Skip to content

Skip to table of contents

অধ্যয়নৰ লেখ ৯

জীৱন ঈশ্বৰে দিয়া উপহাৰ, ইয়াৰ প্ৰতি কৃতজ্ঞ হওক

জীৱন ঈশ্বৰে দিয়া উপহাৰ, ইয়াৰ প্ৰতি কৃতজ্ঞ হওক

“আমি তেওঁতে জীছোঁ, লৰিছোঁ, আছোঁ।”—পাঁচ. ১৭:২৮.

গীত ১৪১ জীৱনৰ আচৰিত সৃষ্টি

লেখৰ এক আভাস a

১. যিহোৱাৰ দৃষ্টিত আমাৰ জীৱন কিমান মূল্যৱান?

 কল্পনা কৰক যে আপোনাৰ দেউতাই আপোনাক উত্তৰাধিকাৰী হিচাপে এখন মজবুত আৰু সুন্দৰ ঘৰ দিছে। সেই ঘৰখনৰ কিছুমান ঠাইৰ ৰং ওলাই পৰিছে, কিন্তু সেই ঘৰখনৰ দাম আজিও লাখ লাখ টকা। গতিকে আপুনি সেই ঘৰখনৰ বাবে কৃতজ্ঞ নহʼবনে আৰু তাক ধুনীয়া কৰিবলৈ চেষ্টা নকৰিবনে? নিশ্চয় কৰিব! ঠিক সেইদৰে যিহোৱাই আমাক এটা মূল্যৱান উপহাৰ দিছে, সেয়া হৈছে আমাৰ জীৱন। যিহোৱাৰ বাবে আমাৰ জীৱন ইমানেই মূল্যৱান যে তেওঁ আমাৰ কাৰণে নিজৰ পুত্ৰৰ বলিদান দিলে।—যোহ. ৩:১৬.

২. দ্বিতীয় কৰিন্থীয়া ৭:১ পদৰ অনুসৰি যিহোৱাই আমাৰ পৰা কি বিচাৰে?

যিহোৱাই সকলোকে জীৱন দিছে। (গীত. ৩৬:৯) পাঁচনি পৌলেও এই কথাৰ ওপৰত বিশ্বাস কৰিছিল, সেইবাবে তেওঁ এইদৰে কৈছিল, “আমি তেওঁতে জীছোঁ, লৰিছোঁ, আছোঁ।” (পাঁচ. ১৭:২৫, ২৮) সঁচাকৈ আমাৰ জীৱন যিহোৱাৰ পৰা পোৱা এটা উপহাৰ। তেওঁ আমাক সকলোকে প্ৰেম কৰে, সেইবাবে আমাক জীয়াই থাকিবলৈ প্ৰয়োজন হোৱা সকলো বস্তু দিছে। (পাঁচ. ১৪:১৫-১৭) কিন্তু যিহোৱাই কোনো আচৰিত কৰ্ম্ম কৰি আমাৰ জীৱন বিপদৰ পৰা নবচায়। আমাৰ স্বাস্থ্য ভালে ৰাখিবলৈ আমি যি কৰিব পাৰোঁ, তাক কৰাটো আৰু যিহোৱাৰ উপাসনা কৰাটো তেওঁ বিচাৰে। (২ কৰিন্থীয়া ৭:১ পঢ়ক।) কিন্তু আমি আমাৰ স্বাস্থ্যৰ যত্ন লোৱা আৰু নিজৰ জীৱন সুৰক্ষিত ৰখাটো কিয় ইমান প্ৰয়োজন আৰু এয়া আমি কেনেকৈ কৰিব পাৰোঁ, আহক চাওঁ।

জীৱন মূল্যৱান উপহাৰ ইয়াৰ প্ৰতি কৃতজ্ঞ হওক

৩. আমি নিজৰ স্বাস্থ্যৰ যত্ন লোৱাৰ এটা কাৰণ কি?

আমাৰ স্বাস্থ্য ভালেই ৰখাৰ কাৰণ হৈছে আমি সকলোৱে মনে-প্ৰাণে যিহোৱাৰ সেৱা কৰিব বিচাৰোঁ। কিন্তু আমাৰ স্বাস্থ্য ভাল থাকিলেহে আমি এইদৰে কৰিব পাৰোঁ। (মাৰ্ক ১২:৩০) আমি “নিজ নিজ শৰীৰক জীৱিত, পবিত্ৰ, আৰু ঈশ্বৰৰ গ্ৰহণীয় বলিস্বৰূপে উৎসৰ্গ” কৰিব বিচাৰোঁ। সেইবাবে, আমি এনে কোনো কাম কৰা উচিত নহয়, যাৰ যোগেদি আমাৰ স্বাস্থ্য বেয়া হʼব পাৰে। (ৰোম. ১২:১) এয়া সঁচা যে আমি সকলোৱে সম্পূৰ্ণভাৱে স্বাস্থ্যৱান হৈ থাকিব নোৱাৰোঁ, কেতিয়াবা নহয় কেতিয়াবা আমি বেমাৰত পৰোঁ। কিন্তু আমি যিমান পাৰোঁ, সিমানেই আমাৰ স্বাস্থ্যৰ যত্ন লোৱা উচিত। এইদৰে কৰাৰ যোগেদি আমি দেখুৱাম যে যিহোৱাই দিয়া এই জীৱনৰ প্ৰতি আমি কৃতজ্ঞ।

৪. ৰজা দায়ূদে কি বিচাৰিছিল?

ৰজা দায়ূদ, নিজৰ জীৱনৰ প্ৰতি বহুত কৃতজ্ঞ আছিল। তেওঁ কিয় কৃতজ্ঞ আছিল, এয়া আমি তেওঁৰ এটি গীতৰ পৰা জানিব পাৰোঁ। তেওঁ এইদৰে কৈছিল, “মই গাঁতলৈ নামি গলে মোৰ ৰক্তপাতত কি লাভ? ধূলিয়ে জানো তোমাৰ স্তুতি কৰিব, তোমাৰ সত্যতা প্ৰকাশ কৰিব?” (গীত. ৩০:৯) হয়তো দায়ূদে এই কথা অতি বৃদ্ধ হোৱাৰ সময়ত লিখিছিল। তেওঁ যিকোনো পৰিস্থিতিতে স্বাস্থ্যৱান হৈ থাকিব বিচাৰিছিল আৰু বহু বছৰলৈকে জীয়াই থাকিব বিচাৰিছিল যাতে যিহোৱাৰ মহিমা কৰিব পাৰে। আমিও এয়া বিচাৰোঁ, নহয় নে বাৰু!

৫. আমি যিমানেই বেমাৰ বা বৃদ্ধ নহওঁ কিয়, তথাপিও আমি কি কৰিব পাৰোঁ?

যেতিয়া আমি বেমাৰ হওঁ বা আমাৰ বয়স বাঢ়িব ধৰে, তেতিয়া আমি আগৰ দৰে কামবোৰ কৰিব নোৱাৰোঁ। সেইবাবে, কেতিয়াবা কেতিয়াবা আমাক নিজৰ ওপৰতে খং উঠে আৰু দুখ লাগে। কিন্তু আমি হাৰ মানিব নালাগে, তাৰ পৰিৱৰ্তে নিজৰ স্বাস্থ্যৰ যত্ন লʼবলৈ আমি যি কৰিব পাৰোঁ, সেয়া কৰা উচিত। এইদৰে কৰিলে আমি যিমানেই বেমাৰ বা বৃদ্ধ নহওঁ কিয়, ৰজা দায়ূদৰ দৰে আমিও যিহোৱাৰ প্ৰশংসা কৰিব পাৰিম। আমাৰ শৰীৰ যিমানেই দুৰ্বল নহওক কিয়, যিহোৱাই আমাক মূল্যৱান বুলি ভাবিব। এয়া জানি সঁচাকৈ আমাক বহুত ভাল লাগে। (মথি ১০:২৯-৩১) যদিও আমাৰ মৃত্যু হৈ যায় যিহোৱাই আমাক আকৌ জীয়াই তুলিব আৰু তেওঁ এইদৰে কৰিবলৈ আগ্ৰহী হৈ আছে। (ইয়ো. ১৪:১৪, ১৫) সেইবাবে, আজি আমি জীয়াই থকাৰ সময়ত আমাৰ স্বাস্থ্যৰ যত্ন লʼবলৈ সম্পূৰ্ণৰূপে চেষ্টা কৰা উচিত।

বেয়া অভ্যাসৰ পৰা আঁতৰি থাকক

৬. খোৱা-বোৱা অভ্যাসৰ বিষয়ে যিহোৱাই আমাৰ পৰা কি বিচাৰে?

বাইবেল, কোনো স্বাস্থ্যৰ বিষয়ে পৰামৰ্শ দিয়াৰ কিতাপ নহয়, যʼত আমি কি খাব লাগে আৰু কি খাব নালাগে, তাৰ বিষয়ে কোৱা হৈছে। কিন্তু বাইবেলৰ পৰা যিহোৱাই ইয়াৰ বিষয়ে কি ভাবে, তাক আমি জানিব পাৰোঁ। যেনে, আমাৰ শৰীৰক “হানি কৰা প্ৰতিটো কথাৰ পৰা দূৰত” থাকিবৰ কাৰণে যিহোৱাই বাইবেলত আমাক পৰামৰ্শ দিছে। (উপ. ১১:১০, NW) প্ৰয়োজনতকৈ বেছি আমাক মদ খাবলৈ আৰু আহাৰ খাবলৈ মানা কৰা হৈছে। এইদৰে কৰিলে আমাৰ স্বাস্থ্য বেয়াও হʼব পাৰে আৰু আমাৰ মৃত্যুও হʼব পাৰে। (হিতো. ২৩:২০) আমি কি খাম আৰু কিমান খাম, এয়া নিৰ্ণয় লোৱাৰ সময়ত নিজকে নিয়ন্ত্ৰণ কৰাটো যিহোৱাই বিচাৰে।—১ কৰি. ৬:১২; ৯:২৫.

৭. হিতোপদেশ ২:১১, ১২ পদত দিয়া পৰামৰ্শ পালন কৰি আমি স্বাস্থ্যৰ বিষয়ে কেনেকৈ সঠিক নিৰ্ণয় লʼব পাৰোঁ?

আমি সকলো কাম ভাবি-চিন্তি কৰাৰ যোগেদি দেখুৱাওঁ যে যিহোৱাই দিয়া জীৱনৰ প্ৰতি আমি কৃতজ্ঞ। (গীত. ১১৯:৯৯, ১০০; হিতোপদেশ ২:১১, ১২ পঢ়ক।) খোৱা-বোৱাৰ কথালৈ মন কৰকচোন যদি কিবা বস্তু খোৱাৰ বাবে আমাৰ বেমাৰ হয়, তেনেহʼলে সেই বস্তু নোখোৱাই ভাল। যেতিয়া আমি ভাল টোপনি লওঁ, নিয়মীয়াকৈ ব্যায়াম কৰোঁ, নিজকে আৰু নিজৰ ঘৰখনক চাফ-চিকুণ কৰি ৰাখোঁ, তেতিয়াও আমি ভাবি-চিন্তি কাম কৰোঁ।

সাৱধান হওক আৰু সুৰক্ষিত থাকক

৮. আমি সকলো সময়তে সুৰক্ষাৰ প্ৰতি ধ্যান ৰখাটো যিহোৱাই বিচাৰে বুলি আমি কিয় কʼব পাৰোঁ?

যিহোৱাই ইস্ৰায়েলীসকলক এনে বহুতো নিয়ম দিছিল, যিবোৰ পালন কৰাৰ যোগেদি তেওঁলোকে দুৰ্ঘটনাৰ পৰা নিজকে বচাই ৰাখিব পাৰিলেহেঁতেন আৰু ঘৰত আৰু কাম কৰাৰ সময়ত সুৰক্ষিত থাকিলেহেঁতেন। (যাত্ৰা. ২১:২৮, ২৯; দ্বিতী. ২২:৮) যদি এজন ব্যক্তিয়ে অজানিতে কোনো ব্যক্তিক মাৰি পেলায়, তেতিয়া তেওঁক তাৰ পৰিণাম ভুগীবলগা হৈছিল। (দ্বিতী. ১৯:৪, ৫) যদি এজন ব্যক্তিয়ে অজানিতে কোনো গৰ্ভৱতী মহিলাক আঘাত দিয়ে আৰু তাৰ বাবে গৰ্ভত থকা সন্তানটোৰ মৃত্যু হয়, তেতিয়া হʼলে সেই ব্যক্তিক শাস্তি দিয়া হৈছিল। (যাত্ৰা. ২১:২২, ২৩) এইদৰে আমি বাইবেলৰ পৰা স্পষ্টকৈ জানিব পাৰোঁ যে আমি সকলো সময়তে সুৰক্ষাৰ প্ৰতি ধ্যান দিয়াটো যিহোৱাই বিচাৰে।

এনে পৰিস্থিতিত আমি কেনেকৈ দেখুৱাব পাৰোঁ যে আমি জীৱনৰ প্ৰতি কৃতজ্ঞ? (অনুচ্ছেদ ৯ চাওক)

৯. কোনো দুৰ্ঘটনা নহʼবলৈ আমি কি কথাৰ প্ৰতি ধ্যান দিব পাৰোঁ? (ছবিখনো চাওক।)

ঘৰত আৰু কাম কৰাৰ সময়ত সুৰক্ষিত থাকিবলৈ যেতিয়া আমি সাৱধান হওঁ, তেতিয়া দেখুৱাওঁ যে আমি জীৱনৰ প্ৰতি বহুত কৃতজ্ঞ। যেনে, ধাৰ থকা বস্তু, দৰৱ আৰু কেমিকেল ইত্যাদি লʼৰা-ছোৱালীৰ পৰা দূৰত ৰখাৰ প্ৰতি ধ্যান দিওঁ। ইয়াক যেতিয়া পেলাবলগীয়া হয়, তেতিয়াও আমি আনৰ হানি নোহোৱাকৈ ইয়াক পেলাওঁ। যদি আমি জুই জ্বলাইছোঁ, পানী উতলাইছোঁ বা কিবা সজুলি ব্যৱহাৰ কৰিছোঁ, তেতিয়া হʼলে আমি সাৱধান থাকোঁ আৰু যʼতে-তʼতে এৰি থৈ নাযাওঁ। আমি এই কথাবোৰলৈও ধ্যান দিওঁ যে যদি আমি মদ খাইছোঁ বা এনে কোনো দৰৱ লৈছোঁ, যাৰ বাবে আমি ভাগৰ অনুভৱ কৰিছোঁ বা টোপনি পূৰ হোৱা নাই, সেই সময়ত আমি গাড়ী নচলাওঁ আৰু গাড়ী চলোৱাৰ সময়ত মোবাইলো ব্যৱহাৰ নকৰোঁ।

দুৰ্যোগ আহিলে

১০. কোনো দুৰ্যোগ অহাৰ আগতে বা দুৰ্যোগৰ সময়ত আমি নিজৰ সুৰক্ষাৰ বাবে কি কৰিব পাৰোঁ?

১০ কিছুমান দুৰ্যোগ আমি ৰখাব নোৱাৰোঁ। যেনে, প্ৰাকৃতিক দুৰ্যোগ, মহামাৰী আৰু প্ৰতিবাদ। কিন্তু যেতিয়া এনেধৰণৰ দুৰ্যোগ হয়, তেতিয়া আমি নিজকে সুৰক্ষিত ৰাখিবৰ কাৰণে বহুতো কাম কৰিব পাৰোঁ। যেনে, আমি যি এলেকাত থাকোঁ, যদি তাত কাৰ্ফিউ লগোৱা হয় বা নিষেধ কৰা হয় বা সেই ঠাই আমাক খালি কৰিবলৈ কোৱা হয়, তেতিয়া হʼলে আমি সেই পৰামৰ্শ পালন কৰিম। (ৰোম. ১৩:১, ৫-৭) কিছুমান দুৰ্যোগৰ বিষয়ে আগতীয়াকৈ আমি গʼম পাব পাৰোঁ, সেই সময়ত অধিকাৰীসকলে আমাক যি নিৰ্দেশনা দিয়ে, তাক মানি দুৰ্যোগৰ সন্মুখীন হʼবৰ কাৰণে আগতীয়াকৈ তৈয়াৰী কৰিব পাৰোঁ। যেনে, আমাৰ ওচৰত প্ৰচুৰ মাত্ৰাত পানী, সোনকালে বেয়া নোহোৱা খোৱা বস্তু আৰু প্ৰয়োজনীয় দৰৱ থকাৰ প্ৰতিও আমি ধ্যান দিব পাৰোঁ।

১১. যদি আমাৰ এলেকাত কিবা এটা বেমাৰ বেগেৰে বিয়পি আছে, তেনেহʼলে আমি কি কৰা উচিত?

১১ আমি যʼত থাকোঁ, তাত যদি কিবা বেমাৰ বিয়পে, যি সহজে এজনে-আনজনলৈ বিয়পি যায়। তেতিয়া আমি কি কৰিব পাৰোঁ? এনে সময়ছোৱাত অধিকাৰীসকলৰ নিৰ্দেশনা মানি চলা উচিত। যেনে, হাত ধুবলৈ, উচিত দূৰত্ব বজাই ৰাখিবলৈ, মাস্ক পিন্ধিবলৈ আৰু যদি বেমাৰৰ কিবা লক্ষণ দেখা দিয়ে, তেতিয়া হʼলে আনৰ পৰা দূৰত্ব বজাই ৰাখিবলৈ হয়তো আমাক কোৱা হয়। যেতিয়া আমি এইদৰে সাৱধান হওঁ, তেতিয়া আমি ঈশ্বৰে দিয়া আমাৰ এই জীৱনৰ প্ৰতি কৃতজ্ঞতা দেখুৱাওঁ।

১২. দুৰ্যোগ আহিলে হিতোপদেশ ১৪:১৫ পদত দিয়া সিদ্ধান্ত আমি কেনেকৈ পালন কৰিব পাৰোঁ?

১২ এনে পৰিস্থিতিত আমাৰ বন্ধু বা আমাৰ ওচৰ-চুবুৰীয়াৰ পৰা বা নিউজত এনে কথা শুনিবলৈ পাওঁ, যি সঁচা নহয়। লোকসকলৰ সকলো কথা বিশ্বাস কৰাৰ পৰিৱৰ্তে আমি চৰকাৰী অধিকাৰী আৰু ডাক্তৰৰ ফালৰ পৰা অহা ভৰসাযোগ্য কথাৰ ওপৰত ধ্যান দিয়া উচিত। (হিতোপদেশ ১৪:১৫ পঢ়ক।) প্ৰশাসন গোষ্ঠী আৰু শাখা কাৰ্য্যালয়ৰ ভাইসকলে সঠিক কথা জানিবলৈ বহুতো পৰিশ্ৰম কৰে আৰু ইয়াৰ পাছতহে সভা আৰু প্ৰচাৰৰ বাবে কিবা নিৰ্দেশনা দিয়ে। (ইব্ৰী ১৩:১৭) এই নিৰ্দেশনাবোৰ মানিলে আমিও আৰু আন লোকসকলে সুৰক্ষিত থাকে আৰু এয়া দেখি আমাৰ এলেকাত থকা লোকসকলে হয়তো যিহোৱাৰ সাক্ষীসকলক আৰু সন্মান কৰিব।—১ পিত. ২:১২.

তেজৰ সমস্যা অহাৰ আগতে তৈয়াৰী কৰক

১৩. যেতিয়া তেজ লোৱাৰ কথা আহে, তেতিয়া আমি কেনেকৈ দেখুৱাওঁ যে আমি জীৱনক বহুমূল্য বুলি ভাবোঁ?

১৩ বহুতো লোকে জানে যে যিহোৱাৰ সাক্ষীসকলে তেজ নলয়। কিয়নো তেওঁলোকে ইয়াক পবিত্ৰ বুলি ভাবে। যিহোৱাই বাইবেলত স্পষ্টকৈ লিখাইছে যে আমি তেজ লʼব নালাগে। যদিও আমাৰ জীৱন বিপদত থাকে, তথাপিও আমি যিকোনো পৰিস্থিতিতে এই আজ্ঞা পালন কৰোঁ। (পাঁচ. ১৫:২৮, ২৯) কিন্তু ইয়াৰ অৰ্থ এয়া নহয় যে আমি জীৱনৰ প্ৰতি কৃতজ্ঞ নহওঁ। ঈশ্বৰে আমাক জীৱন দিছে। সেইবাবে, আমি ইয়াক বহুত বহুমূল্য বুলি ভাবোঁ। সেইবাবে, আমি এনে ডাক্তৰসকলক দেখুৱাওঁ, যিসকলে তেজ নোলোৱাকৈ চিকিৎসা কৰিবলৈ সাজু হয়।

১৪. কি কথাবোৰ মনত ৰাখিলে হয়তো অপাৰেচন কৰাৰ প্ৰয়োজনো নহʼব?

১৪ এতিয়ালৈকে আমি যিবোৰ উপায়ৰ বিষয়ে আলোচনা কৰিলোঁ, যদি আমি সেইবোৰ মানি চলোঁ আৰু নিজৰ স্বাস্থ্যৰ যত্ন লওঁ, তেতিয়া হʼলে হয়তো কিবা ডাঙৰ চিকিৎসা কৰা বা অপাৰেচন কৰাৰ প্ৰয়োজনেই নহʼব। যদিও অপাৰেচন কৰিবলগা হয়, তেনেহʼলে সেই সময়ত বেছি সমস্যা নহʼব আৰু অপাৰেচনৰ পাছত আমি সোনকালে ভাল হৈ যাম। যদি আমি ঘৰত আৰু কামৰ ঠাইত সুৰক্ষাৰ প্ৰতি ধ্যান দিওঁ আৰু ট্ৰেফিকৰ নিয়মবিলাক পালন কৰোঁ, তেতিয়া হʼলে বহু পৰিমাণে দুৰ্ঘটনাবোৰৰ পৰা আৰু ডাঙৰ অপাৰেচন কৰাৰ পৰা বাচি থাকিব পাৰোঁ।

আমি জীৱনক মূল্যৱান বুলি ভাবোঁ, সেইবাবে আমি এডভান্ছ হেল্থ কেয়াৰ ডাইৰেক্টিভ পূৰ কৰোঁ আৰু সকলো সময়তে সেই কাৰ্ডখন নিজৰ লগতে ৰাখোঁ (অনুচ্ছেদ ১৫ চাওক) d

১৫. (ক) আমাৰ এডভান্ছ হেল্থ কেয়াৰ ডাইৰেক্টিভ আপডেট কৰি থকা আৰু ইয়াক সদায় নিজৰ লগত ৰখাটো কিয় প্ৰয়োজন? (ছবিখনো চাওক।) (খ) ভিডিঅʼখনত দেখুৱাৰ দৰে আমি তেজ লোৱাৰ বিষয়ে কেনেকৈ ভাবি-চিন্তি নিৰ্ণয় লʼব পাৰোঁ?

১৫ ঈশ্বৰে আমাক জীৱন দিছে আৰু ইয়াৰ প্ৰতি আমি কৃতজ্ঞ। সেইবাবে, আমি নিজৰ এডভান্ছ হেল্থ কেয়াৰ ডাইৰেক্টিভ (নʼ ব্লাড কাৰ্ড) পূৰ কৰোঁ আৰু ইয়াক আমি সকলো সময়তে নিজৰ লগত ৰাখোঁ। b এই কাৰ্ডত লিখা থাকে যে যদি তেজ লোৱাৰ কথা আহি পৰে, তেনেহʼলে আমাৰ নিৰ্ণয় কি হʼব। ইয়াত আমি স্বাস্থ্য আৰু চিকিৎসাৰ লগত জড়িত আৰু কিছুমান কথা লিখিব পাৰোঁ। আপুনি নিজৰ এডভান্ছ হেল্থ কেয়াৰ ডাইৰেক্টিভ পূৰ কৰিলেনে? ইয়াত লিখা কথাবোৰ আপডেট কৰাৰ প্ৰয়োজন আছে নেকি? যদি আপুনি এতিয়ালৈকে কাৰ্ডখন পূৰ কৰা নাই বা তাত যদি কিবা সাল-সলনি কৰিব আছে, তেনেহʼলে দেৰি নকৰিব। এই কাৰ্ডখনত এইবোৰ কথা স্পষ্টকৈ লিখাটো অতি লাভজনক। যদি আগলৈ গৈ আমাৰ স্বাস্থ্যৰ কিবা সমস্যা হয়, তেতিয়া চিকিৎসা আৰম্ভ কৰিবলৈ দেৰি নহʼব আৰু ডাক্তৰসকলে এনে কিছুমান দৰৱ নিদিব, যাৰ বাবে আমাৰ জীৱন বিপদত পৰিব পাৰে। c

১৬. যদি আমি এডভান্ছ হেল্থ কেয়াৰ ডাইৰেক্টিভ কেনেকৈ পূৰ কৰিব লাগে বুজি পোৱা নাই, তেনেহʼলে আমি কি কৰিব পাৰোঁ?

১৬ হʼব পাৰে আপুনি ডেকা হৈ আছে আৰু আপোনাৰ স্বাস্থ্য ভালেই আছে। কিন্তু বেমাৰ বা দুৰ্ঘটনা যিকোনো সময়ত বা যিকোনো ব্যক্তিৰ লগত হʼব পাৰে। (উপ. ৯:১১) সেইবাবে, এডভান্ছ হেল্থ কেয়াৰ ডাইৰেক্টিভ পূৰ কৰি ৰখাটো আমাৰ সকলোৰে বাবে দৰকাৰী। যদি আপুনি বুজি পোৱা নাই যে এই কাৰ্ডখন কেনেকৈ পূৰ কৰিব, তেনেহʼলে প্ৰাচীনসকলৰ লগত কথা পাতিব পাৰে। তেওঁলোকে এই কাৰ্ডখন পূৰ কৰিবলৈ আপোনাক সহায় কৰিব পাৰে, কাৰণ তেওঁলোকে কাৰ্ডখন পূৰ কৰিব জানে। কিন্তু তেওঁলোকে তেজৰ লগত জড়িত কিছুমান বিষয়ত কি কি নিৰ্ণয় লʼব পাৰি, তাক বুজাত আপোনাক সহায় কৰিব পাৰে আৰু আপুনি লোৱা নিৰ্ণয় কাৰ্ডত লিখিবলৈও সহায় কৰিব পাৰে। কিন্তু মনত ৰাখক, প্ৰাচীনে আপোনাৰ বাবে নিৰ্ণয় নলয়, আপুনি নিজৰ নিৰ্ণয় নিজে লʼব লাগিব।—গালা. ৬:৪, ৫.

শান্ত স্বভাৱৰ হওক

১৭. স্বাস্থ্যৰ লগত জড়িত বিষয়বোৰত আমি শান্ত স্বভাৱৰ লোক বা সন্মান কৰা ব্যক্তি হৈ বুলি কেনেকৈ দেখুৱাব পাৰোঁ?

১৭ আমি স্বাস্থ্য আৰু চিকিৎসাৰ লগত জড়িত বহুতো নিৰ্ণয় লওঁ আৰু ইয়াৰে মাজৰ কিছুমান নিৰ্ণয় আমি বাইবেলৰ পৰা প্ৰশিক্ষণ পোৱা বিবেকৰ অনুসৰি লওঁ। (পাঁচ. ২৪:১৬; ১ তীম. ৩:৯) সেইবাবে, নিৰ্ণয় লোৱাৰ সময়ত আৰু আনৰ লগত ইয়াৰ বিষয়ে কথা পতাৰ সময়ত আমি ফিলিপীয়া ৪:৫ পদত দিয়া সিদ্ধান্ত মনত ৰখা উচিত, যʼত এইদৰে লিখা আছে, তোমালোক যে “ক্ষান্ত স্বভাৱ” অৰ্থাৎ সন্মান কৰা ব্যক্তি হয়, এয়া সকলো মানুহৰ আগত প্ৰকাশ হওক। শান্ত স্বভাৱ বা সন্মান কৰাৰ অৰ্থ হৈছে আমি নিজৰ নিৰ্ণয় আনৰ ওপৰত কেতিয়াও জাপি নিদিওঁ। যদিও তেওঁলোকে আমি ভাল পোৱা নিৰ্ণয়বোৰ নলয়, তথাপি আমি তেওঁলোকক প্ৰেম কৰিব লাগে আৰু আদৰ কৰিব লাগে। সন্মান কৰাৰ বা শান্ত হৈ থকাৰ অৰ্থ এয়াও যে আমি নিজৰ স্বাস্থ্যক লৈ বেছিকৈ চিন্তা কৰা উচিত নহয়।—ৰোম. ১৪: ১০-১২.

১৮. ঈশ্বৰে দিয়া জীৱনৰ প্ৰতি আমি কৃতজ্ঞ বুলি কেনেকৈ দেখুৱাব পাৰোঁ?

১৮ যেতিয়া আমি সুৰক্ষিত থাকিবৰ বাবে সাৱধান হওঁ আৰু সম্পূৰ্ণ মনেৰে যিহোৱাৰ সেৱা কৰোঁ, তেতিয়া আমি দেখুৱাওঁ যে আমাক জীৱন দিয়া ঈশ্বৰ যিহোৱাৰ প্ৰতি আমি বহুত কৃতজ্ঞ। (প্ৰকা. ৪:১১) আজি এই পৃথিৱীত আমি বহুতো বেমাৰৰ সন্মুখীন হʼবলগীয়া হয় আৰু প্ৰাকৃতিক দুৰ্যোগৰো সন্মুখীন হʼবলগীয়া হয়। কিন্তু সৃষ্টিকৰ্তাই যেতিয়া আমাক সৃষ্টি কৰিছিল, তেতিয়া আমাৰ লগত এইদৰে হোৱাটো তেওঁ বিচৰা নাছিল। তেওঁ আমাক প্ৰেম কৰে, সেইবাবে তেওঁ অতি সোনকালে আমাক অনন্ত জীৱন দিব আৰু দুখ-কষ্ট আৰু মৃত্যু নাথাকিব। (প্ৰকা. ২১:৪) কিন্তু সেই সময় নহালৈকে আহক আমি নিজৰ যত্ন লওঁ আৰু আমাৰ সৃষ্টিকৰ্তা যিহোৱাৰ সেৱা কৰি থাকোঁ।

গীত ১৪০ অনন্ত জীৱন

a আমাৰ জীৱন যিহোৱাৰ পৰা পোৱা এটা বহুমূল্য উপহাৰ হয়। এই লেখত আমি এনে কিছুমান কথাৰ ওপৰত ধ্যান দিম, যাৰ সহায়ত জীৱনৰ প্ৰতি আমাৰ কৃতজ্ঞতা বাঢ়িব। আমি এয়াও শিকিম যে যেতিয়া কিবা দুৰ্যোগ আহে, তেতিয়া আমি কেনেকৈ সুৰক্ষিত থাকিব পাৰোঁ আৰু নিজৰ স্বাস্থ্যৰ যত্ন লʼব পাৰোঁ আৰু আমি এনে কি কৰিব পাৰোঁ যাতে আমাৰ লগত কোনো দুৰ্ঘটনা নঘটে। আমি এয়াও আলোচনা কৰিম যে স্বাস্থ্যৰ লগত জড়িত কিবা ডাঙৰ সমস্যাৰ সন্মুখীন হʼবলৈ আমি আগতীয়াকৈ কেনেকৈ তৈয়াৰী কৰিব পাৰোঁ?

b DPA কাৰ্ড বুলিও কোৱা হয়।

d ছবিৰ বিষয়ে: এজন ডেকা ভায়ে এডভান্ছ হেল্থ কেয়াৰ ডাইৰেক্টিভ পূৰ কৰি আছে আৰু বাহিৰলৈ যোৱাৰ সময়ত কাৰ্ডখন নিজৰ লগত লৈ গৈছে।