Skip to content

Skip to table of contents

অধ্যয়নৰ লেখ ৩৬

কি লৈ দৌৰিম আৰু কিহক পেলাই দিম?

কি লৈ দৌৰিম আৰু কিহক পেলাই দিম?

‘আহাঁ, আমি আটাই বাধা দূৰ কৰি, আমাৰ আগত থকা দৌৰৰ পথত ধৈৰ্য্যেৰে দৌৰোঁহঁক।’—ইব্ৰী ১২:১.

গীত ৩৩ নিজৰ ভাৰ যিহোৱাৰ ওপৰত এৰি দিয়া

লেখৰ এক আভাস a

১. ইব্ৰী ১২:১ পদৰ অনুসৰি জীৱনৰ দৌৰ পূৰ কৰিবলৈ আমি কি কৰিব লাগিব?

 বাইবেলত খ্ৰীষ্টানসকলৰ জীৱনক এটা দৌৰৰ লগত তুলনা কৰিছে। যিসকল লোকে এই দৌৰ পূৰ কৰে, তেওঁলোকে অনন্ত জীৱনৰ পুৰস্কাৰ লাভ কৰিব। (২ তীম. ৪:৭, ৮) সেইবাবে, আমি সকলোৱে সম্পূৰ্ণ শক্তিৰে দৌৰি থাকিব লাগিব। কিয়নো আজি আমি এই দৌৰৰ একেবাৰে শেষ ভাগত আহি পৰিছোঁ আৰু অতি সোনকালে এই দৌৰ পূৰ হʼব। পাঁচনি পৌলে জীৱনৰ এই দৌৰ পূৰ কৰিছিল। তেওঁ এনে কিছুমান কথাৰ বিষয়ে কৈছিল, যিবোৰে জীৱনৰ এই দৌৰ পূৰ কৰাত আমাক সহায় কৰিব পাৰে। তেওঁ কৈছে, ‘আহাঁ, আমি আটাই বাধা দূৰ কৰি, আমাৰ আগত থকা দৌৰৰ পথত ধৈৰ্য্যেৰে দৌৰোঁহঁক।’—ইব্ৰী ১২:১ পঢ়ক।

২. ‘আটাই বাধা বা বোজা’ পেলাই দিয়াৰ অৰ্থ কি?

যেতিয়া পৌলে কʼলে যে ‘আমি আটাই বাধা বা বোজা দূৰ কৰিব’ লাগে, তেতিয়া ইয়াৰ অৰ্থ এয়া আছিলনে যে খ্ৰীষ্টানসকলে কোনো ধৰণৰ বোজা লোৱা উচিত নহয়? নহয় এয়া নাছিল। ইয়াৰ অৰ্থ আছিল আমি এনে ধৰণৰ সকলো বোজা বা বাধাক দূৰ কৰিব লাগে, যাক লোৱাটো প্ৰয়োজন নাই। কিয়নো এনেধৰণৰ অপ্ৰয়োজনীয় বোজা লোৱাৰ বাবে আমি হয়তো ভাগৰি যাব পাৰোঁ আৰু দৌৰত আমাৰ গতি কমি যাব পাৰে। আমি এই কথাৰ ওপৰত ধ্যান দিয়া উচিত যে আমি এনে কোনো অপ্ৰয়োজনীয় বোজা লগত লৈ দৌৰি থকা নাইতো। যদি লৈছোঁ, তেনেহʼলে লগে লগে ইয়াক পেলাই দিয়া উচিত। কিন্তু এনে কিছুমান বোজা থাকিব পাৰে যাক আমি লগত লৈ দৌৰিব লাগিব। যদি আমি এই বোজাবোৰ নুঠাও, তেনেহʼলে আমি এই দৌৰৰ যোগ্য নহয়। (২ তীম. ২:৫) এই বোজাবোৰনো কি?

৩. (ক) গালাতীয়া ৬:৫ পদৰ অনুসৰি আমি সকলোৱে কি কৰা উচিত? (খ) এই লেখত আমি কি শিকিম আৰু কিয়?

গালাতীয়া ৬:৫ পঢ়ক। পৌলে এই পদত কৈছিল যে, “প্ৰতিজনে নিজে নিজৰ ভাৰ বব।” পৌলে ইয়াত সেই দায়িত্ববোৰৰ বিষয়ে কৈছিল, যিবোৰ দায়িত্ব যিহোৱাৰ প্ৰতিজন উপাসকে উঠোৱাটো যিহোৱাই বিচাৰে। এই লেখত আমি শিকিম যে এনে কি কি “ভাৰ” বা বোজা আছে, যিবোৰ আমি উঠাব লাগিব আৰু এয়া আমি কেনেকৈ উঠাব পাৰোঁ। তাৰ পাছত আমি শিকিম যে কি কি কথা গধুৰ বোজাৰ দৰে হয়, যিবোৰ লৈ আমি দৌৰি আছোঁ আৰু এইবোৰ আমি কেনেকৈ পেলাব পাৰোঁ। যদি আমি এনে অপ্ৰয়োজনীয় বোজাবোৰ পেলাই দিওঁ, তেনেহʼলে আমি জীৱনৰ দৌৰ পূৰ কৰিব পাৰিম।

বোজা যিবোৰ আমি উঠাব লাগে

নিজৰ বোজা উঠোৱাৰ অৰ্থ হৈছে সমৰ্পণৰ প্ৰতিজ্ঞা পূৰ কৰা, পৰিয়ালৰ দায়িত্ববোৰ পূৰ কৰা আৰু নিজৰ নিৰ্ণয়ৰ দায়িত্ব লোৱা (অনুচ্ছেদ ৪-৯ চাওক)

৪. সমৰ্পণৰ প্ৰতিজ্ঞা কিয় এটা ডাঙৰ বোজাৰ দৰে নহয়? (ছবিখনো চাওক।)

সমৰ্পণৰ প্ৰতিজ্ঞা। যেতিয়া আমি নিজৰ জীৱন যিহোৱাক সমৰ্পণ কৰিছিলোঁ, তেতিয়া আমি প্ৰতিজ্ঞা কৰিছিলোঁ যে আমি কেৱল তেওঁৰ উপাসনা কৰিম আৰু তেওঁৰ ইচ্ছা পূৰ কৰিম। আমি সকলোৱে এই প্ৰতিজ্ঞা পূৰ কৰিব লাগিব। এই প্ৰতিজ্ঞা পূৰ কৰাটো এটা ডাঙৰ দায়িত্ব হয়। কিন্তু এয়া ইমান ডাঙৰ বোজাও নহয় যে ইয়াক আমি উঠাব নোৱাৰিম। যিহোৱাৰ উদ্দেশ্য পূৰ কৰাৰ উদ্দেশ্যেৰেই তেওঁ আমাক সৃষ্টি কৰিছে। (প্ৰকা. ৪:১১) তেওঁ আমাৰ অন্তৰত তেওঁক জনা আৰু তেওঁৰ উপাসনা কৰাৰ ইচ্ছা দি যিহোৱাই আমাক সৃষ্টি কৰিছে আৰু যিবোৰ গুণ তেওঁৰ আছে, সেইবোৰ আমাকো দিছে। সেইবাবে, আমি তেওঁৰ কাষ চাপিব পাৰোঁ আৰু তেওঁৰ ইচ্ছা পূৰ কৰি আমি আনন্দিত হওঁ। (গীত. ৪০:৮) ইয়াৰ উপৰিও যেতিয়া আমি যিহোৱাৰ ইচ্ছা পূৰ কৰোঁ আৰু তেওঁৰ পুত্ৰ যীচুৰ দৰে হʼবলৈ চেষ্টা কৰোঁ, তেতিয়া আমি প্ৰকৃত “জিৰণি” পাওঁ।—মথি ১১:২৮-৩০.

(অনুচ্ছেদ ৪-৯ চাওক)

৫. সমৰ্পণৰ প্ৰতিজ্ঞা পূৰ কৰিবলৈ আমি কি কৰিব পাৰোঁ? (১ যোহন ৫:৩)

আপুনি এই বোজা কেনেকৈ উঠাব পাৰে? দুটা কথাই আপোনাক সহায় কৰিব। প্ৰথম, যিহোৱাৰ প্ৰতি প্ৰেম বঢ়াই থাকক। আপুনি এয়া কেনেকৈ কৰিব পাৰে? যিহোৱাই এতিয়ালৈকে আপোনাৰ বাবে কি কি কৰিলে আৰু আগলৈ তেওঁ আপোনাৰ বাবে কি কি কৰিব আৰু আশীৰ্বাদ দিব, তাৰ বিষয়ে চিন্তা কৰক। যিমানেই আপুনি যিহোৱাক প্ৰেম কৰিব, সিমানেই তেওঁৰ আজ্ঞাবোৰ পালন কৰাটো আপোনাৰ বাবে সহজ হʼব। তেওঁৰ আজ্ঞাবোৰ আপোনাৰ বাবে গধুৰ বোজাৰ দৰে নহʼব, যিবোৰ আপুনি উঠাব নোৱাৰে। (১ যোহন ৫:৩ পঢ়ক।) দ্বিতীয়, যীচুৰ দৰে হʼবলৈ চেষ্টা কৰক। যীচুৱে সহায় বিচাৰি যিহোৱালৈ প্ৰাৰ্থনা কৰিছিল আৰু তেওঁ সেই পুৰস্কাৰৰ ওপৰত দৃষ্টি ৰাখিলে, যি আগলৈ গৈ তেওঁ পাবলগীয়া আছিল। সেইবাবে, তেওঁ যিহোৱাৰ ইচ্ছা পূৰ কৰিব পাৰিলে। (ইব্ৰী ৫:৭; ১২:২) গতিকে যীচুৰ দৰে যিহোৱাক সহায় বিচাৰক আৰু অনন্ত জীৱনৰ প্ৰতিজ্ঞাৰ ওপৰত ধ্যান লগাই থাকক। যেতিয়া আমি যিহোৱাক আৰু বেছিকৈ প্ৰেম কৰিবলৈ ধৰিম আৰু তেওঁৰ পুত্ৰ যীচুৰ দৰে হʼবলৈ চেষ্টা কৰিম, তেতিয়া সমৰ্পণৰ প্ৰতিজ্ঞাক আমি পূৰ কৰিব পাৰিম।

৬. আমি নিজৰ পৰিয়ালৰ দায়িত্ব কিয় পূৰ কৰা উচিত? (ছবিখনো চাওক।)

পৰিয়ালৰ দায়িত্ববোৰ। জীৱনৰ দৌৰত দৌৰি থাকিবলৈ আমি পৰিয়ালতকৈ বেছি যিহোৱা আৰু যীচুক প্ৰেম কৰাটো অতি প্ৰয়োজন। (মথি ১০:৩৭) কিন্তু ইয়াৰ অৰ্থ এয়া নহয় যে আমি যিহোৱা আৰু যীচুক প্ৰেম কৰিবলৈ নিজৰ পৰিয়ালৰ দায়িত্ববোৰ পূৰ কৰাৰ পৰা আঁতৰি থাকিম। ইয়াৰ পৰিৱৰ্তে যিহোৱা আৰু যীচু খ্ৰীষ্টক আনন্দিত কৰিবলৈ আমি নিজৰ পৰিয়ালৰ দায়িত্ববোৰ পূৰ কৰাটো অতি প্ৰয়োজন। (১ তীম. ৫:৪, ৮) এইদৰে কৰিলে আমি আনন্দিত থাকিম। যিহোৱাই আমাক এনেদৰে সৃষ্টি কৰিছে যে যেতিয়া আমি পৰিয়ালত সকলোৱে নিজৰ নিজৰ দায়িত্ব পালন কৰোঁ, তেতিয়া আমি সকলোৱে আনন্দিত থাকোঁ। যেতিয়া পতি-পত্নীয়ে এজনে-আনজনক প্ৰেম আৰু সন্মান কৰে, পিতৃ-মাতৃয়ে নিজৰ লʼৰা-ছোৱালীক প্ৰেম কৰে আৰু তেওঁলোকক শিকায়, লʼৰা-ছোৱালীয়ে যেতিয়া তেওঁলোকৰ আজ্ঞা পালন কৰে, তেতিয়া পৰিয়ালত এটা আনন্দময় পৰিৱেশ থাকে। —ইফি. ৫:৩৩; ৬:১, ৪.

(অনুচ্ছেদ ৬-৭ চাওক)

৭. পৰিয়ালৰ প্ৰতিজনে নিজৰ নিজৰ দায়িত্ব কেনেকৈ পালন কৰিব পাৰে?

আপুনি এই বোজা কেনেকৈ উঠাব পাৰে? ভৰসা ৰাখক যে বাইবেলত পতি-পত্নী, পিতৃ-মাতৃ আৰু লʼৰা-ছোৱালীৰ বাবে বহুতো ভাল ভাল পৰামৰ্শ দিয়া আছে আৰু সেইবোৰ পালন কৰিলে সদায় লাভ হয়। আজি জগতৰ লোকসকলক যি ভাল লাগে তাকে কৰে বা তেওঁলোকৰ আশে-পাশে থকা লোকসকলৰ দৰে কৰে বা তেওঁলোকে ডাঙৰ ডাঙৰ পৰামৰ্শদাতাসকলৰ কথা শুনে। (হিতো. ২৪:৩, ৪) কিন্তু এইদৰে কৰাৰ পৰিৱৰ্তে আপুনি বাইবেলৰ অনুসৰি চলক আৰু বাইবেল আধাৰিত প্ৰকাশনবোৰ পঢ়ক। সেইবোৰত ভালদৰে বুজোৱা হৈছে যে আমি কেনেকৈ বাইবেলৰ সিদ্ধান্তবোৰ পালন কৰিব পাৰোঁ। যেনে, “পৰিয়ালৰ বাবে সহায়” ধাৰাবাহিকৰ কথাই ধৰি লওক। আজি পতি-পত্নী, পিতৃ-মাতৃ, ডেকা লʼৰা-ছোৱালীয়ে যিবোৰ সমস্যাৰ সন্মুখীন হʼবলগীয়া হয়, বিশেষকৈ তেওঁলোকক মনত ৰাখি এই ধাৰাবাহিকত দিয়া লেখবোৰ তৈয়াৰ কৰা হয় আৰু ভাল ভাল উপায়বোৰ দিয়া হয়। b যদি আপোনাৰ পৰিয়ালৰ আন লোকসকলে বাইবেলৰ পৰামৰ্শ পালন নকৰে, তথাপিও আপুনি এইদৰে কৰিবলৈ থিৰাং কৰক। এইদৰে কৰিলে আপোনাৰ গোটেই পৰিয়ালৰেই লাভ হʼব আৰু যিহোৱাই আপোনাক বহুতো আশীৰ্বাদ দিব।—১ পিত. ৩:১, ২.

৮. আমি লোৱা নিৰ্ণয়ৰ কি প্ৰভাৱ পৰিব পাৰে?

নিজৰ নিৰ্ণয়ৰ বাবে নিজে দায়ী। যিহোৱাই আমাক নিজৰ নিৰ্ণয় নিজে লোৱাৰ স্বাধীনতা দিছে। আমি ভাল নিৰ্ণয় লোৱা আৰু আনন্দত থকাটো তেওঁ বিচাৰে। কিন্তু যেতিয়া আমি ভুল নিৰ্ণয় লওঁ, তেতিয়া তেওঁ আমাক তাৰ বেয়া পৰিণামৰ পৰা নবচাই। (গালা. ৬:৭, ৮) সেইবাবে, যদি আমি কিবা ভুল নিৰ্ণয় লওঁ বা কাৰোবাক বেয়াকৈ কওঁ বা একো নভবাকৈ কিবা কৰোঁ, তেনেহʼলে আমি মানিব লাগিব যে ইয়াৰ যি পৰিণাম হʼব তাৰ বাবে আমি নিজেই দায়ী। আমি যি ভুল কৰিলোঁ তাৰ বাবে আমাৰ বিবেকে হয়তো আমাক দোষী অনুভৱ কৰাব পাৰে। এনেদৰে অনুভৱ কৰাটো ভাল যে আমি যি নিৰ্ণয় লʼলোঁ, তাৰ বাবে আমি নিজেই দায়ী। কিয়নো ইয়াৰ যোগেদি আমি হয়তো নিজৰ ভুল মানি লʼব পাৰোঁ আৰু তাক শুধৰণি কৰিব পাৰোঁ আৰু সেই ভুল আকৌ নকৰিবলৈ চেষ্টা কৰিব পাৰোঁ। এনে ধৰণৰ পদক্ষেপ লʼলে আমি জীৱনৰ দৌৰত দৌৰি থাকিব পাৰিম।

(অনুচ্ছেদ ৮-৯ চাওক)

৯. যদি আপুনি কিবা ভুল নিৰ্ণয় লৈছে, তেনেহʼলে আপুনি কি কৰিব পাৰে? (ছবিখনো চাওক।)

আপুনি এই বোজা কেনেকৈ উঠাব পাৰে? যদি আপুনি কিবা ভুল নিৰ্ণয় লৈছে, তেনেহʼলে আপুনি অতীতক সলনি কৰিব নোৱাৰে বুলি মানি লওক আৰু যি কৰিলে সেয়া সঠিক আছিল বুলি কʼবলৈ চেষ্টা নকৰিব। অথবা নিজকে বাৰে বাৰে দোষ দিয়া বা আনক দোষাৰোপ কৰাৰ পৰা আঁতৰি থাকক। এইদৰে কৰিলে আপোনাৰ সময় এনেই খৰচ হʼব আৰু আপুনি ভাগৰিও পৰিব। ইয়াৰ পৰিৱৰ্তে নিজৰ ভুল স্বীকাৰ কৰক আৰু পৰিস্থিতিক শুধৰণি কৰিবলৈ আপুনি যি কৰিব পাৰে তাকে কৰক। যদি আপুনি পাপ কৰিছে আৰু তাৰ বিষয়ে ভাবি দুখ অনুভৱ কৰিছে, তেনেহʼলে যিহোৱালৈ প্ৰাৰ্থনা কৰক, তেওঁৰ ওচৰত নিজৰ পাপ স্বীকাৰ কৰক আৰু তেওঁক ক্ষমা খোজক। (গীত. ২৫:১১; ৫১:৩, ৪) যদি আপোনাৰ কাৰণে কোনোবাই দুখ পাইছে, তেনেহʼলে ক্ষমা খোজক আৰু যদি প্ৰয়োজন হয় তেনেহʼলে প্ৰাচীনসকলৰ সহায় লওক। (যাকো. ৫:১৪, ১৫) নিজৰ ভুলৰ পৰা শিকক আৰু সেই ভুল আকৌ নকৰিবলৈ চেষ্টা কৰক। এইদৰে কৰিলে আপুনি বিশ্বাস ৰাখিব পাৰে যে যিহোৱাই নিশ্চয় আপোনাক দয়া দেখুৱাব আৰু আপোনাক সহায় কৰিবলৈ যিহৰ প্ৰয়োজন তাকে দিব।—গীত. ১০৩:৮-১৩.

গধুৰ বোজা যিবোৰ আমি পেলাই দিয়া উচিত

১০. যদি আমি নিজৰ পৰা অলপ বেছিকৈ আশা কৰোঁ, তেনেহʼলে এয়া কেনেকৈ আমাৰ বাবে এটা ডাঙৰ বোজাৰ দৰে হʼব পাৰে? (গালাতীয়া ৬:৪)

১০ নিজৰ পৰা অলপ বেছিকৈ আশা কৰা। যদি আমি নিজৰ তুলনা আনৰ লগত কৰোঁ, তেনেহʼলে আমি নিজৰ পৰা বেছি আশা কৰিবলৈ ধৰিম আৰু এয়া আমাৰ বাবে গধুৰ বোজাৰ দৰে হʼব। (গালাতীয়া ৬:৪ পঢ়ক।) আমি সদায় নিজকে আনৰ লগত তুলনা কৰিলে, আমি তেওঁলোকক ঈৰ্ষা কৰিম আৰু তেওঁলোকৰ লগত প্ৰতিযোগিতা কৰিবলৈ ধৰিম। (গালা. ৫:২৬) যদি আমি আনক চাই এনে কাম কৰিবলৈ চেষ্টা কৰোঁ, যি কৰাটো আমাৰ বাবে সম্ভৱ নহয়, তেনেহʼলে আমি হয়তো নিজৰে হানি কৰিম। বাইবেলত এইদৰে কৈছে, “আশা-সিদ্ধিৰ পলম হৃদয়ৰ পীড়াজনক।” যদি আমি এনে কাম কৰিবলৈ নিজৰ পৰা আশা কৰোঁ, যি আমি কেতিয়াও পূৰ কৰিব নোৱাৰোঁ, তেনেহʼলে আমাৰ মন কিমান দুখিত হʼব। (হিতো. ১৩:১২) ইয়াৰ বাবে আমি হয়তো ভাগৰি যাব পাৰোঁ আৰু জীৱনৰ দৌৰত আমাৰ গতি কমি যাব পাৰে।—হিতো. ২৪:১০.

১১. আপুনি নিজৰ পৰা বেছিকৈ আশা কৰাৰ পৰা কেনেকৈ আঁতৰি থাকিব পাৰে?

১১ আপুনি এই গধুৰ বোজা কেনেকৈ পেলাব পাৰে? আপুনি যি কৰিব নোৱাৰে সেয়া কৰাটো যিহোৱাই আপোনাৰ পৰা আশা নকৰে। আপুনি যি কৰিব নোৱাৰে তাক কৰাটো নিজৰ পৰা আপুনিও আশা নকৰিব। (২ কৰি. ৮:১২) বিশ্বাস ৰাখক যিহোৱাই আপোনাৰ তুলনা কেতিয়াও আনৰ লগত নকৰে। (মথি ২৫:২০-২৩) যিহোৱাই এয়া চাই যে আপুনি কেনেদৰে মনে-প্ৰাণে তেওঁৰ সেৱা কৰি আছে, আপুনি তেওঁৰ কিমান বিশ্বাসী হৈ আছে আৰু আপুনি কেনেকৈ ধৈৰ্য্য ধৰি আছে। এয়া বুজিবলৈ চেষ্টা কৰক যে আপোনাৰ বয়স, স্বাস্থ্য আৰু পৰিস্থিতিৰ বাবে আপুনি হয়তো আগৰ দৰে কৰিব পৰা নাই। যদি আপোনাৰ অনুভৱ হয় যে আপোনাৰ স্বাস্থ্য আৰু বয়সৰ বাবে আপুনি কোনো এটা দায়িত্ব পূৰ কৰিব পৰা নাই, তেনেহʼলে বৰ্জিল্লৰ দৰে হওক আৰু ভাইসকলক কওক যে আপুনি এয়া কৰিব নোৱাৰে। (২ চমূ. ১৯:৩৫, ৩৬) মোচিৰ দৰে আনৰ পৰা সহায় লওক আৰু যদি সম্ভৱ হয়, তেনেহʼলে কিছুমান দায়িত্ব আনকো দিয়ক। (যাত্ৰা. ১৮:২১, ২২) এইদৰে আপুনি নিজৰ পৰা বেছিকৈ আশা নকৰিব, ভাগৰি নপৰিব আৰু জীৱনৰ দৌৰত দৌৰি থাকিব পাৰিব।

১২. আনে লোৱা ভুল নিৰ্ণয়ৰ বাবে আমি নিজকে দোষ দিয়াটো উচিত হʼবনে? বুজাওক।

১২ আনৰ ভুল নিৰ্ণয়ৰ বাবে নিজকে দোষ নিদিব। আমি আনৰ বাবে নিৰ্ণয় লʼব নোৱাৰোঁ আৰু আনে যদি ভুল নিৰ্ণয় লয়, তেনেহʼলে তাৰ পৰিণামৰ পৰাও আমি তেওঁলোকক বচাব নোৱাৰোঁ। হয়তো এজন সন্তানে যিহোৱাৰ সেৱা কৰিবলৈ এৰি দিয়ে। এনে পৰিস্থিতিত মা-দেউতাসকলে যি দুখ অনুভৱ কৰে, সেয়া শব্দৰে বুজাব নোৱাৰি। কিন্তু যিসকল পিতৃ-মাতৃয়ে নিজৰ সন্তানৰ ভুল নিৰ্ণয়ৰ বাবে নিজকে দোষ দিয়ে, তেওঁলোকে এটা গধুৰ বোজা লৈ দৌৰাৰ দৰে হয় আৰু তেওঁলোকে এই গধুৰ বোজা লোৱাটো যিহোৱাই নিবিচাৰে।—ৰোম. ১৪:১২.

১৩. যদি কাৰোবাৰ লʼৰা বা ছোৱালীয়ে কিবা ভুল নিৰ্ণয় লৈছে, তেনেহʼলে তেওঁলোকৰ পিতৃ-মাতৃয়ে কি কৰিব পাৰে?

১৩ আপুনি এই গধুৰ বোজা কেনেকৈ পেলাব পাৰে? মনত ৰাখক যিহোৱাই আমাক সকলোকে নিজৰ নিৰ্ণয় নিজে লোৱাৰ স্বাধীনতা দিছে। সেইবাবে, সকলোৱে নিজেই নিৰ্ণয় লʼব লাগিব যে তেওঁ যিহোৱাৰ সেৱা কৰিব নে নকৰে। পিতৃ-মাতৃসকল, আপোনালোক অসিদ্ধ বুলি যিহোৱাই ভালদৰে জানে। লʼৰা-ছোৱালীৰ চোৱা-চিতা কৰাত আপোনাৰ পৰা কিবা ভুল হʼব পাৰে। আপুনি যি কৰিব পাৰে তাকে কৰাটো যিহোৱাই বিচাৰে। আপোনাৰ লʼৰা বা ছোৱালীয়ে যি নিৰ্ণয় লয়, তাৰ বাবে তেওঁ নিজেই দায়ী আপুনি নহয়। (হিতো. ২০:১১) তথাপি আপোনাৰ পৰা যি ভুল হʼল, তাৰ বিষয়ে ভাবি হয়তো আপুনি নিজকে দোষ দি আছে। যদি এইদৰে হৈছে, তেনেহʼলে আপুনি কেনে অনুভৱ কৰিছে তাৰ বিষয়ে যিহোৱাক জনাওক আৰু তেওঁৰ পৰা ক্ষমা বিচাৰক। যিহোৱাই ভালদৰে জানে যে আপুনি অতীতক সলনি কৰিব নোৱাৰে। কিন্তু আপোনাৰ লʼৰা বা ছোৱালীয়ে কৰা ভুলৰ পৰিণামৰ পৰা আপুনি তেওঁলোকক বচোৱাটো যিহোৱাই নিবিচাৰে। কিয়নো এজন মানুহে যি বয়, তাকেহে দাব। কিন্তু আপোনাৰ লʼৰা বা ছোৱালীয়ে যিহোৱাৰ ওচৰত উভতি আহিবলৈ যদি অলপো পৰিশ্ৰম কৰে, তেনেহʼলে যিহোৱাই আনন্দেৰে তেওঁক গ্ৰহণ কৰিব।—লূক ১৫:১৮-২০.

১৪. নিজৰ ভুলৰ বিষয়ে ভাবি বেছিকৈ দুখ অনুভৱ কৰাটো কিয় এটা গধুৰ বোজাৰ দৰে হয়?

১৪ নিজৰ ভুলৰ বিষয়ে ভাবি ভাবি বেছিকৈ দুখ অনুভৱ কৰা। যদি আমি কিবা পাপ কৰিছোঁ আৰু দোষী অনুভৱ কৰিছোঁ, তেনেহʼলে এয়া ভুল নহয়। কিন্তু আমি যদি ইয়াৰ বিষয়ে ভাবি ভাবি বেছিকৈ দুখ অনুভৱ কৰিছোঁ, তেনেহʼলে এয়া এনে হʼব যে আমি এটা গধুৰ বোজা উঠাই আছোঁ। আমি ইয়াক পেলাই দিয়া উচিত। যেতিয়া আমি আমাৰ পাপবোৰ স্বীকাৰ কৰোঁ, অনুতাপ কৰোঁ আৰু যি ভুল কৰিছোঁ তাক আকৌ নকৰিবলৈ চেষ্টা কৰোঁ, তেতিয়া আমি ভৰসা ৰাখিব পাৰোঁ যে যিহোৱাই আমাক ক্ষমা কৰিলে। (পাঁচ. ৩:১৯) যদি আমি এই পদক্ষেপবোৰ লৈছোঁ, তেনেহʼলে আমি বিশ্বাস ৰাখিব পাৰোঁ যে আমি আমাৰ ভুলৰ বাবে দুখী অনুভৱ কৰি থকাটো যিহোৱাই নিবিচাৰে। তেওঁ জানে যে এইদৰে কৰিলে আমাৰে ক্ষতি হʼব। (গীত. ৩১:১০) আমি প্ৰয়োজনতকৈ বেছি দুখ অনুভৱ কৰিলে আমি হয়তো সাহস হেৰুৱাম আৰু জীৱনৰ দৌৰত আগবাঢ়িব নোৱাৰিম।—২ কৰি. ২:৭.

যেতিয়া আমি হৃদয়ৰ পৰা অনুতাপ কৰোঁ, তেতিয়া যিহোৱাই আমাৰ পাপবোৰৰ বিষয়ে ভাবি নাথাকে আৰু আমিও এইদৰে কৰা উচিত নহয় (অনুচ্ছেদ ১৫ চাওক)

১৫. যদি আপুনি নিজৰ ভুলৰ বাবে বহুত বেছিকৈ দুখ অনুভৱ কৰি আছে, তেনেহʼলে আপুনি কি কৰিব পাৰে? (১ যোহন ৩:১৯, ২০) (ছবিখনো চাওক।)

১৫ আপুনি এই গধুৰ বোজা কেনেকৈ পেলাব পাৰে? যেতিয়া আপুনি নিজৰ ভুলৰ বাবে বহুত বেছিকৈ দোষী অনুভৱ কৰে, তেতিয়া মনত ৰাখক যে যিহোৱাই আমাক “ক্ষমা” কৰে। (গীত. ১৩০:৪) যিসকল লোকে সম্পূৰ্ণ হৃদয়েৰে অনুতাপ কৰে, তেওঁলোকক যিহোৱাই ক্ষমা কৰে আৰু তেওঁলোকক প্ৰতিজ্ঞা কৰিছে যে ‘তোমাৰ পাপ মই আৰু নুসুঁৱৰিম।’ (যিৰি. ৩১:৩৪) ইয়াৰ অৰ্থ হৈছে এবাৰ যিহোৱাই ক্ষমা কৰিলে তেওঁ আমাৰ পাপবোৰ পাহৰি যায় আৰু ইয়াৰ বিষয়ে তেওঁ আকৌ নাভাবে। সেইবাবে, যেতিয়া আমি আমাৰ পাপৰ বাবে কিবা পৰিণাম ভুগিবলগীয়া হয়, তেতিয়া এইদৰে নাভাবিব যে যিহোৱাই আপোনাক ক্ষমা কৰা নাই আৰু তেওঁ আপোনাক শাস্তি দি আছে। অথবা যদি আপুনি নিজৰ ভুলৰ বাবে এতিয়া যিহোৱাৰ সেৱা আগৰ দৰে কৰিব পৰা নাই, তেনেহʼলে নিজকে দোষ দি নাথাকিব। কিয়নো যিহোৱাই আপোনাৰ ভুলবোৰৰ বিষয়ে ভাবি নাথাকে আৰু আপুনিও এইদৰে কৰা উচিত নহয়।—১ যোহন ৩:১৯, ২০ পঢ়ক।

পুৰস্কাৰ পোৱাৰ বাবে দৌৰক

১৬. জীৱনৰ দৌৰত দৌৰি থাকিবলৈ আমি কি জনা উচিত?

১৬ জীৱনৰ দৌৰত “তোমালোকে যিহতে পাব পাৰা, এনেকৈ লৰ মাৰিবা।” (১ কৰি. ৯:২৪) কিন্তু ইয়াৰ বাবে আমি এয়া জনা উচিত যে কোনবোৰ কথা এনে বোজাৰ দৰে হয়, যিবোৰ আমি উঠাই দৌৰা উচিত আৰু কোনবোৰ কথা গধুৰ বোজাৰ দৰে হয়, যিবোৰ আমি পেলাই দিয়া উচিত। এই লেখত আমি কিছুমান বোজা আৰু কিছুমান গধুৰ বোজাৰ বিষয়ে শিকিলোঁ। কিন্তু এনেধৰণৰ আৰু বহুতো গধুৰ বোজা থাকিব পাৰে, যিবোৰ আমি হয়তো উঠাই আছোঁ। যীচুৱে কৈছিল, “জীৱিকাৰ চিন্তা, মত্ততা, আৰু অপৰিমিত ভোজনৰ দ্বাৰাই তোমালোকৰ হৃদয় যেন ভাৰগ্ৰস্ত নহয়।” (লূক ২১:৩৪) এনেধৰণৰ পদবোৰলৈ ধ্যান দিলে আমি বুজিব পাৰিম যে আমাক কʼত শুধৰণি কৰিব আছে যাতে আমি জীৱনৰ দৌৰ পূৰ কৰিব পাৰিম।

১৭. জীৱনৰ দৌৰত আমি জয়লাভ কৰিম বুলি কিয় বিশ্বাস ৰাখিব পাৰোঁ?

১৭ আমি জীৱনৰ দৌৰত জয়লাভ কৰিব পাৰোঁ। কাৰণ যদি আমি দুৰ্বল অনুভৱ কৰোঁ, তেনেহʼলে যিহোৱাই আমাক বল দিব। (যিচ. ৪০:২৯-৩১) নিজৰ গতি কম হʼবলৈ নিদিব। পাঁচনি পৌলৰ দৰে হওক, যিয়ে পুৰস্কাৰ পাবলৈ সম্পূৰ্ণ শক্তিৰে দৌৰি থাকিল। (ফিলি. ৩:১৩, ১৪) এই দৌৰ আপুনি নিজেই দৌৰিব লাগিব, আনে আপোনাৰ বাবে দৌৰিব নোৱাৰে। কিন্তু যিহোৱাৰ সহায়ত আপুনি এই দৌৰ পূৰ কৰিব পাৰিব। যিহোৱাৰ সহায়ত আপুনি নিজৰ বোজা উঠাব পাৰে আৰু গধুৰ বোজা পেলাব পাৰে। (গীত. ৬৮:১৯) যদি যিহোৱা আপোনাৰ লগত আছে, তেনেহʼলে বিশ্বাস ৰাখক আপুনি ধৈৰ্য্যেৰে এই দৌৰ দৌৰিব পাৰিব আৰু পুৰস্কাৰ পাব পাৰিব!

গীত ৬৫ আগবাঢ়ি যোৱা!

a এই লেখত আমি শিকিম যে আমি জীৱনৰ দৌৰ আৰু ভালদৰে কেনেকৈ দৌৰিব পাৰোঁ। আমি সকলোৱে কিছুমান বোজা বা দায়িত্ব লৈ আগবাঢ়িব লাগিব। যেনে, আমি সমৰ্পণৰ প্ৰতিজ্ঞা পূৰ কৰিব লাগিব, পৰিয়ালৰ দায়িত্ব পূৰ কৰিব লাগিব আৰু আমি যি নিৰ্ণয় লওঁ, তাৰ দায়িত্বও পূৰ কৰিব লাগিব। কিন্তু আমি হয়তো এনে এটা অপ্ৰয়োজনীয় বোজা লৈ দৌৰি আছোঁ, যাৰ বাবে হয়তো আমাৰ গতি কমি যাব পাৰে। এনেধৰণৰ গধুৰ বোজা আমি পেলাই দিয়া উচিত। এই লেখত আমি শিকিম যে এই গধুৰ বোজা কি হয়?

b আপুনি jw.org-ত “পৰিয়ালৰ বাবে সহায়” নামৰ ধাৰাবাহিকত দিয়া লেখবোৰ হিন্দীত পঢ়িব পাৰে। যেনে: পতি-পত্নীসকলৰ বাবে, “নিজৰ সংগীৰ দুৰ্বলতাৰ মাজত ভাল গুণবোৰ বিচাৰক” আৰু “নিজৰ সংগীক সন্মান কৰে বুলি দেখুৱাওক”; পিতৃ-মাতৃসকলৰ বাবে, “সন্তানসকলক নিজৰ ওপৰত নিয়ন্ত্ৰণ কৰিবলৈ শিকাওক” আৰু “নিজৰ কিশোৰ লʼৰা-ছোৱালীৰ লগত কেনেকৈ কথা পাতিব পাৰে”; আৰু কিশোৰ-কিশোৰীসকলৰ বাবে, “প্ৰলোভনক কেনেকৈ বিৰোধ কৰিব পাৰোঁ?” আৰু “অকলশৰীয়া ভাবনাক কেনেকৈ দূৰ কৰিব পাৰোঁ?” এই ধাৰাবাহিকত এনে আৰু বহুতো লেখ দিয়া আছে।