Skip to content

Skip to table of contents

অধ্যয়নৰ লেখ ৩৫

সদায় ধৈৰ্য্যেৰে কাম কৰক

সদায় ধৈৰ্য্যেৰে কাম কৰক

‘চিৰসহিষ্ণুতাক [বা ধৈৰ্য্যক] পিন্ধা।’—কল ৩:১২

গীত ১১৪ “সহন কৰা”

লেখৰ এক আভাস a

১. ধৈৰ্য্য ধৰা লোকসকলক আমি কিয় ভাল পাওঁ?

 ধৈৰ্য্য ধৰা লোকসকলক আমি সকলোৱে ভাল পাওঁ। কিয় বাৰু? কিয়নো কোনো এটা কথাৰ বাবে অপেক্ষা কৰিবলগীয়া হ’লে তেওঁ চিন্তিত নহয় বা যদি আমি কিবা ভুল কৰোঁ, তেনেহ’লে তেওঁ খং নকৰে। যদি কোনো এটা কথা বুজি পাবলৈ আমাক সময় লাগে, তেতিয়াও তেওঁ ধৈৰ্য্য ধৰে। যেনে, আমাৰ মাজৰ কিছুমানক বাইবেলৰ কোনো এটা সত্যতা বুজিবলৈ, তাক মানিবলৈ বা তাৰ অনুসৰি চলিবলৈ সময় লাগিছিল। কিন্তু যিজন ভাই বা ভনীয়ে আমাক শিকাইছিল, তেওঁলোকে হাৰ নামানিলে। সকলোতকৈ বেছি আমি যিহোৱাৰ প্ৰতি কৃতজ্ঞ কিয়নো তেওঁ আমাৰ লগত ধৈৰ্য্য ধৰে।—ৰোম ২:৪.

২. ধৈৰ্য্য ধৰিবলৈ আমাক হয়তো কেতিয়া কঠিন লাগিব পাৰে?

আনে ধৈৰ্য্য ধৰিলে আমাক ভাল লাগে। কিন্তু কেতিয়াবা হয়তো আমাক ধৈৰ্য্য ধৰিবলৈ কঠিন লাগিব পাৰে। যেনে, যদি আমি ট্ৰেফিকৰ জামত ফচি গৈছোঁ আৰু আমাৰ দেৰি হৈছে, তেতিয়া হয়তো আমি শান্ত হৈ থাকিব নোৱাৰোঁ। অথবা যেতিয়া কোনোবাই আমাক আমনি কৰে, তেতিয়া আমি নিজৰ ধৈৰ্য্য হেৰুৱাব পাৰোঁ। বহু বাৰ হয়তো আমাক নতুন পৃথিৱীৰ অপেক্ষা কৰিবলৈ কঠিন লাগিব পাৰে। গতিকে আপুনি আৰু বেছিকৈ ধৈৰ্য্য ধৰি কাম কৰিব বিচাৰেনে? এই লেখত আমি শিকিম যে ধৈৰ্য্য ধৰাৰ অৰ্থ কি আৰু ধৈৰ্য্য ধৰাটো কিয় ইমান গুৰুত্বপূৰ্ণ? তাৰ পিছত আমি এনে কিছুমান উপায়ৰ বিষয়ে আলোচনা কৰিম যিবোৰ মনত ৰাখিলে আমি আৰু বেছিকৈ ধৈৰ্য্য ধৰিব পাৰিম।

ধৈৰ্য্য ধৰাৰ অৰ্থ কি?

৩. ধৈৰ্য্য ধৰা ব্যক্তিক যেতিয়া কোনোবাই খং উঠাই, তেতিয়া তেওঁ কি কৰে?

আহক চাওঁ যে ধৈৰ্য্য ধৰি কাম কৰা লোকৰ কি বিশেষ চাৰিটা গুণ থাকে। প্ৰথম, ধৈৰ্য্য ধৰা ব্যক্তি “ক্ৰোধত ধীৰ” হয়, তেওঁ সোনকালে খং নকৰে। যেতিয়া তেওঁক খং তোলা হয় বা তেওঁ চিন্তিত থাকে, তেতিয়া তেওঁ শান্ত হৈ থাকে আৰু প্ৰতিশোধ লʼবলৈ চেষ্টা নকৰে। আপোনালোকে জানেনে “ক্ৰোধত ধীৰ” হোৱাৰ কথা বাইবেলত প্ৰথমবাৰ তেতিয়া লিখা হৈছিল, যেতিয়া যিহোৱাৰ বিষয়ে কোৱা হৈছিল যে তেওঁ “ কৃপা আৰু দয়াৰে পৰিপূৰ্ণ ঈশ্বৰ, ক্ৰোধত ধীৰ, দয়া আৰু সত্যতাত মহান।”—যাত্ৰা. ৩৪:৬.

৪. ধৈৰ্য্য ধৰা ব্যক্তিক যদি অপেক্ষা কৰিবলগীয়া হয়, তেতিয়া তেওঁ কি কৰে?

দ্বিতীয়, ধৈৰ্য্য ধৰা ব্যক্তিক যদি কেতিয়াবা অপেক্ষা কৰিবলগীয়া হয়, তেতিয়াও তেওঁ শান্ত হৈ থাকে। কোনো কাম বা কথাৰ বাবে তেওঁ যিমান সময় লাগিব বুলি ভাবিছিল তাতকৈ যদি বেছি সময় লাগে, তেতিয়া তেওঁ ধৈৰ্য্য নেহেৰুৱাই বা খং নকৰে। (মথি ১৮:২৬, ২৭) এনে বহুতো পৰিস্থিতি হ’ব পাৰে, য’ত আমি শান্ত হৈ অপেক্ষা কৰাৰ প্ৰয়োজন হয়। যেনে, যদি কোনোবাই আমাৰ লগত কথা পাতি আছে, তেনেহ’লে আমি মনোযোগেৰে তেওঁৰ কথা শুনা উচিত আৰু মাজতে মাত মতা উচিত নহয়। (ইয়ো. ৩৬:২) অথবা যদি আমি আমাৰ বাইবেল বিদ্যাৰ্থীক বাইবেলৰ কোনো এটা শিক্ষা বুজিবলৈ বা তেওঁৰ কোনো বেয়া অভ্যাস এৰিবলৈ সহায় কৰি আছোঁ, তেতিয়াও আমি হয়তো ধৈৰ্য্য ধৰিবলগীয়া হ’ব পাৰে।

৫. ধৈৰ্য্য ধৰা ব্যক্তিয়ে আৰু কি কৰে?

তৃতীয়, ধৈৰ্য্য ধৰা ব্যক্তিয়ে চিন্তা নকৰি খৰ-খেদাকৈ কাম নকৰে। এয়া সঁচা যে কিছুমান কাম আমি সোনকালে শেষ কৰিবলগীয়া হয়। কিন্তু ধৈৰ্য্য ধৰা ব্যক্তিক যদি কোনো এটা গুৰুত্বপূৰ্ণ কাম কৰিবলগীয়া হয়, তেতিয়া তেওঁ তাক আৰম্ভ কৰিবলৈ খৰ-খেদা নকৰে বা চিন্তা নকৰাকৈ শেষ নকৰে। ইয়াৰ পৰিৱৰ্তে তেওঁ অলপ সময় লৈ প্ৰথমে তাৰ বিষয়ে চিন্তা কৰে যে সেই কাম ভালদৰে পূৰ কৰিবলৈ কিমান সময় লাগিব আৰু সিমানেই সময় লয়।

৬. ধৈৰ্য্য ধৰা ব্যক্তিয়ে সমস্যাৰ সময়ত কি কৰে?

চতুৰ্থ, ধৈৰ্য্য ধৰা ব্যক্তিয়ে সমস্যাৰ সময়ত অভিযোগ নকৰে। পৰিস্থিতি যিয়েই নহওক কিয় তেওঁ ধৈৰ্য্য ধৰে আৰু সকলোবোৰ আনন্দেৰে সহন কৰে। যেতিয়া আমি কিবা সমস্যাৰ মাজেদি পাৰ হওঁ, তেতিয়া আমি কেনে অনুভৱ কৰিছোঁ, তাৰ বিষয়ে আমি নিজৰ কোনো এজন বন্ধুক জনাব বিচাৰোঁ আৰু এইদৰে কৰাটো ভুল নহয়। কিন্তু যদি আমি ধৈৰ্য্য ধৰোঁ, তেনেহ’লে আমি কেৱল নিজৰ সমস্যাৰ বিষয়ে ভাবি নাথাকিম, তাৰ পৰিৱৰ্তে ভাল কথাবোৰলৈ ধ্যান দিম আৰু আনন্দেৰে যিহোৱাৰ সেৱা কৰিবলৈ চেষ্টা কৰিম। (কল. ১:১১) গতিকে এতিয়ালৈকে আমি যি কথাবোৰ আলোচনা কৰিলোঁ সেইবোৰ মনত ৰাখি আমি সকলোৱে ধৈৰ্য্য ধৰা উচিত। কিন্তু ধৈৰ্য্য ধৰাটো কিয় ইমান গুৰুত্বপূৰ্ণ? আহক কিছুমান কাৰণলৈ মন কৰোঁ।

ধৈৰ্য্য ধৰাটো কিয় ইমান গুৰুত্বপূৰ্ণ?

এজন খেতিয়কে ধৈৰ্য্য ধৰে আৰু ভৰসা ৰাখে যে সঠিক সময়ত তেওঁ নিশ্চয় দাবলৈ পাব। ঠিক সেইদৰে আমিও ধৈৰ্য্য ধৰোঁ আৰু ভৰসা ৰাখোঁ যে যিহোৱাই সঠিক সময়ত নিজৰ সকলো প্ৰতিজ্ঞা পূৰ কৰিব (অনুচ্ছেদ ৭ চাওক)

৭. যাকোব ৫:৭, ৮ পদৰ অনুসৰি ধৈৰ্য্য ধৰাটো কিয় ইমান গুৰুত্বপূৰ্ণ? (ছবিখনো চাওক।)

ধৈৰ্য্য ধৰিলেহে আমি অনন্ত জীৱন পাম। প্ৰাচীন সময়ত ঈশ্বৰৰ সেৱকসকলে তেওঁৰ প্ৰতিজ্ঞা পূৰ হোৱালৈ অপেক্ষা কৰিলে। আমিও তেওঁলোকৰ দৰে ধৈৰ্য্য ধৰিব লাগিব। (ইব্ৰী ৬:১১, ১২) বাইবেলত কোৱা হৈছে যে আমি এজন খেতিয়কৰ দৰে হয়। (যাকোব ৫:৭, ৮ পঢ়ক।) এজন খেতিয়কে বীজ সিঁচিবলৈ বহুত পৰিশ্ৰম কৰে আৰু পানীও দিয়ে। কিন্তু তেওঁ নাজানে যে সেই বীজ কেতিয়া গজিব। সেইবাবে, তেওঁ ধৈৰ্য্য ধৰে। তেওঁ নিজৰ পৰিশ্ৰমৰ ভাল ফল পাব বুলি তেওঁৰ সম্পূৰ্ণ বিশ্বাস থাকে। ঠিক সেইদৰে আমাৰ “প্ৰভু কোন মুহূৰ্ত্তত আহিব” তাক আমি নাজানোঁ। তথাপিও আমি ঈশ্বৰৰ সেৱাত লাগি থাকোঁ। (মথি ২৪:৪২) আমি ধৈৰ্য্য ধৰোঁ আৰু বিশ্বাস ৰাখোঁ যে যিহোৱাই সঠিক সময়ত নিজৰ সকলো প্ৰতিজ্ঞা পূৰ কৰিব। যদি আমি ধৈৰ্য্য হেৰুৱাও, তেনেহ’লে অপেক্ষা কৰিবলৈ আমাক হয়তো কঠিন লাগিব পাৰে আৰু আমি লাহে লাহে যিহোৱাৰ পৰা আঁতৰি যাব পাৰোঁ। হয়তো আমি এনে বস্তু পাবলৈ চেষ্টা কৰিব পাৰোঁ, যাৰ সহায়ত আমাক লাগিব পাৰে যে এতিয়া আমি সকলো আনন্দ পাম। কিন্তু যদি আমি ধৈৰ্য্য ধৰোঁ, তেনেহ’লে আমি শেষলৈকে ধৈৰ্য্য ধৰিব পাৰিম আৰু উদ্ধাৰ পাম।—মীখা ৭:৭; মথি ২৪:১৩.

৮. ধৈৰ্য্য ধৰিলে আমি আনৰ লগত কেনেদৰে ব্যৱহাৰ কৰিব পাৰিম? (কলচীয়া ৩:১২, ১৩)

ধৈৰ্য্য ধৰিলে আনৰ লগত আমাৰ সম্পৰ্ক ভাল হৈ থাকে আৰু আমি আনৰ কথা মনোযোগেৰে শুনিম। (যাকো. ১:১৯) আমাৰ মাজত শান্তি থাকিব। যেতিয়া আমি চিন্তিত হওঁ, তেতিয়া আমি নভবা-নিচিন্তাকৈ একো কথা নকম বা আনক বেয়াকৈও নকম। ইয়াৰ উপৰিও যদি কোনোবাই আমাক আঘাত দিয়ে, তেনেহ’লে আমি সোনকালে খং নকৰিম বা প্ৰতিশোধ ল’বলৈ চেষ্টা নকৰিম। ইয়াৰ পৰিৱৰ্তে, ‘আমি পৰস্পৰ সহনীয় হ’ম, আৰু যদি কোনো জনৰ বিৰুদ্ধে কোন জনৰ দোষ দিবৰ কাৰণ থাকে, তেন্তে পৰস্পৰে ক্ষমা কৰিম।’—কলচীয়া ৩:১২, ১৩ পঢ়ক।

৯. ধৈৰ্য্য ধৰিলে আমি কেনেকৈ সঠিক নিৰ্ণয় ল’ব পাৰিম? (হিতোপদেশ ২১:৫)

ধৈৰ্য্য ধৰিলে আমি ভাল নিৰ্ণয় ল’ব পাৰোঁ। আমি নভবাকৈ বা খৰ-খেদাকৈ একো নকৰোঁ। ইয়াৰ পৰিৱৰ্তে আমি অলপ সময় উলিয়াই অনুসন্ধান কৰোঁ আৰু চিন্তা কৰোঁ যে কি কৰিলে ভাল হ’ব। (হিতোপদেশ ২১:৫ পঢ়ক।) উদাহৰণস্বৰূপে, যদি আমি চাকৰি বিচাৰি আছোঁ, তেনেহ’লে আমি যিয়ে চাকৰি পাওঁ তাকে কৰিবলৈ আমাৰ মন যাব পাৰে, যদিও সেই চাকৰিৰ বাবে প্ৰচাৰ আৰু সভাত যাবলৈ আমাৰ ওচৰত সময় নাথাকিব। কিন্তু যদি আমি ধৈৰ্য্য ধৰোঁ, তেনেহ’লে অলপ সময় উলিয়াই চিন্তা কৰিম যে সেই চাকৰিৰ বাবে মই কিমান দূৰ যাবলগীয়া হ’ব, কিমান সময় দিব লাগিব আৰু সেই চাকৰিৰ বাবে পৰিয়াল আৰু যিহোৱাৰ লগত থকা সম্পৰ্কৰ ওপৰত কি প্ৰভাৱ পৰিব। আন কথাত কʼবলৈ গʼলে ধৈৰ্য্য ধৰিলে ভুল নিৰ্ণয় লোৱাৰ পৰা আমি বাচি থাকিম।

আমি কেনেকৈ আৰু বেছি ধৈৰ্য্য ধৰি কাম কৰিব পাৰোঁ?

১০. এজন খ্ৰীষ্টানে ধৈৰ্য্য ধৰিবলৈ আৰু ইয়াক অভ্যাস বনাবলৈ কি কৰিব পাৰে?

১০ আপুনি আৰু বেছি ধৈৰ্য্য ধৰি কাম কৰিবলৈ সহায় বিচাৰি প্ৰাৰ্থনা কৰক। ধৈৰ্য্য অৰ্থাৎ চিৰসহিষ্ণুতা পবিত্ৰ শক্তিৰ ফলৰ এটা গুণ হয়। (গালা. ৫:২২, ২৩) সেইবাবে, যিহোৱাৰ পৰা পবিত্ৰ শক্তি বিচাৰক আৰু ধৈৰ্য্য ধৰিবলৈ মিনতি কৰক। যদি কেতিয়াবা আপোনাৰ ওচৰত এনে পৰিস্থিতি আহে, যেতিয়া আপোনাক ধৈৰ্য্য ধৰিবলৈ কঠিন লাগে, তেতিয়া পবিত্ৰ শক্তি ‘খোজি’ থাকক। (লূক ১১:৯, ১৩) আমি পৰিস্থিতিক যিহোৱাৰ দৃষ্টিৰে চাবলৈও প্ৰাৰ্থনা কৰিব পাৰোঁ। প্ৰাৰ্থনা কৰাৰ পিছত আমি প্ৰতিদিনে ধৈৰ্য্য ধৰিবলৈ সম্পূৰ্ণৰূপে চেষ্টা কৰা উচিত। আমি যিমানে বেছি ধৈৰ্য্য ধৰিবলৈ প্ৰাৰ্থনা কৰিম আৰু এইদৰে কৰিবলৈ চেষ্টা কৰিম, সিমানে আমি ধৈৰ্য্য ধৰিব পাৰিম আৰু এইদৰে কৰাটো আমাৰ অভ্যাস হৈ পৰিব।

১১-১২. যিহোৱাই কেনেকৈ ধৈৰ্য্য ধৰিছে?

১১ বাইবেলত দিয়া উদাহৰণবোৰৰ ওপৰত মনন কৰক। বাইবেলেত এনে বহুতো লোকৰ বিষয়ে কোৱা হৈছে যিসকলে ধৈৰ্য্যৰে কাম কৰিলে। সেই লোকসকলৰ ঘটনাবোৰ পঢ়ি আৰু তাৰ ওপৰত মনন কৰি আমি জানিব পাৰোঁ যে আমি বেলেগ বেলেগ পৰিস্থিতিত কেনেকৈ ধৈৰ্য্যৰে কাম কৰিব পাৰোঁ। আহক তেওঁলোকৰ মাজৰ কিছুমান লোকৰ উদাহৰণলৈ ধ্যান দিওঁ। কিন্তু প্ৰথমতে আমি যিহোৱাৰ ওপৰত ধ্যান দিম, যিজনে ধৈৰ্য্য ধৰাৰ ক্ষেত্ৰত সকলোতকৈ ভাল উদাহৰণ হয়।

১২ এদন বাগিচাত চয়তানে যিহোৱাক বদনাম কৰিলে আৰু তেওঁ ভাল ৰজা নহয় আৰু লোকসকলক প্ৰেম নকৰে বুলি অভিযোগ কৰিছিল। যিহোৱাই বিচৰা হ’লে সেই সময়তে চয়তানক শেষ কৰিব পাৰিলেহেঁতেন। কিন্তু তেওঁ ধৈৰ্য্যেৰে কাম কৰিলে। কিয়নো তেওঁ জানিছিল যে তেওঁৰ শাসন সকলোতকৈ ভাল হয় বুলি প্ৰমাণ কৰিবলৈ সময়ৰ প্ৰয়োজন হ’ব। চিন্তা কৰকচোন, যিহোৱাই ইমান বছৰ ধৰি ধৈৰ্য্য ধৰিছে আৰু তেওঁৰ নামত লগা কলংকক সহি আছে। যিহোৱাই ধৈৰ্য্য ধৰাৰ আন এটা কাৰণ হৈছে বেছিভাগ লোকে যাতে অনন্ত জীৱন জীয়াই থাকিবলৈ সুযোগ পায়। (২ পিত. ৩:৯, ১৫) সেইবাবে, লাখ লাখ লোকে তেওঁৰ বিষয়ে জানিব পাৰিছে। যদি আমি ধ্যান দিওঁ যে যিহোৱাই ধৈৰ্য্য ধৰাৰ বাবে কিমান লাভ হৈছে, তেতিয়া আমাৰ সেই সময়ৰ বাবে অপেক্ষা কৰিবলৈ আৰু সহজ হৈ পৰিব, যেতিয়া তেওঁ এই দুষ্ট জগতখনক ধ্বংস কৰিব।

যদি আমি ধৈৰ্য্য ধৰোঁ, তেনেহ’লে খং উঠালেও আমি খং নকৰিম (অনুচ্ছেদ ১৩ চাওক)

১৩. যীচুৱে কেনেকৈ নিজৰ পিতৃৰ দৰে ধৈৰ্য্য ধৰিলে? (ছবিখনো চাওক।)

১৩ যীচুয়ে নিজৰ পিতৃৰ দৰেই ধৈৰ্য্য ধৰে। পৃথিৱীত থকাৰ সময়ত তেওঁ এয়া বহু বাৰ প্ৰমাণ কৰিলে। কিন্তু তেওঁৰ বাবে সদায় ধৈৰ্য্য ধৰাটো সহজ নাছিল, বিশেষকৈ অধ্যাপক আৰু ফৰীচীবিলাকৰ লগত ব্যৱহাৰ কৰাৰ সময়ত। (যোহ. ৮:২৫-২৭) তথাপিও যীচুৱে নিজৰ পিতৃৰ দৰে সোনকালে খং কৰা নাছিল। যেতিয়া তেওঁৰ বিৰোধীসকলে তেওঁক অপমান কৰিছিল বা খং উঠাইছিল, তেতিয়া তেওঁ প্ৰতিশোধ লোৱা নাছিল। (১ পিত. ২:২৩) যেতিয়া যীচুৰ ওপৰত সমস্যা আহিছিল তেতিয়া তেওঁ অভিযোগ কৰা নাছিল, তেওঁ ধৈৰ্য্য ধৰি সকলোবোৰ সহন কৰিলে। সেইবাবে, বাইবেলেত কোৱা হৈছে যে “যি জনাই নিজৰ বিৰুদ্ধে কৰা পাপীবিলাকৰ এনে প্ৰতিবাদ সহন কৰিছিল, তেওঁলৈ মনোযোগ কৰাহঁক।” (ইব্ৰী ১২:২, ৩) যিহোৱাৰ সহায়ত আমিও ধৈৰ্য্য ধৰিব পাৰিম আৰু আমাৰ ওপৰত যিকোনো সমস্যা আহিলে ধৈৰ্য্যেৰে সহন কৰিব পাৰিম।

অব্ৰাহামৰ দৰে ধৈৰ্য্য দেখুৱালে আমি বিশ্বাস ৰাখিব পাৰোঁ যে যিহোৱাই আজি আমাক পুৰস্কাৰ দিব আৰু আহিবলগীয়া নতুন পৃথিৱীতো বহুত আশীৰ্বাদ দিব (অনুচ্ছেদ ১৪ চাওক)

১৪. অব্ৰাহামে যিদৰে ধৈৰ্য্য ধৰিলে তাৰ পৰা আমি কি শিকিব পাৰোঁ? (ইব্ৰী ৬:১৫) (ছবিখনো চাওক।)

১৪ হয়তো আমাৰ মাজৰ কিছুমান লোকে বহু সময় ধৰি অন্ত অহাৰ বাবে অপেক্ষা কৰি আছে আৰু আমি ভাবিব পাৰোঁ যে আমি জীয়াই থকাৰ সময়ত অন্ত নাহিব। এনে পৰিস্থিতিত ধৈৰ্য্য ধৰি কাম কৰিবলৈ কি কথাই আমাক সহায় কৰিব পাৰে? অব্ৰাহামৰ উদাহৰণলৈ মন কৰক। এয়া সেই সময়ৰ কথা যেতিয়া তেওঁ ৭৫ বছৰৰ আছিল। অব্ৰাহামৰ কোনো সন্তান নাছিল, কিন্তু যিহোৱাই তেওঁক প্ৰতিজ্ঞা কৰিছিল যে, “মই তোমাৰ পৰা এক মহাজাতি উৎপন্ন কৰিম।” (আদি. ১২:১-৪) অব্ৰাহামে এই প্ৰতিজ্ঞা পূৰ হোৱাটো দেখিছিলনে? সম্পূৰ্ণৰূপে নহয়। ফৰাৎ নদী পাৰ কৰাৰ পাছত তেওঁ ২৫ বছৰলৈ অপেক্ষা কৰিলে। তাৰ পাছত যিহোৱাই চমৎকাৰ কৰিলে আৰু অব্ৰাহামৰ পুত্ৰ ইচহাকৰ জন্ম হ’ল। তাৰ ৬০ বছৰৰ পিছত তেওঁৰ দুজন নাতিয়েক এচৌ আৰু যাকোবৰ জন্ম হয়। (ইব্ৰী ৬:১৫ পঢ়ক।) অব্ৰাহামে নিজৰ বংশক এটা ডাঙৰ ৰাষ্ট্ৰ হোৱা দেখা নাছিল আৰু তেওঁ জীয়াই থকাৰ সময়ত প্ৰতিজ্ঞা কৰা দেশতো বাস কৰা নাছিল। কিন্তু অব্ৰাহামে যিহোৱাৰ প্ৰতি বিশ্বাসী হৈ আছিল আৰু ইয়াৰ বাবে যিহোৱাৰ লগত তেওঁৰ ভাল বন্ধুত্ব আছিল। (যাকো. ২:২৩) চিন্তা কৰকচোন, যেতিয়া অব্ৰাহামক আকৌ জীয়াই তোলা হ’ব, তেতিয়া তেওঁ এয়া জানি কিমান আনন্দিত হ’ব যে তেওঁৰ বিশ্বাস আৰু ধৈৰ্য্যৰ বাবে সকলো ৰাষ্ট্ৰই আশীৰ্বাদ পালে। (আদি. ২২:১৮) ইয়াৰ পৰা আমি কি শিকোঁ? হয়তো আমি এতিয়া যিহোৱাৰ সকলো প্ৰতিজ্ঞা পূৰ হোৱাটো দেখিবলৈ নাপাবও পাৰোঁ। কিন্তু যদি আমি অব্ৰাহামৰ দৰে ধৈৰ্য্য ধৰোঁ, তেনেহ’লে আমি বিশ্বাস ৰাখিব পাৰোঁ যে যিহোৱাই কেৱল বৰ্তমানতে আমাক পুৰস্কাৰ দিব এনে নহয়, তেওঁ আহিবলগীয়া নতুন পৃথিৱীতো আমাক বহুতো আশীৰ্বাদ দিব।—মাৰ্ক ১০:২৯, ৩০.

১৫. আমি ব্যক্তিগত অধ্যয়নত কিহৰ বিষয়ে অধ্যয়ন কৰিব পাৰোঁ?

১৫ বাইবেলত এনে বহুতো লোকৰ উদাহৰণ দিয়া হৈছে যিসকলে ধৈৰ্য্যৰে কাম কৰিলে। (যাকো. ৫:১০) গতিকে ব্যক্তিগত অধ্যয়নৰ সময়ছোৱাত এনে লোকসকলৰ বিষয়ে অনুসন্ধান কৰক আৰু তেওঁলোকৰ পৰা শিকক। b যেনে, আপুনি দায়ূদৰ বিষয়ে অধ্যয়ন কৰিব পাৰে। সৰু থাকোঁতেই তেওঁক ৰজা হোৱাৰ বাবে অভিষিক্ত কৰা হৈছিল। কিন্তু ৰজা হ’বলৈ তেওঁ বহু বছৰ অপেক্ষা কৰিবলগীয়া হ’ল। চিমিয়োন আৰু হান্নাই মচীহক চাবলৈ বহু বছৰলৈকে অপেক্ষা কৰিলে আৰু এই সময়ছোৱাত বিশ্বাসী হৈ তেওঁলোকে যিহোৱাৰ সেৱা কৰি থাকিল। (লূক ২:২৫, ৩৬-৩৮) যেতিয়া আপুনি এই ঘটনাবোৰ পঢ়ে, তেতিয়া এই প্ৰশ্নবোৰৰ বিষয়ে চিন্তা কৰক: ‘এই ব্যক্তিজনে কিয় ধৈৰ্য্যৰে কাম কৰিব পাৰিলে? ধৈৰ্য্য ধৰাৰ বাবে তেওঁৰ কি লাভ হ’ল? মই তেওঁৰ দৰে কেনেকৈ হ’ব পাৰোঁ?’ আপুনি সেই লোকসকলৰ বিষয়েও পঢ়িব পাৰে, যিসকলে ধৈৰ্য্যৰে কাম কৰা নাছিল। (১ চমূ. ১৩:৮-১৪) তেওঁলোকৰ বিষয়ে অধ্যয়ন কৰাৰ সময়ত চিন্তা কৰক, ‘এই ব্যক্তিজনে কিয় ধৈৰ্য্যৰে কাম কৰিব নোৱাৰিলে? ইয়াৰ বাবে তেওঁৰ কি পৰিণাম হ’ল?’

১৬. ধৈৰ্য্য ধৰাৰ কিছুমান লাভৰ বিষয়ে জনাওক।

১৬ ধৈৰ্য্য ধৰিলে কিমান লাভ হয় তাৰ বিষয়ে চিন্তা কৰক। ধৈৰ্য্য ধৰিলে আমি বেছিকৈ আনন্দিত আৰু শান্ত হৈ থাকিব পাৰোঁ। ইয়াৰ সহায়ত আমাৰ স্বাস্থ্য ভাল হৈ থাকে আৰু আমি এনেই চিন্তিত নহওঁ। ধৈৰ্য্য ধৰিলে আনৰ লগত আমাৰ সম্পৰ্কও ভাল হৈ থাকে। মণ্ডলীত একতা আৰু দৃঢ় হয়। যদি কোনোবাই আমাক খং তোলাই, তেনেহ’লে আমি সোনকালে খং নকৰোঁ আৰু ইয়াৰ পৰা সমস্যা নাবাঢ়ে। (গীত. ৩৭:৮; হিতো. ১৪:২৯) আটাইতকৈ গুৰুত্বপূৰ্ণ কথা হৈছে ধৈৰ্য্য ধৰিলে আমি নিজৰ পিতৃ যিহোৱাৰ দৰে হওঁ আৰু তেওঁৰ আৰু কাষ চাপোঁ।

১৭. আমি কি কৰিবলৈ থিৰাং কৰা উচিত?

১৭ সঁচাকৈ ধৈৰ্য্য বহুত ভাল গুণ হয় আৰু ইয়াৰ পৰা বহুতো লাভ হয়। ধৈৰ্য্য ধৰাটো সদায় সহজ নহয় কিন্তু আমি যিহোৱাৰ সহায়ত আৰু বেছিকৈ ধৈৰ্য্যেৰে কাম কৰিব পাৰোঁ। আমি যেতিয়ালৈকে ধৈৰ্য্যেৰে নতুন পৃথিৱীৰ বাবে‘বাট চাই’ আছোঁ, আমি বিশ্বাস ৰাখিব পাৰোঁ যে যিহোৱাই আমাক সহায় কৰিব আৰু সুৰক্ষাও দিব। (মীখা ৭:৭) গতিকে আহক আমি সদায় ‘ধৈৰ্য্যক পিন্ধি’ থাকিবলৈ থিৰাং কৰোঁ!

গীত ৪১ মোৰ প্ৰাৰ্থনা শুনা

a চয়তানৰ এই জগতত বেছিভাগ লোকে ধৈৰ্য্য নধৰে। কিন্তু বাইবেলত আমাক ধৈৰ্য্যক পিন্ধিবলৈ কোৱা হৈছে। এই লেখত আমি শিকিম যে ধৈৰ্য্য ধৰাটো কিয় ইমান গুৰুত্বপূৰ্ণ আৰু আমি কেনেকৈ আৰু বেছি ধৈৰ্য্য ধৰি কাম কৰিব পাৰোঁ।

b ধৈৰ্য্য ধৰাৰ বিষয়ে বাইবেলত দিয়া ঘটনাবোৰ বিচাৰিবলৈ যিহোৱাৰ সাক্ষীসকলৰ বাবে অনুসন্ধান গাইডত (হিন্দী) “ভাৱনা, গুণ আৰু ব্যৱহাৰ” বিষয়ৰ তলত দিয়া উপশীৰ্ষক “ধৈৰ্য্য” চাওক।