Skip to content

Skip to table of contents

ৱেবছাইট ব্যৱহাৰ কৰাৰ উপায়

ৱেবছাইট ব্যৱহাৰ কৰাৰ উপায়

মূখ্য পেজত অহা লেখবোৰ কেনেকৈ বিচাৰিম?

বহুতো ভাই-ভনীয়ে দেখিলে যে jw.org-ৰ মূখ্য পেজত যিবোৰ লেখৰ বিষয়ে কোৱা হয়, সেইবোৰ প্ৰচাৰত বহুত কামত আহে। এই লেখবোৰ সহজতে আনৰ ফোন বা টেবলেটত পঠিয়াব পাৰি। এই লেখবোৰত প্ৰায়ে বুজোৱা হয় যে আজি হৈ থকা ঘটনাবোৰে কেনেকৈ বাইবেলৰ ভৱিষ্যতবাণী পূৰ কৰি আছে। এজন ভায়ে কৈছিল যে মূখ্য পেজত অহা লেখবোৰ “আজি কালি প্ৰচাৰ কৰাৰ কাৰণে একেবাৰে সঠিক।”

কিন্তু মূখ্য পেজত অহা লেখবোৰ সলনি হৈ থাকে। আমি সেই লেখবোৰ কেনেকৈ বিচাৰিম, যিবোৰ আগতে আহিছিল, কিন্তু এতিয়া দেখা নাপাওঁ? ইয়াৰ বাবে jw.org বা JW লাইব্ৰেৰীত “লাইব্ৰেৰী” ভাগত ক্লিক কৰক, তাৰ পাছত “লেখৰ ধাৰাবাহিকত” ক্লিক কৰক আৰু তাত “আৰু কিছুমান বিষয়” চাওক। এই ভাগত আপুনি এনে বহুতো লেখ পাব, যাৰ বিষয়ে jw.org-ৰ মূখ্য পেজত কোৱা হৈছিল।