Skip to content

Skip to table of contents

অধ্যয়ন আনন্দপূৰ্ণ কৰাৰ উপায়

অধ্যয়ন আনন্দপূৰ্ণ কৰাৰ উপায়

“নতুন কি আছে” ভাগ কেনেকৈ ব্যৱহাৰ কৰিব পাৰি?

নতুনকৈ অহা লেখ আৰু ভিডিঅʼবোৰ JW লাইব্ৰেৰী আৰু jw.org-ৰ “নতুন কি আছে” ভাগত পোৱা যায়। এই ভাগত অহা নতুন লেখ আৰু ভিডিঅʼবোৰ চাবলৈ আপুনি কি কৰিব পাৰে?

JW লাইব্ৰেৰী

  • যেতিয়া “ধাৰাবাহিকত” কোনো নতুন লেখ প্ৰকাশিত কৰা হয়, তেতিয়া সেয়া ধাৰাবাহিকৰ লগতে আহে। সেইবাবে, “নতুন কি আছে” ভাগত যেতিয়া আপুনি কোনো ধাৰাবাহিক অহা দেখে, তেতিয়া ইয়াক ডাউনলʼড কৰিব পাৰে। ইয়াক খোলাৰ পাছত যদি আপুনি “তাৰিখত” ক্লিক কৰে, তেনেহʼলে নতুন লেখ সকলোতকৈ ওপৰত পাব, যাক আপুনি পঢ়িব পাৰে।

  • পত্ৰিকাৰ নিচিনা ডাঙৰ লেখবোৰ হয়তো আপুনি এবাৰতে পঢ়ি শেষ কৰিব নোৱাৰে। এনে প্ৰকাশনক আপুনি “পছন্দৰ বিষয়ত” (Favorites) থʼব পাৰে, যাতে আপুনি সেইবোৰ সহজতে বিচাৰিব পাৰে আৰু যʼৰ পৰা পঢ়া এৰিছিলে, তাৰ পৰা আগলৈ পঢ়িব পাৰে। পঢ়া শেষ হোৱাৰ পাছত “পছন্দৰ বিষয়ৰ” পৰা তাক উলিয়াব পাৰে।

JW.ORG

কিছুমান বিষয়, যেনে কিছুমান খবৰ আৰু ঘোষণা অকল jw.org-তে আহে, যি JW লাইব্ৰেৰীত পোৱা নাযায়। সেইবাবে, নতুনকৈ অহা লেখবোৰ পঢ়িবলৈ মাজে-সময়ে jw.org বেৱছাইটত “নতুন কি আছে” ভাগ চাই থাকক।