতিক যোচেফৰ দৃষ্টিৰে চাবলৈ চেষ্টা কৰক। অৱশ্যে পোটীফৰৰ ঘৰত যোচেফৰ ওচৰত বহুতো অধিকাৰ আছিল, সেইবাবে পোটীফৰে তেওঁৰ পৰিশ্ৰমত ধ্যান দিয়াটো আৰু তেওঁক পুৰস্কাৰ দিয়াটো যোচেফে বিচাৰিছিল নে? তেওঁ হয়তো পিতৃৰ ঘৰলৈ উভতি যাবলৈ বিচাৰিছিল। কাৰণ তেওঁ এজন দাস হৈ আছিল, সেয়াও এনে এজন ব্যক্তিৰ ঘৰত, যিজন যিহোৱাৰ উপাসক নাছিল। কিন্তু যিহোৱাই এনে কোনো কাম কৰা নাছিল, যাৰ জৰিয়তে পোটীফৰে যোচেফক মুকলি কৰি দিয়ে। তাৰ পৰিৱৰ্তে তেওঁ আগলৈ গৈ আৰু বহুতো সমস্যাৰ সন্মুখীন হʼবলগীয়া আছিল।

পৰিস্থিতি একেবাৰে বেয়া হʼলে

৭. যোচেফৰ পৰিস্থিতি কেনেকৈ বেয়ালৈ ঢাল খাইছিল? (আদিপুস্তক ৩৯:১৪, ১৫)

আদিপুস্তক ৩৯ অধ্যায়ত কোৱা হৈছে যে পোটীফৰৰ পত্নীয়ে যোচেফক বেয়া চকুৰে চাবলৈ ধৰিলে। তেওঁ যোচেফক বাৰে বাৰে তেওঁৰ লগত শুবলৈ কʼলে, কিন্তু যোচেফে বাৰে বাৰে মানা কৰিলে। এদিন তেওঁৰ ইমানেই খং উঠিল যে তেওঁ যোচেফক বলাৎকাৰৰ অভিযোগ লগালে। (আদিপুস্তক ৩৯:১৪, ১৫ পঢ়ক।) যেতিয়া এই কথা পোটীফৰে গম পালে, তেতিয়া তেওঁ যোচেফক বন্দী কৰিলে আৰু তাত যোচেফে বহু বছৰৰলৈকে থাকিবলগীয়া হৈছিল। (আদি. ৩৯:১৯, ২০) যোচেফক যʼত বন্দী কৰি ৰখা হৈছিল, সেই ঠাইডোখৰ কেনেকুৱা আছিল? যোচেফে ইয়াৰ বিষয়ে কোৱাৰ সময়ত যি হিব্ৰু শব্দ ব্যৱহাৰ কৰিছিল, তাৰ অৰ্থ “কুণ্ড” বা “গাঁত” হʼব পাৰে। (আদি. ৪০:১৫) ইয়াৰ পৰা জানিব পাৰি যে তেওঁক হয়তো কাৰাগাৰত থোৱা হৈছিল আৰু তেওঁ নিৰাশাত ভুগিছিল। বাইবেলত এয়াও কোৱা হৈছে যে তেওঁক কিছু সময়ৰ বাবে ভৰিত বেৰি আৰু ডিঙিত লোহাৰ শিকলি লগোৱা হৈছিল। (গীত. ১০৫:১৭, ১৮) যোচেফৰ পৰিস্থিতি একেবাৰে বেয়ালৈ ঢাল খাইছিল। এসময়ত তেওঁ এজন ভৰসাযোগ্য দাস আছিল আৰু এতিয়া তেওঁ সাধাৰণ কৈদী হৈ পৰিছিল।

৮. আপোনাৰ পৰিস্থিতি যিমানেই বেয়া নহওক কিয়, আপুনি কি কথাৰ ওপৰত বিশ্বাস ৰাখিব পাৰে?

আপোনাৰ লগতো এইদৰে হৈছেনে যে আপুনি সহায়ৰ কাৰণে যিহোৱাক প্ৰাৰ্থনা কৰিলে, কিন্তু তাৰ পাছত আপোনাৰ সমস্যা আৰু বাঢ়িহে গʼল। আমাৰ লগত এইদৰে হʼব পাৰে, কিয়নো আমি চয়তানৰ জগতত জীয়াই আছোঁ আৰু যিহোৱাই কোনো চমৎকাৰ কৰি আমাৰ সমস্যা আঁতৰাই নিদিয়ে। (১ যোহ. ৫:১৯) কিন্তু আপুনি বিশ্বাস ৰাখিব পাৰে যে যিহোৱাই আপোনাৰ পৰিস্থিতিৰ বিষয়ে ভালদৰে জানে আৰু তেওঁ আপোনাৰ যত্ন লয়। (মথি ১০:২৯-৩১; ১ পিত. ৫:৬, ৭) তেওঁ আমাৰ প্ৰতিজনকে প্ৰতিজ্ঞা কৰিছে যে “মই তোমাক কেতিয়াও নেৰিম, কেতিয়াও ত্যাগ নকৰিম।” (ইব্ৰী ১৩:৫) যেতিয়া আপুনি কোনো আশা দেখা নাপায়, তেতিয়াও যিহোৱাই আপোনাক সমস্যা সহিবলৈ শক্তি দিয়ে। আহক আমি চাওঁ যে তেওঁ যোচেফক কিদৰে সহায় কৰিছিল।

যোচেফ জেইলত থকাৰ সময়ত আৰু যেতিয়া তেওঁক সকলো কৈদীৰ ওপৰত অধিকাৰ দিয়া হʼল তেতিয়াও যিহোৱা তেওঁৰ লগত আছিল (অনুচ্ছেদ ৯ চাওক)

৯. যোচেফ জেইলত থকাৰ সময়ত যিহোৱা তেওঁৰ লগত আছে বুলি আমি কিয় কʼব পাৰোঁ? (আদিপুস্তক ৩৯:২১-২৩)

আদিপুস্তক ৩৯:২১-২৩ পঢ়ক। যোচেফেও বহুতো সমস্যাৰ মাজেদি পাৰ হৈছিল, তথাপি যিহোৱাৰ সহায়ত তেওঁ সফল হʼব পাৰিলে। কেনেকৈ বাৰু? যিদৰে পোটীফৰে যোচেফৰ কামক চাই তেওঁৰ ওপৰত ভৰসা কৰিছিল, ঠিক সেইদৰে জেইলৰ অধ্যক্ষই তেওঁৰ ওপৰত ভৰসা কৰিলে। কিছু সময়ৰ পাছত জেইলৰ অধিকাৰীয়ে যোচেফক কৈদীসকলৰ ওপৰত অধিকাৰী পাতিলে। বাইবেলত এয়াও লিখা আছে “বন্দীশালৰ অধ্যক্ষই তেওঁৰ হাতত থকা কোনো বিষয়ৰ বিচাৰ নললে।” এতিয়া যোচেফ কৈদী হিচাপে এনেই বহী থকা নাছিল, এতিয়া তেওঁৰ ওচৰত কৰিবলগীয়া বহুতো কাম আছিল। চিন্তা কৰকচোন, যিজন মানুহৰ ওপৰত পোটীফৰৰ পত্নীক বলাৎকাৰ কৰাৰ অভিযোগ লগোৱা হৈছিল, সেই ব্যক্তিক এতিয়া ডাঙৰ অধিকাৰ দিয়া হৈছিল। ইয়াৰ কেৱল এটাই কাৰণ হʼব পাৰে। আদিপুস্তক ৩৯:২৩ পদত লিখা আছে “যিহোৱা তেওঁৰ সঙ্গী আছিল, আৰু তেওঁ কৰা সকলো কৰ্ম্মকে যিহোৱাই সাম্ফল কৰিলে।”

১০. যোচেফে সকলো কামত সফল হোৱা নাই বুলি কিয় ভাবিছিল?

১০ পৰিস্থিতিক আৰু এবাৰ যোচেফৰ দৃষ্টিৰে চাবলৈ চেষ্টা কৰক। তেওঁৰ ওপৰত মিছা অভিযোগ কৰা হৈছিল আৰু তেওঁক জেইলত বন্দী কৰা হৈছিল। এনে পৰিস্থিতিত তেওঁ সকলো কামতে সফল হৈছে বুলি ভাবিছিল নে? সেই সময়ত যোচেফে কি ভাবিছিল? জেইলৰ অধ্যক্ষই তেওঁৰ পৰা আনন্দিত হৈ তেওঁক আৰু দায়িত্ববোৰ দিয়াটো তেওঁ বিচাৰিছিল নে? যোচেফৰ ওপৰত যি অভিযোগ লগোৱা হৈছে, সেয়া আঁতৰি যোৱাটো আৰু জেইলৰ পৰা মুকলি হোৱাটো তেওঁ হয়তো বিচাৰিছিল। সেইবাবে যোচেফে ইয়াৰ বিষয়ে এজন কৈদীৰ লগত কথা পাতিছিল, যিজন অতি সোনকালে জেইলৰ পৰা মুকলি হʼবলগীয়া আছিল। যোচেফে তেওঁক কʼলে যে তেওঁ মুকলি হোৱাৰ পাছত, তেওঁ যাতে যোচেফৰ বিষয়ে ফৰৌণৰ লগত কথা পাতে আৰু তেওঁক জেইলৰ পৰা উলিয়াই। (আদি. ৪০:১৪) কিন্তু সেই কৈদীজনে যোচেফৰ বিষয়ে কʼবলৈ পাহৰি গʼল, যাৰ বাবে যোচেফে আৰু দুবছৰ ধৰি জেইলতে থাকিবলগীয়া হʼল। (আদি. ৪০:২৩; ৪১:১, ১৪) কিন্তু সেই সময়ছোৱাত যিহোৱাই যোচেফক কেনেকৈ সফলতা দিলে, আহক চাওঁ।

১১. (ক) যিহোৱাৰ সহায়ত যোচেফে কি কৰিব পাৰিলে? (খ) ইয়াৰ যোগেদি যিহোৱাৰ উদ্দেশ্য কেনেকৈ পূৰ হʼল?

১১ যোচেফে জেইলত থকাৰ সময়ত যিহোৱাই ফৰৌণক দুটা সপোন দেখুৱালে। সেইবাবে ফৰৌণ চিন্তিত হৈ পৰিল, তেওঁ যিকোনো প্ৰকাৰে তাৰ অৰ্থ জানিব বিচাৰিছিল। সেই সময়ত ফৰৌণক কোৱা হʼল যে যোচেফে সপোনৰ অৰ্থ কʼব পাৰে। সেইবাবে যোচেফক জেইলৰ পৰা মতা হʼল। যোচেফে যিহোৱাৰ সহায়ত ফৰৌণৰ সপোনৰ অৰ্থ কʼলে আৰু ভাল ভাল পৰামৰ্শও দিলে। ফৰৌণ আনন্দিত হʼল আৰু বুজি পালে যে যিহোৱা যোচেফৰ লগত আছে। সেইবাবে, তেওঁ যোচেফক গোটেই মিচৰ দেশৰ ভঁৰালৰ অধিকাৰী পাতিলে। (আদি. ৪১:৩৮, ৪১-৪৪) পাছত মিচৰ আৰু কনান দেশত ভয়ংকৰ আকাল হʼল। সেই সময়ত যোচেফৰ পৰিয়াল কনান দেশত আছিল। এতিয়া যোচেফ ডাঙৰ অধিকাৰী হৈ পৰিল। সেইবাবে তেওঁ নিজৰ পৰিয়ালৰ প্ৰয়োজনীয়তা পূৰ কৰিব পাৰিছিল। গতিকে তেওঁ নিজৰ পৰিয়ালক মিচৰ দেশলৈ মাতি পঠিয়ালে। এইদৰে সেই বংশৰ ৰক্ষা পৰিল, যি বংশৰ যোগেদি মচীহ আহিবলগীয়া আছিল।

১২. যিহোৱাই যোচেফক সকলো কামত কেনেকৈ সফলতা দিলে?

১২ যোচেফৰ জীৱনত বহুতো আচৰিত ঘটনাবোৰ ঘটিছিল। চিন্তা কৰক, পোটীফৰে এজন সাধাৰণ দাসৰ ওপৰত কিয় ধ্যান দিলে? জেইলৰ অধ্যক্ষই এজন সাধাৰণ কৈদীক ডাঙৰ অধিকাৰ কিয় দিলে? কোনে ফৰৌণক সপোন দেখুৱালে, যাৰ বাবে তেওঁ চিন্তিত হৈ উঠিছিল? কোনে যোচেফক সপোনৰ অৰ্থ কʼবলৈ ক্ষমতা দিলে? যোচেফক গোটেই মিচৰ দেশৰ ভঁৰালৰ অধিকাৰী পাতিবলৈ ফৰৌণক কোনে উৎসাহিত কৰিলে? (আদি. ৪৫:৫) এই সকলোবোৰ নিজে নিজে হোৱা নাছিল। ইয়াৰ আঁৰত যিহোৱা আছিল। তেওঁ যোচেফক সকলো কামতেই সফল কৰিছিল। যোচেফৰ ককায়েকসকলে তেওঁক মাৰিব বিচাৰিছিল। কিন্তু যিহোৱাই পৰিস্থিতি সলনি কৰি নিজৰ উদ্দেশ্য পূৰ কৰিলে।

যিহোৱাই কেনেকৈ আপোনাক সফলতা দিব পাৰে?

১৩. আমাৰ ওপৰত কিবা সমস্যা আহিলে যিহোৱাই কি নকৰে? বুজাওক।

১৩ যোচেফৰ কাহিনীৰ পৰা আমি কি শিকিব পাৰোঁ? যেতিয়া আমাৰ ওপৰত সমস্যা আহে, তেতিয়া প্ৰতিবাৰে যিহোৱাই সেই সমস্যাক বাধা নিদিয়ে আৰু পৰিস্থিতি ভাললৈ পৰিৱৰ্তন নকৰে। বাইবেলত এইদৰে কোৱা নাই যে যি হয় ভালৰ কাৰণে হয়। (উপ. ৮:৯; ৯:১১) কিন্তু ইয়াত নিশ্চয় কোৱা হৈছে যে যেতিয়া আমাৰ ওপৰত সমস্যা আহে, তেতিয়া যিহোৱাই ভালদৰে বুজি পায় যে আমি কেনে অনুভৱ কৰিছোঁ আৰু আমি সহায়ৰ কাৰণে প্ৰাৰ্থনা কৰিলে তেওঁ আমাৰ প্ৰাৰ্থনা শুনে। (গীত. ৩৪:১৫; ৫৫:২২; যিচ. ৫৯:১) ইয়াৰ উপৰিও যিহোৱাই আমাক সমস্যাবোৰ সহন কৰিবলৈ সহায় কৰে আৰু আমাক সফলতা দিব পাৰে। তেওঁ এয়া কেনেকৈ কৰে?

১৪. আমাৰ ওপৰত সমস্যা আহিলে যিহোৱাই আমাক কেনেকৈ সহায় কৰে?

১৪ আমাৰ ওপৰত সমস্যা আহিলে যিহোৱাই আমাক সেয়া সহন কৰিবলৈ উৎসাহ দিয়ে আৰু শান্ত্বনা দিয়ে। যেতিয়া আমাক উৎসাহ আৰু শান্ত্বনাৰ বেছি প্ৰয়োজন হয়, তেতিয়া যিহোৱাই বহু বাৰ আমাক এইবোৰ দিয়ে। (২ কৰি. ১:৩, ৪) তুৰ্কমেনিস্তানত থকা ভাই এজিছৰ লগতো এইদৰে হৈছিল। বাইবেলৰ শিক্ষা পালন কৰাৰ বাবে তেওঁক দুবছৰৰ বাবে জেইলৰ শাস্তি দিয়া হৈছিল। তেওঁ এইদৰে কৈছিল, “যিদিনা মোৰ শুনানি আছিল, সেইদিনাখন ৰাতিপুৱা এজন ভায়ে মোক যিচয়া ৩০:১৫ পদ দেখুৱালে। যʼত যিহোৱাই এইদৰে কৈছে, ‘তোমালোকে শান্ত হলেহে পৰিত্ৰাণ পাবা, থিৰে থাকি বিশ্বাস কৰিলেহে তোমালোকৰ পৰাক্ৰম হব।’ এই পদৰ বিষয়ে ভাবি মই বহুত উৎসাহিত হʼলোঁ। জেইলত থকাৰ সময়ছোৱাত মই শান্ত হৈ থাকিব পাৰিলোঁ আৰু যিহোৱাৰ ওপৰত ভৰসা কৰিব পাৰিলোঁ।” যেতিয়া আপোনাক সহায়ৰ আটাইতকৈ বেছি প্ৰয়োজন আছিল, তেতিয়া যিহোৱাই আপোনাক সহায় আৰু শান্ত্বনা দিয়াৰ কোনো ঘটনা আপোনাৰ মনত আছেনে?

১৫-১৬. আপুনি ভনী টৰীৰ পৰা কি শিকিলে?

১৫ যেতিয়া আমি কোনো ডাঙৰ সমস্যাৰ মাজেদি পাৰ হওঁ, তেতিয়া আমি বুজি নাপাওঁ যে যিহোৱাই আমাক কিদৰে সহায় কৰি আছে। কিন্তু আমি যেতিয়া সেই সমস্যাৰ বিষয়ে পাছত চিন্তা কৰোঁ, তেতিয়া আমাৰ অনুভৱ হয় যে যিহোৱাই কেনেকৈ আমাৰ যত্ন লৈছিল। ভনী টৰীৰ লগতো এইদৰে হʼল। তেওঁৰ লʼৰা মেচনৰ কেন্সাৰ বেমাৰ হৈছিল। সি ছয় বছৰৰ পৰা এই বেমাৰৰ লগত যুঁজি আছিল আৰু ইয়াৰ পাছত তাৰ মৃত্যু হʼল। ভনী টৰী একেবাৰে ভাঙি পৰিছিল। তেওঁ এইদৰে কৈছে, “মই ভাষাৰে বুজাব নোৱাৰোঁ যে এগৰাকী মাতৃৰ আগত নিজৰ লʼৰাই বিষত চটফটাই থকা দেখাটো কিমান দুখজনক হয়! কোনো মাক-দেউতাকে নিজৰ লʼৰা-ছোৱালীক বিষত চটফটাই থকা দেখাটো চাব নিবিচাৰে, লাগিলে সেই বেমাৰটো তেওঁলোকে নিজৰ ওপৰত লʼব বিচাৰে, কিন্তু নিজৰ লʼৰা-ছোৱালীক একো হʼবলৈ নিদিয়ে।”

১৬ ভনী টৰীৰ বাবে নিজৰ লʼৰাটোক বিষত চটফটাই থকা দেখাটো বৰ কষ্টকৰ আছিল। কিন্তু পাছত যেতিয়া তেওঁ সেই সময়ৰ বিষয়ে চিন্তা কৰিলে, তেতিয়া তেওঁ বুজি পালে যে যিহোৱাই তেওঁক কিদৰে সহায় কৰিছিল। তেওঁ এইদৰে কৈছে, “মই যেতিয়া সেই সময়ৰ বিষয়ে চিন্তা কৰোঁ, তেতিয়া মোৰ অনুভৱ হয় যে যিহোৱাই আমাক কেতিয়াও এৰি দিয়া নাছিল। তেওঁ আমাক সকলো সময়তে চম্ভালি ৰাখিছিল। যেনে, এবাৰ মেচনৰ গা একেবাৰে বেয়া হৈছিল আৰু তেওঁ কাকো লগ কৰিব পৰা নাছিল, সেই সময়ত ভাই-ভনীসকলে দুঘন্টা যাত্ৰা কৰি হস্পিতালত আহিছিল। ভাই-ভনীসকলে কেতিয়াও আমাক অকলশীৰায়াকৈ এৰি দিয়া নাছিল। তেওঁলোকৰ মাজৰ কোনোবা নহয় কোনোবা আমাৰ লগত হস্পিতালত থাকিছিল। তেওঁলোকে আমাৰ আন প্ৰয়োজনীয়তাৰ প্ৰতিও ধ্যান দিলে। কঠিন পৰিস্থিতিতো আমাৰ একো বস্তুৰ অভাৱ হোৱা নাছিল।” ভনী টৰী আৰু মেচনে যিহোৱাৰ সহায়ত সমস্যাবোৰ সহন কৰিব পাৰিলে আৰু তেওঁলোকৰ যি যি বস্তুৰ প্ৰয়োজন আছিল, যিহোৱাই সেইবোৰ তেওঁলোকক দিলে।—“ আমাৰ যিহৰ প্ৰয়োজন আছিল, যিহোৱাই আমাক দিলে” নামৰ বক্সটো চাওক।

আপুনি কি কি আশীৰ্বাদ পাইছে

১৭-১৮. যিহোৱাই আমাক সহায় কৰি আছে বুলি বুজি পাবলৈ সমস্যাৰ সময়ত আমি কি কৰিব পাৰোঁ? (গীতমালা ৪০:৫)

১৭ গীতমালা ৪০:৫ পঢ়ক। বহুতো লোকে পাহাৰ বগাই ভাল পাই। পাহাৰ বগাই যোৱাৰ সময়ত তেওঁলোকে পৰ্বতৰ টিঙলৈকে যাব বিচাৰে, কিন্তু তেওঁলোকে মাজে-সময়ে ৰৈ ওচৰে-পাজৰে থকা সুন্দৰ দৃশ্যৰো আনন্দ উপভোগ কৰে। ঠিক সেইদৰে আপুনিও সমস্যাবোৰ সোনকালে পাৰ কৰিব বিচাৰে। কিন্তু সেইবোৰৰ মাজেদি পাৰ হোৱাৰ সময়ত আপুনি মাজে-সময়ে এবাৰ ভাবি চাব পাৰে যে যিহোৱাই কিদৰে আপোনাক সহায় কৰি আছে, যাৰ যোগেদি আপুনি সফলতা লাভ কৰিলে। আপুনি প্ৰতিটো দিনৰ শেষত নিজকে এইদৰে প্ৰশ্ন সুধিব পাৰে, ‘আজি যিহোৱাই মোক কেনেকৈ আশীৰ্বাদ দিলে? মোৰ সমস্যা শেষ হোৱা নাই, তথাপি যিহোৱাই এয়া সহন কৰিবলৈ মোক কেনেকৈ সহায় কৰিলে?’ কমেই এটা আশীৰ্বাদৰ বিষয়ে ভাবিবলৈ চেষ্টা কৰক, যাৰ পৰা জানিব পাৰি যে আপুনি সফলতা লাভ কৰিব পাৰিলে।

১৮ আপোনাৰ সমস্যাবোৰ শেষ হʼবলৈ আপুনি নিশ্চয় যিহোৱালৈ প্ৰাৰ্থনা কৰিছে আৰু এনে কৰাটো কোনো ভুল নহয়। (ফিলি. ৪:৬) কিন্তু আপুনি মনত ৰাখিব পাৰে যে যিহোৱাই আপোনাক কি কি আশীৰ্বাদ দি আছে। তেওঁ আপোনাক প্ৰতিজ্ঞা কৰিছে যে তেওঁ আপোনাক সাহস দিব আৰু সমস্যাবোৰ সহন কৰিবলৈ সহায়ো কৰিব। এয়াও কেতিয়াও নাপাহৰিব যে যিহোৱা আপোনাৰ লগত আছে আৰু এই কথাৰ বাবে আপুনি তেওঁৰ কৃতজ্ঞ হওক। তেতিয়া আপুনি বুজি পাব যে যিহোৱাই কিদৰে আপোনাক সমস্যাৰ সময়ত সহায় কৰিলে, যাৰ বাবে আপুনি সফল হʼব পাৰিলে। ঠিক যেনেকৈ তেওঁ যোচেফক সহায় কৰিছিল, যাৰ বাবে তেওঁ সফল হʼব পাৰিলে।—আদি. ৪১:৫১, ৫২.

গীত ৩২ যিহোৱাৰ ফলীয়া হওক!

a আমাৰ হয়তো অনুভৱ হʼব পাৰে যে সমস্যাবোৰ পাৰ কৰিলেহে আমি ‘সফল’ হৈছোঁ, কিন্তু আপুনি জানেনে সমস্যাৰ সময়তো আমি সফল হʼব পাৰোঁ। যোচেফৰ কাহিনীয়ে আমাক এই কথা শিকায়। যিদৰে যোচেফক যিহোৱাই সমস্যাৰ সময়ত সহায় কৰিছিল, ঠিক সেইদৰে তেওঁ আমাকো সহায় কৰিব আৰু আমি সফল হʼম। এই লেখত আমি এই বিষয়ে আলোচনা কৰিম।

b দাসত্বত বেছি দিয়াৰ পাছত যোচেফৰ লগত কি কি হৈছিল, তাৰ বিষয়ে বাইবেলৰ কিছুমান পদতে কৈ দিয়া হৈছে, কিন্তু এইবোৰ হʼবলৈ হয়তো কেইবাবছৰো লাগিছিল।