Skip to content

Skip to table of contents

অধ্যয়নৰ লেখ ১২

সৃষ্টিক চাই যিহোৱাৰ বিষয়ে শিকক

সৃষ্টিক চাই যিহোৱাৰ বিষয়ে শিকক

‘তেওঁৰ অদৃশ্য গুণবোৰ, জগতৰ সৃষ্টিকালেৰে পৰা তেওঁৰ নানা কাৰ্য্যত বোধগম্য হৈ, স্পষ্টকৈ দেখা গৈছে।’—ৰোম. ১:২০.

গীত ৬ গগনমণ্ডলে যিহোৱাৰ মহিমা প্ৰকাশ কৰে

লেখৰ এক আভাস a

১. ইয়োবে যিহোৱাক আৰু ভালদৰে কেনেকৈ জানিব পাৰিলে, তাৰ এটা উপায় কওক?

 ইয়োবে নিজৰ জীৱনত বহুতো লোকৰ লগত কথা পাতিছিল। কিন্তু যিহোৱাৰ লগত হোৱা কথা-বতৰা হয়তো তেওঁ কেতিয়াও পাহৰিব নোৱাৰিছিল। যিহোৱাই ইয়োবক তেওঁ বনোৱা কিছুমান সৃষ্টিৰ ওপৰত ধ্যান দিবলৈ কৈছিল। এনে কৰিলে যিহোৱা কিমান বুদ্ধিমান আৰু নিজৰ সেৱকসকলৰ প্ৰয়োজনীয়তাবোৰ পূৰ কৰিব পাৰে বুলি বিশ্বাস হʼলেহেঁতেন। যেনে ঈশ্বৰে ইয়োবক কৈছিল, যিদৰে তেওঁ জীৱ-জন্তুৰ যত্ন লয়, ঠিক সেইদৰে তেওঁ ইয়োবৰো যত্ন লʼব পাৰে। (ইয়ো. ৩৮:৩৯-৪১; ৩৯:১, ৫, ১৩-১৬) এইদৰে সৃষ্টিৰ ওপৰত ধ্যান দিয়াৰ বাবে ইয়োবে যিহোৱাৰ বিষয়ে বহুত কথা শিকিব পাৰিলে।

২. বহু বাৰ যিহোৱাৰ সৃষ্টিৰ ওপৰত ধ্যান দিবলৈ আমাৰ বাবে কিয় সম্ভৱ নহʼব পাৰে?

যিহোৱাই বনোৱা সৃষ্টিৰ ওপৰত ধ্যান দিলে, আমি তেওঁৰ বিষয়ে বহুতো কথা শিকিব পাৰোঁ। কিন্তু কেতিয়াবা এনে কৰাটো আমাৰ কাৰণে সম্ভৱ নহʼবও পাৰে। আমি হয়তো চহৰত থাকোঁ, যʼত চাৰিওফালে বেছি প্ৰকৃতিৰ বস্তু দেখিবলৈ পোৱা নাযায় বা আমি এনে এখন ঠাইত থাকোঁ, যʼত প্ৰকৃতিৰ বহুতো বস্তু আছে, কিন্তু এইবোৰলৈ ধ্যান দিবলৈ আমাৰ ওচৰত সময় নাই। এই লেখত আমি শিকিম যে সময় উলিয়াই যিহোৱাই সৃষ্টি কৰা বস্তুবোৰৰ ওপৰত ধ্যান দিয়াটো কিয় প্ৰয়োজন। লগতে এয়াও শিকিম যে যিহোৱা আৰু যীচুৱে আমাক সৃষ্টিৰ পৰা কেনেকৈ শিকালে আৰু সৃষ্টিৰ পৰা বেছিকৈ শিকিবলৈ আমি কি কৰিব পাৰোঁ।

সৃষ্টিৰ ওপৰত কিয় ধ্যান দিয়া উচিত?

আদমে যিহোৱাই বনোৱা সৃষ্টিৰ পৰা আনন্দ পোৱা আৰু জীৱ-জন্তুৰ নাম ৰখাটো যিহোৱাই বিচাৰিছিল (অনুচ্ছেদ ৩ চাওক)

৩. আদমে যিহোৱাই বনোৱা সৃষ্টিৰ পৰা আনন্দ পোৱাটো যিহোৱাই বিচাৰিছিল বুলি আমি কিয় কʼব পাৰোঁ?

যিহোৱাই প্ৰথম মানুহ আদমক বনোৱাৰ সময়ত আদমে তেওঁ বনোৱা বস্তুৰ পৰা আনন্দ পোৱাটো যিহোৱাই বিচাৰিছিল। আদমক থাকিবৰ কাৰণে যিহোৱাই প্ৰমোদবন বনালে আৰু এইবোৰ চোৱা-চিতা কৰিবলৈ আৰু গোটেই পৃথিৱীখনক এই প্ৰমোদবনৰ নিচিনা বনাবলৈ তেওঁক কʼলে। (আদি. ২:৮, ৯, ১৫) চিন্তা কৰকচোন, এয়া আদমৰ বাবে কিমান সন্মানৰ বিষয় আছিল! যেতিয়া বীজ অংকুৰিত হয় আৰু ফুল ফুলে, সেইবোৰ চাই হয়তো তেওঁক কিমান ভাল লাগিছিল। লগতে যিহোৱাই সকলো জীৱ-জন্তুৰ নাম ৰাখিবলৈ আদমক কʼলে। (আদি. ২:১৯, ২০) যিহোৱাই বিচৰা হʼলে সেই কাম নিজেই কৰিব পাৰিলেহেঁতেন, কিন্তু সেই কাম আদমক দিলে। কোনো এটা জন্তুৰ নাম ৰখাৰ আগতে আদমে সেই জন্তুক হয়তো মনোযোগেৰে চাই আছে যে সি দেখিবলৈ কেনেকুৱা আৰু তাৰ স্বভাৱ কেনেকুৱা, ইয়াৰ পাছতে তেওঁ নাম দিছিল। তেওঁক হয়তো এই কাম কৰি বহুত ভাল লাগিছিল। তেওঁ ধ্যান দিব পাৰিলে যে যিহোৱা কিমান বুদ্ধিমান আৰু তেওঁৰ বনোৱা বস্তু কিমান ধুনীয়া আৰু উত্তম।

৪. (ক) যিহোৱাই বনোৱা বস্তুবোৰলৈ আমি কিয় ধ্যান দিয়া উচিত? (খ) যিহোৱাই বনোৱা কোনটো বস্তু আপোনাক বেছি ভাল লাগে?

সৃষ্টিৰ বস্তুবোৰলৈ ধ্যান দিয়াৰ আৰু এটা কাৰণ হৈছে আমি সেইবোৰ ধ্যান দিয়াটো যিহোৱাই নিজেই বিচাৰে। তেওঁ এইদৰে কৈছে, “তোমাৰ চকু ওপৰলৈ তুলি দৃষ্টি কৰা, কোনে সৌবোৰ সৃষ্টি কৰিলে?” (যিচ. ৪০:২৬) যিহোৱাই কেৱল আকাশ মণ্ডল নহয় সমুদ্ৰ আৰু পৃথিৱীৰ বহুতো উত্তম বস্তুবোৰ বনাইছে, যিবোৰ চাই আমি তেওঁৰ বিষয়ে বহুতো কথা শিকিব পাৰোঁ। (গীত. ১০৪:২৪, ২৫) যিহোৱাই মানুহক কেনেকৈ সৃষ্টি কৰিছে তালৈ মন কৰক। যেতিয়া আমি প্ৰকৃতিৰ আশে-পাশে থাকোঁ, তেতিয়া আমাক বহুত ভাল লাগে। আমি সুন্দৰ দৃশ্যবোৰ চাব পাৰোঁ, বেলেগ বেলেগ মাত শুনিব পাৰোঁ, বেলেগ বেলেগ আহাৰৰ সোৱাদ লʼব পাৰোঁ, সেইবোৰৰ গোন্ধ লʼব পাৰোঁ আৰু সেইবোৰ চুই আমি অনুভৱ কৰিব পাৰোঁ। এইদৰে আমি যিহোৱাই বনোৱা বস্তুবোৰৰ সম্পূৰ্ণৰূপে আনন্দ লʼব পাৰোঁ।

৫. ৰোমীয়া ১:২০ পদৰ অনুসৰি আমি যিহোৱাই বনোৱা বস্তুবোৰলৈ কিয় ধ্যান দিয়া উচিত?

আমি কিয় যিহোৱাই বনোৱা বস্তুবোৰলৈ ধ্যান দিয়া উচিত, তাৰ বিষয়ে বাইবেলত আৰু এটা কাৰণ কোৱা হৈছে, সেয়া হৈছে এইদৰে কৰিলে আমি জানিব পাৰোঁ যে যিহোৱা কেনেধৰণৰ ঈশ্বৰ হয় আৰু তেওঁৰ কি কি গুণ আছে। (ৰোমীয়া ১:২০ পঢ়ক।) যিহোৱাই বনোৱা কোনো এটা বস্তু চাওক আৰু তাৰ গঠনৰ ওপৰত ধ্যান দিয়ক, সেয়া চাই আপুনি নাভাবে নে যে যিহোৱা কিমান বুদ্ধিমান। চিন্তা কৰক, যিহোৱাই আমাক খাবলৈ বিভিন্ন ধৰণৰ বস্তু দিছে, ইয়াৰ পৰা আমি জানিব পাৰোঁ যে তেওঁ আমাক বহুত প্ৰেম কৰে। যেতিয়া আমি যিহোৱাই বনোৱা বস্তুবোৰলৈ চাই তেওঁৰ বিষয়ে চিন্তা কৰোঁ, তেতিয়া আমি তেওঁক আৰু ভালদৰে জানিব পাৰোঁ আৰু তেওঁৰ কাষ চাপি আহোঁ। এতিয়া আহক চাওঁ যে যিহোৱাই কেনেকৈ সৃষ্টিৰ পৰা আমাক বহুতো গুৰুত্বপূৰ্ণ কথাবোৰ শিকায়।

যিহোৱাই সৃষ্টিৰ পৰা নিজৰ বিষয়ে শিকায়

৬. পৰিভ্ৰমণকাৰী চৰাইবোৰক ধ্যান দিলে আমি কি শিকিব পাৰোঁ?

যিহোৱাই প্ৰতিটো বস্তুৰ এটা সময় নিৰ্ধাৰণ কৰিছে। প্ৰতিবছৰে ইস্ৰায়েলীসকল ফেব্ৰুৱাৰী মাহৰ পৰা মে’ মাহৰ সময়ছোৱাত হাড়গিলা চৰাইবোৰক উত্তৰৰ ফালে যোৱা দেখিছিল। যিহোৱাই ইস্ৰায়েলীসকলক কৈছিল যে “হাড়গিলাই নিজৰ নিৰূপিত সময় বুজে।” (যিৰি. ৮:৭) এই পৰিভ্ৰমণ কৰা চৰাইবোৰে কেতিয়া এঠাইৰ পৰা আন ঠাইলৈ যাব, তাক যিহোৱাই যিদৰে সময় নিৰ্ধাৰণ কৰিছে, ঠিক সেইদৰে তেওঁ আগতীয়াকৈ সময় নিৰ্ধাৰণ কৰিছে যে তেওঁ দুষ্ট লোকসকলক কেতিয়া ন্যায় কৰিব। আজি যেতিয়া আমি পৰিভ্ৰমণ কৰা চৰাইবোৰক উৰি যোৱা দেখোঁ, তেতিয়া যিহোৱাই উচিত সময়ত এই দুষ্ট জগতৰ অন্ত কৰিব বুলি আমাৰ ভৰসা বঢ়া উচিত।—হব. ২:৩.

৭. আকাশত উৰি উৰি ওপৰলৈ উঠি থকা এটা চৰাইক দেখি আমি কি শিকিব পাৰোঁ? (যিচয়া ৪০:৩১)

যিহোৱাই নিজৰ লোকসকলক শক্তি দিয়ে। ভৱিষ্যতবক্তা যিচয়াৰ যোগেদি যিহোৱাই নিজৰ লোকসকলক প্ৰতিজ্ঞা কৰিছিল যে যেতিয়া তেওঁলোকে দুৰ্বল বা নিৰাশ অনুভৱ কৰিব, তেতিয়া যিহোৱাই তেওঁলোকক শক্তি দিব। তেওঁলোকে যেন “কুৰৰ পক্ষীৰ দৰে ডেউকাৰে ওপৰলৈ উৰিব।” (যিচয়া ৪০:৩১ পঢ়ক।) ইস্ৰায়েলীসকলে হয়তো প্ৰায়ে দেখিছিল যে কুৰৰ পক্ষীয়ে কেনেকৈ ডেউকা নমৰাকৈও গৰম বতাহৰ সহায়ত ওপৰলৈ উৰি যায়। যেনেকৈ যিহোৱাই এই চৰাইবোৰক উৰিবলৈ শক্তি দিয়ে, ঠিক সেইদৰে তেওঁ আমাকো শক্তি দিব পাৰে। গতিকে যেতিয়া আপুনি এটা ডাঙৰ চৰাইক আকাশত উৰি উৰি ওপৰলৈ উঠা দেখে, তেতিয়া মনত ৰাখক যিহোৱাও আপোনাক সমস্যাৰ পৰা উঠাব অৰ্থাৎ সমস্যাবোৰ সন্মুখীন হʼবলৈ শক্তি দিব।

৮. যিহোৱাই বনোৱা বস্তুবোৰৰ ওপৰত ধ্যান দিয়াৰ বাবে ইয়োবে কি শিকিলে আৰু আজি আমি কি শিকিব পাৰোঁ?

আমি যিহোৱাৰ ওপৰত সম্পূৰ্ণৰূপে ভৰসা কৰিব পাৰোঁ। যিহোৱাই ইয়োবক বহুতো কথা কʼলে, যাৰ যোগেদি ইয়োবে যিহোৱাৰ ওপৰত আৰু ভৰসা কৰিব পাৰিলে। (ইয়ো. ৩২:২; ৪০:৬-৮) যিহোৱাই তেওঁক পৃথিৱীৰ বিষয়ে বহুতো কথা কʼলে। যেনে, তৰাৰ বিষয়ে, মেঘৰ বিষয়ে আৰু বিজুলীৰ বিষয়ে। যিহোৱাই তেওঁক বহুতো জীৱ-জন্তুৰ বিষয়ে কʼলে মেঠন আৰু ঘোড়াৰ বিষয়ে। (ইয়ো. ৩৮:৩২-৩৫; ৩৯:৯, ১৯, ২০) এই সকলো বিষয়ে চিন্তা কৰাৰ বাবে ইয়োবে বুজি পালে যে যিহোৱা কেৱল শক্তিশালী নহয় তেওঁ বুদ্ধিমানো হয় আৰু তেওঁ আমাক বহুত প্ৰেম কৰে। এইদৰে ইয়োবে যিহোৱাৰ ওপৰত আৰু ভৰসা কৰিবলৈ ধৰিলে। (ইয়ো. ৪২:১-৬) আজি আমি যেতিয়া যিহোৱাই বনোৱা বস্তুৰ ওপৰত ধ্যান দিওঁ, তেতিয়া আমি বুজি পাওঁ যে তেওঁ আমাতকৈ বহুত বুদ্ধিমান আৰু শক্তিশালী। তেওঁ আমাৰ সকলো সমস্যা দূৰ কৰিব পাৰে আৰু এইদৰে কৰিবও। এই কথা মনত ৰাখিলে আমি যিহোৱাৰ ওপৰত আৰু ভৰসা কৰিব পাৰিম।

যীচুৱে সৃষ্টিৰ যোগেদি নিজৰ পিতৃৰ বিষয়ে শিকালে

৯-১০. আমি ৰʼদ আৰু বৰষুণৰ পৰা যিহোৱাৰ বিষয়ে কি শিকিব পাৰোঁ?

যীচুৱে সৃষ্টিৰ বিষয়ে বহুতো কথা জানিছিল। যেতিয়া যিহোৱাই সকলো বস্তু সৃষ্টি কৰি আছিল, তেতিয়া তেওঁ “প্ৰধান কাৰ্য্যকাৰিণী” হিচাপে যিহোৱাক সহায় কৰিছিল। (হিতো. ৮:৩০) পাছত যেতিয়া তেওঁ পৃথিৱীলৈ আহিল, তেতিয়া তেওঁ নিজৰ শিষ্যসকলক সৃষ্টিৰ বস্তুবোৰৰ উদাহৰণ দি নিজৰ পিতৃৰ বিষয়ে বহুতো কথা শিকালে। আহক তাৰে মাজৰ কিছুমান কথাৰ ওপৰত ধ্যান দিম।

১০ যিহোৱাই প্ৰতিজনকে প্ৰেম কৰে। পৰ্বতীয়া উপদেশ দিয়াৰ সময়ত যীচুৱে নিজৰ শিষ্যসকলক ৰʼদ আৰু বৰষুণৰ বিষয়ে কৈছিল। এই বস্তুবোৰৰ বিষয়ে লোকসকলে ইমান গুৰুত্ব নিদিয়ে, কিন্তু জীয়াই থাকিবলৈ এইবোৰ অতি প্ৰয়োজন। যিহোৱাই বিচৰা হʼলে দুষ্ট লোকসকলক ৰʼদ আৰু বৰষুণ নিদিয়াৰ ব্যৱস্থা কৰিব পাৰিলেহেঁতেন, কিন্তু তেওঁ এইদৰে নকৰিলে। তেওঁ প্ৰতিজনকে ৰʼদ আৰু বৰষুণ দিয়ে। (মথি ৫:৪৩-৪৫) এইদৰে যীচুৱে নিজৰ শিষ্যসকলক শিকালে যে যিহোৱাই সকলোলোকক প্ৰেম কৰে। গতিকে যেতিয়া আমি বেলি মাৰ যোৱাৰ সুন্দৰ দৃশ্য চাওঁ বা চিপ চিপ বৰষুণৰ আনন্দ লওঁ, তেতিয়া আমি মনত ৰাখোঁ যে যিহোৱাই সকলো লোককে প্ৰেম কৰে। তাৰ পাছত সকলোলোককে প্ৰচাৰ কৰিবলৈ আমাৰো মন যাব আৰু এইদৰে আমি দেখুৱাব পাৰিম যে আমি সকলোকে প্ৰেম কৰোঁ।

১১. চৰাইবোৰক চাই আমি কেনেকৈ সাহস লাভ কৰিব পাৰোঁ?

১১ যিহোৱাই আমাৰ সকলো প্ৰয়োজনীয়তা পূৰ কৰে। পৰ্বতীয়া উপদেশ দি থকাৰ সময়ত যীচুৱে এইদৰে কৈছিল, “আকাশৰ চৰাইবোৰলৈ চোৱা; সেইবোৰে নবয়, নাদায়, আৰু মেৰতো নচপায়; তথাপি তোমালোকৰ স্বৰ্গীয় পিতৃয়ে সেইবোৰকো আহাৰ দিয়ে।” হয়তো যীচুৱে এই কথা কৈ থকাৰ সময়ত লোকসকলে আকাশত উৰি থকা চৰাইবোৰক দেখিছিল। তেতিয়া যীচুৱে তেওঁলোকক এইদৰে কʼলে “তোমালোক সেইবোৰতকৈ অধিক মূল্যবান নোহোৱা নে?” (মথি ৬:২৬) যীচুৱে বৰ সুন্দৰৰূপে লোকসকলৰ বিশ্বাস জন্মালে যে যিহোৱাই নিজৰ সেৱকসকলৰ প্ৰয়োজনীয়তাবোৰ পূৰ কৰিব। (মথি ৬:৩১, ৩২) এই কথা আমি মনত ৰাখিলে আমি আজিও সাহস লাভ কৰোঁ। স্পেইন দেশত থকা এজনী যুৱতী ভনী যি অগ্ৰগামী সেৱা কৰে। তাইৰ উদাহৰণলৈ মন কৰক, তেওঁ থাকিবৰ কাৰণে ঘৰ পোৱা নাছিল, সেইবাবে তেওঁ বহুত চিন্তিত হৈছিল। কিন্তু তেওঁ কেইটামান চৰাই দানা বুটুলি থকা আৰু গছৰ পৰা ফল খাই থকা দেখিলে, সেইবোৰ দেখি তেওঁ বহুত সাহস লাভ কৰিলে। তেওঁ এইদৰে কয়, “এই চৰাইবোৰক দেখি মোৰ মনত পৰিলে যে যদি যিহোৱাই এই চৰাইবোৰক যত্ন লʼব পাৰে, তেনেহʼলে তেওঁ মোৰো যত্ন লʼব আৰু ঠিক এইদৰেই হʼল।” কিছু সময়ৰ পাছত ভনীয়ে থাকিবৰ কাৰণে ঘৰ পালে।

১২. মথি ১০:২৯-৩১ পদত কোৱা চৰাইবোৰৰ পৰা আমি যিহোৱাৰ বিষয়ে কি শিকিব পাৰোঁ?

১২ যিহোৱাই আমাক সকলোকে মূল্যৱান বুলি ভাবে? যীচু যেতিয়া নিজৰ পাঁচনিসকলক প্ৰচাৰলৈ পঠাইছিল, তেতিয়া তেওঁলোকৰ সাহস বঢ়াইছিল যাতে বিৰোধ আহিলেও তেওঁলোকে ভয় নকৰে। (মথি ১০:২৯-৩১ পঢ়ক।) এইদৰে কৰাৰ বাবে তেওঁ তেওঁলোকক সৰু চৰাইবিলাকৰ উদাহৰণ দিছিল, যি প্ৰায়েই ইস্ৰায়েল দেশত দেখিবলৈ পোৱা গৈছিল। যীচুৰ দিনত এইবোৰৰ একো মূল্য নাছিল, কিন্তু যীচুৱে তেওঁৰ শিষ্যসকলক এইদৰে কৈছিল, “তোমালোকৰ পিতৃৰ অনুমতিৰ বিনে সেইবোৰৰ এটিও মাটিত নপৰে,” তাৰ পাছত তেওঁ এইদৰে কৈছিল, “তোমালোক অনেক ঘৰ-চিৰিকাতকৈ বহুমূলীয়া।” যীচুৱে শিষ্যসকলক বিশ্বাস জন্মালে যে তেওঁলোকক প্ৰত্যেককে মূল্যৱান বুলি ভাবে। সেইবাবে, তেওঁলোকৰ ওপৰত যেতিয়া বিৰোধ আহে, তেতিয়া তেওঁলোকে ভয় কৰাৰ প্ৰয়োজন নাই। যেতিয়া তেওঁলোকে গাঁৱত প্ৰচাৰ কৰাৰ সময়ত সৰু চৰাইবিলাকক দেখিছিল, তেতিয়া যীচুৱে কোৱা এই কথা তেওঁলোকৰ হয়তো মনত পৰিছিল। গতিকে যেতিয়া আপুনি সৰু চৰাইক দেখে, তেতিয়া মনত ৰাখক যে যিহোৱাৰ কাৰণে আপুনি বৰ বিশেষ। কিয়নো, তেওঁৰ বাবে আপুনি “অনেক ঘৰ-চিৰিকাতকৈ বহুমূলীয়া।” যিহোৱা আপোনাৰ লগত আছে, সেইবাবে যিমানেই বিৰোধ নাহক কিয়, আপুনি সাহসেৰে সেইবোৰৰ সন্মুখীন হʼব পাৰে।—গীত. ১১৮:৬.

সৃষ্টিৰ যোগেদি ঈশ্বৰৰ বিষয়ে আৰু কেনেকৈ জানিব পাৰি?

১৩. যিহোৱাৰ সৃষ্টিৰ পৰা আৰু বেছিকৈ শিকিবৰ কাৰণে আমি কি কৰিব পাৰোঁ?

১৩ যিহোৱাই সৃষ্টি কৰা বস্তুবোৰৰ পৰা তেওঁৰ বিষয়ে আৰু বহুতো কথা জানিব পাৰি। ইয়াৰ কাৰণে আমি কি কৰিব পাৰোঁ? প্ৰথমে যিহোৱাই বনোৱা সৃষ্টিৰ ওপৰত ধ্যান দিবৰ কাৰণে সময় উলিয়াব পাৰোঁ, তাৰ পাছত আমি ভাবিব পাৰোঁ যে এই সৃষ্টিৰ পৰা আমি যিহোৱাৰ বিষয়ে কি শিকিব পাৰোঁ। এনে কৰাটো সদায় সহজ নহʼবও পাৰে। কেমৰুনত থকা ভনী জেৰলডিল এইদৰে কয়, “মই চহৰত ডাঙৰ-দীঘল হৈছিলোঁ, সেইবাবে মই ভালদৰে জানোঁ যে প্ৰকৃতিৰ বস্তু ধ্যান দিবৰ কাৰণে পৰিশ্ৰম কৰাৰ প্ৰয়োজন।” এলফাঞ্চ নামৰ এজন প্ৰাচীনে এইদৰে কয়, “মই দেখিবলৈ পাইছোঁ যিহোৱাই বনোৱা বস্তুবোৰৰ ওপৰত ধ্যান কৰাৰ কাৰণে আগতীয়াকৈ সময় নিৰ্ধাৰণ কৰাৰ প্ৰয়োজন। সেই সময়ত একান্ত মনেৰে মই ভাবিব পাৰোঁ যে যিহোৱাই সৃষ্টি কৰা বস্তুবোৰৰ পৰা মই তেওঁৰ বিষয়ে কি শিকিব পাৰোঁ।”

যেতিয়া দায়ূদে ওচৰে-পাজৰে থকা সৃষ্টি চাইছিল, তেতিয়া তেওঁ চিন্তা কৰিছিল যে তাৰ পৰা যিহোৱাৰ বিষয়ে কি শিকিব পাৰি (অনুচ্ছেদ ১৪ চাওক)

১৪. যিহোৱাই সৃষ্টি কৰা বস্তুৰ ওপৰত ধ্যান কৰাৰ বাবে দায়ূদে কি বুজি পালে?

১৪ দায়ূদে যিহোৱাই সৃষ্টি কৰা বস্তুবোৰৰ বিষয়ে গভীৰভাৱে ধ্যান কৰিছিল। এবাৰ তেওঁ যিহোৱাক এইদৰে কʼলে, “যেতিয়া মই তোমাৰ হাতে কৰা আকাশ-মণ্ডল, তুমি নিৰূপণ কৰা চন্দ্ৰ আৰু তৰাবোৰৰ বিষয়ে চিন্তা কৰোঁ, তেতিয়া মই কওঁ, মানুহ নো কি, তুমি যে তাক সোঁৱৰণ কৰা?” (গীত. ৮:৩, ৪) দায়ূদে যেতিয়া ৰাতিৰ ভাগত তৰাৰে ভৰা আকাশলৈ চাইছিল, তেতিয়া অকল ইয়াৰ সৌন্দৰ্য্য দেখা নাছিল, তাৰ পৰিৱৰ্তে ইয়াৰ বিষয়ে ভাবিছিল যে তেওঁ ইয়াৰ পৰা যিহোৱাৰ বিষয়ে কি জানিব পাৰে। ইয়াৰ যোগেদি তেওঁ বুজিব পাৰিলে যে যিহোৱা কিমান মহান। দায়ূদে ইয়াৰ বিষয়েও ধ্যান কৰিছিল যে যেতিয়া তেওঁ মাতৃৰ গৰ্ভত আছিল, তেতিয়া তেওঁৰ কেনেকৈ বিকাশ হৈছিল। যেতিয়া তেওঁ এই বিষয়ে চিন্তা কৰিলে যে তেওঁক কিমান আচৰিতভাৱে সৃষ্টি কৰা হৈছে, তেতিয়া তেওঁ বুজি পালে যে যিহোৱা কিমান বুদ্ধিমান হয় আৰু ইয়াৰ বাবে যিহোৱাৰ প্ৰতি তেওঁ কৃতজ্ঞ হʼল।—গীত. ১৩৯: ১৪-১৭.

১৫. আপুনি সৃষ্টিৰ পৰা যিহোৱাৰ কোনটো গুণৰ বিষয়ে শিকিলে? (গীত. ১৪৮:৭-১০, ১২)

১৫ আপোনাৰ ওচৰে-পাজৰে যিহোৱাই সৃষ্টি কৰা এনে বস্তু হʼব পাৰে, যাৰ ওপৰত আপুনি ধ্যান কৰিব পাৰে। এইদৰে কৰাৰ যোগেদি আপুনি আৰু ভালদৰে জানিব পাৰিব যে যিহোৱাৰ কি কি গুণ আছে। যেনে, যেতিয়া আপুনি সূৰ্য্যৰ তাপ অনুভৱ কৰে, তেতিয়া আপুনি ভাবিব পাৰে যে যিহোৱা কিমান শক্তিশালী ঈশ্বৰ। (যিৰি. ৩১:৩৫) অথবা যেতিয়া আপুনি চৰাইবোৰক বাহ সাজি থকা দেখে, তেতিয়া আপুনি এই বিষয়ে ধ্যান কৰক যে যিহোৱা কিমান বুদ্ধিমান হয় বা যেতিয়া আপুনি এটা কুকুৰৰ পোৱালীক নিজৰ নেজৰ লগত খেলি থকা দেখে, তেতিয়া আপোনাৰ অনুভৱ নহয় নে যে যিহোৱাই সদায় আনন্দত থাকি আৰু হাঁহি-ধেমালি ভাল পায় আৰু যেতিয়া আপুনি এজনী মাতৃক নিজৰ কেঁচুৱাৰ লগত খেলি থকা দেখে, তেতিয়া আপুনি যিহোৱাক ধন্যবাদ দিয়ক যে তেওঁ আপোনাক কিমান প্ৰেম কৰে। গোটেই বিশ্ব ব্ৰহ্মাণ্ড আৰু যিহোৱাই সৃষ্টি কৰা প্ৰত্যেকটো বস্তুটোৱে তেওঁৰ প্ৰশংসা কৰে। সৰুৱে হওক বা ডাঙৰ, দূৰতে হওক বা ওচৰত গোটেই সৃষ্টিয়ে যিহোৱাৰ প্ৰশংসা কৰে। আমাক কেৱল চকু তুলি চোৱাৰ আৰু ধ্যান কৰাৰ প্ৰয়োজন, তেতিয়াহে আমি যিহোৱাৰ বিষয়ে আৰু বহুতো কথা শিকিব পাৰিম।—গীতমালা ১৪৮:৭-১০, ১২ পঢ়ক।

১৬. আমি কি কৰিবলৈ থিৰাং কৰা উচিত?

১৬ আমাৰ ঈশ্বৰ বহুত বুদ্ধিমান, শক্তিশালী আৰু তেওঁ আমাক বহুত প্ৰেম কৰে আৰু তেওঁ প্ৰতিটো বস্তু বৰ সুন্দৰৰূপে সৃষ্টি কৰিছে। যদি আমি আমাৰ ওচৰে-পাজৰে থকা সৃষ্টিক মনোযোগেৰে চাওঁ, তেতিয়া আমি তেওঁৰ বহুতো গুণৰ বিষয়ে জানিব পাৰিম আৰু তেওঁৰ বিষয়ে আৰু বেছিকৈ শিকিব পাৰিম। গতিকে আহক আমি যিহোৱাই সৃষ্টি কৰা বস্তুবোৰক ধ্যান দি চাবলৈ সময় উলিয়াও আৰু চিন্তা কৰোঁ যে আমি সেইবোৰৰ পৰা যিহোৱাৰ বিষয়ে কি শিকিব পাৰোঁ। এইদৰে কৰিলে আমি তেওঁৰ আৰু চাষ চাপিব পাৰিম। (যাকো. ৪:৮) পৰৱৰ্তী লেখত আমি শিকিম যে মা-দেউতাই সৃষ্টিৰ যোগেদি কেনেকৈ নিজৰ লʼৰা-ছোৱালীক শিকাব পাৰে যাতে তেওঁলোকে যিহোৱাৰ কাষ চাপে।

গীত ৫ ঈশ্বৰৰ আচৰিত কাম

a যিহোৱাই সকলো বস্তু উত্তম বনাইছে। শক্তিৰে ভৰা সূৰ্য্যই হওক বা এটি ফুলৰ কলি তেওঁ বনোৱা সকলো বস্তু দেখি আমি আচৰিত হওঁ। যিহোৱাই বনোৱা বস্তুবোৰ চাই তেওঁ কেনেধৰণৰ ঈশ্বৰ হয় আৰু তেওঁৰ কি কি গুণ আছে, সেয়াও আমি জানিব পাৰোঁ। এই লেখত আমি শিকিম যে আমি কিয় সময় উলিয়াই সৃষ্টিৰ বস্তুবোৰক চোৱা উচিত আৰু এইদৰে কৰিলে আমি কেনেকৈ যিহোৱাৰ আৰু কাষ চাপিব পাৰোঁ?